Friday, 18 January 2019

অসমৰ ডিমাছাসকলৰ সমাজ, সংস্কৃতি আৰু ভাষা

সৃষ্টিৰ পৃথিৱী


০.০০ উপক্ৰমণিকা
        ‘অসম’ বুলি ক’লেই বৈচিত্ৰ্যময় ছবি এখন মনলৈ আহে। এই বৈচিত্ৰ্যৰ আভাস পোৱা যায় অসমৰ প্ৰকৃতি, ভূগোল, মানুহ, সংস্কৃতি সকলোতে। জনগোষ্ঠীয় সমাজ আৰু সংস্কৃতিয়ে অসমৰ সমাজ-সংস্কৃতিক এক স্বতন্ত্ৰ ৰূপ প্ৰদান কৰিছে। অসমীয়া ভাষা, সমাজ, সংস্কৃতিৰ আলোচনা প্ৰসংগত জনগোষ্ঠীয় ভাষা-সমাজ-সংস্কৃতিৰ আলোচনা এক প্ৰয়োজনীয় দিশ বুলিব পাৰি। এই প্ৰবন্ধত অসমৰ ডিমাছা জনগোষ্ঠীৰ সমাজ, সংস্কৃতি আৰু ভাষা সম্পৰ্কে এক পৰিচয়মূলক আলোচনা দাঙি ধৰিবৰ প্ৰয়াস কৰা হৈছে। ডিমাছাসকল নৃতাত্ত্বিক দিশেৰে মংগোলীয় আৰু ভাষিক দিশেৰে তিব্বত-বৰ্মী শাখাৰ অসম-বৰ্মীৰ ভিতৰুৱা। ১৯৬১ চনৰ লোকপিয়লৰ পাছৰ পৰাহে ডিমাছাসকলক এটা পৃথক জনজাতি হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ইয়াৰ আগলৈকে ডিমাছাসকলক কছাৰী জনজাতিৰ এটা উপশাখা হিচাপে গণ্য কৰা হৈছিল।
১.০০ ডিমাছা জনগোষ্ঠীঃ পৰিচয়
        অসম বিভিন্ন জাতি-জনজাতিৰ ভূ-স্বৰ্গস্বৰূপ। অসমৰ জনজাতিসকলৰ ভিতৰত ডিমাছাসকল অন্যতম। বৃহৎ বড়ো শাখাৰ ভিতৰুৱা ডিমাছাসকলৰ নিজা ভাষা, সংস্কৃতি বৰ্তমান। ‘ডিমাছা’ শব্দৰ অৰ্থ এনেদৰে ভাঙিব পাৰি ‘ডি’ মানে পানী, ‘মা’ মানে ডাঙৰ আৰু ‘ছা’ মানে সন্তান। অৰ্থাৎ ‘ডিমাছা’ মানে হৈছে ‘ডাঙৰ নদীৰ সন্তান’। ডিমাছা শব্দৰ উৎপত্তি সম্পৰ্কে বিভিন্নজনে বিভিন্ন মত দাঙি ধৰা দেখা যায়। উপেন্দ্ৰ চন্দ্ৰ গুহৰ মতে উত্তৰ কাছাৰৰ কছাৰীসকলে নিজকে ডিমাছা নামেৰে অভিহিত কৰে। সোণাৰাম থাওছেনৰ মতে ‘ডিমা’ নদীৰ পাৰত বাস কৰা লোকসকলেই ডিমাছা। ডিমাছা ভাষাত ধনশিৰী(ধনশ্ৰী) নদীক ‘ডিমা’ বুলি কোৱা হয়।
        বৃহৎ কছাৰীসকলক Mr. Endle–এ দুটা ভাগত ভাগ কৰিছে Northern Group আৰু Southern Groupতেওঁ ডিমাছাসকলক ইয়াৰ Southern Group–ৰ ভিতৰত ধৰিছে। ডিমাছাসকল বৃহৎ কছাৰী গোষ্ঠীৰেই এটা ঠাল। গোৱালপৰীয়া কছাৰীসকলে নিজকে ‘বড়ো’ বোলে। লালুং কছাৰীসকলে নিজকে ‘তিৱা’ আৰু ৰাভাসকলে নিজকে ‘টটলা’ বুলি কয়। কাছাৰ, উত্তৰ কাছাৰ, মিকিৰ পাহাৰ আৰু নগাঁও জিলাৰ থলুৱা কছাৰীসকলে নিজকে ‘ডিমাছা’ বুলি কয়। এই কেইখন জিলাৰ ডিমাছা বুলি জনাজাতসকলৰ ভাষা-সংস্কৃতি একেই। অৱশ্যে কাছাৰৰ ডিমাছাসকলৰ মাজত বঙলা সংস্কৃতিৰ প্ৰভাৱ পৰিছে আৰু নগাঁও তথা মিকিৰ পাহাৰৰ ডিমাছাসকলৰ মাজত অসমীয়া সংস্কৃতিৰ প্ৰভাৱ পৰিছে। উত্তৰ-কাছাৰৰ ডিমাছাসকলেহে প্ৰধানকৈ প্ৰাচীন পৰম্পৰাগত ৰীতি-নীতি ৰক্ষা কৰি চলি আছে। (নিৰূপমা হাগজেৰ, ‘ডিমাছাসকলৰ গীত-মাত’, প্ৰহ্লাদ কুমাৰ বৰুৱা (সম্পা.), অসমীয়া লোকসাহিত্য, পৃ. ৩৩৭)
১.০১  আদি বাসস্থান আৰু প্ৰব্ৰজনৰ ইতিহাস
        ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰা বিভিন্ন জনগোষ্ঠী অসমলৈ আহিছিল। জল আৰু থল দুয়োটা পথেৰেই অসমলৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজন হৈছিল। প্ৰব্ৰজনৰ পথ চাৰিটা
·        নেপাল, তিব্বত আৰু ভূটানৰ গিৰিপথ
·        গংগা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা
·        বঙ্গোপ সাগৰৰ জলপথ
·        অসম-ব্ৰহ্ম পথ। (লোকেশ্বৰ গগৈ, ডিমাছা সংস্কৃতিৰ ৰূপৰেখা (প্ৰথম খণ্ড), পৃ. ১)
ডিমাছাসকল নৃতাত্ত্বিক দৃষ্টিৰে মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত। অসমৰ জনজাতিসকলৰ সৰহভাগেই মংগোলীয় আৰু বহলভাৱে বড়ো শাখাৰএওঁলোকৰ আদি বাসস্থান তিব্বত আৰু চীনদেশ। উত্তৰ-পূব কোণেদি এওঁলোক ভাৰতলৈ আহিছিল আহিছিল। উত্তৰ বংগ, গোৱালপাৰা জিলাৰ পশ্চিম অংশত বাস কৰা বড়োসকলক ম্লেছ বুলি জনা যায়, উজনি অসমৰ বড়োসকলক সোণোৱাল বা ঠেঙাল-কছাৰী বুলি জনা যায়, অসমৰ পশ্চিম দিশত এওঁলোকক বড়ো বা বড়ো-কছাৰী আৰু উত্তৰ কাছাৰৰ দক্ষিণ ফালে ডিমাছা বা ডিমাছা-কছাৰী বুলি জনা যায়। (আৰাধনা বৰা, অসমৰ জনগোষ্ঠী আৰু বিবাহ উৎসৱ, পৃ. ২১) ডিমাপুৰত ৰাজত্ব কৰাৰ সময়ৰপৰা কছাৰীসকল ডিমাছা নামেৰে পৰিচিত হয় বুলিও কোৱা হয়। ডিমাছাসকলৰ আদি বাসস্থান হ’ল চীন দেশৰ দক্ষিণ অঞ্চল। এই অঞ্চলৰ পৰা এওঁলোক ব্ৰহ্মপুত্ৰ, ইৰাৱতী, মেকং, চালুইন, ইয়াংচিকিয়াং নদীয়েদি আহি অসম, ব্ৰহ্মদেশ আদি ঠাইত সিঁচৰতি হৈ পৰে। বড়োসকল ৪০০০ খ্ৰীষ্টপূৰ্বত অসমলৈ প্ৰব্ৰজিত হৈছিল। ডিমাছাসকলৰ প্ৰব্ৰজনৰ সময় বড়োসকলতকৈ কিছু আগত বুলি কোৱা হয়।
১.০২ বৰ্তমানৰ বাসভূমি
        অসম আৰু নাগালেণ্ডত ডিমাছাসকলৰ বসতি দেখা যায়। অসমৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা বা ডিমা হাছাও জিলাত ডিমাছাসকলৰ প্ৰধান বসতি পোৱা যায়। ইয়াৰ উপৰি নগাঁও, কাছাৰ, গোলাঘাট, হাইলাকান্দি আৰু কাৰ্বি আংলং জিলাতো ডিমাছাসকলৰ বসতি দেখা যায়। নাগালেণ্ডৰ ডিমাপুৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত ডিমাছা জনগোষ্ঠীৰ লোক পোৱা যায়। “ভৌগোলিক ক্ষেত্ৰ ভেদে তেওঁলোকৰ সমাজক চাৰিটা ভাগত ভাগ কৰা হয়। নাগালেণ্ডৰ অধিবাসীসকলক ‘ডিজোৱাছা’, লংকা, হোজাই আদি ঠাইৰ অধিবাসীসকলক ‘ডেম্ৰাছা’, কাছাৰৰ অধিবাসীসকলক ‘হাৱাৰছা’ আৰু উত্তৰ কাছাৰ পাহাৰৰ অধিবাসীসকলক ‘হাচাউছা’ বুলি অভিহিত কৰা হয়।” (ধৰ্মেশ্বৰ দুৱৰা, ‘ডিমাছাসকলৰ সমাজ-জীৱন’, পদ্ম পাটৰ (সম্পা.), জনজাতি সমাজ সংস্কৃতি, পৃ. ২১১)
১.০৩ জনসংখ্যা
        ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমত ডিমাছাসকলৰ জনসংখ্যা আছিল ১,০৮,১৩৩ জন। ২০১১ চনত ইয়াৰ সংখ্যা হয়গৈ ১,৩১,৪৭৪ জন। ভাৰতৰ প্ৰেক্ষাপটত ডিমাছা লোকৰ জনসংখ্যা হ’ল ১,৩৭,১৮৪ জন।
১.০৪ ডিমাছাৰ মাজত পৰিলক্ষিত মংগোলীয় সংস্কৃতিৰ বৈশিষ্ট্য
        অসমৰ জনজাতিসকল নৃতাত্ত্বিক দিশৰপৰা প্ৰধানকৈ মংগোলীয় জনগোষ্ঠীৰ ভিতৰুৱা। ডিমাছাসকলো মংগোলীয় জনগোষ্ঠীৰে অন্তৰ্গত জনজাতি। মংগোলীয়সকলৰ মাজত পৰিলক্ষিত হোৱা বিভিন্ন বৈশিষ্ট্য এওঁলোকৰ মাজতো দেখা যায়। যেনে
·        ডেকাচাঙৰ প্ৰচলন আছে।
·        সামাজিক আৰু ধৰ্মীয় সকলো কামত পৰম্পৰাগত পানীয় (জুদি)-ৰ ব্যৱহাৰ কৰা হয়
·        পূজাত কুকুৰা বলি দিয়া হয়।
·        গা-ধন দিয়াৰ পৰম্পৰা আছে।
২.০০ ডিমাছা সমাজ
        বিভিন্ন ধৰণৰ সামাজিক সংঘ, ধৰ্মীয় ৰীতি-নীতি, বিবাহ আদিৰ লগত জড়িত ৰীতি-নীতি আদিৰ মাজেদি একোখন সমাজৰ পৰিচয় পোৱা যায়। তলত এনে কিছুমান দিশৰ আধাৰত ডিমাছা সমাজ সম্পৰ্কে এক পৰিচয় দাঙি ধৰা হ’ল
২.০১ গাঁও গঠন
ডিমাছাসকলে নদীৰ পাৰত প্ৰধানকৈ গাঁও পাতি বাস কৰে। কেইবাটাও ঘৰ লগ লাগি একোখন গাঁও হয়। ডিমাছাসকলে সাধাৰণতে অতি ওচৰা-উচৰিকৈ ঘৰ সাজি গাঁও পাতে। হিংস্ৰ জীৱ-জন্তৰ তথা শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যেৰে ডিমাছাসকলে ওচৰা-উচৰিকৈ থাকি ভাল পাইছিল। এই ব্যৱস্থা আজিও চলি আছে। ডিমাছা ভাষাত গাঁও গঠন কৰা প্ৰণালীটোক ‘নৱলাই’ আৰু গাঁওবাসীৰ সৈতে গাঁওখনক ‘ৰাজি’ বোলা হয়। (উল্লিখিত) এনেদৰে ডিমাছাসকলে ওচৰা-উচৰিকৈ গাঁও পাতি থাকে যদিও খেতিৰ বাবে নিজাকৈ মাটি দখল কৰি অলপ দূৰলৈকো যায়। এনেদৰে খেতি কৰা প্ৰথাক ‘ফেদেং দাংবা’ বোলা হয়।
ডিমাছাসকলৰ সমাজ-জীৱনৰ প্ৰধান দিশ হ’ল গ্ৰাম্য পৰিষদ আৰু এই পৰিষদৰ মুখ্য ব্যক্তিগৰাকী হ’ল গাঁওবুঢ়া (খুনাং)। ডিমাছা সমাজত খুনাঙৰ এক বিশিষ্ট স্থান আছে। “খুনাঙেই হৈছে সৰ্বোচ্চ ক্ষমতা আৰু সন্মানৰ অধিকাৰী।” (ৰেখা কলিতা, ‘ডিমাছা সমাজত প্ৰচলিত জন্ম-মৃত্যু-বিবাহ সম্পৰ্কীয় লোকাচাৰ’, উপেন ৰাভা হাকাচাম আৰু প্ৰফুল্ল কুমাৰ নাথ (সম্পা.), অসমৰ জনগোষ্ঠীয় সামাজিক লোকাচাৰ, পৃ. ১৯৯) গাঁৱৰ সকলো ধৰণৰ সমস্যা খুনাঙৰ চোতালত মেল পাতি সমাধান কৰা হয়। গাঁওবুঢ়াক সহায় কৰিবৰ বাবে দুজন ব্যক্তি থাকে বাৰিগা আৰু ডেকলা। এওঁলোকে খুনাঙৰ চোতালত মেল থাকিলে ৰাইজক খবৰ দিবগৈ লাগে। ঢোল বজাই বজাই মেলৰ বতৰা ৰাইজক দিয়া হৈছিল। এনে ব্যৱস্থালৈ বৰ্তমান পৰিৱৰ্তন আহিছে। ডিমাছা সমাজে চৰকাৰী গাঁওবুঢ়া স্বীকাৰ কৰি লৈছে যদিও দুজন গাঁৱলীয়া গাঁওবুঢ়া তেওঁলোকে নিৰ্বাচন কৰি লয় আৰু গাঁৱৰ সমস্যা আলোচনাৰ মাজেদি খুনাঙৰ চোতালত সমাধান কৰি ল’বলৈ বিচাৰে। এনে মেলত সাধাৰণতে কেৱল পুৰুষসকলহে থাকে।
‘নাগাহজা’ (ডেকাচাঙৰ দলপতি) আৰু ‘মাটলাহজা’ (গাভৰুসকলৰ দলপতি)-ই ডেকা-গাভৰুসকলৰ সহযোগিতাত গাঁৱৰ ৰাইজক বিভিন্ন কামত সহায় কৰে। যেনে বিভিন্ন উৎসৱ-পাৰ্বণ, বিবাহ, শ্ৰাদ্ধ অনুষ্ঠান আদিত সহায়ৰ হাত আগবঢ়ায়। গাঁৱৰ ডেকা-গাভৰুসকলৰ মাজত সমিল-মিল বজাই ৰখাত নাগাহজা আৰু মাটলাহজাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
২.০২ ‘নদ্ৰাং’ বা ডেকাচাং
