স্নাতক
চতুৰ্থ ষান্মাসিক (উচ্চমান)
অসমীয়া
গদ্য-সাহিত্য (পঞ্চম কাকত)
গোটঃ ৪
শ্ৰেণী
শিক্ষকঃ মৃদুল মৰাণ
অসমীয়া বিভাগ, দেৰগাঁও
কমল দুৱৰা মহাবিদ্যালয়
১৯৩৫
চনত ‘জেউতি’ নামৰ আলোচনীত প্ৰকাশিত ‘বন্ধ কোঠা’ নামৰ গল্পটোৰ যোগেদি চৈয়দ আব্দুল
মালিকে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। আৱাহন যুগতে মালিকে গল্পকাৰ ৰূপে
সুপ্ৰতিষ্ঠা লাভ কৰিছিল। যুদ্ধোত্তৰ বা ৰামধেনু যুগতো তেওঁৰ ৰচনা অব্যাহত আছিল। প্ৰায়
ছয় দশক চৈয়দ আব্দুল মালিকে নিৰন্তৰে গল্প ৰচনা কৰিছিল। অসমীয়া গল্প লেখকসকলৰ ভিতৰত
আটাইতকৈ সৰহসংখ্যক গল্প তেওঁৰ কাপৰপৰাই ওলাইছে। অসমীয়া চুটিগল্পৰ অদ্বিতীয় গল্প
লেখক মালিকক সমালোচক প্ৰহ্লাদ কুমাৰ বৰুৱাই ‘গল্প সম্ৰাট’ আখ্যা দিব পাৰি বুলি
কৈছে।
দুটা
যুগ সামৰি মালিকে প্ৰায় ছয় দশক কাল চুটিগল্প ৰচনা কৰিছিল। আৱাহন আৰু ৰামধেনু যুগৰ
সেতু স্বৰূপ আছিল মালিক। চল্লিশৰ দশক পৰ্যন্ত ৰচনা কৰা মালিকৰ প্ৰায়বোৰ গল্পত
আৱাহনযুগীয় গল্পৰ শিথিল বান্ধোন, বৰ্ণনা-বাহুল্য আৰু ৰোমাণ্টিক আৱেশ পৰিলক্ষিত হয়। অৱশ্যে
লাহে লাহে চল্লিশৰ দশকৰ শেহৰ ফালে মালিকৰ গল্প বাস্তৱবাদিতাৰ ওচৰ চাপি আহে। মালিকৰ
গল্প পুথিসমূহ হ’ল— পৰশমণি, ৰঙা-গড়া, মৰহা পাপৰি, এজনী নতুন ছোৱালী, শিখৰে শিখৰে,
শিল আৰু শিখা, মৰম মৰম লাগে, অস্থায়ী আৰু অন্তৰা, তিনিচকীয়া গাড়ী আদি।
তলত
মালিকৰ ‘তিনিচকীয়া গাড়ী’ গল্প-সংকলনৰ ‘স্পন্দন’ শীৰ্ষক গল্পটোৰ কেইটিমান বৈশিষ্ট্য
নিৰূপণৰ প্ৰয়াস কৰা হ’ল—
নৰ-নাৰীৰ প্ৰেমৰ চিত্ৰঃ
মালিকৰ আন বহুতো গল্পৰ দৰে ‘স্পন্দন’ গল্পটোতো নৰ-নাৰীৰ প্ৰেমৰ
চিত্ৰ, ৰোমাণ্টিক পৰিৱেশ এটা আছে। প্ৰায় ৩৫ বছৰৰ মূৰত মণিকা দাস আৰু মহমুদ ৰেজাৰ
দেখা হৈছে। সেই মুহূৰ্তত দুয়ো আৱেগিক আৰু স্মৃতিকাতৰ হৈ পৰিছে। সেয়ে কিবা এটা ক’ব
খুজি কিবা এটা কৈ পোৱাৰ চিত্ৰ গল্পটোত আছে। কলেজীয়া দিনত দুয়োৰে মাজত এক আন্তৰিক
সম্পৰ্ক আছিল। গল্পকাৰৰ ভাষাত তাৰ নাম তেতিয়া প্ৰেম দিয়া হৈছিল— “সেই ছোৱালীজনীৰ
(মণিকা দাস) লগত মহমুদ ৰেজা নামৰ এজন সহপাঠী কলেজীয়া ডেকাৰ চিনাকি হৈছিল, আত্মীয়তা
হৈছিল, হৃদ্যতা হৈছিল, ছোৱালীজনীক ভাল পাই সি কবিতা লিখিছিল।”
গল্পকাৰে
বৰ্ণনা আৰু কথোপকথনৰ আশ্ৰয়ত ৰোমাণ্টিক পৰিৱেশ একোটা চিত্ৰণ কৰিছে। যেনে—
(১) সংলাপঃ
(ক) মোক লৈ তুমি লেখা সকলো কবিতা মই আজিও থৈ দিছোঁ। তাত তুমি আমাৰ সম্পৰ্কৰ
আৰু এটা নাম দিছিলা...।
(খ) তোমাৰ ঠিকনা দিবা নেকি?
