(১)
কোনেও গম নাপালে কিদৰে উত্তেজিত হৈ পৰিল সমবেত প্ৰতিজন
মানুহ। নিশাৰ গভীৰতাৰ স’তে আদিম নৃশংসতাৰে ভৰি পৰিল হঠাৎ পৃথিৱী।
মানুহৰ হাতে হাতে দা, ষাঠী কিদৰে আহিল তালৈ মন কৰিবলৈ কাৰো সময়
নাছিল তেতিয়া। নিশাৰ আন্ধাৰবোৰ ফালি আকাশত তেজৰ ফোঁৱৰা উঠিল। মনেশ্বৰৰ আকূতি, মৃত্যু কাতৰ যন্ত্ৰণাই আদিম পৃথিৱীখন ফালি ওলাই আহিব পৰা
নাছিল। আদিম শব্দই ঢাকি ৰখা আকাশ। তাৰ তলত নিমিষতে খণ্ড-বিখণ্ড হৈ পৰিল কিছু
সময় আগলৈকে দেওধনী নাচ উপভোগ কৰি থকা মনেশ্বৰৰ দেহ। পূজাৰ থলীত পৰি থকা বিৰুৰ আউলী-বাউলী দেহলৈ তেতিয়াও চেতনা অহা নাছিল। বুকুৰ যন্ত্ৰণা আৰু
বিষাদবোৰে হয়তো সংগোপনে জিৰাইছিল, সংগোপনে লৈছিল স্বস্তিৰ
এটি উশাহ। মনেশ্বৰ মৰিল। মনেশ্বৰ মৰিল।
-গাঁৱত ইমানকৈ বেমাৰ-আজাৰ কেলে হৈছে? মানুহ কেলে মৰিছে ইমানকৈ?
-মনেশ্বৰ...
-শান্ত নদীখনে ইমান ভয়ংকৰ মূৰ্তি কেলে লৈছিল এইবাৰ?
-মনেশ্বৰ...
পূজাৰীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ আছিল মনেশ্বৰ, কেৱল মনেশ্বৰ। মনেশ্বৰেই ৰোগ বিয়পাইছে গাঁৱত। মনেশ্বৰকেই
বিচাৰিছিল নদীখনে। মনেশ্বৰৰ কেঁচা তেজ।
(২)
নদীখনে সঁচাকৈয়ে বৰ ভয়ংকৰ ৰূপ লৈছিল। সৰু নৈখনেই যে এদিন
ইমান নৰসংহাৰী ৰূপ ধাৰণ কৰিব, সেয়া কোনেও কল্পনাই
কৰিব পৰা নাছিল। বৰ অকস্মাতে, বৰ অসময়ত বান আহিছিল।
জীৱ-জন্তু, বস্তু-বাহানি সকলো হেৰুৱাইছিল মানুহবোৰে। মানুহ মৰিছিল অসংখ্য।
সন্ধান নোলাল বহুজনৰ। নদীয়েহে জানে ক’ত সমাধিস্থ কৰিলে কত
দুৰ্ভগীয়াক। আন বহুতৰ লগতে বানে বৰ বেয়াকৈ দুৰ্ভগীয়া, নিঠৰুৱা
কৰিছিল বিৰুকো। মাক-দেউতাক আৰু ভনীয়েক সকলোকে হেৰুৱাই ভাগি পৰিছিল
বিৰু।
হেজাৰ ধুমুহাৰ পাছতো সপোন সাজিব খোজা মাটিৰ মানুহ আমি।
তেওঁলোকো। লাহে লাহে সকলো সহজ হৈছিল। দুখ-যন্ত্ৰণাক পাহৰি নকৈ
হাঁহিবলৈ শিকিছিল প্ৰতিজনে। বন্ধ দিন এটাত গাঁৱৰ সকলোৱে লগ হৈ বৰ বিলখনত মাছ মৰাৰ
আয়োজন কৰিলে। গাটো ভাল নলগাৰ বাবে বিৰু অৱশ্যে নগ’ল। সেইদিনাই বিৰুৰ
জীৱনলৈ নামি আহিল অমানিশাৰ আৰু এখিনি আন্ধাৰ। বিৰুৰ ঘৰ গাঁৱৰ এমূৰত। বৰ বিলখন
গাঁৱৰ সোঁমাজত। অকলশৰীয়া বিৰু মনেশ্বৰৰ কামনাৰ বলি হ’ল। সহায় বিচাৰি চিঞৰি
চিঞৰি ভাগৰি পৰিল বিৰু। নিজৰ কামনা চৰিতাৰ্থ কৰি গুচি গ’ল মনেশ্বৰ। আঁকি থৈ গ’ল বিৰুৰ সুকোমল বুকুৰ মাজত লাঞ্ছনাৰ কজলা ক’লাজ। তাই ৰাইজৰ আগত মেলি দিব নোৱাৰিলে সেই দানৱীয় অধ্যায়। ক’ম ক’ম বুলি ভাবিও থমকি ৰৈ গ’ল বিৰু। বাধা কোনেও দিয়া নাছিল বিৰুক। তাই প্ৰতিবাদী হ’ব নোৱাৰিলে। নোৱাৰিলে বিদ্ৰোহ কৰিব। সমাজে মোক কি বুলি ভাবিব? স্থান পামনে এই সমাজখনত? বহু কিবা-কিবি ভাবি সংকুচিত হৈ ৰ’ল বিৰুৰ হৃদয়। অৱদমিত
মন অৰণ্যত কিন্তু মনেশ্বৰৰ প্ৰতি বিদ্ৰোহৰ তেজ ৰঙা অনল শিখা জ্বলি থাকিল অহৰহ।
(৩)
আজি ভঁৰদক। মনসা পূজা শেষ হোৱাৰ আগদিন। প্ৰলয়ংকাৰী বানটোৰ পিছত
ৰাইজে বৰ আশাৰে, খুউব হেঁপাহেৰে পূজাৰ আয়োজন কৰিছে। গা ধুই আহি
কাপোৰ পিন্ধিবলৈ ৰৈ কিছু সময় থমকি ৰ’ল বিৰু। বুকুৰ সোঁমাজত
এতিয়াও কেঁচা হৈ আছে যন্ত্ৰণাৰ দাগ। মানুহ নহয় মনেশ্বৰ। কিদৰে আঁকি থৈ গ’ল বুকুৰ কোমল দলিচাত নখৰ আঁচোৰ, দাঁতৰ
কামোৰ? মানুহ হ’ব পাৰে জানো মনেশ্বৰ? নোৱাৰে। মনেশ্বৰ এটা পশু। যোৱা তিনি বছৰে মনসা পূজাত
দেওধনীৰ কাম কৰি আহিছে বিৰুৱে। সকলোৱে কয় বিৰু শান্ত, ভাল
ছোৱালী। পৱিত্ৰ ছোৱালী। দেৱীৰ নামত উছৰ্গিত পৱিত্ৰ তাইৰ জীৱন। বিৰুৰ পৱিত্ৰতাত
আঘাত হানি মনেশ্বৰ তাইৰ আগতেই ঘূৰি ফুৰিল। অব্যক্ত যন্ত্ৰণাত তাইৰ হৃদয়ে কিমান
ছটফটাইছিল, ৰাতিৰ নীৰৱতাৰ হাততহে হয়তো তাৰ সুদীঘল খতিয়ান।
ঢোল আৰু তালৰ ছেৱে ছেৱে মুকলি চুলিৰে তাই উগ্ৰমূৰ্তিৰে
নাচিবলৈ ধৰে। বিৰতিবিহীন নাচৰ শেষত অৱসাদ আহে বিৰুৰ দেহলৈ। তাই অনুভৱ কৰে
অদৃশ্যজনৰ স্পৰ্শ। তাই হেৰুৱাই পেলায় নিজৰ অস্তিত্ত্ব। তাইৰ সমস্ত সত্ত্বা দেৱীৰ
লগত যেন একাত্ম হৈ যায়। আউলী-বাউলী চুলিৰে অৰ্ধ-চেতন বিৰুক অন্য এক পৃথিৱীৰ প্ৰাণী যেন লাগে। লাহে লাহে
দুওঁঠ কঁপি উঠে। বিৰ-বিৰণি এটা শুনা যায়। পূজাৰীয়ে কাণ পাতি শুনিব
বিচাৰে। কঁপা কঁপা মাতেৰে প্ৰশ্ন কৰে বিৰুক-
-গাঁৱত ইমানকৈ বেমাৰ-আজাৰ কেলে হৈছে? মানুহ কেলে মৰিছে ইমানকৈ?
-মনেশ্বৰ...
-শান্ত নদীখনে ইমান ভয়ংকৰ মূৰ্তি কেলে লৈছিল এইবাৰ?
-মনেশ্বৰ...
***
বঢ়িয়া মৃদুল
ReplyDelete