Showing posts with label ASMM-401. Show all posts
Showing posts with label ASMM-401. Show all posts

Tuesday, 21 April 2020

সৌৰভ কুমাৰ চলিহাৰ ‘দুপৰীয়া’ গল্পৰ দুটিমান বৈশিষ্ট্য

সৃষ্টিৰ পৃথিৱী

সৌৰভ কুমাৰ চলিহাৰ ‘দুপৰীয়া’ গল্পৰ দুটিমান বৈশিষ্ট্য

      ৰামধেনু যুগৰ শীৰ্ষস্থানীয় গল্পকাৰসকলৰ ভিতৰত সৌৰভ কুমাৰ চলিহা অন্যতম। ‘সৌৰভ কুমাৰ চলিহা’ গল্পকাৰৰ ছদ্মনামহে। তেওঁৰ প্ৰকৃত নাম হ’ল সুৰেন্দ্ৰ নাথ মেধি। স্কুলীয়া ছাত্ৰ অৱস্থাৰ পৰাই গল্প ৰচনাত হাত দিয়া চলিহাৰ গল্পপুথিকেইখন হ’ল— ‘অশান্ত ইলেক্ট্ৰন’, ‘দুপৰীয়া আৰু অন্যান্য গল্প’, ‘এহাত ডাবা’, ‘গোলাম’, ‘আজি শুক্ৰবাৰ’, ‘সৌৰভ কুমাৰ চলিহাৰ নিৰ্বাচিত গল্প’, ‘কবি’ আদি।

      তলত সৌৰভ কুমাৰ চলিহাৰ ‘দুপৰীয়া’ গল্পটোৰ বৈশিষ্ট্য নিৰূপণৰ যত্ন কৰা হৈছে। আলোচ্য গল্পটো ‘দুপৰীয়া আৰু অন্যান্য গল্প’ শীৰ্ষক গল্প-সংকলনত অন্তৰ্ভুক্ত হৈছে।
অগতানুগতিক কাহিনীকথনৰ কৌশলঃ
      গল্পটোত গল্পকাৰে কাহিনীকথনৰ যি কৌশল অৱলম্বন কৰিছে, সেয়া অগতানুগতিক। কাহিনীকথনৰ অগতানুগতিক কৌশলৰ প্ৰয়োগ সৌৰভ কুমাৰ চলিহাৰ প্ৰায়বোৰ গল্পতে দেখা যায়। গল্পটোত ‘মাজনী’ নামৰ চৰিত্ৰ এটাৰ সন্তানহীনতাৰ প্ৰসংগ আৰু আশাবাদৰ ইংগিত আছে। কিন্তু গল্পটোত মাজনী প্ৰত্যক্ষ ৰূপত অনুপস্থিত। কাহিনী কথকে এগৰাকী মহিলাৰ আগত মাজনীক লগ কৰাৰ কথা কৈ আছে। সেই কথোপকথনতহে আমি মাজনী চৰিত্ৰটোক লগ পাওঁ তথা মাজনীৰ নিসংগতাবোধৰ উমান পাওঁ। গল্পকাৰে গল্পটোত প্ৰয়োগ কৰা কাহিনীকথনৰ এই অগতানুগতিক কৌশলক ভাববস্তু প্ৰকাশৰ পৰোক্ষ প্ৰকাশৰীতি বুলিব পাৰি। উল্লেখ কৰা ভাল হ’ব যে, ভাববস্তুৰ পৰোক্ষ প্ৰকাশৰীতি চলিহাৰ গল্পৰ এক সামগ্ৰিক বৈশিষ্ট্য আৰু এনে বৈশিষ্ট্যৰ বাবেই তেওঁৰ গল্প বুজিবলৈ অলপ জটিল।
নাটকীয় আৰম্ভণিঃ
      চুটিগল্পৰ আৰম্ভণি নাটকীয় আৰু আকস্মিক হ’ব লাগে। চুটিগল্পৰ নাটকীয় আৰম্ভণি চলিহাৰ ‘দুপৰীয়া’ গল্পত আধুনিক হৈ প্ৰকাশ পাইছে। কোনো পৰিস্থিতি, চৰিত্ৰৰ প্ৰসংগ অৱতাৰণা নকৰাকৈয়ে গল্পটোৰ আৰম্ভণি বাক্যকেইটাই পাঠকক আকস্মিক নাটকীয় পৰিৱেশ এটাৰ মাজলৈ লৈ গৈছে—
“তোমাক দেখি তাই বৰ ভাল পালে চাগৈ, নহয়?”