ঘৰৰ নে মনৰ?
তুমি সেই তাহানিৰ নিচিনা কথা কৈছা।
(২) বৰ্ণনাঃ
(ক) “মানুহগৰাকীৰ চকু-মুখত ক’ৰবাৰ ৰঙা তেজ এখিনি আহি থূপ খালেহি, তেওঁৰ
কাণৰ ওপৰৰ আৰু কপালৰ আগৰ পকা মিহি চুলিখিনিৰ ৰংটো যেন হঠাৎ কিচকিচিয়া ক’লা হৈ গ’ল।
তেওঁৰ শেঁতা, কোমল ধুনীয়া ওঁঠ দুটা যেন জেতুকাবুলীয়া হৈ উঠিল।”
কাৰুণ্যমিশ্ৰিত ৰোমাণ্টিকতাঃ
‘স্পন্দন’ গল্পটোত মণিকা আৰু ৰেজাৰ প্ৰেমৰ প্ৰসংগ আছে যদিও সেই
প্ৰেম কাৰুণ্যমিশ্ৰিত। ধৰ্মীয় প্ৰাচীৰৰ বাবে তেওঁলোকৰ প্ৰেমে বিবাহৰ স্বীকৃতি
পোৱাৰ পৰা বঞ্চিত হৈছিল বা দুয়ো স্ব-ইচ্ছাই আঁতৰি গৈছিল। মণিকা বঙালী (হিন্দু) আৰু মহমুদ ৰেজা
আছিল অসমীয়া মুছলমান। প্ৰকৃততে দুয়োজনেই ধৰ্মৰ প্ৰাচীৰ অতিক্ৰমি বৈবাহিক জীৱন এটা
আৰম্ভ কৰাৰ সাহস কৰিব পৰা নাছিল। ইয়াৰ পৰিণতিত ৰেজাৰ ল’ৰাকালৰ বন্ধু পৰেশ দত্তৰ
লগত মণিকাৰ বিয়া হৈ যায়। বিয়ালৈ যাবলৈ অথবা শুভেচ্ছা জনাবলৈও ৰেজাই সাহস কৰিব পৰা
নাছিল। বিচ্ছেদৰ যাতনাত দগ্ধ হৈ ৰেজাই কবিতা লিখিছিল। সেই কবিতাত আছিল ৰোমাণ্টিক
অন্তৰ্বেদনাৰে ভৰা ডেকা হৃদয়ৰ দুখ আৰু অশান্তি। লাহে লাহে ৰেজাই বেদনাৰ পৰাই
প্ৰেমৰ গভীৰতা উপলব্ধি কৰিবলৈ শিকিলে। আত্ম-সম্বৰণ কৰিবলৈ শিকিলে বাৰ্ণচৰ কবিতাৰ
পংক্তি আওৰায়—
Had we never loved so kindly,
Had we never loved so kindly,
Never loved and never parted,
We would not been broken-hearted.
