Sunday, 10 October 2021

লোক কবিতা ‘নাহৰৰ মালিতা’ৰ এক পৰিচয়মূলক আলোচনা

সৃষ্টিৰ পৃথিৱী


—মৃদুল মৰাণ

সহকাৰী অধ্যাপক, অসমীয়া বিভাগ

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়, দেৰগাঁও- ৭৮৫ ৬১৪

ফোনঃ ৯৮৫৪৭ ০৭০১৪

 

আৰম্ভণিঃ

অসমীয়া কবিতাৰ ইতিহাস প্ৰায় এহেজাৰ বছৰীয়া। অৰবিন্দ ৰাজখোৱাই অসমীয়া কাব্য সাহিত্যৰ ইতিহাসক মূলতঃ আঠটা স্তৰত ভাগ কৰিব পাৰি বুলি কৈছে। সেই ভাগকেইটা হ’ল—

১. প্ৰত্ন বা আদি যুগ (৯৫০-১৩০০ খ্ৰীঃ)

২. মধ্য যুগঃ

        ক. প্ৰাক্-শংকৰী যুগ (১৩০০-১৪৯০)

        খ. শংকৰী যুগ (১৪৯০-১৭০০)

        গ. উত্তৰ শংকৰী যুগ (১৭০০-১৮২৬)

৩. আধুনিক যুগঃ

        ক. প্ৰাক্-ৰোমাণ্টিক (১৮২৬-১৮৮৮)

        খ. ৰোমাণ্টিক যুগ (১৮৮৯-১৯৪০)

        গ. যুদ্ধোত্তৰ যুগ (১৯৪১-আশীৰ দশক)

        ঘ. সাম্প্ৰতিক যুগ (আশীৰ দশকৰ পৰা বৰ্তমানলৈ)

এই বিভাজন লিখিত সাহিত্য আধাৰিত। কিন্তু অসমীয়া কবিতাৰ সম্পূৰ্ণ ইতিহাস বুজিবৰ বাবে লোক কবিতাৰ ক্ষেত্ৰখন একেবাৰে এৰাই চলিব নোৱাৰি। এনে কাৰণতে অসমীয়া কবিতাৰ ইতিহাস সম্পৰ্কীয় আলোচনাত অসমীয়া লোক কবিতা বিষয়ক অধ্যয়ন-আলোচনাকো অন্তৰ্ভুক্ত কৰি লোৱাৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে।

লোকগীত বা লোক কবিতা হৈছে লোকসাহিত্যৰ এটা প্ৰধান ভাগ। অসমীয়া লোক কবিতাৰ স্বৰূপ যথেষ্ট বৈচিত্ৰ্যময়। আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰখনতো লোক কবিতাই বিষয়বস্তু আৰু আংগিকৰ কোঠালিত প্ৰৱেশ কৰি নিজৰ একো একোখন স্বকীয় আসন প্ৰস্তুত কৰি ল’বলৈ সক্ষম হৈছে।

মালিতা লোক কবিতাৰে এক প্ৰকাৰভেদ। মালিতাৰ ইংৰাজী প্ৰতিশব্দ ‘বেলাড’। মালিতাত একো একোটা সংকটপূৰ্ণ ঘটনামুখী কাহিনী থাকে। লীলা গগৈৰ মতে, অসমীয়া মালিতা শব্দটো মালা শব্দৰপৰাই সৃষ্টি হৈছে। ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে গাঁথি থোৱা গীতিব্যঞ্জক কাহিনীয়েই হ’ল মালিতা। মালিতাক গীতিব্যঞ্জক কাহিনী বা কাহিনী জড়িত গীত দুয়োটাই আখ্যা দিব পাৰি। (গগৈঃ ২০১১, পৃ. ১৪৪) অসমীয়াত ব্যৱহৃত ‘মালিতা’ শব্দটো ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই পোনতে প্ৰয়োগ কৰিছিল। অসমীয়া লোকসাহিত্যৰ ভঁৰালত থকা মালিতাবোৰ ‘বনঘোষা আদিৰ সমধৰ্মী’। (গোস্বামীঃ ২০১১, পৃ. ৩৯) মালিতাৰ সমান্তৰালভাৱে অসমীয়াত ‘বেলাড’ বুজাবলৈ আখ্যান গীত, কাহিনী-গীত, আখ্যানমূলক জনগীত, কাহিনী জড়িত গীত, গীতিব্যঞ্জক কাহিনী আদি পৰিভাষাও ব্যৱহাৰ কৰা হয়।

এই প্ৰবন্ধত অসমীয়া লোক কবিতা নাহৰৰ মালিতাৰ এক পৰিচয়মূলক আলোচনা দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।

 

অসমীয়া মালিতাৰ বিশেষত্বঃ

        বেলাড কেৱল অসমীয়া লোকসাহিত্যৰে সম্পদ নহয়। বিশ্ব-লোকসাহিত্যৰ ই এক ঘাই বিভাগ। অৱশ্যে ইউৰোপীয় বেলাড আৰু অসমীয়া মালিতাৰ মাজত কেতবোৰ পাৰ্থক্য আছে। ইউৰোপীয় বেলাডত প্ৰধানকৈ দেশপ্ৰেমৰ সুঁতি একোটা সততে চকুত পৰে। কিন্তু অসমীয়া মালিতাবোৰ ৰোমাণ্টিক কাহিনীযুক্ত। আলোচনাৰ বাবে লোৱা নাহৰৰ গীততো ৰোমাণ্টিক লক্ষণ লক্ষ্য কৰা যায়। পাশ্চাত্যত ‘বেলাড’ শব্দটোৱে ব্যুৎপত্তিগতভাৱে নৃত্যৰ পৰিপূৰকভাৱে গোৱা গীতক বুজাইছিল। কিন্তু অসমীয়াত প্ৰাপ্ত সকলো মালিতাৰ লগত নৃত্য জড়িত হৈ থকা নাই। তলত অসমীয়া মালিতাৰ কেইটিমান বিশেষত্ব সংক্ষিপ্তকৈ উল্লেখ কৰা হ’ল—

·       আকৃতিত অন্য লোকগীততকৈ দীঘল।

·       গীতিধৰ্মিতা এইবিলাকৰ মূল লক্ষণ।

·       সকলোবোৰ মালিতা নৃত্যৰ লগত সম্পৰ্কিত নহয় যদিও ফুলকোঁৱৰ আৰু মণিকোঁৱৰৰ মালিতা দুটা বিহুৰ সময়ত বিহুনামৰ দৰেও গোৱা হয়।

·       এই গীতবিলাকত একো একোটা কাহিনী বা ঘটনা বৰ্ণিত হয়।

·       ৰোমাণ্টিক কাহিনীৰ প্ৰকাশ অসমীয়া মালিতাৰ এটা স্বকীয় বৈশিষ্ট্য। আনকি বুৰঞ্জীমূলক মালিতাকেইটাৰ মাজতো বুৰঞ্জীৰ কাহিনীৰ কাব্যিক চিত্ৰণ পৰিলক্ষিত হয়।

