Showing posts with label গল্প. Show all posts
Showing posts with label গল্প. Show all posts

Wednesday, 15 July 2020

মণ্টাজৰ শেষত ৰৈ যোৱা ছবিবোৰ

সৃষ্টিৰ পৃথিৱী



: আপোনাক বহু দিনৰ চিনাকি যেন লাগে, একেবাৰে যেন নিজৰ…
অলপপৰ আগলৈকে খেলি-মেলি অনেক কথাৰ মাজত ব্যস্ত আছিলোঁ আমি। হঠাৎ নিঃশ্চুপ হৈ পৰিলোঁ মই। সমীৰৰ কথাষাৰ বুকুত বাঁহী এটা হৈ বাজি ৰ’ল।
অবিশ্বাসী হৈ উঠা আকাশখনে আবেলিৰ হেঙুলখিনি সমূলি সামৰি পেলাইছিল। খন্তেকতে হয়তো এজাক বতাহ-ধুমুহা আহিব। দিনটোৰ ফৰকাল আকাশ, কোমল বতাহমিশ্ৰিত ৰ’দৰ আমেজবোৰ অতীত হ’ব।
আৰু সমীৰ?
এই প্ৰশ্নৰ উত্তৰ ইমান সহজে দিয়া হয়তো সম্ভৱ নহ’ব। আমাৰ জীৱনবোধ, পৃষ্ঠভূমি অনেক বেলেগ। আপোন হৈছিলোঁ হয়। কিন্তু সেই আপোনৰ অৰ্থ চিৰদিনৰ আপোন যে হ’ব লাগিব তেনে নহয়। অভিজ্ঞতাই বহু কথা পাহৰিবলৈ শিকায়। ব্যস্ত পৃথিৱীলৈ আমি ঘূৰি যাম। সৰু সৰু আৱেগ, অপেক্ষা কিছুমান তেনেই অৰ্থহীন হৈ পৰিব। মাত্ৰ ল’কডাউনত আবদ্ধ হৈ পৰা সময় কিছুমান শব্দৰে মুখৰ হৈ পৰাৰ কথা সময় পালে সোঁৱৰা হ’ব কেতিয়াবা।
আপুনি কয় টকা-পইচাৰে ভৰপূৰ জীৱন এটাৰ কথা।
আকৌ কয় অৰ্থৰ অৰ্থশূন্যতাৰ কথা।
মানুহবোৰ ব্যস্ত হয় কেৰেলাৰ গাভিনী হাতিজনীৰ হৈ মাত মতা আৰু মতাপুং মাগুৰি বিলৰ শিহুটোৰ হৈ মাত নমতা বিষয়ক লৈ। দিহিং-পাটকাইৰ সেউজীয়ালৈ অহা সংকটক লৈ মানুহে দিনে-ৰাতিয়ে চৰ্চা কৰে। কলেজ-বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ, সংগঠনে পৃথক পৃথককৈ হাতত প্লেকাৰ্ড লৈ ফটো তুলি অৰণ্য সংৰক্ষণৰ হকে মাত দিয়ে। তাতো প্ৰশ্ন উঠে, ভুল বুজা-বুজিৰ আৰম্ভণি হয়— আমাক কিয় কোৱা নহ’ল? আমিও ফটো দিব পাৰিলোঁ হয়!
