Showing posts with label অসমৰ ভাষা আৰু লিপি. Show all posts
Showing posts with label অসমৰ ভাষা আৰু লিপি. Show all posts

Friday, 24 April 2020

অসমীয়া ভাষাৰ ৰূপগত দিশত বড়ো ভাষাৰ অৱদান

সৃষ্টিৰ পৃথিৱী

অসমীয়া ভাষাৰ ৰূপগত দিশত বড়ো ভাষাৰ অৱদান

স্নাতক চতুৰ্থ ষান্মাসিক (উচ্চমান)
অসমৰ ভাষা আৰু লিপি, পাঠ্যক্ৰম সংখ্যাঃ ৪০২
গোটঃ ৪
শ্ৰেণী শিক্ষকঃ মৃদুল মৰাণ
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়, দেৰগাঁও

      অসমীয়া ভাষাৰ ধ্বনিগত, ৰূপগত, শব্দগত আৰু বাক্যগত— এই চাৰিওটা দিশতেই আৰ্য-ভিন্ন ভাষা অৰ্থাৎ চীন-তিব্বতীয় ভাষা আৰু তিব্বত-বৰ্মী ভাষাৰ উপাদান সোমাই আছে। তিব্বত-বৰ্মী শাখাৰ ভাষাসমূহৰ ভিতৰত বড়ো ভাষা প্ৰধান। অসমীয়া ভাষাত বড়ো ভাষাৰ উপাদানো আছে। তলত অসমীয়া ভাষাৰ ৰূপগত দিশত বড়ো ভাষাৰ অৱদান সম্পৰ্কে উল্লেখ কৰা হ’ল—
(১)   বহুবচনাত্মক প্ৰত্যয়ঃ
      অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বহুবচনাত্মক প্ৰত্যয় ‘-বোৰ’ বড়ো ভাষাৰ ‘-ফৌৰ’ প্ৰত্যয়ৰপৰা আহিছে বুলি কোৱা হয়। এই কথা উল্লেখযোগ্য যে পুৰণি অসমীয়া ভাষাত বহুবচন বুজাবৰ বাবে ‘-ভোৰ’ প্ৰত্যয় ব্যৱহাৰ কৰা হয়। গতিকে ‘-বোৰ’ প্ৰত্যয়ৰ ক্ৰমবিকাশ এনেদৰে দেখুৱাব পাৰি—
      ফৌৰ> ভোৰ> বোৰ

