সৌৰভ কুমাৰ চলিহাৰ ‘দুপৰীয়া’ গল্পৰ দুটিমান বৈশিষ্ট্য
ৰামধেনু
যুগৰ শীৰ্ষস্থানীয় গল্পকাৰসকলৰ ভিতৰত সৌৰভ কুমাৰ চলিহা অন্যতম। ‘সৌৰভ কুমাৰ চলিহা’
গল্পকাৰৰ ছদ্মনামহে। তেওঁৰ প্ৰকৃত নাম হ’ল সুৰেন্দ্ৰ নাথ মেধি। স্কুলীয়া ছাত্ৰ অৱস্থাৰ
পৰাই গল্প ৰচনাত হাত দিয়া চলিহাৰ গল্পপুথিকেইখন হ’ল— ‘অশান্ত ইলেক্ট্ৰন’, ‘দুপৰীয়া আৰু অন্যান্য গল্প’, ‘এহাত ডাবা’, ‘গোলাম’, ‘আজি
শুক্ৰবাৰ’, ‘সৌৰভ কুমাৰ চলিহাৰ নিৰ্বাচিত গল্প’, ‘কবি’ আদি।
তলত সৌৰভ কুমাৰ চলিহাৰ ‘দুপৰীয়া’ গল্পটোৰ
বৈশিষ্ট্য নিৰূপণৰ যত্ন কৰা হৈছে। আলোচ্য গল্পটো ‘দুপৰীয়া আৰু অন্যান্য গল্প’
শীৰ্ষক গল্প-সংকলনত অন্তৰ্ভুক্ত হৈছে।
অগতানুগতিক কাহিনীকথনৰ কৌশলঃ
গল্পটোত গল্পকাৰে কাহিনীকথনৰ যি কৌশল অৱলম্বন কৰিছে, সেয়া অগতানুগতিক। কাহিনীকথনৰ অগতানুগতিক কৌশলৰ প্ৰয়োগ সৌৰভ কুমাৰ চলিহাৰ প্ৰায়বোৰ গল্পতে দেখা যায়। গল্পটোত ‘মাজনী’ নামৰ চৰিত্ৰ এটাৰ সন্তানহীনতাৰ প্ৰসংগ আৰু আশাবাদৰ ইংগিত আছে। কিন্তু গল্পটোত মাজনী প্ৰত্যক্ষ ৰূপত অনুপস্থিত। কাহিনী কথকে এগৰাকী মহিলাৰ আগত মাজনীক লগ কৰাৰ কথা কৈ আছে। সেই কথোপকথনতহে আমি মাজনী চৰিত্ৰটোক লগ পাওঁ তথা মাজনীৰ নিসংগতাবোধৰ উমান পাওঁ। গল্পকাৰে গল্পটোত প্ৰয়োগ কৰা কাহিনীকথনৰ
এই অগতানুগতিক কৌশলক ভাববস্তু প্ৰকাশৰ পৰোক্ষ প্ৰকাশৰীতি বুলিব পাৰি। উল্লেখ কৰা ভাল
হ’ব যে, ভাববস্তুৰ পৰোক্ষ প্ৰকাশৰীতি চলিহাৰ গল্পৰ এক সামগ্ৰিক বৈশিষ্ট্য আৰু এনে বৈশিষ্ট্যৰ
বাবেই তেওঁৰ গল্প বুজিবলৈ অলপ জটিল।
নাটকীয় আৰম্ভণিঃ
চুটিগল্পৰ আৰম্ভণি নাটকীয় আৰু আকস্মিক হ’ব
লাগে। চুটিগল্পৰ নাটকীয় আৰম্ভণি চলিহাৰ ‘দুপৰীয়া’ গল্পত আধুনিক হৈ প্ৰকাশ পাইছে।
কোনো পৰিস্থিতি, চৰিত্ৰৰ প্ৰসংগ অৱতাৰণা নকৰাকৈয়ে গল্পটোৰ আৰম্ভণি বাক্যকেইটাই
পাঠকক আকস্মিক নাটকীয় পৰিৱেশ এটাৰ মাজলৈ লৈ গৈছে—
“তোমাক দেখি তাই বৰ ভাল পালে চাগৈ, নহয়?”
