Thursday, 23 April 2020

অসমীয়া ভাষাত টাইমূলীয় ভাষাৰ শব্দগত উপাদান


অসমীয়া ভাষাত টাইমূলীয় ভাষাৰ শব্দগত উপাদান

চীন-তিব্বতীয় ভাষা-পৰিয়ালৰ ভাষাসমূহক দুটা বহল ভাগত ভাগ কৰা হৈছে— থাই-চীন বা শ্যাম-চীন আৰু তিব্বত-বৰ্মী। থাই-চীন বা শ্যাম-চীন ভাষাসমূহক একেলগে টাইমূলীয় ভাষা বুলিও কোৱা হয়। অসমত ছটা টাইমূলীয় ভাষাৰ প্ৰচলন আছে— আহোম, খামতি, ফাকে, টুৰুং, খাময়াং বা নৰা আৰু আইতন। এই ভাষাবোৰৰপৰা বিভিন্ন শব্দ অসমীয়া ভাষাৰ শব্দ-সম্ভাৰত সোমাই পৰিছে। অসমীয়া ভাষাত প্ৰধানকৈ টাইমূলীয় আহোম ভাষাৰ বিভিন্ন শব্দ পোৱা যায়। আহোমসকলে নিজা টাইমূলীয় ভাষা এৰি অসমীয়া ভাষাক মাতৃভাষা ৰূপে আঁকোৱালি লৈছিল আৰু অসমীয়া ভাষাত বুৰঞ্জী প্ৰণয়ন কৰিছিল। এনে কাৰণতে অসমীয়া ভাষাত টাইমূলীয় আহোম ভাষাৰ শব্দ সোমাই পৰিছে। তলত অসমীয়া ভাষাত টাইমূলীয় আহোম ভাষাৰ শব্দগত উপাদানৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল—