(২)   সম্বন্ধবাচক শব্দঃ
      অসমীয়া ভাষাৰ অধিকাংশ সম্বন্ধবাচক শব্দ সংস্কৃতমূলীয়। অৱশ্যে তাৰ মাজতো সংস্কৃতত নথকা সম্বন্ধবাচক শব্দ কিছুমানো অসমীয়া ভাষাত আছে। যেনে— আতা, আবু, আই আদি। এইবোৰ তিব্বত-বৰ্মী ভাষাৰপৰা অহাৰ সম্ভাৱনা আছে। বড়ো ভাষাত ‘আই’ৰ সমধৰ্মী ৰূপ আছে— ‘আয়’।
(৩) গঠনমূলক প্ৰত্যয়ঃ
      বাণীকান্ত কাকতিৰ মতে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা গঠনমূলক প্ৰত্যয় ‘-মা’ আৰু ‘-চা’ বড়ো মূলৰ। এই দুটা প্ৰত্যয়যুক্ত অসমীয়া শব্দৰ উদাহৰণ— লোধোমা, ধেপেচা আদি।
(৪)   সম্বন্ধবাচক শব্দত যোগ হোৱা পুৰুষ নিৰ্দেশক ৰূপঃ
      অসমীয়া ভাষাত পুৰুষ অনুসৰি সম্বন্ধবাচক বিশেষ্য শব্দৰ লগত –এৰ, -এৰা আৰু –এক প্ৰত্যয় যোগ কৰা হয়। এয়া অসমীয়া ভাষাৰ এটা প্ৰধান বৈশিষ্ট্য। যেনে— মোৰ দেউতা, তোৰ দেউতাৰ, তোমাৰ দেউতাৰা, তাৰ দেউতাক আদি। অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটো গ্ৰীয়াৰ্ছন, বিষ্ণুপ্ৰসাদ ৰাভা আদিয়ে বড়ো ভাষাৰপৰা আহিছে বুলি কৈছে। বড়ো ভাষাত অৱশ্যে পুৰুষ নিৰ্দেশক ৰূপবোৰ সম্বন্ধবাচক বিশেষ্য শব্দৰ আগতহে যোগ হয়। যেনে—
      ফা          দেউতা
      আ-ফা      মোৰ দেউতা
      নৌং-ফা     তোমাৰ দেউতাৰা
      বি-ফা       তাৰ দেউতাক
৫.    নঞৰ্থক ক্ৰিয়াপদৰ গঠনঃ
      অসমীয়া ভাষাত নঞৰ্থক ক্ৰিয়া গঠন কৰিবলৈ ক্ৰিয়াৰ আগত ‘ন-’ যোগ কৰা হয় আৰু ইয়াৰ সমীভৱন হয়। এই বৈশিষ্ট্যটো অসমীয়া ভাষালৈ চীন-তিব্বতীয় ভাষা-পৰিয়ালৰ ভাষাবোৰৰপৰা আহিছে বুলি ধাৰণা কৰিব পাৰি। বড়ো ভাষাতো নঞৰ্থক ৰূপটো (দা-) ক্ৰিয়াৰ আগত বহে। অৱশ্যে ইয়াৰ সমীভৱন নহয়। যেনে—
      থাং         যাবা
দা-থাং      নাযাবা
৬.    নিৰ্দিষ্টতাবাচক সৰ্গৰ প্ৰয়োগঃ
      অসমীয়া ভাষাত কোনো বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ কিছুমান প্ৰত্যয় ব্যৱহাৰ কৰা হয়। সেইবোৰক নিৰ্দিষ্টতাবাচক সৰ্গ বা প্ৰত্যয় বোলা হয়। সংস্কৃত ভাষাত এনে বৈশিষ্ট্য নাই। অসমীয়া ভাষালৈ এই বৈশিষ্ট্যটো চীন-তিব্বতীয় ভাষাসমূহৰপৰা আহিছে। বড়ো ভাষাতো নিৰ্দিষ্টবাচক সৰ্গৰ ব্যৱহাৰ আছে। যেনে—
      চাচে মানচি  এজন মানুহ [চা ‘জন’ (নিৰ্দিষ্টতাবাচক প্ৰত্যয়) + চে (এক)]
অসমীয়া ভাষাত অৱশ্যে সংখ্যাবাচক শব্দটোৰ পিছতহে নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো যোগ হয়।
৭.    লিংগ নিৰ্ণয় প্ৰক্ৰিয়াঃ
      সংস্কৃত ভাষাৰ লিংগ নিৰ্ণয় প্ৰক্ৰিয়া সম্পূৰ্ণ ব্যাকৰণগত। কিন্তু অসমীয়া ভাষাৰ লিংগ ব্যাকৰণগত নহয়। এই বৈশিষ্ট্য অসমীয়া ভাষালৈ তিব্বত-বৰ্মী ভাষাৰপৰা অহাৰ সম্ভাৱনা আছে। কাৰণ— বড়ো, কাৰ্বি, মিচিং আদি তিব্বত-বৰ্মীয় ভাষাত লিংগ ব্যাকৰণগত নহয়। এইবোৰ ভাষাত লিংগই বাক্যত কোনো প্ৰভাৱ বিস্তাৰ নকৰে। অসমীয়া ভাষাত লিংগ নিৰপেক্ষ শব্দৰ আগত ‘মতা’ আৰু ‘মাইকী’ শব্দ যোগ কৰি লিংগ নিৰ্ণয় কৰা হয়। অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটো তিব্বত-বৰ্মীয় ভাষাৰপৰা অহাৰ সম্ভাৱনা আছে। বড়ো ভাষাতো মতা আৰু মাইকীবাচক শব্দ ব্যৱহাৰ কৰি লিংগ নিৰ্ণয় কৰা হয়। যেনে—
      মাউজী বুন্দা ‘মতা মেকুৰী’            মাউজী বুন্দি ‘মাইকী মেকুৰী’
৮.    প্ৰতিধ্বন্যাত্মক শব্দৰ গঠনঃ
      অসমীয়া ভাষাৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল প্ৰতিধ্বন্যাত্মক শব্দৰ গঠন। যেনে— মাছ-তাছ, ভাত-চাত, নিমখ-চিমখ আদি। তিব্বত-বৰ্মীয় ভাষাতো এনে উদাহৰণ অনেক আছে। সেই ভাষাবোৰৰ পৰাই অসমীয়া ভাষালৈ প্ৰতিধ্বন্যাত্মক শব্দ গঠনৰ বৈশিষ্ট্যটো অহাৰ সম্ভাৱনা আছে। বড়ো ভাষাত ব্যৱহাৰ হোৱা প্ৰতিধ্বন্যাত্মক শব্দ এনে—
      না-চা       মাছ-তাছ
      ফ্লি ফ্লি      পিলিং পালাং
৯.    যৌগিক ক্ৰিয়াৰূপঃ
      বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণা-গ্ৰন্থত অসমীয়া ভাষাৰ যৌগিক ক্ৰিয়াৰূপ; যেনে— খাম্ বান্ধ্, গবা মাৰ্, বিৰ্ দি, থলামূৰি মাৰ্ আদি ৰূপবোৰ বড়ো ভাষাৰ বুলি কৈছে।
১০.   ক্ৰিয়াৰ মূল বা ধাতুঃ
      অসমীয়া ভাষাৰ কিছুমান ক্ৰিয়াৰ মূল বা ধাতু বড়োমূলীয়। যেনে— চেলেক্, জিৰা, গচক, আগচ, চেঁকুৰ, ভেঁকুৰ আদি।