“অ’, বৰ ভাল পালে। বৰ ভাল পালে? বেচেৰীৰ একেবাৰে কি কৰোঁ কি
নকৰোঁ লাগি পৰিল, এবাৰ মোৰ হাতত ধৰিলে, এবাৰ সৰু বাপৰ হাতত...।”
অসংলগ কথাৰ সহায়ত সংলগ্নতা স্থাপনঃ
অসংলগ্ন কথাৰ সহায়ত সংলগ্নতা অনাৰ চেষ্টা সৌৰভ
কুমাৰ চলিহাৰ প্ৰায়বোৰ গল্পৰ মাজতে দেখা যায়। ‘দুপৰীয়া’ শীৰ্ষক গল্পটোও ইয়াৰ ব্যতিক্ৰম
নহয়। গল্পটোত দুগৰাকী মহিলাই ‘মাজনী’ৰ বিষয়ে কথা পাতি আছে। অৰ্থাৎ মাজনী চৰিত্ৰটো তথা
মাজনীৰ সন্তানহীনতাৰ প্ৰসংগ গল্পটোৰ কেন্দ্ৰত আছে। তাক আশ্ৰয় কৰি নাৰী দুগৰাকীয়ে আৰু
অনেক কথা পাতিছে— তাৰে কিছুমান মাজনীকেন্দ্ৰিক আৰু আন কিছুমান নহয়। মাজনীকেন্দ্ৰিক
নহ’লেও অৱশ্যে সেই কথাবোৰৰ মাজত কিন্তু এক সংলগ্নতা স্থাপনৰ প্ৰচেষ্টা আছে। দুপৰীয়াৰ
বৰ্ণনাৰাজি অথবা কাউৰী বিষয়ক বৰ্ণনা মাজনীৰ জীৱনৰ লগত কিবা নহয় কিবা প্ৰকাৰে সম্পৃক্ত
হৈছেগৈ। একক ভাবনা এটাই যেন বিক্ষিপ্ত কথা কিছুমানকো জোৰাই ৰাখিছে। আংগিকৰ এনে কৌশলে
গল্পটো কিছু জটিল আৰু লগতে আকৰ্ষণীয়ও কৰি তুলিছে।
সন্তানহীন নাৰীৰ দুখবোধ আৰু মাতৃত্বৰ হেঁপাহঃ
সন্তান প্ৰাপ্তিৰ যোগেদি বা মাতৃত্বৰ যোগেদিহে
এগৰাকী নাৰীয়ে পূৰ্ণতা পাই বুলি কোৱা হয়। ‘দুপৰীয়া’ গল্পটোত ৰমেশ আৰু মাজনীৰ সন্তানহীনতাৰ প্ৰসংগ আছে। সমাজত দেখা যায় যে, সন্তান নোহোৱাৰ দোষটো সাধাৰণতে সদায় নাৰীগৰাকীৰ ওপৰত আৰোপ কৰা হয়। মাজনীয়েও সমাজৰ অনেক লোকৰপৰা অনেক কটু কথা শুনিবলগীয়া হৈছে। মাজনীৰ শাহুয়েকে এয়া কৰ্মফলৰ পৰিণতি বুলি কয়। ৰমেশৰ ককায়েক অক্ষয়ে কয় যে, তায়েই ভায়েকৰ জীৱনটো মাটি কৰিলে। তাই হতচিৰি যোৱা আপী। সৰুতে মাউৰা হৈ মোমায়েৰ-মামীয়েৰক জ্বলাই-জ্বলাই খালে আৰু এতিয়া ৰমেশৰ জীৱনটো খাইছে। এনে অনেক মানুহৰ মাজত অৱশ্যে ভাল মানুহো থাকে। যেনে— কংস জেঠাইদেউ।
কেশৱ পেস্কাৰৰ সৰু জীয়েক লখিমীৰ প্ৰতি
মাজনীয়ে কৰা মৰমৰ মাজেদি তাইৰ মাতৃত্বৰ হেঁপাহ প্ৰকাশ পাইছে। নিজৰ সন্তান
নাথাকিলেও লখিমীৰ যতন তাই ভালদৰে লয়। অপ্ৰাপ্তিৰ দুখবোৰ এইদৰেই তাই দূৰ কৰিব
বিচাৰিছে। লখিমীক তাই অনেক খোৱাবস্তু দিয়ে, চোতালত একেলগে কাউৰীলৈ বুলি চাউল সজায়।
কাহিনী কথকৰ লগত যোৱা সৰুবাপক দেখিও তাইৰ মাতৃ হৃদয় জাগি উঠিছে— সৰুবাপক ক’ত থ’ব
ক’ত নথ’ব কৰিছে, পাউদাৰ-তেল ঘঁহি দিছে।
চৰিত্ৰৰ মনস্তাত্ত্বিক বিশ্লেষণঃ
গল্পটোত বিশেষকৈ মাজনী চৰিত্ৰটোৰ মনোজগতৰ
খণ্ডিত আলোড়ন বাস্তৱসন্মত আৰু স্পৰ্শক্ষম ৰূপত চিত্ৰিত হৈছে। অৱশ্যে গল্পকাৰে
পোনপটীয়াকৈ চৰিত্ৰটোৰ মুখত সংলাপ দিয়া নাই। কাহিনী কথকৰ যোগেদিহে মাজনীৰ মনৰ বতৰা
দাঙি ধৰিছে। কেশৱ পেস্কাৰৰ সৰু জীয়েক লখিমীক মাজনীয়ে খোৱা বস্তু দি থকা কথাটো
পেস্কাৰনী অৰ্থাৎ লখিমীৰ মাকে বেয়া পায়। এই কথাটো জানি কাহিনী কথকে ভাবিছে—
পেস্কাৰনীয়ে কি বুজে কিয় তাই এনেকুৱা বেছি কৰে— নহয় বাইদেউ?
