‘গুৰু চৰিতকথা’ৰ গদ্যশৈলী
প্ৰস্তাৱনাঃ
প্ৰাচীন অসমীয়া গদ্যৰ নিদৰ্শন
হিচাপে আৰু মধ্যযুগীয় অসমীয়া ভাষাৰ নিদৰ্শন হিচাপে ‘গুৰু চৰিতকথা’ প্ৰধান। সপ্তদশ শতিকামানত
বৈষ্ণৱ সত্ৰসমূহত শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনক কেন্দ্ৰ কৰি চৰিত পুথিসমূহ ৰচিত হৈছিল। পিছলৈ দামোদৰদেৱ, বনমালীদেৱ,
গোপালদেৱ আদি অন্যান্য আতা-পুৰুষ আৰু সন্ত-মহন্তৰ জীৱনক লৈও চৰিত পুথি ৰচিত হ’বলৈ ধৰিছিল।
এই চৰিত পুথিসমূহ ‘চৰিত তোলা’ বা ‘চৰিত চৰ্চা’ প্ৰথাৰ আধাৰতে সৃষ্টি হৈছিল। ‘গুৰু চৰিতকথা’ত
পোৱা তথ্য মতে মাধৱদেৱে প্ৰথমে চৰিত চৰ্চাৰ পৰম্পৰা আৰম্ভ কৰে। চৰিত পুথিসমূহ গদ্য
আৰু পদ্য উভয় মাধ্যমতে লিখা হৈছিল। অৱশ্যে পদ্যৰ মাধ্যমত লিখা চৰিত পুথিয়েই সৰহ। গদ্যত
লিখা চৰিত পুথি দুখন হ’ল— ‘গুৰুচৰিত কথা’ আৰু ‘বৰদোৱা চৰিত’। ‘গুৰু চৰিতকথা’ পুথিখন
পোনতে উপেন্দ্ৰনাথ লেখাৰুৰ সম্পাদনাত ‘কথা গুৰুচৰিত’ নামেৰে প্ৰকাশ পায় আৰু পিছত মহেশ্বৰ
নেওগৰ সম্পাদনাত ‘গুৰুচৰিত কথা’ নামেৰে প্ৰকাশ পায়।
‘গুৰু চৰিতকথা’ৰ গদ্যই সপ্তদশ-অষ্টাদশ শতিকাৰ
অসমীয়া গদ্যৰ নিদৰ্শন দাঙি ধৰে। সতেন্দ্ৰনাথ শৰ্মাই কৈছে যে, ইয়াত কথিত ভাষাৰ এটা অতিশয়
পৰিমাৰ্জিত ৰূপ পোৱা যায়। এই গদ্য সত্ৰীয়া ভকত-সমাজত প্ৰচলিত গম্ভীৰ ভকতীয়া ঠাঁচৰ ওপৰত
প্ৰতিষ্ঠিত। শৰ্মাই ভট্টদেৱৰ সাহিত্যিক গদ্য আৰু বুৰঞ্জীৰ দৈনন্দিন গদ্যৰ মাজতে চৰিত
পুথিৰ গদ্যক উপস্থাপন কৰিব পাৰি বুলি কৈছে। উপেন্দ্ৰনাথ গোস্বামীয়ে ‘কথা গুৰুচৰিত’ৰ
ভাষা সম্পৰ্কে কৈছে যে, ইয়াৰ ভাষা বুৰঞ্জীৰ ভাষাৰ নিচিনাই এটা সমন্বয়ৰ ভাষা। ইয়াৰ ভাষাতো
পুৰণি অসমীয়া, পশ্চিম অঞ্চলৰ অসমীয়া আৰু পূব অঞ্চলৰ অসমীয়াৰ সুন্দৰ মিশ্ৰণ ঘটিছে।