Thursday, 23 April 2020

অসমীয়া ভাষাত টাইমূলীয় ভাষাৰ শব্দগত উপাদান

সৃষ্টিৰ পৃথিৱী

অসমীয়া ভাষাত টাইমূলীয় ভাষাৰ শব্দগত উপাদান

চীন-তিব্বতীয় ভাষা-পৰিয়ালৰ ভাষাসমূহক দুটা বহল ভাগত ভাগ কৰা হৈছে— থাই-চীন বা শ্যাম-চীন আৰু তিব্বত-বৰ্মী। থাই-চীন বা শ্যাম-চীন ভাষাসমূহক একেলগে টাইমূলীয় ভাষা বুলিও কোৱা হয়। অসমত ছটা টাইমূলীয় ভাষাৰ প্ৰচলন আছে— আহোম, খামতি, ফাকে, টুৰুং, খাময়াং বা নৰা আৰু আইতন। এই ভাষাবোৰৰপৰা বিভিন্ন শব্দ অসমীয়া ভাষাৰ শব্দ-সম্ভাৰত সোমাই পৰিছে। অসমীয়া ভাষাত প্ৰধানকৈ টাইমূলীয় আহোম ভাষাৰ বিভিন্ন শব্দ পোৱা যায়। আহোমসকলে নিজা টাইমূলীয় ভাষা এৰি অসমীয়া ভাষাক মাতৃভাষা ৰূপে আঁকোৱালি লৈছিল আৰু অসমীয়া ভাষাত বুৰঞ্জী প্ৰণয়ন কৰিছিল। এনে কাৰণতে অসমীয়া ভাষাত টাইমূলীয় আহোম ভাষাৰ শব্দ সোমাই পৰিছে। তলত অসমীয়া ভাষাত টাইমূলীয় আহোম ভাষাৰ শব্দগত উপাদানৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল—

