লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্যশৈলী (‘মোৰ জীৱন সোঁৱৰণ’ৰ সপ্তম আধ্যাৰ
নিৰ্বাচিত অংশৰ আধাৰত)
স্নাতক চতুৰ্থ ষাণ্মাসিক (উচ্চমান)
অসমীয়া গদ্য-সাহিত্য (পঞ্চম কাকত)
গোটঃ ৩
লক্ষ্মীনাথ
বেজবৰুৱাৰ গদ্য অসমীয়া গদ্য-সাহিত্যৰ ভালেমান দিশত পৰিব্যাপ্ত হৈ আছে। বিষয়বস্তু অনুসৰি
বেজবৰুৱাৰ গদ্য-সাহিত্যক এনেদৰে ভাগ কৰিব পাৰি— সাধুকথা, চুটিগল্প, নাটক, উপন্যাস,
ৰস-ৰচনা, জীৱনী, আত্মজীৱনী, চিন্তাশীল তত্ত্বমূলক ৰচনা, নীতিকথামূলক ৰচনা, অনুবাদ
আৰু বিবিধ বিষয়ক। বিভিন্ন আংগিকৰ এনে গদ্য-সাহিত্যৰ যোগেদি বেজবৰুৱাই এক স্বতন্ত্ৰ
‘শৈলী’ সৃষ্টি কৰিলে। এই শৈলীক নিঃসন্দেহে ‘বেজবৰুৱা শৈলী’ আখ্যা দিব পাৰি।
লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী ‘মোৰ জীৱন সোঁৱৰণ’ৰ
প্ৰথম তাঙৰণ প্ৰকাশ পাইছিল ১৯৪৪ চনত। আত্মজীৱনীখন দুটা খণ্ডত বিভক্ত— প্ৰথম আৰু
দ্বিতীয় ভাগ। প্ৰথম ভাগটোত আঠোটা আধ্যা আছে। আনহাতে দ্বিতীয় ভাগটোত দহোটা আধ্যা
আছে। পৰিশিষ্টত বেজবৰুৱাৰ মূল জীৱনৰ পৰিপূৰক অংশ হিচাপে তেওঁ লিখা দুটা প্ৰবন্ধ
সংযোগ কৰা হৈছে— ‘মোৰ মৃগয়া’ আৰু ‘মোৰ মাতৃ মুখ দৰ্শন’।
আত্মজীৱনীখনৰ সপ্তম আধ্যাত কলিকতাত পঢ়িবলৈ
যোৱা লক্ষ্মীনাথে সন্মুখীন হোৱা আলৈ-আহুকাল কিছুমানৰ কথা কোৱা কৈছে। কলিকতাত থকা
সময়খিনিতে তেওঁৰ এটা সামাজিক বৃত্ত গঢ়ি উঠিছিল। গুণাভিৰাম বৰুৱা, বিষ্ণুপ্ৰিয়া
দেৱী, সত্যনাথ বৰা, ৰাধাকান্ত সন্দিকৈ, গোপীনাথ বৰদলৈ আদি ব্যক্তিসকলক লগ পাইছিল।
সত্যনাথ বৰা আৰু অন্যান্যসকলৰ লগ লাগি সাহিত্য ৰচনাত ভাগ লৈছিল। বলিনাৰায়ণ বৰাই উলিওৱা
মাহেকীয়া কাকত ‘মৌ’ বন্ধ কৰাৰ দৰে অনুচিত কাৰ্যত ভাগ লোৱাৰ কথাও তেওঁ স্পষ্টকৈ
সপ্তম আধ্যাত উল্লেখ কৰিছে। চন্দ্ৰকুমাৰ আগৰৱালাৰ লগ লাগি লক্ষ্মীনাথ বেজবৰুৱাই ‘জোনাকী’
