Sunday, 22 March 2020

বেণুধৰ শৰ্মাৰ গদ্যশৈলী: ‘আলহী কেইবিধ?’ শীৰ্ষক ৰচনাৰ বিশেষ উল্লেখেৰে



—মৃদুল মৰাণ, সহকাৰী অধ্যাপক
অসমীয়া বিভাগ, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়, দেৰগাঁও
ফোনঃ ৯৮৫৪৭ ০৭০১৪, ই-মেইলঃ mridulmoran8feb@gmail.com

আধুনিক অসমীয়া গদ্য লেখকসকলৰ ভিতৰত বেণুধৰ শৰ্মা অন্যতম। বুৰঞ্জীবিদ হিচাপে খ্যাত বেণুধৰ শৰ্মাই জীৱনী, আত্মজীৱনী, বুৰঞ্জীমূলক প্ৰবন্ধ সংকলন, শিশু-সাহিত্য আদিও ৰচনা কৰিছিল। এই ৰচনাৰাজিয়ে অসমীয়া গদ্য সাহিত্যৰ ভঁৰাল বিশেষভাৱে সমৃদ্ধ কৰিছে। বেণুধৰ শৰ্মাই অসমীয়া ভাষাৰ বিশুদ্ধতা আৰু স্বকীয়তা ৰক্ষাৰ বাবে সদায়েই চেষ্টা কৰিছিল। এনে কাৰণতে শৰ্মাৰ গদ্যত অসমীয়া ভাষাৰ কালিকাস্বৰূপ জতুৱা-ঠাঁচ, খণ্ডবাক্য, ফকৰা-যোজনা, পটন্তৰ আদিৰ সফল প্ৰয়োগ লক্ষ্য কৰা যায়। বেণুধৰ শৰ্মাক ‘জতুৱা লেখক’ বুলিব পাৰি।
বেণুধৰ শৰ্মাই তিনিখন শিশু উপযোগী গ্ৰন্থ ৰচনা কৰিছিল— ‘ৰাংপতা’, ‘লাতুমণি’ আৰু ‘মৰমৰ কাৰেং’। ‘ৰাংপতা’ৰ ভিতৰুৱা ‘আলহী কেইবিধ?’ নাম ৰচনাখনতো বেণুধৰ শৰ্মাৰ গদ্যৰ বিশিষ্টতা প্ৰকাশিত হৈছে। তলত ‘আলহী কেইবিধ?’-ৰ আধাৰত বেণুধৰ শৰ্মাৰ গদ্যশৈলী বিচাৰ কৰিবলৈ যত্ন কৰা হ’ল—

ধ্বনিতাত্ত্বিক প্ৰসংগঃ
() বেণুধৰ শৰ্মাই ‘ঙ’-ৰ সলনি ‘ঙ্গ’ প্ৰয়োগ কৰিছে। এনে ধ্বনিগত বিশেষত্ব বুৰঞ্জীৰ ভাষাতো চকুত পৰে। নিৰ্বাচিত পাঠৰপৰা দুটামান উদাহৰণ তলত দাঙি ধৰা হ’ল—
(ক)    দাঙ্গিলোৱা পোৰা পিঠা দঙ্গাতেই থাকিল...।
(খ)    বুঢ়া ডাঙ্গৰীয়া
(গ)    ডাঙ্গৰ আন এজনক সুধি তাৰ খৰচি মাৰি লয় সেয়ে বঢ়িয়া ল’ৰা।
(ঘ)    কথা বিসঙ্গতি যেন দেখি ...।
(ঙ)    ককাৰ খঙ্গে অলপ শাম কাটিলত...।

