© Mridul Moran
Assistant Professor
Department of Assamese
Dergaon Kamal Dowerah College, Dergaon
আধুনিক উৰিয়া কবিসকলৰ ভিতৰত ৰমাকান্ত ৰথ অন্যতম।
কৰবী ডেকা হাজৰিকাৰ মতে “শৈলীৰ নতুনত্ব আৰু ভাবৰ মৌলিকতাৰ বাবে ৰমাকান্ত ৰথ বিংশ শতিকাৰ
উত্তৰাৰ্দ্ধৰ উৰিয়া কাব্য জগতৰ এজন নিৰ্দিষ্ট ৰথীৰ ৰূপত সমাদৃত।” (হাজৰিকাঃ ২০০৮, ১৮)
ৰমাকান্ত ৰথৰ জন্ম ১৯৩৪ চনৰ ১৩ ডিচেম্বৰত উৰিষ্যাৰ
কটক জিলাত। তেওঁ আছিল ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ (১৯৫৬)। অধ্যয়ন কৰিছিল ৰেভেন্সা
মহাবিদ্যালয়ত। ছাত্ৰ অৱস্থাৰ পৰাই ৰথে কবিতা লিখা আৰম্ভ কৰিছিল। ১৯৫৭ চনত তেওঁ ভাৰতীয়
প্ৰশাসনিক সেৱাত যোগদান কৰিছিল। নিজৰ কৰ্ম-ব্যস্ততাৰ মাজতো ৰমাকান্ত ৰথে নিজৰ কাব্য-চৰ্চা
অব্যাহত ৰাখিছিল। ১৯৯২ চনত ৰথে উৰিষ্যা চৰকাৰৰ মুখ্য সচিবৰূপে অৱসৰ গ্ৰহণ কৰে।
কবিৰ প্ৰথম প্ৰকাশিত কাব্য পুথিখনৰ নাম হ’ল
‘কেতেদিনৰ’ (১৯৬২)। অন্য বিশিষ্ট তথা জনপ্ৰিয় কবিতা পুথিসমূহ হ’ল— ‘অনেক কোঠৰী’ (১৯৬৭),
‘সন্ধিগ্ধ মৃগয়া’ (১৯৭১), ‘সপ্তম ঋতু’ (১৯৭৭) আৰু ‘সচিত্ৰ অন্ধৰা’ (১৯৮২)। ‘সপ্তম ঋতু’
মৃত্যু-চেতনা প্ৰকাশক উৎকৃষ্ট কবিতাৰ সংকলন। ‘শ্ৰীৰাধা’ (১৯৮৪) আৰু ‘শ্ৰীপলাতক’ (১৯৯৭)
দীঘল কবিতাৰ পুথি। ‘শ্ৰীৰাধা’ পৌৰাণিক চৰিত্ৰৰ আধুনিক ব্যাখ্যা আৰু বীক্ষা। ১৯৮৪ চনত
প্ৰকাশিত ‘শ্ৰীৰাধা’ক ভাৰতীয় সাহিত্যৰ এক ক্লাছিক কৃতি হিচাপে স্বীকৃতি দিয়া হয়। ইয়াৰ
অন্তৰ্গত সকলো কবিতাই ৰাধা-কৃষ্ণৰ প্ৰেমৰ লগত সম্পৃক্ত। কবিতাসমূহত ৰাধাৰ কৃষ্ণৰ প্ৰতি
থকা গভীৰ ভাবাৱেগ তথা অসামান্য প্ৰেমক সাধাৰণ জীৱনত ব্যৱহৃত সহজ-সৰল ভাষাৰে বৰ্ণনা
কৰা হৈছে। কাব্যখনিৰ ঘাই বিশেষত্ব হ’ল শব্দ সংযোজন তথা বাক্য-বিন্যাসৰ ব্যতিক্ৰমী শৈলী।
বিষয়বস্তু তথা ৰচনাশৈলীৰ আকৰ্ষণীয়তাৰ বাবে পুথিখন ইংৰাজীৰ লগতে আঠটা ভাৰতীয় ভাষালৈ
অনূদিত হৈছে। ‘শ্ৰীৰাধা’ৰ নান্দনিক সৌন্দৰ্যক স্বীকৃতি দি ইংৰাজী সাহিত্যৰ বিশিষ্ট
