পূৰবী বৰমুদৈৰ ‘ফুলপাহৰ শব্দ’ গল্পত প্ৰকাশিত মানৱীয়তাৰ
স্বৰূপ
স্নাতক চতুৰ্থ ষান্মাসিক (উচ্চমান)
অসমীয়া গদ্য-সাহিত্য (পঞ্চম কাকত)
গোটঃ ৪
শ্ৰেণী শিক্ষকঃ মৃদুল মৰাণ
অসমীয়া বিভাগ, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়
সাধাৰণ অৰ্থত
মানৱীয়তা মানে হ’ল ‘মানুহৰ ধৰ্ম, গুণ বা বৈশিষ্ট্য’। এনে গুণ বা বৈশিষ্ট্যবোৰে
মানুহক ‘পূৰ্ণাংগ মানুহ’ হিচাপে গঢ়ি তোলে। মানৱীয়তাই উচ্চ-নীচ, ধনী-দুখীয়া ইত্যাদি
প্ৰাচীৰ ভেদি সকলো মানুহকে মানুহ হিচাপে চোৱাৰ, সন্মান কৰাৰ কথাক বুজায়। মানৱীয়তাৰ
ক্ষেত্ৰত ধৰ্ম, বৰ্ণ, জাত-পাতৰ প্ৰসংগবোৰ কেতিয়াও নাহে। ক’ব পাৰি— মানৱীয়তা মানে
হ’ল মানুহৰ প্ৰতি থকা মানুহৰ নিঃস্বাৰ্থ স্নেহ, ভালপোৱা।
মানৱীয়তাৰ লগত কিছুমান চৰিত্ৰ জড়িত আছে। সেই
চৰিত্ৰসমূহক আমি ‘মানৱীয় গুণ’ বুলি কওঁ। মানৱীয় গুণবোৰ হ’ল— দয়া, পৰোপকাৰ,
প্ৰেম-ভালপোৱা, সহানুভূতি, সমমৰ্মিতা ইত্যাদি। ইয়াৰ বিপৰীতে হত্যা, হিংসা,
শোষণ-লুণ্ঠন আদিবোৰক ‘অমানৱীয় গুণ’ বুলি কোৱা হয়।
পূৰবী বৰমুদৈৰ ‘ফুলপাহৰ শব্দ’ গল্পটোত আধুনিক
সমাজ-জীৱনৰ পৰা হেৰাই যোৱা নিঃস্বাৰ্থ প্ৰেম-সহানুভূতিৰ চিত্ৰ এখন দাঙি ধৰি
গল্পকাৰে মানৱীয়তাৰে পূৰ্ণ প্ৰেমময় পৃথিৱী এখনৰ প্ৰতি থকা হেঁপাহ বা আকাংক্ষা
প্ৰকাশ কৰিছে।
গল্পকাৰে মানৱীয়তাৰ স্বৰূপ প্ৰকাশ কৰিবলৈ যাওঁতে
শিশুৰ সৰল জগত এখনৰ প্ৰসংগ কৌশলপূৰ্ণভাৱে টানি আনিছে। কাৰণ— শিশুৰ জগতখন বাস্তৱতাৰ
সংকীৰ্ণ বৃত্তৰ পৰা সদায় নিলগত। শিশুৰ হৃদয় সৰল, পাপ আৰু কলুষতামুক্ত। শিশুৰ সৰল
হৃদয়ত অভিনয়ৰ, কৃত্ৰিমতাৰ কোনো চাপ নাই। গল্পকাৰে আশা কৰে যে, শিশুৰ এনে সৰলতাৰে
পৃথিৱীখন যেন নকৈ গঢ় লৈ উঠে।
‘ফুলপাহৰ শব্দ’ গল্পটোত প্ৰকাশিত মানৱীয়তাৰ
বিভিন্ন স্বৰূপ সম্পৰ্কে তলত আলোচনা কৰিবলৈ যত্ন কৰা হ’ল—
১. উদাৰতা আৰু পৰোপকাৰঃ
গল্পকাৰে ‘ফুলপাহ’
নামৰ চৰিত্ৰটোৰ যোদেগি মানৱীয় গুণ উদাৰতা আৰু পৰোপকাৰৰ চিত্ৰ এখন গল্পটোত দাঙি