শাব্দিক আৰু ৰূপতাত্ত্বিক প্ৰসংগঃ
(১) বেণুধৰ শৰ্মাই তেওঁৰ ৰচনাত কথিত ভাষাৰ পৰা হেৰাই যাবলৈ ধৰা অনেক থলুৱা শব্দ ব্যৱহাৰ কৰিছে। তলত তাৰ দুটামান দাঙি ধৰা হ’ল—
                       ধতুৱা, ঘাৰ-মোচৰা, ডেওদোপাল, খিয়াল
টিলিকি, বিহাই, এথোন আদি।
(২) জতুৱা-ঠাঁচ, খণ্ডবাক্য, প্ৰবাদ বাক্য আদিৰ ব্যৱহাৰো বেণুধৰ শৰ্মাৰ ৰচনাত বিশেষভাৱে দেখা যায়। যেনে—
                       আমাৰ মুখলৈ পানী আহিল
                       বাঘৰ আগতেল খোৱা
                       ঠাই দিবৰ গুণ টপটপনি শুন আদি।
(৩) যুৰীয়া শব্দৰ যথেষ্ট প্ৰয়োগ শৰ্মাৰ গদ্যশৈলীৰ এটা বিশেষত্ব। কেতিয়াবা তেওঁ একেটা বাক্যতেই অনেক যুৰীয়া শব্দ প্ৰয়োগ কৰিছে। বেণুধৰ শৰ্মাই তেওঁৰ অন্যান্য ৰচনাৰ তুলনাত শিশু-সাহিত্যসমূহত অধিক পৰিমাণে যুৰীয়া শব্দ প্ৰয়োগ কৰিছে। ‘আলহী কেইবিধ?’ ৰচনাতো এনে বৈশিষ্ট্য দেখা যায়। যেনে— “হাত-মুখ ধুই, নাম-গুণ গাই, কিতাপ-ফলি ল’বৰ ছাৰি মোমাই আহিলে কোনে কি কৰিবি, কি নকৰিবি বুলি শালিকী চৰাইৰ দৰে দন মাৰি আছ।
(৪) লোকনামৰ বিশিষ্ট প্ৰয়োগ ৰচনাখনত পৰিলক্ষিত হৈছে। যেনে—
               শুকুৰা, ফেদেলা, বাৰীক
               দুতিৰাম, দেওবৰ আদি।
(৫) শব্দৰ বিশিষ্ট প্ৰয়োগ ‘আলহী কেইবিধ?’-ত দেখা যায়। ই ব্যক্তিশৈলীৰ লগতে যুগশৈলীৰ নিদৰ্শনো দাঙি ধৰিছে। শৰ্মাই তেওঁৰ ৰচনাত প্ৰয়োগ কৰা কেতবোৰ শব্দৰ প্ৰচলন বৰ্তমান দেখা নাযায়। এনে শব্দবোৰে প্ৰাচীন আৰু আধুনিক যুগৰ মাজত সমন্বয় ৰক্ষা কৰাৰ লগতে সেই যুগৰ ভাষাশৈলীৰ নিদৰ্শনো দাঙি ধৰিছে। শৰ্মাই প্ৰয়োগ কৰা বিশিষ্ট কালবাচক সৰ্বনামৰ উদাহৰণ এনে—
        (ক)    আৰু বেলি বা তেওজ বেলি তহঁতৰ ঘৰত দুনিশামান আছিলও।
        (খ)    বহুত বেলিৰ মূৰত ককা আকৌ আগৰ নিচিনা হুৰহুৰীয়া হৈ পৰিল।
        (গ)    অলপ বেলি নিটাল মাৰি থাকি আমাৰে এটাই মাত লগালে, “কোন?”
(৬) ৰচনাখনৰ বিষয়বস্তু গ্ৰাম্য পটভূমি আধাৰিত। এনে কাৰণতে নিৰ্দিষ্টতাবাচক প্ৰত্যয় ‘মান’ৰ প্ৰয়োগ কৰোঁতে গ্ৰাম্য কথনভংগীৰ প্ৰতি গুৰুত্ব দিছে। যেনে— “…এই নিশাখন নো ক’ৰ কিটো ওলাল হি!” ‘ফেৰা’, ‘মখা’ আদি নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ ব্যৱহাৰো ৰচনাখনত দেখা যায়। যেনে—
        (ক)    সেই ফেৰাও জ্ঞান নাই।
        (খ)    তহঁত জানিবা ল’ৰা মখাই আজি…।
(৭) গ্ৰাম্য সমাজত প্ৰয়োগ হোৱা এথোন, হবলা, একা, দেও, তোন আদি স্বাৰ্থিক প্ৰত্যয় বেণুধৰ শৰ্মাই প্ৰয়োগ কৰিছে। যেনে—
        (ক)    ভূত-পিশাচ নহওঁ দেও, মানুহ হে।
        (খ)    আমি দেখোন মাতিলোঁ একা!
        (গ)    সাধু-কথা ক’বলৈ আছেই এথোন
(৮) জোৰবাচক প্ৰত্যয় ‘গৈ’ৰ বিশেষ ব্যৱহাৰ ৰচনাখনত চকুত পৰে। যেনে— “...মইনাহঁত, নৰিয়া ভাল হ’লেই যাম গৈ। ...নৰিয়াৰ লেচু লৈ পাছত যাবৰ মন নোযোৱা হ’ল গৈ। তহঁতেও আলপৈচান ধৰি ধৰি হুৰিলি গৈ। পিছলৈ, তহঁততকৈও মোৰ কোব চৰিল গৈ।”