১. চৰাই-চিৰিকটি আৰু জীৱ-জন্তুবাচক শব্দঃ
            কেমটাই পহু       ­—    বনৰৌ
            ডৰিক চৰাই           <ডৈ-ৰিক্= পৰ্বতত মতা চৰাই
২. গছ-গছনিবাচক শব্দঃ
            কাকিনি (তামোল)     <কাই-কি-নি= বয়সত ডাঙৰ
            আউ-নি (পাণ)         <আও-নি= খাব পৰা
৩. বাচন-বৰ্তন আৰু সা-সঁজুলিবাচক শব্দঃ
            টোম                  বাঁহৰ সঁজুলি বিশেষ
            খাং                   <খাঙ্= বস্তু থ’ব পৰা বাঁহৰ সঁজুলি
            বান বাতি             <বান্= বাতি
৪. অস্ত্ৰ-শস্ত্ৰবাচক শব্দঃ
            হিলৈ                  <হিন্-লয়= শিলে খেদি গৈ নষ্ট কৰে
            হেংডান               আহোম ৰজাৰ তৰোৱাল জাতীয় অস্ত্ৰ
            মিট্ দা                <মিট্= কটাৰী
৫. সম্বন্ধবাচক শব্দঃ
            আইচু                 আহোম ডাঙৰীয়ানী
            আপাদেউ             বাপেকৰ বায়েক
            চেনাই                <ছেং-নাঙ্= মৰমৰ গাভৰু
            পুথা                  <পু-থাও= আজো ককা
            পুলিন পুথাও          প্ৰপিতামহ
৬. খাদ্য-সামগ্ৰীবাচক শব্দঃ
            খুদ (চাউল)           <খুট্= ভগা
৭. স্থানবাচক শব্দঃ
      অসমীয়া ভাষাত আহোম ভাষাৰপৰা অহা ভালেখিনি স্থানবাচক শব্দ আছে। যেনে—
            পাটকাই               <পাট্= কটা, কাই= কুকুৰা
            নামৰূপ               <নাম্-ৰুক্ (নাম্= পানী, ৰুক্= ছয়)
            পাৱৈ                 <পা-বাই
            লালুক                <লা-ৰুক্
            চৰাইদেউ             <চে-ৰাই-ডই
৮. নদীবাচক শব্দঃ
      আহোম ভাষাত ‘নাম্’ শব্দই পানী বা নদীক বুজায়। অসমীয়া ভাষাত থকা বিভিন্ন নদীৰ নাম আহোম ভাষাৰপৰা আহিছে বুলি ভবাৰ থল আছে। যেনে—
            নামদাং                <দাং= শব্দ কৰা
            নাম্-শ্যাও             <শ্যাও= পৰিস্কাৰ (দিখৌ নৈ)
            নাম্-জিন্              <জিন্= চেঁচা (চেঁচা নৈ)
      ‘টি’ বা ‘তি’যুক্ত স্থানবাচক আৰু নদীবাচক শব্দবোৰো আহোম ভাষাৰপৰা অসমীয়ালৈ অহা বুলি অনুমান কৰা হৈছে। যেনে— টিয়ক, টিপাম, টিৰাপ, নামতি, টিপ্লিং, টিহু আদি। এইবোৰ স্থানবাচক নামলৈও সম্প্ৰসাৰিত হৈছে।
৯. বিষয়া বা উপাধি বুজোৱা শব্দঃ
      বিষয়া বা উপাধি বুজোৱা বহু শব্দ আহোম ভাষাৰপৰা অসমীয়ালৈ আহিছে। যেনে— হাজৰিকা, শইকীয়া, বৰুৱা, বৰবৰুৱা, ভঁৰালী, স্বৰ্গদেউ আদি।
১০. বুৰঞ্জীৰপৰা অহা শব্দঃ
      বুৰঞ্জীসমূহৰ যোগেদিও কিছুমান আহোম শব্দ অসমীয়ালৈ আহিছে। যেনে—
            ফাংফুং কৰা           <ফাং= ফাঁকি দিয়া
            লিগিৰা লিকচৌ        <লিক্= আলপৈচান ধৰা
            বুৰঞ্জী
            কাৰেং
            ৰংঘৰ
১১. অন্যান্য শব্দঃ
            ডাং                   দুৱাৰ ডাং
            মুলুং                  অতি মূৰ্খ
            খিলঞ্জীয়া              <খি-লন্-জি= দেশীয়

      চাৰ এডৱাৰ্ড গেইট চাহাবে অসমীয়া ভাষাত পঞ্চাশটামানহে আহোমমূলীয় শব্দ পোৱা যায় বুলি কৈছিল। নামৰ গ্ৰন্থত আহোম ভাষাৰ ভালেমান শব্দ অসমীয়া ভাষাত পোৱা যায় বুলি উল্লেখ কৰা হৈছে। ডভীমকান্ত বৰুৱাই ‘অসমীয়া ভাষা’ নামৰ গ্ৰন্থত উল্লেখ কৰা মতে অসমীয়া ভাষাত শতাধিক আহোম শব্দ পোৱা যায়। এই কথা উল্লেখযোগ্য যে, আহোম শব্দবোৰে অসমীয়া সাঁচ বা চাপ গ্ৰহণ কৰিছে। এনে কাৰণতে কিছুমান শব্দ আহোম ভাষাৰপৰা অহা বুলি ধৰাই টান।

সৃষ্টিৰ পৃথিৱী

মৃদুল মৰাণ

(প্ৰধানকৈ Dibrugarh University-ৰ স্নাতক অসমীয়া উচ্চমান পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা বিভিন্ন আলোচনা প্ৰকাশ কৰাৰ উদ্দেশ্যে এই ব্লগৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ যোগেদি নিশ্চয় লক্ষ্য ছাত্ৰ-ছাত্ৰীসকলৰ অলপ হ’লেও উপকাৰ হ’ব।)

0 comments:

Post a Comment