Friday, 18 January 2019

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ গল্পত আত্মজৈৱনিক উপাদানঃ এক চমু আলোকপাত


       আধুনিক অসমীয়া চুটিগল্পৰ জন্ম হয় ‘জোনাকী’ আলোচনীত আৰু ইয়াৰ জন্মদাতা হ’ল লক্ষ্মীনাথ বেজবৰুৱা। ‘জোনাকী’ৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত (১৮৯২ চন) প্ৰকাশিত ‘সেউতী’ নামৰ গল্পটিয়েই অসমীয়া ভাষাৰ প্ৰথম চুটিগল্প। বেজবৰুৱাৰ বহুতো গল্পত কম-বেছি পৰিমাণে আত্মজৈৱনিক সমলৰ ব্যৱহাৰ দেখা যায়। এই ক্ষেত্ৰত ‘কেঁহোকলি’ৰ অন্তৰ্গত ‘মুক্তি’ নামৰ গল্পটোৰ কথা বিশেষভাৱে ক’ব পাৰি। বেজবৰুৱাৰ এই গল্পটোৰ মাজত আত্মজৈৱনিক উপাদান প্ৰচুৰ পৰিমাণে আছে।
       গল্পটোৰ মূল চৰিত্ৰ ডাঙৰ মানুহৰ ঘৰৰ ল’ৰা সুকুমাৰ পঢ়া-শুনাত একেবাৰে অমনোযোগী। যি প্ৰকৃতিৰ মুক্ত কোলাতহে বিচৰণ কৰি ভাল পায়। গল্পটোত আছে— “... সুকুমাৰে আগত কিতাপ মেলি লৈ আকাশ-পাতাল ভাবে। ক’ত গছত পকা আম, দাঁহেচীয়া মধুৰি আম আছে, ক’ত ঘৰৰ পানী-পাছৰ চুকত বৰলে বাহ সাজিছে, সেই বৰলৰ বাহ ভাঙি তাৰ টোপ লৈ ক’ৰ পুখুৰীত বৰশী বাই পুঠিমাছ ধৰা যাব; ক’ত গছৰ বাহৰপৰা চৰাই পোৱালি আনি পুহিব লাগিব; পোহনীয়া মেকুৰী, কুকুৰ, পহু-পোৱালিৰে কেনেকৈ ধেমালি কৰিব লাগিব, ইত্যাদি কথাৰে সুকুমাৰৰ মূৰ ভৰপূৰ; তাত স্কুলৰ পাঠ্য কিতাপৰ কথালৈ ঠাই তাকৰ।”
       সুকুমাৰৰ বিষয়ে কোৱা এই কথাখিনিৰ সৈতে আত্ম-জীৱনী ‘মোৰ জীৱন-সোঁৱৰণ’ত বেজবৰুৱাই নিজৰ স্কুলীয়া কালৰ বিষয়ে লিখা কথাৰ মিল আছে। যেনে— “সঁচাকৈ ক’বলৈ গ’লে, স্কুললৈ যোৱাটো মোৰ মনত বৰ-ফাটেকলৈ যোৱা যেন লাগিছিল। মোৰ পক্ষে স্কুলত প্ৰৱেশ মানে বন-বিহঙ্গৰ সজাত প্ৰৱেশ...।” ইয়াৰ উপৰি আছে— স্কুলত অগত্যা বহি থাকোঁতে, এফালে মোৰ মনে মোক ফুচফুচাই সোধে, বতাহে তোমাৰ সৈতে উমলিবলৈ তোমাক বাহিৰলৈ মাতিছে, ওলাই নাহা কেলৈ? ৰ’দে তোমাক ৰিঙিয়াব লাগিছে, নোযোৱানে ইত্যাদি।
       সুকুমাৰৰ দৰে শিশু বেজবৰুৱায়েও বিচাৰিছিল প্ৰকৃতিৰ অকৃত্ৰিম ভালপোৱা, সুকুমাৰৰ দৰে তেৱোঁ বিচাৰিছিল এখন মুকলি আকাশ। সুকুমাৰৰ দৰে শিশু বেজবৰুৱাৰো আছিল মুকলি আকাশত চৰাই হৈ উৰাৰ হেঁপাহ।