বাৰ্ণচৰ
এনে ৰোমাণ্টিক কাৰুণ্য নিহিত হৈ থকা কবিতাৰ উদ্ধৃতিয়ে গল্পটোত কাৰুণ্যমিশ্ৰিত
ৰোমাণ্টিকতাৰ পৰিৱেশ এটা সৃষ্টি কৰাত সহায় কৰিছে বুলিব পাৰি। আনফালে মণিকাই তাইক
লৈ ৰেজাই লিখা সকলো কবিতা সযতনে সাঁচি ৰাখিছিল। প্ৰায় পয়ত্ৰিশ বছৰৰ পিছত তেওঁলোকৰ
দেখাদেখি হয় আৰু পূৰ্বৰ প্ৰেমৰ স্মৃতি জাগি উঠে। নিজৰ অতীতৰ কথা সোঁৱৰণ কৰি দুয়ো
আৱেগিক হৈ পৰিছে। ৰেজাই মণিকাৰ বিয়াৰ তাৰিখটোও পাহৰি যোৱা নাছিল। মণিকাক লগ পোৱাৰ
পিছত এই কথাবোৰ ৰেজাৰ মনলৈ আকৌ আহিছিল— “বিয়াৰ তাৰিখটো আজিও মনত আছে— ১০ জুন।”
সমালোচক
প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মতে জীৱনৰ কৰুণ মধুৰ উপলব্ধিৰ ক্ষেত্ৰত মালিকৰ গল্পই এণ্টন
চেখভৰ গল্পৰ ওচৰ চাপিব খোজে। সেই হ’লেও চেখভৰ গল্পত থকা গভীৰ জীৱন-জিজ্ঞাসা মালিকৰ
গল্পত সাৰ্থকভাৱে অনুভূত নহয়।
চৰিত্ৰৰ মনস্তাত্ত্বিক বিশ্লেষণঃ
চৰিত্ৰৰ মনোজগতৰ বৰ্ণনাও গল্পটোত পোৱা যায়। বিশেষকৈ মণিকা, ৰেজা
আৰু পৰেশ দত্তৰ মনোজগতৰ বৰ্ণনা গল্পকাৰে দাঙি ধৰিছে। ৰেজাই নিজৰ অসহায় অৱস্থা
ঢাকিবৰ বাবে এয়াৰপ’ৰ্টত এনেয়ে কেতিয়াবা আকাশৰ ফালে, কেতিয়াবা কৰ্মচাৰীসকলৰ ফালে
আৰু কেতিয়াবা আন যাত্ৰীৰ ফালে চাই থকাৰ কথা পোৱা যায়। নিজৰ নিজৰ ভালপোৱাক বিসৰ্জন
দি মণিকা আৰু ৰেজা দুয়োজনেই প্ৰকৃত অৰ্থত সুখী হ’ব পৰা নাছিল। সেয়ে মণিকাই পুৰণি
কথাবোৰ মনত পেলাই বৰ্তমানৰ ক্ষতিবোৰৰ দুখ সহ্য কৰিবলৈ চেষ্টা কৰে।
ৰেজাই মণিকাক পাহৰিবলৈ দুখৰ কবিতা পঢ়িছিল, দুখৰ কবিতা লিখিছিল।
পৰেশ দত্তৰ লগত মণিকাৰ বিয়া হৈ যোৱা কথাটোত ৰেজাৰ কোনো আত্মগ্লানি আৰু অভিযোগ
নাছিল বুলি কোৱা হৈছে যদিও সেয়া এক আত্ম-প্ৰৱঞ্চনাহে বুলিব পাৰি। ভবা মতে জীৱনৰ
কামবোৰ নহ’লে মানুহৰ মনক বিষাদে আৱৰি ধৰে। ৰেজাৰ জীৱনলৈও এনে দিন আহিছে। সেয়ে তেওঁ
ভাবিবলৈ বাধ্য হৈছে— “আমাৰ হাতৰ মুঠিৰপৰা আমাৰ জগতখন যেতিয়া বাহিৰ ওলাই যায়, আৰু
যেতিয়া আমি বৰ অসহায় হৈ পৰোঁ, তেতিয়া মনক বিষাদ-বিষণ্নতাই আগুৰি ধৰে। মনটো গধুৰ
