স্নাতক চতুৰ্থ ষান্মাসিক (উচ্চমান)
অসমীয়া গদ্য-সাহিত্য (পঞ্চম কাকত)
গোটঃ ৪
শ্ৰেণী শিক্ষকঃ মৃদুল মৰাণ
অসমীয়া বিভাগ, দেৰগাঁও কমল
দুৱৰা মহাবিদ্যালয়
পূৰবী বৰমুদৈৰ ‘ফুলপাহৰ শব্দ’ গল্পটোত শিশু মনস্তত্ত্বৰ সজীৱ আৰু মনোমোহা চিত্ৰ কিছুমান পোৱা যায়। তলত এই সম্পৰ্কে আলোচনা কৰিবলৈ যত্ন কৰা হ’ল। মূল আলোচনালৈ যোৱাৰ আগতে অৱশ্যে শিশু মনস্তত্ত্বৰ এক পৰিচয়মূলক আভাস দিব বিচৰা হৈছে—
শিশু মনস্তত্ত্বঃ
মানুহৰ বিকাশৰ
স্তৰসমূহক বহলভাৱে চাৰিটা ভাগত ভাগ কৰা হৈছে— শৈশৱ কাল, বাল্য কাল, কৈশোৰ কাল আৰু
বয়ঃপ্ৰাপ্তি বা প্ৰাপ্তবয়স্ক কাল। শৈশৱ কাল
মানুহৰ বিকাশৰ প্ৰথম স্তৰ। মনোবিজ্ঞানীসকলৰ মতে ইয়াৰ সময়সীমা হ’ল জন্মৰপৰা ৫ বছৰলৈ। বয়সৰ স্তৰ আৰু লিংগ অনুসৰি মানুহৰ মনস্তত্ত্ব বেলেগ বেলেগ। শিশু মনস্তত্ত্বৰো এক নিজা চৰিত্ৰ আছে।
মানুহৰ মনস্তত্ত্ব অধ্যয়নৰ বাবে এক সুকীয়া বিজ্ঞান আছে— মনোবিজ্ঞান। মনোবিজ্ঞানৰ
যিটো শাখাই শিশু মনস্তত্ত্ব সম্পৰ্কে অধ্যয়ন কৰে, তাক শিশু মনোবিজ্ঞান বুলি কোৱা
হয়। শিশু মনোবিজ্ঞানে শিশুৰ আচৰণ তথা মনস্তত্ত্ব সম্পৰ্কে বিজ্ঞানসন্মতভাৱে অধ্যয়ন
কৰে। শিশু মনোবিজ্ঞানীসকলে দাঙি ধৰা শিশু মনস্তত্ত্বৰ
কেতবোৰ বৈশিষ্ট্য
এনেধৰণৰ— সৰ্বপ্ৰাণবাদিতা, ক্ৰীড়াপ্ৰৱণতা, অনুসন্ধিৎসা বা কৌতূহলপৰায়ণতা,
কল্পনাপ্ৰৱণতা, সৰলতা, ভাষাৰ বিকাশ, অনুকৰণপ্ৰিয়তা, প্ৰবৃত্তিমূলক আচৰণ,
স্বাধীনপ্ৰয়াসী মন ইত্যাদি।
‘ফুলপাহৰ শব্দ’ গল্পটোত ওপৰত
উল্লেখ কৰা শিশু মনস্তত্ত্বৰ প্ৰায়বোৰ বৈশিষ্ট্যই প্ৰকাশিত হৈছে। অৱশ্যে সকলোবোৰ
বৈশিষ্ট্যই যে স্পষ্ট আৰু সাৰ্থক ৰূপত চিত্ৰিত হৈছে, তেনে নহয়। কিছুমান বৈশিষ্ট্যৰ
নামমাত্ৰ আভাসহে পোৱা যায়। তলত গল্পকাৰে শিশু মনৰ কোনবোৰ দিশ
কেনেকৈ দাঙি ধৰিছে, তাৰ এক আভাস দাঙি ধৰিবলৈ যত্ন কৰা হৈছে। লগতে গল্পটোত শিশু মনৰ চিত্ৰ অংকনত গল্পকাৰৰ সফলতা-বিফলতা বিচাৰ কৰিবলৈও
প্ৰয়াস কৰা হৈছে।
‘ফুলপাহৰ শব্দ’ গল্পত প্ৰকাশিত শিশু মনস্তত্ত্বৰ দিশঃ
১. সৰ্বপ্ৰাণবাদিতাঃ
শিশুৱে চৌপাশৰ পৰিৱেশৰ সকলো পদাৰ্থতে প্ৰাণ প্ৰতিষ্ঠা কৰে আৰু সেয়ে
শিশুৱে নিজৰ নিচিনাকৈ সকলো পদাৰ্থৰে সুখ-দুখ, যন্ত্ৰণাৰ অনুভৱ আছে বুলি ভাবে।
ইয়াকে সৰ্বপ্ৰাণবাদিতা বোলা হয়। গল্পটোত এনে প্ৰসংগৰ উল্লেখ পোৱা যায়। যেনে— “হাত ছিগা পুতলাটোত এতিয়াও তাই প্ৰাণ প্ৰতিষ্ঠা কৰে।”