       বেজবৰুৱাৰ মাক আৰু ককায়েকে কোৱা কিছুমান কথা ‘মুক্তি’ গল্পত প্ৰায় একেভাৱেই দিয়া হৈছে। কলেজৰ বন্ধত কলিকতাৰ পৰা ঘৰলৈ অহা ককায়েকহঁতে বেজবৰুৱাক পঢ়াৰ নানা কথা সুধিছিল আৰু পঢ়া নোৱৰাৰ বাবে মাৰিছিল। ‘মুক্তি’ গল্পত সুকুমাৰ চৰিত্ৰটোৱেও ককায়েক দেৱকুমাৰপৰা তেনে শাস্তি পাইছে।
       উকীল দেৱকুমাৰে ছমাহে-বছৰেকে ঘৰলৈ আহে। “ককায়েক আহিবৰ আগ-বাতৰি শুনিলে সুকুমাৰে আনন্দত জঁপিয়ায়; কিন্তু ককায়েক আহি পালে সুকুমাৰ তেওঁৰ সন্মুখত থিয় হ’ব নোৱাৰে। কাৰণ ককায়েকৰ পৰা গালি আৰু কৰ্কথনাৰেহে প্ৰথম সম্ভাষণ পোৱাটো ধৰা-বন্ধা কথা।” শিশু বেজবৰুৱাৰ জীৱনতো এনে যন্ত্ৰণা আছিল। কলিকতীয়া ককাইদেউসকল আহিব বুলি শুনি তেওঁৰ আনন্দত মাটিত ভৰি নপৰিছিল। কিন্তু তেওঁলোকে সদায় শিশু বেজবৰুৱাৰ আনন্দাতিশয্যত চেঁচাপানীহে ঢালিছিল।
এবাৰ কলিকতাৰ পৰা আহিয়েই ককায়েকে বেজবৰুৱাক পঢ়াৰ কথা সুধিছে আৰু পঢ়া নোৱৰাৰ বাবে মাৰিবলৈ খেদা দিছে। এই ঘটনাটোৰ বৰ্ণনা বেজবৰুৱাই তেওঁৰ আত্মজীৱনীত এনেদৰে দিছে— “... ককাইদেৱে মোৰ পঢ়া কিতাপকেইটা মোৰ হতুৱাই অনাই, মোৰ পঢ়াৰ পৰীক্ষা কৰিবলৈ লাগি গ’ল; আৰু তেওঁৰ প্ৰশ্নৰ উত্তৰত মোৰপৰা তেওঁ একো একোটা ফোপোলা আলুগুটি পাবলৈ ধৰিলে। তেওঁৰ উঠিল খং। মোক ধৰি কিল-কীৰ্তন দিবলৈ উঠি দিলে খেদা। মই মাৰিলো লৰ। খন্তেকতে মই আমাৰ গোটেইখন বাৰীত, পছোৱা বতাহৰ আগ উৰাদি উৰি ফুৰিবলৈ ধৰিলো আৰু মোৰ পিছে পিছে তেওঁ লৰি ফুৰিবলৈ ধৰিলেতেওঁ অসাৰ্থক খেদাত ক্লান্ত হৈ পৰিল, মোৰ বেগ কোবতকোবে চলিল। সকলোৱে অবাক হৈ এই বিপৰীত দৃশ্য চাবলৈ ধৰিলে।” তেতিয়া মাকে বেজবৰুৱাৰ ককায়েকক কৈছিল— “বাৰু হেৰ তই কলিকতাৰ পৰা আহিছ দেখি হেঁপাহ কৰি তোৰ সৰু ভায়েৰে তোক চাবলৈ আহিল; তই তাক ক’ত দুই-চাৰিটা কথা কৈ পোনতে মৰম কৰিবি নাই, তাক আকৌ এইদৰে মাৰিবলৈ চোৰ খেদাদি খেদি লৈ ফুৰাইছ! লাহে-ধীৰেও দেখোন তই তাৰ পঢ়া-শুনাৰ মহলা ল’ব পাৰ।” মাকৰ কথা শুনি ককায়েকে উত্তৰ দিছিল এইবুলি— “তোমালোকে তাক মৰম কৰি কৰি তাৰ মূৰ খালাহঁক। ইমানটো ঢোদোঙা ল’ৰাই একো পঢ়া-শুনা নকৰে— এটা big dunce হ’ল!”
