Sunday, 2 May 2021

ভাৰাঘৰ কেনেকৈ সজাব?

সৃষ্টিৰ পৃথিৱী



আপুনি ভাৰাঘৰত থাকে নেকি? সাধাৰণতে ভাৰঘৰসমূহ ভালদৰে সজোৱা নাথাকে। আপুনি নিজেই বহুখিনি ঠিক কৰি ল’ব লগা হয়। থাকি ভাল লাগিবৰ বাবে ভাৰাঘৰটো সজোৱাৰ কিছু কৌশল নিশ্চয় আছে! আহকচোন, আজি মই মোৰ ভাৰাঘৰটো কেনেকৈ সজাইছোঁ তাৰে কিছু আভাস দিওঁ—


# Removable Wallpaper

অপৰিষ্কাৰ আৰু ৰংহীন বেৰবোৰক ন ৰূপ দিব পাৰিব Removable Wallpaper-ৰ সহায়ত…

# Wall Stickers & Photos

অপৰিষ্কাৰ, উকা আৰু ৰংহীন বেৰক ষ্টিকাৰ আৰু ফটোৱে এটা নতুন ৰূপ দিব। গতিকে এই কৌশল নিশ্চয়কৈ অৱলম্বন কৰিব পাৰে…

ৱাল ষ্টিকাৰ আৰু ফটো

স্মৃতিবোৰ সজীৱ কৰি এখন বেৰ সজাব পাৰে। একেলগে পাৰ কৰা সময়বোৰে দিয়া অম্লজানেৰে জীপাল হৈ থাকিব পাৰিব আপুনি…



ৱাল ষ্টিকাৰ

# Washi Tape অথবা বিভিন্ন ৰঙৰ নক্সা

# Decorative Light আৰু Lamp

বিভিন্ন Decorative Light আৰু Lamp-ৰ সহায়ত কোঠাৰ এটা কোণ সজাই লওক। আবেলি অথবা নিশা ভাষাময় হ’ব সেই কোণ…



# Live Plant আৰু Artificial Plant

বিভিন্ন Live Plant আৰু Artificial Plant কোঠাৰ বিভিন্ন ঠাইত ৰাখিব পাৰে। সেউজীয়াবোৰে আপোনাক সতেজতা প্ৰদান কৰাত কৃপণালি নকৰে কেতিয়াও…






# উজ্জ্বল ৰঙৰ পৰ্দা

বেৰবোৰ বৰণহীণ হ’লেও উজ্জ্বল ৰঙৰ পৰ্দাই আপোনাৰ কোঠাটোক পোহৰাই তুলিব…


# Colourful Rug আৰু কাৰ্পেট

মজিয়া অথবা কোঠা এটাৰ সামগ্ৰিক পৰিৱেশক ৰঙীণ ৰাগ আৰু কাৰ্পেটেও ন ৰূপ এটা দিব। এবাৰ চেষ্টা কৰি চাব পাৰে…


