Wednesday, 18 March 2020

সাহিত্য আলোচনী ‘গৰীয়সী’ৰ এক সংক্ষিপ্ত পৰিচয়মূলক টোকা



প্ৰস্তাৱনাঃ
       অসমীয়া সাহিত্য আলোচনীসমূহৰ ভিতৰত ‘গৰীয়সী’ৰ (Gariyoshi, A Monthly Assamese Magazine) এক বিশিষ্ট আসন আছে। ১৯৯৩ চনৰ ১৭ অক্টোবৰ তাৰিখে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত ‘গৰীয়সী’য়ে জন্ম লাভ কৰিছিল। চন্দ্ৰপ্ৰসাদ শইকীয়াই আলোচনীখন ১৩ বছৰ সম্পাদনা কৰিছিল (১৯৯৩-২০০৬)। হৰেকৃষ্ণ ডেকায়েও কেইবছৰমান আলোচনীখন সম্পাদনা কৰিছিল। বৰ্তমান আলোচনীখনৰ সম্পাদক বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰা।
       গুৱাহাটীৰ সাহিত্য প্ৰকাশ, ট্ৰিবিউন গোষ্ঠীৰ পৰা ‘গৰীয়সী’ প্ৰকাশ পাই আছে। ট্ৰিবিউন গোষ্ঠীয়ে ‘গৰীয়সী’ৰ উপৰি দুখন দৈনিক আৰু এখন সাপ্তাহিক কাকত প্ৰকাশ কৰে— ‘দৈনিক অসম’ আৰু ‘অসম বাণী’। আলোচনীখনে ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ (১৯৯৩-২০১৮) অতিক্ৰম কৰিছে। অসমীয়া মাহেকীয়া আলোচনীৰ বাবে ই এক অভিলেখৰ কথা। আলোচনীখনৰ বৰ্তমান মূল্য ৩০ টকা।

আলোচনীখনৰ প্ৰথম সংখ্যাঃ
আলোচনীখনৰ প্ৰথম সংখ্যাটোত ২৫ গৰাকী লেখকৰ লেখা প্ৰকাশিত হৈছিল আৰু এওঁলোক প্ৰত্যেকেই সুপ্ৰতিষ্ঠত আছিল। প্ৰথম সংখ্যাত গল্প লিখিছিল চৈয়দ আব্দুল মালিক, শীলভদ্ৰ, নিৰুপমা বৰগোহাঞি, আনন্দ গোস্বামী আৰু অৰূপা পটঙ্গীয়া কলিতাই। ধাৰাবাহিকভাৱে উপন্যাস লিখিছিল মামণি ৰয়ছম গোস্বামী (‘তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা’), আৰু ধ্ৰুৱজ্যোতি বৰাই (‘ধূসৰতাৰ কাব্য’)। কবিতা লিখিছিল নিৰ্মলপ্ৰভা বৰদলৈ, ৰবীন্দ্ৰ বৰা, কবীন ফুকন, অৰ্চনা পূজাৰী, দিনেশ গোস্বামী, অনুপমা বসুমতাৰী, নীলিম কুমাৰ আৰু ৰবীন্দ্ৰ সৰকাৰে। প্ৰবন্ধকাৰ আছিল হোমেন বৰগোহাঞি, লক্ষ্যধৰ চৌধুৰী, যোগেশ দাস, মেদিনী চৌধুৰী, নলিনীধৰ ভট্টাচাৰ্য, প্ৰদীপ আচাৰ্য, নগেন শইকীয়া, নীলমণি ফুকন, ৰমেশ পাঠক, দয়ানন্দ পাঠক, গগন চন্দ্ৰ অধিকাৰী, বিজনলাল চৌধুৰী, চন্দ্ৰপ্ৰসাদ শইকীয়া আদিয়ে। সম্পাদক শইকীয়াই হীৰেন গোহাঁইৰ এটা গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰো গ্ৰহণ কৰিছিল। গ্যেটেৰ ফাউষ্টৰ (দ্বিতীয় খণ্ড) অনুবাদ আগবঢ়াইছিল নৱকান্ত বৰুৱাই। এই প্ৰথমখন ‘গৰীয়সী’ৰ দাম আছিল ১০ টকা।

