অসমীয়া সাহিত্যলৈ আহোসকলৰ এক উল্লেখযোগ্য অৱদান হ’ল ‘বুৰঞ্জী সাহিত্য’। বুৰঞ্জী ৰচনাৰ পৰম্পৰা তেওঁলোকৰ মাজত পৰম্পৰাগতভাৱে চলি আহিছিল। আহোমসকলে নিজৰ
ৰাজ্যৰ উপৰি দাঁতিয়লীয়া ৰাজ্য আৰু বিদেশী ৰাজ্যৰ বুৰঞ্জীও ৰচনা কৰিছিল।
বুৰঞ্জীসমূহ পোনতে টাই ভাষাত লিখা হৈছিল যদিও পৰৱৰ্তী সময়ত অসমীয়া ভাষাত লিখাৰ
পৰম্পৰা আৰম্ভ হয়। পদ্য আৰু গদ্য উভয় মাধ্যমতে বুৰঞ্জী লিখা হৈছিল যদিও পদ্যত লিখা
বুৰঞ্জী তেনেই তাকৰ।
অসমীয়া বুৰঞ্জী সাহিত্যৰ ভিতৰত ‘তুংখুঙ্গীয়া বুৰঞ্জী’ অন্যতম। এই বুৰঞ্জীত তুংখুঙ্গীয়া ফৈদৰ আহোম স্বৰ্গদেউসকলৰ কাহিনী আছে। এই বুৰঞ্জীখন শ্ৰীনাথ বৰবৰুৱাই ১৮০৩ খ্ৰীষ্টাব্দত প্ৰণয়ন কৰিছিল। বুৰঞ্জীখন সূৰ্যকুমাৰ ভূঞাৰ সম্পাদনাত প্ৰকাশ পায়। ভূঞাৰ মতে ‘তুংখুঙ্গীয়া বুৰঞ্জী’য়ে স্বৰ্গদেউ গদাধৰসিংহ, তেওঁৰ প্ৰথম পুত্ৰ ৰুদ্ৰসিংহ, ৰুদ্ৰসিংহৰ চাৰি
পুত্ৰ শিৱসিংহ, প্ৰমত্তসিংহ, ৰাজেশ্বৰসিংহ আৰু লক্ষ্মীসিংহ, লক্ষ্মীসিংহৰ পুতেক
গৌৰিনাথসিংহ, গদাধৰ সিংহৰ দ্বিতীয় পুত্ৰ লেচাই নামৰূপীয়া ৰজাৰ সন্ততি কমলেশ্বৰ
সিংহ আৰু চন্দ্ৰকান্ত সিংহ, ৰাজেশ্বৰ সিংহৰ সন্ততি পুৰন্দৰসিংহ— এইসকল স্বৰ্গদেউৰ
ৰাজত্ব-কাহিনীকে বুজায়। অৱশ্যে শ্ৰীনাথ বৰবৰুৱাৰ বুৰঞ্জীখনত ৰাজেশ্বৰসিংহৰ দিনৰ
পৰাহে বিস্তৃত বিৱৰণ পোৱা যায়। বৰবৰুৱাৰ বুৰঞ্জীখনত গদাধৰসিংহৰ দিনৰ পৰা
প্ৰমত্তসিংহৰ ৰাজত্বলৈকে এইছোৱা কাহিনী অতি সংক্ষিপ্ত, কেৱল শক-তাৰিখহে উল্লেখ কৰা
আছিল। বুৰঞ্জীখনৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ স্বাৰ্থত সম্পাদক সূৰ্যকুমাৰ ভূঞাই অন্য
পুৰণি বুৰঞ্জীৰপৰা তথ্য গোটাই এইছোৱা কাহিনী তাত সংযোগ কৰি দিছে। ভূঞাই উদ্ধাৰ কৰা
বুৰঞ্জীখন অসম্পূৰ্ণ আছিল। ১৮০৬ খ্ৰীষ্টাব্দৰ ঘটনাতে তেওঁৰদ্বাৰা প্ৰাপ্ত বুৰঞ্জীখনৰ
ঘটনা শেষ হৈছে। ভূঞাৰ মতে বুৰঞ্জীখনৰ গোটাচেৰেক পাত নিশ্চয় আছিল।
তলত সূৰ্যকুমাৰ ভূঞা সম্পাদিত ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ঐতিহাসিক গুৰুত্বসমূহ উল্লেখ কৰা হ’ল—
· বুৰঞ্জীখনে আহোমসকলৰ বুৰঞ্জী ৰচনাৰ যি পৰম্পৰা আছিল, তাৰ এক স্বাক্ষৰ বহন কৰিছে। আহোমসকলে নিজৰ ৰাজ্যৰ উপৰি কাষৰীয়া ৰাজ্য আৰু বাহিৰৰ ৰাজ্যৰ বুৰঞ্জীও ৰচনা কৰিছিল। ‘তুংখুঙ্গীয়া বুৰঞ্জী’ আহোম ৰাজ্যৰ বুৰঞ্জী। এই বুৰঞ্জীত তুংখুঙ্গীয়া ফৈদৰ আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালৰ কাহিনী আছে।
· ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত স্বৰ্গদেউ গদাধৰসিংহ, তেওঁৰ প্ৰথম পুত্ৰ ৰুদ্ৰসিংহ,
ৰুদ্ৰসিংহৰ চাৰি পুত্ৰ শিৱসিংহ, প্ৰমত্তসিংহ, ৰাজেশ্বৰসিংহ আৰু লক্ষ্মীসিংহ,
লক্ষ্মীসিংহৰ পুতেক গৌৰিনাথসিংহ, গদাধৰ সিংহৰ দ্বিতীয় পুত্ৰ লেচাই নামৰূপীয়া ৰজাৰ
সন্ততি কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ, ৰাজেশ্বৰ সিংহৰ সন্ততি পুৰন্দৰসিংহ—
এইসকল স্বৰ্গদেউৰ ৰাজত্ব-কাহিনী বৰ্ণিত হৈছে। তুংখুঙ্গীয়া ফৈদৰ এই ৰজাসকলৰ বিষয়ে কিছুমান তথ্য
লাভ কৰাত ‘তুংখুঙ্গীয়া বুৰঞ্জী’য়ে আমাক সহায় কৰিব পাৰে। এনে কাৰণতে বুৰঞ্জীখনৰ ঐতিহাসিক
মূল্য আছে বুলিব পাৰি।
· শক, বাৰ, তাৰিখৰ উল্লেখে ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত থকা তথ্যৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিছে। এই দিশেৰে বুৰঞ্জীখন বিশেষ মূল্যযুক্ত। ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ষষ্ঠ অধ্যায়তো শক-বাৰ-তাৰিখ সংযুক্ত তথ্য কেতবোৰ আছে। যেনে— বুৰঞ্জীখনৰ ষষ্ঠ অধ্যায়ত প্ৰমত্ত সিংহই কিমান দিন ৰাজত্ব কৰিছিল, তাৰ সংখ্যাও উল্লেখ কৰা আছে— “ভোগ ৬ বৎসৰ, ১০ মাহ, ৫ দিন”। আন কিছুমান তেনে পাৰিসাংখ্যিক তথ্য হ’ল— প্ৰমত্ত সিংহই শিঙৰি ঘৰত উঠিছিল ১৬৬৭ শকত, ৰুদ্ৰেশ্বৰ দেৱালয় স্থাপন কৰিছিল ১৬৭৩ শকত।
· বুৰঞ্জীখনত প্ৰতিজন ৰজাৰ ৰাজত্ব কালত সংঘটিত হোৱা ৰাজনৈতিক কাৰ্যাৱলীৰ বৰ্ণনা সন্নিৱিষ্ট হৈছে। এনে কাৰণতে ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ঐতিহাসিক মূল্য আছে বুলি ক’ব লাগিব। উদাহৰণ স্বৰূপে বুৰঞ্জীখনৰ ষষ্ঠ অধ্যায়ত শিৱসিংহৰ মৃত্যুৰ পিছত ৰাজ-সিংহাসনক লৈ হোৱা বিদ্ৰোহ, বিদ্ৰোহ দমন আৰু প্ৰমত্ত সিংহ ৰাজপাটত বহাৰ কথা আছে। আহোম স্বৰ্গদেউসকলৰ ৰাজ-অভিষেকৰ নিজা নিয়ম ‘শিঙৰি ঘৰত উঠা’ প্ৰথাৰ বহল বৰ্ণনায়েও বুৰঞ্জীখনৰ মূল্য বৃদ্ধি কৰিছে।
· ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত কেৱল ৰাজনৈতিক ঘটনাৱলী বা যুদ্ধ-বিগ্ৰহৰ বৰ্ণনাই নাই। বুৰঞ্জীখনত তুংখুঙ্গীয়া ফৈদৰ আহোম স্বৰ্গদেউসকলে সম্পন্ন কৰা প্ৰশাসনিক কাৰ্যাৱলীৰ বৰ্ণনাও পোৱা যায়। উদাহৰণস্বৰূপে বুৰঞ্জীখনৰ ষষ্ঠ অধ্যায়ত প্ৰমত্তসিংহই ৰংঘৰ পকী কৰা, শুক্ৰেশ্বৰ দেৱালৰ দ’ল সজা, পিতৃৰ স্মৃতিত ৰুদ্ৰেশ্বৰ নামৰ শিৱ দেৱালয় স্থাপন কৰা আৰু কামৰূপত পিয়ল কাৰ্য আৰম্ভ কৰা কামৰ উল্লেখ আছে।
· শ্ৰীনাথ বৰবৰুৱাই তেওঁৰ বুৰঞ্জীখনত
কছাৰী আৰু জয়ন্তা ৰজাৰ লগত সলনা-সলনি কৰা ছখন চিঠি তুলি দিছে। এই তথ্যখিনিয়ে আহোমসকলৰ