ৰাগ অথবা কাৰ্পেটেৰে “Reading Corner’’ এটা সজাই ল’বলৈ নাপাহৰিব…






Wednesday, 15 July 2020

মণ্টাজৰ শেষত ৰৈ যোৱা ছবিবোৰ

সৃষ্টিৰ পৃথিৱী



: আপোনাক বহু দিনৰ চিনাকি যেন লাগে, একেবাৰে যেন নিজৰ…
অলপপৰ আগলৈকে খেলি-মেলি অনেক কথাৰ মাজত ব্যস্ত আছিলোঁ আমি। হঠাৎ নিঃশ্চুপ হৈ পৰিলোঁ মই। সমীৰৰ কথাষাৰ বুকুত বাঁহী এটা হৈ বাজি ৰ’ল।
অবিশ্বাসী হৈ উঠা আকাশখনে আবেলিৰ হেঙুলখিনি সমূলি সামৰি পেলাইছিল। খন্তেকতে হয়তো এজাক বতাহ-ধুমুহা আহিব। দিনটোৰ ফৰকাল আকাশ, কোমল বতাহমিশ্ৰিত ৰ’দৰ আমেজবোৰ অতীত হ’ব।
আৰু সমীৰ?
এই প্ৰশ্নৰ উত্তৰ ইমান সহজে দিয়া হয়তো সম্ভৱ নহ’ব। আমাৰ জীৱনবোধ, পৃষ্ঠভূমি অনেক বেলেগ। আপোন হৈছিলোঁ হয়। কিন্তু সেই আপোনৰ অৰ্থ চিৰদিনৰ আপোন যে হ’ব লাগিব তেনে নহয়। অভিজ্ঞতাই বহু কথা পাহৰিবলৈ শিকায়। ব্যস্ত পৃথিৱীলৈ আমি ঘূৰি যাম। সৰু সৰু আৱেগ, অপেক্ষা কিছুমান তেনেই অৰ্থহীন হৈ পৰিব। মাত্ৰ ল’কডাউনত আবদ্ধ হৈ পৰা সময় কিছুমান শব্দৰে মুখৰ হৈ পৰাৰ কথা সময় পালে সোঁৱৰা হ’ব কেতিয়াবা।
আপুনি কয় টকা-পইচাৰে ভৰপূৰ জীৱন এটাৰ কথা।
আকৌ কয় অৰ্থৰ অৰ্থশূন্যতাৰ কথা।
মানুহবোৰ ব্যস্ত হয় কেৰেলাৰ গাভিনী হাতিজনীৰ হৈ মাত মতা আৰু মতাপুং মাগুৰি বিলৰ শিহুটোৰ হৈ মাত নমতা বিষয়ক লৈ। দিহিং-পাটকাইৰ সেউজীয়ালৈ অহা সংকটক লৈ মানুহে দিনে-ৰাতিয়ে চৰ্চা কৰে। কলেজ-বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ, সংগঠনে পৃথক পৃথককৈ হাতত প্লেকাৰ্ড লৈ ফটো তুলি অৰণ্য সংৰক্ষণৰ হকে মাত দিয়ে। তাতো প্ৰশ্ন উঠে, ভুল বুজা-বুজিৰ আৰম্ভণি হয়— আমাক কিয় কোৱা নহ’ল? আমিও ফটো দিব পাৰিলোঁ হয়!
গতানুগতিকভাৱে বিশ্ব পৰিৱেশ দিৱস আহে। মানুহবোৰে গছৰ পুলি ৰোৱে, ফটো তোলে। সামাজিক মাধ্যমত ফটোৰ উজান উঠে। মানুহবোৰে ব্যস্ত হোৱাৰ আৰু এটা কাৰণ বিচাৰি লয়। চলি থাকে যুঁজ এখন। সেউজীয়াৰ খতিয়ান লোৱা বহীবোৰত অংকৰ হিচাপ-নিকাচ চলে।
অৱশেষত দোমোজাত মইহে ৰৈ যাওঁ। সমস্ত দোমোজাবোৰ একাষৰীয়া কৰি থৈ আপোনাৰ প্ৰেমৰ কাহিনীবোৰ শুনোঁ। অস্থায়ী প্ৰেমৰ নটা কাহিনী। উদণ্ড ল’ৰা এটা ক্ৰমে উদণ্ড হৈয়ে ডেকা হোৱাৰ কাহিনী।
আকাশেও কাহিনী এটা কয়। আকৌ বিশ্বাস-অবিশ্বাস, বুজা-নুবুজাৰ দোমোজাত মই ভালেপৰ ৰৈ থাকোঁ। নিজকে প্ৰবোধ দিওঁ শেহত— কাহিনীবোৰ আজিকালি এনেকুৱাই।
Mob Lynching-ৰ ঘটনাবোৰ ক্ৰমে বৃদ্ধি পায়। মানুহে মানুহক হত্যা কৰা ঘটনাবোৰ ক্ৰমে একো একোটা সহজ কাম আৰু সুলভ দৃশ্যৰ অংশ একোটা হৈ পৰে। সৰু একোটা কথাৰ অজুহাততে শেষ কৰি দিব পাৰি জীৱনৰ সমস্ত ৰং। জীৱন দিব নোৱাৰি বুলি জানিও জীৱন লোৱাৰ আখৰাবোৰ অহৰহ চলি থাকে।
কিহৰ দ্বাৰা প্ৰেৰিত হৈ মানুহে এনে কাম কৰিব পাৰে?
কিয় দিনে দিনে বৃদ্ধি পাব ধৰিছে এনে ঘটনা?
উত্তৰ নোপোৱা প্ৰশ্নৰ চাকনৈয়াত অথবা বিশৃংখলতাত ডুবি থাকোঁতেই আকাশে মোক কাহিনীটো কৈছিল। বিশৃংখলতাৰ জঁটবোৰ বাঢ়ি আহিছিল ক্ৰমশঃ। মানুহে মানুহক হত্যা কৰাৰ দৃশ্য ৰেকৰ্ড কৰা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ আঁৰতো হয়তো থাকে কিছুমান নিচা পূৰণৰ প্ৰবৃত্তি অথবা তৃপ্তিৰ অন্বেষণ। উত্তৰ একোটা বিচৰাৰ প্ৰয়োজন যদিও উত্তৰ বিচাৰিবলৈ ছবি আৰু ঘটনাবোৰ চকুৰ সমুখত লৈ নিৰ্বাকহে হৈ পৰোঁ মই।
তিনিটা বিয়েৰৰ বটল।
দুটা চিগাৰেট।
নিচাত লুটুৰি-পুটুৰি অশ্লীল শব্দ এখিনি।
বয়জ হোষ্টেলৰ কাহিনী শুনিছোঁ— বিবৰ্ণ প্ৰাচীৰে সামৰি ৰখা নীলা ছবিৰ ৰাতি, স্ব-মৈথুনৰ তৃপ্তি আৰু উত্তেজনা মিহলি দীঘল উশাহ আৰু ঘামৰ কেঁচা গোন্ধ। Mob Lynching-ৰ ভিডিঅ’ চাই স্ব-মৈথুনৰ আনন্দত নিজক এৰি দিব পৰা দৃষ্টান্তৰ কাহিনীটো এই পৃথিৱীৰ কাহিনী যেন লগা নাছিল।