        আন জনগোষ্ঠীয় সমাজৰ দৰে ডিমাছাসকলৰ মাজতো ডেকাচাঙৰ ব্যৱস্থা আছে। ডেকাচাঙৰ দলপতিজনক ‘নাগাহাজা’ বুলি কোৱা হয়। গাঁৱৰ সোঁমাজত নিৰ্মাণ কৰা এই ডেকাচাঙক ডিমাছা ভাষাত ‘নদ্ৰাং’ বুলি কোৱা হয়। নদ্ৰাঙৰ বাহিৰফালে এডাল ডাঙৰ কাঠ পাৰি থোৱা থাকে। ইয়াত সকলোৱেই বহিব পাৰে। এই কাঠডালক ‘কামডিং’ বোলা হয়। (ধৰ্মেশ্বৰ দুৱৰা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২১৩) “অতীজতে হেনো গাঁৱৰ ওপৰত হঠাতে শত্ৰুৱে আক্ৰমণ চলালে নদ্ৰাঙত শুই থকা ডেকাচামে ততালিকে শত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰিছিল আৰু সেই কাৰণেই ডেকাচাঙৰ প্ৰয়োজন হৈছিল। সেই উদ্দেশ্য বলী আৰু তেজাল ডেকাচামে অস্ত্ৰ-শস্ত্ৰ লগত ৰাখি একগোট হৈ নদ্ৰাঙত শুব লগা হৈছিল। শত্ৰুৰ হাতৰ পৰা গাঁও ৰক্ষা কৰিবৰ উদ্দেশ্যেৰে তাহানি দিনতে ডেকাচামে নদ্ৰাঙত শোৱাৰ নিয়ম কৰিছিল। পুৰণি নিয়ম এৰিব নোৱাৰি বৰ্তমান যুগতো উত্তৰ কাছাৰৰ ডিমাছা গাঁওবোৰত নদ্ৰাঙত শোৱাৰ নিয়ম চলি আছে।” (নিৰুপমা হাগজেৰ, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ৩৩৭) ডেকাচাঙৰ সামাজিক গুৰুত্ব অপৰিসীম। ডেকাচাঙৰ ডেকাসকলে গাঁওবাসীক বিভিন্ন ধৰণেৰে বিভিন্ন কামত সহায় কৰি দিয়ে। গাঁৱৰ সকলো ধৰণৰ সভা ইয়াৰ চোতালতে পতা হয়। উৎসৱত পৰিৱেশন কৰিবলগীয়া নাচ-গানৰ আখৰাও ইয়াতে কৰা হয়। ডেকাচাঙৰ ডেকাসকলৰ উদ্দেশ্যই হৈছে পাৰস্পৰিক সহায়। তেওঁলোকে খেতিৰ দিনত লাগতিয়ালজনক সহায় কৰি দিয়ে। তাৰ বাবে এটি সামান্য মূল্য লয়। সেই মূল্যৰে তেওঁলোকে বিহু আদি উৎসৱ পাতে, দুখীয়াক সহায় কৰে। (আৰাধনা বৰা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২৪) গাঁৱলৈ অহা আলহীক ডেকাচাঙত থাকিবলৈ দিয়াৰ ব্যৱস্থা আছে।
২.০৩ ফৈদ বা গোত্ৰ
        ডিমাছা সমাজত পুৰুষ আৰু মহিলাৰ সুকীয়া সুকীয়া গোত্ৰ বা ফৈদ থাকে। পুৰুষৰ ৪০টা গোত্ৰ (চেংফং) আৰু মহিলাৰ ৪২টা গোত্ৰ (জুলু) আছে। জুলু অৱশ্যে লিখিতভাৱে ব্যৱহৃত নহয়। ডিমাছা সমাজত মূলতে গোত্ৰৰ ব্যৱস্থা নাছিল। হিন্দুসকলৰ অনুকৰণতে তেওঁলোকৰ মাজত গোত্ৰৰ জন্ম হয়। সেইসমূহৰ নাম তলত উল্লেখ কৰা হ’ল
(ক) চেংফং-     হাস্নুচা (হাচেচাং), হাফলাং বাৰচা, ৰাইজুংচা, বাদেৰ বাগিয়া, আৰাদাওচা, মিথেৰফাংচা, ডিফুচা, হাগজেৰছা, থাউছেনচা, ফংলছা, চেংয়ুংছা, দাউলাগাজাও, দাউলাগুফু, হজাইছা, কেম্প্ৰাইছা, জিগডুংছা, বড’ছা, খেৰছা, নুনিছা, নাইডিংছা, হাফিলা, দাউদুং লাংঠাছা, খাৰিকাপছা, লংমাইলাই, হাছামছা, নাবেনছা, লাংঠাছা, ডিব্ৰাগেডে, গিৰিছা, পৰ্বতছা ফ’ৰ্বছা, মাইবাংছা, জহৰিছা, ছৰংফাং, গ’ৰ্লছা, হাকমাওছা, ম্ৰামছা, জাৰামফুছা, লবঠাইছা, লাওবাংডিছা আৰু বাথাবি।
(খ) জুলু-        চাইখুডি, বাংলাইমা গেডেবা, ছাইডিমা গেডেবা, ৰাজামানি, হামলাই গুমুন্দি, মাইৰঙ্গ গেডেবা, মিয়ুংমা গেডেবা, মিয়ুংমা হাচেবা, ছাইডিমা গেডেবা, বাংলাইমা সাচেবা, ছাইডিমা ডাওগুৱা, মাইৰেন্দী, মাইৰংমা ডাওগুৱা, দ্ৰেইনচং গেডেবা, দ্ৰেইনচং খাচেবা, বুগুমানি, গাচাওমানি, মাদাইমানি, বাইৰেনছা, চামডেৱ স্কাউডি, ৰনছাইডি, মাইৰঙ্গ ডেস্কাও, মাইৰঙ্গ প্ৰাইছং, ইয়ামঠাইমানি, থিৰিমজু, ফুৰুজু, থাৰুজু, মিয়ুং ডাওগুৱা, ডীয়ুংমা, মাইৰংডী, বাৰাণিমা, ডিশ্ৰিকনিমা, মাইবাংমা, মাইৰংমাজুলু, ফাণ্ঠাওবাৰ জুলু, ৰাণিমা, কম্বাচিংমা, স্কাউডী, ফাচাইডী খাচেবা, ফাচাইডী গেডেবা, গাওচংফাৰাই আৰু মাইৰংফ্ৰাইছং
(ববী দাউদুং লাংঠাছা, ডিমাছাসকলৰ উৎসৱ-পাৰ্বণ আৰু গীত-মাত, পৃ. ৬৭-৬৯)
        ল’ৰা সন্তান পিতৃ গোত্ৰৰ আৰু ছোৱালী সন্তান মাতৃ গোত্ৰৰ অন্তৰ্ভুক্ত হয় যদিও ছোৱালীয়ে সদায় নামৰ পাছত পিতৃ ফৈদৰ নামহে ব্যৱহাৰ কৰিব লাগে। ডিমাছা সমাজত একে গোত্ৰৰ মাজত বিবাহ নিষেধ। এনে বিবাহ সম্পন্ন কৰা লোকসকলক সমাজৰ পৰা বাহিৰ কৰি দিয়া হয়। ডিমাছা ল’ৰাই অন্য জাতৰ ছোৱালী বিয়া কৰালে পৰিশুদ্ধি (থাৰবা) কৰি লোৱাৰ ব্যৱস্থা আছে। ‘থাৰবা’ ক্ৰিয়াৰ যোগেদি ছোৱালীজনীক এটা নতুন জুলুৰ ভিতৰুৱা কৰা হয়। এনে কাৰণতে ডিমাছা সমাজত মহিলাসকলৰ জুলু ৪২ টাতকৈ বেছি হৈছে। ডিমাপুৰত থকাৰ সময়ত ডিমাছাসকলৰ মাত্ৰ এটা চেংফং আৰু সাতটা জুলুম আছিল। কোনো ডিমাছা ছোৱালী অন্য জাতিৰ ল’ৰাৰ লগত বিয়া হ’লে সমাজে তাক গ্ৰহণ নকৰে। যদি ছোৱালীজনীৰ স্বামীয়ে ডিমাছা জাতিৰ অন্তৰ্ভুক্ত হৈ কোনো এটা চেংফং গ্ৰহণ কৰে, তেতিয়া ছোৱালীজনীক সমাজে গ্ৰহণ কৰে। ডিমাছা সমাজত এনে ঘটনা পৰিলক্ষিত হোৱাৰ কথা ববী দাউদুং লাংঠাছাই তেওঁৰ গৱেষণা গ্ৰন্থ ‘ডিমাছাসকলৰ উৎসৱ-পাৰ্বণ আৰু গীত-মাত’ত উল্লেখ কৰিছে। (পৃ. ৬৯)
২.০৪ বিবাহ
        ডিমাছা সমাজত দুয়োপক্ষৰ সন্মতিক্ৰমে বিবাহ সম্পন্ন কৰা হয়। কন্যাপক্ষৰ পৰা সন্মতি পোৱাৰ পাছত দৰাপক্ষৰ পৰা নিমখৰ টোপোলা কন্যাঘৰলৈ পঠিওৱা হয়। ইয়াৰ অৰ্থ হ’ল দৰাপক্ষই কন্যাঘৰৰ মতক সন্মতি দিছে। এই ৰীতিক ‘ছান্দিদাংছেংবা’ বুলি কোৱা হয়। এই কথা উল্লেখ্য যে, ডিমাছাসকলে ছোৱালীৰ ঘৰৰপৰা প্ৰথম বিয়াৰ প্ৰস্তাৱ অহাটো পছন্দ নকৰে। কন্যাঘৰলৈ তিনিবাৰকৈ ‘লাউঠাইলাংবা’ (লাওপানী) নিয়াৰ নিয়মো এওঁলোকৰ সমাজত আছে। এনেবোৰ নিয়ম হৈ যোৱাৰ পাছত বিয়াৰ দিন ধাৰ্য কৰা হয়। বিয়াৰ দিন ঠিক হোৱাৰ পাছত দৰাঘৰে কন্যাঘৰক টকা দিব লাগে অৰ্থাৎ ‘গা-ধন’ৰ ব্যৱস্থা এওঁলোকৰ সমাজত আছে। এই প্ৰথাক ডিমাছা ভাষাত ‘কাল্টি’ বুলি কোৱা হয়। ‘কাল্টি’ গ্ৰহণ নকৰাটো বা দিব নোৱাৰাটো ডিমাছাসকলৰ বাবে এক অপমানজনক বিষয়। এই প্ৰথাৰ প্ৰচলনে ৪০ টা চেমফং আৰু ৪২ টা জুলুৰ বান্ধোনত থকাটো সূচায়। সকলো ডিমাছাৰ মাজত গা-ধন লোৱাৰ ৰীতি নাই। “কাল্টি প্ৰথা পালন কৰাসকলে কন্যাঘৰক ৫০ টকাৰ পৰা ১০০০ টকালৈকে দিব লাগে।” (লোকশ্বৰ গগৈ, অসমৰ লোক-সংস্কৃতি (প্ৰথম খণ্ড), পৃ. ৬৭) “কাছাৰ, উত্তৰ কাছাৰ জিলাৰ ডিমাছাই গা-ধন লোৱাৰ প্ৰথা আছে। অৱশ্যে বৰ্তমান কাছাৰ জিলাত এনে প্ৰথাৰ শিথিলতা আহিছে।” (ললিতা কেম্প্ৰাই, ‘ডিমাছাসকলৰ বিবাহ পদ্ধতি’, পুতলী কায়স্থ (সম্পা.), অসমৰ বিভিন্ন জনগোষ্ঠীৰ বিবাহ পদ্ধতি, পৃ. ৯৮) দুয়োপক্ষৰ মাজত তামোল সাল-সলনি কৰা ৰীতিও আছে।
        বিবাহ-বিচ্ছেদ আৰু পুনৰবিবাহৰ প্ৰচলন ডিমাছা সমাজত আছে। বহুপত্নী বিবাহ, বলেৰে ধৰি নি বিবাহ পতা আদি প্ৰথা ডিমাছা সমাজত নাই(লোকশ্বৰ গগৈ, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ৬৯) ডিমাছা সমাজত পলুৱাই নি বিয়া পতাৰ প্ৰথা সাধাৰণতে একেবাৰে কম। নাচৰ সময়তেই বয়সীয়াল লোকসকলে নিজৰ ল’ৰাৰ বা সম্বন্ধীয় ল’ৰাৰ বাবে ছোৱালী চায়। পছন্দ হ’লে ছোৱালীৰ ঘৰত বিয়াৰ প্ৰস্তাৱ দিয়েগৈ।
        দৰাই বগা কামিজ, বগা পাগুৰি, ধুতি আৰু বগা বা হালধীয়া ৰঙৰ গামোচা পৰিধান কৰে আৰু কন্যাই মেঠনি মাৰি ‘ৰিগু’ (মেখেলা) আৰু ‘ৰিকাউসা’ (ৰিহা) পিন্ধে।
        ডিমাছাসকলৰ বিয়াত দুয়োপক্ষৰ পুৰোহিত থাকে। পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰি বিবাহ-কাৰ্য সম্পন্ন কৰে। ডিমাছাসকলে কন্যাক বিয়াৰ দিনাই লৈ নাযায়। আঠমঙলাৰ পাছতহে কন্যাক দৰাৰ ঘৰলৈ নিয়াৰ নিয়ম।
        ডিমাছা সমাজত ঘৰ-জোঁৱাই ৰখাৰ প্ৰথাও আছে। শহুৰেকৰ ঘৰত এবছৰমান থকাৰ পাছত জোঁৱায়েকে নিজে বা শহুৰেকৰ সহযোগত শহুৰেকৰ বাৰীত ঘৰ সাজি থাকিব পাৰে। এনে প্ৰথাক ‘নগদাঁইং’ বোলা হয়। নতুন ঘৰ লোৱাৰ পাছৰ পৰা জোঁৱায়েকে নিজাকৈ খেতি কৰিব লাগে। (ললিতা কেম্প্ৰাই, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ১০৪)
২.০৫ পুৰোহিত প্ৰথা
        বিভিন্ন জনজাতীয় সমাজৰ দৰে ডিমাছা সমাজতো পুৰোহিত প্ৰথাৰ প্ৰচলন আছে। ডিমাছা ভাষাত পুৰোহিতক ‘জনঠাই’ বুলি কোৱা হয়। বলি কটাৰ বাবেও নিৰ্দিষ্ট মানুহ ডিমাছা সমাজত থাকে, যাক ‘দায়িংয়াঃ’ বুলি কোৱা হয়। জনঠাই আৰু দায়িংয়াঃ নিৰ্বাচনত দেওধনীৰ ভূমিকা গুৰুত্বপূৰ্ণ। দেওধনী পূজাত দেওধনীয়ে যাৰ নাম উচ্চাৰণ কৰে, তেওঁলোককেই জনঠাই বা দায়িংয়াঃ হিচাপে গ্ৰহণ কৰা হয়। যিকোনো বংশৰ লোকেই পুৰোহিত হ’ব পাৰে। বিভিন্ন পূজা-পাতল, বিয়া আদিত পুৰোহিতৰ প্ৰয়োজন হয়। গাঁৱৰ মংগলামংগল এওঁলোকৰ নৈতিক আৰু মানসিক চৰিত্ৰৰ ওপৰত নিৰ্ভৰশীল বুলি ডিমাছাসকলে বিশ্বাস কৰে।
২.০৬ ধৰ্ম
        ডিমাছাসকল হিন্দুধৰ্মী। পূৰ্বতে এওঁলোক শাক্তধৰ্মী আছিল। ডিমাছাসকলৰ প্ৰধান উপাস্য দেৱ-দেৱী হ’ল ব্ৰাই-শিব্ৰাই বা শিৱ আৰু দূৰ্গা। ইয়াৰ উপৰি তেওঁলোকে কামাখ্যা, ৰণচণ্ডী আৰু বিভিন্ন দেৱতা-অপদেৱতাক পূজা কৰে। বৰ্তমান পাহাৰীয়া অঞ্চলৰ কিছুমান ডিমাছা লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে।
৩.০০ ডিমাছা লোকসংস্কৃতি
        তলত ডিমাছা লোকসংস্কৃতিক চাৰিটা বহল ভাগত ভাগ কৰি আলোচনা কৰা হ’ল
৩.০১ লোকসাহিত্য
        ডিমাছা লোকসাহিত্যৰ ভঁৰাল বিভিন্ন লোকগীতেৰে সমৃদ্ধ। ডিমাছা লোকগীতক এনেদৰে ভাগ কৰি দেখুৱাব পাৰি
(ক)   ভক্তিমূলক আৰু উছৱ-অনুষ্ঠানৰ লগত জড়িত গীতঃ বিচু উৎসৱত গোৱা হুচৰি জাতীয় গীত, অন্যান্য পূজাৰ প্ৰাৰ্থনা গীত (মিডো খাৰবানী) আদি।