‘গুৰু চৰিতকথা’ৰ গদ্য কথিত ভাষাৰ আধাৰত প্ৰতিষ্ঠিত
হ’লেও ইয়াৰ গদ্য বিচিত্ৰ। অৰ্পণা কোঁৱৰে ‘প্ৰাচীন অসমীয়া গদ্যশৈলী’ গ্ৰন্থত এনে বিচিত্ৰতাৰ
আঁৰত তিনিটা কাৰণ নিহিত হৈ আছে বুলি কৈছে—
(ক) প্ৰথমতে— ইয়াৰ ভাষা আৰু প্ৰকাশভংগী মূলতঃ সত্ৰানুষ্ঠানৰ ভকত-বৈষ্ণৱ সমাজত
প্ৰচলিত কথিত ভাষা আৰু কথনভংগী।
(খ) দ্বিতীয়তে— আঞ্চলিক হেঁচাৰ হেতু অসমৰ পশ্চিম অঞ্চলত ব্যৱহৃত বিভিন্ন
শব্দৰ সমাহাৰ ঘটিছে আৰু কথনভংগীৰ প্ৰভাৱত কিছু সুকীয়া ৰূপ পৰিগ্ৰহ কৰিছে।
(গ) তৃতীয়তে— শংকৰদেৱ আৰু মাধৱদেৱে উত্তৰ ভাৰতত তীৰ্থ ভ্ৰমণ কৰি অহাৰ পিছত
সেইবোৰ ঠাইত যি দেখিছিল আৰু শুনিছিল সেইদৰে তীৰ্থ ভ্ৰমণৰ কাহিনী ভক্তসকলৰ আগত বৰ্ণনা
কৰিছে। ফলত আৰবী-পাৰ্চী, তুৰ্কী আদি শব্দৰাজি ‘গুৰু চৰিতকথা’ৰ জৰিয়তে অসমীয়া ভাষালৈ
প্ৰৱেশ ঘটিছে।
‘গুৰু চৰিতকথা’ৰ গদ্যশৈলীৰ বিশেষত্বঃ
‘গুৰু চৰিতকথা’ৰ গদ্যশৈলীৰ
বিশেষত্ব সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে শৈলীগত আৰু ভাষাগত দিশবোৰ পোহৰলৈ আনিবলৈ যত্ন
কৰা হৈছে। ভাষাগত দিশৰ আলোচনাত ধ্বনিগত, ৰূপগত, শব্দগত আৰু বাক্যগত— এই চাৰিওটা দিশেই
বিচাৰ কৰা হৈছে।
(ক) শৈলীগত বিশেষত্বঃ
(১) ‘গুৰু চৰিতকথা’ৰ উৎস হ’ল চৰিত তোলা প্ৰথা। এনে কাৰণতে ইয়াৰ গদ্যত কথোপকথনমূলক
ৰীতিৰ প্ৰয়োগ দেখা যায়। সত্ৰীয়া সমাজত ভক্তসকলৰ মাজত হোৱা কথা-বতৰাৰ ৰূপ এটাৰ আদৰ্শ
‘গুৰু চৰিতকথা’ৰ গদ্যৰ প্ৰায় অংশতে দেখা যায়। এনে কথনশৈলীৰ প্ৰয়োগে চৰিতখনিৰ গদ্য আকৰ্ষণীয়
আৰু সহজবোধ্য কৰি তুলিছে। যেনে— “তাৰাৰ আগত একেখাৰো মাতিব নপৰাঃ একে এখাৰে নিমাৎ কৰিবঃ
বোলে মোৰ আগতহে বৰ ৰাগ গোট।। শঙ্কৰ গুৰি পালে তুমু হবা সোটালোট।। ৰাগি বোলে বলচোন জাঞ
দুৰ্গা দেবীকনো কোনে কেনেকৈ খণ্ডে চাঞ…” (ছেদঃ ১৩৫) প্ৰফুল্ল কটকীয়ে ‘ক্ৰমবিকাশত অসমীয়া