সমালোচক কেথলিন ৰাইনোৱে কৈছে— শ্ৰীৰাধাৰ দৰে
‘প্ৰগাঢ় আৰু উত্তীৰ্ণ প্ৰেমৰ কবিতা, পাৰ্থিৱ তথা পৰমাৰ্থিক প্ৰেমৰ কবিতা, জাগতিক ভাৱৰ
ঈশ্বৰীয় ভাৱত বিলীন হ’বলৈ হেঁপাহৰ কবিতা’ বিৰল। এই ‘শ্ৰীৰাধাৰ বাবে ৰমাকান্ত ৰথে
১৯৯২ চনত ‘সৰস্বতী’ সন্মান লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ কাব্য প্ৰতিভাৰ বাবে সাহিত্য
অকাদেমি, বিষুৱ সন্মান, সৰলা পুৰস্কাৰ আদিও লাভ কৰিছিল। ‘সপ্তম ঋতু’ৰ বাবে ১৯৭৮ চনত
সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল। ‘সচিত্ৰ অন্ধৰা’ৰ বাবে ‘সৰলা পুৰস্কাৰ’ লাভ কৰিছিল
১৯৮৪ চনত। ১৯৯০ চনত বিষুৱ সন্মান লাভ কৰিছিল। সাহিত্যিক জীৱনৰ স্বীকৃতি স্বৰূপে ৰমাকান্ত
ৰথে ২০০৬ চনত ‘পদ্মভূষণ’ আৰু ২০০৮ চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল।
ৰমাকান্ত ৰথ ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে ভাৰতীয়
সাহিত্য অকাদেমিৰ উপ-সভাপতি আৰু ১৯৯৮ চনৰ পৰা ২০০৩ চনলৈ ভাৰতীয় সাহিত্য অকাদেমিৰ সভাপতি
ৰূপে কাৰ্য-নিৰ্বাহ কৰিছিল। ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক কেন্দ্ৰীয় সাহিত্য অকাদেমিয়ে
সাহিত্য অকাদেমি ফেল’শ্বিপ প্ৰদান কৰিছিল। এই সন্মানেৰে সন্মানিত তেওঁ পঞ্চমজন উৰিয়া
লেখক।
সমালোচকসকলৰ মতে কবি ৰমাকান্ত ৰথ টি. এছ. এলিয়ট
আৰু এজৰা পাউণ্ডৰ দৰে প্ৰতীকবাদী কবিসকলৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত আছিল। প্ৰতীক আৰু
চিত্ৰকল্প প্ৰয়োগৰ নিপুণতা তেওঁৰ কবিতাৰ এটা প্ৰধান বিশেষত্ব। ৰথে কাব্যৰ ৰূপ আৰু শৈলীৰ
যথেষ্ট পৰীক্ষা-নিৰীক্ষাৰ প্ৰতি গুৰুত্ব দিছিল। তেওঁৰ কবিতাৰ কিছুমান প্ৰিয় বিষয়বস্তু
হ’ল— মানুহৰ জীৱন আৰু মৃত্যুৰ লগত জড়িত সাঁথৰ আৰু বিস্ময়, ব্যক্তি হৃদয়ৰ আভ্যন্তৰীণ
নিৰ্জনতা, নেদেখা জগতৰ প্ৰতি থকা চিন্তা আৰু আকৰ্ষণ, ভৌতিক প্ৰয়োজনীয়তা আৰু শাৰীৰিক