(খ)    প্ৰেমমূলক আৰু ৰং-ৰহইচৰ গীতঃ নদ্ৰাঙত গোৱা ‘নদ্ৰাং ডুবানী’, বুচু উৎসৱত গোৱা ‘বুচুংজিবানী’ আৰু ডেকাসকলে পাহাৰত মূলীবাঁহ কাটিবলৈ যাওঁতে গাভৰুসকলে তাঁতৰ সঁজুলি যতনাই দিবলৈ অনুৰোধ জনোৱা প্ৰণয়ভাবৰ গীত (মাজাংদিনী ৰাজাবঠাই) আদি।
(গ)    শ্ৰম বা কৃষিৰ লগত জড়িত গীতঃ ঝুমতলী উলিয়াওঁতে গোৱা গীত ‘খাজজাংহাঃদুবানী’, শইচ চপোৱাৰ গীত ‘দাবাং জিবানী’ বা ‘য়াউ শ্ৰাৰেবানী’, মৰণা মৰা গীত ‘মাঈ বাইবানী’ আদি।
(ঘ)    নিচুকনি বা ওমলা গীতঃ নানা খিলিকবানী।
(ঙ)    কাহিনী গীত আৰু ইয়াৰ সমধৰ্মী গীতঃ ডিশ্ৰু, স্নেমডুৰী, আমালুঃ-ডিমালুঃ, হাৰিফা-ডুমাইডি, গংগেল পেৰাবালাৰ কাহিনী গীত আদি
(চ)    সানমিহলি শ্ৰেণীৰ গীতঃ মৃত্যুত গোৱা শোক গীত (গাৰাচিমাং)।
(উপেন ৰাভা হাকাচাম, ‘জনজাতীয় লোকসাহিত্যঃ এক সমীক্ষাত্মক আলোচনা’, প্ৰহ্লাদ কুমাৰ বৰুৱা (সম্পা.), অসমীয়া লোকসাহিত্য, পৃ. ২৭৪-২৭৭)
        ডিমাছাসকলৰ মূল উপাস্য দেৱতা ব্ৰাই-শিব্ৰাই। বিহুৰ আৰম্ভণি কৰোঁতে সেয়ে শিৱক বন্দনা কৰা হয়
                “শিবাৰাই ৰিবানী সাঁঈং মাইবা
                বাসাঁঈংখে ৰিখিহিছে সাঁঈং মাইবা
                সাঁঈংজ্ৰা ডজিজাংছে সাঁঈং মাইবা ইত্যাদি।”
        (আমাৰ ইষ্ট দেৱতা শিৱৰ অনুগ্ৰহত আজিৰ দিনটো পাইছোঁ। দিনবোৰ বাচি বাচি আজিৰ দিনটো পাইছোঁ আদি।)
(ববী দাউদুং লাংঠাছা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ১৮৩-১৮৫)
        বিয়াৰ বিভিন্ন প্ৰসংগত গীত গোৱাৰ পৰম্পৰা ডিমাছা সমাজতো আছে। বোৱাৰী খুজিবলৈ যাওঁতে ছোৱালীৰ মাকে ল’ৰাৰ মাকে গীতৰ যোগেদি প্ৰশ্ন কৰে। তলত তেনে গীতৰ অসমীয়া অনুবাদ দিয়া হ’ল
                “সদায় এইদৰে নাহা দেখোন
                আজি অহাৰ ধৰণটো বেলেগ দেখোন
                মোৰ চোতালত ষাঠি পুতিছে
                হাতত আনিছে তামোল-পাণ
                হাতত আনিছে কটাৰীখন।”
(উল্লিখিত, পৃ. ২১০)
        বুৰঞ্জীমূলক মালিতাসমূহৰ ভিতৰত ডিশ্ৰু অন্যতম। ডিশ্ৰু কছাৰী ৰজা হৰিৰামৰ ছোৱালী। মাকৰ গৰ্ভত থাকোঁতে ৰজা হৰিৰামে হাতী চিকাৰৰ বাবে তিৰাৰালৈ যায় (বৰ্তমান কাৰ্বি আংলঙৰ হামৰেণ মহকুমাৰ অন্তৰ্গত ডেৰামুখ)। যাবৰ সময়ত গৰ্ভৱতী পত্নীক কৈ যায় যে, যদি তেওঁৰ ল’ৰা সন্তান জন্ম হয়, তেন্তে সোণৰ পালেঙত শুৱাই থ’ব আৰু যদিহে ছোৱালী সন্তান হয়, তেন্তে মাৰি পেলাব। ৰজাই এনেদৰে কৈ চিকাৰলৈ ৰাওনা হয়। যথা সময়ত ৰজা হৰিৰাম চিকাৰত থাকোঁতে ৰাণীয়ে এজনী ছোৱালী জন্ম দিলে। ৰাণীয়ে ছোৱালীজনী হত্যা নকৰি ডাঙৰ-দীঘল কৰিলে। চৈধ্য বছৰৰ পাছত ৰজা চিকাৰৰ পৰা উভতি আহিল আৰু ডিশ্ৰুও পাটগাভৰু হৈ উঠিল। ডিশ্ৰুক দেখি ৰজাৰ ক-প্ৰবৃতি জাগি উঠিল। ৰাণীয়ে হাজাৰবাৰ বুজাবৰ চেষ্টা কৰিও বুজাব নোৱাৰিলে যে, ডিশ্ৰু তেওঁৰে কন্যা। ৰজাই ডিশ্ৰুক ৰাণী পতাৰ কথা ভাবিলে। ৰাণীয়ে বাধা দিয়াত হিংসাতহে এনে কৰিছে বুলি ভাবি ৰাণীকে হত্যা কৰিলে। উপায়হীন হৈ ডিশ্ৰু মাজৰাতি ঘৰৰপৰা ওলায় যায়। মালিতাটোত ডিশ্ৰুৰ জীৱনৰ এই ট্ৰেজেডী প্ৰকাশিত হৈছে। (উল্লিখিত, পৃ. ২১৪-২৩০)
        প্ৰবাদ-প্ৰবচনৰ দিশৰপৰাও ডিমাছা লোকসাহিত্য সমৃদ্ধ। তলত দুটামান প্ৰবাদ-প্ৰবচন উল্লেখ কৰা হ’ল
·        য়াউফা খৰচিজাং খৰপফুয়া (একহাতে তাল বজোৱা অসম্ভৱ)।
·        নাৰাম মাচিজাং খিথিম (এটা গৰৈ মাছে খালৈ জোকাৰে)।
ডিমাছা ভাষাত অনেক সাঁথৰো (বাংগাঠাই) আছে। ডিমাছা জনসমাজত মূলতঃ বিয়াঘৰত, উৎসৱ-পাৰ্বণত, ঝুমখেতি কৰোঁতে গছৰ তলত বিশ্ৰাম লোৱাৰ সময়ত, ধান কাটোঁতে, জোনাক নিশাৰ মেল আদিত সাঁথৰ কোৱা হয়। (উল্লিখিত, পৃ. ২৭৮) ডিমাছা ভাষাৰ সাঁথৰৰ উদাহৰণ
·        ৰাজানি খাজেপ চাওচিব খৰুফুয়া           ডাউডী
ৰজাৰ জপা কোনেও খুলিব নোৱাৰে কণী।
·        বুজু বাৰৰে মাংজেৰ-হা ঠাইৰে              মাংগ্লই
আগত ফুল ফুলে, মাজত গুটি ধৰে         গোমধান।
        ডাংগামৰ যমপুৰী ভ্ৰমণ, বুদ্ধিয়ক মায়াবী চালুদাও, লেঙেৰী কুকুৰৰ সাধু আদি বিভিন্ন সাধুকথা ডিমাছা ভাষাত পোৱা যায়।
৩.০২ সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস
৩.০২.১     উৎসৱ-অনুষ্ঠান
        ডিমাছাসকলৰ মাজত বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বণৰ প্ৰচলন আছে। সেইসমূহক এনেদৰে ভাগ কৰি আলোচনা কৰিব পাৰি
·          জন্মৰ লগত জড়িত উৎসৱ-অনুষ্ঠান
·          বিবাহৰ লগত জড়িত উৎসৱ-অনুষ্ঠান
·          কৃষিৰ লগত লগত জড়িত উৎসৱ-অনুষ্ঠান
·          ধৰ্মৰ লগত জড়িত উৎসৱ-অনুষ্ঠান
·          অপায়-অমংগলৰ লগত জড়িত উৎসৱ-অনুষ্ঠান। (প্ৰাঞ্জুমণি শইকীয়া, তিৱা আৰু ডিমাছা লোকউৎসৱঃ এটি তুলনামূলক অধ্যয়ন, পৃ. ১৫৩-১৮৮)
তলত ডিমাছাসকলৰ প্ৰধান প্ৰধান উৎসৱসমূহৰ এক পৰিচয় দাঙি ধৰা হ’ল
(ক)   হাংচেউ মানাউবা
        ডিমাছাসকলে পালন কৰা ব’হাগ বিহু (বিচু) ‘হাংচেউ মানাউবা’ এক কৃষিভিত্তিক উৎসৱ। স্বকীয় পৰম্পৰাৰে এই উৎসৱ তেওঁলোকে পালন কৰি আহিছে। “লংকা, নভঙা, কোমৰাকাটা আদি ভৈয়াম অঞ্চলত বসবাস কৰা ডিমাছাসকলৰ বিহু আৰু উত্তৰ কাছাৰৰ ডিমাছাসকলৰ ‘বিষু’ (বিহু) উৎসৱৰ মাজত কিছু পাৰ্থক্য পোৱা যায়।” (ধ্ৰুৱকুমাৰ তালুকদাৰ, অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক-উৎসৱ, পৃ. ৬১) এই উৎসৱ পালনৰ ক্ষেত্ৰত ডেকা নেতা আৰু গাভৰু নেত্ৰীয়ে (নাগাহজা আৰু মাটলাহজা) প্ৰধান ভূমিকা পালন কৰিব লাগে। ডেকাসকলে ডেকাচাং বা ‘নদ্ৰাঙ’ত উৎসৱৰ পৰিকল্পনা কৰে। ডেকা-গাভৰুসকলে সামূহিকভাৱে কাম কৰি যি আহৰণ কৰে, সেয়া বিহু পালনৰ সময়ত খৰছ কৰে। ব’হাগ বিহুৰ প্ৰথম দিনা বাৰবিধ শাকৰ আঞ্জা খোৱাৰ পৰম্পৰা ডিমাছাসকলৰ মাজত আছে। লোকবিশ্বাস মতে এই আঞ্জা খালে বছৰটোলৈ কুৰিটা বেমাৰৰ পৰা আঁতৰি থাকিব পাৰি। এই উৎসৱৰ ডিমাছাসকলে ম’হ বলি দিয়ে।
        ‘হাংচেউ’ মানে নগা ভাষাত ডেকাদল। এই উৎসৱত নগা কৃষ্টিৰ প্ৰভাৱ আছে বহুতে ক’ব বিচাৰে। ডিমাৰজাই এজনী নগা কন্যা বিয়া কৰাইছিল আৰু এওঁৰ অনুৰোধ মতেই ৰজাই কহিমালৈ ডেকাদলক নগা কৃষ্টি শিকিবলৈ পঠিয়াইছিল। ডিমাছাসকলৰ ‘হাউবা’, ‘বাগউবা’ আদি উৎসৱতো নগা কৃষ্টিৰ প্ৰভাৱ আছে বুলি কোৱা হয়। (উল্লিখিত, পৃ. ৬১-৬২)
ডিমাছাসকলে নিজৰ সুবিধা অনুসৰিহে বিহু পাতে। সকলো গাঁৱত একে সময়ত বিহু পতা নহয়। এনে হোৱাৰ ফলত বিহু হোৱা গাঁওখনলৈ অন্য গাঁৱৰ মানুহবোৰ আহিবলৈ সুবিধা পায়। এনেদৰে তেওঁলোকৰ মাজত আত্মিক সম্পৰ্ক বৃদ্ধি পায়। সাধাৰণতে বিহু দুদিনীয়াকৈ পতা হয় যদিও ‘হাংচেউ মানাউবা’ সাদিনীয়াকৈ পতা হয়। ডেকা-গাভৰুসকলে এই সাতদিন পাল পাতি পাতি ঢোল-পেঁপা বজাই নাচ-বাগ কৰে। এই বিহু খৰছী হোৱাৰ বাবে ডিমাছাসকলে পাঁচ বা দহ বছৰৰ মূৰে মূৰেহে এখন গাঁৱত পালন কৰে। লংকা, নভঙা, কোমৰাকাটা আদি ভৈয়াম অঞ্চলত বাস কৰা ডিমাছাসকলৰ বিহু আৰু উত্তৰ-কাছাৰৰ ডিমাছাসকলৰ বিহুৰ মাজত কিছু পাৰ্থক্য আছে।
(খ)    বুচুমা
        ডিমাছাসকলে পালন কৰা উৎসৱসমূহৰ ভিতৰত ‘বুচু’/‘বিচু’ অন্যতম। ডিমাছা ভাষাত ‘বুচু’ মানে বিহু আৰু ‘মা’ মানে ডাঙৰ। এই উৎসৱ কৃষিভিত্তিক উৎসৱ। শস্য চপোৱাৰ আনন্দ এই উৎসৱৰ মাজেদি প্ৰকাশ পায়। বুচু পালনৰ নিৰ্দিষ্ট দিন নাই। নৱেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত সাধাৰণতে এই উৎসৱ পালন কৰা হয়। অৱশ্যে উৎসৱৰ শেষৰ দিনটো শনিবাৰ হ’ব লাগে। গাঁওবুঢ়াৰ ঘৰত বা ডেকাচাঙত বিহুৰ দিন-বাৰ ঠিক কৰা হয়। বুচু এদিনীয়া, তিনিদিনীয়া অথবা সাদিনীয়াকৈ পতা হয়। এনেদৰে পতা বুচুৰ নামবোৰ হ’ল ক্ৰমে বুচু জিদাৰ, বুচু চুৰেম আৰু বুচু হাংচেউ। ডিমাছাসকলে এদিনীয়াকৈ বিহু পাতিলে সেই দিনটোক, তিনিদিনীয়াকৈ পাতিলে দ্বিতীয় দিনাক আৰু সাতদিনীয়াকৈ পাতিলে তৃতীয় দিনাক বুচুমা বিহু বোলে। এই দিনটোক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়।
        বুচুমা বিহুৰ দিনা পুৰোহিতৰ সাহায্যত বাই-শিব্ৰাইক পূজা কৰা হয়। এই পূজাত কুকুৰাৰ কণী, পাৰ, পাঠা-খাহী, হাঁহ-কুকুৰাৰ মাংস; লাওপানী অপৰিহাৰ্য। পূজাৰ অন্তত সকলোৱে ভোজ-ভাত খায়। বুচু উপলক্ষে খেল-ধেমালি, নাচ-গান, বাদ্যৰ প্ৰতিযোগিতা চলে। বুচুত ডিমাছাসকলে বিভিন্ন পিঠা-পনা তৈয়াৰ কৰে। যেনে ৰংটেপ (চিৰা), ৰায়াউ (কৰাইগুৰি), আখিবুৰাৰ (আখৈ), আখি (মুড়ি), হন (পিঠা), মাইব্ৰেং (বৰাভাত) আদি।
(গ)    মাঘ বিহু (বিচু)
        ডিমাছাসকলেও মাঘ বিহু পালন কৰে। এওঁলোকে তিনিদিনীয়াকৈ বা সাদিনীয়াকৈ (পুহৰ সংক্ৰান্তিৰ দিনৰ পৰা) মাঘ বিচু পালন কৰে। মেজি (হাৰুলি) আৰু ভেলাঘৰ (নেফাইলা) সজাৰ পৰম্পৰা ডিমাছাসকলৰ মাজতো আছে। “প্ৰত্যেকটো হাৰুলি ঘৰৰ আকৃতি আৰু নাম বেলেগ। একো একোটা প্ৰতীক চিহ্নৰ জৰিয়তে হাৰুলি ঘৰবোৰ সাজে আৰু কোনটো হাৰুলি ঘৰ কাৰ বাবে সাজে অনুমান কৰিব পৰা যায়।” (প্ৰাঞ্জুমণি শইকীয়া, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ১৬৬) ডিমাছাসকলে সজা কিছুমান হাৰলি ঘৰ হ’ল ৰজা, ৰাণী, ৰজাৰ প্ৰহৰী, ৰাণীৰ প্ৰহৰীৰ মেজি, ডেকা মেজি, গাভৰু মেজি আদি। হাৰুলিক ‘দিয়া-মাছাও’ বুলিও কোৱা হয়। ইয়াৰ অৰ্থ হ’ল ‘নৈত উটুৱাই দিয়া কাৰ্য’। মেজি জ্বলোৱাৰ পাছত তাৰ ছাইবোৰ ডিমাছাসকলে নদীত উটুৱাই দিয়ে।