কাকত উলিওৱাৰ প্ৰসংগটোও সবিস্তাৰে এই আধ্যাত কোৱা হৈছে। এই দিশৰপৰা সপ্তম আধ্যাটোৰ
এক ঐতিহাসিক মূল্যও আছে বুলিব পাৰি।
তলত সপ্তম আধ্যাৰ নিৰ্বাচিত অংশৰ আধাৰত
বেজবৰুৱাৰ গদ্যৰ বিশিষ্টতা বিচাৰ কৰিবলৈ প্ৰয়াস কৰা হ’ল—
ধ্বনিগত বিশেষত্বঃ
১. ব্যঞ্জন
লোপৰ উদাহৰণ পোৱা যায়। থলুৱা কথনভংগীৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবেই এনে ধ্বনিগত
বিশেষত্ব তেওঁৰ ৰচনাত পৰিলক্ষিত হয়। উদাহৰণ—
চাৰিডাল চাইডাল
শব্দগত বা ৰূপগত বিশেষত্বঃ
১. বেজবৰুৱাই
বহু ইংৰাজী শব্দ
অসমীয়ালৈ লিপ্যন্তৰ কৰি
ব্যৱহাৰ কৰিছে।
অৰ্থাৎ কিছুমান শব্দৰ
ক্ষেত্ৰত তেওঁ অসমীয়া
প্ৰতিশব্দৰ আৱশ্যকতা অনুভৱ
কৰা নাই।
যেনে— নোট-বুক, কলেজ, ক্লাছ, প্ৰফেছৰ, লেকচৰ, অফিচ
আদি।
২. কিছুমান
ইংৰাজী শব্দ ৰোমান
লিপিতেই ব্যৱহাৰ কৰিছে।
যেনে— follow, area, home sick আদি।
৩. বেজবৰুৱাই
অনেক ইংৰাজী শব্দৰ
অসমীয়া প্ৰতিশব্দ সাজি
লৈছিল আৰু গদ্যত
দুয়োটা ৰূপেই ব্যৱহাৰ
কৰিছিল। যেনে—
Mathematics : অঙ্কবিদ্যা
Area : ক্ষেত্ৰফল
৪. বেজবৰুৱাই
কেতিয়াবা কোনো শব্দৰ
একোটা শব্দতে প্ৰতিশব্দ
বিচাৰি নাপালে এটাতকৈ
অধিক শব্দ প্ৰয়োগ
কৰি তাক বুজাইছিল।
যেনে—
Paying
Guest : গাঁঠিৰপৰা
ধন দি ভাত
খাই থকা আলহী
Home
sick : নিজঘৰ-কাতৰুৱা
Misdirected
energy : কুপথেদি
নিয়োজিত শক্তি
৫. শব্দ-চয়নৰ
ক্ষেত্ৰত বেজবৰুৱাই এক
উদাৰ পন্থা অৱলম্বন
কৰিছিল বুলিব পাৰি।
তেওঁ মুকলিভাৱে সকলো
ধৰণৰ শব্দ গ্ৰহণ
কৰিছিল। এনে কাৰণতে
ঘৰুৱা অসমীয়া শব্দৰ
উপৰি তেওঁৰ ৰচনাত
উপভাষাৰ শব্দ, বিদেশী
শব্দ পোৱা যায়।
নিৰ্বাচিত পাঠ্যাংশত ব্যৱহৃত
কিছুমান ঘৰুৱা অসমীয়া
শব্দ এনেধৰণৰ— থোলোকা, নুমলীয়া, কাপ, মোনা
আদি। থলুৱা শব্দৰ এনে প্ৰয়োগে বেজবৰুৱাৰ অসমীয়া ভাষাৰ