এই পৃথিৱীৰ কাহিনী?
বাস্তৱৰ এনে মৰা-কটাবোৰেও কাৰোবাক দিব পাৰে জৈৱিক উত্তেজনাৰ সংগ। এই পৃথিৱীৰেই কাহিনী।
আমাৰ পৃথিৱীৰ কাহিনীবোৰ প্ৰকৃততে এনেকুৱাই। মুখাৰ আঁৰত লুকাই থাকে কত কাহিনী, সামান্য সুৰুঙা পালেই বাহিৰ হয় কাহিনী— বাঢ়ি যায় কাহিনীৰ পৰিধি। বুকুত সাঁচি ৰখা, কাকো ক’ব নোৱাৰা কাহিনী কিছুমানে কথকৰ পথাৰতেই সাজি লয় সমাধি।
ল’ৰা-ছোৱালী এজাকে বাট হেৰুৱায়। ভৱিষ্যৎ জীৱনক লৈ সংশয় আৰু অনিশ্চয়তাত ভোগে। বাট দেখুওৱা মানুহে ইচ্ছা কৰিয়েই আঁতৰি থাকে। সময় পাৰ হয়— এমাহ, দুমাহ। পাৰ্থিৱ জীৱনৰ স্বাচ্ছন্দ্যত হেৰাই যোৱা মানুহখিনিক ঘূৰাই আনিবলৈ আমি অসহায়।
আকৌ ঘূৰি গৈছোঁ সমীৰৰ ওচৰলৈ।
: ৰাধাৰ কাহিনী কওকচোন।
আপুনি ৰাধাৰ কাহিনী জানিবলৈ বিচাৰে। কৰ্ণৰ জীৱন কাহিনীয়ে আপোনাৰ চকুলো সৰায়। ‘কিয়’বোৰ সংযোগ কৰি মই আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰশ্ন কৰিবলৈ নিবিচাৰোঁ। বুজি উঠোঁ— ‘মহাভাৰত’ৰ সময়খিনিলৈ উৎকণ্ঠাৰে ৰৈ থাকে আপুনি। কলেজীয়া অথবা ভাৰ্ছিটিৰ উদণ্ড ডেকা এজনৰ যি ছবিবোৰ মোক দিছিল, তাৰ মাজত আপোনাক পুনৰ বিচাৰি নাপাওঁ। বুজি উঠোঁ— কঠিন আৱৰণ এটাৰ মাজত এনেকৈয়ো লুকোৱাই ৰখা হয় কোমল হিয়া।
তেওঁ গুচি যোৱা একুৰি সাদিন হৈছে আজি। মই উত্তৰ বিচৰা নাছিলোঁ ইমানদিনে— কিয় আৱৰণৰ আঁৰত সাঁচি থোৱা হৈছিল কোমল হিয়া এখন?
কলেজলৈ ছাৰ এজনে মেক-আপ কৰি আহে। বতাহত জেণ্টলমেনৰ আঁৰৰ মুখবোৰে শব্দৰ শেল কিছুমান এৰি দিয়ে। বতাহে উৰুৱাই নিয়ে। কাৰোবাৰ কাণত বিন্ধে। কোনোবাই আৰু ওপৰলৈ উৰাত সহায় কৰে। আমি নিৰ্মাণ কৰি লোৱা ‘নাৰীসুলভ’-‘পুৰুষসুলভ’ বৃত্তবোৰ আমাৰ শিক্ষা-ডিগ্ৰীয়ে ভাঙিব নোৱাৰে। কলেজত নতুনকৈ জইন কৰা ডেকা অধ্যাপক কেইজনক Mainstream-ত থাকিবলৈ কোৱা হয়।
মূলসুঁতিৰ সমাজ কোনখন?
মই দেখা নাই কোনোকালে। মানুহৰ সমাজ— মই দেখা, ভবা সমাজখন কেৱল মানুহৰ সমাজ। একেই তেজ-মঙহৰ মানুহ এখিনিক অন্য বুলি স্বীকৃতি দি প্ৰান্তীয় পৃথিৱী এখন সজাৰ প্ৰয়োজনেইবা ক’ত?
একুৰি সাদিন।
অনুপস্থিতিৰ অনুভৱ এটা ক্ৰমে অনুভৱ কৰিবলৈ লওঁ। আপুনি চাবলৈ দিয়া Unfreedom নামৰ চিনেমাখন প্লে কৰি লেপটপৰ সন্মুখত বহোঁ। দৃশ্য এটা মনত দকৈ ৰৈ যায়। নিজৰ সমকামী জীয়েকক পিতৃয়ে পুলিচৰ হতোৱাই ধৰ্ষণ কৰোৱায়। তাই শূন্য দৃষ্টিৰে দেউতাকলৈ চাই থাকে। সেই শূন্যতাৰ মাজত লিখি থোৱা কথাবোৰ কোনেও নপঢ়ে। আপোন দেউতাকেও।
আপুনি নোকোৱাকৈয়ে গুচি গ’ল অতবোৰ কাহিনী। ইচ্ছা কৰিয়েই ভৰি দিলে কেতিয়াও উভতি নহাৰ পথ এটাত।
আপোনাৰ কাহিনীৰ চৰিত্ৰবোৰৰ অস্তিত্ব মই হয়তো বিচাৰি যাব লাগিব— লগ পাম অথবা নাপাম।
সময়বোৰৰ দৰেই মনবোৰো বিশৃংখল হৈ উঠে। অসূৰ্যস্পৰ্শা জীৱন এটাই বাঁহপাত সৰুৱাই বিননি তোলে, সংশয় আৰু অনিশ্চয়তাৰ জাল এখনত ককবকাই থাকে ল’ৰা-ছোৱালী এখিনি, বাট দেখুওৱাৰ দায়িত্বত থকা মানুহবোৰে নিজাকৈ সাজি লোৱা বৃত্ত এটাত বন্দী কৰি লয় নিজক, হত্যাই দিয়া আনন্দ বিচাৰি মানুহ এজাক বলিয়া হয়, পুৰুষতান্ত্ৰিক ব্যৱস্থা এটাত মানুহ এখিনিৰ বাবে প্ৰান্তীয় পৃথিৱী এখন সাজি দি ৰং চোৱাৰ কাৰবাৰবোৰ চলি থাকে।
সকলোবোৰ মিলি বৰ অদ্ভুত Abstract ছবি এখন হৈ পৰে। সমীৰে বুকুত এৰি থৈ যোৱা পুৰণা দিনৰ বাঁহীৰ সুৰটো হঠাৎ বাজি উঠে। পানচৈ এখনক শিহু এটাই বাট দেখুৱায়, মুখৰ হৈ উঠে যৌৱনৰ দিন— নাহৰ, কৃষ্ণচূড়া অথবা দেৱদাৰুৰ অৰণ্য। স্বাধীনতা আৰু প্ৰেমৰ স্বাধীনতাত বৰষুণ সৰে। উভতি আহিব নোৱাৰা পৃথিৱীৰ ফাঁকেৰেও উভতি আহিব বিচৰা হেঁপাহৰ গোন্ধ এটা উজাই আহে।
* * *