লাগে।”
মণিকাই স্বামী পৰেশ দত্তৰ আগত তাইৰ সকলো কথা, ৰেজাৰ লগত থকা
আন্তৰিকতাৰ কথা কৈছিল। মণিকাৰ মতে পৰেশেও সকলোবোৰ সহজ ৰূপে লৈছিল। মণিকাই “বিবাহিত
জীৱনত আমি বৰ সুখী’’ বুলি কৈছে যদিও ক’ৰবাত যেন কিবা এক ব্যৱধান আছিল। পৰেশ দত্তক
যেন মণিকা আৰু ৰেজাৰ মাজত থকা সম্পৰ্কই কেতিয়াবা আমনি কৰিছিল। ইয়াৰ প্ৰমাণ পৰেশৰ
দুটা বক্তব্যৰ মাজত পাব পাৰি—
(ক) “টোপোলা-টাপলিহে খুলি চাব, মনৰ ভিতৰখন খুলি নেচায়— ভয় নকৰিবা।”—
এয়াৰপ’ৰ্টত চিকিঅ’ৰিটি চেকৰ সময়ত ৰেজাই কৈছিল যে, আজিকালি সকলোবোৰ তন্ন-তন্নকৈ
খুলি চায়। তেতিয়া পৰেশ দত্তই ৰেজাক উদ্দেশ্যি উক্ত কথাষাৰ কৈছিল। ৰেজাৰ মনত এতিয়াও
মণিকাৰ প্ৰতি থকা আন্তৰিকতাৰ উমান পাই পৰেশে তেনেকৈ কৈছিল।
(খ) “চীটবেল্ট ভালকৈ বান্ধি ৰাখিবাহে ৰেজা, নহ’লে চীটৰপৰা উফৰি পৰিবা।”—
পৰেশে ৰেজাক উদ্দেশ্য কৰি কোৱা এই কথাটোৰ মাজতো অন্য এক ইংগিতহে আছে। সেয়া হ’ল—
নিজকে সংযত কৰি ৰাখক, পুৰণি প্ৰেমৰ মাজলৈ আকৌ উভতি যোৱাটো ভাল নহয়।
মনোজ্ঞ কাহিনীঃ
আৱাহনযুগীয় গল্প আছিল কাহিনীপ্ৰধান। চৈয়দ আব্দুল মালিক আছিল
আৱাহন আৰু ৰামধেনু এই দুয়োটা যুগৰে গল্পকাৰ। মালিকৰ অন্য গল্পবোৰৰ দৰে ‘স্পন্দন’
গল্পটোতো এটা কাহিনী আছে আৰু সেই কাহিনীটো মনোজ্ঞ বুলিব পাৰি। কাহিনীটো অৱশ্যে
গতানুগতিকভাৱে বৰ্ণনা কৰা নাই। গল্পটোত কাহিনী-কথন বা কাহিনীৰ নিৰ্মাণ-শৈলী
ব্যতিক্ৰম বুলিব পাৰি। গল্পটোত বাংগালোৰত কনষ্ট্ৰাকচন ইঞ্জিনিয়াৰ কাম কৰা মখদুম
ৰছুল নামৰ অসমীয়া মুছলমান যুৱক এজন আৰু তুলিকা নামৰ ১৭ বছৰীয়া হিন্দু ছোৱালী এজনীৰ
অন্তৰ জাতি-প্ৰেম আৰু বিবাহক (inter caste love and
marriage) মৰ্যাদা দিয়াৰ কথা প্ৰকাশিত হৈছে।
অৱশ্যে গল্পকাৰে পোনপটীয়াকৈ এই কথা প্ৰকাশ কৰা নাই। তুলিকাৰ মাতৃ মণিকা আৰু মখদুমৰ
পিতৃ মহমুদ ৰেজাৰ মাজেদিহে সেই কথা গল্পটোত তুলি ধৰা হৈছে। এই কথা উল্লেখযোগ্য যে,
মণিকা আৰু ৰেজাৰ মাজত এটা সময়ত প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু ধৰ্মীয় বাধা-নিষেধৰ
