Saturday, 25 April 2020

মোপাছাঁৰ ‘হীৰাৰ হাৰ’ গল্পৰ দুটিমান দিশঃ এক ব্যাখ্যাত্মক আলোচনা


মোপাছাঁৰহীৰাৰ হাৰগল্পৰ দুটিমান দিশঃ এক ব্যাখ্যাত্মক আলোচনা

স্নাতক ষষ্ঠ ষাণ্মাসিক (উচ্চমান)
বিশ্বসাহিত্যৰ পৰিচয়
গোটঃ ৪
শ্ৰেণী শিক্ষকঃ মৃদুল মৰাণ
অসমীয়া বিভাগ, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়

ফৰাছী গল্পকাৰ গী দ্য মোপাছাঁৰ এটা বহুপঠিত গল্প হহীৰাৰ হাৰ’ (ইংৰাজী নামঃ The Necklaceবা The Diamond Necklace’, ফৰাছী নামঃ La Parure)বিশেষকৈ সামৰণিৰ শ্লেষ বা শ্লেষাত্মক পৰিণতি(twist ending বা ironic ending) বাবে গল্পটো জনপ্ৰিয় আৰু মনোৰম। এয়া প্ৰকৃততে মোপাছাঁৰ গল্পৰে এক স্বকীয় বিশেষত্ব। গল্পটো প্ৰথম প্ৰকাশ পাইছিল ১৮৮৪ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে ফৰাছী বাতৰিকাকত Le Gaulois
গল্পটো অসমীয়া ভাষালৈ কেইবাজনো অনুবাদকে অনুবাদ কৰিছে। যেনে— মহেন্দ্ৰ বৰাই ‘কণ্ঠহাৰ’, সত্যেন বৰকটকীয়ে ‘হীৰাৰ হাৰ’, অজিত বৰুৱাই ‘অলংকাৰ’ আদি নামেৰে অনুবাদ কৰিছ। আলোচনাৰ বাবে সত্যেন বৰকটকীৰ অনুবাদটো লোৱা হৈছে।