১. চৰাই-চিৰিকটি আৰু জীৱ-জন্তুবাচক শব্দঃ
            কেমটাই পহু       ­—    বনৰৌ
            ডৰিক চৰাই           <ডৈ-ৰিক্= পৰ্বতত মতা চৰাই
২. গছ-গছনিবাচক শব্দঃ
            কাকিনি (তামোল)     <কাই-কি-নি= বয়সত ডাঙৰ
            আউ-নি (পাণ)         <আও-নি= খাব পৰা
৩. বাচন-বৰ্তন আৰু সা-সঁজুলিবাচক শব্দঃ
            টোম                  বাঁহৰ সঁজুলি বিশেষ
            খাং                   <খাঙ্= বস্তু থ’ব পৰা বাঁহৰ সঁজুলি
            বান বাতি             <বান্= বাতি
৪. অস্ত্ৰ-শস্ত্ৰবাচক শব্দঃ
            হিলৈ                  <হিন্-লয়= শিলে খেদি গৈ নষ্ট কৰে
            হেংডান               আহোম ৰজাৰ তৰোৱাল জাতীয় অস্ত্ৰ
            মিট্ দা                <মিট্= কটাৰী
৫. সম্বন্ধবাচক শব্দঃ
            আইচু                 আহোম ডাঙৰীয়ানী
            আপাদেউ             বাপেকৰ বায়েক
            চেনাই                <ছেং-নাঙ্= মৰমৰ গাভৰু
            পুথা                  <পু-থাও= আজো ককা
            পুলিন পুথাও          প্ৰপিতামহ
৬. খাদ্য-সামগ্ৰীবাচক শব্দঃ
            খুদ (চাউল)           <খুট্= ভগা
৭. স্থানবাচক শব্দঃ
      অসমীয়া ভাষাত আহোম ভাষাৰপৰা অহা ভালেখিনি স্থানবাচক শব্দ আছে। যেনে—
            পাটকাই               <পাট্= কটা, কাই= কুকুৰা
            নামৰূপ               <নাম্-ৰুক্ (নাম্= পানী, ৰুক্= ছয়)
            পাৱৈ                 <পা-বাই
            লালুক                <লা-ৰুক্
            চৰাইদেউ             <চে-ৰাই-ডই
৮. নদীবাচক শব্দঃ
      আহোম ভাষাত ‘নাম্’ শব্দই পানী বা নদীক বুজায়। অসমীয়া ভাষাত থকা বিভিন্ন নদীৰ নাম আহোম ভাষাৰপৰা আহিছে বুলি ভবাৰ থল আছে। যেনে—
            নামদাং                <দাং= শব্দ কৰা
            নাম্-শ্যাও             <শ্যাও= পৰিস্কাৰ (দিখৌ নৈ)
            নাম্-জিন্              <জিন্= চেঁচা (চেঁচা নৈ)
      ‘টি’ বা ‘তি’যুক্ত স্থানবাচক আৰু নদীবাচক শব্দবোৰো আহোম ভাষাৰপৰা অসমীয়ালৈ অহা বুলি অনুমান কৰা হৈছে। যেনে— টিয়ক, টিপাম, টিৰাপ, নামতি, টিপ্লিং, টিহু আদি। এইবোৰ স্থানবাচক নামলৈও সম্প্ৰসাৰিত হৈছে।
৯. বিষয়া বা উপাধি বুজোৱা শব্দঃ
      বিষয়া বা উপাধি বুজোৱা বহু শব্দ আহোম ভাষাৰপৰা অসমীয়ালৈ আহিছে। যেনে— হাজৰিকা, শইকীয়া, বৰুৱা, বৰবৰুৱা, ভঁৰালী, স্বৰ্গদেউ আদি।
১০. বুৰঞ্জীৰপৰা অহা শব্দঃ
      বুৰঞ্জীসমূহৰ যোগেদিও কিছুমান আহোম শব্দ অসমীয়ালৈ আহিছে। যেনে—
            ফাংফুং কৰা           <ফাং= ফাঁকি দিয়া
            লিগিৰা লিকচৌ        <লিক্= আলপৈচান ধৰা
            বুৰঞ্জী
            কাৰেং
            ৰংঘৰ
১১. অন্যান্য শব্দঃ
            ডাং                   দুৱাৰ ডাং
            মুলুং                  অতি মূৰ্খ
            খিলঞ্জীয়া              <খি-লন্-জি= দেশীয়