বাবে সেই সম্পৰ্ক স্থায়ী নহ’ল। অসম্পূৰ্ণ প্ৰেমৰ যন্ত্ৰণা দুয়োজনেই কঢ়িয়াই
ফুৰিছিল। ৰেজাই পুতেকৰ বিয়া ভাঙিবৰ বাবে বাংগালোৰলৈ গৈছিল। কিন্তু গৈ পোৱাৰ পূৰ্বেই
তেওঁলোকৰ বিয়া হৈ গ’ল। পুত্ৰৰ এনে কাৰ্যই তেওঁক হতাশ কৰিছিল। তেওঁ অপমানবোধো
কৰিছিল। ঘূৰি আহোঁতে মণিকাক লগ পোৱাৰ পিছত আৰু মণিকাৰ ছোৱালী তুলিকা মুছলমান ল’ৰা
এজনৰ লগত প্ৰেমৰ পৰাৰ কথা শুনি তেওঁ অৱশ্যে অন্তৰ-জাতি প্ৰেম আৰু বিবাহক স্বীকৃতি
দিছে। কাৰণ— বিচ্ছেদৰ যন্ত্ৰণাই তেওঁক ভাবিবলৈ বাধ্য কৰালে যে, প্ৰেমৰ ক্ষেত্ৰত হিন্দু-মুছলমান
প্ৰাচীৰ হ’ব নালেগে। ধৰ্মীয় প্ৰাচীৰ অতিক্ৰমি প্ৰেমক স্বীকৃতি দি মানুহ সুখী হ’ব
পাৰে। তাতে ধৰ্মৰ প্ৰাচীৰৰ বাবেই তেওঁলোকৰ প্ৰেমে স্বীকৃতি পোৱা নাছিল। যাৰ বাবে
তেওঁলোকে হৃদয়ৰ কোনোবাখিনিত শূন্যতা কঢ়িয়াই লৈ ফুৰিব লগা হৈছিল।
মানৱতাবোধঃ
‘স্পন্দন’ গল্পটোৰ মাজেদি মানৱতাবোধৰ ছবি এখনৰো উমান পাব পাৰি।
গল্পকাৰে গল্পটোত ক’বলৈ বিচাৰিছে যে, প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত অন্তৰ-জাতি বাধা
হ’ব নালাগে। মানৱীয়তাৰ এনে বাৰ্তা গল্পটোত কলাসুলভভাৱে ব্যক্ত হৈছে। এই বিষয়ক কোনো
প্ৰচাৰধৰ্মী বক্তব্য গল্পটোত নাই।
সামাজিক সচেতনতাঃ
বিবাহৰ ক্ষেত্ৰত থকা ধৰ্মীয় প্ৰাচীৰৰ প্ৰসংগ গল্পটোত আছে। মণিকা
আৰু মহমুদ ৰেজাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল যদিও ৰেজাই মণিকাক বিয়া কৰোৱাৰ কথা
ভাবিব পৰা নাছিল। তাৰ কোনো সম্ভাৱনাও নাছিল। কাৰণ, সেই সমাজখনে ভিন্ন ধৰ্মৰ লোকৰ
মাজত হোৱা বৈবাহিক সম্পৰ্কক স্বীকৃতি দিয়া নাছিল। ৰেজা আৰু মণিকা শিক্ষিত আছিল যদিও
ধৰ্মই বান্ধি দিয়া পৰিসৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰা নাছিল। সেয়ে বিচ্ছেদক দুয়োৱে
স্বাভাৱিক বুলি ভাবি ইজন সিজনৰ পৰা আঁতৰি গৈছিল। মণিকাৰ ছোৱালী তুলিকাই মুছলমান
ল’ৰা এটাৰ প্ৰেমত পৰিছিল। আনফালে ৰেজাৰ তৃতীয় ল’ৰাটোৱে হিন্দু ছোৱালী এজনীক ভাল