দাঁতিয়লীয়া লোক বা ৰাজ্যৰ লগত থকা সম্পৰ্কৰ এক বিশ্বাসযোগ্য আভাস দাঙি ধৰে। আন
কথাত ক’বলৈ গ’লে শ্ৰীনাথ বৰবৰুৱাই তথ্যবোৰ প্ৰমাণসহ দাঙি ধৰিবলৈ চেষ্টা কৰিছিল।
এনে কাৰণতে ‘তুংখুঙ্গীয়া বুৰঞ্জী’ ঐতিহাসিক মূল্য আমি স্বীকাৰ কৰিব লাগিব।
· মোৱামৰীয়া বিদ্ৰোহৰ বৰ্ণনা সংযোজিত
হৈ থকাৰ বাবেও ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ঐতিহাসিক মূল্য আছে। বৰবৰুৱাৰ বুৰঞ্জীত এঠাইত কাটিলে
সাত ঠাইত গজা মোৱামৰীয়া বিদ্ৰোহৰ এটি ভাল চিত্ৰ পোৱা যায়। এই সময়খিনিত আহোম ৰাজ্যত
অনেক নপতা-ৰজা আৰু নপতা-ফুকন ওলাইছিল। ৰজাঘৰীয়া অনেক বিষয়া বিদ্ৰোহত যোগ দিছিল।
পৰিণতি হিচাপে আহোম সাম্ৰাজ্যৰ গৌৰৱ ম্লান পৰিবলৈ আৰম্ভ কৰিছিল। বিদেশী সৈন্যৰ
সাহায্যত এনে বিদ্ৰোহ-অশান্তি দূৰ কৰিবলৈ চেষ্টা কৰা হৈছিল। অসম বুৰঞ্জীৰ এক
গুৰুত্বপূৰ্ণ ঘটনা ‘মোৱামৰীয়া বিদ্ৰোহ’ৰ প্ৰসংগ থকাৰ বাবে ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ বিশেষ মূল্য আছে।
· ভাষাৰ দিশৰপৰাও ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ বিশেষ ঐতিহাসিক মূল্য আছে বুলিব পাৰি। বুৰঞ্জীখনত শাসকীয় ভাষাৰ চানেকি, বিশেষকৈ স্বৰ্গদেউ আৰু আহোম ডা-ডাঙৰীয়াসকলৰ মুখৰ ভাষা সংৰক্ষিত হৈছে।
· বুৰঞ্জীখনৰ সাহিত্যিক মূল্যও আছে। ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত বুৰঞ্জীৰ কথাবোৰৰ নীৰস বৰ্ণনা নাই। ঘৰুৱা ভাষাৰ প্ৰয়োগ, বিভিন্ন অলংকাৰৰ প্ৰয়োগ আৰু কথোপকথন বা নাটকীয় শৈলীৰ প্ৰয়োগে বুৰঞ্জীখনৰ ভাষা সাহিত্যিক মূল্যযুক্ত কৰি তুলিছে।
· প্ৰাচীন অসমীয়া গদ্য-সাহিত্যৰ এক নিদৰ্শন ৰূপেও ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ঐতিহাসিক মূল্য আছে। প্ৰাচীন অসমীয়া গদ্য-সাহিত্য
বুলিলে অংকীয়া নাটৰ গদ্য, ভট্টদেৱৰ কথা-গীতা আৰু কথা-ভাগৱতৰ গদ্য, ৰঘুনাথ মহন্তৰ
‘কথা-ৰামায়ণ’ৰ গদ্য, চৰিত পুথিৰ গদ্য, বুৰঞ্জীৰ গদ্য আৰু ব্যৱহাৰিক জ্ঞান-বিষয়ক
পুথিৰ গদ্যক বুজায়। বুৰঞ্জীৰ গদ্যৰ মূল্য বৈশিষ্ট্য হ’ল— ই বস্তুনিষ্ঠ আৰু বিষয়ী।
অন্যান্য বৈশিষ্ট্যৰ ভিতৰত আছে প্ৰাঞ্জলতা আৰু ভাব-প্ৰৱণতাৰপৰা মুক্তি। ‘তুংখুঙ্গীয়া বুৰঞ্জী’তো এনে বৈশিষ্ট্য আছে।
· অন্যান্য বুৰঞ্জীৰ দৰে ‘তুংখুঙ্গীয়া বুৰঞ্জী’তো বিভিন্ন থলুৱা শব্দ প্ৰয়োগ কৰা হৈছে যিবোৰৰ প্ৰয়োগ বৰ্তমান বিৰল। বহুতো
শব্দ বঁহীয়া পৰিছে বুলিব পাৰি। এনে শব্দসমূহ যদি অসমীয়া গদ্যত পুনৰ ব্যৱহাৰ কৰিবলৈ