(ঘ)    অন্যান্য
        প্ৰতিবছৰে ফাগুন মাহৰ শুক্লপক্ষৰ শুক্ৰ বা দেওবাৰে খেতি আৰম্ভ কৰাৰ পূৰ্বে ‘গেৰবা উৎসৱ’ ডিমাছাসকলে পালন কৰে। শস্য যাতে ভাল হয়, তাৰ কামনা কৰি এই উৎসৱত ব্ৰাই-শিব্ৰাইলৈ ভোগ আগ কৰা হয়। ডিমাছাসকলে পালন কৰা ‘মিছেংবা উৎসৱ’ ভেকুলী বিয়াৰ সমধৰ্মী। বৰষুণ কামনা কৰি এই উৎসৱ পতা হয়। লাংলাই পূজাৰ উদ্দেশ্যও একেই। সূৰ্য দেৱতা অৰ্থাৎ ‘লাংলাই’ ৰজা এই পূজাৰ উপাস্য দেৱতা। শস্য সিঁচাৰ আগতে লক্ষ্মীদেৱীৰ পূজা ‘মাইচালাই পূজা’ পতা পৰম্পৰাও ডিমাছা সমাজত আছে। নতুন খেতি আৰম্ভ কৰাৰ আগতে ডিমাছাসকলে পালন কৰা এটা প্ৰধান পূজা হ’ল ‘ৰাজিনী গাবাৰা’ বা ৰণচণ্ডী পূজা। ধান ওলাবৰ সময়ত ডিমাছাসকলে ‘হাচং পূজা’ পাতে।
        এই সকলো উৎসৱ-পূজাতেই জুদি, কুকুৰা, কুকুৰাৰ কণী আদি অপৰিহাৰ্য। প্ৰায়বোৰতেই কুকুৰা বলি দিয়া হয়।
৩.০২.২     খেল-ধেমালি
        উৰলৰ লগত লোকখেল সংযুক্ত হৈ আছে। ডিমাছাসকলে উৰল এটাৰ ওপৰত উৰল বাৰি (ৰিমিন) থৈ দুফালৰ পৰা দুজন ডেকাই আন এডাল বাৰিৰে ঠেলা-ঠেলি কৰি এটা খেল খেলে। এই খেলটোক ‘ৰুমন নেবা’ বুলি কোৱা হয়। নিৰ্দিষ্ট সীমা ঠেলি অতিক্ৰম কৰিব পাৰিলেই জয়ী বুলি ঘোষণা কৰা হয়। ৰিমিন পিছলি মাটিত পৰিলে খেল অসমাপ্ত হয়। এই খেলৰ যোগেদি দুজন প্ৰতিযোগীৰ বল পৰীক্ষা কৰা হয়। (লোকেশ্বৰ গগৈ, অসমৰ লোক-সংস্কৃতি (দ্বিতীয় খণ্ড), পৃ. ২১৪)
        ডিমাছাসকলে বুচু উপলক্ষেও বিভিন্ন খেল-ধেমালি আয়োজন কৰে।
৩.০২.৩     লোকাচাৰ আৰু লোকবিশ্বাস
        ডিমাছা সমাজত বিভিন্ন লোকাচাৰ আৰু ইবিলাকৰ লগত সম্পৃক্ত লোকবিশ্বাস পৰম্পৰাগতভাৱে চলি আছে। তলত কেৱল জন্ম, মৃত্যু আৰু বিবাহৰ লগত জড়িত কিছুমান লোকাচাৰ আৰু সেইবোৰৰ লগত সংযুক্ত হৈ থকা লোকবিশ্বাসৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল
৩.০২.৩.১   জন্মৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস
·        নাৰী গৰ্ভৱতী হোৱাৰ উমান পোৱাৰ পাছত পেনমাটিৰ গিলাচ সংগ্ৰহ কৰা হয়। প্ৰসৱৰ সময়ত এনে গিলাচ গৰম কৰি প্ৰসূতিৰ তলপেটত ৰখা হয়। এনে কৰিলে প্ৰসূতিৰ গাৰ বিষ কম হয়।
·        পিতৃয়ে সন্তানৰ নাড়ী চেঁচুৰে কটাৰ নিয়ম। চেঁচুৰে নাড়ী কাটিলে ধনুষ্টংকাৰ ৰোগ নহয় বুলি ডিমাছাসকলে বিশ্বাস কৰে। পিতৃৰ অনুপস্থিতিত ধায়ে (হজাইজু) নাই কাটিব পাৰে।
·        পাঁচশূল শিয়াল, কুকুৰে খাব নোৱাৰাকৈ ঘৰৰ ওচৰত দ গাঁত খান্দি পুতি থোৱা হয়। শিয়াল বা কুকুৰে পাঁচশূল উলিয়াই খালে সন্তানৰ অমংগল হয় বুলি ডিমাছাসকলে বিশ্বাস কৰে।
·        সন্তান প্ৰসৱৰ সময়ত সহায় কৰি দিয়া মহিলাই নৈ জুৰিত স্নান কৰি ব্ৰাই-শিব্ৰাই পূজা পাতে। নৱজাতক সন্তানৰ মংগল কামনা কৰিয়েই এনে পূজা পতা হয়। প্ৰসূতিৰ গৃ্হত প্ৰৱেশ নকৰা এগৰাকী মহিলাৰ দ্বাৰা ধাইসকলক শুচি কৰা হয়।
·        ব্ৰাই-শিব্ৰাইক পূজা কৰাৰ পাছত এটা কণী সমানে দুফাল কৰি তাত শলিতা জ্বলোৱা হয়। শলিতাগছি জ্বলি তৎক্ষণাত নুমাই গ’লে বা কণীত ৰঙা দাগ দেখা পালে সন্তানৰ অমংগল হয় বুলি ডিমাছাসকলে বিশ্বাস কৰে।
·        দুটা বৰ বেঙেনা সমানে ফালি তাৰ মাজত খোল কৰি শলিতা জ্বলাই পানীত উটুৱাই দিয়া কাৰ্যও কৰা হয়। এনে বন্তি বেছিপৰলৈ জ্বলি থাকিলে সন্তানৰ আয়ুস দীঘল হয় বুলি বিশ্বাস আছে। কেনেবাকৈ যদি বন্তি এটা পানীত ডুবি যায়, তেন্তে সন্তানৰ মৃত্যু অনিবাৰ্য বুলি ভবা হয়।
·        সন্তানৰ মংগলামংগল বিচাৰ কৰিবৰ বাবে পানীত সৰিয়হ তেলো ঢলা হয়। সৰিয়হ তেলে পানীত সৃষ্টি কৰা ৰামধেনু লাহে লাহে উজাই গ’লে শুভ লক্ষণ আৰু টুকুৰা-টুকুৰ হৈ ভটিয়াই গ’লে অশুভ লক্ষণ বুলি ভবা হয়।
·        সন্তানৰ জন্মৰ লগত জড়িত এটা প্ৰধান লোকাচাৰ হ’ল ‘ডাউছা-টাইবা’ বা সন্তানক বাজলৈ উলিওৱা প্ৰথা। এই অনুষ্ঠান সম্পূৰ্ণৰূপে নাৰীৰ। সন্তানৰ ফুল পুতি থোৱা স্থানত এই অনুষ্ঠান পতা হয়। এই পূজাত পাৰ বা কুকুৰা পোৱালি ব্ৰাই-শিব্ৰাইৰ উদ্দেশ্যে বলি দিয়া হয়।
৩.০২.৩.২   মৃত্যুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস
·        কোনো লোকৰ মৃত্যু (স্বাভাৱিক) হোৱাৰ লগে লগে কুকুৰা বলি দিয়া হয়। এনে কৰিলে ব্যক্তিজনৰ মৃত্যুৰ বতৰা স্বৰ্গলৈ যায় বুলি বিশ্বাস কৰা হয়।
·        মৃতকৰ শৰীৰত ঘিলা, হালধি আৰু সৰিয়হ খুন্দি লগোৱা হয়। এনে কৰিলে মৃতকৰ আত্মাক স্বৰ্গলৈ যোৱাৰ পথত যমে বাধা নিদিয়ে বুলি বিশ্বাস কৰা হয়।
·        মৃতকৰ গুণ-গৰিমা কৰি বিলাপ কৰাৰ পৰম্পৰা ডিমাছা সমাজত আছে। এনে বিলাপগীতিক ‘গাৰাচিমাং’ বোলা হয়।
·        মৃতকক শ্মশানলৈ নিয়াৰ সময়ত এগৰাকী মহিলাই ঘৰৰ পৰা এডাল এঁৱা সূতা টানি লৈ যায়। আন এগৰাকী মহিলাই ধান আৰু কপাহৰ বীজ সিঁচি সিঁচি যায়। এনে লোকাচাৰৰ অৰ্থ হ’ল ইহলোকৰ পৰা পৰলোকলৈ সাঁকো নিৰ্মাণ। ডিমাছাসকলে বিশ্বাস কৰে যে, এই সাঁকোৱেদি মৃতকৰ আত্মাই স্বৰ্গলৈ যায় আৰু নিজৰ ঘৰলৈ পুনৰজনম লৈ আহে।
·        শ দাহন কৰাৰ পূৰ্বে পুৰোহিতে মৃতকৰ পূৰ্বপুৰুষক চিঞৰি মাতে। এনে কৰিলে পূৰ্বপুৰুষে মৃতকৰ আত্মাক স্বৰ্গলৈ নিৰাপদে লৈ যায় বুলি ডিমাছাসকলে বিশ্বাস কৰে।
·        মৃতকৰ ঘৰখন আৰু শ্মশানলৈ যোৱা লোকসকলক শুচি/শুদ্ধি কৰিবলৈ তুলসীৰ জল ব্যৱহাৰ কৰাৰ পৰম্পৰা আছে।
·        অস্বাভাৱিকভাৱে মৃত্যু হোৱা লোকৰ শ সৎকাৰৰ বাবে কেৱল বয়সীয়ালসকলহে যায়। এনে লোকক স্বাভাৱিকভাৱে মৃত্যু হোৱা লোকৰ শ্মশানতো থোৱা নহয়। মৃতকৰ মুখাগ্নিও কৰে বুঢ়া-বুঢ়ীসকলে। এনে মৃতকৰ ক্ষেত্ৰত ‘গাৰাচিমাং’ গোৱাও নিষেধ।
৩.০২.৩.৩   বিবাহৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস
·        কন্যাঘৰে ল’ৰাঘৰৰ প্ৰস্তাৱ মানি ল’লে ‘ছান্দিদাংছেংবা’ পতাৰ প্ৰথা আছে। কাছাৰৰ ডিমাছাই এই প্ৰথা অনুসৰি কন্যাঘৰলৈ তামোল-পাণ নিয়ে আৰু উত্তৰ কাছাৰৰ ডিমাছাই তামোল-পাণৰ সলনি নিমখ নিয়ে। (ললিতা কেম্প্ৰাই, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ৯৬)
·        অতি শীঘ্ৰে বিয়া পতাৰ কথা চিন্তা কৰিলে দৰাঘৰে কন্যাঘৰলৈ জুদি নিয়াৰ নিয়ম। সোম, মংগল, বুধ অথবা শুক্ৰবাৰে এই পৰম্পৰা পালন কৰা হয়। কাৰণ, ডিমাছাসকলে এই বাৰ চাৰিটাক পৱিত্ৰ বুলি গণ্য কৰে।
·        ‘কাল্টি’ বা গা-ধন ডিমাছাসকলৰ বিবাহৰ এটা প্ৰধান দিশ। গা-ধন গ্ৰহণ নকৰাটো উত্তৰ কাছাৰৰ ডিমাছাই অপমানজনক বুলি ভাবে। কাল্টি প্ৰথা প্ৰচলনৰ কথাই ৪০ টা চেমফং আৰু ৪২ টা জুলুৰ বন্ধনত থকাটোকে বুজায়। এনে প্ৰথা নমনাসকলক চেমফং আৰু জুলুৰ বাহিৰত বুলি ধৰা হয়। এই প্ৰথামতে দৰাঘৰে কন্যাঘৰক ৫০ টকাৰ পৰা ৫০০ টকালৈকে দিয়াৰ নিয়ম আছে। অৱস্থাভেদে ১০০০ টকালৈকে দাবী কৰাও দেখা যায়। দাবী কৰা ধন দিব নোৱাৰিলে বিয়া ভাগি যায়। (উল্লিখিত, পৃ. ৯৮)
·        ডিমাছা সমাজত কন্যা সম্প্ৰদান দেউতাকে কৰে। তেওঁৰ অবৰ্তমানত ককাক, খুৰাক অথবা বৰদেউতাকে এই কাৰ্য কৰিব পাৰে। উত্তৰ কাছাৰৰ ডিমাছাসকলে ‘দেওধাই’ সদৃশ বিশিষ্ট ব্যক্তিৰদ্বাৰা বিবাহ-কাৰ্য সম্পন্ন কৰে।
·        ৰভাতলীত লোকসকল বহাৰ নিৰ্দিষ্ট ৰীতি আছে। সোঁফালে দৰাঘৰীয়া গুৰুজন আৰু বাওঁফালে কন্যাঘৰীয়া গুৰুজন বহাৰ নিয়ম। বিবাহিত লোকসকলে পত্নীৰ সৈতে যুৰীয়াকৈ বহিব লাগে। কনিষ্ঠসকলে জ্যেষ্ঠজনৰ সোঁফালে বহাৰ ৰীতি নাই।
·        বিয়াৰ সন্ধিয়া ওজাৰ সহায়ত শান্তি পূজা পতাৰ নিয়ম। এই পূজাত ৰাজহাঁহ বা কুকুৰা বলি দিয়া হয়। দৰা-কন্যাৰ ওপৰত যাতে কাৰো কু-দৃষ্টি নপৰে, সেয়া কামনা কৰিয়েই এই পূজা পতা হয়। পূজাত ব্ৰাই-শিব্ৰাইক স্তুতি কৰা হয়। পূজাৰ অন্তত জুদি আৰু বলিৰ মাংসৰে ৰন্ধা আঞ্জা খোৱাৰ নিয়ম।
৩.০৩ ভৌতিক সংস্কৃতি
        ভৌতিক সংস্কৃতিয়ে সাজ-পাৰ, অয়-অলংকাৰ, খাদ্য, বাদ্য, লোক-শিল্প, গৃ্হ নিৰ্মাণ পদ্ধতি আদি বিভিন্ন দিশ সামৰি লয়। তলত ডিমাছাসকলৰ ভৌতিক সংস্কৃতিৰ এক পৰিচয় দাঙি ধৰিবৰ যত্ন কৰা হ’ল
ডিমাছাসকলৰ মাজত এৰী পলু পুহি তাৰ পৰা সূতা কাটি কাপোৰ তৈয়াৰ কৰাৰ পৰম্পৰা আছে। ডিমাছা মহিলা বোৱা-কটা, কাপোৰত ফুল তোলা, ৰং কৰা আদই কামত পাকৈত। ডিমাছাসকলে কপাহী আৰু এৰী সূতাৰ কাপোৰ ব্যৱহাৰ কৰে। বোৱা-কটা নজনা ছোৱালীক বিয়াৰ বাবে অনুপযুক্ত বুলি বিবেচনা কৰা হয়। ডিমাছা মহিলাৰ পৰম্পৰাগত সাজ-পাৰসমূহ হৈছে ৰিগু (মেখেলা), ৰিহা, ৰিজামফাই (চাদৰ), ৰিসাঃ (গামোচা) আদি। বয়স অনুসৰি ডিমাছা মহিলাই বেলেগ বেলেগ প্ৰকাৰৰ ৰিগু পৰিধান কৰে। (প্ৰাঞ্জুমণি শইকীয়া, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ৫৬) আনহাতে ডিমাছা পুৰুষৰ পৰম্পৰাগত সাজ-পাৰসমূহ হৈছে ৰিচা (কঁকালৰ তলত পৰিধান কৰা ধুতিৰ দৰে বস্ত্ৰ), ধুতি, পাগুৰি, পাচল (চেলেং চাদৰ সদৃশ বস্ত্ৰ), ৰামাই চোলা (মন্দিৰৰ চানেকি তোলা চোলা), জুপাই আদি।