Thursday, 30 April 2020

ত্ৰৈলোক্য ভট্টাচাৰ্য্যৰ বুৰঞ্জীমূলক উপন্যাস ‘সাঁচিপাতৰ পুথি’ৰ চৰিত্ৰ বিশ্লেষণ

সৃষ্টিৰ পৃথিৱী

ত্ৰৈলোক্য ভট্টাচাৰ্য্যৰ বুৰঞ্জীমূলক উপন্যাস ‘সাঁচিপাতৰ পুথি’ৰ চৰিত্ৰ বিশ্লেষণ
স্নাতক চতুৰ্থ ষান্মাসিক (সাধাৰণ)
অসমীয়া সাহিত্যৰ চানেকি
গোটঃ ৫
শ্ৰেণী শিক্ষকঃ মৃদুল মৰাণ
অসমীয়া বিভাগ, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়




নাথান ব্ৰাউনঃ
      ত্ৰৈলোক্য ভট্টাচাৰ্য্যৰদ্বাৰা ৰচিত বুৰঞ্জীমূলক উপন্যাস ‘সাঁচিপাতৰ পুথি’ৰ (১৯৭৩) এটা প্ৰধান পুৰুষ চৰিত্ৰ হ’ল নাথান ব্ৰাউন। আমেৰিকাত জন্ম লাভ কৰা নাথান ব্ৰাউনে অসমত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ বাবে আহিছিল। ১৮৩৬ চনৰ ২৩ মাৰ্চত তেওঁ অসমৰ শদিয়াত প্ৰৱেশ কৰিছিল। তেওঁৰ লগত পত্নী-কন্যা আৰু লগতে কট্টাৰ দম্পতিও আহিছিল। অসম বুৰঞ্জীৰ এই চৰিত্ৰটোক ঔপন্যাসিক ত্ৰৈলোক্য ভট্টাচাৰ্যই তেওঁৰ ‘সাঁচিপাতৰ পুথি’ উপন্যাসত সুন্দৰকৈ তুলি ধৰিছে। উপন্যাসখনৰ প্ৰথম দুটা খণ্ডত অৰ্থাৎ ‘হে বিদেশী বন্ধু’ আৰু ‘অৰুণোদয়’ত চৰিত্ৰটো পোৱা যায়। তলত নাথান ব্ৰাউন চৰিত্ৰটোৰ এক বিশ্লেষণ দাঙি ধৰিবলৈ যত্ন কৰা হ’ল—
      নাথান ব্ৰাউন এজন খ্ৰীষ্টিয়ান মিছনেৰী, ফাদাৰ। তেওঁ অসমলৈ অহাৰ পূৰ্বে ব্ৰহ্মদেশৰ মৌলমেন আৰু ভাৰতৰ শ্ৰীৰামপুৰত ধৰ্ম প্ৰচাৰৰ কাম কৰিছিল। মৌলমেনত থকাৰ সময়ত তেওঁৰ মেলেৰীয়া হৈছিল, নতুন পাহাৰীয়া ঠাইখনত ভালকৈ মিলিব পৰাও নাছিল। তথাপিও ব্ৰাউন নিৰাশ হোৱা নাছিল। কঠোৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম স্বীকাৰ কৰি তেওঁ মিছনৰ কামবোৰ কৰিছিল।
      যীশুখ্ৰীষ্টৰ আদৰ্শৰদ্বাৰা নাথান ব্ৰাউনৰ জীৱন-দৰ্শন গঢ় লৈ উঠিছিল। তেওঁ বিশ্বাস কৰিছিল যে, পীড়িত মানুহৰ মাজত শান্তি স্থাপন কৰাটো সকলো সভ্য মানুহৰে কৰ্তব্য হ’ব লাগে। ব্ৰাউনে আন্ধাৰত পৰি থকাসকলক পোহৰলৈ আনিবলৈ, অজ্ঞানীক জ্ঞান দিবলৈ আৰু অধৰ্মীক ধৰ্মৰ কথা শিকাবলৈ সদায়েই যত্ন কৰিছিল। তেওঁ কট্টাৰক অসমীয়াৰ প্ৰতি অহেতুক ভয় কৰিবলৈ কোৱা নাছিল। কাৰণ, যীশুৱে কৈছিল— “তুমি কাৰো অনিষ্ট নকৰিবা, তোমাৰো কোনেও অনিষ্ট নকৰে।”
      শাসকীয় ইংৰাজ বিষয়া আৰু খ্ৰীষ্টান মিছনেৰীসকলৰ আদৰ্শ আছিল পৃথক। ব্ৰাউনৰ চৰিত্ৰৰ মাজেদি উপন্যাসখনত এই দিশটো প্ৰকাশ কৰা হৈছে। সেনাধক্ষ্য মিষ্টাৰ হানয়ে অসমখন আমি অধিকাৰ কৰিছোঁ বুলি কোৱাত নাথান ব্ৰাউনে কৈছিল— “আমি দেশ জয় নকৰোঁ, পাৰোঁ যদি কৰিম মানুহৰ মন।” হানয়ে ব্ৰাউন আৰু তেওঁলোকৰ চিন্তাৰ মাজত কোনো পাৰ্থক্য নাই বুলি কোৱাত নাথান ব্ৰাউনে যুক্তিৰে সেয়া খণ্ডন কৰিছে— “বাইবেল আৰু ৰাইফল একে নহয়। যেনেদৰে একে নহয় মানুহৰ মন আৰু দেহ।