ধৰিছে। স্কুললৈ যোৱাৰ তৃতীয় দিনৰ দিনাই ফুলপাহে লগৰ ছোৱালী এজনীক হাতত ধৰি ঘৰলৈ লৈ
আহিছিল। দুয়ো দুয়োৰে ভাষা বুজি নাপায়। অথচ দুয়োজনীয়েই একেলগে খেলিছিল, হাঁহিছিল।
ঘৰখনৰ ডাঙৰ মানুহবোৰে এই ঘটনাটো কেনেকৈ সম্ভৱ হ’ল বুলি ভাবি চিন্তিত হৈছিল। তেওঁলোকৰ
বাবে এয়া আছিল ‘এটা আচৰিত কথা’। কিন্তু এয়া সম্ভৱ হৈছিল কেৱল কলুষতামুক্ত হৃদয়ৰ বাবে।
এদিন ফুলপাহহঁতৰ
স্কুল সোনকালে ছুটী হৈছিল। ‘হিন্দী’ ছোৱালীজনীক নিবলৈ মাক-দেউতাক কোনো অহা নাছিল।
সেয়ে তাই যথেষ্ট ভয় খাইছিল। ফুলপাহে এই কথাটো লক্ষ্য কৰি ছোৱালীজনীক লগত লৈ আহিব
বিচাৰিছিল। কিন্তু দুয়োজনীয়ে দুয়োজনীৰ ভাষা নাজানিছিল। ফুলপাহে সেয়ে ইংগিতেৰেই
তাইক বুজাবলৈ যত্ন কৰিছিল যে, তাইৰ ঘৰ ওচৰতে। তাই তাইক ঘৰলৈ লৈ যাব, দুয়োজনীয়ে
একেলগে খেলিব আৰু দেউতাক আহিলে দেউতাই তাইক ঘৰত থৈ আহিবগৈ। ‘হিন্দী’ ছোৱালীজনীয়ে
ফুলপাহে অংগ-ভংগীৰে কোৱা প্ৰতিটো কথা বুজি পাইছিল আৰু ভয়ৰপৰা মুক্ত হৈছিল।
ফুলপাহৰ এনে
কাৰ্যৰ মাজেদি গল্পকাৰে উদাৰতা, পৰোপকাৰ, নিঃস্বাৰ্থ সহায় আদি মানৱীয় গুণৰ প্ৰকাশ
ঘটাইছে। শিশুৰ সৰলতাৰ বাবেহে এনে কাৰ্য সম্ভৱ হৈছে। অকলশৰীয়া সৰু ছোৱালী এজনীক
সহায় কৰিবলৈ সকলো আগবাঢ়ি নাহে। কোনোৱে এনে পৰিস্থিতিত অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰো
চেষ্টা কৰে। সমাজ-জীৱনত এনে ঘটনাবোৰ সততে ঘটি থকা পৰিলক্ষিত হয়। গল্পকাৰে
সমাজ-বাস্তৱতাৰ এই দিশটোও গল্পটোত তুলি ধৰিছে— “অকলে অকলে স্কুলৰপৰা আঁহোতে কোনোবাই
ধৰি লৈ গৈ কাৰোবাক দি দিয়েগৈ যদি?” এনে সম্ভাৱনা বাস্তৱত নোহোৱাটোৱে গল্পকাৰে
বিচাৰে। সেয়ে ফুলপাহৰ উদাৰ হৃদয়ৰ কথা চিত্ৰিত কৰিছে। পৃথিৱীৰ সকলো মানুহৰ হৃদয়
ফুলপাহ বা বহল অৰ্থত শিশুৰ দৰে হ’লে এনে ভয়ৰ সম্ভাৱনাও নাথাকিল হয়। কাৰণ— “সকলো
ধৰণৰ প্ৰদূষণ ৰোধ কৰিবৰ বাবেই পৃথিৱীত জন্ম হয় শিশুৰ।”
২. সন্ত্ৰাসমুক্ত পৃথিৱীৰ স্বপ্নঃ
গল্পকাৰে গল্পটোত