গল্পটোত প্ৰতিফলিত দাৰিদ্ৰ্যৰ ছবিঃ
হীৰাৰ হাৰগল্পটোত গল্পকাৰ গী দ্য মোপাছাঁই মঁচিয় লোৱাজেল আৰু মাদাম মাতিলদ লোৱাজেলৰ (Madame Mathilde Loisel) দৰিদ্ৰতাৰ চিত্ৰ এখন দাঙি ধৰিছে। তেওঁলোক আৰ্থিক দিশেৰে দৰিদ্ৰ যদিও মঁচিয় লোৱাজেল মনৰপৰা দৰিদ্ৰ নাছিল। কিন্তু মাদাম লোৱাজেল আছিল আৰ্থিক আৰু মানসিক উভয় দিশৰ পৰাই দৰিদ্ৰ। থকা বস্তুখিনিক লৈ তাই কেতিয়াও সুখী হোৱা নাছিল। বিলাসী জীৱন এটাৰ প্ৰতি থকা মোহে তাইক ক্ৰমে ক্ৰমে অসুখী কৰি তুলিছিল। গল্পটোত প্ৰতিফলিত দাৰিদ্ৰ্যৰ ছবিসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—
·       মাদাম লোৱাজেলৰ সপোনৰ ঘৰখনৰ যি বৰ্ণনা দিয়া হৈছে, সি মঁচিয় লোৱাজেল আৰু মাদাম লোৱাজেলৰ দাৰিদ্ৰ্যৰ কথা প্ৰকাশ কৰাত বিশেষ সহায় কৰিছে। মাদাম লোৱাজেলৰ সপোনৰ ঘৰখন এনেধৰণৰ— “প্ৰাচ্যৰ জকমকীয়া পৰ্দা, পিতলৰ নাল লগা ওখ ওখ চাকি, আৰামী-চকীত দীঘল দি পৰি থকা উৰ্দি পিন্ধা দুটা আলধৰা, মৰগীয়া আচবাব-পত্ৰেৰে সজোৱা ঘৰ, মচলিনৰ পৰ্দাৰে বেৰা আহল-বহল বৈঠকখানা; তাৰ কাষতে সুবাসত মলমলাই থকা এটা সৰু খোটালি, য’ত আনকি পাঁচ বজাৰ চাহৰ সময়ত অন্তৰংগ বন্ধু-বান্ধৱীসকলৰ লগত, বিশিষ্ট ভদ্ৰলোকসকলৰ লগত কথা পাতিব পাৰি।” মাদাম লোৱাজেলে ঘৰখনত ডাঙৰ ডাঙৰ ভোজ আয়োজনৰ সপোনো দেখে— “চিকমিকাই থকা ৰূপৰ বাচন; বেৰত বিশিষ্ট পূৰ্বপুৰুষসকলৰ আৰু নন্দন কাননত গছৰ ডালত পৰি গীত গাই থকা আপুৰুগীয়া চৰাইৰ ছবি; নানা তৰহৰ সুস্বাদু, সুগন্ধি খাদ্য; গোলাপী বৰণৰ ‘ট্ৰাউট’ মাছ বা চৰাইৰ ডেউকাৰ ভজা; আৰু এই সকলোবোৰৰ মাজত গোটেই কোঠাটো গমগমীয়াকৈ ৰখা কথা-বতৰা, মিচিকিয়া হাঁহি।” ইয়াৰ এক সম্পূৰ্ণ বিপৰীত ছবিহে মঁচিয় লোৱাজেল আৰু মাদাম লোৱাজেলৰ ঘৰত বিদ্যমান। এইদৰে গল্পকাৰে কৌশলেৰে বৈপৰীত্যৰ যোগেদি তেওঁলোকৰ দাৰিদ্ৰ্যৰ ছবিখন আঁকিছে।