পাই তাইৰ লগত বিয়াত বহিছিল। ৰেজাই হিন্দু আৰু মুছলমানৰ মাজত হোৱা এই বিবাহক
স্বীকৃতি দি কৈছে— “...আজিৰ ল’ৰা-ছোৱালীক সিহঁতৰ নিজৰ মতে জীৱনক ল’বলৈ দিয়া। আমাৰ
দিনত আমি হৃদয়ৰ পথেৰে যোৱাৰ ওপৰত বিশ্বাস কৰিছিলোঁ। ফলত অযথা বহুত দুখ-বেদনাৰে
জীৱন ভাৰাক্ৰান্ত কৰি তুলিছিলোঁ।”
এইদৰে গল্পটোৰ মাজেদি গল্পকাৰৰ সমাজ-সচেতনতাৰ প্ৰকাশ ঘটিছে
বুলিব পাৰি। গল্পকাৰে ক’বলৈ বিচৰা কথাখিনি হ’ল— বিবাহৰ ক্ষেত্ৰত ধৰ্ম প্ৰাচীৰ হ’ব
নালাগে। ল’ৰা-ছোৱালীবোৰক নিজৰ মতে জীৱনক ল’বলৈ দিব লাগে। কেৱল হৃদয়ৰ পথেৰে গ’লে
অযথা দুখ-বেদনাৰে জীৱন ভাৰাক্ৰান্ত হৈ পৰিব পাৰে। সেয়ে অনুভূতিক মৰ্যাদা দিব পৰাকৈ
মানুহ সাহসী হ’বলৈ শিকিব লাগে।
কাব্যিক গুণধৰ্মিতাঃ
কাব্যিক
গুণধৰ্মিতা মালিকৰ গল্পৰ অন্য এটা বিশেষত্ব। ভাষাৰ সাৱলীলতা, বৰ্ণনাভংগীৰ
মাধুৰ্য, কল্পনা শক্তিৰ তীব্ৰতা, অনুভূতিৰ সূক্ষ্মতা, উপমা, বক্ৰোক্তি আৰু ব্যঞ্জনাধৰ্মী পৰিস্থিতি নিৰ্মাণ আদি
বিশেষত্বৰ বাবে মালিকৰ গল্প কাব্যিক গুণধৰ্মী হৈ উঠিছে। এই বৈশিষ্ট্য ‘স্পন্দন’
গল্পটোৰ মাজতো পৰিলক্ষিত হয়। তলত গল্পটোত প্ৰয়োগ হোৱা উপমা অলংকাৰৰ উদাহৰণ দাঙি
ধৰা হ’ল—
(ক) তেওঁৰ শেঁতা, কোমল ওঁঠ দুটা যেন জেতুকাবুলীয়া
হৈ পৰিল।
(খ) কলডিলীয়া
মুখ
এই
সংক্ষিপ্ত আলোচনাৰ সামৰণিত ক’ব পাৰি যে, চৈয়দ আব্দুল মালিকৰ ‘স্পন্দন’ এটা সুন্দৰ
গল্প। মালিকৰ কিছুমান গল্পত বাক্-সংযমৰ অভাৱ পৰিলক্ষিত হয়। কিন্তু আলোচ্য গল্পটো বৰ্ণনা-বাহুল্যৰপৰা
মুক্ত বুলিব পাৰি। বৰ্ণনা কিছু পৰিমাণে আছে যদিও গল্পৰ কেন্দ্ৰীয় ভাব হেৰাই যোৱা
নাই। ফলশ্ৰুতিৰ ঐক্য গল্পটোত ৰক্ষিত হৈছে। তথাপিও গল্পটোৰ দুই-এটা বাক্যত জঠৰতা
আছে যেন অনুভৱ হয়। যেনে—
(ক) বোৱাৰীয়েও কলেজ এটাত প্ৰফেচৰ কাম কৰে।
(খ) ল’ৰাটোৱে হঠাৎ এনেকুৱা কৰি বহিব বুলি
কোনে ভাবিছিল।
Thank you sir...এনেদৰে পৰীক্ষাত লিখিলে হব নাই
ReplyDeleteWelcome...
Deleteইয়াৰ পৰা সহায় লৈ নিজা ভাষাত লিখিবলৈ যত্ন কৰিবা
ছাৰ ৫ম ষান্মাসিকৰ দিম ছোন সহায়ৰ বাবে।
ReplyDelete