“অ’, বৰ ভাল পালে। বৰ ভাল পালে? বেচেৰীৰ একেবাৰে কি কৰোঁ কি নকৰোঁ লাগি পৰিল, এবাৰ মোৰ হাতত ধৰিলে, এবাৰ সৰু বাপৰ হাতত...।”
অসংলগ কথাৰ সহায়ত সংলগ্নতা স্থাপনঃ
      অসংলগ্ন কথাৰ সহায়ত সংলগ্নতা অনাৰ চেষ্টা সৌৰভ কুমাৰ চলিহাৰ প্ৰায়বোৰ গল্পৰ মাজতে দেখা যায়। ‘দুপৰীয়া’ শীৰ্ষক গল্পটোও ইয়াৰ ব্যতিক্ৰম নহয়। গল্পটোত দুগৰাকী মহিলাই ‘মাজনী’ৰ বিষয়ে কথা পাতি আছে। অৰ্থাৎ মাজনী চৰিত্ৰটো তথা মাজনীৰ সন্তানহীনতাৰ প্ৰসংগ গল্পটোৰ কেন্দ্ৰত আছে। তাক আশ্ৰয় কৰি নাৰী দুগৰাকীয়ে আৰু অনেক কথা পাতিছে— তাৰে কিছুমান মাজনীকেন্দ্ৰিক আৰু আন কিছুমান নহয়। মাজনীকেন্দ্ৰিক নহ’লেও অৱশ্যে সেই কথাবোৰৰ মাজত কিন্তু এক সংলগ্নতা স্থাপনৰ প্ৰচেষ্টা আছে। দুপৰীয়াৰ বৰ্ণনাৰাজি অথবা কাউৰী বিষয়ক বৰ্ণনা মাজনীৰ জীৱনৰ লগত কিবা নহয় কিবা প্ৰকাৰে সম্পৃক্ত হৈছেগৈ। একক ভাবনা এটাই যেন বিক্ষিপ্ত কথা কিছুমানকো জোৰাই ৰাখিছে। আংগিকৰ এনে কৌশলে গল্পটো কিছু জটিল আৰু লগতে আকৰ্ষণীয়ও কৰি তুলিছে।
সন্তানহীন নাৰীৰ দুখবোধ আৰু মাতৃত্বৰ হেঁপাহঃ
      সন্তান প্ৰাপ্তিৰ যোগেদি বা মাতৃত্বৰ যোগেদিহে এগৰাকী নাৰীয়ে পূৰ্ণতা পাই বুলি কোৱা হয়। ‘দুপৰীয়া’ গল্পটোত ৰমেশ আৰু মাজনীৰ সন্তানহীনতাৰ প্ৰসংগ আছে। সমাজত দেখা যায় যে, সন্তান নোহোৱাৰ দোষটো সাধাৰণতে সদায় নাৰীগৰাকীৰ ওপৰত আৰোপ কৰা হয়। মাজনীয়েও সমাজৰ অনেক লোকৰপৰা অনেক কটু কথা শুনিবলগীয়া হৈছে। মাজনীৰ শাহুয়েকে এয়া কৰ্মফলৰ পৰিণতি বুলি কয়। ৰমেশৰ ককায়েক অক্ষয়ে কয় যে, তায়েই ভায়েকৰ জীৱনটো মাটি কৰিলে। তাই হতচিৰি যোৱা আপী। সৰুতে মাউৰা হৈ মোমায়েৰ-মামীয়েৰক জ্বলাই-জ্বলাই খালে আৰু এতিয়া ৰমেশৰ জীৱনটো খাইছে। এনে অনেক মানুহৰ মাজত অৱশ্যে ভাল মানুহো থাকে। যেনে— কংস জেঠাইদেউ।
      কেশৱ পেস্কাৰৰ সৰু জীয়েক লখিমীৰ প্ৰতি মাজনীয়ে কৰা মৰমৰ মাজেদি তাইৰ মাতৃত্বৰ হেঁপাহ প্ৰকাশ পাইছে। নিজৰ সন্তান নাথাকিলেও লখিমীৰ যতন তাই ভালদৰে লয়। অপ্ৰাপ্তিৰ দুখবোৰ এইদৰেই তাই দূৰ কৰিব বিচাৰিছে। লখিমীক তাই অনেক খোৱাবস্তু দিয়ে, চোতালত একেলগে কাউৰীলৈ বুলি চাউল সজায়। কাহিনী কথকৰ লগত যোৱা সৰুবাপক দেখিও তাইৰ মাতৃ হৃদয় জাগি উঠিছে— সৰুবাপক ক’ত থ’ব ক’ত নথ’ব কৰিছে, পাউদাৰ-তেল ঘঁহি দিছে।
চৰিত্ৰৰ মনস্তাত্ত্বিক বিশ্লেষণঃ
      গল্পটোত বিশেষকৈ মাজনী চৰিত্ৰটোৰ মনোজগতৰ খণ্ডিত আলোড়ন বাস্তৱসন্মত আৰু স্পৰ্শক্ষম ৰূপত চিত্ৰিত হৈছে। অৱশ্যে গল্পকাৰে পোনপটীয়াকৈ চৰিত্ৰটোৰ মুখত সংলাপ দিয়া নাই। কাহিনী কথকৰ যোগেদিহে মাজনীৰ মনৰ বতৰা দাঙি ধৰিছে। কেশৱ পেস্কাৰৰ সৰু জীয়েক লখিমীক মাজনীয়ে খোৱা বস্তু দি থকা কথাটো পেস্কাৰনী অৰ্থাৎ লখিমীৰ মাকে বেয়া পায়। এই কথাটো জানি কাহিনী কথকে ভাবিছে— পেস্কাৰনীয়ে কি বুজে কিয় তাই এনেকুৱা বেছি কৰে— নহয় বাইদেউ?