‘গৰীয়সী’ৰ শিতানসমূহঃ
আলোচনীখনৰ নিয়মীয়া শিতানসমূহ হ’ল— কবিতা, প্ৰবন্ধ, গল্প, বছা বছা ভাঙনি, ধাৰাবাহিক উপন্যাস, বিচিত্ৰ বিজ্ঞান, ৰঙ্গভূমি, গ্ৰন্থ-সমালোচনা, সাহিত্য-সংবাদ আৰু অ-সম্পাদকীয়।
তলত আলোচনীখনৰ প্ৰতিটো নিয়মীয়া শিতানত প্ৰকাশিত বিষয়বস্তুৰ এক পৰিচয়মূলক আভাস দাঙি ধৰিবলৈ যত্ন কৰা হ’ল—

১.     কবিতাঃ
‘গৰীয়সী’ত সাম্প্ৰতিক সময়ৰ প্ৰতিষ্ঠিত প্ৰায়ভাগ কবিৰে কবিতা প্ৰকাশ হোৱা দেখা যায়। নতুন কবিসকলকো আলোচনীখনে গুৰুত্ব দিয়ে। সনন্ত তাঁতি, উদয় কুমাৰ শৰ্মা, কৰবী ডেকা হাজৰিকা, ৰাজীৱ বৰা, শোভেন হাজৰিকা, অনুভৱ তুলসী, অৰ্চনা পূজাৰী, পংকজ গোবিন্দ মেধি, কিশোৰ মনজিত বৰা, জোনমণি দাস, বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই, কৌশিক কিশলয় আদি কবিসকলে ‘গৰীয়সী’ত কাব্য চৰ্চা কৰি আছে।

২.     প্ৰবন্ধঃ
সাহিত্য আলোচনী হিচাপে আলোচনীখনত সাহিত্য বিষয়ক প্ৰবন্ধই অধিক প্ৰকাশ পায়। অৱশ্যে মাজে মাজে ভাষা আৰু সংস্কৃতি বিষয়ক প্ৰবন্ধও চকুত পৰে। আলোচনীখনত প্ৰকাশিত কেইটামান সাহিত্য সমালোচনামূলক প্ৰবন্ধ হ’ল—
·       জয়ন্ত মাধৱ বৰাৰ ‘সাম্প্ৰতিক অসমীয়া চুটিগল্পৰ গতিধাৰা’ (ছেপ্টেম্বৰ, ২০১৫)
·       লীলাৱতী শইকীয়া বৰাৰ ‘অসমীয়া কবিতা আৰু মহিলা অসমীয়া কবিৰ চমু ইতিবৃত্ত’ (আগষ্ট, ২০১৯)
·       দিলীপ ৰাজবংশীৰ ‘হেম বৰুৱাৰ কবিতা’ (আগষ্ট, ২০১৯)
·       সত্যকাম বৰঠাকুৰৰ ‘কৰবী ডেকা হাজৰিকাৰ কবিতা’ (মাৰ্চ, ২০১৯)
·       বিভাস চৌধুৰীৰ ‘সাম্প্ৰতিক অসমীয়া কবিতাৰ ধাৰা’ (মাৰ্চ, ২০১৮)
·       কৰবী ডেকা হাজৰিকাৰ ‘মিতভাষঃ এক চমু অৱলোকন’ (মে’, ২০১৬)
·       ডঃ খগেশ সেন ডেকাৰ ‘ভাষা-চিন্তাৰ ক্ৰমবিকাশ আৰু নৌম চমস্কিৰ ভাষা-চিন্তা’ (মাৰ্চ, ২০১৯) আদি।
বিশ্ব-সাহিত্যৰ গতি-বিধি বিষয়ক লেখাও আলোচনীখনত স্থান পাই আহিছে। যেনে— ৰবীন্দ্ৰ সৰকাৰৰ ‘ওৰহান পামুক আৰু তেওঁৰ সাহিত্য-ভাবনা’ (মে’, ২০১৬), দিনেশ গোস্বামীৰ ‘স্পেনীছ কবিতাঃ এটি চমু আভাস’ (মে’, ২০১৬), ধ্ৰুৱজ্যোতি দাসৰ ‘ইমাৰচনৰ কবিতাত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ’ (জুলাই, ২০১৯) আদি। সাহিত্যৰ ন ন তত্ত্ব আৰু নতুন তত্ত্বৰ আধাৰত কৰা সাহিত্য সমালোচনা আলোচনীখনে আগ্ৰহেৰে প্ৰকাশ কৰে। দুটামান উদাহৰণ— অনন্যা হিলৈদাৰীৰ ‘নাৰী মনস্তত্ত্ব, সমলিংগবাদ আৰু দুটা অসমীয়া চুটিগল্প’ (জুলাই, ২০১৯), দূবৰি গোস্বামীৰ ‘মৌখিক সাহিত্যত পৰিৱেশ সচেতনতা’ (জুলাই, ২০১৯), দীপামণি বৰ্মনৰ ‘সামাজিক লিংগ প্ৰসংগ আৰু অৰূপা পটংগীয়া কলিতাৰ চুটিগল্প’ (ছেপ্টেম্বৰ, ২০১৪), কমল কুমাৰ তাঁতীৰ ‘উত্তৰ-ঔপনিৱেশিক সাহিত্য, উত্তৰ-ঔপনিৱেশিক সমালোচনা তত্ত্বঃ এক অসমাপ্ত আলোচনা’ (আগষ্ট, ২০১৯) আদি।

