‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ
ষষ্ঠ
অধ্যায়ত
প্ৰতিফলিত
স্বৰ্গদেউ
প্ৰমত্ত
সিংহৰ
ৰাজত্বকাল
সতী জয়মতীৰ স্বামী গদাপাণি বা গদাধৰসিংহ (হিন্দু নাম) আছিল তুংখুঙ্গীয়া ফৈদৰ প্ৰতিষ্ঠাপক। ১৬৮১ খ্ৰীষ্টাব্দত চুলিকফা বা
‘ল’ৰা-ৰজা’ক ভাঙি গদাপাণিক ৰজা পতা হৈছিল। গদাধৰসিংহৰ দুজন পুত্ৰ— লাই
আৰু লেচাই। প্ৰথম পুত্ৰ লাই, হিন্দু নাম ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহৰ চাৰিজন পুত্ৰ আছিল— শিৱসিংহ, প্ৰমত্তসিংহ, ৰাজেশ্বৰসিংহ আৰু লক্ষ্মীসিংহ। গদাধৰসিংহৰ দ্বিতীয় পুত্ৰ লেচাই। এওঁ ককায়েক ৰুদ্ৰসিংহৰ ৰাজ্যতে নামৰূপীয়া ৰজা হৈ আছিল। ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত তুংখুঙ্গীয়া ফৈদৰ এই স্বৰ্গদেউসকলৰ
কাহিনী আছে। এই বুৰঞ্জীখন শ্ৰীনাথ বৰবৰুৱাই ১৮০৩ খ্ৰীষ্টাব্দত প্ৰণয়ন কৰিছিল। বুৰঞ্জীখন সূৰ্যকুমাৰ ভূঞাৰ সম্পাদনাত প্ৰকাশ পায়। ভূঞাৰ মতে ‘তুংখুঙ্গীয়া বুৰঞ্জী’য়ে স্বৰ্গদেউ গদাধৰসিংহ, তেওঁৰ প্ৰথম পুত্ৰ ৰুদ্ৰসিংহ, ৰুদ্ৰসিংহৰ চাৰি
পুত্ৰ শিৱসিংহ, প্ৰমত্তসিংহ, ৰাজেশ্বৰসিংহ আৰু লক্ষ্মীসিংহ, লক্ষ্মীসিংহৰ পুতেক
গৌৰিনাথসিংহ, গদাধৰ সিংহৰ দ্বিতীয় পুত্ৰ লেচাই নামৰূপীয়া ৰজাৰ সন্ততি কমলেশ্বৰ
সিংহ আৰু চন্দ্ৰকান্ত সিংহ, ৰাজেশ্বৰ সিংহৰ সন্ততি পুৰন্দৰসিংহ— এইসকল স্বৰ্গদেউৰ
ৰাজত্ব-কাহিনীকে বুজায়। অৱশ্যে শ্ৰীনাথ বৰবৰুৱাৰ বুৰঞ্জীখনত ৰাজেশ্বৰসিংহৰ দিনৰ
পৰাহে বিস্তৃত বিৱৰণ পোৱা যায়। বৰবৰুৱাৰ বুৰঞ্জীখনত গদাধৰসিংহৰ দিনৰ পৰা
প্ৰমত্তসিংহৰ ৰাজত্বলৈকে এইছোৱা কাহিনী অতি সংক্ষিপ্ত, কেৱল শক-তাৰিখহে উল্লেখ কৰা
আছিল। বুৰঞ্জীখনৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ স্বাৰ্থত সম্পাদক সূৰ্যকুমাৰ ভূঞাই অন্য পুৰণি
বুৰঞ্জীৰপৰা তথ্য গোটাই এইছোৱা কাহিনী তাত সংযোগ কৰি দিছে।
সূৰ্যকুমাৰ ভূঞা সম্পাদিত ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ষষ্ঠ অধ্যায়ত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালৰ (১৭৪৪-১৭৫১ খীষ্টাব্দ) বিৱৰণ পোৱা যায়। অৱশ্যে মূল পুথিত বিশেষ বৰ্ণনা নাছিল। প্ৰমত্ত সিংহৰ আহোম