      মাজনীয়ে চোতালত কাউৰীৰ বাবে চাউল সজোৱা কামটোৰ মাজেদিয়ো মাজনী চৰিত্ৰৰ মনোজগতৰ উমান পোৱা যায়। মাজনী-ৰমেশৰ ল’ৰা-ছোৱালী নাই। ৰমেশ নটাতে অফিচলৈ যায়গৈ। মাজনীয়ে ওৰে দিনটো ঘৰখনত অকলে থাকিবলগীয়া হয়। ঘৰখনলৈ আলহীৰো বিশেষ আহ-যাহ নাই। পেস্কাৰনী আৰু ওচৰৰ দুই-এজনহে আহে। অকলশৰীয়া সময়বোৰ পাৰ কৰিবলৈ, কাৰোবাৰ আগত মনৰ কথাবোৰ ক’বলৈ মাজনীৰ মন যায়। এনে কাৰণতে তাই কাউৰীৰ বাবে চোতালত চাউল সজায়। কাউৰীয়ে যি দিশৰপৰা চাউল খায়, সেই দিশৰপৰা আলহী আহিব বুলি তাই আশা এটা পুহি ৰাখে।
      সুৰেন ঠাকুৰ আৰু ৰূপালী মাজনীৰ ঘৰলৈ কেতিয়াবা আহে। তেওঁলোকৰ মৰম লগা ল’ৰা এটা আছে। তেওঁলোক আহিলে মাজনীয়ে ভাল পায়। কাৰণ— নিজান ঘৰখনলৈ অলপ হ’লেও সাৰি-শব্দ আহে। অৱশ্যে সিহঁত যোৱাৰ পাছত মাজনীৰ অলপ বেয়াও লাগে। হয়তো সুৰেন ঠাকুৰ আৰু ৰূপালীৰ পৰিপূৰ্ণ সংসাৰখন দেখি মাজনীক শূন্যতাবোধে বেৰি ধৰে।
প্ৰতীকৰ সুপ্ৰয়োগঃ
      গল্পটোত প্ৰতীকৰ সুপ্ৰয়োগ লক্ষ্য কৰা যায়। দুপৰীয়া এটাৰ নিৰ্জনতাৰ যিবোৰ অনুষংগ গল্পকাৰে চিত্ৰণ কৰিছে, তাৰ লগত গল্পটোৰ সৌন্দৰ্য নিবিড়ভাৱে সাঙোৰ খাই আছে। জীৱিকাৰ প্ৰয়োজনত মাজনী আৰু ৰমেশ গুৱাহাটীৰ কাষৰীয়া ঠাই এখনত থাকে। ৰমেশৰ ঘৰ নগাঁওত। ৰমেশহঁত থকা ঠাইডোখৰ তেনেই নিতাল। ঘৰ-দুৱাৰ সৰহ নাই, গাড়ী-মটৰৰ আহ-যাহো কম। ৰমেশ ৰাতিপুৱাই অফিচলৈ ওলাই যায় আৰু সন্ধিয়াহে ওভতি আহে। ঘৰখনত মাজনী অকলে থাকিবলগীয়া হয়। তেওঁলোকৰ ল’ৰা-ছোৱালীও নাই। ভৰ দুপৰীয়াৰ ৰিক্ততা আৰু নিৰ্জনতাৰ লগত যেন মাজনীৰ জীৱনৰ এই নিসংগতা একাকাৰ হৈ আছে— চোতালত ৰ’দৰ তেজ, নাৰিকল গছবোৰৰ পাতত কোনা সাৰি শব্দ নাই। ...আকাশত মেঘো নাই। মেঘৰ চিন-চাব নোহোৱা আকাশত কেইটামান চিলা উৰি ফুৰিছে।
      গল্পটোত দুপৰীয়াৰ প্ৰতীকে নিসংগতা আৰু মানসিক শূন্যতাৰ এক পৰিৱেশ নিৰ্মাণ কৰিছে। সেই নিসংগতা আৰু মানসিক শূন্যতাৰ হাহাকাৰত মাজনীৰ মন উবুৰি খাই পৰিছে।
      মাজনীয়ে ধোবাবোৰে মেলি দিয়া ‘বগা বিছনা চাদৰ’ এখনলৈ একেৰাহে চাই থকাৰ কথা গল্পটোত আছে। এই বগা বিচনা চাদৰখন যেন মাজনীৰ জীৱনৰে অন্য এক ৰূপ— উকা আৰু ৰংবিহীন।
লোকসাংস্কৃতিক প্ৰসংগৰ উপস্থাপনঃ
      গল্পটোত লোকাচাৰ আৰু তাৰ লগত জড়িত হৈ থকা লোকবিশ্বাসৰ চিত্ৰ অংকিত হৈছে। কাহিনী বা বিষয়বস্তুৰ অগ্ৰগতিত এই লোকাচাৰ আৰু লোকবিশ্বাসৰ প্ৰসংগ সংলগ্ন হৈ আছে।