আলংকাৰিক প্ৰয়োগঃ
(১) তুলনা তথা উপমাৰ প্ৰয়োগে ‘আলহী কেইবিধ?’ ৰচনাখন আকৰ্ষণীয় কৰাত বিশেষ সহায় কৰিছে—
(ক)    পৰুৱাই টোপ কঢ়িউৱাদি এটি দুটিকৈ জলপানৰ দ্ৰব্য-বস্তু আনি ঠাই-ঠুই মছি, বান এখনতে সজাই তেওঁৰ আগত কঢ়িয়াই থলোঁহি।”
(ক)    খঁৰা-শিয়ালৰ বিয়াঃ
অসমীয়া লোকসমাজত বিশ্বাস আছে যে, ৰ’দ-বৰষুণ একেলগে দিয়াৰ সময়ত খঁৰা-শিয়ালৰ বিয়া হয়। ল’ৰা-ধেমালিৰ গীতত এনে বিশ্বাসৰ প্ৰতিফলন ঘটিছে। খন্তেকতে ৰং, খন্তেকতে বেজাৰ কৰা ককাৰ মনৰ ভিতৰখনৰ স্বৰূপ প্ৰকাশ কৰিবৰ বাবে ‘খঁৰা-শিয়ালৰ বিয়া’ প্ৰসংগ টানি অনা হৈছে— “খন্তেকতে ৰং, খন্তেকতে বেজাৰ কৰা ককাৰ মনত ভিতৰত এনেখন খঁৰা-শিয়ালৰ বিয়া দেখি আমি টভক মাৰি ৰলোঁহক।” ‘খঁৰা-শিয়ালৰ বিয়া’ৰ লগত সম্পৃক্ত হৈ থকা ৰ’দ-বৰষুণে আনন্দ আৰু বেজাৰৰ সংমিশ্ৰণ বুজাইছে।
        (গ)    শালিকী চৰাইৰ দৰে দন মাৰি আছ।
        (ঘ)    তহঁতৰ ঘৰতে ছেলাপেটি জোকৰ দৰে বজ্ৰলেপ কামোৰ মাৰি থাকিবলগীয়া হ’ল।
(২) অতিশয়োক্তিৰ প্ৰয়োগো ৰচনাখনত দেখা যায়—
        (ক)    ককাৰ চকুৰপৰা জৰ্ জৰকৈ পানী এসূঁতি বৈ আহিছিল।