প্ৰতি থকা প্ৰেমৰ কথাকেই সূচায়। অৱশ্যে বেজবৰুৱাই প্ৰয়োজন সাপেক্ষে তৎসম, অৰ্ধ-তৎসম,
হিন্দী আদি ভাষাৰ শব্দও প্ৰয়োগ কৰিছে। যেনে—
তৎসমঃ স্নান,
বিদ্যাদিগগজ
অৰ্ধ-তৎসমঃ ছাতৰ
হিন্দীঃ পুস্তক,
নডৰি (‘ডৰ’ মানে ভয়, ভয় নাখাই বুজাবলৈ বেজবৰুৱাই ‘নডৰি’ শব্দ ব্যৱহাৰ কৰিছে।)
৬. বেজবৰুৱাই
য’তেই সুবিধা
পাইছে ত’তেই
অসমীয়া ফকৰা-যোজনা, প্ৰবাদ-প্ৰবচন, জতুৱা-ঠাঁচ
পৰ্যাপ্তৰূপে ব্যৱহাৰ কৰিছে।
নিৰ্বাচিত পাঠ্যাংশতো ইয়াৰ
উদাহৰণ আছে—
হেদাঙি
মেলা জীৱন
বান্ধিলোঁ
মন শিলৰ খুটি, মেলিলোঁ
মন ঘোঁৰাৰ ছুটি
টিঙিৰি-তুলা
আঁকোৰ-গোঁজালি
কঁকালত
টঙালি বন্ধা আদি।
৭. বেজবৰুৱাই
অসমীয়া জতুৱা-ঠাঁচ, যোজনা-পটন্তৰ
কেতিয়াবা সম্পূৰ্ণকৈ প্ৰয়োগ
কৰা নাছিল।
ইবোৰৰ আভাসিক
প্ৰয়োগতহে বেজবৰুৱা অভ্যস্ত
আছিল। নিৰ্বাচিত পাঠ্যাংশতো
বেজবৰুৱাৰ এনে গদ্যশৈলী
চকুত পৰে।
উদাহৰণস্বৰূপে তেওঁ ব্যৱহাৰ
কৰা ‘কচুপাতত পানীটুপি’ৰ
কথা ক’ব
পাৰি। ই ‘জীৱন
কচুপাতৰ পানী’ৰ
আংশিক ৰূপ।
৮. বৰ্তমানৰ অসমীয়া
ভাষাত ব্যৱহাৰ নোহোৱা ৰূপ কিছুমানো বেজবৰুৱাৰ গদ্যত পোৱা যায়। যেনে— গবয় নে কবয়, হেঙ্গামে
আদি।
বাক্যগত
বৈশিষ্ট্যঃ
১. বাক্যৰ
ক্ষেত্ৰত দেখা যায়
যে, বেজবৰুৱাই ইংৰাজী
বাক্যৰ অনুবাদৰূপে বাক্য
ৰচনা কৰি গদ্যত
ব্যৱহাৰ কৰিছিল।
যেনে—
(ক) Better late than never.
সজ
কাম নকৰাতকৈ পলমকৈ
কৰাও ভাল।
(খ) Survival of the fittest.
অযোগ্য
অধঃপাতলৈ যাব।
২. সংস্কৃত
বাক্যৰ অনুকৰণত সজা
বাক্য বা সংস্কৃত
বাক্যও বেজবৰুৱাৰ ৰচনাত
পোৱা যায়।
যেনে—
(ক) কাৰ্য্যাম্বা সাধয়েৎ
শৰীৰম্বা পাতয়েৎ।
(খ) নান্যঃ
পন্থা বিদ্যতে?
৩. বাংলা ভাষাৰ
বাক্যৰ অনুকৰণ এটাও চকুত পৰে। যেনে—
(ক) কামত
এলেহুৱা ও পৰাধীন
(খ) নিজৰ
শক্তিচালনা ও সুযোগ
৪. গ্ৰাম্য
কথনভংগীৰ ঠাঁচতো বেজবৰুৱাই বাক্য কেতবোৰ ৰচনা কৰিছে। যেনে—
(ক) মোৰ
কলিকতাত পঢ়াসোপা আৰু হ’ল!