৩.    বছা বছা ভাঙনিঃ
অসমীয়া অনুবাদ সাহিত্যৰ বিকাশত ‘গৰীয়সী’য়ে বিশেষ অৱদান আগবঢ়াই আছে। ‘বছা বছা ভাঙনি’ শিতানত বিশ্বৰ বিভিন্ন ভাষাৰ গল্প, কবিতাৰ অসমীয়া অনুবাদ প্ৰকাশ কৰা হয়। বিশ্ব-সাহিত্যৰ স্বৰূপ উপলব্ধি কৰাত এই অনুবাদসমূহে নিশ্চয় সহায় কৰিব। ‘গৰীয়সী’ৰ মাৰ্চ, ২০১৯ সংখ্যাত জন পল মুৰৰ কবিতা (পান কৰোঁ পিৰিছৰ পৰা, অনুঃ অনুপমা দত্ত শইকীয়া), বাংলা গল্পকাৰ অমৰ মুদিৰ গল্প (বিদায়, হে মাতৃ!, অনুঃ সুৰেন তালুকদাৰ) আৰু এডগাৰ এলেন পোৰ গল্পৰ অনুবাদ (প্ৰতিকৃতি, অনুঃ দিলীপ কুমাৰ শৰ্মা) প্ৰকাশ হৈছিল। ধাৰাবাহিক অনুবাদ উপন্যাসো আলোচনীখনে প্ৰকাশ কৰিছে। যেনে— অমৃতজ্যোতি মহন্ত অনূদিত ‘যেন এটি বন্দনা’ (মূলঃ পেৰুমপদৱম শ্ৰীধৰণ)।

৪.     ৰঙ্গভূমিঃ
‘ৰঙ্গভূমি’ শিতানত চলচ্চিত্ৰ, নাটকৰ সমালোচনাৰ লগতে নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আদিৰ জীৱন আৰু কৃতি বিষয়ক ৰচনা প্ৰকাশ কৰা হয়। অসমীয়া চলচ্চিত্ৰ সমালোচনাৰ ক্ষেত্ৰত আলোচনীখনৰ অৱদান নুই কৰিব নোৱাৰি। ‘ৰঙ্গভূমি’ শিতানত প্ৰকাশিত দুটামান প্ৰবন্ধ এনেধৰণৰ— ভাৰতী ভড়ালীৰ ‘ভাৰতত ৰাজনৈতিক চলচ্চিত্ৰৰ উত্থান’ (আগষ্ট, ২০১৯), নিজৰা ৰাজকুমাৰীৰ ‘ভিলেজ ৰকষ্টাৰ্ছ— ভাল চিনেমাৰ সুৰ সদায় ‘চিনেমা’ই’ (নৱেম্বৰ, ২০১৮), প্ৰফুল্ল গগৈৰ ‘যশস্বী নাট্যকাৰ ডঃ চন্দ্ৰধৰ চমুৱা’ (ছেপ্টেম্বৰ, ২০১৪) আদি।