·       শিক্ষা বিভাগৰ মন্ত্ৰীৰ ভোজমেললৈ নিমন্ত্ৰণ পায়ো মাদাম লোৱাজেল যাবলৈ অমান্তি হৈছিল। কাৰণ, তাইৰ দামী সাজ-পাৰ আৰু অলংকাৰ নাছিল। অলংকাৰ কিনাৰ সামৰ্থ নথকাৰ বাবে তেওঁ বান্ধৱীয়েক ফৰেস্তিয়েৰৰপৰা অলংকাৰ ধাৰ কৰি আনি পিন্ধিবলগীয়া হৈছিল।
·       বল নাচৰপৰা উভতাৰ পৰত মঁচিয় লোৱাজেলে পত্নীৰ গাত দি দিয়া কাপোৰখনেও তেওঁলোকৰ দাৰিদ্ৰ্যৰ কথা প্ৰকাশ কৰিছে— “নাচলৈ পিন্ধি অহা মনোমোহা সাজ-পাৰৰ ওপৰত এই সাধাৰণ সস্তীয়া কাপোৰখন বৰ অশুৱনি হৈছিল।”
·       শিক্ষা বিভাগৰ মন্ত্ৰীৰ ভোজমেল আৰু নাচৰপৰা উলটি আহোঁতে তেওঁলোকে ভাৰা গাড়ী পোৱা নাছিল। তেওঁলোকৰ নিজা গাড়ী নাছিল। জাৰত কঁপি কঁপি ভালেখিনি খোজ কাঢ়িবলগীয়া অৱস্থাও হৈছিল। অৱশেষত তেওঁলোকে চেইন নৈৰ পাৰত ভাৰা মাৰি ফুৰা ‘কুপে’ এখন পায় আৰু তাতে উঠি ঘৰলৈ যায়। সাধাৰণতে এনে গাড়ীত ধনী মানুহ নুঠে। এই গাড়ীবোৰ তেনেই জীৰ্ণ। গল্পকাৰৰ ভাষাত “এনে গাড়ী পাৰিত ৰাতিহে দেখিবলৈ পোৱা যায়; সিহঁতৰ দুৰৱস্থা দিনত প্ৰকাশ কৰিবলৈ লাজ পায়।” এই কথাখিনিয়েও মঁচিয় আৰু মাদাম লোৱাজেলৰ দাৰিদ্ৰ্যৰ কথা প্ৰকাশ কৰিছে।
·       মাদাম ফৰেস্তিয়েৰৰপৰা অনা হাৰডাল মাদাম লোৱাজেলে হেৰুৱাইছিল। হেৰুৱা হাৰডালৰ সলনি নিজৰ টকাৰে এডাল নতুন হাৰ কিনি মাদাম ফৰেস্তিয়েৰক ঘূৰাই দিয়াৰ সামৰ্থ তেওঁলোকৰ নাছিল। দেউতাকে এৰি যোৱা টকাখিনিৰেও তেওঁলোকে এডাল হীৰাৰ হাৰ কিনিব নোৱাৰিছিল। ফলত বিভিন্ন জনৰপৰা তেওঁলোকে উচ্চ সুদত টকা ধাৰে ল’বলগীয়া হৈছিল।
·       ধাৰ মাৰিবৰ বাবে তেওঁলোকে বিভিন্ন খৰচ কমাবলগীয়া হৈছিল। লিগিৰীজনীক বিদায় দি মাদাম মাতিলদ লোৱাজেলে ঘৰৰ কামবোৰ নিজে কৰিবলৈ লৈছিল। দোকানীৰ লগত দৰ-দাম কৰিও তেওঁলোকে টকা সাঁচিবলগীয়া হৈছিল। মঁচিয় লোৱাজেলেও ৰাতি অতিৰিক্ত কাম কৰিবলৈ আৰম্ভ কৰিছিল। আগৰ ঘৰটো এৰি দুটা কোঠাৰ ঘৰ এটাতে তেওঁলোক থাকিবলৈ লৈছিল। তেওঁলোকক ধাৰ পৰিশোধ কৰিবলৈ সুদীৰ্ঘ দহ বছৰ সময় লাগিছিল। এনে দিশবোৰেও মঁচিয় লোৱাজেল আৰু মাদাম লোৱাজেলৰ দাৰিদ্ৰ্যৰ কথা প্ৰকাশ কৰিছে।