আকাংক্ষাৰ অধীনতা, মানুহৰ বিভিন্ন ভাৱাবেগ আৰু দ্বন্দ্ব আদি। ৰমাকান্ত ৰথক কোনো ‘বাদ’ত
বিশ্বাস নকৰা এজন স্বকীয় চিন্তা-চেতনাসমৃদ্ধ আধুনিক দাৰ্শনিক কবি বুলি কোৱা হয়।
কবিৰ অৱস্থান সদায় ব্যক্তিগত পৰিসৰৰ মাজতে।
সেই ব্যক্তিগত পৰিমণ্ডলত থাকিয়েই তেওঁ নিজৰ অনুভৱ-অভিজ্ঞতা প্ৰকাশ কৰে। বিশেষকৈ মানৱ
জীৱনৰ এটা সত্য নিসংগতা আৰু ব্যৰ্থতাৰ স্বৰূপ প্ৰকাশ কৰাত তেওঁ সিদ্ধহস্ত। ব্যক্তি-হৃদয়ৰ
মাজত লুকাই থকা বিষাদ-বেদনা আৰু কাৰুণ্যৰ বিষাদময় ৰাগিনীক তেওঁ সফলতাৰে আৱিষ্কাৰ কৰিব
জানে আৰু সেই অনুসন্ধানৰ সাৰ্বজনীন আৱেদনো বৰ্তমান। ৰথৰ কবিতাত মানৱ জীৱনৰ বিষাদ, দুখ
আৰু জীৱনৰ ক্ষণস্থায়ী প্ৰকৃতিৰ সহজ অভিব্যক্তি প্ৰকাশিত হৈছে। তেওঁ জীৱনৰ নেতিবাচকতাৰ
পৰা আঁতৰিব নোখোজে।
কবিয়ে কেতিয়াও মংগল আৰু পৰম সৌন্দৰ্যৰ প্ৰচাৰকৰ
পোছাক পৰিধান নকৰে। ৰথৰ কবিতাই বেদনা আৰু কাৰুণ্যক প্ৰাধান্য দিয়ে যদিও কবি সম্পূৰ্ণকৈ
সৌন্দৰ্য-উদাসীন আৰু নিৰাশাবাদী নহয়। কবিৰ কাব্যিক অভিব্যক্তিৰ ভালেখিনি দিশ আধ্যাত্মিকতাৰ
বাতাৱৰণৰ লগত সাঙোৰ খোৱা। তেওঁ তীক্ষ্ণ বৌদ্ধিকতাৰে সাধাৰণ মানৱে ঢুকি নোপোৱা জগত এখনত
বিচৰণ কৰি তাৰ সৌন্দৰ্য পাঠকক দিবলৈ যত্ন কৰে। প্ৰকৃততে “ৰমাকান্ত ৰথৰ কবিতাত প্ৰকৃতি,
ঈশ্বৰ, ধৰ্ম, মানৱীয়তা আদি প্ৰসংগবোৰ আধুনিক জটিল মনস্তত্ত্বৰ প্ৰেক্ষাপটত আৱৰ্তিত
হৈছে।” (বৰাঃ ২০১৮, ৪৭)
ৰমাকান্ত ৰথৰ কবিতাৰ কেইবাটাও বৈশিষ্ট্য বহন
কৰা এটা উল্লেখযোগ্য কবিতা হ’ল ‘অশ্বাৰোহী’। আলোচনাৰ বাবে কবিতাটো লোৱা হৈছে কৰবী ডেকা
হাজৰিকা সংকলিত আৰু অনূদিত ‘কবিতাৰ মাধুকৰী’ৰ পৰা। অনুবাদ জ্যোৎস্না ৰাউতৰ।
কবি ৰমাকান্ত ৰথৰ কাব্যৰ এটা প্ৰধান বিশেষত্ব
হৈছে নেতিবাচকতা। সেইবাবে তেওঁৰ কবিতাত জীৱনৰ বিষাদ আৰু দুখৰ প্ৰাধান্য দেখা যায়। কবিৰ
‘অশ্বাৰোহী’ কবিতাটোৰ মাজতো এনে বৈশিষ্ট্য চকুত পৰে। কবিৰ বাবে মানুহৰ নিসংগতা আৰু