সেইদৰে ‘মুক্তি’ গল্পত সুকুমাৰক দেৱকুমাৰে ‘গালি আৰু ককৰ্থনাৰে প্ৰথম সম্ভাষণ’ জনোৱাত মাকে বৰপুতেকক কৈছে— “তোৰ ভায়েৰে তই আহিবি বুলি শুনি ৰঙত জঁপিয়াই ফুৰিছিল আৰু তইনো তাক প্ৰথম আষাৰ মাততে ইমানকৈ গালি পাৰিব আৰু কেটকেটাব পাৱনে বাৰু?” দেৱকুমাৰে তাৰ উত্তৰত কৈছিল— “তোমালোকে সুকুমাৰৰ মূৰ খালাহঁক। তাক মৰম চেলাই চেলাই গুচালাহঁক। ইমানটো ধোদোঙা ল’ৰা, সি পঢ়া-শুনা নকৰে।”
শৈশৱৰ অভিজ্ঞতাই বেজবৰুৱাক সুকুমাৰৰ চৰিত্ৰ চিত্ৰণত নিশ্চয় সহায় কৰিছে। কঠোৰ শাসনৰ জড়িয়তে শিশুক কেতিয়াও শিকাব নোৱাৰি। শিশুৰ স্বাভাৱিক মনত শিকলি পিন্ধাবলৈ গ’লে শিশুৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। কঠোৰ অনুশাসনে শিশুৰ কোমল মনত, বুদ্ধি-বৃত্তিত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ‘মুক্তি’ গল্পৰ সুকুমাৰ চৰিত্ৰটোৰ মাজেৰে বেজবৰুৱাই এই মনস্তাত্ত্বিক সত্যকে দাঙি ধৰিছে। হীৰেন গোহাঁইৰ মতে, “গল্পটোৰ এক উল্লেখযোগ্য দিশ হৈছে শিক্ষাৰ নামত মানুহৰ মুক্ত মনত শিকলি লগোৱাৰ পৰম্পৰাগত যান্ত্ৰিক পদ্ধতিৰ বিৰুদ্ধে বেজবৰুৱাৰ ক্ষোভ প্ৰকাশ। তেওঁৰ বাবে মানুহৰ স্বাধীনতা খৰ্ব কৰা নীতি-নিয়মবোৰ মানুহৰ স্বাভাৱিক জীৱনৰ শত্ৰু, মৃত্যুতুল্য।” আত্ম-জীৱনীতো বেজবৰুৱাই কৈছে যে, শিক্ষকসকলৰ কঠোৰ অনুশাসনৰ ভয়ত তেওঁ স্কুলত একো শিকিব-বুজিব নোৱাৰিছিল। “ঘৰত অলপ অচৰপ যি পঢ়ি-শুনি শিকি-বুজি আহোঁ, সিয়ো পাহৰণিৰ পঞ্চবটীত সোমাই মায়া-মৃগ হৈ ক’ৰবালৈ লৰি পলাই গুচি যায়।” ১০ এনে ব্যৱস্থা তথা পৰিৱেশ এটাৰ অৱসান তেওঁ কামনা কৰিছিল আৰু সেইবাবে তেওঁ লিখিছে— “স্কুল মোৰ মনত ভয়ৰ ভৱন নহৈ যদি আনন্দ ভৱন হ’লহেঁতেন আৰু মোৰে নিচিনা দুৰ্ভগীয়া “স্কুলাতঙ্কৰোগগ্ৰস্ত” এশ-এটা ল’ৰাৰ পক্ষেও যদি তেনেকুৱাই হ’লহেঁতেন, তেন্তে আমাৰ দেশত কি সুস্থ সবল দেহৰ আৰু মনৰ এচাম প্ৰজাৰ সৃষ্টি (generation) হ’লহেঁতেন। স্কুলত শিক্ষা দিবৰ কঠোৰ নিৰ্মম নিৰস এটা মাথোন ব্যৱস্থাৰ সলনি যদি তাৰ ওলোটা অৱস্থাৰ প্ৰচলিত হ’লহেঁতেন, তেন্তে কেনে হাঁহিমুখীয়া কাৰ্যক্ষম আৰু নিজৰ সাধ্যৰ সীমাত প্ৰফুল্লিত প্ৰজা চামে চামে বাঢ়ি আমাৰ জন্মভূমিক উজ্জ্বল আৰু মহিমান্বিত কৰিলেহঁতেন।” ১১