কেৱল বাগযন্ত্ৰৰদ্বাৰা উচ্চাৰিত শব্দৰ কথা কোৱা নাই। অৰ্থাৎ ‘শব্দ’ শব্দটোৰ যোগেদি কেৱল কেৱল ‘শব্দ’(word)ৰ কথা কোৱা নাই। ই বহল অৰ্থত ‘ধ্বনি’(sound)ক সামৰি লৈছে। সেয়ে গল্পকাৰে ফটকা
ফুটাৰ শব্দ, গুলীয়াগুলীৰ শব্দৰ কথাও কৈছে।
অসমে সন্ত্ৰাসজৰ্জৰ এছোৱা জটিল সময় পাৰ কৰি গৈছে।
সন্ত্ৰাসবাদী বা উগ্ৰপন্থীৰ হাতত অনেক নিৰীহ লোকৰ মৃত্যু হ’ল। অনেকবাৰ মানৱীয়তাৰ অপমৃত্যু
হ’ল। আমি এৰি অহা অনেক দিন মৃত্যু ভয়েৰে পূৰ্ণ আছিল বাবেই আজি মানুহে ফটকা ফুটাৰ
শব্দটোও গুলীয়াগুলীৰ শব্দ বুলি ভয় খাই উঠে। সময় আৰু পৰিস্থিতি এনেকুৱাকৈ নিষ্ঠুৰ যে, ফটকা ফুটাৰ শব্দটোও গুলীৰ শব্দ হৈ পৰি জীৱন কাঢ়ি নিব পাৰে। গুলীৰ শব্দই কেৱল জীৱন কাঢ়ে। জীৱন দিব নোৱাৰে কেতিয়াও। যিজনে নিজৰ আত্মীয় বা অন্যক ‘মানুহ’ নামৰ
দানৱে নিষ্ঠুৰভাৱে হত্যা কৰা দেখিছে, তেওঁ নৈ বৈ যোৱাৰ কুলু-কুলু শব্দত বিভোৰ হ’ব
নোৱাৰে। তেওঁ সেয়া গুলীবিদ্ধ বুকুৰপৰা ওলোৱা তেজৰ শব্দ বুলি চমক খাইহে উঠিব।
গল্পকাৰে পাঠকলৈ এটা প্ৰশ্ন এৰিছে— “পৃথিৱীত যদি একো শব্দই নাথাকিলহেঁতেন, তেন্তে
কি হ’লহেঁতেন?” ইয়াৰ যোগেদি গল্পকাৰে মানৱীয়তাৰ কথা কোৱাৰ যত্ন কৰিছে। শব্দবিহীন
পৃথিৱী এখনত হত্যা-হিংসা হয়তো নাথাকিলহেঁতেন।
৩. ভাষাকেন্দ্ৰিক সংঘৰ্ষমুক্ত পৃথিৱীৰ স্বপ্নঃ
ভাষাকেন্দ্ৰিক
সংকীৰ্ণতা আৰু সংঘৰ্ষবোৰেও গল্পকাৰক আমনি দিছে। ভাষাৰ বাবেই কেতিয়াবা মানুহে ইজনে
সিজনৰ লগত শত্ৰুতা আচৰণ কৰে, ইজনে বেলেগ এটা ভাষা কোৱা সিজন মানুহৰ তেজেৰে হাত ৰঙা
কৰাৰ ফন্দী তৈয়াৰ কৰে। অসমৰ প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলেও এনে ভাষাকেন্দ্ৰিক সংঘৰ্ষই
অনেক নিৰীহৰ প্ৰাণ লোৱাৰ ৰক্তাক্ত ইতিহাসৰ অধ্যায় কিছুমান দেখা যায়। তাতে গোষ্ঠীসংঘাত
তথা সাম্প্ৰদায়িক সংঘৰ্ষবোৰ আছেই। এনে পৰিস্থিতিৰপৰা মুক্তি বিচাৰি গল্পকাৰে ভাষা
বা শব্দবিহীন পৃথিৱী এখনৰ কথা ভাবিবলৈ বাধ্য হৈছে। আমাৰ সমুখতো প্ৰশ্ন এটা দাঙি
ধৰিছে— “কি প্ৰয়োজন? ভাষাৰ কি প্ৰয়োজন?”
৪. নিঃশব্দ শব্দ আৰু মানৱীয়তাঃ
স্পৰ্শ অথবা মুখ-অভিব্যক্তি
আৰু অংগ-ভংগীৰ যোগেদিও বা বহল অৰ্থত নিঃশব্দ শব্দৰ যোগেদিও আমি মানৱীয় বিভিন্ন গুণ;
যেনে— বন্ধুত্ব, ক্ষমা, স্নেহ, ভালপোৱা ইত্যাদি প্ৰকাশ কৰিব পাৰোঁ। এই দিশটোও
গল্পকাৰে ‘ফুলপাহৰ শব্দ’ গল্পটোত সুন্দৰকৈ প্ৰকাশ কৰিছে। যেনে— “...আঁকোৱালি মাৰি
ক’ব পৰা যায়— তুমি মোৰ। পিঠিত হাত দি প্ৰদান কৰিব পৰা যায় সাহস আৰু নিৰ্ভয়তা— মই
দুখে-সুখে তোমাৰ লগত আছোঁ। কান্ধত হাত থৈ বুজাব পৰা যায় বন্ধুত্ব। চৰণ চুই ভিক্ষা
কৰিব পৰা যায় আশীৰ্বাদ। কৰিব পৰা যায় আত্ম-সমৰ্পণ। কেৱল চকুলৈ চায়েই ইজনে সিজনক
বুজাই দিব পাৰে ৰাগ-অনুৰাগ। ক’ব পাৰি মই তোমাক ভালপাওঁ। ...বিদায় বেলাত চলচলীয়া
চকুৰে বুজাব পাৰি যন্ত্ৰণা। সন্তানৰ পিঠিত হাতখন মোহাৰি, বুকুলৈ মূৰটো টানি আনি
মাতৃয়ে দিব পাৰে নিৰাপত্তা আৰু স্নেহ।”
গল্পকাৰে মানৱীয়তাৰ স্বৰূপ আৰু প্ৰেমময় পৃথিৱী
এখনৰ প্ৰসংগত ক’বলৈ বিচৰা দুটা মূল কথা এনেদৰে চিনাক্ত কৰিব পাৰি—
(ক) আমাক এটা
উমৈহতীয়া ভাষা লাগে— হৃদয় বুজাব পৰা ভাষা।
(খ) মানুহে
মানুহৰ চকুলৈ চাবলৈ শিকক, বুকুত হাত দিবলৈ শিকক। বুজি পাওক বহু শব্দই এতিয়া
অৰ্থহীন হৈ পৰিছে। অৰ্থহীন হৈ পৰা স-শব্দ শব্দৰ প্ৰয়োজন আৰু নাই। আমাৰ প্ৰয়োজন
হৃদয়ৰ নিঃশব্দ শব্দৰ— প্ৰেমৰ মহানাদ।
এইদৰে চালে দেখা যায় যে, গল্পকাৰে নিঃশব্দ শব্দৰ
ওপৰত অধিক গুৰুত্ব দিছে। অৱশ্যে স-শব্দ শব্দক একেবাৰে দলিয়াই পেলোৱা নাই। গল্পটোৰ
এঠাইত কৈছেই— “শব্দই যে জীৱন আৰু জগতৰ পৰিচয়।” গল্পটোৰ শেষত “স-শব্দ শব্দৰ প্ৰয়োজন
আৰু নাই” বুলি কৈছে যদিও সেয়া ‘অৰ্থহীন স-শব্দ’ৰ কথাহে কৈছে। অৰ্থাৎ যি শব্দ বা
ভাষাত কোনো আন্তৰিকতা নাই, যি ভাষা কৃত্ৰিম, যি ভাষা কেৱল অভিনয়ৰ নামান্তৰ তেনে
ভাষা বা শব্দৰহে কোনো প্ৰয়োজন। শব্দ বা ভাষাবিহীন পৃথিৱী এখন বাস্তৱত বিচাৰিব
নোৱাৰি। তেনে পৃথিৱীৰ বাস্তৱিক উপযোগিতাও নাথাকিব। কিন্তু আমি স-শব্দ শব্দ উচ্চাৰণ
কৰিও ‘মানুহ’ হৈ জীয়াই থাকিব পাৰোঁ। ফুলপাহেও লাহে লাহে ‘হিন্দী’ ছোৱালীজনীৰ সৈতে
ভাব বিনিময় কৰোঁতে শব্দ বা ভাষাৰ সহায় লৈছে। কিন্তু সেই ভাষা নিৰ্মল। তাত
স্বাৰ্থপৰতা, সংকীৰ্ণতা, অভিনয়ৰ কোনো নাম-গোন্ধ নাই। গল্পকাৰে ক’ব বিচৰা মানৱীয়তাৰ
লগত জড়িত মূল কথাও সেয়াই— জীয়াই থাকিবৰ
বাবে আমাক শব্দ লাগিবই। কিন্তু সেই শব্দ হ’ব লাগিব প্ৰদূষণমুক্ত, শিশুৰ ভাষাৰ দৰে
কলুষতাবিহীন। সেই শব্দ হ’ব লাগিব পৃথিৱীৰ জন্মক্ষণৰ মহানাদৰ দৰে পৰম আৰু
শক্তিশালী, প্ৰাৰ্থনা সংগীতৰ দৰে পৱিত্ৰ।
0 comments:
Post a Comment