২. অনুসন্ধিৎসা বা কৌতূহলপৰায়ণতাঃ
শৈশৱ কালত শিশুৰ অনুসন্ধিৎসাপ্ৰৱণতা অতি প্ৰবল হয়। নতুন পৃথিৱীখনে তেওঁলোকৰ সন্মুখত অপাৰ বিস্ময়ৰ উৎস হিচাপে দিয়ে।
মনত উদয় হোৱা অনেক প্ৰশ্নৰ উত্তৰ বিচাৰি তথা নজনা কথা জনাৰ হেঁপাহৰ বাবেই শিশুৱে ডাঙৰক অনেক চিত্ৰ-বিচিত্ৰ,
যুক্তিকৰ-অযুক্তিকৰ প্ৰশ্ন কৰে। প্ৰশ্ন সোধাৰ প্ৰৱণতা বা
কৌতূহল প্ৰবৃত্তি
শৈশৱ কালত অধিক হয় বাবেই এই সময়ছোৱাক শিশু মনোবিজ্ঞানীসকলে ‘প্ৰশ্ন সোধাৰ বয়স’ বুলি নামকৰণ কৰিছে। গল্পটোত ফুলপাহ চৰিত্ৰটোৰ মাজেদি শিশুৰ এনে মনস্তত্ত্ব প্ৰকাশ কৰা হৈছে— “ফুলপাহৰ মনত খুদুৱাই থাকে অনেক প্ৰশ্নই। অনৰ্গল তাইৰ মনলৈ বিভিন্ন প্ৰশ্ন আহি থাকে। …উত্তৰ পোৱা প্ৰশ্ন বাঢ়ে, উত্তৰ নোপোৱা প্ৰশ্নও বাঢ়ে।”
৩. কল্পনাপ্ৰৱণতাঃ
শিশুৰ এটা প্ৰধান বিশেষত্ব
হ’ল কল্পনাবিলাস। শিশুৰ মানসিক ক্ষমতা সাধাৰণতে সীমিত আৰু বাস্তৱ অভিজ্ঞতা কম।
সেইবাবে শিশুৱে বাস্তৱ আৰু কল্পনাৰ মাজৰ পাৰ্থক্য উপলব্ধি কৰিব নোৱাৰে। শিশুৰ
কল্পনা অবাস্তৱ ধৰণৰ। শিশুৰ কল্পনাৰ জগত বা মনোজগতৰ কেইবাখনো মনোৰম চিত্ৰ গল্পকাৰে গল্পটোত দাঙি ধৰিছে। শিশুৰ কল্পনাপ্ৰৱণতা তুলি ধৰিবলৈ যাওঁতে গল্পকাৰে সপোনৰ আশ্ৰয় লৈছে। সপোনৰ সেই জগতখন ফুলপাহৰ নিজা জগত, সকলো শিশুৰে আপোন জগত—
“কেতিয়াবা ৰঙা, কেতিয়াবা নীলা, কেতিয়াবা সেউজীয়া। দিনৌ বেলেগ বেলেগ তাৰ ৰং।” শিশুৰ
সেই জগতৰ কোনো ভৌগোলিক সীমা নাথাকে। সেই জগতত নাথাকে ফুল, চৰাই, পখিলা, জীৱ-জন্তু,
শিশুৰ মাজৰ পাৰ্থক্য। সেই জগতখনত ফুলপাহে মেকুৰী পোৱালিৰ লগত লুকাভাকু খেলে। চৰাই পোৱালি,
মেকুৰী পোৱালি, গৰু পোৱালিয়েও তাইৰ লগত খেলিবলৈ আহে। কল্পনাৰ সেই জগতখনত ফুলপাহ এজনী পখিলা হয়। জিলমিলীয়া পাখিত ভৰ দি তাই ফুলে ফুলে উৰি ফুৰে।
আকাশৰ জোনবাই, তৰাৰ থুপবোৰো সংগ হয় ফুলপাহৰ।
৪. ক্ৰীড়াপ্ৰৱণতাঃ
শৈশৱ কালত শিশুৱে খেলা-ধূলা
কৰি সময় কটাবলৈ বিচাৰে। খেলাৰ মাজেৰে শিশুৱে আন শিশুৰ লগত বন্ধুত্ব স্থাপন কৰে আৰু
সামাজিক হ’বলৈ শিকে। শিশু মনস্তত্ত্বৰ এই দিশটো গল্পটোৰ মাজত বিশেষভাৱে চিত্ৰিত হৈছে। স্কুলৰ পৰা আহিয়েই ফুলপাহ পুতলা লৈ খেলাত ব্যস্ত হৈ পৰে। ফুলপাহৰ খেলাৰ সংগ কেৱল পুতলাবোৰ নহয়। ফুলনিৰ ফুল, মেকুৰী পোৱালি অথবা গৰু পোৱালি— এই সকলোবোৰ ফুলপাহৰ খেলাৰ লগৰীয়া।