গতানুগতিকভাৱে বিশ্ব পৰিৱেশ দিৱস আহে। মানুহবোৰে গছৰ পুলি ৰোৱে, ফটো তোলে। সামাজিক মাধ্যমত ফটোৰ উজান উঠে। মানুহবোৰে ব্যস্ত হোৱাৰ আৰু এটা কাৰণ বিচাৰি লয়। চলি থাকে যুঁজ এখন। সেউজীয়াৰ খতিয়ান লোৱা বহীবোৰত অংকৰ হিচাপ-নিকাচ চলে।
অৱশেষত দোমোজাত মইহে ৰৈ যাওঁ। সমস্ত দোমোজাবোৰ একাষৰীয়া কৰি থৈ আপোনাৰ প্ৰেমৰ কাহিনীবোৰ শুনোঁ। অস্থায়ী প্ৰেমৰ নটা কাহিনী। উদণ্ড ল’ৰা এটা ক্ৰমে উদণ্ড হৈয়ে ডেকা হোৱাৰ কাহিনী।
আকাশেও কাহিনী এটা কয়। আকৌ বিশ্বাস-অবিশ্বাস, বুজা-নুবুজাৰ দোমোজাত মই ভালেপৰ ৰৈ থাকোঁ। নিজকে প্ৰবোধ দিওঁ শেহত— কাহিনীবোৰ আজিকালি এনেকুৱাই।
Mob Lynching-ৰ ঘটনাবোৰ ক্ৰমে বৃদ্ধি পায়। মানুহে মানুহক হত্যা কৰা ঘটনাবোৰ ক্ৰমে একো একোটা সহজ কাম আৰু সুলভ দৃশ্যৰ অংশ একোটা হৈ পৰে। সৰু একোটা কথাৰ অজুহাততে শেষ কৰি দিব পাৰি জীৱনৰ সমস্ত ৰং। জীৱন দিব নোৱাৰি বুলি জানিও জীৱন লোৱাৰ আখৰাবোৰ অহৰহ চলি থাকে।
কিহৰ দ্বাৰা প্ৰেৰিত হৈ মানুহে এনে কাম কৰিব পাৰে?
কিয় দিনে দিনে বৃদ্ধি পাব ধৰিছে এনে ঘটনা?
উত্তৰ নোপোৱা প্ৰশ্নৰ চাকনৈয়াত অথবা বিশৃংখলতাত ডুবি থাকোঁতেই আকাশে মোক কাহিনীটো কৈছিল। বিশৃংখলতাৰ জঁটবোৰ বাঢ়ি আহিছিল ক্ৰমশঃ। মানুহে মানুহক হত্যা কৰাৰ দৃশ্য ৰেকৰ্ড কৰা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ আঁৰতো হয়তো থাকে কিছুমান নিচা পূৰণৰ প্ৰবৃত্তি অথবা তৃপ্তিৰ অন্বেষণ। উত্তৰ একোটা বিচৰাৰ প্ৰয়োজন যদিও উত্তৰ বিচাৰিবলৈ ছবি আৰু ঘটনাবোৰ চকুৰ সমুখত লৈ নিৰ্বাকহে হৈ পৰোঁ মই।
তিনিটা বিয়েৰৰ বটল।
দুটা চিগাৰেট।
নিচাত লুটুৰি-পুটুৰি অশ্লীল শব্দ এখিনি।
বয়জ হোষ্টেলৰ কাহিনী শুনিছোঁ— বিবৰ্ণ প্ৰাচীৰে সামৰি ৰখা নীলা ছবিৰ ৰাতি, স্ব-মৈথুনৰ তৃপ্তি আৰু উত্তেজনা মিহলি দীঘল উশাহ আৰু ঘামৰ কেঁচা গোন্ধ। Mob Lynching-ৰ ভিডিঅ’ চাই স্ব-মৈথুনৰ আনন্দত নিজক এৰি দিব পৰা দৃষ্টান্তৰ কাহিনীটো এই পৃথিৱীৰ কাহিনী যেন লগা নাছিল।
এই পৃথিৱীৰ কাহিনী?