      চাৰ এডৱাৰ্ড গেইট চাহাবে অসমীয়া ভাষাত পঞ্চাশটামানহে আহোমমূলীয় শব্দ পোৱা যায় বুলি কৈছিল। নামৰ গ্ৰন্থত আহোম ভাষাৰ ভালেমান শব্দ অসমীয়া ভাষাত পোৱা যায় বুলি উল্লেখ কৰা হৈছে। ডভীমকান্ত বৰুৱাই ‘অসমীয়া ভাষা’ নামৰ গ্ৰন্থত উল্লেখ কৰা মতে অসমীয়া ভাষাত শতাধিক আহোম শব্দ পোৱা যায়। এই কথা উল্লেখযোগ্য যে, আহোম শব্দবোৰে অসমীয়া সাঁচ বা চাপ গ্ৰহণ কৰিছে। এনে কাৰণতে কিছুমান শব্দ আহোম ভাষাৰপৰা অহা বুলি ধৰাই টান।

অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক দিশত তিব্বত-বৰ্মীয় শাখাৰ ভাষাৰ অৱদান

সৃষ্টিৰ পৃথিৱী

অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক দিশত তিব্বত-বৰ্মীয় শাখাৰ ভাষাৰ অৱদান

স্নাতক চতুৰ্থ ষান্মাসিক (উচ্চমান)
অসমৰ ভাষা আৰু লিপি, পাঠ্যক্ৰম সংখ্যাঃ ৪০২
গোটঃ ৪
শ্ৰেণী শিক্ষকঃ মৃদুল মৰাণ
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়, দেৰগাঁও