নাম হ’ল ‘চ্যু-নেন-ফা’। বুৰঞ্জীখনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত সংঘটিত হোৱা বিদ্ৰোহৰ লগতে আহোম স্বৰ্গদেউৰ ৰাজ-অভিষেকৰ নিয়ম, শৱ-সৎকাৰ প্ৰথা, ৰাজদণ্ড, আহোম ৰাজ্যৰ তলতীয়া ৰাজ্যৰ ৰজাৰ লগত প্ৰমত্ত সিংহৰ সম্পৰ্ক, প্ৰমত্ত সিংহৰ দিনত স্থাপন কৰা স্থাপত্য-ভাস্কৰ্য আৰু অন্য প্ৰশাসনিক কাৰ্যাৱলীৰ বৰ্ণনা পোৱা যায়। তলত এই প্ৰতিটো দিশৰ আভাস দাঙি ধৰা হ’ল—
১. আহোম ৰাজসিংহাসনক লৈ হোৱা ষড়যন্ত্ৰ-বিদ্ৰোহ আৰু বিদ্ৰোহ দমনঃ
১৬৬৬ শকৰ আঘোণ মাহৰ ১৩ তাৰিখে ৰুদ্ৰসিংহৰ প্ৰথম পুত্ৰ শিৱসিংহৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ লগে লগে আহোম ৰাজসিংহাসনক লৈ এক প্ৰকাৰৰ ষড়যন্ত্ৰ আৰু লগতে বিদ্ৰোহ হৈছিল। এই বিদ্ৰোহত ৰজাঘৰীয়া কেইবাজনো বিষয়া জড়িত হৈ আছিল। বিশেষকৈ কালুগঞা বৰপাত্ৰগোহাঞি, দিহিঙ্গীয়া বৰগাহাঞি আৰু দিহিঙ্গীয়া নাওবৈচা ফুকনে তিপাম ৰজাক ৰজা পাতিবলৈ ষড়যন্ত্ৰ কৰিছিল। লিগিৰা আৰু ৰজাঘৰৰ অন্য ভিতৰুৱাল মানুহক নিজৰফলীয়া কৰি বিদ্ৰোহ কৰিবলৈ আগবাঢ়িছিল। অৱশ্যে এই বিদ্ৰোহ আৰম্ভ হওঁতেই পুখুৰীপৰীয়া বুঢ়াগোাহাঞি আৰু বকথিয়াল বৰবৰুৱাৰ তৎপৰতা আৰু সহযোগত চাৰিং ৰজা বা প্ৰমত্ত সিংহই দমন কৰিবলৈ সক্ষম হয়। বিশেষকৈ লিগিৰাসকলৰ সহযোগত তিপাম ৰজাক ৰজা পতাৰ ষড়যন্ত্ৰ কৰা হৈছিল বাবে সেই ষড়যন্ত্ৰ বা বিদ্ৰোহৰ দমনক ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত ‘ৰজা-পতা লিগিৰা দমন’ বুলি উল্লেখ কৰা হৈছে।
আহোমসকলৰ ৰাজত্বকালত কোঁৱৰসকলক একো একোটা অঞ্চল
শাসন কৰিবলৈ দিয়া হৈছিল। তেওঁলোককো ‘ৰজা’ বোলাই হৈছিল। স্বৰ্গদেউৰ আপাত
উত্তৰাধিকাৰীজনক ‘চাৰিং ৰজা’ বোলা হৈছিল। উত্তৰাধিকাৰৰ ক্ষেত্ৰত দ্বিতীয়জনক ‘তিপাম
ৰজা’ আৰু তৃতীয়জনক ‘নামৰূপ ৰজা’ বোলা হৈছিল। অৰ্থাৎ কোঁৱৰসকলে পুৰুষানুক্ৰমে
ৰাজ-সিংহাসন লাভ কৰিছিল। স্বৰ্গদেউৰ মৃত্যুৰ পাছত চাৰিং ৰজাক ৰজা পতা হ’ব, তাৰ
পাছত তিপাম ৰজাক আৰু তাৰ পাছত নামৰূপ ৰজাক। কেতিয়াবা কোনো কোঁৱৰে এনে নিয়ম নামানি
ৰাজসিংহাসন অধিকাৰ কৰিবলৈ বিদ্ৰোহো কৰিছিল। স্বৰ্গদেউ শিৱসিংহৰ মৃত্যুৰ পাছত আহোম
ৰাজ্যত এনে এক বিশৃংখলাৰ সৃষ্টি হৈছিল। নিয়ম অনুসৰি চাৰিং ৰজা অৰ্থাৎ প্ৰমত্তসিংহই
ৰাজসিংহাসন পাব লাগিছিল। কিন্তু তিপাম ৰজাই ৰজা হ’বৰ বাবে বিদ্ৰোহ কৰিছিল।
স্বৰ্গদেউ প্ৰমত্তসিংহৰ দিনত বিশেষ
উল্লেখযোগ্য যুদ্ধ-বিগ্ৰহ হোৱা নাছিল বা আহোম ৰাজ্যৰ বিস্তাৰো হোৱা নাছিল।
২. ৰাজ-অভিষেক আৰু শিঙৰিঘৰত উঠা নিয়মঃ
গোহাঁইসকলে ৰজা বুলি ঘোষণা নকৰালৈকে কোনো ৰজাই ৰাজপাট আৰোহণ কৰিব নোৱাৰিছিল। আহোম শাসন-ব্যৱস্থাত ৰাজ-অভিষেকৰ সময়ত এক ধৰণৰ অনুষ্ঠান আয়োজন কৰা হৈছিল। সেই অনুষ্ঠানৰ নাম আছিল ‘শিঙৰি ঘৰত উঠা উৎসৱ’। ৰজা হ’ব লগা কোঁৱৰজনে হাতীৰ পিঠিত উঠি চৰাইদেউলৈ গৈ
আহোমসকলৰ উপাস্য দেৱতা ‘চোমদেউ’ক প্ৰথমে পূজা দিয়াৰ নিয়ম। ইয়াৰ পাছত পুৰোহিত
দেওধাই আৰু বাইলুঙে কোঁৱৰৰ গাত মন্ত্ৰ উচ্চাৰণ কৰি পানী ছটিয়ায়। ইয়াৰ পাছত কোঁৱৰক
বিশেষভাৱে সজাই ৰখা চাংঘৰলৈ (সোলোংঘৰ) নিয়া হয়। চাঙৰ তলত মানুহ আৰু জীৱ-জন্তু ৰাখি
থোৱা হয়। পুৰোহিতে পুনৰ কোঁৱৰৰ গাত মন্ত্ৰ মাতি পানী ছটিয়ায়। তাৰ পাছত কোঁৱৰজনে
নতুন বস্ত্ৰ আৰু অলংকাৰ পৰিধান কৰি কাঠেৰে নিৰ্মিত শিঙৰি ঘৰৰ ৰাজসিংহাসনত বহে।
দেওধাই আৰু বাইলুংসকলে ৰজাক মন্ত্ৰ মাতি আশীৰ্বাদ দিয়ে। ৰজাৰ নামত সোণ আৰু ৰূপৰ
মোহৰ মৰা হয় আৰু ডা-ডাঙৰীয়া, পণ্ডিতসকলক উপহাৰ দিয়া হয়। ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ষষ্ঠ অধ্যায়ত সাদিনীয়াকৈ পতা প্ৰমত্তসিংহৰ ৰাজ-অভিষেক উৎসৱ তথা ‘শিঙৰি ঘৰত উঠা উৎসৱ’ৰ বহল বৰ্ণনা পোৱা যায়। ১৬৬৭ শকত (১৭৪৪ খ্ৰীষ্টাব্দ) প্ৰমত্তসিংহৰ ৰাজ-অভিষেক হৈছিল। ৰাজ-অভিষেক অনুষ্ঠানত শুকুলা আৰু ক’লা ম’হ বলি দিয়াৰ কথাও আছে।
৩. ক্ষমতাৰ বিতৰণঃ
আহোম শাসন-ব্যৱস্থাত তিনিজন ৰাজ-বিষয়া বা ডাঙৰীয়াৰ বিশেষ মৰ্যাদা আছিল। তেওঁলোক হ’ল— বৰগোহাঞি, বৰপাত্ৰগোহাঞি আৰু বুঢ়াগোহাঞি। এওঁলোকৰ হাতত যথেষ্ট ক্ষমতা অৰ্পণ কৰা হৈছিল। তিনিজনা ডাঙৰীয়া, বৰুৱা, ফুকন