এইদৰে ‘হীৰাৰ হাৰ’ গল্পটোত মঁচিয় লোৱাজেল আৰু মাদাম মাতিলদ লোৱাজেলৰ দাৰিদ্ৰ্যৰ চিত্ৰ গল্পকাৰে চিত্ৰিত কৰিছে।

দায়িত্বশীল স্বামীৰ ৰূপত মঁচিয় লোৱাজেলঃ
        মাদাম মাতিলদ লোৱাজেল কেৰাণী পৰিয়াল এটাত জন্ম গ্ৰহণ কৰিছিল তেওঁৰ মতে এয়াভাগ্যৰ বিপৰ্যয় মাদাম লোৱাজেলে সদায় নিজকে অভিজাত ব্যক্তি হিচাপে কল্পনা কৰিহে ভাল পাইছিল তেওঁৰ স্বামী মঁচিয় লোৱাজেল শিক্ষা বিভাগৰ এজন স্বল্প বেতনধাৰী কেৰাণী আছিল অৱশ্যে নিজৰ সামৰ্থ অনুসৰি তেওঁ পত্নীক সুখী কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিছিল তলত মঁচিয় লোৱজেলে কৰা তেনে চেষ্টাসমূহ উল্লেখ কৰা
(ক) অভাৱী জীৱনৰ সৰু সৰু বিষয়বোৰক লৈয়ে মঁচিয় লোৱাজেল সুখী হ’বলৈ বিচাৰে আৰু লগতে নিজৰ পত্নী মাদাম মাতিলদ লোৱাজেলকো সুখী কৰিবলৈ বিচাৰে। ইয়াৰ এটা ধুনীয়া উদাহৰণ হ’ল মাদাম লোৱাজেলে ৰন্ধা খাদ্যৰ প্ৰশংসা কৰাটো।
(খ) মঁচিয় লোৱাজেলে পত্নীয়ে যে ঘৰত সোমাই আমনি পায়, সেয়া উপলব্ধি কৰিছে পত্নীৰ মনত আনন্দ লগাবৰ বাবেই তেওঁ অতি কষ্টেৰে শিক্ষা বিভাগৰ মন্ত্ৰী আৰু মাদাম ৰাঁপনয়ে আয়োজন কৰা ভোজমেল তথা বল নাচ আমন্ত্ৰণ-পত্ৰ এখন যোগাৰ কৰি আনিছে সাধাৰণতে তেওঁলোকৰ পদবীৰ মানুহক এনে ভোজমেল বা নাচলৈ নিমন্ত্ৰণ কৰা নহয় গতিকে বুজিব পাৰি যে, মঁচিয় লোৱাজেলে আমন্ত্ৰণ-পত্ৰখন যোগাৰৰ বাবে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল।
(গ) এনে নিমন্ত্ৰণ পায়ো কিন্তু মাদাম লোৱাজেল সুখী আৰু আনন্দিত হোৱা নাছিল কাৰণতাইৰ দামী কাপোৰ-অলংকাৰ নাই সাধাৰণ সাজত লে তাই লাজহে পাব লাগিব বুলি ভাবিছিল পত্নীক সন্তুষ্ট আৰু সুখী কৰাৰ স্বাৰ্থতে মঁচিয় লোৱাজেলে নিজৰ সপোন আৰু আশাকো বিসৰ্জন দিছে বন্ধুৰ লগত নাঁতেৰত চিকাৰ কৰিবলৈ বুলি এটা বন্দুক কিনিবলৈ তেওঁ চাৰিশ ফ্ৰাংক ধন সাঁচি ৰাখিছিল গোটেইখিনি ধন তেওঁ মাতিলদক পোছাক তৈয়াৰৰ বাবে দি দিছে।