বাক্যতাত্ত্বিক প্ৰসংগঃ
(১) সৰল আৰু চুটি চুটি বাক্যৰ প্ৰয়োগে ৰচনাখন সহজবোধ্য আৰু মনোৰম কৰি তুলিছে। যেনে—
        (ক)    মানুহ জন হুৰহুৰীয়া।
        (খ)    এতিয়া কি কৰ কৰ?
অৱশ্যে তাৰ মাজতো দীঘল বাক্যৰ প্ৰয়োগ চকুত পৰে। সাধাৰণতে কমা ব্যৱহাৰ কৰি তেওঁ বাক্যবোৰ দীঘল কৰিছে। এই প্ৰসংগত ৰচনাখনৰ আৰম্ভণি অনুচ্ছেদটোৰ কথাকে ক’ব পাৰি। অনুচ্ছেদটোত দুটা বাক্য আছে—
(ক)    মাঘৰ বিহুৰ উৰুকা-দিনা গধূলি আমি আটাইবোৰে জুহালৰ কাষত বহি, বিহুৰ পিঠা-পনা একো ডোখৰ হাতে পতি লৈ, মাজে-মাজে জুইত পোৰা মোৱা আলু, কাঠ আলুকেইটা সিজিছে নে নাই সিজা বুলি ভুকুৱাই-ফুৱাই আছোঁ, এনেতে বাহিৰত কোনোবাই মাত লগোৱা শুনিলোঁ, “এই পিনে ওফোৰাজেং আহিছো।” মাত শুনি, আমাৰ পেটতে হাত-ভৰি লুকাল, দাঙ্গি লোৱা পোৰা পিঠা দঙ্গাতেই থাকিল, ঢকিয়াব-ফুৱাবলৈ এৰি দি, ইটোৱে সিটোৰ মুখলৈ চোৱা-চুই কৰি ভাবিবলৈ ধৰিলোঁ— এই নিশাখন নো ক’ৰ কিটো ওলালহি!
(২) বাক্যৰ আৰম্ভণিত সংযোজক অব্যয়ৰ ব্যৱহাৰ দেখা যায়। যেনে—
(ক)    আৰু আমিও বৰ আস্ত-ব্যস্তকৈ তেওঁক তামুলী পীৰা এখন বহিবলৈ আগবঢ়াই দি হাত-মুখ ধুৱাবলৈ কাৰবাৰ কৰিলোঁ।
(খ)    আৰু বেলি বা তেওজ বেলি তহঁতৰ ঘৰত দুনিশামান আছিলও।

গদ্যৰ বিভিন্ন ৰীতিৰ প্ৰয়োগঃ
        গদ্যক বিভিন্ন দৃষ্টিকোণৰ বিভিন্ন ভাগত ভাগ কৰিব পাৰি। যেনে—
গদ্যৰ প্ৰকাৰভেদ



বেণুধৰ শৰ্মাৰ ‘আলহী কেইবিধ?’ ৰচনাত প্ৰয়োগ হোৱা বিভিন্ন গদ্যশৈলীৰ বিষয়ে তলত সংক্ষেপে উল্লেখ কৰা হ’ল—
(১) বিষয়বস্তুৰ দিশৰপৰা বিচাৰ কৰি ক’ব পাৰি যে, বেণুধৰ শৰ্মাৰ ‘আলহী কেইবিধ?’ ৰসাশ্ৰয়ী বা সৃষ্টিশীল গদ্যৰ সাৰ্থক উদাহৰণ।
(২) প্ৰকাশভংগীৰ দিশৰপৰা ‘আলহী কেইবিধ?’-ৰ গদ্য অলংকৃত বা বাখৰুৱা গদ্য।
(৩) ‘আলহী কেইবিধ?’ ৰচনাখনত নাটকীয় আৰু কথোপকথন শৈলী যথেষ্ট পৰিমাণে প্ৰয়োগ কৰা হৈছে। যেনে—
নাটকীয় শৈলীঃ
        ককাঃ  বাৰু তহঁত ভাল ল’ৰা।
        আমিঃ  পিছে, এতিয়া কওক, আপুনি নো ওফোৰাজেং বুলি কেলেই কৈছিল?
        ককাঃ  তহঁতৰপৰা উপায় নাই। বাৰু কওঁ, শুন।
কথোপকথনমূলক শৈলীঃ
        অলপ বেলি নিটাল মাৰি থাকি আমাৰে এটাই মাত লগালে, “কোন?” মাত শুনি আমাৰ মানত যি বুঢ়া ডাঙ্গৰীয়া যেন লাগিছিল, তেওঁ উত্তৰ দিলে, “ভূত-পিশাচ নহওঁ দেও, মানুহ হে।”