        অসমীয়া ভাষাৰ ধ্বনিগত, ৰূপগত, শব্দগত আৰু বাক্যগত— এই চাৰিওটা দিশতেই আৰ্য-ভিন্ন ভাষা বা চীন-তিব্বতীয় ভাষা, অষ্ট্ৰিক ভাষা আৰু দ্ৰাবিড় ভাষা-পৰিয়ালৰ উপাদান সোমাই আছে। চীন-তিব্বতীয়া ভাষা-পৰিয়ালৰ দুটা ভাগ আছে— থাই-চীন বা শ্যাম-চীন আৰু তিব্বত-বৰ্মী। অসমৰ তিব্বত-বৰ্মীয় শাখাৰ ভাষাসমূহৰ ভিতৰত বড়ো, মিচিং, কাৰ্বি, গাৰো, দেউৰী আদি ভাষা প্ৰধান। অসমীয়া ভাষাৰ ৰূপগত দিশত এই তিব্বত-বৰ্মীয় ভাষাসমূহৰ বিভিন্ন উপাদান সোমাই আছে। তলত অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক দিশত তিব্বত-বৰ্মীয় শাখাৰ ভাষাসমূহৰ অৱদান সম্পৰ্কে আলোচনা কৰা হ’ল—
(১)      বহুবচনাত্মক প্ৰত্যয়ঃ
        অসমীয়া ভাষাত ব্যৱহাৰ হোৱা দুটা বহুবচনাত্মক প্ৰত্যয় ‘-বোৰ’ আৰু ‘-বিলাক’ তিব্বত-বৰ্মীয় শাখাৰ বড়ো আৰু গাৰো ভাষাৰপৰা আহিছে বুলি ভাষাবিদসকলে ক’ব খোজে। বড়ো ভাষাত ‘-ফৌৰ’ আৰু গাৰো ভাষাত ‘-ফিলাক’ বহুবচনাত্মক প্ৰত্যয় আছে। এই প্ৰত্যয় দুটাৰ পৰাই ক্ৰমে ‘-বোৰ’ আৰু ‘-বিলাক’ প্ৰত্যয় আহিছে বুলি ক’ব পাৰি। কালিৰাম মেধিয়ে ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ গ্ৰন্থত গাৰো ‘-ফিলাক’ৰ লগতে মিচিমি ‘কা-ফ্লাক’ প্ৰত্যয়ৰ লগত ‘-বিলাক’ প্ৰত্যয়ৰ মিল আছে বুলি কৈছে। এই কথা উল্লেখযোগ্য যে পুৰণি অসমীয়া ভাষাত বহুবচন বুজাবৰ বাবে ‘-ভোৰ’ প্ৰত্যয় ব্যৱহাৰ কৰা হৈছিল। এই প্ৰত্যয় দুটাৰ ক্ৰমবিকাশ এনেদৰে দেখুৱাব পাৰি—
        ফৌৰ> ভোৰ> বোৰ
        ফিলাক/কা-ফ্লাক> বিলাক
(২)      সম্বন্ধবাচক শব্দঃ
        অসমীয়া ভাষাৰ অধিকাংশ সম্বন্ধবাচক শব্দ সংস্কৃতমূলীয়। অৱশ্যে তাৰ মাজতো সংস্কৃতত নথকা সম্বন্ধবাচক শব্দ কিছুমানো অসমীয়া ভাষাত আছে। যেনে— আতা, আবু, আই আদি। এইবোৰ তিব্বত-বৰ্মী ভাষাৰপৰা অহাৰ সম্ভাৱনা আছে। কাৰণ, অসমীয়া ভাষাৰ এনেবোৰ সম্বন্ধবাচক শব্দৰ লগত সাদৃশ্য থকা শব্দ তিব্বত-বৰ্মী ভাষাবোৰত আছে। যেনে— বড়োঃ আয়, ৰাভাঃ আয়া, গাৰোঃ আবৌ, দেউৰীঃ কাই আদি।
        সংস্কৃতত ‘ভ্ৰাতৃ’, ‘ভগ্নী’ শব্দই ককাই-ভাই, বাই-ভনী দুয়োটাকে বুজায়। অসমীয়াত কিন্তু সুকীয়া শব্দ আছে। তিব্বত-বৰ্মী গালং ভাষাতো সুকীয়া শব্দ আছে— আচি ‘ককাই’, অবিৰ ‘ভাই’ আদি।
(৩)     গঠনমূলক প্ৰত্যয়ঃ
        বাণীকান্ত কাকতিৰ মতে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা গঠনমূলক প্ৰত্যয় ‘-মা’ আৰু ‘-চা’ বড়ো মূলৰ। এই দুটা প্ৰত্যয়যুক্ত অসমীয়া শব্দৰ উদাহৰণ— লোধোমা, ধেপেচা আদি। অসমীয়া ভাষাৰ গঠনমূলক প্ৰত্যয় ‘-উৰা’ ভীমকান্ত বৰুৱাৰ মতে মিচিং ভাষাৰ ‘-উৰা’ বা ‘-দুৰা’ৰ পৰা আহিব পাৰে। মিচিং ভাষাৰ দৰে অসমীয়া ভাষাতো ‘-উৰা’ প্ৰত্যয়ে অত্যধিক অৰ্থ বুজায়। যেনে—