(খ) ওকালতি
পঢ়া-ফহা জহন্নামে গ’ল।
আলংকাৰিক প্ৰয়োগঃ
অলংকাৰৰ প্ৰয়োগে বেজবৰুৱাৰ
গদ্য আকৰ্ষণীয় কৰি তুলিছে। তলত অলংকাৰযুক্ত (উপমা অলংকাৰযুক্ত) বাক্য দুটামান তুলি
দিয়া হ’ল—
(ক) কলিকতাৰ
পৰিৱেশৰ লগত মিলিবলৈ চেষ্টা কৰিও বেজবৰুৱা প্ৰথম অৱস্থাত সফল হ’ব পৰা নাছিল। ইয়াক
বুজাবলৈ তেওঁ ‘কঁটীয়া মাহ’ৰ প্ৰসংগ টানি আনিছে। ‘কঁটীয়া মাহ’ যিমান সিজালেও নিসিজে।
সেইদৰে বেজবৰুৱাদেৱেও যেন কলিকতাত খাপ খাবলৈ বাৰে বাৰে চেষ্টা কৰিছে, কিন্তু সফল পৰা
নাই।
(খ) শিশু জ্ঞানদাভিৰাম
বৰুৱাৰ গঢ় আৰু বৰণৰ বিষয়ে এনেদৰে কৈছে— “তেওঁ গঢ় আৰু বৰণত হুবহু এটি য়ুৰোপীয়
থোলোকা ল’ৰা যেন আছিল।”
গদ্যৰ বিভিন্ন ৰীতিঃ
বেজবৰুৱাৰ আত্মজীৱনীখনত গদ্যৰ
বিভিন্ন ৰীতিৰ প্ৰয়োগ পৰিলক্ষিত হয়। নিৰ্বাচিত পাঠ্যাংশতো এনে বৈচিত্ৰ্য উপস্থিত।
তলত তাৰ উদাহৰণ দিয়া হ’ল—
১. বেজবৰুৱাৰ
গদ্যত হাস্য-ৰসাত্মক
বা ব্যংগাত্মক শৈলীৰ
প্ৰয়োগ বিশেষভাৱে চকুত
পৰে। আত্মজীৱনীখনতো হাস্য-ৰস
সৃষ্টিৰ সমল আছে।
যেনে— কাম-বন
নোহোৱাকৈ ঘূৰি ফুৰা
বা টহলি ফুৰা
বুজাবলৈ ‘টহলৰাম শৰ্মা’ শব্দ
ব্যৱহাৰ কৰিছে।
ৰিপন কলেজত পলমকৈ
ভৰ্তি হোৱাৰ বাবে
বেজবৰুৱাই বহুবোৰ পাঠ
বুজাত অসুবিধা পাইছিল।
কাৰণ, অধ্যাপকে ছাত্ৰক
পঢ়াই গৈ প্ৰায়বোৰ
কিতাপৰ মাজ-ছোৱা
বা শেহ-ছোৱা
পাইছিলগৈ। বেজবৰুৱাই এই
কথাখিনিও হাস্য-ৰসাত্মকভাৱে
উপস্থাপন কৰিছে— “মই
পাঠ্য পুস্তকৰ দেশলৈ
যাবলৈ গৰুৰ গাড়ী
এখনত উঠিছোঁ মাথোন
আৰু সিফালে অধ্যাপকে
আনবোৰ ছাতৰক লগত
লৈ ৰেলৰ ডাকগাড়ীত
উঠি ভোঁ ভোঁ
কৰে লৰিছে।” ক’ব
পাৰি যে, আত্মজীৱনীখনত
গহীন-গম্ভীৰ বেজবৰুৱাজনৰ
লগতে ৰসৰাজ বেজবৰুৱায়ো
সঘনে দেখা দি
ইয়াৰ গদ্য ৰসাল
আৰু কৌতুকপূৰ্ণ কৰি
তুলিছে।
২. কথোপকথন শৈলী
প্ৰয়োগ কৰিও আত্মজীৱনীকাৰে গদ্য আকৰ্ষণীয় কৰি তুলিছে। যেনে— বাবুজনে মৰম পতিয়াই
মোক সুধিলে, ‘‘মশায় কিএ কলিকাতা থেকে আসেছেন?”
৩. বেজবৰুৱাৰ
আত্মজীৱনীখনত জ্ঞাননিষ্ঠ বা যুক্তিনিষ্ঠ শৈলীৰ নিদৰ্শনো আছে। নিৰ্বাচিত পাঠ্যাংশতো
এনে উদাহৰণ আছে। যেনে—
(ক) উদ্যোগীয়ে
মৰণ কি ক’ব নোৱাৰে।
(খ) আমি নিজকে
নিজে “যোগ্য” নকৰিলে অন্যে কৰি নিদিয়েহি। এই সংসাৰেই হৈছে যোগ্যৰ ঘৰ।
৪. বেজবৰুৱাৰ
গদ্য কেতিয়াবা কেতিয়াবা লয়যুক্ত হৈ পৰা দেখা যায়। যেনে—
(ক) আয়ে ৰান্ধি দিয়া
ভাত খাওঁ, যতনাই দিয়া জলপান বজাওঁ, টৌ টৌ কৰি ঘূৰি ফুৰোঁ, মেল মাৰোঁ আৰু ঘুমটি
মাৰোঁ।
(খ) ...কুপথেদি
নিয়োজিত শক্তিৰ বলত মৌৱে বাহ লোৱা গছ পৰিল হাউলি। মৰিল “মৌ”।
0 comments:
Post a Comment