ডিমাছাসকলে পৰিধান কৰা কিছুমান অলংকাৰ হ’ল ৰূপৰ ধাতুৰ খাৰু (কাডুডিমা), কাণফুল (খুমটাও), থুৰিয়া (কামাউটাই), বেঙেনাবুলীয়া কাণফুল (পাণ্টাওবাৰ) আদি।
পৰম্পৰাগত মদৰ ব্যৱহাৰ অসমৰ জনজাতিসকলৰ এটা ঘাই বৈশিষ্ট্য। ডিমাছা সমাজত প্ৰচলিত পৰম্পৰাগত পানীয়বিধৰ নাম ‘জুদি’। আৰৈ, বৰা আৰু বাইৰেং নামৰ তিনিবিধ চাউলৰ পৰা জুদি তৈয়াৰ কৰা হয়। চাউলৰ পৰা তৈয়াৰী বাখৰৰ লগত পাণ, বেঙেনা, ‘চামজামফ্ৰা’ গছৰ পাত আৰু ‘টেম্ৰা’ নামৰ এবিধ ঔষধি গছৰ শিপাও ব্যৱহাৰ কৰা হয়।
ডিমাছাসকলে ঢোল (খ্ৰাম) ব্যৱহাৰ কৰে। ঢোল তৈয়াৰ কৰিবলৈ হৰিণা, ছাগলী আৰু ম’হৰ ছাল ব্যৱহাৰ কৰা হয়। বাৰিডালৰ বাবে গমাৰি কাঠ ব্যৱহাৰ কৰা হয়। এওঁলোকৰ খ্ৰামৰ বোলবোৰ হ’ল জাঙ্, ফৰ্, খুম্, তাঙ্, খিতাঙ্, দাঙ্, খিত্, খ্ৰেই, দি আৰু জুঙ্। (লোকেশ্বৰ গগৈ, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ১৩১) ডিমাছাসকলে পেঁপা (মুৰী) কাঠেৰে তৈয়াৰ কৰে। মুৰীত আঙুলি বোলাবলৈ ৬টা বিন্ধা থাকে। ডিমাছাসকলে দুই ধৰণৰ বাঁহী ব্যৱহাৰ কৰে সৰু বাঁহী (মুৰিছা) আৰু ডাঙৰ বাঁহী (চুফেন)।
ঘৰৰ চাৰিওফালে ডিমাছাসকলে বাঁহৰ চকোৱা দিয়ে। এই ব্যৱস্থাক ‘ন’ৱছা জেলেপ’ বা ‘বাৰডিম’ বোলা হয়। (ধৰ্মেশ্বৰ দুৱৰা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২১২)
৩.০৪ লোক-পৰিৱেশ্য কলা
        লোক-পৰিৱেশ্য কলাই গীত, নৃত্য আৰু নাট্যক সামৰে। ডিমাছা লোকসংস্কৃতি বিভিন্ন নৃত্যৰে সমৃদ্ধ। বিশুদ্ধ লোকনাট্য ডিমাছা লোকসংস্কৃতিত তেনেকৈ নাই।
ডিমাছাসকলৰ নৃত্যৰ ভিতৰত বিচু উৎসৱত নচা নাচেই প্ৰধান। এই নাচক বিচু নাচ বা ‘বাই-ডিমা নাচ’ বুলি কোৱা হয়। এই নাচ প্ৰণয়কাতৰ। “বাই-ডিমা নাচ বৃত্তাকাৰ নাচ এজন পুৰুষৰ পাছত এজনী নাৰী, নাৰীজনীৰ পিছত পুৰুষ, আৰু পুৰুষজনৰ পাছত এজনী নাৰী।” (নবীন চন্দ্ৰ শৰ্মা, ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা, পৃ. ৫১) ডিমাছাসকলৰ মাজত প্ৰচলিত দেওধনী নৃত্যৰ নাম হৈছে ‘ফাত্ৰী নাচ’। এই নৃত্য পুৰুষ বা নাৰী যিকোনো লিংগৰ লোকে নাচিব পাৰে। হাতত তৰোৱাল লৈ দেওধনীয়ে তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰে। বলিৰ কেঁচা তেজ পান কৰি দেও লম্ভা দেওধনীয়ে ভৱিষ্যৎবাণী কৰে। ডিমাছাসকলে বিশেষকৈ গাঁৱত মহামাৰী বা অপায়-অমংগল হ’লে দেৱ-সন্তুষ্টিৰ অৰ্থে পূজা-পাতল পাতি দেওধনী নাচৰ ব্যৱস্থা কৰে। (উল্লিখিত, পৃ. ৬৩)
বুচু উপলক্ষে বিভিন্ন নাচ নচা হয়। যেনে বাইডিমা, জাউবানী (ঘূৰি ঘূৰি নচা নাচ), ৰেনগিনবানী (দুশাৰীকৈ নচা নাচ), বাইমাইজাই (কাঁহী লৈ নচা নাচ), বাইচেৰগী (যঁতৰ নাচ), কোনলোবানী (সূতা কটা নাচ) আদি।
মাঘ বিহু উপলক্ষে ডিমাছাসকলে দুই ধৰণৰ নৃত্য কৰে জাউবানী (ঘূৰণীয়াকৈ নচা নাচ) আৰু পায় খায়বানী (যুৰীয়াকৈ নচা নাচ)। এই নৃত্যবোৰত বিভিন্ন ভংগিমা প্ৰদৰ্শন কৰা হয়। যেনে উপাস্য দেৱতালৈ প্ৰাৰ্থনা, উৰালত ধান বনা, ঝুমতলীত শস্য সিঁচা, খাঙত খৰি অনা আদি।
ডিমাছাসকলে নৃত্য কৰোঁতে গীত নাগায়। ঢোল আৰু পেঁপা নাচোঁতে ব্যৱহাৰ কৰা হয় আৰু পেঁপাৰ সুৰতেই গীতৰ ভাব প্ৰকাশ কৰা হয়। ভৰিৰ তালৰ প্ৰতি এওঁলোকে প্ৰধানকৈ গুৰুত্ব দিয়ে।
৪.০০ সাংস্কৃতিক সমন্বয় আৰু ডিমাছা ভাষা-সংস্কৃতি
        অসমীয়া ভাষা আৰু সংস্কৃতি কেৱল মাত্ৰ এটা উপাদানেৰে গঠিত হৈছে বুলি কোৱাত অসুবিধা আছে। অসমীয়া ভাষা-সংস্কৃতিক সমৃদ্ধ কৰাত অসমৰ বিভিন্ন জনজাতীয় ভাষা-সংস্কৃতিৰ অৱদান আছে। সেইদৰে জনজাতীয় ভাষাতো অসমীয়া ভাষাৰ উপাদান আছে। চমুকৈ ক’বলৈ গ’লে এক আদান-প্ৰদানৰ প্ৰক্ৰিয়া বা সমন্বয়ৰ চৰিত্ৰ ইয়াৰ মাজত সক্ৰিয় হৈ আছে বুলি অনুমান কৰিব পাৰি।
        অসমীয়া ভাষাৰ লগত মিল থকা ভালেমান শব্দ ডিমাছা ভাষাত পোৱা যায়। যেনে
                ডিমাছা শব্দ                 অসমীয়া শব্দ
              আৰ্                            আৰু
                গৰাই                           ঘোঁৰা
                পৃথিমা                          পৃথিৱী
                ফাণ্ডাৰ                          ভাণ্ডাৰ ইত্যাদি।  (ভীমকান্ত বৰুৱা, অসমীয়া ভাষা, পৃ. ৮৩-৮৪)
        উজনি অসমৰ ডিব্ৰুগড় অঞ্চলত প্ৰচলিত ‘ৱাথই’ (এবিধ বাঁহ), মেগলৌ পৰুৱা আদি ধৰণৰ শব্দ কিছুমান ডিমাছা ভাষাতো পোৱা যায়। ডিমাছা ভাষাত ‘ৱাথৈ’ মানে হ’ল মাৰলি বাঁহ। গতিকে অসমীয়া ভাষাত ডিমাছা ভাষাৰ উপাদান থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এই সম্পৰ্কে আলোচনা কৰাৰ থল নিশ্চয় আছে। (উল্লিখিত, পৃ. ৮৩)
        ব’হাগ বিহু, মাঘ বিহু, ভেকুলী বিয়া আদিৰ সমধৰ্মী উৎসৱ ডিমাছা সমাজতো আছে। অসমীয়া সমাজত এশ এবিধ শাক খোৱাৰ পৰম্পৰা থকাৰ দৰে ডিমাছা সমাজতো বাৰবিধ শাক খোৱাৰ পৰম্পৰা আছে। এনে দিশসমূহৰ বিষয়ে প্ৰণালীৱদ্ধ আলোচনাৰ অৱকাশ আছে।
৫.০০ ডিমাছা ভাষা আৰু সাহিত্য
        ডিমাছা ভাষা তিব্বত-বৰ্মীয় ভাষাতলত ডিমাছা ভাষাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল
(ক)   ধ্বনিতাত্ত্বিক বৈশিষ্ট্য
·        ডিমাছা ভাষাত ছটা বিশিষ্ট স্বৰধ্বনি আছে। সেয়া হ’ল /ই, এ, আ, অৌ, উ, অ/। (ফুকন চন্দ্ৰ বসুমতাৰী, ‘ডিমাছা ভাষাৰ ভাষাতাত্ত্বিক পৰিচয়’, বিশ্বজিৎ দাস আৰু ফুকন চন্দ্ৰ বসুমতাৰী (সম্পা.), অসমীয়া আৰু অসমৰ ভাষা, পৃ. ১৫৫)
·        স্বৰৰ হ্ৰস্ব-দীৰ্ঘতাই শব্দৰ অৰ্থ পৰিৱৰ্তন নকৰে।
·        /ই/ আৰু /অৌ/-ৰ বাহিৰে আটাইকেইটা স্বৰধ্বনি শব্দৰ সকলো স্থানত প্ৰয়োগ হয়। /ই/ শব্দৰ আদিত আৰু /অৌ/ শব্দৰ অন্ত্যত প্ৰয়োগ নহয়।
·        ডিমাছা ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনিৰ সংখ্যা ১৬টা। সেইকেইটা হ’ল /ফ, থ, খ, ব,দ, ম, ন, ঙ, চ, জ, হ, ল, ৰ, ৱ, য়/। (উল্লিখিত)
·        নাসিক্য ধ্বনি /ঙ/ শব্দৰ আদিত প্ৰয়োগ নহয়। /ফ, থ, খ/ ধ্বনিকেইটা শব্দৰ অন্ত্যত প্ৰয়োগ নহয়। /ব, দ, গ/ আৰু /চ, জ, হ/ ধ্বনিকেইটাও অন্ত্য স্থানত প্ৰয়োগ নহয়। /য়, ৱ/ ধ্বনি দুটাও কেৱল আদি আৰু মধ্যতহে পোৱা যায়
·        ডিমাছা ভাষাত দুই ধৰণৰ আক্ষৰিক সুৰৰ প্ৰয়োগ আছে। সেয়া হ’ল উচ্চ সুৰ আৰু নিম্ন সুৰ। সুৰ অনুসৰি শব্দৰ অৰ্থ বেলেগ হয়। যেনে
ৰ্চং      -থিয় হ                  ৰ্হা      -মাটি
চং      -ৰান্ধ্                    হা      -পাৰ্ আদি।
(খ)    ৰূপতাত্ত্বিক বৈশিষ্ট্য
·          ডিমাছা ভাষাৰ মৌলিক শব্দবোৰ প্ৰধানকৈ একাক্ষৰীয় আৰু মুক্ত প্ৰকৃতিৰ বা বদ্ধমূল প্ৰকৃতিৰ।
·          ব্যক্তিবাচক সৰ্বনামৰ লগত –নিচি সৰ্গ যোগ কৰি বহুবচনৰ ধাৰণা প্ৰকাশ কৰা হয়। যেনে
নিং (তুমি/তই)          নিংচি (তোমালোক/তহঁত)
ব (সি/তাই)             বচি (সিহঁত)
·          বহুবচন বুজাবলৈ ডিমাছা ভাষাত –বুথু সৰ্গ ব্যৱহাৰ কৰা হয়। যেনে
বংফাং (গছ)             বংফাংবুথু (গছবোৰ)
না (মাছ)                নাবুথু (মাছবোৰ)
·          ডিমাছা ভাষাত নিৰ্দিষ্টতাবাচক সৰ্গবোৰ সংখ্যাবাচক শব্দৰ আগত বহে। মানুহৰ ক্ষেত্ৰত চাও-, জীৱ-জন্তুৰ ক্ষেত্ৰত মা-, ফল-মূলৰ ক্ষেত্ৰত থ-, জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত থুব- আদি ব্যৱহাৰ কৰা হয়। যেনে
মা- চি না (এটা মাছ)
থ- চি থাইলু (এটা কল)
মুচু মা- গিনি (দুটা গৰু)
        ইয়াত মা- আৰু থ- হ’ল নিৰ্দিষ্টতাবাচক ৰূপ, ‘চি’ আৰু ‘গিনি’ হ’ল ক্ৰমে এক আৰু দুই সংখ্যাবাচক শব্দ।
·          ডিমাছা ভাষাত সাত প্ৰকাৰৰ শব্দ বিভক্তিৰ প্ৰয়োগ দেখা যায়। যেনে
কৰ্তা            প্ৰথমা বিভক্তিৰ চিন উহ্য থাকে
কৰ্ম             -খ/-খে                         চুবুং-খ (মানুহক)
কৰণ            -জাং                            চুবুং-জাং (মানুহৰ দ্বাৰা)
সম্প্ৰদান         -নে                             চুবুং-নে (মানুহলৈ)
সম্বন্ধ            -নি                             চুবুং-নি (মানুহৰ)
অধিকৰণ        -হা                             বুফাং-হা (গছত)
অপাদান         -নি + –ফ্ৰাং পৰসৰ্গ               চুবুং-নি-ফ্ৰাং (মানুহৰ পৰা)
·          ডিমাছা ভাষাৰ প্ৰায় সকলো বিশেষণ পদ ‘গ-’ আখৰেৰে আৰম্ভ হোৱা দেখা যায়। যেনে গমৰ (ময়লা), গাজাউ (ৰঙা), গুপু (বগা) আদি। অৱশ্যে ইয়াৰ ব্যতিক্ৰমো আছে মাজাং (সুন্দৰ), খাছে (সৰু) আদি।
·          ক্ৰিয়াৰ আগত ‘দা-’ উপসৰ্গ যোগ কৰি নিষেধাৰ্থ প্ৰকাশ কৰা হয়। যেনে