লোৱা হয়, তেন্তে অসমীয়া গদ্যৰ সৌষ্ঠৱ নিশ্চয় বৃদ্ধি পাব। এই দিশৰপৰাও ‘তুংখুঙ্গীয়া বুৰঞ্জী’ তথা অন্যান্য বুৰঞ্জীসমূহৰ ঐতিহাসিক মূল্য আছে বুলি ক’ব পাৰি। বুৰঞ্জীখনৰ
সম্পাদক সূৰ্যকুমাৰ ভূঞাৰ মতে, “বৰবৰুৱাৰ বুৰঞ্জীৰ ভাষা নিভাঁজ অসমীয়া। অসমীয়া
ভাষাৰ বৰ্তমান কালত যি বিষম পৰিৱৰ্তন ঘটিছে, তালৈ চাই বৰবৰুৱাৰ বুৰঞ্জীত ৰক্ষিত
হোৱা খাচ অসমীয়া ভাষাৰ চানেকিৰ সহায়েৰে বৰ্তমান ভাষাৰ ওপৰত পৰা অস্বাভাৱিকতাৰ
চামনি লাহে লাহে আঁতৰাব পৰা যাব। সেই দেখি অসমীয়া ভাষাৰ নিহিত শক্তি আৰু সকলো ৰকমৰ
চিন্তাৰ ধাৰা ব্যক্ত কৰিব পৰা ক্ষমতাৰ আও-ভাও বুজিবলৈ হ’লে বৰবৰুৱাৰ বুৰঞ্জীৰ
পুংখানুপুংখ অধ্যয়ন কৰা উচিত।” ভূঞাৰ এনে মন্তব্যই ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ঐতিহাসিক
মূল্যৰ কথাই প্ৰকাশ কৰিছে।
· ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ৰচয়িতা শ্ৰীনাথ দুৱৰা বৰবৰুৱা ৰজাঘৰীয়া দলৰ এজন প্ৰধান
বিষয়া (ন্যায়সোধা ফুকন আৰু বৰবৰুৱা) আছিল। গতিকে তেওঁ বিভিন্ন ৰাজনৈতিক ঘটনাৱলী
নিজ চকুৰে প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিল। শ্ৰীনাথ বৰবৰুৱা ৰাজ্যৰ সৰ্বপ্ৰধান বিচাৰক
আছিল। গতিকে বিচাৰকৰ নিৰপেক্ষতা গুণ তেওঁৰ স্বভাৱগত হৈছিল। এনে কাৰণতে তেওঁ ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত একপক্ষীয়ভাৱে কথাবোৰ ব্যক্ত কৰা নাই। তেওঁ নিৰপেক্ষভাৱে সেইকালৰ ঘটনা
বুৰঞ্জীখনত দাঙি ধৰিছে। ঘটনাৰ সত্যতা ৰক্ষা কৰা তথা বস্তুনিষ্ঠতা ৰক্ষা কৰা
বুৰঞ্জী-ৰচকৰ কৰ্তব্য হ’ব লাগে। ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত এয়া ৰক্ষিত হৈছে। এই দিশেৰেও ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ঐতিহাসিক মূল্য আছে।
· আহোম যুগৰ ৰচিত আন বুৰঞ্জীত তুংখুঙ্গীয়া ফৈদৰ ৰজাসকলৰ ৰাজত্বকালৰ যি বৰ্ণনা আছে, তাৰ লগত ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ তথ্যগত মিল আছে। এই দিশটোৱে বুৰঞ্জীখনৰ বিশ্বাসযোগ্যতা আৰু লগতে ঐতিহাসিক মূল্য বৃদ্ধি কৰিছে।
মুঠৰ ওপৰত ক’ব পাৰি যে, ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত তুংখুঙ্গীয়া ফৈদ বা ৰাজবংশৰ পৰিপূৰ্ণ ইতিহাস চিত্ৰিত হৈছে। তদুপৰি ‘তুংখুঙ্গীয়া বুৰঞ্জী’ প্ৰাচীন অসমীয়া গদ্য-সাহিত্যৰ তথা মধ্যযুগীয় অসমীয়া ভাষাৰ এক উৎকৃষ্ট নিদৰ্শন। এনে কাৰণতে বুৰঞ্জীখন ঐতিহাসিক মূল্যযুক্ত।
0 comments:
Post a Comment