      লোকবিশ্বাস আছে যে, চোতালত কাউৰীৰ বাবে চাউল সজাই ঘৰলৈ কোন দিশৰপৰা আলহী আহিব, সেয়া গম পাব পাৰি। মাজত এভাগ, তাৰ চাৰিওপিনে উত্তৰে-দক্ষিণে, পূবে-পশ্চিমে চাৰিভাগ চাউল সজোৱা হয়। কাউৰীয়ে যি পিনৰপৰা চাউল খায় সেইদিনা সেইপিনৰপৰা আহিব বুলি বিশ্বাস কৰা হয়।
লোকবিশ্বাসৰ লগত বাস্তৱতাৰ সমন্বয়ঃ
      লোকবিশ্বাসৰ লগত বাস্তৱতাৰ সমন্বয় বিষয়ক দিশ এটাও ‘দুপৰীয়া’ গল্পটোত বিশেষভাৱে আছে। কাউৰীৰ বাবে সজোৱা চাউলৰ মাজৰ ভাগটোৰপৰা যদি কাউৰীয়ে খায়হি, তেতিয়া কি হব বুলি লখিমীয়ে মাজনীক সুধিছিল। মাজনীয়ে তেতিয়া কৈছিল— মাজৰ ভাগ মানে আমাৰ ঘৰটোৱেই। গতিকে মাজৰ ভাগ খালে ‘ঘৰৰ মানুহে’ই ঘৰলৈ আহে কিজানি।
      গল্পটোৰ শেহৰফালে কাউৰীজনীয়ে মাজৰ ভাগটোৰপৰা চাউল খোৱাৰ কথা আছে। মাজনীয়েও অনুভৱ কৰিছে যে, তাইৰ ভিতৰত ‘কিবা এটা’ (ভ্ৰূণ) লৰিছে। গতিকে মাজনীয়ে কোৱা ‘ঘৰৰ মানুহ’ কথাটোৱে একেবাৰে আপোন, নিজৰ মানুহ, নিজৰ সন্তান আগমনৰ এক ইংগিত বহন কৰিছে। কাৰণ— কংস জেঠাইৰ কথাৰপৰা জনা যায় যে, মাজনীৰ সন্তান হোৱাৰ বাট একেবাৰে মৰি যোৱা নাছিল। এইদৰে গল্পটোত গল্পকাৰে লোকবিশ্বাসৰ লগত বাস্তৱতাৰ এক সমন্বিত ৰূপ প্ৰকাশ কৰিছে।

Friday, 10 April 2020

‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ঐতিহাসিক গুৰুত্ব

সৃষ্টিৰ পৃথিৱী

       
অসমীয়া সাহিত্যলৈ আহোসকলৰ এক উল্লেখযোগ্য অৱদান হ’ল ‘বুৰঞ্জী সাহিত্য’। বুৰঞ্জী ৰচনাৰ পৰম্পৰা তেওঁলোকৰ মাজত পৰম্পৰাগতভাৱে চলি আহিছিল। আহোমসকলে নিজৰ ৰাজ্যৰ উপৰি দাঁতিয়লীয়া ৰাজ্য আৰু বিদেশী ৰাজ্যৰ বুৰঞ্জীও ৰচনা কৰিছিল। বুৰঞ্জীসমূহ পোনতে টাই ভাষাত লিখা হৈছিল যদিও পৰৱৰ্তী সময়ত অসমীয়া ভাষাত লিখাৰ পৰম্পৰা আৰম্ভ হয়। পদ্য আৰু গদ্য উভয় মাধ্যমতে বুৰঞ্জী লিখা হৈছিল যদিও পদ্যত লিখা বুৰঞ্জী তেনেই তাকৰ।