ব্যৰ্থতা সত্যৰে এটা ৰূপ। ‘অশ্বাৰোহী’ কবিতাটোৰ মূল সুৰ মানৱ জীৱনৰ ব্যাখ্যাহীন যন্ত্ৰণা।
কবিৰ মতে মানুহে কেতিয়াও প্ৰকৃত সুখ পাব নোৱাৰে। পাৰ্থিৱ সম্পদ আৰু প্ৰেমে দিয়া সুখ
ক্ষণস্থায়ী।
কবিতাটোত দুখন জগতৰ উপস্থিতি সমান্তৰালভাৱে
দেখা যায়। এখন জগত বাস্তৱৰ মৰুভূমিসদৃশ আৰু আনখন অশ্বাৰোহী হৈ কল্পনাৰে দেখা জগত। জীৱনৰ
আদিতে সকলোৰে একোটা সপোন থাকে আৰু সেই সপোনৰ জগতখন মোহনীয়। কিন্তু চকু মেলিলেই তাৰ
এখন বিপৰীত জগত দেখা যায়। এই দুয়োখন জগতৰ চিত্ৰময় ৰূপায়নেই কবিতাটোৰ মূল সাৰবস্তু।
কবি পৃথিৱীৰ অনেক দুখী মানুহৰ মাজৰে এজন। তেওঁ
কলুষমুক্ত আদি সপোনৰ মাতৃভূমি বিচাৰে। জীৱনৰ সংঘাত অতিক্ৰম বিচাৰে অশ্বাৰোহীৰ বেশেৰে।
কিন্তু এই সমস্ত যাত্ৰাৰ আচলতে কোনো অৰ্থ নাথাকে। শেষত সেইবাবে কবিয়ে আত্মৰ অনুপস্থিতিয়েই
যন্ত্ৰণাৰ পৰা মুক্ত হোৱাৰ পথ বুলি সম্ভাৱনা ব্যক্ত কৰিছে।
অশ্বাৰোহীৰ বেশেৰে যন্ত্ৰণা দূৰ কৰাৰ হাবিয়াস
কবিতাটোত কেৱল অবাস্তৱ পৃথিৱীখনতে ৰৈ গৈছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে ‘ঘোঁৰা’ এটা বিচাৰিছে।
এই ঘোঁৰা জীৱনৰ দুখ-যন্ত্ৰণা জয়ৰ আধাৰ অথবা সাৰথি। তেওঁ জীৱনৰ সকলো দুৰ্যোগ-দুৰ্ভাৱনাৰ
(নিৰ্জন কোঠৰী, নিঃশব্দ আত্মা, মৰু আলিবাট, ৰুদ্ধদ্বাৰেৰে সজ্জিত ঘৰ, কবৰ আদি) পৰা
অব্যাহতি বিচাৰিছে। কবিয়ে তেজৰ সকলো হাহাকাৰ অৰ্থাৎ ইপ্সা ঘোঁৰাৰ ধমনীৰ সৈতে সংযুক্ত
কৰিছে। এই চিত্ৰকল্পটোৱে কবিৰ তীব্ৰ আকাংক্ষাক ব্যক্ত কৰিছে।
কিন্তু কবিয়ে কেতিয়াও সপোন আৰু সুখেৰে পূৰ্ণ
ঠাই এডোখৰ বিচাৰি পোৱা নাই। ‘মাতৃভূমি’ বুলি ভবা প্ৰতিখন ঠায়েই আচলতে ‘কেৱল মৰুভূমি’
আৰু তাত দুৰ্ভাগ্যৰ বসতি। এনে চিত্ৰকল্পই দুখ-দুৰ্ভাগ্যৰ ব্যাপ্তিকে ব্যক্ত কৰিছে।
সকলো মৰুভূমিৰে ইতিহাস থাকে আৰু সেই অতীতৰ
ৰং কেতিয়াবা সেউজীয়া। কিন্তু মৰুভূমি বা জীৱনৰ ৰং সদায় একে নাথাকে— নিৰুদ্দিষ্ট হয়