বাস্তৱৰ এনে মৰা-কটাবোৰেও কাৰোবাক দিব পাৰে জৈৱিক উত্তেজনাৰ সংগ। এই পৃথিৱীৰেই কাহিনী।
আমাৰ পৃথিৱীৰ কাহিনীবোৰ প্ৰকৃততে এনেকুৱাই। মুখাৰ আঁৰত লুকাই থাকে কত কাহিনী, সামান্য সুৰুঙা পালেই বাহিৰ হয় কাহিনী— বাঢ়ি যায় কাহিনীৰ পৰিধি। বুকুত সাঁচি ৰখা, কাকো ক’ব নোৱাৰা কাহিনী কিছুমানে কথকৰ পথাৰতেই সাজি লয় সমাধি।
ল’ৰা-ছোৱালী এজাকে বাট হেৰুৱায়। ভৱিষ্যৎ জীৱনক লৈ সংশয় আৰু অনিশ্চয়তাত ভোগে। বাট দেখুওৱা মানুহে ইচ্ছা কৰিয়েই আঁতৰি থাকে। সময় পাৰ হয়— এমাহ, দুমাহ। পাৰ্থিৱ জীৱনৰ স্বাচ্ছন্দ্যত হেৰাই যোৱা মানুহখিনিক ঘূৰাই আনিবলৈ আমি অসহায়।
আকৌ ঘূৰি গৈছোঁ সমীৰৰ ওচৰলৈ।
: ৰাধাৰ কাহিনী কওকচোন।
আপুনি ৰাধাৰ কাহিনী জানিবলৈ বিচাৰে। কৰ্ণৰ জীৱন কাহিনীয়ে আপোনাৰ চকুলো সৰায়। ‘কিয়’বোৰ সংযোগ কৰি মই আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰশ্ন কৰিবলৈ নিবিচাৰোঁ। বুজি উঠোঁ— ‘মহাভাৰত’ৰ সময়খিনিলৈ উৎকণ্ঠাৰে ৰৈ থাকে আপুনি। কলেজীয়া অথবা ভাৰ্ছিটিৰ উদণ্ড ডেকা এজনৰ যি ছবিবোৰ মোক দিছিল, তাৰ মাজত আপোনাক পুনৰ বিচাৰি নাপাওঁ। বুজি উঠোঁ— কঠিন আৱৰণ এটাৰ মাজত এনেকৈয়ো লুকোৱাই ৰখা হয় কোমল হিয়া।
তেওঁ গুচি যোৱা একুৰি সাদিন হৈছে আজি। মই উত্তৰ বিচৰা নাছিলোঁ ইমানদিনে— কিয় আৱৰণৰ আঁৰত সাঁচি থোৱা হৈছিল কোমল হিয়া এখন?
কলেজলৈ ছাৰ এজনে মেক-আপ কৰি আহে। বতাহত জেণ্টলমেনৰ আঁৰৰ মুখবোৰে শব্দৰ শেল কিছুমান এৰি দিয়ে। বতাহে উৰুৱাই নিয়ে। কাৰোবাৰ কাণত বিন্ধে। কোনোবাই আৰু ওপৰলৈ উৰাত সহায় কৰে। আমি নিৰ্মাণ কৰি লোৱা ‘নাৰীসুলভ’-‘পুৰুষসুলভ’ বৃত্তবোৰ আমাৰ শিক্ষা-ডিগ্ৰীয়ে ভাঙিব নোৱাৰে। কলেজত নতুনকৈ জইন কৰা ডেকা অধ্যাপক কেইজনক Mainstream-ত থাকিবলৈ কোৱা হয়।
মূলসুঁতিৰ সমাজ কোনখন?
মই দেখা নাই কোনোকালে। মানুহৰ সমাজ— মই দেখা, ভবা সমাজখন কেৱল মানুহৰ সমাজ। একেই তেজ-মঙহৰ মানুহ এখিনিক অন্য বুলি স্বীকৃতি দি প্ৰান্তীয় পৃথিৱী এখন সজাৰ প্ৰয়োজনেইবা ক’ত?