অসমীয়া বুৰঞ্জী সাহিত্যৰ ভিতৰত ‘তুংখুঙ্গীয়া বুৰঞ্জী’ অন্যতম। এই বুৰঞ্জীত তুংখুঙ্গীয়া ফৈদৰ আহোম স্বৰ্গদেউসকলৰ কাহিনী আছে। এই বুৰঞ্জীখন শ্ৰীনাথ বৰবৰুৱাই ১৮০৩ খ্ৰীষ্টাব্দত প্ৰণয়ন কৰিছিল। বুৰঞ্জীখন সূৰ্যকুমাৰ ভূঞাৰ সম্পাদনাত প্ৰকাশ পায়। ভূঞাৰ মতে ‘তুংখুঙ্গীয়া বুৰঞ্জী’য়ে স্বৰ্গদেউ গদাধৰসিংহ, তেওঁৰ প্ৰথম পুত্ৰ ৰুদ্ৰসিংহ, ৰুদ্ৰসিংহৰ চাৰি পুত্ৰ শিৱসিংহ, প্ৰমত্তসিংহ, ৰাজেশ্বৰসিংহ আৰু লক্ষ্মীসিংহ, লক্ষ্মীসিংহৰ পুতেক গৌৰিনাথসিংহ, গদাধৰ সিংহৰ দ্বিতীয় পুত্ৰ লেচাই নামৰূপীয়া ৰজাৰ সন্ততি কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ, ৰাজেশ্বৰ সিংহৰ সন্ততি পুৰন্দৰসিংহ— এইসকল স্বৰ্গদেউৰ ৰাজত্ব-কাহিনীকে বুজায়। অৱশ্যে শ্ৰীনাথ বৰবৰুৱাৰ বুৰঞ্জীখনত ৰাজেশ্বৰসিংহৰ দিনৰ পৰাহে বিস্তৃত বিৱৰণ পোৱা যায়। বৰবৰুৱাৰ বুৰঞ্জীখনত গদাধৰসিংহৰ দিনৰ পৰা প্ৰমত্তসিংহৰ ৰাজত্বলৈকে এইছোৱা কাহিনী অতি সংক্ষিপ্ত, কেৱল শক-তাৰিখহে উল্লেখ কৰা আছিল। বুৰঞ্জীখনৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ স্বাৰ্থত সম্পাদক সূৰ্যকুমাৰ ভূঞাই অন্য পুৰণি বুৰঞ্জীৰপৰা তথ্য গোটাই এইছোৱা কাহিনী তাত সংযোগ কৰি দিছে। ভূঞাই উদ্ধাৰ কৰা বুৰঞ্জীখন অসম্পূৰ্ণ আছিল। ১৮০৬ খ্ৰীষ্টাব্দৰ ঘটনাতে তেওঁৰদ্বাৰা প্ৰাপ্ত বুৰঞ্জীখনৰ ঘটনা শেষ হৈছে। ভূঞাৰ মতে বুৰঞ্জীখনৰ গোটাচেৰেক পাত নিশ্চয় আছিল।
তলত সূৰ্যকুমাৰ ভূঞা সম্পাদিত ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ঐতিহাসিক গুৰুত্বসমূহ উল্লেখ কৰা হ’ল—
·       বুৰঞ্জীখনে আহোমসকলৰ বুৰঞ্জী ৰচনাৰ যি পৰম্পৰা আছিল, তাৰ এক স্বাক্ষৰ বহন কৰিছে। আহোমসকলে নিজৰ ৰাজ্যৰ উপৰি কাষৰীয়া ৰাজ্য আৰু বাহিৰৰ ৰাজ্যৰ বুৰঞ্জীও ৰচনা কৰিছিল। ‘তুংখুঙ্গীয়া বুৰঞ্জী’ আহোম ৰাজ্যৰ বুৰঞ্জী। এই বুৰঞ্জীত তুংখুঙ্গীয়া ফৈদৰ আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালৰ কাহিনী আছে।
·       ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত স্বৰ্গদেউ গদাধৰসিংহ, তেওঁৰ প্ৰথম পুত্ৰ ৰুদ্ৰসিংহ, ৰুদ্ৰসিংহৰ চাৰি পুত্ৰ শিৱসিংহ, প্ৰমত্তসিংহ, ৰাজেশ্বৰসিংহ আৰু লক্ষ্মীসিংহ, লক্ষ্মীসিংহৰ পুতেক গৌৰিনাথসিংহ, গদাধৰ সিংহৰ দ্বিতীয় পুত্ৰ লেচাই নামৰূপীয়া ৰজাৰ সন্ততি কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ, ৰাজেশ্বৰ সিংহৰ সন্ততি পুৰন্দৰসিংহ— এইসকল স্বৰ্গদেউৰ ৰাজত্ব-কাহিনী বৰ্ণিত হৈছে। তুংখুঙ্গীয়া ফৈদৰ এই ৰজাসকলৰ বিষয়ে কিছুমান তথ্য লাভ কৰাত ‘তুংখুঙ্গীয়া বুৰঞ্জী’য়ে আমাক সহায় কৰিব পাৰে। এনে কাৰণতে বুৰঞ্জীখনৰ ঐতিহাসিক মূল্য আছে বুলিব পাৰি।