               মুতুৰা          চিদুৰাঃ
               কান্দুৰা        কাপদুৰাঃ/কাপদুৰাং
(৪)      সম্বন্ধবাচক শব্দত যোগ হোৱা পুৰুষ নিৰ্দেশক ৰূপঃ
        অসমীয়া ভাষাত পুৰুষ অনুসৰি সম্বন্ধবাচক বিশেষ্য শব্দৰ লগত –এৰ, -এৰা আৰু –এক প্ৰত্যয় যোগ কৰা হয়। এয়া অসমীয়া ভাষাৰ এটা প্ৰধান বৈশিষ্ট্য। যেনে— মোৰ দেউতা, তোৰ দেউতাৰ, তোমাৰ দেউতাৰা, তাৰ দেউতাক আদি। অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটো গ্ৰীয়াৰ্ছন, বিষ্ণুপ্ৰসাদ ৰাভা আদিয়ে বড়ো ভাষাৰপৰা আহিছে বুলি কৈছে। বড়ো ভাষাত অৱশ্যে পুৰুষ নিৰ্দেশক ৰূপবোৰ সম্বন্ধবাচক বিশেষ্য শব্দৰ আগতহে যোগ হয়। যেনে—
        ফা             দেউতা
        আ-ফা         মোৰ দেউতা
নৌং-ফা       তোমাৰ দেউতাৰা
        বি-ফা         তাৰ দেউতাক
৫.        নঞৰ্থক ক্ৰিয়াপদৰ গঠনঃ
        অসমীয়া ভাষাত নঞৰ্থক ক্ৰিয়া গঠন কৰিবলৈ ক্ৰিয়াৰ আগত ‘ন-’ যোগ কৰা হয় আৰু ইয়াৰ সমীভৱন হয়। এই বৈশিষ্ট্যটো অসমীয়া ভাষালৈ চীন-তিব্বতীয় ভাষা-পৰিয়ালৰ ভাষাবোৰৰপৰা আহিছে বুলি ধাৰণা কৰিব পাৰি। বিশেষকৈ ৰাভা, বড়ো, ডিমাছা আদি তিব্বত-বৰ্মী ভাষাত নঞৰ্থক ৰূপটো ক্ৰিয়াৰ আগত বহে। অৱশ্যে এইবোৰ ভাষাত সমীভৱন নহয়। যেনে—
        বড়ো ভাষাৰ নঞৰ্থক ৰূপ ‘দা-’       দা-থাং ‘নাযাবা’
        ৰাভা ভাষাৰ নঞৰ্থক ৰূপ ‘তা-’       তা-ৰেং ‘নাযাবা’
        ডিমাছা ভাষাৰ নঞৰ্থক ৰূপ ‘দা-’     দা-জি ‘নাখাবা’
কিন্তু টাইমূলীয় আহোম ভাষাত নঞৰ্থক ৰূপৰ সমীভৱন হয়।
৬.        নিৰ্দিষ্টতাবাচক সৰ্গৰ প্ৰয়োগঃ
        অসমীয়া ভাষাত কোনো বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ কিছুমান প্ৰত্যয় ব্যৱহাৰ কৰা হয়। সেইবোৰক নিৰ্দিষ্টতাবাচক সৰ্গ বা প্ৰত্যয় বোলা হয়। সংস্কৃত ভাষাত এনে বৈশিষ্ট্য নাই। অসমীয়া ভাষালৈ এই বৈশিষ্ট্যটো চীন-তিব্বতীয় ভাষাসমূহৰপৰা আহিছে। অসমৰ বড়ো, ৰাভা, মিচিং, দেউৰী আদি তিব্বত-বৰ্মী ভাষাত নিৰ্দিষ্টতাবাচক সৰ্গৰ ব্যৱহাৰ পোৱা যায়। যেনে—
        কাৰ্বি ভাষাঃ কৱে এপুম ‘তামোল এটা’
        ৰাভা ভাষাঃ পান বে ‘গছডাল’
        দেউৰী ভাষাঃ পেমচু হাচ্চা ‘এখিলা পাণ’
বড়ো ভাষাঃ চাচে মানচি ‘এজন মানুহ’ [চা ‘জন’ (নিৰ্দিষ্টতাবাচক প্ৰত্যয়) + চে (এক)]
