Friday, 24 April 2020

অসমীয়া ভাষাৰ ৰূপগত দিশত বড়ো ভাষাৰ অৱদান

অসমীয়া ভাষাৰ ৰূপগত দিশত বড়ো ভাষাৰ অৱদান


অসমীয়া ভাষাৰ ৰূপগত দিশত বড়ো ভাষাৰ অৱদান

স্নাতক চতুৰ্থ ষান্মাসিক (উচ্চমান)
অসমৰ ভাষা আৰু লিপি, পাঠ্যক্ৰম সংখ্যাঃ ৪০২
গোটঃ ৪
শ্ৰেণী শিক্ষকঃ মৃদুল মৰাণ
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়, দেৰগাঁও

      অসমীয়া ভাষাৰ ধ্বনিগত, ৰূপগত, শব্দগত আৰু বাক্যগত— এই চাৰিওটা দিশতেই আৰ্য-ভিন্ন ভাষা অৰ্থাৎ চীন-তিব্বতীয় ভাষা আৰু তিব্বত-বৰ্মী ভাষাৰ উপাদান সোমাই আছে। তিব্বত-বৰ্মী শাখাৰ ভাষাসমূহৰ ভিতৰত বড়ো ভাষা প্ৰধান। অসমীয়া ভাষাত বড়ো ভাষাৰ উপাদানো আছে। তলত অসমীয়া ভাষাৰ ৰূপগত দিশত বড়ো ভাষাৰ অৱদান সম্পৰ্কে উল্লেখ কৰা হ’ল—
(১)   বহুবচনাত্মক প্ৰত্যয়ঃ
      অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বহুবচনাত্মক প্ৰত্যয় ‘-বোৰ’ বড়ো ভাষাৰ ‘-ফৌৰ’ প্ৰত্যয়ৰপৰা আহিছে বুলি কোৱা হয়। এই কথা উল্লেখযোগ্য যে পুৰণি অসমীয়া ভাষাত বহুবচন বুজাবৰ বাবে ‘-ভোৰ’ প্ৰত্যয় ব্যৱহাৰ কৰা হয়। গতিকে ‘-বোৰ’ প্ৰত্যয়ৰ ক্ৰমবিকাশ এনেদৰে দেখুৱাব পাৰি—
      ফৌৰ> ভোৰ> বোৰ