মাজনীয়ে চোতালত কাউৰীৰ বাবে চাউল সজোৱা কামটোৰ
মাজেদিয়ো মাজনী চৰিত্ৰৰ মনোজগতৰ উমান পোৱা যায়। মাজনী-ৰমেশৰ ল’ৰা-ছোৱালী নাই। ৰমেশ
নটাতে অফিচলৈ যায়গৈ। মাজনীয়ে ওৰে দিনটো ঘৰখনত অকলে থাকিবলগীয়া হয়। ঘৰখনলৈ আলহীৰো বিশেষ
আহ-যাহ নাই। পেস্কাৰনী আৰু ওচৰৰ দুই-এজনহে আহে। অকলশৰীয়া সময়বোৰ পাৰ কৰিবলৈ, কাৰোবাৰ
আগত মনৰ কথাবোৰ ক’বলৈ মাজনীৰ মন যায়। এনে কাৰণতে তাই কাউৰীৰ বাবে চোতালত চাউল সজায়।
কাউৰীয়ে যি দিশৰপৰা চাউল খায়, সেই দিশৰপৰা আলহী আহিব বুলি তাই আশা এটা পুহি ৰাখে।
সুৰেন ঠাকুৰ আৰু ৰূপালী মাজনীৰ ঘৰলৈ কেতিয়াবা
আহে। তেওঁলোকৰ মৰম লগা ল’ৰা এটা আছে। তেওঁলোক আহিলে মাজনীয়ে ভাল পায়। কাৰণ— নিজান ঘৰখনলৈ
অলপ হ’লেও সাৰি-শব্দ আহে। অৱশ্যে সিহঁত যোৱাৰ পাছত মাজনীৰ অলপ বেয়াও লাগে। হয়তো সুৰেন
ঠাকুৰ আৰু ৰূপালীৰ পৰিপূৰ্ণ সংসাৰখন দেখি মাজনীক শূন্যতাবোধে বেৰি ধৰে।
প্ৰতীকৰ সুপ্ৰয়োগঃ
গল্পটোত প্ৰতীকৰ সুপ্ৰয়োগ লক্ষ্য কৰা যায়।
দুপৰীয়া এটাৰ নিৰ্জনতাৰ যিবোৰ অনুষংগ গল্পকাৰে চিত্ৰণ কৰিছে, তাৰ লগত গল্পটোৰ
সৌন্দৰ্য নিবিড়ভাৱে সাঙোৰ খাই আছে। জীৱিকাৰ প্ৰয়োজনত মাজনী আৰু ৰমেশ গুৱাহাটীৰ
কাষৰীয়া ঠাই এখনত থাকে। ৰমেশৰ ঘৰ নগাঁওত। ৰমেশহঁত থকা ঠাইডোখৰ তেনেই নিতাল।
ঘৰ-দুৱাৰ সৰহ নাই, গাড়ী-মটৰৰ আহ-যাহো কম। ৰমেশ ৰাতিপুৱাই অফিচলৈ ওলাই যায় আৰু
সন্ধিয়াহে ওভতি আহে। ঘৰখনত মাজনী অকলে থাকিবলগীয়া হয়। তেওঁলোকৰ ল’ৰা-ছোৱালীও নাই।
ভৰ দুপৰীয়াৰ ৰিক্ততা আৰু নিৰ্জনতাৰ লগত যেন মাজনীৰ জীৱনৰ এই নিসংগতা একাকাৰ হৈ আছে—
চোতালত ৰ’দৰ তেজ, নাৰিকল গছবোৰৰ পাতত কোনা সাৰি শব্দ নাই। ...আকাশত মেঘো নাই। মেঘৰ
চিন-চাব নোহোৱা আকাশত কেইটামান চিলা উৰি ফুৰিছে।
গল্পটোত দুপৰীয়াৰ প্ৰতীকে নিসংগতা আৰু