একুৰি সাদিন।
অনুপস্থিতিৰ অনুভৱ এটা ক্ৰমে অনুভৱ কৰিবলৈ লওঁ। আপুনি চাবলৈ দিয়া Unfreedom নামৰ চিনেমাখন প্লে কৰি লেপটপৰ সন্মুখত বহোঁ। দৃশ্য এটা মনত দকৈ ৰৈ যায়। নিজৰ সমকামী জীয়েকক পিতৃয়ে পুলিচৰ হতোৱাই ধৰ্ষণ কৰোৱায়। তাই শূন্য দৃষ্টিৰে দেউতাকলৈ চাই থাকে। সেই শূন্যতাৰ মাজত লিখি থোৱা কথাবোৰ কোনেও নপঢ়ে। আপোন দেউতাকেও।
আপুনি নোকোৱাকৈয়ে গুচি গ’ল অতবোৰ কাহিনী। ইচ্ছা কৰিয়েই ভৰি দিলে কেতিয়াও উভতি নহাৰ পথ এটাত।
আপোনাৰ কাহিনীৰ চৰিত্ৰবোৰৰ অস্তিত্ব মই হয়তো বিচাৰি যাব লাগিব— লগ পাম অথবা নাপাম।
সময়বোৰৰ দৰেই মনবোৰো বিশৃংখল হৈ উঠে। অসূৰ্যস্পৰ্শা জীৱন এটাই বাঁহপাত সৰুৱাই বিননি তোলে, সংশয় আৰু অনিশ্চয়তাৰ জাল এখনত ককবকাই থাকে ল’ৰা-ছোৱালী এখিনি, বাট দেখুওৱাৰ দায়িত্বত থকা মানুহবোৰে নিজাকৈ সাজি লোৱা বৃত্ত এটাত বন্দী কৰি লয় নিজক, হত্যাই দিয়া আনন্দ বিচাৰি মানুহ এজাক বলিয়া হয়, পুৰুষতান্ত্ৰিক ব্যৱস্থা এটাত মানুহ এখিনিৰ বাবে প্ৰান্তীয় পৃথিৱী এখন সাজি দি ৰং চোৱাৰ কাৰবাৰবোৰ চলি থাকে।
সকলোবোৰ মিলি বৰ অদ্ভুত Abstract ছবি এখন হৈ পৰে। সমীৰে বুকুত এৰি থৈ যোৱা পুৰণা দিনৰ বাঁহীৰ সুৰটো হঠাৎ বাজি উঠে। পানচৈ এখনক শিহু এটাই বাট দেখুৱায়, মুখৰ হৈ উঠে যৌৱনৰ দিন— নাহৰ, কৃষ্ণচূড়া অথবা দেৱদাৰুৰ অৰণ্য। স্বাধীনতা আৰু প্ৰেমৰ স্বাধীনতাত বৰষুণ সৰে। উভতি আহিব নোৱাৰা পৃথিৱীৰ ফাঁকেৰেও উভতি আহিব বিচৰা হেঁপাহৰ গোন্ধ এটা উজাই আহে।
* * *

Wednesday, 20 April 2016

দেওধনী

সৃষ্টিৰ পৃথিৱী


()
     কোনেও গম নাপালে কিদৰে উত্তেজিত হৈ পৰিল সমবেত প্ৰতিজন মানুহ। নিশাৰ গভীৰতাৰ সতে আদিম নৃশংসতাৰে ভৰি পৰিল হঠাৎ পৃথিৱী। মানুহৰ হাতে হাতে দা, ষাঠী কিদৰে আহিল তালৈ মন কৰিবলৈ কাৰো সময় নাছিল তেতিয়া। নিশাৰ আন্ধাৰবোৰ ফালি আকাশত তেজৰ ফোঁৱৰা উঠিল। মনেশ্বৰৰ আকূতি, মৃত্যু কাতৰ যন্ত্ৰণাই আদিম পৃথিৱীখন ফালি ওলাই আহিব পৰা নাছিল। আদিম শব্দই ঢাকি ৰখা আকাশ। তাৰ তলত নিমিষতে খণ্ড-বিখণ্ড হৈ পৰিল কিছু সময় আগলৈকে দেওধনী নাচ উপভোগ কৰি থকা মনেশ্বৰৰ দেহ। পূজাৰ থলীত পৰি থকা বিৰুৰ আউলী-বাউলী দেহলৈ তেতিয়াও চেতনা অহা নাছিল। বুকুৰ যন্ত্ৰণা আৰু বিষাদবোৰে হয়তো সংগোপনে জিৰাইছিল, সংগোপনে লৈছিল স্বস্তিৰ এটি উশাহ। মনেশ্বৰ মৰিল। মনেশ্বৰ মৰিল।
     -গাঁৱত ইমানকৈ বেমাৰ-আজাৰ কেলে হৈছে? মানুহ কেলে মৰিছে ইমানকৈ?