ফুলনিৰ মাজত তাই পখিলাৰ দৰে উৰি ফুৰা খেলটো খেলি ভাল পায়।
এদিন স্কুলৰপৰা লগৰ ছোৱালী এজনীক ফুলপাহে ঘৰলৈ লৈ আহিল। মাকে কিয় আনিলি বুলি সোধাত তাই কৈছে— “খেলিবলৈ।” স্কুলৰপৰা
আহিয়েই তাই পুতলাবোৰৰ লগত খেলাত ব্যস্ত হৈ পৰে। হাত ছিগা পুতলা, চকু এটা নোহোৱা
শহা, খেলনা কাঁহী-বাতি, ফটাকানিৰ কইনা ইত্যাদিবোৰ ফুলপাহৰ বাবে পৰম সম্পদ।
৫. ভাষাৰ বিকাশঃ
শৈশৱ কালছোৱা শিশুৰ ভাষা
শিকাৰ সময়। শিশুৰ ভাষা আহৰণ প্ৰক্ৰিয়াত পৰিয়াল, সামাজিক অনুষ্ঠান, যোগাযোগৰ মাধ্যম আদি কাৰকবোৰ জড়িত হৈ থাকে। গল্পকাৰে শিশুৰ এই বৈশিষ্ট্যও গল্পটোত প্ৰকাশ কৰিছে। গল্পটোত ফুলপাহে ঘৰত অসমীয়া, স্কুলত ইংৰাজী আৰু টি. ভি. চাই হিন্দী ভাষা শিকাৰ কথা পোৱা যায়।
৬. সৰলতাঃ
শিশুৰ হৃদয় সৰল। সেই সৰল হৃদয়বোৰে কল্পনা আৰু বাস্তৱৰ সীমাৰেখাডাল বহুসময়ত ধৰিব নোৱাৰে। এনে কাৰণতেই শিশুৱে সাধুকথাৰ জগতৰ চৰিত্ৰবোৰকো বাস্তৱ পৃথিৱীখনত সহজে বিচাৰি পায়। গল্পটোত ফুলপাহে আকাশত উৰি থকা চিলনী এজনী দেখি ‘চিলনীৰ জীয়েকৰ সাধু’ৰ চিলনীজনীয়ে জীয়েকলৈ বুলি মণি-মুকুতা, গোন্ধতেল বিচাৰি ফুৰিছে বুলি ভবাৰ কথা আছে।
৭. প্ৰবৃত্তিমূলক আচৰণঃ
শিশুৰ আচৰণ
সহজাত প্ৰবৃত্তিৰদ্বাৰা পৰিচালিত হয়। অৱশ্যে বয়স হৈ অহাৰ লগে লগে শিশুৰ প্ৰবৃত্তিমূলক আচৰণসমূহ
বিচাৰ-বুদ্ধিৰদ্বাৰা নিয়ন্ত্ৰিত হ’বলৈ ধৰে। গল্পটোত ফুলপাহৰ প্ৰবৃত্তিমূলক আচৰণো চমুকৈ প্ৰকাশ কৰা হৈছে— ফুলপাহে মাক আৰু আইতাকৰ লগত কাজিয়া কৰে, ঠেঁহ লাগিলে কন্দা-কটা কৰি বস্তু দলিয়ায়।
৮. স্বাধীনতাপ্ৰয়াসী মনঃ
শিশুৰ মন স্বাধীনপ্ৰয়াসী।
শিশুসকলে চিন্তা-চৰ্চা আৰু কাম-কাজত আনৰ হস্তক্ষেপ নিবিচাৰে। শিশুৱে কঠোৰ বান্ধোন বেয়া পায়। অধিক শাসনৰ মাজত ৰাখিলে শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশো যথোপযুক্ত নহয়। সেয়ে শিশুক প্ৰয়োজনীয় স্বাধীনতা প্ৰদান কৰিব লাগে। গল্পটোত ফুলপাহে ‘ডাঙৰ মানুহৰ নিয়ম-নীতি নিৰ্ধাৰিত জগত’খনৰপৰা আঁতৰি নিজা জগত এখনত বিচৰণ কৰিবলৈ বিচৰাৰ কথা সুন্দৰকৈ প্ৰকাশ কৰা হৈছে। লগৰ ছোৱালীজনীৰ লগত খেলি থকা সময়খিনিত মাকে কথা পাতিবলৈ বিচৰাত ফুলপাহ বিৰক্ত হৈছে। কাৰণ, সেই সময়খিনিত তাই মুকলিমূৰীয়াভাৱে খেলিবলৈ বিচাৰিছে। এনে কাৰণতে বিৰক্তি প্ৰকাশ কৰি মাকক কৈছে— “আমি খেলি আছোঁ দেখা নাই নেকি?”
শিশু
মনৰ চৰিত্ৰ অংকনত গল্পকাৰৰ সফলতাঃ
এই আলোচনাৰ অন্তত ক’ব পাৰি যে, গল্পকাৰ পূৰবী বৰমুদৈ শিশু মনস্তত্ত্বৰ স্বৰূপ প্ৰকাশত সফল হৈছে। বিশেষকৈ শিশুৰ মনোজগতৰ চিত্ৰ তুলি ধৰিবলৈ সপোনৰ যি প্ৰসংগ অৱতাৰণা কৰিছে, সেয়া যথেষ্ট সজীৱ আৰু আকৰ্ষণীয়। শিশু মনৰ চৰিত্ৰ
অংকনত গল্পকাৰৰ সফলতা বিষয়ক দিশসমূহ সংক্ষেপে তলত উল্লেখ কৰা হ’ল—
Ø
শিশুৰ
কল্পনাৰ জগতখনৰ স্বৰূপ অংকনত গল্পকাৰ সম্পূৰ্ণৰূপে সফল বুলিব পাৰি। সপোনৰ প্ৰসংগ টানি
আনি শিশুৰ স্বপ্নময় জগতখন গল্পকাৰে তুলি ধৰিছে।
Ø
শিশুৰ
ক্ৰীড়াপ্ৰৱণতাৰ দিশটো চিত্ৰিত কৰাৰ ক্ষেত্ৰতো গল্পকাৰৰ দক্ষতা প্ৰকাশিত হৈছে। হাত ছিগা
পুতলা, এটা চকু নোহোৱা শহা আদি চিত্ৰবোৰে শিশুৰ ক্ৰীড়াপ্ৰৱণতাৰ লগত সম্পৃক্ত দিশ এটা
সজীৱ ৰূপত প্ৰকাশ কৰিছে।
Ø
বাস্তৱ-অবাস্তৱৰ
পাৰ্থক্য চিনিব নোৱাৰা সৰল শিশু হৃদয়ৰ পৰিচয় দাঙি ধৰিবলৈ ‘চিলনীৰ জীয়েকৰ সাধু’ৰ লগত
জড়িত যি প্ৰসংগ গল্পকাৰে উত্থাপন কৰিছে, তাৰ মাজেদিয়েই শিশুৰ সৰলতাৰ শক্তিশালী প্ৰকাশ
ঘটিছে।
Ø
শিশুৰ
স্বাধীনতাপ্ৰয়াসী মনৰ স্বৰূপ তুলি ধৰাৰ ক্ষেত্ৰতো গল্পকাৰ সফল বুলিব বুলি।
Ø
ফুলপাহে
আইতাকক সোধা ‘আপোনাক হাস্পাতালৰ পৰা আনোঁতে মই ক’ত আছিলোঁ?’ বুলি প্ৰশ্নটোৱে শিশুৰ
কৌতূহল প্ৰবৃত্তিৰ দিশ এটাত স্পষ্টকৈ পোহৰ পেলাইছে।
শিশু
মনৰ চৰিত্ৰ অংকনত গল্পকাৰৰ বিফলতাঃ
গল্পকাৰে শিশু মনৰ বিভিন্ন বৈশিষ্ট্য গল্পটোৰ
মাজলৈ আনিছে যদিও সকলোবোৰ বৈশিষ্ট্য সমানভাৱে প্ৰকাশ কৰা নাই। কিছুমান বৈশিষ্ট্যৰ সামান্য
আভাস একোটাহে পোৱা যায়। অৱশ্যে ইয়াক একে আষাৰে গল্পকাৰৰ বিফলতা বুলি কৈ দিবও নোৱাৰি।
কাৰণ— ‘ফুলপাহৰ শব্দ’ গল্পটো শিশুৰ বাবে লিখা গল্প নহয় অথবা শিশু মনৰ বৈশিষ্ট্য তুলি