আদিৰ আলোচনামৰ্মেহে ৰজা পতা হৈছিল। ৰজা পতাৰ পিছত বুঢ়াগোহাঞিয়ে ৰজাক উপদেশ-বাণী প্ৰদান কৰিছিল। ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ষষ্ঠ অধ্যায়ত বুঢ়াগোহাঞিয়ে প্ৰমত্তসিংহক উপদেশ দিয়াৰ কথা আছে— “মহাপ্ৰভুৱে তোমাক ৰাজপদ দিলে। এতিয়াৰপৰা সন্তক পালন কৰি দুষ্টক দণ্ড দি প্ৰাণীৰ সুখ-দুখ বিচাৰ কৰাই তোমাৰ ধৰ্ম।” ৰজাৰ শৱ স্নান, মৈদাম দিয়া আদি কামবোৰো বুঢ়াগোহাঞিৰ প্ৰচেষ্টাতে হৈছিল।
৪. ৰাজদ্ৰোহীৰ দণ্ডঃ
স্বৰ্গদেউ প্ৰমত্তসিংহই ৰাজদ্ৰোহীসকলৰ বাবে ব্যৱস্থা কৰা শাস্তিৰ কথাও ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ষষ্ঠ অধ্যায়ত আছে। ইয়াৰ যোগেদি আহোমসকলৰ ন্যায়-ব্যৱস্থাৰ এটি ধাৰণাও পাব পাৰি। ৰজা হৈ প্ৰমত্তসিংহই ৰাজদ্ৰোহীক যথাবিহিত দণ্ড দিছিল। ৰাজসভাৰ বিষয়াসকলেই যিহেতু বিদ্ৰোহত যোগ দিছিল সেয়ে তেওঁলোকক ৰাজকীয় পদৰ পৰা বহিষ্কাৰ কৰিলে। কালুগঞা বৰপাত্ৰক ভাঙি কেন্দুগুৰীয়া বৰপাত্ৰৰ পুতেকক বৰপাত্ৰ পাতিলে, দিহিঙ্গীয়া বৰগোহাঞিক ভাঙি লাইথপনা বৰগোহাঞিৰ পুতেক খামচং গোহাঞিক বৰগোহাঞি পাতিলে। অন্যান্যসকলক হাতীশালত বন্দী কৰি ৰাখিলে। চ’ত মাহত বন্দীসকলৰ বিচাৰ চলিল। যিসকলৰ অলপ দোষ পালে তেওঁলোকক দণ্ড দি ঘৰলৈ পঠিয়াই দিলে। আনহাতে গুৰুতৰ অপৰাধ কৰিছে বুলি প্ৰমাণ হোৱাত তিমপীয়া ফুকন, ঢেকিয়াল বৰুৱা আৰু তেওঁৰ পুত্ৰ নগা তথা আন দোষীসকলৰ নাক-কাণ কাটি তেজিত নিৰ্বাসন দিয়া হ’ল।
৪. চুবুৰীয়া বা আহোম ৰাজ্যৰ তলতীয়া ৰজাসকলৰ লগত থকা সম্পৰ্কঃ
‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ষষ্ঠ অধ্যায়ত আহোম স্বৰ্গদেউ প্ৰমত্তসিংহৰ ৰাজত্বকালত ওচৰ-চুবুৰীয়া ৰাজ্য তথা আহোমৰ তলতীয়া ৰাজ্যবিলাকৰ লগত প্ৰমত্তসিংহৰ কেনে সম্পৰ্ক আছিল, তাৰ আভাসো পোৱা যায়। প্ৰমত্তসিংহৰ পুথাও-পুলিনৰ দিনৰেপৰা জয়ন্তীয়া আৰু কছাৰী ৰাজ্য আহোমৰ তলতীয়া আছিল। অৱশ্যে জয়ন্তীয়া ৰাজ্যৰ ৰজাই আহোম ৰজাই নিৰ্ধাৰণ কৰি দিয়া নিয়ম পালন কৰা নাছিল। সেয়ে জয়ন্তীয়া ৰজাক ১৪ বছৰ বন্দী কৰি থৈছিল। এনে কাৰণতে বুঢ়াগোহাঞিয়ে জয়ন্তীয়া ৰাজ্যৰ ৰজাক ৰাজ-অভিষেকৰ সময়ত আয়োজন কৰা আনন্দ-উৎসৱলৈ মাতিব বিচৰা নাচিল। কিন্তু প্ৰমত্তসিংহই কছাৰী ৰজাৰ লগতে জয়ন্তীয়া ৰজাকো আনন্দ-উৎসৱলৈ মাতি অনাৰ আদেশ দিয়ে। তেওঁলোকৰ বাবে যথাৰীতি মান দিয়াৰ ব্যৱস্থাও কৰে। এইদৰে প্ৰমত্তসিংহই আহোম ৰাজ্যৰ তলতীয়া ৰজাসকলৰ লগত মিত্ৰতাৰ বান্ধোন শক্তিশালী কৰি ৰখাৰ যত্ন কৰিছিল।
আহোম ৰাজ্যৰ তলতীয়া ৰাজ্যবোৰৰ ৰজাসকলকো ‘ৰজা’
বোলা হৈছিল। এওঁলোকে আহোম ৰজাক বাৰ্ষিক কৰ পৰিশোধ কৰিব লাগিছিল। প্ৰয়োজন হ’লে তলতীয়া
ৰাজ্যৰ ৰজাই আহোম স্বৰ্গদেউক পাইক আৰু অন্যান্য সম্পদ যোগাৰ কৰি দিব লাগিছিল। দৰং,
ৰাণী, বেলতলা, লুকী,
বৰদুৱাৰ, ডিমৰুৱা আদি ৰাজ্যবোৰ আহোমৰ তলতীয়া। ৰাণী অঞ্চলৰ ৰজাৰ বাহিৰে আন সকলোৱে
বাৰ্ষিক কৰ পৰিশোধ কৰিব লাগিছিল। প্ৰয়োজন হ’লে আহোম স্বৰ্গদেউসকলেও তলতীয়া ৰজাসকলক
সহায় কৰিছিল। ‘তুংখুঙ্গীয়া বুৰঞ্জী’ৰ ষষ্ঠ অধ্যায়ত ৰাণীৰ কটকীয়ে প্ৰমত্তসিংহৰ সহায় বিচাৰি অহাৰ কথা পোৱা যায়। বুঢ়াগোহাঞে তেওঁলোকক
প্ৰমত্তসিংহই সহায় কৰিব বুলি আশ্বাস দিছে।
৫. প্ৰশাসনিক কাৰ্যাৱলীঃ
তুংখুঙ্গীয়া ফৈদৰ স্বৰ্গদেউসকলৰ দিনত আহোম ৰাজ্যত হোৱা বিভিন্ন প্ৰশাসনিক কাৰ্যাৱলীৰ তথ্য ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত আছে। বুৰঞ্জীখনৰ ষষ্ঠ অধ্যায়ত প্ৰমত্তসিংহই কামৰূপত পিয়ল কৰাৰ উল্লেখ আছে।
৬. স্থাপত্য-ভাস্কৰ্য নিৰ্মাণঃ
স্বৰ্গদেউ প্ৰমত্তসিংহৰ দিনত আহোমৰ দিনৰ গৌৰৱ বঢ়োৱা কাম
বিশেষ হোৱা নাছিল। মাত্ৰ দৌল, গড়-মন্দিৰ আৰু পকীঘৰ সজোৱা হৈছিল। বিশেষকৈ এওঁ ৰংপুৰত থকা ৰংঘৰটো পকী কৰি সজাইছিল ১৭৪৬ খ্ৰীষ্টাব্দত (১৬৭৩ শক)। এই ঘৰৰ ওপৰৰ মহলাত বহি ৰজাই
ম’হযুঁজ, হাতীযুঁজ, পখীযুঁজ, মালযুঁজ আদি ৰং চাইছিল। পুৰণি ৰংপুৰ নগৰত এই ৰংঘৰ
এতিয়াও জিলিকি আছে। লগতে তেওঁ গড়গাঁও নগৰৰ দুৱাৰঘৰকেইটা পকী কৰিছিল, গুৱাহাটীত শুক্ৰেশ্বৰ দেৱালয় সজাইছিল। পিতৃ ৰুদ্ৰসিংহ স্বৰ্গী হোৱা স্থানত অৰ্থাৎ গুৱাহাটীৰ উত্তৰপাৰত ৰুদ্ৰেশ্বৰ নামৰ শিৱ দেৱালয় পাতিছিল। স্বৰ্গদেউ প্ৰমত্তসিংহ শৈৱ ধৰ্মৰ প্ৰতি অনুৰাগী আছিল।
১৭৫১ খ্ৰীষ্টাব্দত অৰ্থাৎ ১৬৭৩ শকৰ ২৯ আহিন তাৰিখে কৃষ্ণা নৱমী তিথিত স্বৰ্গদেউ
প্ৰমত্তসিংহ স্বৰ্গী হয়। তেওঁ ৬ বছৰ, ১০ মাহ, ৫ দিন ৰাজপাট ভোগ কৰে।
0 comments:
Post a Comment