মাটি আৰু মানুহৰ ‘শ্যামলিমা’। চকু মুদি কবিয়ে বিচাৰি পোৱা নিৰুদ্দিষ্ট শ্যামলিমাৰ মাজত
আছে শস্য, ফল-ফুল, স্কুল-স্কুলীয়া ল’ৰা আৰু হাঁহি। পৃথিৱীৰ অনেক যন্ত্ৰণাক্লিষ্ট মানুহে
(অনাথ শিশু, অন্ধ, লেঙেৰা, ৰোগী, নিৰাশ্ৰয় সকলো) তাত হাঁহে আৰু গান গায়। চিকিৎসাৰ অভাৱৰ
বাবে তাত কাৰো জীৱনলৈ আন্ধাৰ নানামে। বিশ্বৰ পৰা চকু আঁতৰাই কবিয়ে এইবাৰ নিজৰ ঘৰখনলৈ
চাইছে আৰু দেখা পাইছে তেওঁক লৈ সুখী তেওঁৰ পত্নী আৰু মুকলি মনেৰে খেলি ফুৰা ল’ৰা-ছোৱালীকেইটাক।
কিন্তু বাস্তৱৰ পৃথিৱীত কবিৰ সংসাৰ এনে সুখেৰে ভৰা নহয়। কবি আৰু কবিৰ পত্নী দুয়ো দুয়োক
লৈ হয়তো অসুখী আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীকেইটাও বন্দী। বৈপৰীত্যৰ সহায়ত কবিয়ে বাস্তৱৰ
সত্যক প্ৰকাশ কৰিছে। তাল গছবোৰৰ ওপৰত মুখ মেলিব ধৰা জোনবায়ে শ্যামলিমাৰ ক্ৰমশঃ অনুপস্থিতি
অথবা মৃত্যুক নিৰ্দেশ কৰিছে। এই জোনবাই ক্ৰমে মৰিব ধৰা তথা অমাৱস্যালৈ গতি কৰা কাচি
জোন।
ৰমাকান্ত ৰথৰ কবিতাৰ এটা বিশেষ বৈশিষ্ট্য আধ্যাত্মিক
পৰিমণ্ডলৰ উপস্থিতি ‘অশ্বাৰোহী’ৰ মাজতো দেখা যায়। ছদ্মবেশধাৰী হাঁহিমুখীয়া দেৱদূত,
ঈশ্বৰৰ চৰাচৰ ব্যাপ্ত ছাঁ, অবিনশ্বৰ আত্মা পুৰুষ আদি উপাদানবোৰে কবিতাটোত এক আধ্যাত্মিক
পৰিৱেশৰ সৃষ্টি কৰিছে।
জীৱনৰ যন্ত্ৰণা অতিক্ৰমৰ বাবে কবিয়ে এটা ঘোঁৰা
বিচাৰিছে। কিন্তু তেওঁ ঘোঁৰা এটাৰ গৰাকী হ’ব পৰা নাই। অশ্বাৰোহী হৈ যন্ত্ৰণা অতিক্ৰমৰ
স্বপ্নক সাকাৰ ৰূপ দিব পৰা নাই। ‘কাৰোবাৰ’ সহায় নোলোৱাকৈ কবিয়ে নিজে এটা ঘোঁৰা হ’বও
পৰা নাই। তেওঁ ঘোঁৰা কাৰ ওচৰত বিচাৰিছে, সেয়া কবিতাটোত স্পষ্ট নহয়। হয়তো তেওঁৰ অনুৰোধ
হ’ব পাৰে অবিনশ্বৰ আত্মাৰ প্ৰতি অথবা যন্ত্ৰণাই অৱচেতন মনত জন্ম দিয়া আত্মৰ বা নিজৰ
অন্য এটা সত্তাৰ প্ৰতি।
কবিয়ে ঈশ্বৰৰ পৰা দূৰৈত অৱস্থান কৰিব বিচাৰিছে।
তেওঁৰ বাবে সেই ঠাই আদি সপোনৰ সৃষ্টিভূমি আৰু সেই সপোন কলুষতাৰ পৰা মুক্ত। বাস্তৱৰ