অন্যান্য প্ৰসংগঃ
        ‘আলহী কেইবিধ?’ নামৰ ৰচনাখন শিশুৰ বাবে ৰচিত। এনে কাৰণতে বেণুধৰ শৰ্মাই শিশুৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবে কেতবোৰ ৰচনা-কৌশল অৱলম্বন কৰিছে। যেনে—
(১) সংজ্ঞাকাৰে আলহীৰ প্ৰকাৰ সম্পৰ্কে ব্যাখ্যা নকৰি কাহিনী কোৱাৰ চলেৰে তাৰ ধাৰণা দাঙি ধৰিবলৈ যত্ন কৰিছে। সাধুকথা-কথনৰ কৌশল প্ৰয়োগ কৰাৰ বাবে ৰচনাখন মনোৰম হৈ উঠিছে। ৰচনাখন পঢ়িলে ককা-আইতাই সৰু সৰু ল’ৰা-ছোৱালীক সাধু কৈ আছে যেন অনুভৱ হয়।
(২) শিশুসকলক জ্ঞান (আলহীৰ প্ৰকাৰভেদ) দিয়াৰ লগতে নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা দিয়াৰ প্ৰচেষ্টা এটাও ‘আলহী কেইবিধ?’-ত চকুত পৰে। যেনে—
        (ক)    অপাৰ্থকত পৰা মানুহক খেদি পঠিয়াব নেপায়।
(খ)    যি ল’ৰাই নজনা কথা এষাৰ শুনিলে বুঢ়া লোকক বা তাতকৈ বয়সে ডাঙ্গৰ আন এজনক সুধি তাৰ খৰচি মাৰি লয় সেয়ে বঢ়িয়া ল’ৰা।

সামৰণিঃ
সামৰণিত ক’ব পাৰি যে, বেণুধৰ শৰ্মাৰ গদ্যৰ প্ৰধান বৈশিষ্ট্য হ’ল থলুৱা বচনভংগীৰ প্ৰাধান্য। কথিত ভাষাৰ গতটো ৰক্ষা কৰিবলৈ তেওঁ সদায় চেষ্টা কৰিছিল। শিশু সাহিত্যৰ উপৰি বেণুধৰ শৰ্মাৰ অন্যান্য ৰচনাতো থলুৱা বচনভংগীৰ সুপ্ৰয়োগ লক্ষ্য কৰা যায়। থলুৱা মাত-কথাকো যে বিভিন্ন বিষয়ৰ উপযোগী কৰি ব্যৱহাৰ কৰিব পাৰি, সেই কথা বেণুধৰ শৰ্মাই তেওঁৰ গদ্যৰ যোগেদি প্ৰমাণ কৰি থৈ গৈছে। এনে প্ৰচেষ্টাৰ যোগেদি ভাষাটোক বিজতৰীয়া হোৱাৰ পৰাও ৰক্ষা কৰিব পাৰি।

গ্ৰন্থপঞ্জীঃ
কটকী, প্ৰফুল্ল                 : ক্ৰমবিকাশত অসমীয়া কথাশৈলী, বীণা লাইব্ৰেৰী, গুৱাহাটী, ষষ্ঠ সংস্কৰণঃ ২০১১
কোঁৱৰ, অৰ্পণা (সম্পা.)       : আধুনিক অসমীয়া গদ্যশৈলী, বনলতা, ডিব্ৰুগড়, প্ৰথম প্ৰকাশঃ ২০১৬
নেওগ, বিভা দত্ত আৰু
ৰীতা দত্ত (সম্পা)             : অসমীয়া গদ্যচয়ন, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, চতুৰ্থ মুদ্ৰণঃ ডিচেম্বৰ, ২০১৭

সৃষ্টিৰ পৃথিৱী

মৃদুল মৰাণ

(প্ৰধানকৈ Dibrugarh University-ৰ স্নাতক অসমীয়া উচ্চমান পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা বিভিন্ন আলোচনা প্ৰকাশ কৰাৰ উদ্দেশ্যে এই ব্লগৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ যোগেদি নিশ্চয় লক্ষ্য ছাত্ৰ-ছাত্ৰীসকলৰ অলপ হ’লেও উপকাৰ হ’ব।)

0 comments:

Post a Comment