·       শক, বাৰ, তাৰিখৰ উল্লেখে ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত থকা তথ্যৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিছে। এই দিশেৰে বুৰঞ্জীখন বিশেষ মূল্যযুক্ত। ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ষষ্ঠ অধ্যায়তো শক-বাৰ-তাৰিখ সংযুক্ত তথ্য কেতবোৰ আছে। যেনে— বুৰঞ্জীখনৰ ষষ্ঠ অধ্যায়ত প্ৰমত্ত সিংহই কিমান দিন ৰাজত্ব কৰিছিল, তাৰ সংখ্যাও উল্লেখ কৰা আছে— “ভোগ ৬ বৎসৰ, ১০ মাহ, ৫ দিন”। আন কিছুমান তেনে পাৰিসাংখ্যিক তথ্য হ’ল— প্ৰমত্ত সিংহই শিঙৰি ঘৰত উঠিছিল ১৬৬৭ শকত, ৰুদ্ৰেশ্বৰ দেৱালয় স্থাপন কৰিছিল ১৬৭৩ শকত।
·       বুৰঞ্জীখনত প্ৰতিজন ৰজাৰ ৰাজত্ব কালত সংঘটিত হোৱা ৰাজনৈতিক কাৰ্যাৱলীৰ বৰ্ণনা সন্নিৱিষ্ট হৈছে। এনে কাৰণতে ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ঐতিহাসিক মূল্য আছে বুলি ক’ব লাগিব। উদাহৰণ স্বৰূপে বুৰঞ্জীখনৰ ষষ্ঠ অধ্যায়ত শিৱসিংহৰ মৃত্যুৰ পিছত ৰাজ-সিংহাসনক লৈ হোৱা বিদ্ৰোহ, বিদ্ৰোহ দমন আৰু প্ৰমত্ত সিংহ ৰাজপাটত বহাৰ কথা আছে। আহোম স্বৰ্গদেউসকলৰ ৰাজ-অভিষেকৰ নিজা নিয়ম ‘শিঙৰি ঘৰত উঠা’ প্ৰথাৰ বহল বৰ্ণনায়েও বুৰঞ্জীখনৰ মূল্য বৃদ্ধি কৰিছে।
·       ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত কেৱল ৰাজনৈতিক ঘটনাৱলী বা যুদ্ধ-বিগ্ৰহৰ বৰ্ণনাই নাই। বুৰঞ্জীখনত তুংখুঙ্গীয়া ফৈদৰ আহোম স্বৰ্গদেউসকলে সম্পন্ন কৰা প্ৰশাসনিক কাৰ্যাৱলীৰ বৰ্ণনাও পোৱা যায়। উদাহৰণস্বৰূপে বুৰঞ্জীখনৰ ষষ্ঠ অধ্যায়ত প্ৰমত্তসিংহই ৰংঘৰ পকী কৰা, শুক্ৰেশ্বৰ দেৱালৰ দ’ল সজা, পিতৃৰ স্মৃতিত ৰুদ্ৰেশ্বৰ নামৰ শিৱ দেৱালয় স্থাপন কৰা আৰু কামৰূপত পিয়ল কাৰ্য আৰম্ভ কৰা কামৰ উল্লেখ আছে।
·       শ্ৰীনাথ বৰবৰুৱাই তেওঁৰ বুৰঞ্জীখনত কছাৰী আৰু জয়ন্তা ৰজাৰ লগত সলনা-সলনি কৰা ছখন চিঠি তুলি দিছে। এই তথ্যখিনিয়ে আহোমসকলৰ দাঁতিয়লীয়া লোক বা ৰাজ্যৰ লগত থকা সম্পৰ্কৰ এক বিশ্বাসযোগ্য আভাস দাঙি ধৰে। আন কথাত ক’বলৈ গ’লে শ্ৰীনাথ বৰবৰুৱাই তথ্যবোৰ প্ৰমাণসহ দাঙি ধৰিবলৈ চেষ্টা কৰিছিল। এনে কাৰণতে ‘তুংখুঙ্গীয়া বুৰঞ্জী’ ঐতিহাসিক মূল্য আমি স্বীকাৰ কৰিব লাগিব।