ৰিম (ধৰ্)               দাৰিম (নধৰিবি)
গাখু (উঠ্)               দাগাখু (নুঠিবি) আদি।
·          ডিমাছা ভাষাত মানুহ, প্ৰাণীৰ বাহিৰেও গছ-লতাৰো লিংগ আছে। (সোণাৰাম থাওছেন, ‘ডিমাছা ভাষাৰ পৰিচয়’, দেবেন গগৈ (সম্পা.), অসমৰ ভাষা, পৃ. ৫০) সাধাৰণতে পুংলিংগ বুজাবলৈ ‘-জ্লা’ আৰু ‘-সা’ প্ৰত্যয় ব্যৱহাৰ কৰা হয়। স্ত্ৰীলিংগ কৰিবলৈ ‘-জিক’ আৰু ‘-মা’ প্ৰত্যয় যোগ কৰা হয়। যেনে
মিজ্লা (মতা পশু)                মিজিক (মাইকী পশু)
                        ডাউমা (মাইকী কুকুৰা)
·          সংখ্যাবাচক শব্দৰ গঠনলৈ চালে দেখা যায় যে, দহৰলৈকে গণনা কৰি দহ এক, দহ দুই আদিকৈ গণনা কৰা হয়। ২০, ৩০ আদি সংখ্যাবোৰ নতুনকৈ গঠন আৰু সিবোৰৰ পাছতো এক, দুই আদি যোগ কৰা হয়। অৱশ্যে গঠাম (৩), মাড (৬), মাস্নী (৭), মাজাই (৮) আৰু মাচুগু (৯) নতুনকৈ যোগ হওঁতে ‘গ’ আৰু ‘মা’ লোপ পায়। যেনে
১               ২               ৩               ৪               ১০
চে              গ্নী              গঠাম           ব্ৰি              মাঝি
১১              ১২              ১৩             ২০             ২১
মাঝিচে          মাঝিগ্নী          মাঝিঠাম         মাখন           মাখনচে ইত্যাদি।
(গ)    বাক্যগত বৈশিষ্ট্য
        ডিমাছা ভাষাৰ বাক্যত পদৰ ক্ৰম S-O-V পদ্ধতিৰ। উদাহৰণ
                আং নহা থাংমা           -মই ঘৰলৈ যাম।
            ডিমাছা ভাষাৰ নিজা লিপি নাই। সেইবাবে ডিমাছা ভাষাত লিখিত সাহিত্য তাকৰ। অৱশ্যে মৌখিক সাহিত্যত ডিমাছা ভাষা চহকী। ডিমাছা ভাষাৰ আজিলৈকে কোনো লিপি আৱিষ্কাৰ হোৱা নাই বা ই আন কোনো লিপি গ্ৰহণ কৰা নাই। ডিমাছা ভাষাৰ বাবে কি লিপি উপযুক্ত হ’ব সেইটো এটা গভীৰ চিন্তাৰ বিষয়। ভাষাবিদ পণ্ডিতসকলে মত প্ৰকাশ কৰিছে যে ডিমাছা ভাষাৰ ধ্বনি, শব্দ, সুৰ আদিৰ লগত সামঞ্জস্য ৰাখি অসমীয়া, বঙলা, দেৱনাগৰী বা ৰোমান যি কোনো এটা লিপিৰ দ্বাৰাই প্ৰকাশ সম্ভৱ হ’ব পাৰে। (উল্লিখিত, পৃ. ৪৩) ফুকন চন্দ্ৰ বসুমতাৰীয়ে ডিমাছা ভাষা-সাহিত্য সম্পৰ্কে এনেদৰে কৈছে “সংবিধানৰ অষ্টম অনুসূচিৰ বহিৰ্ভুত ডিমাছা ভাষাই বিকাশৰ বাবে বিশেষ সা-সুবিধা লাভ কৰা নাই। আনহাতে পঠন-পাঠনৰ বাবেও নিজকে সক্ষম কৰি তুলিব পৰা নাই। বিকাশৰ বাবে উপযুক্ত পৰিৱেশ গঢ়িব নোৱাৰিলে এই ভাষাই অচিৰেই মৃত্যু পথলৈ আগবাঢ়িব পাৰে। সুখক কথা যে সম্প্ৰতি ডিমাছা ভাষাত লিখিত সাহিত্যৰ নিদৰ্শন বাঢ়ি আহিছে। সাহিত্য চৰ্চাৰ পৰিৱেশ লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে। এনে পৰিৱেশ ভাষা-সাহিত্য চৰ্চাৰ দিশত অৰিহণা যোগোৱাৰ লগতে ডিমাছা ভাষাক সবল কৰি তুলিব বুলি ক’ব পৰা যায়।” (ফুকন চন্দ্ৰ বসুমতাৰী, ‘ডিমাছা ভাষাৰ ভাষাতাত্ত্বিক পৰিচয়’, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ১৫৪)
৬.০০ উপসংহাৰ
        এই প্ৰবন্ধত ডিমাছা সমাজ, সংস্কৃতি আৰু ভাষা সম্পৰ্কে এক পৰিচয়মূলক আলোচনা দাঙি ধৰা হ’লএই দিশসমূহৰ বিষয়ে সুকীয়া সুকীয়াকৈ অধ্যয়নৰ প্ৰয়োজন আছে। এই আলোচনাৰ পৰা দেখা গৈছে যে, ডিমাছা ভাষা-সমাজ-সংস্কৃতিৰ কিছুমান স্বকীয় বৈশিষ্ট্য আছে। তিব্বত-বৰ্মীয় ভাষা তথা মংগোলীয় সংস্কৃতি হিচাপে কিছুমান উমৈহতীয়া বৈশিষ্ট্যও ডিমাছাত ৰক্ষিত হৈছে। ডিমাছা সংস্কৃতিৰ লগত অসমীয়া অথবা বড়োমূলীয় আন জনগোষ্ঠীৰ সংস্কৃতিৰ তুলনামূলক অধ্যয়ন কৰিব পাৰি। এনে অধ্যয়নে সংস্কৃতিৰ আদান-প্ৰদান তথা সমাহাৰণ সম্পৰ্কে জনাত সহায় কৰিব।
গ্ৰন্থপঞ্জী
কলিতা, ৰেখা                    :উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য জনজাতি আৰু তেওঁলোকৰ ধৰ্মীয় উৎসৱঃ এক সমীক্ষাত্মক অধ্যয়ন (কাৰ্বি আৰু ডিমাছাৰ বিশেষ উল্লিখনসহ), পিএইচ. ডি. উপাধিৰ বাবে প্ৰদত্ত অপ্ৰকাশিত গৱেষণা-গ্ৰন্থ, অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০১৬, http://shodhganga.inflibnet.ac.in/handle/10603/195586
-----                            :‘ডিমাছা সমাজত প্ৰচলিত জন্ম-মৃত্যু-বিবাহ সম্পৰ্কীয় লোকাচাৰ’, উপেন ৰাভা হাকাচাম আৰু প্ৰফুল্ল কুমাৰ নাথ (সম্পা.), অসমৰ জনগোষ্ঠীয় সামাজিক লোকাচাৰ, বনলতা, গুৱাহাটী, প্ৰথম সংস্কৰণঃ মাৰ্চ, ২০১৭, পৃ. ১৯৮-২০৬
কেম্প্ৰাই, ললিতা                 :‘ডিমাছাসকলৰ বিবাহ পদ্ধতি’, পুতলী কায়স্থ (সম্পা.), অসমৰ বিভিন্ন জনগোষ্ঠীৰ বিবাহ পদ্ধতি, ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্, গুৱাহাটী, ভৱানী সংস্কৰণঃ মে’, ২০১১, পৃ. ৯৪-১০৫
গগৈ, লোকেশ্বৰ                  :অসমৰ লোক-সস্কৃতি (প্ৰথম খণ্ড), প্ৰকাশকঃ চাও দেৱজিৎ বৰুৱা, নাং বন্দনা বৰুৱা, মধ্যপ্ৰদেশ, প্ৰথম প্ৰকাশঃ এপ্ৰিল, ২০০৭
-----                            :অসমৰ লোক-সংস্কৃতি (দ্বিতীয় খণ্ড), ক্ৰান্তিকাল প্ৰকাশন, নগাঁও, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী, ২০১১
-----                            :ডিমাছা সংস্কৃতিৰ ৰূপৰেখা (প্ৰথম খণ্ড), প্ৰকাশকঃ শিৱনাথ বৰ্মণ, প্ৰথম প্ৰকাশঃ ১৯৮৯
-----                            :‘ডিমাছাসকলৰ ইতিহাসৰ ৰেঙণি’, পদ্ম পাটৰ (সম্পা.), জনজাতি সমাজ সংস্কৃতি, ৰিংছাং প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশঃ জুলাই, ২০০৮, পৃ. ১৪১-১৪৭
তালুকদাৰ, ধ্ৰুৱকুমাৰ             :অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক-উৎসৱ, বনলতা, গুৱাহাটী, প্ৰথম সংস্কৰণঃ নৱেম্বৰ, ২০০৪
থাওছেন, সোণাৰাম               :‘ডিমাছা ভাষাৰ পৰিচয়’, দেবেন গগৈ (সম্পা.), অসমৰ ভাষা, ডিফু সাহিত্য সভা, ডিফু, প্ৰথম প্ৰকাশঃ মে’, ১৯৯৫, পৃ. ৪১-৬৪
দাস, নাৰায়ণ আৰু
পৰমানন্দ ৰাজংশী (সম্পা.)        :অসমীয়া সংস্কৃতিৰ কণিকা, চন্দ্ৰ প্ৰকাশ, গুৱাহাটী, পৰিবৰ্ধিত আৰু সংশোধিত সংস্কৰণঃ ২০০৬
দুৱৰা, ধৰ্মেশ্বৰ                   :‘ডিমাছাসকলৰ সমাজ জীৱন’, পদ্ম পাটৰ (সম্পা.), জনজাতি সমাজ সংস্কৃতি, ৰিংছাং প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশঃ জুলাই, ২০০৮, পৃ. ২১০-২১৩
-----                            :‘ডিমাছা সমাজৰ বিবাহ-পদ্ধতি’, পদ্ম পাটৰ (সম্পা.), জনজাতি সমাজ সংস্কৃতি, ৰিংছাং প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশঃ জুলাই, ২০০৮, পৃ. ৫০৪-৫০৭
বৰা, আৰাধনা                    :অসমৰ জনগোষ্ঠী আৰু বিবাহ উৎসৱ, প্ৰকাশকঃ তৰুণ কমল বৰা, গুৱাহাটী, প্ৰথম প্ৰকাশঃ আগষ্ট, ২০০২
বৰুৱা, প্ৰহ্লাদ কুমাৰ (সম্পা.)      :অসমীয়া লোকসাহিত্য, সুৰভি সাহিত্য কুটীৰ, ডিব্ৰুগড়, তৃতীয় সংস্কৰণঃ মে’, ২০১৬
বৰুৱা, ভীমকান্ত                  :অসমীয়া ভাষা, বনলতা, ডিব্ৰুগড়, দ্বিতীয় সংশোধিত প্ৰকাশঃ ২০০৬
বসুমতাৰী, ফুকন চন্দ্ৰ             :‘ডিমাছা ভাষাৰ ভাষাতাত্ত্বিক পৰিচয়’, বিশ্বজিৎ দাস আৰু ফুকন চন্দ্ৰ বসুমতাৰী (সম্পা.), অসমীয়া আৰু অসমৰ ভাষা, আঁক-বাক, গুৱাহাটী, প্ৰথম প্ৰকাশঃ ডিচেম্বৰ, ২০১০, পৃ. ১৫৪-১৫৯
লাংঠাছা, ববী দাউদুং              :ডিমাছাসকলৰ উৎসৱ-পাৰ্বণ আৰু গীত-মাত, পিএইচ. ডি. উপাধিৰ বাবে প্ৰদত্ত অপ্ৰকাশিত গৱেষণা-গ্ৰন্থ, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০১৬, http://shodhganga.inflibnet.ac.in/handle/10603/201242
শইকীয়া, প্ৰাঞ্জুমণি                :তিৱা আৰু ডিমাছা লোকউৎসৱঃ এটি তুলনামূলক অধ্যয়ন, পিএইচ. ডি. উপাধিৰ বাবে প্ৰদত্ত অপ্ৰকাশিত গৱেষণা-গ্ৰন্থ, অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০১৬, http://shodhganga.inflibnet.ac.in/handle/10603/200036
শৰ্মা, নবীন চন্দ্ৰ                  :ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা, বনলতা, গুৱাহাটী, দ্বিতীয় সংশোধিত সংস্কৰণঃ আগষ্ট, ২০১৩
হাকাচাম, উপেন ৰাভা            :অসমীয়া আৰু অসমৰ ভাষা-উপভাষা, জ্যোতি প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশঃ জুলাই, ২০০৯
হাগজেৰ, নিৰূপমা                :‘ডিমাছা ভাষা পৰিয়াল’, প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য (মুখ্য সম্পা.), অসমৰ ভাষা পৰিচয়, অসম সাহিত্য সভা, যোৰহাট, ২০০৫, পৃ. ১১১-১১৮
Bezbarua, Indrajit             :The Dimasa Nationality Question, Ph. D. thesis, History Department, Gauhati University, 2010, http://shodhganga.inflibnet.ac.in/handle/10603/69516
Das, Sanghamitra, et al.      :‘Investigation on the Social Status of Dimasa Women in Karbi Anglong District, Assam, India’, The International Journal of Humanities and Social Studies, vol. 3, no. 8, Aug. 2015, pp. 315-319, www.theijhss.com, Accessed 6 June, 2018.