৫.    ধাৰাবাহিক উপন্যাসঃ
অসমীয়া উপন্যাস সাহিত্যৰ বিকাশত ‘গৰীয়সী’ৰ বিশেষ অৱদান আছে। আলোচনীখনৰ পাতত মামণি ৰয়ছম গোস্বামীৰ ‘ছিন্নমস্তাৰ মানুহটো’, লক্ষ্মীনন্দন বৰাৰ ‘কায়কল্প’, ধ্ৰুৱজ্যোতি বৰাৰ ‘আজাৰ’, ৰীতা চৌধুৰীৰ ‘মায়াবৃত্ত’, কাব্যশ্ৰী মহন্তৰ ‘কানুৰ আকাশ কানুৰ পৃথিৱী’, অৰুণ শৰ্মাৰ ‘সংকল্প’, দেৱব্ৰত দাসৰ ‘ধূসৰতাৰ কাব্য’ আৰু ‘কড়ি খেলাৰ সাধু’, জয়ন্ত মাধৱ বৰাৰ ‘দেউল’, মণিকুন্তলা ভট্টাচাৰ্যৰ ‘জলপ্ৰপাত’ আদি গুণগত দিশেৰে সমৃদ্ধ ভালেমান উপন্যাস ধাৰাবাহিকভাৱে প্ৰকাশ পাইছে।

৬.    গল্পঃ
‘গৰীয়সী’য়ে ন-পুৰণি সকলো গল্পকাৰৰে গল্প প্ৰকাশ কৰি আহিছে। বিশেষ সংখ্যাত এনে সমাৱেশ স্পষ্টকৈ চকুত পৰে। উদাহৰণ স্বৰূপে ৰূপালী জয়ন্তী সংখ্যাত (অক্টোবৰ, ২০১৮) লক্ষ্মীনন্দন বৰা, ইমৰান শ্বাহ, পূৰৱী বৰমুদৈ, কুল শইকীয়া, ফুল গোস্বামী, জ্যোতিষ শিকদাৰ, মণিকা দেৱী, আকাশ দীপ্ত ঠাকুৰ আদিৰ গল্প প্ৰকাশ পাইছিল। এচাম নতুন গল্পকাৰ সৃষ্টিতো আলোচনীখনৰ অৱদান আছে। এই ক্ষেত্ৰত আলোচনীখনে প্ৰতি বছৰে আয়োজন কৰা ‘চন্দ্ৰপ্ৰসাদ সোঁৱৰণী গল্প প্ৰতিযোগিতা’ৰ কথা ক’ব পাৰি।

৭.     বিচিত্ৰ বিজ্ঞানঃ
‘বিচিত্ৰ বিজ্ঞান’ আলোচনীখনৰ এটা নিয়মীয়া শিতান। বিজ্ঞানৰ বৈচিত্ৰ্য তথা বিজ্ঞানৰ ন ন আৱিষ্কাৰ বিষয়ক প্ৰবন্ধ এই শিতানত প্ৰকাশ কৰা হয়। ‘গৰীয়সী’ প্ৰধানকৈ সাহিত্য আলোচনী যদিও এই শিতানটোৰ যোগেদি আলোচনীখনে বিজ্ঞান আলোচনীৰ এক ভূমিকাও পালন কৰি আছে বুলিব পাৰি। বিশেষকৈ কাহিনীবিযুক্ত (Non-fiction) বিজ্ঞান সাহিত্যৰ বিকাশত ‘গৰীয়সী’ৰ অৱদান স্বীকাৰ কৰিব লাগিব। দীনেশ চন্দ্ৰ গোস্বামী ‘বিচিত্ৰ বিজ্ঞান’ শিতানৰ এজন নিয়মীয়া লেখক। ‘গৰীয়সী’ত প্ৰকাশিত তেওঁৰ দুটামান বিজ্ঞান বিষয়ক প্ৰবন্ধ হ’ল— ‘ভাৰতীয় বিজ্ঞানীৰদ্বাৰা বহিঃগ্ৰহৰ আৱিষ্কাৰ’ (নৱেম্বৰ, ২০১৮), ‘জিন সম্পাদনাঃ সম্ভাৱনা আৰু বৰ্তমানৰ অৱস্থা’ (আগষ্ট, ২০১৯), ‘বিশ্বব্ৰহ্মাণ্ডৰ অন্ধকাৰ পদাৰ্থ আৰু অন্ধকাৰ শক্তি’ (জুলাই, ২০১৯) আদি।