কথাশৈলী’ নামৰ গ্ৰন্থত ‘গুৰু চৰিতকথা’ত থকা কথোপকথনৰ বিভিন্ন ৰূপ চিনাক্ত কৰিছে— বিবৃতি,
প্ৰশ্ন, প্ৰশ্নোত্তৰ, সংশয় প্ৰকাশ, সংশয় নিৰসন, উদাহৰণাদিৰ সহায়ত বক্তব্যৰ স্পষ্টীকৰণ
আদি।
(২) ‘গুৰু চৰিতকথা’ৰ গদ্যৰ আন এটা
প্ৰধান বৈশিষ্ট্য হ’ল কথোপকথন আৰু বিৱৰণৰ সমন্বয়। ‘গুৰু চৰিতকথা’ত কথোপকথন হঠাতে বিৱৰণলৈ
আৰু বিৱৰণ হঠাতে কথোপকথনৰ সংক্ষিপ্ততালৈ ৰূপান্তৰিত হোৱা সততে দেখা যায়।
(৩) ‘গুৰু চৰিতকথা’ত নানা শাস্ত্ৰ, ঘোষা, গীত-পদৰ উদ্ধৃতি পোৱা যায়। কাৰণ, ভকতীয়া
পৰিৱেশত এনে কথনভংগী সততে হৈ থাকে। এই উদ্ধৃতিবোৰে ‘গুৰু চৰিতকথা’ৰ গদ্য আকৰ্ষণীয় কৰি
তুলিছে আৰু লগতে ধৰ্মীয় প্ৰলেপ এটাও সৃষ্টি কৰিছে। নিৰ্বাচিত পাঠ্যাংশতো এনে উদাহৰণ
আছে। যেনে—
শ্লোকঃ “যথা তৰোমূৰ্লনিষেচনেন তৃপ্যন্তি তৎস্কগ্ধভুজোপশাখাঃ” (ছেদঃ ১৩৭)
(৪) সংক্ষিপ্ত ৰচনাৰীতি ‘গুৰু চৰিতকথা’ৰ গদ্যশৈলীৰ এক প্ৰধান বিশেষত্ব। চুটি
চুটি বাক্যৰ ব্যৱহাৰে সমগ্ৰ চৰিতখনিৰ প্ৰকাশৰীতি সবল কৰি তুলিছে। কেতিয়াবা একোটা শব্দই
একোটা বাক্য হৈছে। যেনে— গৌৰবৰ্ণেঃ ছত্ৰাকৃত মাথ (ছেদঃ ১৩৬) আদি।
(৫) জতুৱা-ঠাঁচ, খণ্ডবাক্য, ফকৰা-যোজনা আদিৰ বহুল প্ৰয়োগে চৰিতখনিৰ গদ্যক সজীৱতা
আৰু স্বাভাৱিকতা প্ৰদান কৰিছে। যেনে— জতুৱা-ঠাঁচ,
খণ্ডবাক্যঃ গাটি জাকি মাৰি (ছেদঃ ১৩৬), মুখবাদ্য কৰিলে (ছেদঃ ১৩৭) আদি।
(৫) অলংকাৰৰ প্ৰয়োগে চৰিতখনিৰ গদ্যক সৌন্দৰ্যশালী কৰি তোলাৰ লগতে সাহিত্যক গুণসম্পন্ন
কৰি তুলিছে। ১৩৬ অনুচ্ছেদটো বিভিন্ন অলংকাৰৰদ্বাৰা বিশেষভাৱে সমৃদ্ধ। উদাহৰণ—
উপমাঃ পদ্মপাষিসদৃশ আয়ত লোচন
শঙ্খপ্ৰায়
গ্ৰীবা
ৰূপকঃ নাসা তিলফুল
(খ) ‘গুৰু চৰিতকথা’ত ভাষাৰ ধ্বনিগত বিশেষত্বঃ
(১) ‘ত’ৰ ঠাইত ‘ৎ’ ব্যৱহাৰ কৰা