পৃথিৱীত প্ৰতি ক্ষণতেই সপোনৰ অপমৃত্যু হয় অথবা সপোন কলুষতাৰে ভৰি পৰে। সেইবাবে কবিৰ
এনে অতীতমুখী যাত্ৰাৰ হেঁপাহ। ক্ষীৰৰ সমুদ্ৰ আৰু তাৰ মাজত থকা ধুনীয়া দ্বীপবোৰেও কবিৰ
কাম্য পৃথিৱীৰ স্বৰূপ প্ৰকাশ কৰিছে।
চকু মুদি দেখা পৃথিৱীৰ সৌন্দৰ্য চকু মেলি দেখা
পৃথিৱীত অনুপস্থিত। কবিৰ মতে ইয়াৰ মূলতে আছে ভাগ্য (‘কপাল বেয়া’)। সেউজ শ্যামল পথাৰ,
হস্পিতাল, অনাথ আশ্ৰম আৰু পৰমসত্তাৰ প্ৰশান্তিময় প্ৰতিচ্ছবি বাস্তৱৰ পৃথিৱীত নাই। কবিয়ে
ভাগ্যৰ বিৰুদ্ধে যুঁজিবলৈ বিচাৰিছে আৰু তেওঁৰ সেই হেঁপাহ চিৰকালৰ। এনে কাৰণতে যন্ত্ৰণাৰ
মাজৰ পৰাই যুঁজাৰ সম্ভাৱনা আৰু শক্তিৰ জন্ম হৈছে— “অসহ্য যন্ত্ৰণাত উদ্ভাসিত এই ঘোঁৰা”।
সেই শক্তিৰ সহায়ত তেওঁ দুৰ্ভাগ্যগ্ৰস্ত, দুৰ্ঘটনাগ্ৰস্ত আৰু প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত
মানুহক অলপ পোহৰ দিব বিচাৰিছে। কিন্তু চৌদিশৰ হাহাকাৰ, দেহোকষ্ট আৰু মনোকষ্টৰ আঘাতত
কবিয়ে অশ্বাৰোহী হৈ পৃথিৱীৰ যন্ত্ৰণা লাঘৱ কৰিব পৰা নাই। যন্ত্ৰণাৰ জুইত উদ্ভাসিত অশ্ব
যন্ত্ৰণাৰ মাজতেই হেৰাই গৈছে। শেষত কবিয়ে মৃত্যুকেই যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ শেষ
উপায় বুলি স্বীকাৰ কৰি লৈছে। অৰ্থাৎ নিৰাশাকে সত্য বুলি কবিয়ে মানি লৈছে। অৱশ্যে সেই
স্বীকাৰো সন্দেহ আৰু সম্ভাৱনাৰে আৱৰ্তিত।
***
References
বৰা, প্ৰাণজিৎ। সুবৰ্ণৰেখা। গুৱাহাটীঃ পাঞ্চজন্য, ২০১৮
মেধি, ৰমেন (সম্পা.)। ভাষা-সাহিত্য-চিন্তা। গুৱাহাটীঃ বনলতা, ২০১২
ৰথ, ৰমাকান্ত (নিহাৰ ৰঞ্জন মিশ্ৰ আৰু সন্ধ্যাৰাণী পালো অনূদিত)। শ্ৰীৰাধা।
নতুন দিল্লীঃ সাহিত্য অকাদেমি, ২০১৯
হাজৰিকা, কৰবী ডেকা (সংক. আৰু অনু.)। কবিতাৰ মাধুকৰী। ডিব্ৰুগড়ঃ কৌস্তুভ
প্ৰকাশন, ২০০৮
https://www.poemhunter.com/i/ebooks/pdf/ramakanta_rath_2012_9.pdf
http://sahitya-akademi.gov.in/library/meettheauthor/ramakanta_rath.pdf