৮.    গ্ৰন্থ-সমালোচনা আৰু সাহিত্য-সংবাদঃ
        ‘সাহিত্য-সংবাদ’ শিতানটোত সম্পাদকে সদ্য প্ৰকাশিত গ্ৰন্থৰ অতি চমু পৰিচয় দাঙি ধৰে। এনে পৰিচয়মূলক টোকাই গ্ৰন্থৰ বিশাল পৰিসৰৰ পৰা উপযুক্ত গ্ৰন্থ নিৰ্বাচন কৰাত সহায় কৰিব পাৰে। ‘গ্ৰন্থ-সমালোচনা’ শিতানত নতুনকৈ প্ৰকাশিত গ্ৰন্থৰ সমালোচনা প্ৰকাশ কৰা হয়।

৯.    পুনঃপঠিতব্যঃ
আলোচনীখনৰ এটা বিশেষ শিতান হ’ল ‘পুনঃপঠিতব্য’। এই শিতানত পূৰ্বে প্ৰকাশিত সাময়িক প্ৰসংগযুক্ত লেখা পুনৰ প্ৰকাশ কৰা হয়।

১০.   অ-সম্পাদকীয়ঃ
‘অ-সম্পাদকীয়’ শিতানত সম্পাদকে সাম্প্ৰতিক সময়ৰ বিভিন্ন প্ৰাসংগিক দিশৰ আলোচনা একোটা দাঙি ধৰে। এই শিতানটোক ‘সম্পাদকীয়’ৰে এক অংশ বুলিব পাৰি। সততে শুনা যায় যে, বৈদ্যুতিন মাধ্যমৰ প্ৰসাৰৰ ফলত কিতাপৰ পঢ়ুৱৈৰ সংখ্যা আৰু মুদ্ৰিত গ্ৰন্থৰ প্ৰচলন হ্ৰাস পাইছে। লক্ষ্মীনন্দন বৰাই এনে মন্তব্য যে তথ্যভিত্তিক নহয়, সেয়া ‘মুদ্ৰিত গ্ৰন্থৰ প্ৰচলন বৃদ্ধিহে পাইছে’ শীৰ্ষক ‘অ-সম্পাদকীয়’ত দাঙি ধৰিছে (আগষ্ট, ২০১৯)।

ভ্ৰমণ কাহিনী, আত্মকথা বা আত্মজীৱনী, শিল্পকলা বিষয়ক প্ৰবন্ধ আদিও ‘গৰীয়সী’ত প্ৰকাশ পোৱা দেখা যায়। লোকসংস্কৃতিবিদ প্ৰবীণ চন্দ্ৰ দাসৰ আত্মজীৱনীমূলক ৰচনা ‘বন বিৰিণাৰ ছাঁত’ ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। বৰ্তমান তেওঁৰে আত্মজীৱনীমূলক ৰচনা ‘বসন্তৰ বাউলী বোকোচাত’ আলোচনীখনত ধাৰাবাহিকভাৱে প্ৰকাশ পাই আছে।
 ‘ভ্ৰমণ’ শিতানটো নিয়মীয়া শিতান নহয় যদিও অসমীয়া ভ্ৰমণ সাহিত্যক সমৃদ্ধ কৰিব পৰাকৈ কেইবাটাও মনোৰম ভ্ৰমণ কাহিনী ‘গৰীয়সী’ৰ পাতত প্ৰকাশ পাই গৈছে। যেনে— কৰবী ডেকা হাজৰিকাৰ ‘লেটিন আমেৰিকাৰ বিস্ময় আৰু শিহৰণ’ আৰু ‘সমুদ্ৰৰ পৰা শিখৰলৈ’, দিলীপ বৰাৰ ‘ড্ৰেগনৰ দেশত’, লক্ষ্মীনন্দন বৰাৰ ‘চীনক চিনিবলৈ টান’ আদি।