দেখা যায়। যেনে—
নিমাত নিমাৎ (ছেদঃ ১৩৫)
(২) ‘ওঁ’ৰ ঠাইত ‘ঞ’ৰ ব্যৱহাৰ বেছি।
যেনে—
তেওঁ তেঞ (ছেদঃ ১৩৫)
যাওঁ জাঞ (ছেদঃ ১৩৫)
(৩) ‘শ’ৰ সলনি কেতিয়াবা ‘হ’ ব্যৱহাৰ কৰা দেখা যায়। যেনে— সিহৰি (ছেদঃ ১৩৬),
সিৰ (ছেদঃ ১৩৭) আদি।
(৪) ‘ক্ষ’ৰ সলনি ‘খ’ ব্যৱহাৰ কৰা হৈছে। যেনে— দখিন (ছেদঃ ১৩৭)
(৫) ‘য’ৰ সলনি ‘জ’ ব্যৱহাৰ কৰা হৈছে। যেনে—
যাম জাম (ছেদঃ ১৩৫)
যাওঁ জাঞ (ছেদঃ ১৩৫)
(৬) ‘য়ে’ৰ সলনি ‘এ’ ব্যৱহাৰ কৰা দেখা যায়। যেনে—
আয়ে আএ
(ছেদঃ ১৩৪)
দেখিয়ে দেখিএ
(ছেদঃ ১৩৬)
(গ) ‘গুৰু চৰিতকথা’ৰ ভাষাৰ ৰূপগত বিশেষত্বঃ
(১) ‘গুৰু চৰিতকথা’ত ব্যৱহৃত কিছুমান ব্যক্তিবাচক সৰ্বনাম এনেধৰণৰ—
তেঞঃ তেঞ বোলে (ছেদঃ ১৩৫)
তইঃ মুৰ্খৰ আগত জেন কথা কহ তই (ছেদঃ ১৩৫)
মইঃ কিচু নজানোহো মই (ছেদঃ ১৩৫)
মোৰঃ মোৰ আগতহে বৰ ৰাগ গোট (ছেদঃ ১৩৫)
তুমিঃ তুমি হবা সোটলোট (ছেদঃ ১৩৫)
তাৰাঃ তাৰাৰ আগত একেখাৰো মাতিব নপৰা (ছেদঃ ১৩৫)
(২) নঞাৰ্থক ‘ন’ সমীভূত আৰু অসমীভূত দুয়োটা ৰূপতে পোৱা যায়। যেনে—
সমীভূত
ৰূপঃ নানিলি (ছেদঃ ১৩৫)
অসমীভূত
ৰূপঃ নজানোহো (ছেদঃ ১৩৫), নজাঞ (ছেদঃ ১৩৭)
(৩) ‘গুৰু চৰিতকথা’ৰ ভাষাত খান/খানি, গোটা, চলা, জনা, জুৰি, জোৰ, টা আদি
নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ প্ৰয়োগ দেখা যায়। নিৰ্বাচিত পাঠ্যাংশৰপৰা এটা উদাহৰণ তলত
দিয়া হ’ল—
জোৰ পাঠা এযোৰ (ছেদঃ ১৩৫)
(ঘ) ‘গুৰু চৰিতকথা’ৰ ভাষাৰ শব্দগত
বিশেষত্বঃ
(১) ‘গুৰু চৰিতকথা’ৰ ভাষালৈ চকু দিলে দেখা যায় যে, ইয়াত প্ৰধানকৈ তৎসম শব্দৰ
প্ৰয়োগ হৈছে। অৰ্ধ-তৎসম শব্দৰ সংখ্যা তাকৰ। নিৰ্বাচিত পাঠ্যাংশত থকা দুটামান তৎসম শব্দ
এনে— স্নান, বস্ত্ৰ, বিহ্বল (ছেদঃ ১৩৪) আদি। কেতিয়াবা একোটা বাক্য সম্পূৰ্ণ তৎসম শব্দৰদ্বাৰা