Mazumdar, S. K.              :The Dimasas of Assam: A Study in Literature, Culture and Society, http://shodhganga.inflibnet.ac.in/handle/10603/66468

নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-নাটিকা ‘সেউজী সেউজী’ত পৰিৱেশ সচেতনতা

সৃষ্টিৰ পৃথিৱী

      
‘অৰুনোদই’ কাকতৰ যোগেদিয়েই আধুনিক অসমীয়া শিশু-সাহিত্যৰ সূচনা হয় বুলিব পাৰি। এই কাকতত প্ৰকাশিত বিভিন্ন ধৰণৰ উপদেশমূলক সাধুকথা, দেশ-বিদেশৰ সাধুকথাৰ অনুবাদ আদিক শিশু-সাহিত্যৰ শাৰীত ধৰিব পাৰি। অৱশ্যে, এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে, অসমীয়া লোকসাহিত্যৰ ভালেখিনি সম্পদ শিশুসকলৰ লগত জড়িত। এই ক্ষেত্ৰত সাধুকথা, নিচুকনি গীত, ল’ৰা-ছোৱালী ওমলোৱা বা ল’ৰা-ছোৱালীয়ে ওমলা গীত, খেল-ধেমালিৰ গীত আদিৰ কথা ক’ব পাৰি। এইবোৰক যথাৰ্থতে শিশু-লোকসাহিত্য বুলিব পাৰি। (বেজবৰাঃ ২০০৪, পৃ. ৩১)
        অসমীয়া শিশু-সাহিত্যিকসকলৰ ভিতৰত নিৰ্মলপ্ৰভা বৰদলৈ এক আগশাৰীৰ নামতেওঁ শিশুসকলৰ বাবে গীত, নাট, কবিতা আদি ৰচনা কৰিছিল। এই আলোচনাত বৰদলৈৰ শিশু-নাটিকা ‘সেউজী সেউজী’ত প্ৰকাশিত পৰিৱশে সচেতনতাৰ বিষয়ে এক চমু বিশ্লেষণ আগবঢ়াবৰ যত্ন কৰা হ’ব।
        নিৰ্মলপ্ৰভা বৰদলৈয়ে ‘নতুন অসমীয়া’ কাকতৰ ‘অকণমানিৰ চ’ৰা’ৰ যোগেদি শিশু-সাহিত্যিক হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁ এই কাকতত ‘নীলা বাইদেউ’ নামেৰে শিশুসকলৰ বাবে বিভিন্ন লেখা লিখিছিল। নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশুসকলৰ বাবে গীত, নাট, কবিতা, সাধু সকলোবোৰ ৰচনা কৰিছিল।
        বিষয়বস্তু, প্ৰকাশভংগী আৰু উপস্থাপনশৈলীৰ দিশৰপৰা নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-সাহিত্য মনোৰম। শিশু-মনস্তত্ত্বৰ মনোৰম প্ৰতিফলন তেওঁৰ শিশু-সাহিত্যত বৰ্তমান। শিশুসকলক নৈতিক আৰু মানৱীয় শিক্ষা প্ৰদানৰ লগতে পৰিৱেশৰ প্ৰতি সজাগ আৰু সচেতন কৰি তোলাৰ প্ৰচেষ্টাও তেওঁৰ শিশু-সাহিত্যত সক্ৰিয়।
        নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশুৰ কল্পনাৰ নিজা জগতখন ভালদৰে উপলব্ধি কৰিব পাৰিছিল। সেইবাবে তেওঁ কৈছিল— “অভিজ্ঞতাৰ আঘাত আৰু জীৱনৰ বোজা নথকা, যুক্তি আৰু ব্যাকৰণৰপৰা দূৰত থকা শিশুৰ জগতখনক “A big, blooming, buzzing confusion” বুলি ক’ব পাৰি অসংলগ্ন, উৰি ফুৰা কল্পনাৰ সেই জগতখনত থাকে কেৱল অজস্ৰ বিস্ময় আৰু কৌতূহল।” (বৰদলৈঃ ১৯৮৭, পৃ. ২১) লগতে তেওঁ কৈছিল— “শিশুৰ কাৰণে মানুহৰ জগতৰ লগত জীৱ-জন্তুৰ জগতৰ অকণো পাৰ্থক্য নাই। “বসুধৈৱ কুটুম্বকম্”। উদাহৰণস্বৰূপে চোতালত পৰা শালিকী আছে, ঘৰৰ কাষতে থকা লঠৰা ফুলগছ আছে, মেঘৰ আঁৰত লুকাই থকা ৰ’দালি আছে— এই আটাইবোৰেই শিশু জগতৰ ওমলাৰ লগৰী।” (উল্লিখিত, পৃ. ২৬)
        শিশু-মনস্তত্ত্ব সম্পৰ্কে থকা এনে ধাৰণাৰ বাবেই নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-সাহিত্য সাৰ্থক শিশু-সাহিত্য ৰূপে গঢ় লৈ উঠিছিল। গগন চন্দ্ৰ অধিকাৰীয়ে এই প্ৰসংগত এনেদৰে কৈছে— “শিশুৰ নিজস্ব কল্পনাৰ জগতখনৰ লগত একাত্ম হৈ, সিহঁতৰ বিচিত্ৰ কল্পনাৰ গতিপথেৰে চঞ্চল গতিৰে তেওঁ দৌৰিব পাৰিছিল বাবেই কবি, গীতিকাৰ আৰু চিন্তাশীল লেখিকা হৈও শিশু-সাহিত্যিক ৰূপেও বিপুল যশস্যা অৰ্জন কৰিছিল।” (নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু সাহিত্য সম্ভাৰঃ ২০০৫, পৃষ্ঠা সংখ্যা উল্লেখ নাই)
        নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-নাটসমূহক দুটা ভাগত ভাগ কৰিব পাৰি—
·         শিশু-গীতিনাট আৰু
·         শিশু-নাটিকা।
        নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-গীতিনাট দুখন— ‘ৰজা’ আৰু ‘বন্ধু’। ১৯৯৩ চনত নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-নাটিকাৰ সংকলন ‘হাঁয়, নাৰিকল পিঠা’ আৰু ‘সেউজী সেউজী’ প্ৰকাশিত হয়। দুয়োখনতে দুখনকৈ শিশু-নাটিকা সন্নিৱিষ্ট হৈছে। ‘হাঁয়, নাৰিকল পিঠা’ত অন্তৰ্ভুক্ত নাটিকা দুখন হ’ল— ‘হাঁয়, নাৰিকল পিঠা’ আৰু ‘গান শুনা ভূত’। আনহাতে, ‘সেউজী সেউজী’ত সন্নিৱিষ্ট নাটিকা দুখন হ’ল ‘সেউজী সেউজী’ আৰু ‘ধুনীয়া হাত’।
নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-নাটিকাকেইখনৰ ভিতৰত ‘সেউজী সেউজী’ অন্যতম। এই নাটিকাখনিৰ যোগেদি নাট্যকাৰে শিশুসকলক পৰিৱেশৰ প্ৰতি সজাগ কৰি তুলিবলৈ যত্ন কৰিছে। ‘সেউজী সেউজী’ নাটিকাখনিৰ অন্তৰ্নিহিত অৰ্থ অতি গভীৰ। আজি অৰণ্য ধ্বংসই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এনে প্ৰেক্ষাপটত সকলো লোক পৰিৱেশ-সংৰক্ষণৰ প্ৰতি সচেতন হোৱা উচিত আৰু লগতে নিজক জড়িত কৰা উচিত। এই নাটিকাখনিৰ মাজেদি প্ৰকৃতি আৰু মানুহৰ মাজত থকা চিৰন্তন সম্পৰ্কৰ ছবি প্ৰকাশ কৰা হৈছে আৰু বন-সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে কোৱা হৈছে। নাটিকাখনিৰ মূল বক্তব্য হ’ল— গছ থাকিলেহে মানুহ থাকিব। আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক। পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ দায়িত্ব এদিন তেওঁলোকে ল’ব লাগিব। তাৰ বাবে এতিয়াই এক বুনিয়াদ তৈয়াৰ কৰা প্ৰয়োজন। এনে কাৰণতে নাটিকাখনিত থকা প্ৰচাৰধৰ্মী গুণক সহজতে আওকাণ কৰিব পাৰি। পৰিৱেশৰ প্ৰতি সকলো মানুহ সচেতন হ’ব পৰাকৈ ভগৱানে যাতে সকলোকে সদ্ মতি দিয়ে, সেই বক্তব্য তথা আশা নাটিকাখনিৰ শেহৰফালে প্ৰকাশিত হৈছে। যেনে
ডাঙৰ আন এজন ল’ৰাঃ জানা, গছ থাকিলেহে মানুহ থাকিব। আমাক স্কুলত শিকাইছে নহয়। গছৰপৰা কিমান ডাঙৰ ডাঙৰ কাম হয়।
ডাঙৰ অন্য এজন ল’ৰাঃ মানুহ জীয়াই থাকিবলৈ উশাহত অক্সিজেন লাগে জানা। সেইটো গছেহে বতাহত এৰি দিয়ে। গছে বায়ু শোধন কৰে, বিশুদ্ধ কৰে। অক্সিজেন নহ’লে মানুহ মৰিয়ে থাকিব। গছ কটা পাপ।
মানুহঃ অ’ পাপৰ কথা মোকেহে শিকাৱ? চোৰাংকৈ গছ কাটি, বেচি টকা ঘটাবোৰক শিকাব নোৱাৰ?
ল’ৰাঃ আমি আটাইকে ভাল কথা ক’ম, ভাল কথা শিকাম। পঢ়া-শুনা কৰা মানুহৰ এইটোৱেই কাম। বেয়া মানুহৰ বেয়া মন গুচি ভাল মন হ’বৰ কাৰণে ঈশ্বৰক আমি প্ৰাৰ্থনা কৰিম
ছোৱালী (সুৰত):    ঈশ্বৰ আল্লা তেৰে নাম,
                   সবকো সদ্ মতি দে ভগৱান।
(উল্লিখিত, পৃ. ৩৫৫)
দুখীয়া মানুহ এজনে খৰিৰ বাবে গছ কাটিবলৈ লওঁতে কেইটামান ল’ৰা আৰু কেইজনীমান ছোৱালীয়ে বাধা দিছে। মধুৰীআম এজোপা কাটিবলৈ খোজা দেখি ছোৱালী এজনীয়ে গছজোপা সাবটি ধৰিছে আৰু চিঞৰি কৈছে “নাকাটিবা, নাকাটিবা আমাৰ মধুৰীআম। কাটি যদি পেলোৱা আমি কি খাম?” (উল্লিখিত, পৃ. ৩৫৪) মানুহজনে এইবাৰ বকুল এজোপা কাটিবলৈ ওলাইছে। তেতিয়াও সিহঁতে বাধা দিছে। মানুহজনে এই বাধা পাই কৈছে “গছ নেকাটিলে খৰি পাম ক’ৰ পৰা? ভাত ৰান্ধিম কেনেকৈ? খৰি নেবেচিলে ক’ত পইচা পাম!” (উল্লিখিত, পৃ. ৩৫৫) সমাজত এতিয়াও বহুতো দৰিদ্ৰ লোকে ইন্ধন হিচাপে খৰি ব্যৱহাৰ কৰে, খৰি বিক্ৰী কৰি পৰিয়াল চলায়। গতিকে, মানুহজনৰ সেই কথাখিনি একেবাৰে দলিয়াই দিব পৰা বিধৰ নহয়। ল’ৰা এজনে ইয়াৰ উপায় দিছে সেয়ে এনেদৰে “ডাল-পাত কাটিবা। গছ জোপাকে কেলেই কাটিবা?” (উল্লিখিত)
সেউজীয়া পৃথিৱী এখন বিচাৰি আজিৰ সকলো শিশুৱে (ভৱিষ্যতৰ নাগৰিক) সমস্বৰে গাইছে
গছবোৰ কি যে ভাল, কি বিতোপন
আমাৰ বন্ধু গছ গোটেই জীৱন।।
ৰিব্ ৰিব্ জিৰ্ জিৰ্ জিৰ্ জিৰ্ বা
গা জুৰ পৰি যায় গছে দিয়ে ছাঁ।।
লোভনীয়া ৰসে ভৰা পাওঁ কত ফল
ঘৰৰ কিমান কাম কাঠে বাঁহে কৰে
গছৰ জীৱন আছে আমাৰেই দৰে
এজোপা যদিহে কাটো এশজোপা ৰুম
সকলোৱে মিলি
সেউজীয়া অপৰূপা তেহে হ’ব ধৰা
তাতে থাকিম খেলি।।
বাঃ বাঃ বাঃ।।
(উল্লিখিত, পৃ. ৩৫৫-৩৫৬)
পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবেই বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত পৰিৱেশ অধ্যয়ন বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে। সৃষ্টিশীল সাহিত্যৰ যোগেদিও পৰিৱেশৰ প্ৰতি সচেতনতা সৃষ্টি কৰাৰ অৱকাশ আছে। অৱশ্যে সাহিত্যত পৰিৱেশ সচেতনতা বা সজাগতা সৃষ্টিৰ বাবে পোনপটীয়া প্ৰচেষ্টা দেখিবলৈ পোৱা নাযায়। সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত এনে প্ৰচেষ্টা আৰু অধিক দুখলগা। হয়তো সাহিত্যৰ নন্দনতাত্ত্বিক দিশটো ক্ষতিগ্ৰস্ত হোৱাৰ আশঙ্কা ইয়াৰ লগত জৰিত হৈ আছে। কাৰণ সাহিত্য উদ্দেশ্যধৰ্মী হ’লে ই সৌন্দৰ্য সৃষ্টিতকৈ বিজ্ঞাপনধৰ্মী হৈ উঠাৰ সম্ভাৱনা অধিক। কিন্তু এনে সীমাৱদ্ধতাৰ মাজতো সাহিত্যত পৰিৱেশ সজাগতা সৃষ্টিৰ প্ৰয়াস একেবাৰে নাই বুলি ক’ব নোৱাৰি। এই প্ৰসঙ্গত অসমীয়া সাহিত্যৰ দুগৰাকী প্ৰথিতযশা সৃষ্টিশীল লেখকৰ নাম উল্লেখনীয়। সেই দুগৰাকী হ’ল ভৱেন্দ্ৰনাথ শইকীয়া আৰু শীলভদ্ৰ ওৰফে ৰেৱতীমোহন দত্ত চৌধুৰী। (মজুমদাৰঃ ২০১৬, পৃ. ১২) আমি ইয়াৰ লগত নিৰ্মলপ্ৰভা বৰদলৈৰ নামটোও সংযোগ কৰিব পাৰোঁ। ভৱেন্দ্ৰনাথ শইকীয়াৰ ‘গছ ভালপোৱা ককাৰ খং’ নামৰ কবিতা আৰু শীলভদ্ৰৰ ‘মিছাকথা’, ‘দেৱশিশু’, ‘ককাদেউতা আৰু নাতিল’ৰা’ চুটিগল্পত সাহিত্যৰ গুণ ক্ষুণ্ণ নোহোৱাকৈ পৰিৱেশ সচেতনতা সম্পৰ্কীয় চিন্তা প্ৰকাশিত হৈছে। বৰদলৈৰ ‘সেউজী সেউজী’ নাটিকাৰ মাজতো সাহিত্যৰ গুণ বিনষ্ট নোহোৱাকৈয়ে পৰিৱেশ সম্পৰ্কীয় চিন্তা-চেতনা প্ৰকাশিত হৈছে। সেয়ে ক’ব পাৰি ‘ধৰিত্ৰী দিৱস’, ‘বিশ্ব পৰিৱেশ দিৱস’, ‘আলোচনা-চক্ৰ’, ৰঙীণ বিজ্ঞাপন আদিৰ যোগেদি মানুহক পৰিৱেশৰ প্ৰতি যেনেদৰে সজাগ কৰি তুলিব পাৰি; তেনেদৰে সৃষ্টিশীল সাহিত্যৰ যোগেদিও (সাহিত্যৰ গুণ ক্ষুণ্ণ নোহোৱাকৈ) এনে প্ৰচেষ্টা কৰিব পাৰি। (উল্লিখিত, পৃ. ১৫)