‘গৰীয়সী’ৰ দুটামান বিশেষ বৈশিষ্ট্যঃ
·       বিহু, পূজা উপলক্ষে আলোচনীখনে বিশেষ সাহিত্য সংকলন প্ৰকাশ কৰে (বৃহৎ কলেবৰত)। ৰূপালী জয়ন্তী বৰ্ষত ‘গৰীয়সী’য়ে কবিতা আৰু গল্প বিশেষ সংখ্যা প্ৰকাশ কৰিছিল। (অক্টোবৰ, ২০১৮)
·       কোনো সাহিত্যিকৰ মৃত্যুত বিশেষ শ্ৰদ্ধাৰ্ঘ্য সংখ্যা আলোচনীখনে প্ৰকাশ কৰি আহিছে। যেনে— মহিম বৰা শ্ৰদ্ধাৰ্ঘ্য সংখ্যা (নৱেম্বৰ, ২০১৬), হীৰেন ভট্টাচাৰ্য বিশেষ সংখ্যা (ছেপ্টেম্বৰ, ২০১২) আদি।
·       আলোচনীখনৰ বেটুপাতৰ এক বিশেষ বৈশিষ্ট্য আছে। বেটুপাতত সাধাৰণতে কোনো চিত্ৰকৰ অথবা ভাস্কৰ্যশিল্পীৰ চিত্ৰকৰ্ম-শিল্পকৰ্মক ঠাই দি অহা হৈছে। যেনে— পৰিতোষ সেনৰ চিত্ৰকৰ্ম (জুলাই, ২০১৮), জিম হজেছৰ শিল্পকৰ্ম (ছেপ্টেম্বৰ, ২০১৪) আদি।
·       আলোচনীখনে নিয়মীয়া ৰূপত ‘চন্দ্ৰপ্ৰসাদ সোঁৱৰণী গল্প প্ৰতিযোগিতা’ আয়োজন কৰি আহিছে।

সামৰণিঃ
অসমীয়া সাহিত্যৰ বিকাশ আৰু সমৃদ্ধিত সাহিত্য আলোচনী ‘গৰীয়সী’ৰ নিশ্চয়কৈ অৱদান আছে। গল্প, কবিতা, উপন্যাস আৰু সাহিত্য সমালোচনাৰ লগতে আলোচনীখনে আত্মজীৱনী, ভ্ৰমণ কাহিনী, অনূদিত সাহিত্য, চলচ্চিত্ৰ আৰু নাট্য সমালোচনা, বিজ্ঞান সাহিত্য আদি প্ৰকাশ কৰি আহিছে। সাহিত্যৰ ন ন তত্ত্ব আৰু তেনে তত্ত্ব আধাৰিত অসমীয়া সাহিত্যৰ আলোচনাই অসমীয়া সাহিত্য সমালোচনা ক্ষেত্ৰখনক বিশেষভাৱে সমৃদ্ধ কৰিছে।
সম্পাদক লক্ষ্মীনন্দন বৰাই ছেপ্টেম্বৰ, ২০১৮ সংখ্যাৰ সম্পাদকীয়ত লিখিছিল যে, অসমীয়া সাহিত্যত গৰীয়সী যুগৰ সূচনা হৈছিল বুলি কোৱা টান। কাৰণ ইয়াৰ লগত ৰামধেনু যুগৰ লেখক-লেখিকাৰ লগতে ১৯৯০ চনৰ পাছত জন্ম লাভ কৰা লেখক-লেখিকাও জড়িত হৈ আছে। (পৃ. ৪) সেই হ’লেও ‘গৰীয়সী’ৰ সাহিত্যিক অৱদান আমি স্বীকাৰ কৰিবই লাগিব।



সৃষ্টিৰ পৃথিৱী

মৃদুল মৰাণ

(প্ৰধানকৈ Dibrugarh University-ৰ স্নাতক অসমীয়া উচ্চমান পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা বিভিন্ন আলোচনা প্ৰকাশ কৰাৰ উদ্দেশ্যে এই ব্লগৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ যোগেদি নিশ্চয় লক্ষ্য ছাত্ৰ-ছাত্ৰীসকলৰ অলপ হ’লেও উপকাৰ হ’ব।)

0 comments:

Post a Comment