·       মোৱামৰীয়া বিদ্ৰোহৰ বৰ্ণনা সংযোজিত হৈ থকাৰ বাবেও ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ঐতিহাসিক মূল্য আছে। বৰবৰুৱাৰ বুৰঞ্জীত এঠাইত কাটিলে সাত ঠাইত গজা মোৱামৰীয়া বিদ্ৰোহৰ এটি ভাল চিত্ৰ পোৱা যায়। এই সময়খিনিত আহোম ৰাজ্যত অনেক নপতা-ৰজা আৰু নপতা-ফুকন ওলাইছিল। ৰজাঘৰীয়া অনেক বিষয়া বিদ্ৰোহত যোগ দিছিল। পৰিণতি হিচাপে আহোম সাম্ৰাজ্যৰ গৌৰৱ ম্লান পৰিবলৈ আৰম্ভ কৰিছিল। বিদেশী সৈন্যৰ সাহায্যত এনে বিদ্ৰোহ-অশান্তি দূৰ কৰিবলৈ চেষ্টা কৰা হৈছিল। অসম বুৰঞ্জীৰ এক গুৰুত্বপূৰ্ণ ঘটনা ‘মোৱামৰীয়া বিদ্ৰোহ’ৰ প্ৰসংগ থকাৰ বাবে ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ বিশেষ মূল্য আছে।
·       ভাষাৰ দিশৰপৰাও ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ বিশেষ ঐতিহাসিক মূল্য আছে বুলিব পাৰি। বুৰঞ্জীখনত শাসকীয় ভাষাৰ চানেকি, বিশেষকৈ স্বৰ্গদেউ আৰু আহোম ডা-ডাঙৰীয়াসকলৰ মুখৰ ভাষা সংৰক্ষিত হৈছে।
·       বুৰঞ্জীখনৰ সাহিত্যিক মূল্যও আছে। ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত বুৰঞ্জীৰ কথাবোৰৰ নীৰস বৰ্ণনা নাই। ঘৰুৱা ভাষাৰ প্ৰয়োগ, বিভিন্ন অলংকাৰৰ প্ৰয়োগ আৰু কথোপকথন বা নাটকীয় শৈলীৰ প্ৰয়োগে বুৰঞ্জীখনৰ ভাষা সাহিত্যিক মূল্যযুক্ত কৰি তুলিছে।
·       প্ৰাচীন অসমীয়া গদ্য-সাহিত্যৰ এক নিদৰ্শন ৰূপেও ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ঐতিহাসিক মূল্য আছে। প্ৰাচীন অসমীয়া গদ্য-সাহিত্য বুলিলে অংকীয়া নাটৰ গদ্য, ভট্টদেৱৰ কথা-গীতা আৰু কথা-ভাগৱতৰ গদ্য, ৰঘুনাথ মহন্তৰ ‘কথা-ৰামায়ণ’ৰ গদ্য, চৰিত পুথিৰ গদ্য, বুৰঞ্জীৰ গদ্য আৰু ব্যৱহাৰিক জ্ঞান-বিষয়ক পুথিৰ গদ্যক বুজায়। বুৰঞ্জীৰ গদ্যৰ মূল্য বৈশিষ্ট্য হ’ল— ই বস্তুনিষ্ঠ আৰু বিষয়ী। অন্যান্য বৈশিষ্ট্যৰ ভিতৰত আছে প্ৰাঞ্জলতা আৰু ভাব-প্ৰৱণতাৰপৰা মুক্তি। ‘তুংখুঙ্গীয়া বুৰঞ্জী’তো এনে বৈশিষ্ট্য আছে।
·       অন্যান্য বুৰঞ্জীৰ দৰে ‘তুংখুঙ্গীয়া বুৰঞ্জী’তো বিভিন্ন থলুৱা শব্দ প্ৰয়োগ কৰা হৈছে যিবোৰৰ প্ৰয়োগ বৰ্তমান বিৰল। বহুতো শব্দ বঁহীয়া পৰিছে বুলিব পাৰি। এনে শব্দসমূহ যদি অসমীয়া গদ্যত পুনৰ ব্যৱহাৰ কৰিবলৈ লোৱা হয়, তেন্তে অসমীয়া গদ্যৰ সৌষ্ঠৱ নিশ্চয় বৃদ্ধি পাব। এই দিশৰপৰাও ‘তুংখুঙ্গীয়া বুৰঞ্জী’ তথা অন্যান্য বুৰঞ্জীসমূহৰ ঐতিহাসিক মূল্য আছে বুলি ক’ব পাৰি। বুৰঞ্জীখনৰ সম্পাদক সূৰ্যকুমাৰ ভূঞাৰ মতে, “বৰবৰুৱাৰ বুৰঞ্জীৰ ভাষা নিভাঁজ অসমীয়া। অসমীয়া ভাষাৰ বৰ্তমান কালত যি বিষম পৰিৱৰ্তন ঘটিছে, তালৈ চাই বৰবৰুৱাৰ বুৰঞ্জীত ৰক্ষিত হোৱা খাচ অসমীয়া ভাষাৰ চানেকিৰ সহায়েৰে বৰ্তমান ভাষাৰ ওপৰত পৰা অস্বাভাৱিকতাৰ চামনি লাহে লাহে আঁতৰাব পৰা যাব। সেই দেখি অসমীয়া ভাষাৰ নিহিত শক্তি আৰু সকলো ৰকমৰ চিন্তাৰ ধাৰা ব্যক্ত কৰিব পৰা ক্ষমতাৰ আও-ভাও বুজিবলৈ হ’লে বৰবৰুৱাৰ বুৰঞ্জীৰ পুংখানুপুংখ অধ্যয়ন কৰা উচিত।” ভূঞাৰ এনে মন্তব্যই ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ঐতিহাসিক মূল্যৰ কথাই প্ৰকাশ কৰিছে।
·       ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ৰচয়িতা শ্ৰীনাথ দুৱৰা বৰবৰুৱা ৰজাঘৰীয়া দলৰ এজন প্ৰধান বিষয়া (ন্যায়সোধা ফুকন আৰু বৰবৰুৱা) আছিল। গতিকে তেওঁ বিভিন্ন ৰাজনৈতিক ঘটনাৱলী নিজ চকুৰে প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিল। শ্ৰীনাথ বৰবৰুৱা ৰাজ্যৰ সৰ্বপ্ৰধান বিচাৰক আছিল। গতিকে বিচাৰকৰ নিৰপেক্ষতা গুণ তেওঁৰ স্বভাৱগত হৈছিল। এনে কাৰণতে তেওঁ ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত একপক্ষীয়ভাৱে কথাবোৰ ব্যক্ত কৰা নাই। তেওঁ নিৰপেক্ষভাৱে সেইকালৰ ঘটনা বুৰঞ্জীখনত দাঙি ধৰিছে। ঘটনাৰ সত্যতা ৰক্ষা কৰা তথা বস্তুনিষ্ঠতা ৰক্ষা কৰা বুৰঞ্জী-ৰচকৰ কৰ্তব্য হ’ব লাগে। ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত এয়া ৰক্ষিত হৈছে। এই দিশেৰেও ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ঐতিহাসিক মূল্য আছে।
·       আহোম যুগৰ ৰচিত আন বুৰঞ্জীত তুংখুঙ্গীয়া ফৈদৰ ৰজাসকলৰ ৰাজত্বকালৰ যি বৰ্ণনা আছে, তাৰ লগত ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ তথ্যগত মিল আছে। এই দিশটোৱে বুৰঞ্জীখনৰ বিশ্বাসযোগ্যতা আৰু লগতে ঐতিহাসিক মূল্য বৃদ্ধি কৰিছে।
মুঠৰ ওপৰত ক’ব পাৰি যে, ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত তুংখুঙ্গীয়া ফৈদ বা ৰাজবংশৰ পৰিপূৰ্ণ ইতিহাস চিত্ৰিত হৈছে। তদুপৰি ‘তুংখুঙ্গীয়া বুৰঞ্জী’ প্ৰাচীন অসমীয়া গদ্য-সাহিত্যৰ তথা মধ্যযুগীয় অসমীয়া ভাষাৰ এক উৎকৃষ্ট নিদৰ্শন। এনে কাৰণতে বুৰঞ্জীখন ঐতিহাসিক মূল্যযুক্ত।