      ব্ৰাউনে বাইবেলৰ নিউ টেষ্টামেণ্টৰ অনুবাদৰ কাম কৰিছিল। পোনতে তেওঁ বঙালী ভাষাতে কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত অসমীয়া ভাষাত কৰাৰ কথা ভাবিছিল। অসমীয়া বাতৰিকাকত এখন প্ৰকাশ কৰাৰ সপোনো তেওঁৰ আছিল। এই কথা তেওঁ কট্টাৰৰ আগত এদিন ব্যক্ত কৰিছিল। বাস্তৱতো তেওঁ এই কাম কৰি দেখুৱাইছিল। ব্ৰাউন চৰিত্ৰটো ধৈৰ্যশীল। অসমীয়া বাতৰিকাকত প্ৰকাশ কৰিবলৈ হ’লে অসমীয়া ভাষা শিকিব লাগিব, এজাক পঢ়িব পৰা মানুহ সৃষ্টি কৰিব লাগিব। এই সকলোবোৰ দুই-এদিনতে হোৱা অসম্ভৱ। ব্ৰাউন কিন্তু আশাবাদী আছিল। তেওঁ বিশ্বাস কৰিছিল যে, তেওঁৰ সপোন এদিন বাস্তৱত পৰিণত হ’বই। ব্ৰাউনে সেইবাবে কট্টাৰক  দৃঢ়তাৰে কৈছিল, “আমি ধৈৰ্য্যৰে বাট চাব লাগিব। তেওঁলোকৰ লগতে নিজকো প্ৰস্তুত কৰিব লাগিব।”
      শদিয়াত থিতাপি লৈয়েই নাথান ব্ৰাউনে কামৰ কথাহে ভাবিছে। হানয়ে কৰা সন্ধ্যাৰ আহৰৰ নিমন্ত্ৰণো তেওঁ গ্ৰহণ কৰা নাই। তেওঁলোকৰ বাবে ঠিক কৰা চাংবঙলাৰ ওচৰত সৰু কিন্তু বহল টিলা এটা দেখি তাত এটা গীৰ্জা নিৰ্মাণ কৰাৰ কথা ভাবিছে।
      পাশ্চাত্যৰ অনুকৰণত ভাৰতত ইংৰাজীৰে শিক্ষা দিয়াৰ ব্যৱস্থাটোক ব্ৰাউনে সমৰ্থন কৰা নাছিল। তেওঁৰ মতে দেশীয় ভাষাত শিক্ষা দিয়া আৰু দেশীয় ভাষা-সংস্কৃতি আৰু সভ্যতাৰ বিকাশ সাধনত সহায় কৰা চৰকাৰৰ লক্ষ্য হোৱা উচিত। ব্ৰাউনৰ এনে চিন্তাৰ মাজেদি তেওঁৰ উদাৰতা আৰু মহানতাৰ উমান পোৱা যায়।
      ব্ৰাউনে অসমলৈ আহিয়েই অসম আৰু অসমীয়াৰ বিষয়ে বহলকৈ জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁ অসমীয়া ভাষা আৰু অসমীয়া মানুহৰ সমাজ-সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰিছিল। জোচেফ, হানয় আদিৰ মতে অসমীয়াসকল বৰ্বৰ, তেওঁলোকৰ নিজা ভাষা নাই। তেওঁলোকৰ ধৰ্ম, সমাজ নাই। নাথান ব্ৰাউনে কিন্তু জোচেফ আৰু হানয়ৰ এনে কথাত পতিয়ন যোৱা নাছিল। সেয়ে তেওঁ অসমীয়া মানুহৰ বিষয়ে জনাত সহায়ক হোৱাকৈ এজন অসমীয়া মানুহ লগত বিচাৰিছিল।
      নাথান ব্ৰাউন দয়ালু প্ৰকৃতিৰ ব্যক্তি আছিল। গীৰ্জা নিৰ্মাণৰ কামত অহা দয়াৰামক তেওঁ আঁকোৱালি লৈছিল আৰু তেওঁক এটা নামো দিছিল— ‘মিষ্টাৰ কাইন্দনেছ’।
বুদ্ধিনিষ্ঠতা নাথান ব্ৰাউন চৰিত্ৰৰ এটা মন কৰিবলগীয়া বিশেষত্ব। এনে কাৰণতে গীৰ্জাৰ কাম কৰিবলৈ অহা দয়াৰামক লগ পাই তেওঁ ততালিকে অসমীয়া আৰু বঙালী ভাষা যে একে নহয়, সেয়া বিচাৰ কৰিবলৈ সক্ষম হৈছিল— “অসমীয়া ভাষাটো বঙালীৰপৰা ওলোৱা নহয়। দুইটা ভাষাৰ নিজা বৈশিষ্ট্য আছে।”