গ্ৰন্থপঞ্জীঃ
অসম শিশু সাহিত্য ন্যাস                                                       নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু সাহিত্য সম্ভাৰ, অসম শিশু সাহিত্য ন্যাস, প্ৰথম প্ৰকাশঃ মাৰ্চ, ২০০৫
বৰদলৈ, নিৰ্মলপ্ৰভা                                                            অসমৰ লোক কবিতা, বীণা লাইব্ৰেৰী, গুৱাহাটী, ১৯৮৭
বেজবৰা, নীৰাজনা মহন্ত                                                      লোকতত্ত্ব জিজ্ঞাসা, বনলতা, ডিব্ৰুগড়, প্ৰথম সংস্কৰণঃ এপ্ৰিল, ২০০৪

মজুমদাৰ, বিমল                                                              সাহিত্যঃ তত্ত্ব আৰু সমীক্ষা, জ্যোতি প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশঃ আগষ্ট, ২০১৬

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ গল্পত আত্মজৈৱনিক উপাদানঃ এক চমু আলোকপাত

সৃষ্টিৰ পৃথিৱী

       আধুনিক অসমীয়া চুটিগল্পৰ জন্ম হয় ‘জোনাকী’ আলোচনীত আৰু ইয়াৰ জন্মদাতা হ’ল লক্ষ্মীনাথ বেজবৰুৱা। ‘জোনাকী’ৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত (১৮৯২ চন) প্ৰকাশিত ‘সেউতী’ নামৰ গল্পটিয়েই অসমীয়া ভাষাৰ প্ৰথম চুটিগল্প। বেজবৰুৱাৰ বহুতো গল্পত কম-বেছি পৰিমাণে আত্মজৈৱনিক সমলৰ ব্যৱহাৰ দেখা যায়। এই ক্ষেত্ৰত ‘কেঁহোকলি’ৰ অন্তৰ্গত ‘মুক্তি’ নামৰ গল্পটোৰ কথা বিশেষভাৱে ক’ব পাৰি। বেজবৰুৱাৰ এই গল্পটোৰ মাজত আত্মজৈৱনিক উপাদান প্ৰচুৰ পৰিমাণে আছে।
       গল্পটোৰ মূল চৰিত্ৰ ডাঙৰ মানুহৰ ঘৰৰ ল’ৰা সুকুমাৰ পঢ়া-শুনাত একেবাৰে অমনোযোগী। যি প্ৰকৃতিৰ মুক্ত কোলাতহে বিচৰণ কৰি ভাল পায়। গল্পটোত আছে— “... সুকুমাৰে আগত কিতাপ মেলি লৈ আকাশ-পাতাল ভাবে। ক’ত গছত পকা আম, দাঁহেচীয়া মধুৰি আম আছে, ক’ত ঘৰৰ পানী-পাছৰ চুকত বৰলে বাহ সাজিছে, সেই বৰলৰ বাহ ভাঙি তাৰ টোপ লৈ ক’ৰ পুখুৰীত বৰশী বাই পুঠিমাছ ধৰা যাব; ক’ত গছৰ বাহৰপৰা চৰাই পোৱালি আনি পুহিব লাগিব; পোহনীয়া মেকুৰী, কুকুৰ, পহু-পোৱালিৰে কেনেকৈ ধেমালি কৰিব লাগিব, ইত্যাদি কথাৰে সুকুমাৰৰ মূৰ ভৰপূৰ; তাত স্কুলৰ পাঠ্য কিতাপৰ কথালৈ ঠাই তাকৰ।”
       সুকুমাৰৰ বিষয়ে কোৱা এই কথাখিনিৰ সৈতে আত্ম-জীৱনী ‘মোৰ জীৱন-সোঁৱৰণ’ত বেজবৰুৱাই নিজৰ স্কুলীয়া কালৰ বিষয়ে লিখা কথাৰ মিল আছে। যেনে— “সঁচাকৈ ক’বলৈ গ’লে, স্কুললৈ যোৱাটো মোৰ মনত বৰ-ফাটেকলৈ যোৱা যেন লাগিছিল। মোৰ পক্ষে স্কুলত প্ৰৱেশ মানে বন-বিহঙ্গৰ সজাত প্ৰৱেশ...।” ইয়াৰ উপৰি আছে— স্কুলত অগত্যা বহি থাকোঁতে, এফালে মোৰ মনে মোক ফুচফুচাই সোধে, বতাহে তোমাৰ সৈতে উমলিবলৈ তোমাক বাহিৰলৈ মাতিছে, ওলাই নাহা কেলৈ? ৰ’দে তোমাক ৰিঙিয়াব লাগিছে, নোযোৱানে ইত্যাদি।
       সুকুমাৰৰ দৰে শিশু বেজবৰুৱায়েও বিচাৰিছিল প্ৰকৃতিৰ অকৃত্ৰিম ভালপোৱা, সুকুমাৰৰ দৰে তেৱোঁ বিচাৰিছিল এখন মুকলি আকাশ। সুকুমাৰৰ দৰে শিশু বেজবৰুৱাৰো আছিল মুকলি আকাশত চৰাই হৈ উৰাৰ হেঁপাহ।
       বেজবৰুৱাৰ মাক আৰু ককায়েকে কোৱা কিছুমান কথা ‘মুক্তি’ গল্পত প্ৰায় একেভাৱেই দিয়া হৈছে। কলেজৰ বন্ধত কলিকতাৰ পৰা ঘৰলৈ অহা ককায়েকহঁতে বেজবৰুৱাক পঢ়াৰ নানা কথা সুধিছিল আৰু পঢ়া নোৱৰাৰ বাবে মাৰিছিল। ‘মুক্তি’ গল্পত সুকুমাৰ চৰিত্ৰটোৱেও ককায়েক দেৱকুমাৰপৰা তেনে শাস্তি পাইছে।
       উকীল দেৱকুমাৰে ছমাহে-বছৰেকে ঘৰলৈ আহে। “ককায়েক আহিবৰ আগ-বাতৰি শুনিলে সুকুমাৰে আনন্দত জঁপিয়ায়; কিন্তু ককায়েক আহি পালে সুকুমাৰ তেওঁৰ সন্মুখত থিয় হ’ব নোৱাৰে। কাৰণ ককায়েকৰ পৰা গালি আৰু কৰ্কথনাৰেহে প্ৰথম সম্ভাষণ পোৱাটো ধৰা-বন্ধা কথা।” শিশু বেজবৰুৱাৰ জীৱনতো এনে যন্ত্ৰণা আছিল। কলিকতীয়া ককাইদেউসকল আহিব বুলি শুনি তেওঁৰ আনন্দত মাটিত ভৰি নপৰিছিল। কিন্তু তেওঁলোকে সদায় শিশু বেজবৰুৱাৰ আনন্দাতিশয্যত চেঁচাপানীহে ঢালিছিল।
এবাৰ কলিকতাৰ পৰা আহিয়েই ককায়েকে বেজবৰুৱাক পঢ়াৰ কথা সুধিছে আৰু পঢ়া নোৱৰাৰ বাবে মাৰিবলৈ খেদা দিছে। এই ঘটনাটোৰ বৰ্ণনা বেজবৰুৱাই তেওঁৰ আত্মজীৱনীত এনেদৰে দিছে— “... ককাইদেৱে মোৰ পঢ়া কিতাপকেইটা মোৰ হতুৱাই অনাই, মোৰ পঢ়াৰ পৰীক্ষা কৰিবলৈ লাগি গ’ল; আৰু তেওঁৰ প্ৰশ্নৰ উত্তৰত মোৰপৰা তেওঁ একো একোটা ফোপোলা আলুগুটি পাবলৈ ধৰিলে। তেওঁৰ উঠিল খং। মোক ধৰি কিল-কীৰ্তন দিবলৈ উঠি দিলে খেদা। মই মাৰিলো লৰ। খন্তেকতে মই আমাৰ গোটেইখন বাৰীত, পছোৱা বতাহৰ আগ উৰাদি উৰি ফুৰিবলৈ ধৰিলো আৰু মোৰ পিছে পিছে তেওঁ লৰি ফুৰিবলৈ ধৰিলেতেওঁ অসাৰ্থক খেদাত ক্লান্ত হৈ পৰিল, মোৰ বেগ কোবতকোবে চলিল। সকলোৱে অবাক হৈ এই বিপৰীত দৃশ্য চাবলৈ ধৰিলে।” তেতিয়া মাকে বেজবৰুৱাৰ ককায়েকক কৈছিল— “বাৰু হেৰ তই কলিকতাৰ পৰা আহিছ দেখি হেঁপাহ কৰি তোৰ সৰু ভায়েৰে তোক চাবলৈ আহিল; তই তাক ক’ত দুই-চাৰিটা কথা কৈ পোনতে মৰম কৰিবি নাই, তাক আকৌ এইদৰে মাৰিবলৈ চোৰ খেদাদি খেদি লৈ ফুৰাইছ! লাহে-ধীৰেও দেখোন তই তাৰ পঢ়া-শুনাৰ মহলা ল’ব পাৰ।” মাকৰ কথা শুনি ককায়েকে উত্তৰ দিছিল এইবুলি— “তোমালোকে তাক মৰম কৰি কৰি তাৰ মূৰ খালাহঁক। ইমানটো ঢোদোঙা ল’ৰাই একো পঢ়া-শুনা নকৰে— এটা big dunce হ’ল!”
সেইদৰে ‘মুক্তি’ গল্পত সুকুমাৰক দেৱকুমাৰে ‘গালি আৰু ককৰ্থনাৰে প্ৰথম সম্ভাষণ’ জনোৱাত মাকে বৰপুতেকক কৈছে— “তোৰ ভায়েৰে তই আহিবি বুলি শুনি ৰঙত জঁপিয়াই ফুৰিছিল আৰু তইনো তাক প্ৰথম আষাৰ মাততে ইমানকৈ গালি পাৰিব আৰু কেটকেটাব পাৱনে বাৰু?” দেৱকুমাৰে তাৰ উত্তৰত কৈছিল— “তোমালোকে সুকুমাৰৰ মূৰ খালাহঁক। তাক মৰম চেলাই চেলাই গুচালাহঁক। ইমানটো ধোদোঙা ল’ৰা, সি পঢ়া-শুনা নকৰে।”
শৈশৱৰ অভিজ্ঞতাই বেজবৰুৱাক সুকুমাৰৰ চৰিত্ৰ চিত্ৰণত নিশ্চয় সহায় কৰিছে। কঠোৰ শাসনৰ জড়িয়তে শিশুক কেতিয়াও শিকাব নোৱাৰি। শিশুৰ স্বাভাৱিক মনত শিকলি পিন্ধাবলৈ গ’লে শিশুৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। কঠোৰ অনুশাসনে শিশুৰ কোমল মনত, বুদ্ধি-বৃত্তিত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ‘মুক্তি’ গল্পৰ সুকুমাৰ চৰিত্ৰটোৰ মাজেৰে বেজবৰুৱাই এই মনস্তাত্ত্বিক সত্যকে দাঙি ধৰিছে। হীৰেন গোহাঁইৰ মতে, “গল্পটোৰ এক উল্লেখযোগ্য দিশ হৈছে শিক্ষাৰ নামত মানুহৰ মুক্ত মনত শিকলি লগোৱাৰ পৰম্পৰাগত যান্ত্ৰিক পদ্ধতিৰ বিৰুদ্ধে বেজবৰুৱাৰ ক্ষোভ প্ৰকাশ। তেওঁৰ বাবে মানুহৰ স্বাধীনতা খৰ্ব কৰা নীতি-নিয়মবোৰ মানুহৰ স্বাভাৱিক জীৱনৰ শত্ৰু, মৃত্যুতুল্য।” আত্ম-জীৱনীতো বেজবৰুৱাই কৈছে যে, শিক্ষকসকলৰ কঠোৰ অনুশাসনৰ ভয়ত তেওঁ স্কুলত একো শিকিব-বুজিব নোৱাৰিছিল। “ঘৰত অলপ অচৰপ যি পঢ়ি-শুনি শিকি-বুজি আহোঁ, সিয়ো পাহৰণিৰ পঞ্চবটীত সোমাই মায়া-মৃগ হৈ ক’ৰবালৈ লৰি পলাই গুচি যায়।” ১০ এনে ব্যৱস্থা তথা পৰিৱেশ এটাৰ অৱসান তেওঁ কামনা কৰিছিল আৰু সেইবাবে তেওঁ লিখিছে— “স্কুল মোৰ মনত ভয়ৰ ভৱন নহৈ যদি আনন্দ ভৱন হ’লহেঁতেন আৰু মোৰে নিচিনা দুৰ্ভগীয়া “স্কুলাতঙ্কৰোগগ্ৰস্ত” এশ-এটা ল’ৰাৰ পক্ষেও যদি তেনেকুৱাই হ’লহেঁতেন, তেন্তে আমাৰ দেশত কি সুস্থ সবল দেহৰ আৰু মনৰ এচাম প্ৰজাৰ সৃষ্টি (generation) হ’লহেঁতেন। স্কুলত শিক্ষা দিবৰ কঠোৰ নিৰ্মম নিৰস এটা মাথোন ব্যৱস্থাৰ সলনি যদি তাৰ ওলোটা অৱস্থাৰ প্ৰচলিত হ’লহেঁতেন, তেন্তে কেনে হাঁহিমুখীয়া কাৰ্যক্ষম আৰু নিজৰ সাধ্যৰ সীমাত প্ৰফুল্লিত প্ৰজা চামে চামে বাঢ়ি আমাৰ জন্মভূমিক উজ্জ্বল আৰু মহিমান্বিত কৰিলেহঁতেন।” ১১
এই চমু আলোচনাৰ পৰা ক’ব পাৰি যে, ‘মুক্তি’ গল্পত বেজবৰুৱাৰ পূৰ্ণ প্ৰকাশ ঘটিছে ‘সুকুমাৰ’ চৰিত্ৰৰ মাজেদি। সামৰণিত মদন শৰ্মাৰ ভাষাৰে ক’ব পাৰি— “ল’ৰাকালৰ বেজবৰুৱাৰ দৰে সুকুমাৰেও স্কুলৰ নীৰস পৰিৱেশ, যান্ত্ৰিক শিক্ষা ভাল নাপাইছিল। অভিভাৱকৰ কঠোৰ শাসন আৰু অৱমাননাকৰ গালি-শপনিয়ে সুকুমাৰৰ মনত হীনমন্যতাৰ, দোষী দোষী ভাবৰ সৃষ্টি কৰিলে। অতি সংবেদনশীল মনৰ সুকুমাৰে মানসিক-শাৰীৰিক যন্ত্ৰণাত দগ্ধ হৈ অকালতে মৃত্যুক সাৱটি একপ্ৰকাৰ মুক্তিয়ে লাভ কৰিলেবেজবৰুৱাৰ নিজৰ অভিজ্ঞতাই নিশ্চয় সুকুমাৰৰ মানসিক অৱস্থাৰ প্ৰকৃত ছবিখন ফুটাই তোলাত বেজবৰুৱাক সহায় কৰিছিল। ১২
প্ৰসংগ-সূত্ৰঃ
নগেন শইকীয়া (সম্পা.), বেজবৰুৱা-ৰচনাৱলী (তৃতীয় খণ্ড), পৃ. ২৩২
লক্ষ্মীনাথ বেজবৰুৱা, মোৰ জীৱন-সোঁৱৰণ, পৃ. ২২
নগেন শইকীয়া (সম্পা.), পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২৩৩
লক্ষ্মীনাথ বেজবৰুৱা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২৩-২৪
উল্লিখিত, পৃ. ২৪
উল্লিখিত
নগেন শইকীয়া (সম্পা.), পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২৩৩
উল্লিখিত, পৃ. ২৩৩
হীৰেন গোহাঁই, কালান্তৰৰ দোমোজাত বেজবৰুৱা, পৃ. ৮৭
১০ লক্ষ্মীনাথ বেজবৰুৱা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২২
১১ উল্লিখিত, পৃ. ২২-২৩
১২ মদন শৰ্মা, লক্ষ্মীনাথ বেজবৰুৱাঃ সৃজন আৰু মনন, পৃ. ৯৪
গ্ৰন্থপঞ্জীঃ
১. বেজবৰুৱা, লক্ষ্মীনাথ (২০১৪)                           মোৰ জীৱন-সোঁৱৰণ, বনলতা, ডিব্ৰুগড়
২. শইকীয়া, নগেন (সম্পা.) (২০১০)                      বেজবৰুৱা-ৰচনাৱলী (তৃতীয় খণ্ড), বনলতা, গুৱাহাটী
৩. শৰ্মা, মদন (২০১৪)                                   লক্ষ্মীনাথ বেজবৰুৱাঃ সৃজন আৰু মনন, আলিবাট, গুৱাহাটী