গঠিত হৈছে। ১৩৬ অনুচ্ছেদত এনে বাক্যৰ পয়োভৰ দেখা যায়।
(২) ‘গুৰু চৰিতকথা’ত পশ্চিম অসমৰ ভাষাৰ অনেক প্ৰয়োগ সোমাই আছে। নিৰ্বাচিত
পাঠ্যাংশতো ইয়াৰ উদাহৰণ পোৱা যায়। যেনে— পাঠা (ছেদঃ ১৩৫), লোম (ছেদঃ ১৩৬), আতা (ছেদঃ
১৩৭) আদি।
(৩) ‘গুৰু চৰিতকথা’ত কিছুমান সুকীয়া প্ৰয়োগো পোৱা যায়। যেনে—
মৰিল পৈল
(ছেদঃ ১৩৬)
ভাল হ’ল সজ
হল (ছেদঃ ১৩৪)
(ঙ) ‘গুৰু চৰিতকথা’ৰ ভাষাৰ বাক্যগত
বিশেষত্বঃ
(১) ‘গুৰু চৰিতকথা’ৰ কিছুমান বাক্য ‘আৰু’, ‘পাচে’, ‘বোলে’ আদি শব্দেৰে আৰম্ভ
হৈছে। যেনে—
(ক) বোলে মোৰ আগতহে বৰ ৰাগ গোট (ছেদঃ ১৩৫)
(খ) পাচে শ্ৰীশঙ্কৰদেএ মুখবাদ্য কৰিলে (ছেদঃ
১৩৭)
(গ) বোলে বৰাৰ পো জোৱানে এতিয়া (ছেদঃ ১৩৭)
(২) চুটি চুটি সৰল বাক্যৰ মাজেদিয়েই একো একোটা দাৰ্শনিক তত্ত্ব দাঙি ধৰা
হৈছে। যেনে—
(ক) প্ৰাণৰ ভোজনে ইন্দ্ৰিয় তুষ্ট (ছেদঃ ১৩৭)
(খ) বতিস অলঙ্কাৰে কচালে সিৰ নহলে অশোভন (ছেদঃ ১৩৭)
(৩) গ্ৰাম্য সহজ-সৰল কথনভংগীৰ মনোমোহা নিদৰ্শনে ‘গুৰু চৰিতকথা’ৰ বিষয়বস্তু
বাস্তৱধৰ্মী আৰু ঘৰুৱা কৰি তুলিছে। যেনে—
(ক) তেহে গুৰু বোলে অ মনোহৰি বাইৰ বেটাঃ এমান মৰধ হলনে বাটেপন্থে লগ পালেও
নিচিনো নেপা।।
(৪) ‘গুৰু চৰিতকথা’ৰ গদ্যত মাজে মাজে সম্পূৰ্ণ সংস্কৃত শব্দ ব্যৱহৃত বাক্যৰ
ব্যৱহাৰো পোৱা যায়। যেনে—
ছত্ৰাকৃত মাথ (ছেদঃ ১৩৬)
নীল আকুঞ্চিত কেশ (ছেদঃ ১৩৬)
এই আলোচনাৰ অন্তত ক’ব পাৰি
যে, অসমীয়া গদ্যৰ ক্ৰমবিৱৰ্তনৰ ইতিহাসত ‘গুৰু চৰিতকথা’ৰ গদ্যৰ বিশেষ তাৎপৰ্য আছে। সমগ্ৰ
পুথিখন আলোচনাৰ পৰিসৰলৈ আনিলে চৰিত পুথিৰ গদ্যৰ বিচিত্ৰতা সম্পূৰ্ণকৈ উপলব্ধি কৰিব
পৰা যাব। নিৰ্বাচিত পাঠ্যাংশৰ আধাৰত কৰা এনে আলোচনাই ‘গুৰু চৰিতকথা’ৰ গদ্যৰ এক ধাৰণামূলক
আভাস পোৱাত আমাক সহায় কৰিছে।
0 comments:
Post a Comment