ব্ৰাউনে মিষ্টাৰ হানয়ৰ আগত কৈছিল যে, ইংৰাজে অসমত অসমীয়া ভাষাৰ সলনি বাংলা ভাষা চলোৱাটো এটা ডাঙৰ ভুল। অসমীয়া আৰু বঙালী দুয়োটা যে সুকীয়া ভাষা, তাক প্ৰমাণ কৰিবলৈ ব্ৰাউন দৃঢ় প্ৰতিজ্ঞ আছিল আৰু ইয়াক তেওঁ নিজৰ কৰ্তব্য বুলি মানিছিল।
কট্টাৰে অসমৰ মানুহবোৰ আঁকোৰগোজ বুলি কোৱাত ব্ৰাউনে কৈছিল— “জাতি হিচাপে জীয়াই থাকিবলৈ হ’লে ৰক্ষণশীলতাৰ নিতান্ত প্ৰয়োজন।” শদিয়া অঞ্চলত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰা কামত তেওঁলোক বিশেষ সফল হোৱা নাছিল। ৰাজনৈতিক অচলাৱস্থা ইয়াৰ এটা প্ৰধান কাৰণ আছিল। কিন্তু ব্ৰাউনে বিশ্বাস কৰিছিল যে, তেওঁলোক বিফল হোৱাৰ আন এটা কাৰণো আছিল। সেয়া হ’ল— খ্ৰীষ্ট ধৰ্মতকৈ তেওঁলোকৰ ধৰ্ম, আচাৰ আৰু অনুষ্ঠান উচ্চতৰ।
পুৰণি পুথি সংগ্ৰহ আৰু প্ৰকাশৰ প্ৰতিও নাথান ব্ৰাউনে বিশেষ গুৰুত্ব দিছিল। শাৰীৰিক অসুস্থতাকো নেওচি তেওঁ পুথি সংগ্ৰহৰ কামত ঘূৰি ফুৰিছিল। যজ্ঞেশ্বৰ কাকতি নামৰ বেজ এজনৰপৰা সাঁচিপতীয়া পুথি ‘বৃহৎ যোগিনী তন্ত্ৰ’ আৰু ‘হস্তিবিদ্যাৰ্ণব’ আদি আনিবলৈ যাওঁতে অনেক অপমান সহ্য কৰিবলগীয়া হৈছিল। তথাপি যজ্ঞেশ্বৰ বেজে তেওঁক পুথিসমূহ দিয়া নাছিল। আনকি খ্ৰীষ্টান হোৱাৰ বাবেই ব্ৰাউনৰ নগা ঘাঁডোখৰৰ চিকিৎসা কৰিবলৈও অমান্তি হৈছিল।
শিক্ষাৰ প্ৰসাৰৰ প্ৰতিও ব্ৰাউনৰ মন আছিল। এনে কাৰণতে কেপ্টেইন হোৱাইটে অসমত এখন পঢ়াশালি পতাৰ কথা কোৱাত ব্ৰাউন বিষয়টোৰ প্ৰতি লগে লগে আগ্ৰহী হৈছিল। তেওঁ অসমৰ শদিয়াত স্কুল পাতি শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল।
সেনাধ্যক্ষ মিষ্টাৰ হানয়ে আমেৰিকান ব্যপ্তিষ্ট মিছনেৰীসকলে কোম্পানীৰ স্বাৰ্থত ব্যাঘাত জন্মাইছে বুলি অভিযোগ আনিছিল। সেয়ে পল্টন হেড্ কোৱাৰ্টাৰত বহা সভাত নাথান ব্ৰাউন আৰু অন্যান্য পাদ্ৰী চাহাবসকলৰ বিচাৰ চলোৱা হৈছিল। বিশেষকৈ ফাদাৰ নাথান ব্ৰাউন আৰু অলিভাৰ টি. কট্টাৰক অসমীয়াপ্ৰেমী হোৱাৰ বাবে পলিটিকেল এচিষ্টেণ্ট মিষ্টাৰ মেথীয়ে ধিক্বাৰ দিছিল। ধৰ্ম পুথি, বুৰঞ্জী পুথি আৰু প্ৰধানকৈ অসমীয়া ভাষাত ‘অৰুনোদই’ নামৰ কাকত প্ৰকাশ কৰাৰ বাবে ব্ৰাউন আৰু কট্টাৰক মিষ্টাৰ হানয়ে ঠাট্টা কৰিছিল। অসমৰ সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি গুৰুত্ব নিদিবলৈ আদেশ দিছিল। ব্ৰাউনৰ মতে এনে কথা খ্ৰীষ্ট ধৰ্মই কেতিয়াও নিশিকায়। সেয়ে তেওঁ ক’বলৈ বাধ্য হৈছিল— “আজি মোৰ এক অদ্ভুত অভিজ্ঞতা হ’ল। আই হেভ্ ৰিচিভদ্ এ লেচন নট্ স্পকেন বাই আৱাৰ লৰ্ড— নট ৰিটেন্ ইন দি হ’লি বাইবেল।”
এইদৰে বিচাৰ কৰি ক’ব পাৰি যে, ব্ৰাউনৰ অন্তৰত অসমৰ ভাষা, ধৰ্ম, সাহিত্য, শিল্প-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা আছিল।