(ঘ) পোছাকৰ অভাৱ দূৰ হোৱাৰ পাছতো কিন্তু মাদাম মাতিলদ লোৱাজেল অসন্তুষ্ট আছিল পত্নীৰ অসন্তুষ্টিত বিৰক্ত নহৈ মঁচিয় লোৱাজেলে সেই সমস্যা দূৰ কৰিবলৈ অলংকাৰৰ সলনি ফুলকে মাৰি যাবলৈ কৈছে মাদাম লোৱাজেলে তেনে কৰিবলৈ সন্মত নোহোৱাত বান্ধৱী মাদাম জেন ফৰেষ্টিয়েৰৰপৰা অলংকাৰ ধাৰে আনি পিন্ধিবলৈ পৰামৰ্শ দিছে স্বামীৰ পৰামৰ্শ অনুসৰি মাদাম লোৱাজেলে ফৰেষ্টিয়েৰৰপৰা হীৰাৰ হাৰ এডাল ধাৰ কৰি আনিছে।
(ঙ) বল নাচ শেষ কৰি মাদাম লোৱাজেল ঘৰলৈ যাবলৈ ওলালত স্বামী মঁচিয় লোৱাজেলে তেওঁৰ গাটো কাপোৰ এখনেৰে ঢাকি দিছিল। ঘৈণীয়েকৰ ঠাণ্ডা লাগিব পাৰে বুলি তেওঁ কাপোৰ এখন ঘৰৰপৰা লৈ আহিছিল আৰু লগতে ঘোঁৰা গাড়ী এখন মাতি আনিবও বিচাৰিছিল।
(চ) মাদাম ফৰেস্তিয়েৰৰপৰা অনা হাৰডাল মাদাম লোৱাজেলে হেৰুৱাইছিল। হেৰুৱা হাৰডাল বিচাৰিবলৈ মঁচিয় লোৱাজেলে যত্ন কৰিছিল। হাৰ বিচাৰি নাপাই পুলিচত খবৰ দিছিল, ঘোঁৰা-গাড়ীৰ অফিচবোৰলৈ গৈছিল, পুৰস্কাৰ ঘোষণা কৰি খবৰ কাগজত বিজ্ঞাপন দিছিল— যথাসম্ভৱ সকলো কৰিছিল। মঁচিয় লোৱাজেলে মাতিলদক বান্ধৱীয়েকৰ আগত হাৰডালৰ জোৰা ছিঙিল, মেৰামতি কৰিবলৈ দিয়া হৈছে বুলি মিছা মাতিবলৈ কৈছিল। কাৰণ, হাৰডাল বিচাৰোঁতে তেওঁলোকক সময় লাগিব।
(ছ) হেৰুৱা হাৰডাল বিচাৰি নাপাই তেওঁলোকে একে হাৰ এডাল কিনি ফৰেস্তিয়েৰক দিয়াৰ কথা ভাবিছে। মঁচিয় লোৱাজেলে দেউতাকে থৈ যোৱা ওঠৰ হেজাৰ ফ্ৰাংকৰ সকলোখিনি হীৰাৰ হাৰ কিনাৰ বাবে দি দিছে আৰু আন ওঠৰ হেজাৰ যাৰ-তাৰপৰা ধাৰ কৰিছে। ঋণ পৰিশোধৰ বাবে অফিচৰ কামৰ উপৰি অতিৰিক্ত কাম কৰিবলৈ আৰম্ভ কৰিছে।