     -মনেশ্বৰ...
     -শান্ত নদীখনে ইমান ভয়ংকৰ মূৰ্তি কেলে লৈছিল এইবাৰ?
     -মনেশ্বৰ...
     পূজাৰীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ আছিল মনেশ্বৰ, কেৱল মনেশ্বৰ। মনেশ্বৰেই ৰোগ বিয়পাইছে গাঁৱত। মনেশ্বৰকেই বিচাৰিছিল নদীখনে। মনেশ্বৰৰ কেঁচা তেজ।
()
     নদীখনে সঁচাকৈয়ে বৰ ভয়ংকৰ ৰূপ লৈছিল। সৰু নৈখনেই যে এদিন ইমান নৰসংহাৰী ৰূপ ধাৰণ কৰিব, সেয়া কোনেও কল্পনাই কৰিব পৰা নাছিল। বৰ অকস্মাতে, বৰ অসময়ত বান আহিছিল। জীৱ-জন্তু, বস্তু-বাহানি সকলো হেৰুৱাইছিল মানুহবোৰে। মানুহ মৰিছিল অসংখ্য। সন্ধান নোলাল বহুজনৰ। নদীয়েহে জানে কত সমাধিস্থ কৰিলে কত দুৰ্ভগীয়াক। আন বহুতৰ লগতে বানে বৰ বেয়াকৈ দুৰ্ভগীয়া, নিঠৰুৱা কৰিছিল বিৰুকো। মাক-দেউতাক আৰু ভনীয়েক সকলোকে হেৰুৱাই ভাগি পৰিছিল বিৰু।
     হেজাৰ ধুমুহাৰ পাছতো সপোন সাজিব খোজা মাটিৰ মানুহ আমি। তেওঁলোকো। লাহে লাহে সকলো সহজ হৈছিল। দুখ-যন্ত্ৰণাক পাহৰি নকৈ হাঁহিবলৈ শিকিছিল প্ৰতিজনে। বন্ধ দিন এটাত গাঁৱৰ সকলোৱে লগ হৈ বৰ বিলখনত মাছ মৰাৰ আয়োজন কৰিলে। গাটো ভাল নলগাৰ বাবে বিৰু অৱশ্যে নগল। সেইদিনাই বিৰুৰ জীৱনলৈ নামি আহিল অমানিশাৰ আৰু এখিনি আন্ধাৰ। বিৰুৰ ঘৰ গাঁৱৰ এমূৰত। বৰ বিলখন গাঁৱৰ সোঁমাজত। অকলশৰীয়া বিৰু মনেশ্বৰৰ কামনাৰ বলি হসহায় বিচাৰি চিঞৰি চিঞৰি ভাগৰি পৰিল বিৰু। নিজৰ কামনা চৰিতাৰ্থ কৰি গুচি গল মনেশ্বৰ। আঁকি থৈ গল বিৰুৰ সুকোমল বুকুৰ মাজত লাঞ্ছনাৰ কজলা কলাজ। তাই ৰাইজৰ আগত মেলি দিব নোৱাৰিলে সেই দানৱীয় অধ্যায়। কম কম বুলি ভাবিও থমকি ৰৈ গল বিৰু। বাধা কোনেও দিয়া নাছিল বিৰুক। তাই প্ৰতিবাদী হব নোৱাৰিলে। নোৱাৰিলে বিদ্ৰোহ কৰিব। সমাজে মোক কি বুলি ভাবিব? স্থান পামনে এই সমাজখনত? বহু কিবা-কিবি ভাবি সংকুচিত হৈ ৰল বিৰুৰ হৃদয়। অৱদমিত মন অৰণ্যত কিন্তু মনেশ্বৰৰ প্ৰতি বিদ্ৰোহৰ তেজ ৰঙা অনল শিখা জ্বলি থাকিল অহৰহ।