      জীয়েক চফিয়া ব্ৰাউনৰ আকস্মিক মৃত্যু আৰু শাসকীয় পক্ষৰপৰা পোৱা অপমানে নাথান ব্ৰাউনক দুখী কৰি তুলিছিল। শাসকীয় পক্ষৰ হাতত তেওঁৰ নিজা আদৰ্শ, শিক্ষা আৰু হৃদয়ৰ অপমান হৈছিল। সেয়ে তেওঁ ভাৰত ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। ১৮৫৫ চনত তেওঁ অসম এৰিছিল।

চফিয়া ব্ৰাউনঃ
      ত্ৰৈলোক্য ভট্টাচাৰ্য্যৰ ‘সাঁচিপাতৰ পুথি’ উপন্যাসৰ এটা নাৰী চৰিত্ৰ হ’ল চফিয়া ব্ৰাউন। নাথান ব্ৰাউনৰ জীয়ৰী চফিয়া ব্ৰাউনৰ চৰিত্ৰটো উপন্যাসখনৰ প্ৰথম খণ্ড ‘হে বিদেশী বন্ধু’ত পোৱা যায়। তলত চৰিত্ৰটোৰ এক চমু বিশ্লেষণ দাঙি ধৰা হ’ল—
অসমৰ চীফ কমিছনাৰ মেজৰ জেনকিন্সৰ অনুৰোধ মৰ্মে নাথান ব্ৰাউন খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ আহিছিল। তেওঁ অসমৰ শদিয়াত প্ৰৱেশ কৰিছিল ১৮৩৬ চনৰ ২৩ মাৰ্চ তাৰিখে। তেওঁৰ লগত জীয়েক চফিয়া ব্ৰাউনো আহিছিল। ইয়াৰ পূৰ্বে তেওঁলোক ভাৰতৰ শ্ৰীৰামপুৰত ধৰ্ম প্ৰচাৰৰ কামত আছিল। অসমলৈ অহাৰ সময়ত চফিয়াৰ বয়স ত্ৰিশৰ কেইবা ঢাপো তলত আছিল। গাভৰু হ’লেও চফিয়া আছিল কিশোৰীৰ দৰে চঞ্চল। তাইৰ কণ্ঠ বৰ মিহি আছিল। ঔপন্যাসিকে তাইৰ মাতটোক বতাহৰ সৰু সুহুৰিৰ লগত তুলনা কৰিছে। অসমত ভৰি দিয়েই চফিয়া উৎফুল্লিত হৈ পৰিছিল। ঘাটৰ সৌন্দৰ্য তাইৰ সমুখত মাতৃভূমি বোস্তনৰ জাহাজ ঘাট হৈ দেখা দিছিল।
প্ৰথম দেখাতেই সেনাধ্যক্ষ মিষ্টাৰ হানয় চফিয়াৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু তাইৰ মন পাবৰ যত্ন কৰিছিল। কিন্তু চফিয়াই হানয়ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল। একে বাগীতে গৈ থাকোঁতে হানয়ে চফিয়ালৈ চাই হাঁহো হাঁহো কৰিছিল যদিও তাই হানয়ৰ হাঁহি আওকাণ কৰি বাহিৰলৈ চাই গৈছিল।
অসমীয়া যুৱক দয়াৰাম বা ‘মিষ্টাৰ কাইন্দনেছ’ৰ লগত চফিয়াৰ ভাল বন্ধুত্ব হৈছিল আৰু এই বন্ধুত্ব লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হৈছিল।
চফিয়া মুক্ত মনৰ গাভৰু আছিল। তাই দয়াৰামৰ লগত গাঁৱে গাঁৱে ঘূৰি ফুৰি ভাল পাইছিল। এবাৰ গাঁৱৰ মাজত এটা নামঘৰ দেখি তাই তাত সোমাব বিচাৰিছিল। কিন্তু দয়াৰামে তাইক মানা কৰিলে। কাৰণ যিকোনো অৱস্থাত যিকোনো সময়ত নামঘৰলৈ যোৱাৰ নিয়ম নাই। এই কথা জানি চফিয়াই কৈছিল— “ইট্ ইজ বেড।’’ তাই বিশ্বাস কৰিছিল যে, সকলো মানুহ ভগৱানৰ সন্তান। ভগৱানৰ ওচৰলৈ যোৱাত সেয়ে পাপী-তাপী সকলোৰে সমান অধিকাৰ থকা উচিত।
ঘোঁৰাত উঠি গাঁৱে গাঁৱে ঘূৰি ফুৰা দেখি গাঁৱৰ মানুহবোৰে চফিয়ালৈ আচৰিত হৈ চাইছিল। কাৰণ, তেওঁলোকে গাভৰু ছোৱালী এজনী ঘোঁৰাত উঠাৰ কথা হয়তো সপোনতো ভাবিব পৰা নাছিল। কিন্তু আমেৰিকাত ছোৱালীসকলৰ স্বাধীনতা আছিল।
দয়াৰামৰ প্ৰতি চফিয়াৰ ভালপোৱা আছিল। কিন্তু তাই এই কথা স্পষ্টকৈ কৈ দিয়া নাছিল। চফিয়াৰ প্ৰতিও দয়াৰামৰ ভালপোৱা আছিল। বিবাহৰ ক্ষেত্ৰত অসমীয়া সমাজত থকা ৰক্ষণশীলতাৰ উমান পাই তাই ভয় খাইছিল। কাৰণ, তেওঁলোকৰ সম্পৰ্কটোকো সমাজে স্বীকৃতি নিদিব। চফিয়া আছিল সৰল মন এটাৰ অধিকাৰী। দয়াৰামৰ মুখৰপৰা কাপোৰ বব নজনা তিৰোতাক অসমত ঘিণ কৰে বুলি জানি তাই স্বভাৱসুলভ সৰলতাৰে দয়াৰামক প্ৰশ্ন কৰিছিল— “তেন্তে তুমি মোক ঘিণ কৰা?”