        এই দিশবোৰ বিচাৰ কৰি পাৰি যে, মঁচিয় লোৱাজেল এজন দায়িত্বশীল স্বামী তেওঁ নিজৰ পত্নীক সুখী কৰিবলৈ সদায় যত্ন কৰিছেপ্ৰয়োজনত নিজৰ বিলাস বা সপোন ত্যাগ কৰিছে, বিপদৰ সময়ত পত্নীক একান্তভাৱে লগ দিছে বা একেলগ হৈ সমস্যা সমাধানৰ যত্ন কৰিছে

গল্পটোত প্ৰতিফলিত মাদাম লোৱাজেলৰ নাৰীসুলভ বাসনা তথা নাৰী মনস্তত্ত্বঃ
        সাজ-পাৰ, অলংকাৰ-পাতি, শাৰীৰিক সৌন্দৰ্য, সকলো সামগ্ৰীৰে পূৰ্ণ এখন ঘৰ, আলহী-অতিথিৰ সৈতে আড্ডা, মানুহৰ প্ৰশংসা— এইবোৰ অনেক নাৰীৰ কাম্য বস্তু। গী দ্য মোপাছাঁৰ ‘হীৰাৰ হাৰ’ গল্পটোত মাদাম মাতিলদ লোৱাজেল নামৰ চৰিত্ৰটোৰ যোগেদি এনেবোৰ নাৰীসুলভ বাসনা বা নাৰী মনস্তত্ত্ব প্ৰকাশ কৰা হৈছে। তলত এই সম্পৰ্কে চমুকৈ আলোচনা কৰা হ’ল—
·       গল্পটোত মাদাম লোৱাজেলে সপোনৰ জগতখনত যিবোৰ বস্তু বিচাৰি ফুৰিছে, সেয়া অনেক নাৰীৰে কাম্য বস্তু। এনে বৰ্ণনাই মাদাম লোৱাজেলৰ নাৰীসুলভ বাসনা বা সামগ্ৰিকভাৱে নাৰী মনস্তত্ত্ব প্ৰকাশ কৰিছে। মাদাম লোৱাজেলৰ সপোনৰ ঘৰখন এনেধৰণৰ— “প্ৰাচ্যৰ জকমকীয়া পৰ্দা, পিতলৰ নাল লগা ওখ ওখ চাকি, আৰামী-চকীত দীঘল দি পৰি থকা উৰ্দি পিন্ধা দুটা আলধৰা, মৰগীয়া আচবাব-পত্ৰেৰে সজোৱা ঘৰ, মচলিনৰ পৰ্দাৰে বেৰা আহল-বহল বৈঠকখানা; তাৰ কাষতে সুবাসত মলমলাই থকা এটা সৰু খোটালি, য’ত আনকি পাঁচ বজাৰ চাহৰ সময়ত অন্তৰংগ বন্ধু-বান্ধৱীসকলৰ লগত, বিশিষ্ট ভদ্ৰলোকসকলৰ লগত কথা পাতিব পাৰি।” মাদাম লোৱাজেলে ঘৰখনত ডাঙৰ ডাঙৰ ভোজ আয়োজনৰ সপোনো দেখে— “চিকমিকাই থকা ৰূপৰ বাচন; বেৰত বিশিষ্ট পূৰ্বপুৰুষসকলৰ আৰু নন্দন কাননত গছৰ ডালত পৰি গীত গাই থকা আপুৰুগীয়া চৰাইৰ ছবি; নানা তৰহৰ সুস্বাদু, সুগন্ধি খাদ্য; গোলাপী বৰণৰ ‘ট্ৰাউট’ মাছ বা চৰাইৰ ডেউকাৰ ভজা; আৰু এই সকলোবোৰৰ মাজত গোটেই কোঠাটো গমগমীয়াকৈ ৰখা কথা-বতৰা, মিচিকিয়া হাঁহি।”
·       গল্পটোত কোৱা হৈছে যে, ভাল সাজ-পাৰ আৰু অলংকাৰ-পাতিয়েই আছিল মাদাম লোৱাজেলৰ আটাইতকৈ কাম্য বস্তু। তেওঁ ভাবিছিল যে, সেই দুবিধ সামগ্ৰীৰ বাবেই তেওঁক ভগৱানে স্ৰজিছিল। ভাল কাপোৰ আৰু গহনা নথকাৰ বাবেই শিক্ষা বিভাগৰ মন্ত্ৰীয়ে আয়োজন কৰা ভোজমেল আৰু নাচলৈ আমন্ত্ৰণ পায়ো যাবলৈ অমান্তি হৈছিল।