অসমীয়া ভাষাত অৱশ্যে সংখ্যাবাচক শব্দটোৰ পিছতহে নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো যোগ হয়।
৭.        লিংগ নিৰ্ণয় প্ৰক্ৰিয়াঃ
        সংস্কৃত ভাষাৰ লিংগ নিৰ্ণয় প্ৰক্ৰিয়া সম্পূৰ্ণ ব্যাকৰণগত। কিন্তু অসমীয়া ভাষাৰ লিংগ ব্যাকৰণগত নহয়। এই বৈশিষ্ট্য অসমীয়া ভাষালৈ তিব্বত-বৰ্মী ভাষাৰপৰা অহাৰ সম্ভাৱনা আছে। কাৰণ— বড়ো, কাৰ্বি, মিচিং আদি তিব্বত-বৰ্মীয় ভাষাত লিংগ ব্যাকৰণগত নহয়। এইবোৰ ভাষাত লিংগই বাক্যত কোনো প্ৰভাৱ বিস্তাৰ নকৰে। অসমীয়া ভাষাত লিংগ নিৰপেক্ষ শব্দৰ আগত ‘মতা’ আৰু ‘মাইকী’ শব্দ যোগ কৰি লিংগ নিৰ্ণয় কৰা হয়। অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটো তিব্বত-বৰ্মীয় ভাষাৰপৰা অহাৰ সম্ভাৱনা আছে। বড়ো, ৰাভা, মিচিং আদি ভাষাত মতা আৰু মাইকীবাচক শব্দ লিংগ নিৰপেক্ষ শব্দৰ আগত বা পাছত ব্যৱহাৰ কৰি লিংগ নিৰ্ণয় কৰা হয়। যেনে—
(ক) অসমীয়া ভাষাঃ
        মতা কুকুৰ                    মাইকী কুকুৰ
(খ) বড়ো ভাষাঃ
        মাউজী বুন্দা ‘মতা মেকুৰী’            মাউজী বুন্দি ‘মাইকী মেকুৰী’
(গ) ৰাভা ভাষাঃ
        মাবা গোৰায় ‘মতা ঘোঁৰা’             মাজু গোৰায় ‘মাইকী ঘোঁৰা’
(ঘ) মিচিং ভাষাঃ
        মিলবং আমি ‘মতা মানুহ’             নৃনং আমি ‘মাইকী মানুহ’
৮.       প্ৰতিধ্বন্যাত্মক শব্দৰ গঠনঃ
        অসমীয়া ভাষাৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল প্ৰতিধ্বন্যাত্মক শব্দৰ গঠন। যেনে— মাছ-তাছ, ভাত-চাত, নিমখ-চিমখ আদি। তিব্বত-বৰ্মীয় ভাষাতো এনে উদাহৰণ অনেক আছে। সেই ভাষাবোৰৰ পৰাই অসমীয়া ভাষালৈ প্ৰতিধ্বন্যাত্মক শব্দ গঠনৰ বৈশিষ্ট্যটো অহাৰ সম্ভাৱনা আছে। তলত অসমৰ তিব্বত-বৰ্মীয় ভাষাসমূহত ব্যৱহৃত প্ৰতিধ্বন্যাত্মক শব্দৰ উদাহৰণ দাঙি ধৰা হ’ল—
(ক) দেউৰী ভাষাঃ অকাং-পকাং ‘অকাই-পকাই’, চিঙ-পিঙ ‘নিমখ-চিমখ’
(খ) কাৰ্বি ভাষাঃ অক-আক ‘মাছ-তাছ’, ছক-ছাক ‘ধান-চান’
(গ) বড়ো ভাষাঃ না-চা ‘মাছ-তাছ, ফ্লি ফ্লি ‘পিলিং পালাং’
(ঘ) ৰাভা ভাষাঃ ৰোং-ৰোং ‘লুং-লুঙীয়া’
৯.        যৌগিক ক্ৰিয়াৰূপঃ
        বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণা-গ্ৰন্থত অসমীয়া ভাষাৰ যৌগিক ক্ৰিয়াৰূপ; যেনে— খাম্ বান্ধ্, গবা মাৰ্, বিৰ্ দি, থলামূৰি মাৰ্ আদি ৰূপবোৰ বড়ো ভাষাৰ বুলি কৈছে।
১০.     ক্ৰিয়াৰ মূল বা ধাতুঃ
        অসমীয়া ভাষাৰ কিছুমান ক্ৰিয়াৰ মূল বা ধাতু বড়োমূলীয়। যেনে— চেলেক্, জিৰা, গচক, আগচ, চেঁকুৰ, ভেঁকুৰ আদি।