এই চমু আলোচনাৰ পৰা ক’ব পাৰি যে, ‘মুক্তি’ গল্পত বেজবৰুৱাৰ পূৰ্ণ প্ৰকাশ ঘটিছে ‘সুকুমাৰ’ চৰিত্ৰৰ মাজেদি। সামৰণিত মদন শৰ্মাৰ ভাষাৰে ক’ব পাৰি— “ল’ৰাকালৰ বেজবৰুৱাৰ দৰে সুকুমাৰেও স্কুলৰ নীৰস পৰিৱেশ, যান্ত্ৰিক শিক্ষা ভাল নাপাইছিল। অভিভাৱকৰ কঠোৰ শাসন আৰু অৱমাননাকৰ গালি-শপনিয়ে সুকুমাৰৰ মনত হীনমন্যতাৰ, দোষী দোষী ভাবৰ সৃষ্টি কৰিলে। অতি সংবেদনশীল মনৰ সুকুমাৰে মানসিক-শাৰীৰিক যন্ত্ৰণাত দগ্ধ হৈ অকালতে মৃত্যুক সাৱটি একপ্ৰকাৰ মুক্তিয়ে লাভ কৰিলেবেজবৰুৱাৰ নিজৰ অভিজ্ঞতাই নিশ্চয় সুকুমাৰৰ মানসিক অৱস্থাৰ প্ৰকৃত ছবিখন ফুটাই তোলাত বেজবৰুৱাক সহায় কৰিছিল। ১২
প্ৰসংগ-সূত্ৰঃ
নগেন শইকীয়া (সম্পা.), বেজবৰুৱা-ৰচনাৱলী (তৃতীয় খণ্ড), পৃ. ২৩২
লক্ষ্মীনাথ বেজবৰুৱা, মোৰ জীৱন-সোঁৱৰণ, পৃ. ২২
নগেন শইকীয়া (সম্পা.), পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২৩৩
লক্ষ্মীনাথ বেজবৰুৱা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২৩-২৪
উল্লিখিত, পৃ. ২৪
উল্লিখিত
নগেন শইকীয়া (সম্পা.), পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২৩৩
উল্লিখিত, পৃ. ২৩৩
হীৰেন গোহাঁই, কালান্তৰৰ দোমোজাত বেজবৰুৱা, পৃ. ৮৭
১০ লক্ষ্মীনাথ বেজবৰুৱা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২২
১১ উল্লিখিত, পৃ. ২২-২৩
১২ মদন শৰ্মা, লক্ষ্মীনাথ বেজবৰুৱাঃ সৃজন আৰু মনন, পৃ. ৯৪
গ্ৰন্থপঞ্জীঃ
১. বেজবৰুৱা, লক্ষ্মীনাথ (২০১৪)                           মোৰ জীৱন-সোঁৱৰণ, বনলতা, ডিব্ৰুগড়
২. শইকীয়া, নগেন (সম্পা.) (২০১০)                      বেজবৰুৱা-ৰচনাৱলী (তৃতীয় খণ্ড), বনলতা, গুৱাহাটী
৩. শৰ্মা, মদন (২০১৪)                                   লক্ষ্মীনাথ বেজবৰুৱাঃ সৃজন আৰু মনন, আলিবাট, গুৱাহাটী

সৃষ্টিৰ পৃথিৱী

মৃদুল মৰাণ

(প্ৰধানকৈ Dibrugarh University-ৰ স্নাতক অসমীয়া উচ্চমান পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা বিভিন্ন আলোচনা প্ৰকাশ কৰাৰ উদ্দেশ্যে এই ব্লগৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ যোগেদি নিশ্চয় লক্ষ্য ছাত্ৰ-ছাত্ৰীসকলৰ অলপ হ’লেও উপকাৰ হ’ব।)

0 comments:

Post a Comment