·       নাৰীসুলভ ঈৰ্ষা আৰু ঈৰ্ষাজনিত বিক্ষোভ তথা অপৰাধপ্ৰৱণতাৰ ইংগিতো গল্পটোত পোৱা যায়। স্কুলীয়া দিনৰ চহকী বান্ধৱীয়েকৰ ঘৰলৈ যাবলৈ মাদাম লোৱাজেলে বেয়া পায় আৰু কেতিয়াবা যাবলগীয়া হ’লেও উভতি অহাৰ পাছত তেওঁৰ মন বিক্ষোভ, অনুতাপ আৰু নৈৰাশ্যৰে ভৰি পৰে। কাৰণ, বান্ধৱীয়েকৰ চহকী জীৱনটো মাদাম লোৱাজেলৰ বাবে ঈৰ্ষাৰ বিষয় হৈ পৰে আৰু তাৰ তুলনাত নিজৰ জীৱনৰ অৱস্থাৰ কথা ভাবি নৈৰাশ্যত ভোগে। আাকৌ বান্ধৱীয়েক মাদাম ফৰেস্তিয়েৰৰপৰা গহনা আনিবলৈ যাওঁতে এধাৰ অপূৰ্ব হীৰাৰ হাৰত মাদাম লোৱাজেলৰ চকু পৰিছে। তেওঁৰ হাৰডাল একেবাৰে নিজৰ কৰি ল’বলৈ মন গৈছিল। ‘অসৎ হেঁপাহ’ এটাত তেওঁৰ বুকু ধপ্-ধপাইছিল, হাত কঁপিছিল।
·       মাদাম লোৱাজেলৰ মনত আন কেতবোৰ গুপুত আকাংক্ষাও আছিল— সকলোকে তেওঁ সন্তুষ্ট কৰিব, সকলোৱে আগ্ৰহেৰে তেওঁক বিচাৰি আহিব, নিজৰ প্ৰতিভাৰে তেওঁ সমাজত পৰিচয় দিব। তেওঁৰ অনুগ্ৰহ-প্ৰাৰ্থীয়ে তেওঁক বেৰি থ’ব। এয়াও মাদাম লোৱাজেলৰ নাৰীসুলভ বাসনাৰ অন্য এটা দিশ বা সামগ্ৰিকভাৱে নাৰী মনস্তত্ত্বৰ এটা দিশ। বল নাচৰ যোগেদি অন্য ব্যক্তিৰপৰা পোৱা আদৰ-প্ৰশংসা আৰু গুৰুত্বই মাদাম লোৱাজেলৰ নাৰীসুলভ বাসনাক কিদৰে তৃপ্ত কৰিছিল, সেই সম্পৰ্কে গল্পকাৰে স্পষ্টভাৱে এনেদৰে কৈছে— “সৌন্দৰ্যৰ সাফল্যমণ্ডিত বিকাশ, সফলতাৰ গৌৰৱ, সকলোৰে পূজা, প্ৰশংসা, লোকৰ প্ৰাণৰ জগোৱা লিপ্সা, ৰমণী হৃদয়ৰ সবাতোকৈ প্ৰিয়, সম্পূৰ্ণ বিজয়ৰ উন্মাদনা— এই আটাইবোৰে মিলি তেওঁক সুখৰ ডাৱৰৰ মাজেদি উটুৱাই লৈ যোৱাদি নিলে। উচ্ছ্বাস-আৱেগপূৰ্ণ মুক্ত নাচোন-ভংগীৰে আনন্দত মতলীয়া হৈ হেঁপাহ পলুৱাই তেওঁ নাচিলে।” বল নাচৰ দিনা মাদাম লোৱাজেলে সকলোৰে প্ৰশংসা পাইছিল। প্ৰায়বোৰ পুৰুষে তেওঁলৈ চাইছিল, তেওঁৰ কথা সুধিছিল আৰু তেওঁৰ লগত চিনাকি হ’বলৈ বিচাৰিছিল। মন্ত্ৰীসভাৰ প্ৰত্যেকজন মন্ত্ৰী তেওঁৰ লগত ‘ওলাল্টজ নাচ’ নাচিবলৈ আগবাঢ়ি আহিছিল। শিক্ষামন্ত্ৰীয়েও তেওঁৰ প্ৰতি বিশেষ মনোযোগ দিছিল। এইবোৰ কথাই মাদাম লোৱাজেলক ভীষণ আনন্দ দিছিল।
·       আত্ম-প্ৰেমত বিভোৰ হোৱা ছবি এখনো গল্পটোত আছে। দামী পোছাক আৰু অলংকাৰত নিজকে বাৰে বাৰে চাই থকাৰ মন মাদাম লোৱাজেলৰ। সেয়ে তেওঁ বল নাচৰপৰা উভতি অহাৰ পাছতো নিজক আকৌ এবাৰ চোৱাৰ হেঁপাহত আৰ্চিৰ সমুখত থিয় দিছে।


সৃষ্টিৰ পৃথিৱী

মৃদুল মৰাণ

(প্ৰধানকৈ Dibrugarh University-ৰ স্নাতক অসমীয়া উচ্চমান পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা বিভিন্ন আলোচনা প্ৰকাশ কৰাৰ উদ্দেশ্যে এই ব্লগৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ যোগেদি নিশ্চয় লক্ষ্য ছাত্ৰ-ছাত্ৰীসকলৰ অলপ হ’লেও উপকাৰ হ’ব।)

1 comments: