হিয়াৰ হান্দুকত
ল’ৰালিৰ উচুপনি
হেৰামণিৰ বনফুলৰ সুবাসৰ স’তে একেলগে ডাঙৰ হৈছিল মোৰ ল’ৰালি
বুবা মোৰ কেঁচা মাটিৰ প্ৰেমিক
দুখৰ আহুতলীত সেউজীয়া সপোনে মাৰিছিল হেঁপাহৰ ফুৰুলি
কৈতালীৰ খৰিকাজাঁইৰ সুবাসে উতলা কৰি ৰাখিছিল
মোৰ আপোন জগতখনৰ পদূলি
হেদাহি মাতিলেই, আঘোণৰ কুঁৱলী সৰিলেই
লেচেৰি বুটলাৰ উঠিছিল কিৰিলি…
আৰু আজি,
হেঁপিয়াই চালোঁ হিয়াৰ ভিতৰখন
যান্ত্ৰিকতাৰ বিষাক্ত কীটে কুটি কুটি শেষ কৰিলে মোৰ ল’ৰালি
বুবা, এৰেহা সপোনেৰে সাজিব নোৱাৰোঁ মই
বনফুলৰ সুবাস সনা দীঘলীপটি
ধোদাং-দাং হৈ পৰিল অনুভৱৰ প্ৰতিটো কোঠালি
কিদৰে সাঁচি ৰাখোঁ হেৰেপী ভৰাই মোৰ সোণালী স্মৃতি
হিয়াজুৰি কেৱল ল’ৰালিৰ উচুপনি…
বুবা, জ্বলাই থৈ যাচোন
বুকুৰ সেমেকা মজিয়াত নাহৰগুটিৰ কপি
জানোছা সৰাপাত গচকি আহেইবা মোৰ ল’ৰালি…
***
কবিতাটোত ব্যৱহৃত মৰাণ শব্দৰ অৰ্থঃ
হান্দুকঃ a very interior place
হেৰামণিঃ keeping in barren land
after harvesting
কৈতালীঃ barandha
বুবাঃ father
হেৰেপীঃ a basket
দীঘলীপটীঃ a long corridor in a
Moran typical house
কপিঃ lamp.
0 comments:
Post a Comment