(২)   সম্বন্ধবাচক শব্দঃ
      অসমীয়া ভাষাৰ অধিকাংশ সম্বন্ধবাচক শব্দ সংস্কৃতমূলীয়। অৱশ্যে তাৰ মাজতো সংস্কৃতত নথকা সম্বন্ধবাচক শব্দ কিছুমানো অসমীয়া ভাষাত আছে। যেনে— আতা, আবু, আই আদি। এইবোৰ তিব্বত-বৰ্মী ভাষাৰপৰা অহাৰ সম্ভাৱনা আছে। বড়ো ভাষাত ‘আই’ৰ সমধৰ্মী ৰূপ আছে— ‘আয়’।
(৩) গঠনমূলক প্ৰত্যয়ঃ
      বাণীকান্ত কাকতিৰ মতে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা গঠনমূলক প্ৰত্যয় ‘-মা’ আৰু ‘-চা’ বড়ো মূলৰ। এই দুটা প্ৰত্যয়যুক্ত অসমীয়া শব্দৰ উদাহৰণ— লোধোমা, ধেপেচা আদি।
(৪)   সম্বন্ধবাচক শব্দত যোগ হোৱা পুৰুষ নিৰ্দেশক ৰূপঃ
      অসমীয়া ভাষাত পুৰুষ অনুসৰি সম্বন্ধবাচক বিশেষ্য শব্দৰ লগত –এৰ, -এৰা আৰু –এক প্ৰত্যয় যোগ কৰা হয়। এয়া অসমীয়া ভাষাৰ এটা প্ৰধান বৈশিষ্ট্য। যেনে— মোৰ দেউতা, তোৰ দেউতাৰ, তোমাৰ দেউতাৰা, তাৰ দেউতাক আদি। অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটো গ্ৰীয়াৰ্ছন, বিষ্ণুপ্ৰসাদ ৰাভা আদিয়ে বড়ো ভাষাৰপৰা আহিছে বুলি কৈছে। বড়ো ভাষাত অৱশ্যে পুৰুষ নিৰ্দেশক ৰূপবোৰ সম্বন্ধবাচক বিশেষ্য শব্দৰ আগতহে যোগ হয়। যেনে—
      ফা          দেউতা
      আ-ফা      মোৰ দেউতা
      নৌং-ফা     তোমাৰ দেউতাৰা
      বি-ফা       তাৰ দেউতাক
৫.    নঞৰ্থক ক্ৰিয়াপদৰ গঠনঃ
      অসমীয়া ভাষাত নঞৰ্থক ক্ৰিয়া গঠন কৰিবলৈ ক্ৰিয়াৰ আগত ‘ন-’ যোগ কৰা হয় আৰু ইয়াৰ সমীভৱন হয়। এই বৈশিষ্ট্যটো অসমীয়া ভাষালৈ চীন-তিব্বতীয় ভাষা-পৰিয়ালৰ ভাষাবোৰৰপৰা আহিছে বুলি ধাৰণা কৰিব পাৰি। বড়ো ভাষাতো নঞৰ্থক ৰূপটো (দা-) ক্ৰিয়াৰ আগত বহে। অৱশ্যে ইয়াৰ সমীভৱন নহয়। যেনে—
      থাং         যাবা
দা-থাং      নাযাবা
৬.    নিৰ্দিষ্টতাবাচক সৰ্গৰ প্ৰয়োগঃ
      অসমীয়া ভাষাত কোনো বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ কিছুমান প্ৰত্যয় ব্যৱহাৰ কৰা হয়। সেইবোৰক নিৰ্দিষ্টতাবাচক সৰ্গ বা প্ৰত্যয় বোলা হয়। সংস্কৃত ভাষাত এনে বৈশিষ্ট্য নাই। অসমীয়া ভাষালৈ এই বৈশিষ্ট্যটো চীন-তিব্বতীয় ভাষাসমূহৰপৰা আহিছে। বড়ো ভাষাতো নিৰ্দিষ্টবাচক সৰ্গৰ ব্যৱহাৰ আছে। যেনে—
      চাচে মানচি  এজন মানুহ [চা ‘জন’ (নিৰ্দিষ্টতাবাচক প্ৰত্যয়) + চে (এক)]
অসমীয়া ভাষাত অৱশ্যে সংখ্যাবাচক শব্দটোৰ পিছতহে নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো যোগ হয়।
৭.    লিংগ নিৰ্ণয় প্ৰক্ৰিয়াঃ
      সংস্কৃত ভাষাৰ লিংগ নিৰ্ণয় প্ৰক্ৰিয়া সম্পূৰ্ণ ব্যাকৰণগত। কিন্তু অসমীয়া ভাষাৰ লিংগ ব্যাকৰণগত নহয়। এই বৈশিষ্ট্য অসমীয়া ভাষালৈ তিব্বত-বৰ্মী ভাষাৰপৰা অহাৰ সম্ভাৱনা আছে। কাৰণ— বড়ো, কাৰ্বি, মিচিং আদি তিব্বত-বৰ্মীয় ভাষাত লিংগ ব্যাকৰণগত নহয়। এইবোৰ ভাষাত লিংগই বাক্যত কোনো প্ৰভাৱ বিস্তাৰ নকৰে। অসমীয়া ভাষাত লিংগ নিৰপেক্ষ শব্দৰ আগত ‘মতা’ আৰু ‘মাইকী’ শব্দ যোগ কৰি লিংগ নিৰ্ণয় কৰা হয়। অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটো তিব্বত-বৰ্মীয় ভাষাৰপৰা অহাৰ সম্ভাৱনা আছে। বড়ো ভাষাতো মতা আৰু মাইকীবাচক শব্দ ব্যৱহাৰ কৰি লিংগ নিৰ্ণয় কৰা হয়। যেনে—
      মাউজী বুন্দা ‘মতা মেকুৰী’            মাউজী বুন্দি ‘মাইকী মেকুৰী’
৮.    প্ৰতিধ্বন্যাত্মক শব্দৰ গঠনঃ
      অসমীয়া ভাষাৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল প্ৰতিধ্বন্যাত্মক শব্দৰ গঠন। যেনে— মাছ-তাছ, ভাত-চাত, নিমখ-চিমখ আদি। তিব্বত-বৰ্মীয় ভাষাতো এনে উদাহৰণ অনেক আছে। সেই ভাষাবোৰৰ পৰাই অসমীয়া ভাষালৈ প্ৰতিধ্বন্যাত্মক শব্দ গঠনৰ বৈশিষ্ট্যটো অহাৰ সম্ভাৱনা আছে। বড়ো ভাষাত ব্যৱহাৰ হোৱা প্ৰতিধ্বন্যাত্মক শব্দ এনে—
      না-চা       মাছ-তাছ
      ফ্লি ফ্লি      পিলিং পালাং
৯.    যৌগিক ক্ৰিয়াৰূপঃ
      বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণা-গ্ৰন্থত অসমীয়া ভাষাৰ যৌগিক ক্ৰিয়াৰূপ; যেনে— খাম্ বান্ধ্, গবা মাৰ্, বিৰ্ দি, থলামূৰি মাৰ্ আদি ৰূপবোৰ বড়ো ভাষাৰ বুলি কৈছে।
১০.   ক্ৰিয়াৰ মূল বা ধাতুঃ
      অসমীয়া ভাষাৰ কিছুমান ক্ৰিয়াৰ মূল বা ধাতু বড়োমূলীয়। যেনে— চেলেক্, জিৰা, গচক, আগচ, চেঁকুৰ, ভেঁকুৰ আদি।

সৃষ্টিৰ পৃথিৱী

মৃদুল মৰাণ

(প্ৰধানকৈ Dibrugarh University-ৰ স্নাতক অসমীয়া উচ্চমান পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা বিভিন্ন আলোচনা প্ৰকাশ কৰাৰ উদ্দেশ্যে এই ব্লগৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ যোগেদি নিশ্চয় লক্ষ্য ছাত্ৰ-ছাত্ৰীসকলৰ অলপ হ’লেও উপকাৰ হ’ব।)

0 comments:

Post a Comment