: আপোনাক বহু দিনৰ চিনাকি যেন লাগে, একেবাৰে যেন নিজৰ…
অলপপৰ আগলৈকে খেলি-মেলি অনেক কথাৰ মাজত ব্যস্ত আছিলোঁ আমি। হঠাৎ নিঃশ্চুপ হৈ পৰিলোঁ মই। সমীৰৰ কথাষাৰ বুকুত বাঁহী এটা হৈ বাজি ৰ’ল।
অবিশ্বাসী হৈ উঠা আকাশখনে আবেলিৰ হেঙুলখিনি সমূলি সামৰি পেলাইছিল। খন্তেকতে হয়তো এজাক বতাহ-ধুমুহা আহিব। দিনটোৰ ফৰকাল আকাশ, কোমল বতাহমিশ্ৰিত ৰ’দৰ আমেজবোৰ অতীত হ’ব।
আৰু সমীৰ?
এই প্ৰশ্নৰ উত্তৰ ইমান সহজে দিয়া হয়তো সম্ভৱ নহ’ব। আমাৰ জীৱনবোধ, পৃষ্ঠভূমি অনেক বেলেগ। আপোন হৈছিলোঁ হয়। কিন্তু সেই আপোনৰ অৰ্থ চিৰদিনৰ আপোন যে হ’ব লাগিব তেনে নহয়। অভিজ্ঞতাই বহু কথা পাহৰিবলৈ শিকায়। ব্যস্ত পৃথিৱীলৈ আমি ঘূৰি যাম। সৰু সৰু আৱেগ, অপেক্ষা কিছুমান তেনেই অৰ্থহীন হৈ পৰিব। মাত্ৰ ল’কডাউনত আবদ্ধ হৈ পৰা সময় কিছুমান শব্দৰে মুখৰ হৈ পৰাৰ কথা সময় পালে সোঁৱৰা হ’ব কেতিয়াবা।
আপুনি কয় টকা-পইচাৰে ভৰপূৰ জীৱন এটাৰ কথা।
আকৌ কয় অৰ্থৰ অৰ্থশূন্যতাৰ কথা।
মানুহবোৰ ব্যস্ত হয় কেৰেলাৰ গাভিনী হাতিজনীৰ হৈ মাত মতা আৰু মতাপুং মাগুৰি বিলৰ শিহুটোৰ হৈ মাত নমতা বিষয়ক লৈ। দিহিং-পাটকাইৰ সেউজীয়ালৈ অহা সংকটক লৈ মানুহে দিনে-ৰাতিয়ে চৰ্চা কৰে। কলেজ-বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ, সংগঠনে পৃথক পৃথককৈ হাতত প্লেকাৰ্ড লৈ ফটো তুলি অৰণ্য সংৰক্ষণৰ হকে মাত দিয়ে। তাতো প্ৰশ্ন উঠে, ভুল বুজা-বুজিৰ আৰম্ভণি হয়— আমাক কিয় কোৱা নহ’ল? আমিও ফটো দিব পাৰিলোঁ হয়!
গতানুগতিকভাৱে বিশ্ব পৰিৱেশ দিৱস আহে। মানুহবোৰে গছৰ পুলি ৰোৱে, ফটো তোলে। সামাজিক মাধ্যমত ফটোৰ উজান উঠে। মানুহবোৰে ব্যস্ত হোৱাৰ আৰু এটা কাৰণ বিচাৰি লয়। চলি থাকে যুঁজ এখন। সেউজীয়াৰ খতিয়ান লোৱা বহীবোৰত অংকৰ হিচাপ-নিকাচ চলে।
অৱশেষত দোমোজাত মইহে ৰৈ যাওঁ। সমস্ত দোমোজাবোৰ একাষৰীয়া কৰি থৈ আপোনাৰ প্ৰেমৰ কাহিনীবোৰ শুনোঁ। অস্থায়ী প্ৰেমৰ নটা কাহিনী। উদণ্ড ল’ৰা এটা ক্ৰমে উদণ্ড হৈয়ে ডেকা হোৱাৰ কাহিনী।
আকাশেও কাহিনী এটা কয়। আকৌ বিশ্বাস-অবিশ্বাস, বুজা-নুবুজাৰ দোমোজাত মই ভালেপৰ ৰৈ থাকোঁ। নিজকে প্ৰবোধ দিওঁ শেহত— কাহিনীবোৰ আজিকালি এনেকুৱাই।
Mob Lynching-ৰ ঘটনাবোৰ ক্ৰমে বৃদ্ধি পায়। মানুহে মানুহক হত্যা কৰা ঘটনাবোৰ ক্ৰমে একো একোটা সহজ কাম আৰু সুলভ দৃশ্যৰ অংশ একোটা হৈ পৰে। সৰু একোটা কথাৰ অজুহাততে শেষ কৰি দিব পাৰি জীৱনৰ সমস্ত ৰং। জীৱন দিব নোৱাৰি বুলি জানিও জীৱন লোৱাৰ আখৰাবোৰ অহৰহ চলি থাকে।
কিহৰ দ্বাৰা প্ৰেৰিত হৈ মানুহে এনে কাম কৰিব পাৰে?