ধৰাও গল্পকাৰৰ মূল উদ্দেশ্য নহয়। শিশুৰ সৰলতা আৰু নিষ্কলুষতাক আধাৰ হিচাপে লৈ উদাৰ মানৱীয়তাৰ কথাহে গল্পকাৰে ক’বলৈ বিচাৰিছে। ক্ৰমে সংকীৰ্ণ আৰু আত্মকেন্দ্ৰিক বলয়ত সোমাই পৰা মানুহৰ হৃদয় প্ৰেমৰ মহানাদেৰে উত্তাপিত হোৱাটো গল্পকাৰে বিচাৰিছে—
(ক) আমাক এটা উমৈহতীয়া ভাষা লাগে। হৃদয় বুজাব পৰা ভাষা।
(খ) আমাৰ প্ৰয়োজন হৃদয়ৰ নিঃশব্দ শব্দৰ— প্ৰেমৰ মহানাদ।
গল্পটোত শিশু
মনৰ যিবোৰ দিশ বিশেষ প্ৰভাৱশালী ৰূপত চিত্ৰিত হোৱা নাই, সেইবোৰ তলত চমুকৈ উল্লেখ কৰা
হ’ল—
Ø শিশুৰ মনৰ প্ৰধান
বৈশিষ্ট্য সৰ্বপ্ৰাণবাদিতা প্ৰকাশক চিত্ৰ গল্পটোত বিশেষ শক্তিশালী ৰূপত চিত্ৰিত হোৱা
নাই যেন বোধ হয়। এই দিশটোৰ প্ৰতি গুৰুত্ব দিয়া হ’লে মূল বক্তব্য প্ৰকাশৰ ক্ষেত্ৰতো
নিশ্চয় সহায়ক হ’লহেঁতেন।
Ø ভাষাৰ বিকাশৰ
দিশটো স্পষ্ট কৰি তোলা চিত্ৰও তেনেকৈ গল্পটোত নাই। কেৱল উল্লেখৰ সলনি ভাষাৰ বিকাশক
তুলি ধৰিব পৰাকৈ দুই এটা উদাহৰণ থকা হ’লে গল্পটো হয়তো আৰু অধিক মনোৰম হ’লহেঁতেন।
Ø গল্পৰ মূল বিষয়বস্তু
প্ৰকাশত সহায় নকৰিলেও প্ৰবৃত্তিমূলক আচৰণ প্ৰকাশক দুখনমান স্পষ্ট চিত্ৰ থকা হলে গল্পটোৰ
পঠনীয় দিশ আৰু বৃদ্ধি পালেহেঁতেন।
Ø শিশুৰ অনুকৰণপ্ৰিয়তাৰ
দেখা-নেদেখা চিত্ৰ এখনহে গল্পটোত আছে।
এনে কিছুমান দিশ বাদ দি পূৰবী বৰমুদৈৰ
‘ফুলপাহৰ শব্দ’ এটা বৈশিষ্ট্যসূচক গল্প। গল্পটোৰ ভাষা, ৰচনা-কৌশল আকৰ্ষণীয়। সমাজ-জীৱনৰ
জটিলতা, আত্মকেন্দ্ৰিকতাৰ মাজতো গল্পকাৰে শিশুসুলভ সৰল আৰু স্বাৰ্থপৰতাহীন জীৱন এটা
কামনা কৰিছে। হৃদয়ৰ নিঃশব্দ শব্দ, প্ৰেমৰ মহানাদত আকাশ মুখৰিত হোৱাৰ, ন-পৃথিৱী গঢ়াৰ
সপোন দেখিছে। ইয়াকে কৰিবলৈ যাওঁতে গল্পকাৰে শিশু মনৰ দিশবোৰৰ আশ্ৰয় লৈছে। এনে কাৰণতে
গল্পকাৰে শিশু মনৰ সকলোবোৰ দিশ স্পষ্টকৈ তুলি ধৰা নাই যদিও সেই দিশখিনি নিশ্চয় আওকাণ
কৰিব পাৰি।
0 comments:
Post a Comment