·       বৰ্ণিত কাহিনী কাল্পনিক, জনশ্ৰুতিমূলক বা ঐতিহাসিক হ’ব পাৰে।

·       প্ৰায়বোৰ মালিতাত ‘আই সৰেচতী’, ‘দেৱী পাৰেৱতী’ আদিক বন্দনা কৰাৰ পিছতহে গীতটো আৰম্ভ হয়।

·       অসমীয়া মালিতাৰ ভাষা বিহুনামৰ ভাষাৰ ওচৰচপা।

 

অসমীয়া ভাষাত প্ৰাপ্ত মালিতাঃ

        মালিতাত অসমীয়া লোকসাহিত্য চহকী। অৱশ্যে বহুতো মালিতা পূৰ্ণাংগ ৰূপত উদ্ধাৰ হোৱা নাই। পূৰ্ণাংগ ৰূপত উদ্ধাৰ হোৱা মালিতাকেইটা হ’ল— ফুলকোঁৱৰ আৰু মণিকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, বৰফুকনৰ গীত আৰু পগলা-পাৰ্বতীৰ গীত। চিকণ সৰিয়হৰ গীত, মণিৰাম দেৱানৰ গীত, পদুমকুঁৱৰীৰ গীত, দুবলা শান্তিৰ গীত, জয়মতী কুঁৱৰীৰ গীত, নাহৰৰ গীত, বাখৰ বৰাৰ গীত আদি মালিতা আংশিক ৰূপতহে পোৱা গৈছে। মহেশ্বৰ নেওগৰ মতে জুনাবিলাকক একপ্ৰকাৰে বেলাডৰ শ্ৰেণীত পেলাব পাৰি। (নেওগঃ ২০১০, পৃ. ২৭) লোকসংস্কৃতিবিদ প্ৰফুল্লদত্ত গোস্বামীয়ে সুস্পষ্ট কাহিনীযুক্ত জিকিৰবোৰকো মালিতাৰ ভিতৰত পৰে বুলি কৈছে— “জিকিৰবোৰো মালিতাৰ ভিতৰত পৰে, অন্ততঃ যিবোৰত কাহিনীটো স্পষ্ট।” (গোস্বামীঃ ২০১১, পৃ. ৪১)

        অসমীয়া মালিতাবোৰক বিভিন্নজনে বিভিন্ন ধৰণে ভাগ কৰিছে। লীলা গগৈয়ে দুটা ভাগত ভাগ কৰিছে— বুৰঞ্জীমূলক আৰু পৌৰাণিক কাহিনীমূলক মালিতা। (গগৈঃ ২০১১, পৃ. ১৪৬) প্ৰফুল্লদত্ত গোস্বামীয়ে তেওঁৰ তিনিখন গ্ৰন্থত তিনিধৰণে বিভাজন কৰিছে। ‘বেলাড এণ্ড টেলছ অব্ আসাম’ত চাৰিটা ভাগত ভাগ কৰিছে— ঐতিহাসিক, ঐন্দ্ৰজালিক, বাস্তৱিক আৰু ব্যংগাত্মক। ‘বাৰ মাহৰ তেৰ গীত’ত আকৌ দুটা ভাগৰ কথা কৈছে— ক) ঐতিহাসিক আৰু বাস্তৱ আৰু খ) কল্পনাপ্ৰধান। ‘অসমীয়া জন-সাহিত্য’ গ্ৰন্থত এই দুই বিভাজনতকৈ ভিন্ন ধাৰণা দাঙি ধৰিছে। নীৰাজনা মহন্ত বেজবৰাই তেওঁৰ ‘লোকতত্ত্ব জিজ্ঞাসা’ গ্ৰন্থত অসমীয়া মালিতাক দুটা ভাগত ভগাইছে— অলৌকিক কাহিনীগীত আৰু লৌকিক কাহিনীগীত। লৌকিক কাহিনীগীতৰ ভিতৰত বুৰঞ্জীমূলক, কাল্পনিক কাহিনীগীত (পগলা-পাৰ্বতীৰ গীত, দুবলা শান্তিৰ গীত আদি), জুনা আৰু আঞ্চলিক আৰু সাময়িক ঘটনামূলক গীতক সামৰি লৈছে। (বেজবৰাঃ ২০০৪, পৃ. ১৩৭-১৫৫) সত্যেন্দ্ৰনাথ শৰ্মাই ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ নামৰ গ্ৰন্থৰ অসমীয়া মালিতাসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি বুলি কৈছে। (শৰ্মাঃ ২০১০, পৃ.) তলত সেই বিভাজন উল্লেখ কৰি তাৰ ভিতৰুৱা মালিতাৰ নাম উল্লেখ কৰা হ’ল—

(ক) বুৰঞ্জীমূলক মালিতা

        বৰফুকনৰ গীত

        হৰদত্ত-বীৰদত্তৰ গীত

        মণিৰাম দেৱানৰ গীত

        চিকণ সৰিয়হৰ গীত

        নাহৰৰ গীত

        জয়মতী কুঁৱৰীৰ গীত

        গৌৰীনাথ সিংহৰ গীত আদি।

(খ) কিম্বদন্তি বা জনশ্ৰুতিমূলকঃ

        মণিকোঁৱৰৰ গীত

ফুলকোঁৱৰৰ গীত

জনা গাভৰুৰ গীত

কমলা কুঁৱৰীৰ গীত

ৰাধিকা শান্তিৰ গীত

দুবলা শান্তিৰ গীত আদি।

(গ) কাল্পনিকঃ

        কন্যা বাৰমাহীৰ গীত

        মধুমতীৰ গীত আদি।

 

নাহৰৰ গীতঃ

        নাহৰৰ গীত এটা লৌকিক বুৰঞ্জীমূলক মালিতা। মালিতাটো চুখামফা খোৰা ৰজাৰ (১৪৭৪-১৫৩৩ শক) সৰু মেচলৌ আৰু বৰ মেচলৌ নামৰ দুজনা কুঁৱৰী, কাঞ্চনী আৰু ৰজাৰ তোলনীয়া ল’ৰা নাহৰক লৈ ৰচিত। ষোড়শ শতিকাৰ মাজভাগত খোৰা ৰজা ৰাজপাটত উঠিছিল। অসমীয়া লোকসাহিত্যত প্ৰাপ্ত বুৰঞ্জীমূলক মালিতাবোৰৰ ভিতৰত সম্ভৱ নাহৰৰ মালিতাটোৱেই সৰ্বপ্ৰাচীন। (শৰ্মাঃ ২০১১, পৃ. ২৯) কাৰণ, এই গীতটো অসম বুৰঞ্জীৰ সৰ্বপ্ৰাচীন ঘটনাৰ (খোৰা ৰজা, ১৫৫২-১৬০৬ খ্ৰীঃ) লগত জড়িত। গীতটো মাজৰপৰা আৰম্ভ হৈছে যেন লাগে। সেয়ে অনুমান কৰিব পাৰি যে, মালিতাটো সম্পূৰ্ণকৈ উদ্ধাৰ হোৱা নাই। লীলা গগৈয়ে কৈছে যে, “নাহৰৰ গীতৰ এটা অংশ যে চিৰদিনৰ বাবে পাহৰণিৰ গৰ্ভত লীন হৈ গ’ল সেইটো খাটাং।” (গগৈঃ ২০১১, পৃ. ১৫১) লোকগীত ৰচনাৰ কাল নিৰ্ণয় কৰা কঠিন যদিও বুৰঞ্জীমূলক ঘটনা আশ্ৰিত হোৱাৰ বাবে নাহৰৰ গীতটো খোৰা ৰজাৰ ৰাজত্বকাল বা তাৰ পৰৱৰ্তী সময়ত ৰচিত হৈছিল বুলি অনুমান কৰিব পাৰি।

 

মালিতাটোৰ পাঠঃ

        পাঠ্যক্ৰমৰ বাবে প্ৰয়োজনীয় পাঠটো প্ৰফুল্লদত্ত গোস্বামী সংকলিত আৰু সম্পাদিত ‘বাৰ মাহৰ তেৰ গীত’ৰ পৰা তলত তুলি দিয়া হ’ল—

               ৰাঙলী মদাৰৰ পাত

               এইনো মাজে নিশা আহিলি নাহৰ ঐ

               খালি কি নেখালি ভাত।

               আইনো আই বুলি নাহৰে মাতিলে

               বুঢ়ী মাকৰ মুখলৈ চাই,

               কেলেই মাতিলি নাহৰ চেনামুৱা

               চৰুতো পঁইতা নাই।

               আয়ে নেৰাখিলে বায়ে নেৰাখিলে

               নেৰাখিলে মূৰৰে চুলি,

               দেৱা কৰ্কৰা যাচোঁতা নাইকিয়া

               ফুলতে মাউৰা বুলি।

               ভাতে ৰান্ধি দিয়া খাওঁ মই বুঢ়ী আই

               পানী আনি দিয়া খাওঁ,

               লগৰ সমনীয়া যায় মহং বেহাবলৈ

               ময়ো বেহাবলৈ যাওঁ।

               মহঙ লেতেৰা দিহিং লেতেৰা

               নামচাং এৰি থোৱা ঠাই,

               কচুৰ পেঁপা যেন বাঢ়িছে নাহৰ ঐ

               মৰিবি এসজীয়া খাই।

               তাৱৰে চুৰিয়া লেচাই নেমাৰিবি

               মাটিক নুবুলিবি লো,

               কোনোবাই ক’ৰবাত কঁড়িয়াই মাৰিব

               বাৰী দুখুনীৰ পো।

               এখোজ দুখোজ কৰি দি যাম চাৰি ভৰি

               চতাই মহঙৰে খৰি,

               আঁঠুত ভেঁজা দি উঠি যাম বুঢ়ী আই

               লাখুটি লেং মাৰি ধৰি।

               সুৱগা নহ’লে ধৰিব নোৱাৰে

               সোণাৰীসকলে সোণ

               ঢকুৱা নহ’লে ধৰিব নোৱাৰে

               চামদাং মহঙৰ লোণ।

               মহঙ বেহাব নালাগে সোণামুৱা

               নেখাওঁ ডুখৰীয়া লোণ,

               ক’ৰবাত কেনেবাকৈ পৰ্বত খহি মৰিবি

               তোৰ লগত মৰিব কোন।

               শামুকৰ পেটতে মাণিক উপজিলে

               মৰি মৰি উপজে জোন,

               পৰেবত খহি মই নমৰোঁ বুঢ়ী আই

               ঘৰৰ মৰামুজা পোন।

               মিচিমি দেশলৈ নেযাবি চেনাই ঐ

               মিচিমি অঁকৰা ঠাই,

               অঁকৰা মিচিমি ঘকৰাই কাটিব

               তোৰ লগত কান্দোতা নাই।

               লেহেতী বাঁহৰে জকাই মোৰ বুঢ়ী আই

               লেহেতী বাঁহৰে জকাই,

               পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই

               নগাকনো বুলি যাম ককাই।

 

               কি মাছ মাৰিবৰ মালী,

               দীঘলকৈ পুখুৰী খনালে নাহৰে

               বন্ধালে সেন্দূৰী আলি।

               কুহু কুহু কৰি কপৌৱে কান্দিলে

               ডাউকে কান্দিলে ৰই,

               বুঢ়ীমাকৰ ডিঙিত ধৰি নাহৰে কান্দিলে

               আটাইৰে আতাৰি হৈ।

               ইয়াতে আছিলে নাহৰ চেনামুৱা

               চৰুৰে পঁইতা খাই,

               কোনোবা দেশলৈ গ’ল মোৰ নাহৰ ঐ

               বাতৰি পাবলৈ নাই।

               নাহৰ চেনামুৱা ওলায় ৰাতিপুৱা

               ছকুৰি কুকুৰাৰ ভাৰ,

               দিহিঙ নৈৰ পানী কৰে তলে বলে

               ঘাটৈয়ে নকৰে পাৰ।

 

               উলিকৈ তামোলৰ পুলি,

               বৰদৈয়া মুখতে নাহৰক কাটিলে

               ওলোমাই পেলালে চুলি। (গোস্বামীঃ ১৯৯৩, পৃ. ১৭১-১৭৪)

 

মালিতাটোৰ লগত জড়িত ঐতিহাসিক প্ৰসংগঃ

        মালিতাটোত বৰ্ণিত ঘটনা আহোম ৰাজত্বকালৰ। খোৰা ৰজাৰ সময়ৰ কাহিনী এটা লোককবিয়ে মালিতাটোত দাঙি ধৰিছে। অৱশ্যে মালিতাটো সম্পূৰ্ণকৈ উদ্ধাৰ নোহোৱাৰ বাবে কাহিনীৰ স্পষ্ট লেখচিত্ৰ পোৱা নাযায়। নাহৰ, সৰু মেচলৌ, বৰ মেচলৌ আদি চৰিত্ৰৰ উল্লেখ পোৱা যায় ‘সদৰামিনৰ বুৰঞ্জী’ আৰু ‘সাতসৰী অসম বুৰঞ্জী’ৰ অন্তৰ্গত বাঁহগড়ীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জীত।

নাহৰৰ কাহিনীটো ‘সদৰামিনৰ বুৰঞ্জী’ত এনেদৰে পোৱা যায়— “এওঁক খোৰা ৰাজাও বোলে। এওঁ ৰাজাৰে সোণাৰিৰ জীয়ৰী সৰু মেচলৌ, বৰ মেচলৌ দুজনা কুঁৱৰী আছিল। ঐ দুইজনা কুঁৱৰীয়ে সোণাৰিৰ ল’ৰা নাহৰক দুয়ো কুঁৱৰীয়ে পো বোলাত নাহৰে কুঁৱৰীত বলেৰে তাৰ নাম আলি ও পুখুৰী কৰি, আনো অনেক শকতালি কাম-কাজ কৰিবলৈ ধৰিলে। একদিন কুঁৱৰীহঁতে ৰাজাক ক’লে, বোলে আমাৰ বঙ্গহ অথচ বংশ সৰহ, তোমাৰ বঙ্গহে নাই। এনে বোলাত ৰাজাদেৱে ভাবিলে, মোৰ বঙ্গহ নাই হেন বুলি তোলনীয়া ল’ৰা নাহৰলৈ টানিছে। এনে ভাবি পৰদিনা ৰাজাদেৱে আপুনি ফুৰি যাকে ভাল পালে, তাকে আনি বঙ্গহ বুলি সোণোৱালী হিলৈ দি লগত ল’লে। পাছে ৰাজাৰ অনুমতি লৈ ডাঙৰীয়াসকলে নাহৰক মাৰিলে। আমাৰ ল’ৰা মাৰিলে বুলি নাহৰৰ বেজাৰত দুয়োজনা কুঁৱৰী আপোনা-আপুনি কটাৰী হানি মাৰিলে।” (গগৈঃ ২০১১, পৃ. ১৫০)

আনহাতে, ‘সাতসৰী অসম বুৰঞ্জী’ৰ অন্তৰ্গত বাঁহগড়ীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জীত নাহৰৰ প্ৰসংগ এইদৰে আছে— “বৰ মিছাওৰ (বৰ মেচলৌ) লগত সোণাৰি জীয়ৰী এটি আছিল পাচনী হৈ। পাচে তেওঁ মৰিলত সৰু মিছাওৰ লগতো সেইৰূপে আছিল। পাচে তেওঁ মৰিলত সোণাৰি জীয়েকক কুঁৱৰী পাতিলত সোণাৰিৰ উদ্ধৃতি ডাঙৰৰূপে বাঢ়িল। সিহঁতৰ ঘৰ সজাই পুখুৰী খনাই দি ভাল মানুহ কৰিলে। কুঁৱৰীয়েও ৰাজাক বশ কৰিলে। …নানাৰূপে প্ৰজাক উপদ্ৰৱ কৰে কুঁৱৰীৰ খাটনীয়াৰবোৰে। ৰাজখোৱা চেতিয়া নাহৰ, তাক কোঁৱৰ পাতিলে। …নাহৰে অনেক প্ৰকাৰে প্ৰজাক পীড়া কৰোঁতে বৰগোহাঁয়ে ৰজাক জনাই বোলে, কুঁৱৰী, নাহৰে ৰাজ ভাঙ্গিলে। …ৰজা বোলে, যেনে লাগে, তেনে কৰোক, মোক ক’ব নালাগে। …গোজলোঙৰপৰা নাহৰ উজাই আহোঁতে তাতে ৰাখিলে। আইকুঁৱৰীয়ে শুনি কাটি আনিবলৈ পঠালে। এৰি নিদি তাক তাতে মাৰিলে।” (গগৈঃ ২০১১, পৃ. ১৫০)

বুৰঞ্জীবিদ লীলা গগৈৰ মতে সদৰামিনে কোৱাৰ দৰে সৰু মেচলৌ আৰু বৰ মেচলৌ সোণাৰিৰ জী নাছিল। মালিতাটিত বুৰঞ্জীৰ সমল তাকৰ। নাহৰে পুখুৰী খনোৱা আৰু সেন্দূৰী আলি বন্ধোৱাৰ কথা মালিতাটোত বৰ্ণিত হৈছে। বিশেষকৈ নাহৰক হত্যা কৰাৰ কথাখিনিহে মালিতাটোত পোৱা যায়।

 

মালিতাটোত বৰ্ণিত কাহিনীভাগঃ

        খোৰা ৰজাৰ দুজনী পত্নী আছিল— সৰু মেচলৌ (সৰু মিছাও) আৰু বৰ মেচলৌ (বৰ মিছাও)। তেওঁলোকৰ লগত লিগিৰী হিচাপে আছিল সোণাৰিৰ জীয়ৰী কাঞ্চনী। নাহৰৰ লগত কাঞ্চনীৰ প্ৰেমৰ সম্পৰ্ক আছিল। সৰু মেচলৌ আৰু বৰ মেচলৌৰ মৃত্যুৰ পিছত ৰজাই কাঞ্চনীক ৰাণী পাতে। কাঞ্চনীয়ে কিন্তু নাহৰৰ প্ৰতি থকা ভালপোৱাক তেতিয়াও বিসৰ্জন দিব পৰা নাছিল। ৰজাৰ হস্তক্ষেপত কাঞ্চনীৰ প্ৰেমৰ সপোন ধূসৰ হৈ পৰিছিল যদিও তাই কিবা প্ৰকাৰে নাহৰক নিজৰ ওচৰলৈ আনিবলৈ যত্ন কৰিছিল। শেষত ‘যৌৱনৰ সোণসৰা প্ৰণয়ৰ স্মৃতি’ পাহৰিব নোৱাৰি কাঞ্চনীয়ে কৌশলেৰে নাহৰক তোলনীয়া পো বুলি চপাই লয় (তেওঁলোক নিঃসন্তান আছিল) আৰু ৰাজকাৰেঙলৈ লৈ আহে। নাহৰৰ সৈতে কাঞ্চনীয়ে ৰজাৰ অজানিতে প্ৰণয়ৰ লীলা চলাই যায়। লাহে লাহে ৰাজসভাত নাহৰৰ পদমৰ্যাদা বাঢ়ি গৈছিল। লিগিৰী কুঁৱৰী কাঞ্চনীয়ে নাহৰক ‘ৰাজখোৱা’ বিষয়া পাতি দিছিল। ক্ষমতা পাই অৱশেষত নাহৰে ডা-ডাঙৰীয়া আৰু ৰজাকো নমনা হৈছিল। দিনক দিনে তাৰ উদ্ধতালি বাঢ়ি গৈছিল। ফলত অনেক বিষয়া অসন্তুষ্ট হৈছিল। বৰগোহাঁয়ে সেয়ে ৰজাৰ ওচৰত গোচৰ দিছিল— “স্বৰ্গদেউ, নাহৰৰ উৎপাত অসহনীয় হৈ উঠিছে।” ৰজাই যি শাস্তি হয়, তাৰ ব্যৱস্থা কৰিবলৈ ক’লে। এই কথা শুনি নামচাঙৰপৰা (গোজলোঙৰপৰা) আহোঁতে বৰদুৱাৰৰ মুখতে নাহৰক বধ কৰা হয়। শেষত ক’ব পাৰি— “ৰাজকাৰেঙত চলা প্ৰণয়ৰ অভিসাৰ আৰু বুকুত সোমাই থকা জীৱনৰ প্ৰথম প্ৰণয়ৰ স্মৃতি পাহৰিব নোৱাৰা কুঁৱৰীৰ ই এটি ৰোমাণ্টিক কবিতা।” (গগৈঃ ২০১১, পৃ. ১৫০) অৱশ্যে নাহৰৰ গীতত এই সকলোবোৰ কথাৰ পুংখানুপুংখ বিৱৰণ পোৱা নাযায়। নাহৰৰ গীতত নাহৰৰ মৃত্যুৰ বিষয়েহে ঘাইকৈ পোৱা যায়। সম্পূৰ্ণ গীতটোত হয়তো বাকীবোৰ কথা সংযুক্ত আছিল। প্ৰশ্ন আৰু উত্তৰৰ ঠাঁচত আগবাঢ়ি যোৱা গীতটোত নাহৰক হত্যা কৰাৰ কথা এনেদৰে আছে—

               ধাননি ধাননি নেযাবি কাঞ্চনী

               ধানৰ পাতে কাটিব গা,

               মোৰ বিলাই যি হয় হওক

               ঘৰলৈ উভতি যা।

               কাউৰী কাউৰী অজাতি কাউৰী

               কি খাই বোলালি ঠোঁট,

               বৰদুৱাৰৰ মুখতে নাহৰক কাটিলে

               তাকে খাই বোলালো ঠোঁট।

        গীতটোৰ মাজত এক কৰুণ সুৰ অনুৰণিত হৈ আছে। ‘ৰজা বুলিলে বুলিবৰ নাই’। কাঞ্চনী হয়তো আছিল ‘ৰূপত জুই-বৰষা এজনী ধুনীয়া ছোৱালী।’ ৰজাই হয়তো সেয়ে তাইক লিগিৰী কৰি ৰাজহাউলিলৈ লৈ আনিছিল। নিজৰ কুঁৱৰী দুজনীৰ মৃত্যু হোৱাত তাইকে কুঁৱৰী পাতিছিল। কাঞ্চনীয়েও কাৰোবাক (নাহৰ) ভাল পাইছিল। কিন্তু ৰজাৰ ওচৰত সেই ভালপোৱাৰ কোনো মূল্য নাছিল। নিজৰ ইচ্ছা নাথাকিলেও কাঞ্চনী ৰজাৰ কুঁৱৰী হ’ল। তথাপিও তাই নাহৰক পাহৰি যোৱা নাই। নাহৰক ৰাজকাৰেঙলৈ আনি অতৃপ্ত প্ৰেমৰ সম্পৰ্কক পুনৰ জীপ দিবলৈ চেষ্টা কৰিছিল। কিন্তু নাহৰে কাকো গণিতা নকৰা বাবে তাক হত্যা কৰা হ’ল। লোক কবিয়ে নাহৰৰ মৃত্যুৰ বাবে অৱশ্যে কাঞ্চনীকে সম্পূৰ্ণকৈ জগৰীয়া কৰি ‘শাখিনী’, ‘জহনী’, ‘মৰতী’ আখ্যা দিছে—

               হেৰ’ বুঢ়ী পাখৰী মৰাণৰ (সোণাৰিৰ) জীয়ৰী

               নাহৰক কটালে কোনে,

               জালি কোমোৰা যেন নাহৰ চেনামুৱা

               কি জগৰত মৰালে প্ৰাণে।

               বুকুত জুই লাগতী ৰজাৰ বৰকুঁৱৰী

               পুৰুষক কৰিলি আঁৰ,

               তাই ঐ শাঁখিনী জহনী মৰতী

               নাহৰৰ তেজ খালে গাৰ।

 

মালিতাটো কাব্যিক সৌন্দৰ্য তথা অন্য দিশঃ

        মালিতাটোলৈ লক্ষ্য কৰিলে দেখা যায় যে, ইয়াৰ ভাষা আৰু ছন্দ মৃদু মধুৰ আৰু সৰল। ৰস আৰু অলংকাৰৰ বিশেষ প্ৰাচুৰ্য নাই যদিও ইয়াৰ ভাষা একেবাৰে উকাও নহয়। মালিতাটোত প্ৰয়োগ হোৱা উপমাৰ উদাহৰণ—

               ক)     জালি কোমোৰা যেন নাহৰ চেনামুৱা

               খ)     কচুৰ পেঁপা যেন বাঢ়িছে নাহৰ ঐ

        বিহুনামৰ দৰে মালিতাটোৰ কিছুমান শাৰী নিৰৰ্থক বা ৰিজনিমূলক। অৰ্থাৎ একোটা শাৰী ছন্দ মিলাবলৈ যোগ দি পিছৰ শাৰীত প্ৰকৃত কথাষাৰ কোৱা হৈছে। অৱশ্যে তেনে কৌশলে ছন্দৰ মাধুৰ্য আৰু ছন্দস্পন্দ নষ্ট কৰা নাই। যেনে—

               ক)     কি মাছ মাৰিবৰ মালী,

                       দীঘলকৈ পুখুৰী খনালে নাহৰে

                       বন্ধালে সেন্দূৰী আলি।

               খ)     ৰাঙলী মদাৰৰ পাত

                       এইনো মাজে নিশা আহিলি নাহৰ ঐ

                       খালি কি নেখালি ভাত।

গীতটোত পৰুৱাৰ জুনা আৰু সাধুকথাৰ গীতৰ (কাঞ্চনী) শাৰীও পোৱা যায়। বিহুনামৰ সুৰ এটাও মালিতাটোত স্পষ্টকৈ সক্ৰিয় হৈ আছে।

পৰুৱাৰ জুনাত আছে—

               ভাতে ৰান্ধি দিয়া খাওঁ ঐ পৰুৱা

               পানী আনি দিয়া খাওঁ,

               চাউল মুঠিচেৰেক বান্ধি দিয়া পৰুৱা

               টোলোঠা বিচাৰি যাওঁ।

নাহৰৰ মালিতাত আছে—

               ভাতে ৰান্ধি দিয়া খাওঁ মই বুঢ়ী আই

               পানী আনি দিয়া খাওঁ,

               লগৰ সমনীয়া যায় মহং বেহাবলৈ

               ময়ো বেহাবলৈ যাওঁ।

‘কাঞ্চনী’ সাধুত আছে—

               ধাননি ধাননি, নাহিবি কাঞ্চনী

               ধান-পাতে কাটিব গা,

               মোৰে বিলাই যি হ’বৰ হওক

               ঘৰলৈ উভতি যা।

নাহৰৰ মালিতাত আছে—

               ধাননি ধাননি নেযাবি কাঞ্চনী

               ধানৰ পাতে কাটিব গা,

               মোৰ বিলাই যি হয় হওক

               ঘৰলৈ উভতি যা।

               কাউৰী কাউৰী অজাতি কাউৰী

               কি খাই বোলালি ঠোঁট,

               বৰদুৱাৰৰ মুখতে নাহৰক কাটিলে

               তাকে খাই বোলালো ঠোঁট।

বিহুনামত আছে—

               কিনো মাছ মাৰিবৰ তুৰা সমনীয়া

               কিনো মাছ মাৰিবৰ তুৰা,

               ৰংপুৰ নগৰত কাৰেংঘৰ সাজিলে

               মাৰলিৰ নেখালে জোৰা।

নাহৰৰ মালিতাত আছে—

               লেহেতী বাঁহৰে জকাই মোৰ বুঢ়ী আই

               লেহেতী বাঁহৰে জকাই,

               পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই

               নগাকনো বুলি যাম ককাই।

 

মালিতাটোত প্ৰতিফলিত সমসাময়িক সমাজ-জীৱনৰ খণ্ডিত চিত্ৰঃ

        নাহৰৰ মালিতাৰ মাজত সেই সময়ৰ সমাজৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনৰ খণ্ডিত চিত্ৰ কেইখনমান প্ৰতিফলিত হৈছে—

·       অৰ্থ উপাৰ্জনৰ বাবে কুকুৰা পোহা, কুকুৰা বিক্ৰী কৰাৰ কথা মালিতাটোত পোৱা যায়। যেনে—

নাহৰ চেনামুৱা ওলায় ৰাতিপুৱা

ছকুৰি কুকুৰাৰ ভাৰ,

দিহিঙ নৈৰ পানী কৰে তলে বলে

ঘাটৈয়ে নকৰে পাৰ।

·       লোণৰ বেপাৰ কৰাৰ কথাও মালিতাটোত আছে। মহঙত লোণৰ পুং আছিল। তাত নগাসকলে পানী ধৰি লোণ তৈয়াৰ কৰিছিল। নাহৰে মহঙৰ পৰা লোণ আনি লোণৰ বেপাৰ কৰিছিল। গীতটোত আছে—

মহঙ বেহাব নালাগে চেনামুৱা

নেখাওঁ ডুখৰীয়া লোণ,

ক’ৰবাত কেনেবাকৈ পৰ্বত খহি মৰিবি

তোৰ লগত মৰিব কোন।

·       গীতটোৰ মাজত পৰ্বত-ভৈয়ামৰ সম্প্ৰীতিৰ ছবি এখনো বিচাৰি পোৱা যায়।  মিচিমি দেশ, মহঙ আদি ঠাইৰ উল্লেখেই তাৰ প্ৰমাণ। উদাহৰণ—

মিচিমি দেশলৈ নেযাবি চেনাই ঐ

মিচিমি অঁকৰা ঠাই…

... …

মহঙ বেহাব নালাগে চেনামুৱা

নেখাওঁ ডুখৰীয়া লোণ…

·       সেই সময়ৰ সমাজত বহুপত্নীক বিবাহ, দ্বিতীয় বিবাহৰ স্বীকৃতি আছিল। সৰু মেচলৌ আৰু বৰ মেচলৌৰ মৃত্যুৰ পাছত লিগিৰী কাঞ্চনীক ৰজাই বিয়া কৰোৱাৰ কথা মালিতাটো আছে।

 

সহায়ক গ্ৰন্থপঞ্জীঃ

গগৈ, লীলা                           অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা, বনলতা, ডিব্ৰুগড়, ২০১১

গোস্বামী, প্ৰফুল্লদত্ত                    অসমীয়া জন-সাহিত্য, বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, গুৱাহাটী, ২০১১

— (সম্পা.)                            বাৰ মাহৰ তেৰ গীত, সাহিত্য অকাডেমি, নতুন দিল্লী, ১৯৯৩

বৰুৱা, প্ৰহ্লাদ কুমাৰ                  অসমীয়া লোকসাহিত্য, অসম সাহিত্য সভা, ষট্ ষষ্টিতম অধিৱেশন, ডিব্ৰুগড়, ২০১৬

বেজবৰা, নীৰাজনা মহন্ত              লোকতত্ত্ব জিজ্ঞাসা, বনলতা, ডিব্ৰুগড়, ২০০৪

নেওগ, মহেশ্বৰ                       অসমীয়া সাহিত্যৰ ৰূপৰেখা, চন্দ্ৰ প্ৰকাশ গুৱাহাটী, একাদশ তাঙৰণঃ ২০১০

ৰাজখোৱা, অৰবিন্দ (সম্পা.)          অসমীয়া কাব্য পৰিক্ৰমা, দত্ত প্ৰকাশন, লখিমপুৰ, ২০০৮

শৰ্মা, সত্যেন্দ্ৰনাথ                     অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, গুৱাহাটী, ২০১১

হাজৰিকা, বিশ্বেশ্বৰ (সম্পা.)          অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, গুৱাহাটী, ২০১৬

Sunday, 2 May 2021

ভাৰাঘৰ কেনেকৈ সজাব?

সৃষ্টিৰ পৃথিৱী



আপুনি ভাৰাঘৰত থাকে নেকি? সাধাৰণতে ভাৰঘৰসমূহ ভালদৰে সজোৱা নাথাকে। আপুনি নিজেই বহুখিনি ঠিক কৰি ল’ব লগা হয়। থাকি ভাল লাগিবৰ বাবে ভাৰাঘৰটো সজোৱাৰ কিছু কৌশল নিশ্চয় আছে! আহকচোন, আজি মই মোৰ ভাৰাঘৰটো কেনেকৈ সজাইছোঁ তাৰে কিছু আভাস দিওঁ—


# Removable Wallpaper

অপৰিষ্কাৰ আৰু ৰংহীন বেৰবোৰক ন ৰূপ দিব পাৰিব Removable Wallpaper-ৰ সহায়ত…

# Wall Stickers & Photos

অপৰিষ্কাৰ, উকা আৰু ৰংহীন বেৰক ষ্টিকাৰ আৰু ফটোৱে এটা নতুন ৰূপ দিব। গতিকে এই কৌশল নিশ্চয়কৈ অৱলম্বন কৰিব পাৰে…

ৱাল ষ্টিকাৰ আৰু ফটো

স্মৃতিবোৰ সজীৱ কৰি এখন বেৰ সজাব পাৰে। একেলগে পাৰ কৰা সময়বোৰে দিয়া অম্লজানেৰে জীপাল হৈ থাকিব পাৰিব আপুনি…



ৱাল ষ্টিকাৰ

# Washi Tape অথবা বিভিন্ন ৰঙৰ নক্সা

# Decorative Light আৰু Lamp

বিভিন্ন Decorative Light আৰু Lamp-ৰ সহায়ত কোঠাৰ এটা কোণ সজাই লওক। আবেলি অথবা নিশা ভাষাময় হ’ব সেই কোণ…



# Live Plant আৰু Artificial Plant

বিভিন্ন Live Plant আৰু Artificial Plant কোঠাৰ বিভিন্ন ঠাইত ৰাখিব পাৰে। সেউজীয়াবোৰে আপোনাক সতেজতা প্ৰদান কৰাত কৃপণালি নকৰে কেতিয়াও…






# উজ্জ্বল ৰঙৰ পৰ্দা

বেৰবোৰ বৰণহীণ হ’লেও উজ্জ্বল ৰঙৰ পৰ্দাই আপোনাৰ কোঠাটোক পোহৰাই তুলিব…


# Colourful Rug আৰু কাৰ্পেট

মজিয়া অথবা কোঠা এটাৰ সামগ্ৰিক পৰিৱেশক ৰঙীণ ৰাগ আৰু কাৰ্পেটেও ন ৰূপ এটা দিব। এবাৰ চেষ্টা কৰি চাব পাৰে…


ৰাগ অথবা কাৰ্পেটেৰে “Reading Corner’’ এটা সজাই ল’বলৈ নাপাহৰিব…






Wednesday, 15 July 2020

মণ্টাজৰ শেষত ৰৈ যোৱা ছবিবোৰ

সৃষ্টিৰ পৃথিৱী



: আপোনাক বহু দিনৰ চিনাকি যেন লাগে, একেবাৰে যেন নিজৰ…
অলপপৰ আগলৈকে খেলি-মেলি অনেক কথাৰ মাজত ব্যস্ত আছিলোঁ আমি। হঠাৎ নিঃশ্চুপ হৈ পৰিলোঁ মই। সমীৰৰ কথাষাৰ বুকুত বাঁহী এটা হৈ বাজি ৰ’ল।
অবিশ্বাসী হৈ উঠা আকাশখনে আবেলিৰ হেঙুলখিনি সমূলি সামৰি পেলাইছিল। খন্তেকতে হয়তো এজাক বতাহ-ধুমুহা আহিব। দিনটোৰ ফৰকাল আকাশ, কোমল বতাহমিশ্ৰিত ৰ’দৰ আমেজবোৰ অতীত হ’ব।
আৰু সমীৰ?
এই প্ৰশ্নৰ উত্তৰ ইমান সহজে দিয়া হয়তো সম্ভৱ নহ’ব। আমাৰ জীৱনবোধ, পৃষ্ঠভূমি অনেক বেলেগ। আপোন হৈছিলোঁ হয়। কিন্তু সেই আপোনৰ অৰ্থ চিৰদিনৰ আপোন যে হ’ব লাগিব তেনে নহয়। অভিজ্ঞতাই বহু কথা পাহৰিবলৈ শিকায়। ব্যস্ত পৃথিৱীলৈ আমি ঘূৰি যাম। সৰু সৰু আৱেগ, অপেক্ষা কিছুমান তেনেই অৰ্থহীন হৈ পৰিব। মাত্ৰ ল’কডাউনত আবদ্ধ হৈ পৰা সময় কিছুমান শব্দৰে মুখৰ হৈ পৰাৰ কথা সময় পালে সোঁৱৰা হ’ব কেতিয়াবা।
আপুনি কয় টকা-পইচাৰে ভৰপূৰ জীৱন এটাৰ কথা।
আকৌ কয় অৰ্থৰ অৰ্থশূন্যতাৰ কথা।
মানুহবোৰ ব্যস্ত হয় কেৰেলাৰ গাভিনী হাতিজনীৰ হৈ মাত মতা আৰু মতাপুং মাগুৰি বিলৰ শিহুটোৰ হৈ মাত নমতা বিষয়ক লৈ। দিহিং-পাটকাইৰ সেউজীয়ালৈ অহা সংকটক লৈ মানুহে দিনে-ৰাতিয়ে চৰ্চা কৰে। কলেজ-বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ, সংগঠনে পৃথক পৃথককৈ হাতত প্লেকাৰ্ড লৈ ফটো তুলি অৰণ্য সংৰক্ষণৰ হকে মাত দিয়ে। তাতো প্ৰশ্ন উঠে, ভুল বুজা-বুজিৰ আৰম্ভণি হয়— আমাক কিয় কোৱা নহ’ল? আমিও ফটো দিব পাৰিলোঁ হয়!
গতানুগতিকভাৱে বিশ্ব পৰিৱেশ দিৱস আহে। মানুহবোৰে গছৰ পুলি ৰোৱে, ফটো তোলে। সামাজিক মাধ্যমত ফটোৰ উজান উঠে। মানুহবোৰে ব্যস্ত হোৱাৰ আৰু এটা কাৰণ বিচাৰি লয়। চলি থাকে যুঁজ এখন। সেউজীয়াৰ খতিয়ান লোৱা বহীবোৰত অংকৰ হিচাপ-নিকাচ চলে।
অৱশেষত দোমোজাত মইহে ৰৈ যাওঁ। সমস্ত দোমোজাবোৰ একাষৰীয়া কৰি থৈ আপোনাৰ প্ৰেমৰ কাহিনীবোৰ শুনোঁ। অস্থায়ী প্ৰেমৰ নটা কাহিনী। উদণ্ড ল’ৰা এটা ক্ৰমে উদণ্ড হৈয়ে ডেকা হোৱাৰ কাহিনী।
আকাশেও কাহিনী এটা কয়। আকৌ বিশ্বাস-অবিশ্বাস, বুজা-নুবুজাৰ দোমোজাত মই ভালেপৰ ৰৈ থাকোঁ। নিজকে প্ৰবোধ দিওঁ শেহত— কাহিনীবোৰ আজিকালি এনেকুৱাই।
Mob Lynching-ৰ ঘটনাবোৰ ক্ৰমে বৃদ্ধি পায়। মানুহে মানুহক হত্যা কৰা ঘটনাবোৰ ক্ৰমে একো একোটা সহজ কাম আৰু সুলভ দৃশ্যৰ অংশ একোটা হৈ পৰে। সৰু একোটা কথাৰ অজুহাততে শেষ কৰি দিব পাৰি জীৱনৰ সমস্ত ৰং। জীৱন দিব নোৱাৰি বুলি জানিও জীৱন লোৱাৰ আখৰাবোৰ অহৰহ চলি থাকে।
কিহৰ দ্বাৰা প্ৰেৰিত হৈ মানুহে এনে কাম কৰিব পাৰে?
কিয় দিনে দিনে বৃদ্ধি পাব ধৰিছে এনে ঘটনা?
উত্তৰ নোপোৱা প্ৰশ্নৰ চাকনৈয়াত অথবা বিশৃংখলতাত ডুবি থাকোঁতেই আকাশে মোক কাহিনীটো কৈছিল। বিশৃংখলতাৰ জঁটবোৰ বাঢ়ি আহিছিল ক্ৰমশঃ। মানুহে মানুহক হত্যা কৰাৰ দৃশ্য ৰেকৰ্ড কৰা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ আঁৰতো হয়তো থাকে কিছুমান নিচা পূৰণৰ প্ৰবৃত্তি অথবা তৃপ্তিৰ অন্বেষণ। উত্তৰ একোটা বিচৰাৰ প্ৰয়োজন যদিও উত্তৰ বিচাৰিবলৈ ছবি আৰু ঘটনাবোৰ চকুৰ সমুখত লৈ নিৰ্বাকহে হৈ পৰোঁ মই।
তিনিটা বিয়েৰৰ বটল।
দুটা চিগাৰেট।
নিচাত লুটুৰি-পুটুৰি অশ্লীল শব্দ এখিনি।
বয়জ হোষ্টেলৰ কাহিনী শুনিছোঁ— বিবৰ্ণ প্ৰাচীৰে সামৰি ৰখা নীলা ছবিৰ ৰাতি, স্ব-মৈথুনৰ তৃপ্তি আৰু উত্তেজনা মিহলি দীঘল উশাহ আৰু ঘামৰ কেঁচা গোন্ধ। Mob Lynching-ৰ ভিডিঅ’ চাই স্ব-মৈথুনৰ আনন্দত নিজক এৰি দিব পৰা দৃষ্টান্তৰ কাহিনীটো এই পৃথিৱীৰ কাহিনী যেন লগা নাছিল।
এই পৃথিৱীৰ কাহিনী?
বাস্তৱৰ এনে মৰা-কটাবোৰেও কাৰোবাক দিব পাৰে জৈৱিক উত্তেজনাৰ সংগ। এই পৃথিৱীৰেই কাহিনী।
আমাৰ পৃথিৱীৰ কাহিনীবোৰ প্ৰকৃততে এনেকুৱাই। মুখাৰ আঁৰত লুকাই থাকে কত কাহিনী, সামান্য সুৰুঙা পালেই বাহিৰ হয় কাহিনী— বাঢ়ি যায় কাহিনীৰ পৰিধি। বুকুত সাঁচি ৰখা, কাকো ক’ব নোৱাৰা কাহিনী কিছুমানে কথকৰ পথাৰতেই সাজি লয় সমাধি।
ল’ৰা-ছোৱালী এজাকে বাট হেৰুৱায়। ভৱিষ্যৎ জীৱনক লৈ সংশয় আৰু অনিশ্চয়তাত ভোগে। বাট দেখুওৱা মানুহে ইচ্ছা কৰিয়েই আঁতৰি থাকে। সময় পাৰ হয়— এমাহ, দুমাহ। পাৰ্থিৱ জীৱনৰ স্বাচ্ছন্দ্যত হেৰাই যোৱা মানুহখিনিক ঘূৰাই আনিবলৈ আমি অসহায়।
আকৌ ঘূৰি গৈছোঁ সমীৰৰ ওচৰলৈ।
: ৰাধাৰ কাহিনী কওকচোন।
আপুনি ৰাধাৰ কাহিনী জানিবলৈ বিচাৰে। কৰ্ণৰ জীৱন কাহিনীয়ে আপোনাৰ চকুলো সৰায়। ‘কিয়’বোৰ সংযোগ কৰি মই আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰশ্ন কৰিবলৈ নিবিচাৰোঁ। বুজি উঠোঁ— ‘মহাভাৰত’ৰ সময়খিনিলৈ উৎকণ্ঠাৰে ৰৈ থাকে আপুনি। কলেজীয়া অথবা ভাৰ্ছিটিৰ উদণ্ড ডেকা এজনৰ যি ছবিবোৰ মোক দিছিল, তাৰ মাজত আপোনাক পুনৰ বিচাৰি নাপাওঁ। বুজি উঠোঁ— কঠিন আৱৰণ এটাৰ মাজত এনেকৈয়ো লুকোৱাই ৰখা হয় কোমল হিয়া।
তেওঁ গুচি যোৱা একুৰি সাদিন হৈছে আজি। মই উত্তৰ বিচৰা নাছিলোঁ ইমানদিনে— কিয় আৱৰণৰ আঁৰত সাঁচি থোৱা হৈছিল কোমল হিয়া এখন?
কলেজলৈ ছাৰ এজনে মেক-আপ কৰি আহে। বতাহত জেণ্টলমেনৰ আঁৰৰ মুখবোৰে শব্দৰ শেল কিছুমান এৰি দিয়ে। বতাহে উৰুৱাই নিয়ে। কাৰোবাৰ কাণত বিন্ধে। কোনোবাই আৰু ওপৰলৈ উৰাত সহায় কৰে। আমি নিৰ্মাণ কৰি লোৱা ‘নাৰীসুলভ’-‘পুৰুষসুলভ’ বৃত্তবোৰ আমাৰ শিক্ষা-ডিগ্ৰীয়ে ভাঙিব নোৱাৰে। কলেজত নতুনকৈ জইন কৰা ডেকা অধ্যাপক কেইজনক Mainstream-ত থাকিবলৈ কোৱা হয়।
মূলসুঁতিৰ সমাজ কোনখন?
মই দেখা নাই কোনোকালে। মানুহৰ সমাজ— মই দেখা, ভবা সমাজখন কেৱল মানুহৰ সমাজ। একেই তেজ-মঙহৰ মানুহ এখিনিক অন্য বুলি স্বীকৃতি দি প্ৰান্তীয় পৃথিৱী এখন সজাৰ প্ৰয়োজনেইবা ক’ত?
একুৰি সাদিন।
অনুপস্থিতিৰ অনুভৱ এটা ক্ৰমে অনুভৱ কৰিবলৈ লওঁ। আপুনি চাবলৈ দিয়া Unfreedom নামৰ চিনেমাখন প্লে কৰি লেপটপৰ সন্মুখত বহোঁ। দৃশ্য এটা মনত দকৈ ৰৈ যায়। নিজৰ সমকামী জীয়েকক পিতৃয়ে পুলিচৰ হতোৱাই ধৰ্ষণ কৰোৱায়। তাই শূন্য দৃষ্টিৰে দেউতাকলৈ চাই থাকে। সেই শূন্যতাৰ মাজত লিখি থোৱা কথাবোৰ কোনেও নপঢ়ে। আপোন দেউতাকেও।
আপুনি নোকোৱাকৈয়ে গুচি গ’ল অতবোৰ কাহিনী। ইচ্ছা কৰিয়েই ভৰি দিলে কেতিয়াও উভতি নহাৰ পথ এটাত।
আপোনাৰ কাহিনীৰ চৰিত্ৰবোৰৰ অস্তিত্ব মই হয়তো বিচাৰি যাব লাগিব— লগ পাম অথবা নাপাম।
সময়বোৰৰ দৰেই মনবোৰো বিশৃংখল হৈ উঠে। অসূৰ্যস্পৰ্শা জীৱন এটাই বাঁহপাত সৰুৱাই বিননি তোলে, সংশয় আৰু অনিশ্চয়তাৰ জাল এখনত ককবকাই থাকে ল’ৰা-ছোৱালী এখিনি, বাট দেখুওৱাৰ দায়িত্বত থকা মানুহবোৰে নিজাকৈ সাজি লোৱা বৃত্ত এটাত বন্দী কৰি লয় নিজক, হত্যাই দিয়া আনন্দ বিচাৰি মানুহ এজাক বলিয়া হয়, পুৰুষতান্ত্ৰিক ব্যৱস্থা এটাত মানুহ এখিনিৰ বাবে প্ৰান্তীয় পৃথিৱী এখন সাজি দি ৰং চোৱাৰ কাৰবাৰবোৰ চলি থাকে।
সকলোবোৰ মিলি বৰ অদ্ভুত Abstract ছবি এখন হৈ পৰে। সমীৰে বুকুত এৰি থৈ যোৱা পুৰণা দিনৰ বাঁহীৰ সুৰটো হঠাৎ বাজি উঠে। পানচৈ এখনক শিহু এটাই বাট দেখুৱায়, মুখৰ হৈ উঠে যৌৱনৰ দিন— নাহৰ, কৃষ্ণচূড়া অথবা দেৱদাৰুৰ অৰণ্য। স্বাধীনতা আৰু প্ৰেমৰ স্বাধীনতাত বৰষুণ সৰে। উভতি আহিব নোৱাৰা পৃথিৱীৰ ফাঁকেৰেও উভতি আহিব বিচৰা হেঁপাহৰ গোন্ধ এটা উজাই আহে।
* * *