()
     আজি ভঁৰদক। মনসা পূজা শেষ হোৱাৰ আগদিনপ্ৰলয়ংকাৰী বানটোৰ পিছত ৰাইজে বৰ আশাৰে, খুউব হেঁপাহেৰে পূজাৰ আয়োজন কৰিছে। গা ধুই আহি কাপোৰ পিন্ধিবলৈ ৰৈ কিছু সময় থমকি ৰল বিৰু। বুকুৰ সোঁমাজত এতিয়াও কেঁচা হৈ আছে যন্ত্ৰণাৰ দাগ। মানুহ নহয় মনেশ্বৰ। কিদৰে আঁকি থৈ গল বুকুৰ কোমল দলিচাত নখৰ আঁচোৰ, দাঁতৰ কামোৰ? মানুহ হব পাৰে জানো মনেশ্বৰ? নোৱাৰে। মনেশ্বৰ এটা পশু। যোৱা তিনি বছৰে মনসা পূজাত দেওধনীৰ কাম কৰি আহিছে বিৰুৱে। সকলোৱে কয় বিৰু শান্ত, ভাল ছোৱালী। পৱিত্ৰ ছোৱালী। দেৱীৰ নামত উছৰ্গিত পৱিত্ৰ তাইৰ জীৱন। বিৰুৰ পৱিত্ৰতাত আঘাত হানি মনেশ্বৰ তাইৰ আগতেই ঘূৰি ফুৰিল। অব্যক্ত যন্ত্ৰণাত তাইৰ হৃদয়ে কিমান ছটফটাইছিল, ৰাতিৰ নীৰৱতাৰ হাততহে হয়তো তাৰ সুদীঘল খতিয়ান।
     ঢোল আৰু তালৰ ছেৱে ছেৱে মুকলি চুলিৰে তাই উগ্ৰমূৰ্তিৰে নাচিবলৈ ধৰে। বিৰতিবিহীন নাচৰ শেষত অৱসাদ আহে বিৰুৰ দেহলৈ। তাই অনুভৱ কৰে অদৃশ্যজনৰ স্পৰ্শ। তাই হেৰুৱাই পেলায় নিজৰ অস্তিত্ত্ব। তাইৰ সমস্ত সত্ত্বা দেৱীৰ লগত যেন একাত্ম হৈ যায়। আউলী-বাউলী চুলিৰে অৰ্ধ-চেতন বিৰুক অন্য এক পৃথিৱীৰ প্ৰাণী যেন লাগে। লাহে লাহে দুওঁঠ কঁপি উঠে। বিৰ-বিৰণি এটা শুনা যায়। পূজাৰীয়ে কাণ পাতি শুনিব বিচাৰে। কঁপা কঁপা মাতেৰে প্ৰশ্ন কৰে বিৰুক-
     -গাঁৱত ইমানকৈ বেমাৰ-আজাৰ কেলে হৈছে? মানুহ কেলে মৰিছে ইমানকৈ?
     -মনেশ্বৰ...
     -শান্ত নদীখনে ইমান ভয়ংকৰ মূৰ্তি কেলে লৈছিল এইবাৰ?
     -মনেশ্বৰ...
***