মানসিক শূন্যতাৰ এক পৰিৱেশ নিৰ্মাণ কৰিছে। সেই নিসংগতা আৰু মানসিক শূন্যতাৰ
হাহাকাৰত মাজনীৰ মন উবুৰি খাই পৰিছে।
মাজনীয়ে ধোবাবোৰে মেলি দিয়া ‘বগা বিছনা
চাদৰ’ এখনলৈ একেৰাহে চাই থকাৰ কথা গল্পটোত আছে। এই বগা বিচনা চাদৰখন যেন মাজনীৰ
জীৱনৰে অন্য এক ৰূপ— উকা আৰু ৰংবিহীন।
লোকসাংস্কৃতিক প্ৰসংগৰ উপস্থাপনঃ
গল্পটোত লোকাচাৰ আৰু তাৰ লগত জড়িত হৈ থকা
লোকবিশ্বাসৰ চিত্ৰ অংকিত হৈছে। কাহিনী বা বিষয়বস্তুৰ অগ্ৰগতিত এই লোকাচাৰ আৰু
লোকবিশ্বাসৰ প্ৰসংগ সংলগ্ন হৈ আছে।
লোকবিশ্বাস আছে যে, চোতালত কাউৰীৰ বাবে চাউল সজাই ঘৰলৈ কোন
দিশৰপৰা আলহী আহিব, সেয়া গম পাব পাৰি। মাজত এভাগ, তাৰ চাৰিওপিনে উত্তৰে-দক্ষিণে,
পূবে-পশ্চিমে চাৰিভাগ চাউল সজোৱা হয়। কাউৰীয়ে যি পিনৰপৰা চাউল খায় সেইদিনা
সেইপিনৰপৰা আহিব বুলি বিশ্বাস কৰা হয়।
লোকবিশ্বাসৰ লগত বাস্তৱতাৰ সমন্বয়ঃ
লোকবিশ্বাসৰ লগত বাস্তৱতাৰ সমন্বয় বিষয়ক দিশ
এটাও ‘দুপৰীয়া’ গল্পটোত বিশেষভাৱে আছে। কাউৰীৰ বাবে সজোৱা চাউলৰ মাজৰ ভাগটোৰপৰা
যদি কাউৰীয়ে খায়হি, তেতিয়া কি হব বুলি লখিমীয়ে মাজনীক সুধিছিল। মাজনীয়ে তেতিয়া
কৈছিল— মাজৰ ভাগ মানে আমাৰ ঘৰটোৱেই। গতিকে মাজৰ ভাগ খালে ‘ঘৰৰ মানুহে’ই ঘৰলৈ আহে
কিজানি।
গল্পটোৰ শেহৰফালে কাউৰীজনীয়ে মাজৰ ভাগটোৰপৰা
চাউল খোৱাৰ কথা আছে। মাজনীয়েও অনুভৱ কৰিছে যে, তাইৰ ভিতৰত ‘কিবা এটা’ (ভ্ৰূণ) লৰিছে। গতিকে মাজনীয়ে কোৱা ‘ঘৰৰ মানুহ’ কথাটোৱে
একেবাৰে আপোন, নিজৰ মানুহ, নিজৰ সন্তান আগমনৰ এক ইংগিত বহন
কৰিছে। কাৰণ— কংস জেঠাইৰ কথাৰপৰা জনা যায় যে, মাজনীৰ সন্তান হোৱাৰ
বাট একেবাৰে মৰি যোৱা নাছিল। এইদৰে গল্পটোত গল্পকাৰে লোকবিশ্বাসৰ লগত বাস্তৱতাৰ এক
সমন্বিত ৰূপ প্ৰকাশ কৰিছে।
0 comments:
Post a Comment