কিয় দিনে দিনে বৃদ্ধি পাব ধৰিছে এনে ঘটনা?
উত্তৰ নোপোৱা প্ৰশ্নৰ চাকনৈয়াত অথবা বিশৃংখলতাত ডুবি থাকোঁতেই আকাশে মোক কাহিনীটো কৈছিল। বিশৃংখলতাৰ জঁটবোৰ বাঢ়ি আহিছিল ক্ৰমশঃ। মানুহে মানুহক হত্যা কৰাৰ দৃশ্য ৰেকৰ্ড কৰা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ আঁৰতো হয়তো থাকে কিছুমান নিচা পূৰণৰ প্ৰবৃত্তি অথবা তৃপ্তিৰ অন্বেষণ। উত্তৰ একোটা বিচৰাৰ প্ৰয়োজন যদিও উত্তৰ বিচাৰিবলৈ ছবি আৰু ঘটনাবোৰ চকুৰ সমুখত লৈ নিৰ্বাকহে হৈ পৰোঁ মই।
তিনিটা বিয়েৰৰ বটল।
দুটা চিগাৰেট।
নিচাত লুটুৰি-পুটুৰি অশ্লীল শব্দ এখিনি।
বয়জ হোষ্টেলৰ কাহিনী শুনিছোঁ— বিবৰ্ণ প্ৰাচীৰে সামৰি ৰখা নীলা ছবিৰ ৰাতি, স্ব-মৈথুনৰ তৃপ্তি আৰু উত্তেজনা মিহলি দীঘল উশাহ আৰু ঘামৰ কেঁচা গোন্ধ। Mob Lynching-ৰ ভিডিঅ’ চাই স্ব-মৈথুনৰ আনন্দত নিজক এৰি দিব পৰা দৃষ্টান্তৰ কাহিনীটো এই পৃথিৱীৰ কাহিনী যেন লগা নাছিল।
এই পৃথিৱীৰ কাহিনী?
বাস্তৱৰ এনে মৰা-কটাবোৰেও কাৰোবাক দিব পাৰে জৈৱিক উত্তেজনাৰ সংগ। এই পৃথিৱীৰেই কাহিনী।
আমাৰ পৃথিৱীৰ কাহিনীবোৰ প্ৰকৃততে এনেকুৱাই। মুখাৰ আঁৰত লুকাই থাকে কত কাহিনী, সামান্য সুৰুঙা পালেই বাহিৰ হয় কাহিনী— বাঢ়ি যায় কাহিনীৰ পৰিধি। বুকুত সাঁচি ৰখা, কাকো ক’ব নোৱাৰা কাহিনী কিছুমানে কথকৰ পথাৰতেই সাজি লয় সমাধি।
ল’ৰা-ছোৱালী এজাকে বাট হেৰুৱায়। ভৱিষ্যৎ জীৱনক লৈ সংশয় আৰু অনিশ্চয়তাত ভোগে। বাট দেখুওৱা মানুহে ইচ্ছা কৰিয়েই আঁতৰি থাকে। সময় পাৰ হয়— এমাহ, দুমাহ। পাৰ্থিৱ জীৱনৰ স্বাচ্ছন্দ্যত হেৰাই যোৱা মানুহখিনিক ঘূৰাই আনিবলৈ আমি অসহায়।
আকৌ ঘূৰি গৈছোঁ সমীৰৰ ওচৰলৈ।
: ৰাধাৰ কাহিনী কওকচোন।
আপুনি ৰাধাৰ কাহিনী জানিবলৈ বিচাৰে। কৰ্ণৰ জীৱন কাহিনীয়ে আপোনাৰ চকুলো সৰায়। ‘কিয়’বোৰ সংযোগ কৰি মই আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰশ্ন কৰিবলৈ নিবিচাৰোঁ। বুজি উঠোঁ— ‘মহাভাৰত’ৰ সময়খিনিলৈ উৎকণ্ঠাৰে ৰৈ থাকে আপুনি। কলেজীয়া অথবা ভাৰ্ছিটিৰ উদণ্ড ডেকা এজনৰ যি ছবিবোৰ মোক দিছিল, তাৰ মাজত আপোনাক পুনৰ বিচাৰি নাপাওঁ। বুজি উঠোঁ— কঠিন আৱৰণ এটাৰ মাজত এনেকৈয়ো লুকোৱাই ৰখা হয় কোমল হিয়া।
তেওঁ গুচি যোৱা একুৰি সাদিন হৈছে আজি। মই উত্তৰ বিচৰা নাছিলোঁ ইমানদিনে— কিয় আৱৰণৰ আঁৰত সাঁচি থোৱা হৈছিল কোমল হিয়া এখন?