চফিয়াই কম দিনৰ ভিতৰতে অসমীয়া ভাষাটো শিকি পেলাইছিল। অসমৰ সমাজ, অসমীয়া মানুহৰ প্ৰতি তাইৰ অনুৰাগ জন্মিছিল। তাই গাঁৱৰ ছোৱালীবোৰৰ লগত কথা পাতিবলৈ বিচাৰিছিল আৰু ছোৱালীবোৰক কৈছিল— “মই খুব ভাল পাইছোঁ তোমালোকক, তোমালোকৰ দেশখনক।”
দেউতাক নাথান ব্ৰাউনৰ আদৰ্শত চফিয়াই ছোৱালীৰ বাবে এখন স্কুল পাতিবলৈ বিচাৰিছিল। গাঁৱৰ ছোৱালীবোৰক শিক্ষিত কৰি তোলাৰ সপোন দেখিছিল। অসমীয়া সমাজত থকা অন্ধবিশ্বাসবোৰ আঁতৰাবলৈ বিচাৰিছিল। এইবোৰ সপোন আৰু আশাৰ কথা তাই দয়াৰামৰ আগত ব্যক্ত কৰিছিল।
চফিয়া বুদ্ধিমতী আৰু দূৰদৰ্শী স্বভাৱৰ আছিল। শাসক ইংৰাজৰ স্বৰূপ তাই ভালদৰে উপলব্ধি কৰিব পাৰিছিল। কাৰন— এদিন ইংৰাজসকলে আমেৰিকাও শাসন কৰিছিল। সেয়ে দয়াৰামে ইংৰাজক ‘বন্ধু’ বুলি কোৱাত তাই কৈছিল— শাসক কেতিয়াও বন্ধু হ’ব নোৱাৰে। ইংৰাজসকল অসমীয়াৰ শত্ৰুহে। গাঁও ফুৰিবলৈ গৈ তাই দয়াৰামৰ লগত কুঁহিয়াৰৰ ৰস খাই পিয়াহ গুচাইছিল। খোৱা বস্তুৰ বাবে দাম নোলোৱা দেখি আচৰিত হৈছিল। তাই ভাবিছিল— এই মানুহবোৰ এদিন ‘শিক্ষিত’ হ’ব আৰু কাকো আহাৰ বিনামূল্যত নিদিব।
সততা গুণ চফিয়া চৰিত্ৰটোত লক্ষ্য কৰা যায়। নিজৰ সমাজৰ ভুলবোৰ চফিয়াই প্ৰকাশ কৰিবলৈ বা স্বীকাৰ কৰিবলৈ লজ্জাবোধ কৰা নাছিল। দয়াৰামৰ আগত তাই কৈছিল যে, অসমতকৈ আমেৰিকাত উচ্চ-নীচৰ ভেদাভেদ অধিক। আনকি আমেৰিকাত নিগ্ৰোবিলাকক দাস হিচাপে বেচা-কিনাও কৰা হৈছিল। চফিয়াই বিশ্বাস কৰিছিল— সভ্য মানুহে ফাকি দিবলৈ শিকে। ভুলবোৰ নেদেখাৰ ভাও জুৰিব পাৰে।
চফিয়া খ্ৰীষ্ট ধৰ্মৰ প্ৰতি অনুৰক্ত আছিল যদিও খ্ৰীষ্ট ধৰ্মৰ অন্ধ ভক্ত নাছিল। খ্ৰীষ্ট ধৰ্মৰ মাজত থকা ভাগবোৰ আৰু সেই ভাগবোৰৰ মাজত সততে হৈ থকা হিংসাক ঘৃণা কৰিছিল। খ্ৰীষ্ট ধৰ্মৰ কেথলিক, পিউৰিটান আৰু প্ৰটেষ্টাণ্ট ভাগকেইটাৰ মাজত যথেষ্ট বিৰোধ আছিল। এই ভাগবোৰৰ এটাই আনটো ভাগক ঘৃণা কৰিছিল। আনকি ধৰ্মক লৈ এজনে আনজনক হত্যাও কৰিছিল।
দয়াৰামৰ লগত গাঁও ফুৰি থাকোঁতে চফিয়াই কেপ্তেইন হানয় আৰু মটকৰ সেনাপতি কেপ্তেইন গোসাঁইক লগ পাইছিল। দয়াৰাম তথা অসমীয়া মানুহৰ প্ৰতি হানয়ৰ ভাল ভাব নাছিল। তাতে চফিয়াই তেওঁৰ প্ৰেম প্ৰত্যাখান কৰিছিল। দয়াৰামৰ লগত থকা বাবে মিষ্টাৰ হানয়ে অসমীয়া মানুহ তথা দয়াৰামৰ বিষয়ে বেয়াকৈ কৈছিল। এনে কাৰণতে তাই খঙতে কৈছিল— ইংলেণ্ডৰ ফেঁটি সাপ আৰু অসমৰ জংঘলত থকা ফেঁটি সাপ সমানেই বিষাক্ত। লগতে তাই যে দয়াৰামক ভাল পাই, সেই কথাও স্পষ্টকৈ কৈ দিছিল— “হিয়েৰ, ইয়েচ্ আই লাভ হিম। আই উইল মেৰি হিম।” চফিয়াৰ কথাত ক্ৰুদ্ধ হৈ হানয়ে দয়াৰামকে চাবুকেৰে কোবাইছিল। দয়াৰামক বচাবলৈ তাই মিষ্টাৰ হানয়ক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল। চফিয়া আৰু দয়াৰামক মৃত্যুৰ ভাবুকি দি মিষ্টাৰ হানয় গুচি গৈছিল। তেওঁলোকো উভতি যাবলৈ সাজু হৈছিল। কিন্তু চফিয়াৰ ঘোঁৰাটোৱে ভয় খাই জঁপিয়াবলৈ ধৰাত তাই চৰণীয়া পথাৰত ছিটিক পৰিছিলগৈ। দয়াৰামে তাইক তুলি ঘৰলৈ লৈ আহিছিল। কিন্তু চফিয়া নাবাচিল। নাথান ব্ৰাউনে গীৰ্জা সাজিম বুলি ভবা টিলাটোতে চফিয়াক কবৰ দিয়া হ’ল। চফিয়াৰ মৃত্যুত দয়াৰাম ভাগি পৰিল আৰু তাইৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈকে তেওঁ খ্ৰীষ্টিয়ান হ’বলৈ ইচ্ছা কৰিলে।