কলেজলৈ ছাৰ এজনে মেক-আপ কৰি আহে। বতাহত জেণ্টলমেনৰ আঁৰৰ মুখবোৰে শব্দৰ শেল কিছুমান এৰি দিয়ে। বতাহে উৰুৱাই নিয়ে। কাৰোবাৰ কাণত বিন্ধে। কোনোবাই আৰু ওপৰলৈ উৰাত সহায় কৰে। আমি নিৰ্মাণ কৰি লোৱা ‘নাৰীসুলভ’-‘পুৰুষসুলভ’ বৃত্তবোৰ আমাৰ শিক্ষা-ডিগ্ৰীয়ে ভাঙিব নোৱাৰে। কলেজত নতুনকৈ জইন কৰা ডেকা অধ্যাপক কেইজনক Mainstream-ত থাকিবলৈ কোৱা হয়।
মূলসুঁতিৰ সমাজ কোনখন?
মই দেখা নাই কোনোকালে। মানুহৰ সমাজ— মই দেখা, ভবা সমাজখন কেৱল মানুহৰ সমাজ। একেই তেজ-মঙহৰ মানুহ এখিনিক অন্য বুলি স্বীকৃতি দি প্ৰান্তীয় পৃথিৱী এখন সজাৰ প্ৰয়োজনেইবা ক’ত?
একুৰি সাদিন।
অনুপস্থিতিৰ অনুভৱ এটা ক্ৰমে অনুভৱ কৰিবলৈ লওঁ। আপুনি চাবলৈ দিয়া Unfreedom নামৰ চিনেমাখন প্লে কৰি লেপটপৰ সন্মুখত বহোঁ। দৃশ্য এটা মনত দকৈ ৰৈ যায়। নিজৰ সমকামী জীয়েকক পিতৃয়ে পুলিচৰ হতোৱাই ধৰ্ষণ কৰোৱায়। তাই শূন্য দৃষ্টিৰে দেউতাকলৈ চাই থাকে। সেই শূন্যতাৰ মাজত লিখি থোৱা কথাবোৰ কোনেও নপঢ়ে। আপোন দেউতাকেও।
আপুনি নোকোৱাকৈয়ে গুচি গ’ল অতবোৰ কাহিনী। ইচ্ছা কৰিয়েই ভৰি দিলে কেতিয়াও উভতি নহাৰ পথ এটাত।
আপোনাৰ কাহিনীৰ চৰিত্ৰবোৰৰ অস্তিত্ব মই হয়তো বিচাৰি যাব লাগিব— লগ পাম অথবা নাপাম।
সময়বোৰৰ দৰেই মনবোৰো বিশৃংখল হৈ উঠে। অসূৰ্যস্পৰ্শা জীৱন এটাই বাঁহপাত সৰুৱাই বিননি তোলে, সংশয় আৰু অনিশ্চয়তাৰ জাল এখনত ককবকাই থাকে ল’ৰা-ছোৱালী এখিনি, বাট দেখুওৱাৰ দায়িত্বত থকা মানুহবোৰে নিজাকৈ সাজি লোৱা বৃত্ত এটাত বন্দী কৰি লয় নিজক, হত্যাই দিয়া আনন্দ বিচাৰি মানুহ এজাক বলিয়া হয়, পুৰুষতান্ত্ৰিক ব্যৱস্থা এটাত মানুহ এখিনিৰ বাবে প্ৰান্তীয় পৃথিৱী এখন সাজি দি ৰং চোৱাৰ কাৰবাৰবোৰ চলি থাকে।
সকলোবোৰ মিলি বৰ অদ্ভুত Abstract ছবি এখন হৈ পৰে। সমীৰে বুকুত এৰি থৈ যোৱা পুৰণা দিনৰ বাঁহীৰ সুৰটো হঠাৎ বাজি উঠে। পানচৈ এখনক শিহু এটাই বাট দেখুৱায়, মুখৰ হৈ উঠে যৌৱনৰ দিন— নাহৰ, কৃষ্ণচূড়া অথবা দেৱদাৰুৰ অৰণ্য। স্বাধীনতা আৰু প্ৰেমৰ স্বাধীনতাত বৰষুণ সৰে। উভতি আহিব নোৱাৰা পৃথিৱীৰ ফাঁকেৰেও উভতি আহিব বিচৰা হেঁপাহৰ গোন্ধ এটা উজাই আহে।
* * *