Friday, 18 January 2019

নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-নাটিকা ‘সেউজী সেউজী’ত পৰিৱেশ সচেতনতা

সৃষ্টিৰ পৃথিৱী

      
‘অৰুনোদই’ কাকতৰ যোগেদিয়েই আধুনিক অসমীয়া শিশু-সাহিত্যৰ সূচনা হয় বুলিব পাৰি। এই কাকতত প্ৰকাশিত বিভিন্ন ধৰণৰ উপদেশমূলক সাধুকথা, দেশ-বিদেশৰ সাধুকথাৰ অনুবাদ আদিক শিশু-সাহিত্যৰ শাৰীত ধৰিব পাৰি। অৱশ্যে, এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে, অসমীয়া লোকসাহিত্যৰ ভালেখিনি সম্পদ শিশুসকলৰ লগত জড়িত। এই ক্ষেত্ৰত সাধুকথা, নিচুকনি গীত, ল’ৰা-ছোৱালী ওমলোৱা বা ল’ৰা-ছোৱালীয়ে ওমলা গীত, খেল-ধেমালিৰ গীত আদিৰ কথা ক’ব পাৰি। এইবোৰক যথাৰ্থতে শিশু-লোকসাহিত্য বুলিব পাৰি। (বেজবৰাঃ ২০০৪, পৃ. ৩১)
        অসমীয়া শিশু-সাহিত্যিকসকলৰ ভিতৰত নিৰ্মলপ্ৰভা বৰদলৈ এক আগশাৰীৰ নাম। তেওঁ শিশুসকলৰ বাবে গীত, নাট, কবিতা আদি ৰচনা কৰিছিল। এই আলোচনাত বৰদলৈৰ শিশু-নাটিকা ‘সেউজী সেউজী’ত প্ৰকাশিত পৰিৱশে সচেতনতাৰ বিষয়ে এক চমু বিশ্লেষণ আগবঢ়াবৰ যত্ন কৰা হ’ব।
        নিৰ্মলপ্ৰভা বৰদলৈয়ে ‘নতুন অসমীয়া’ কাকতৰ ‘অকণমানিৰ চ’ৰা’ৰ যোগেদি শিশু-সাহিত্যিক হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁ এই কাকতত ‘নীলা বাইদেউ’ নামেৰে শিশুসকলৰ বাবে বিভিন্ন লেখা লিখিছিল। নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশুসকলৰ বাবে গীত, নাট, কবিতা, সাধু সকলোবোৰ ৰচনা কৰিছিল।
        বিষয়বস্তু, প্ৰকাশভংগী আৰু উপস্থাপনশৈলীৰ দিশৰপৰা নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-সাহিত্য মনোৰম। শিশু-মনস্তত্ত্বৰ মনোৰম প্ৰতিফলন তেওঁৰ শিশু-সাহিত্যত বৰ্তমান। শিশুসকলক নৈতিক আৰু মানৱীয় শিক্ষা প্ৰদানৰ লগতে পৰিৱেশৰ প্ৰতি সজাগ আৰু সচেতন কৰি তোলাৰ প্ৰচেষ্টাও তেওঁৰ শিশু-সাহিত্যত সক্ৰিয়।
        নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশুৰ কল্পনাৰ নিজা জগতখন ভালদৰে উপলব্ধি কৰিব পাৰিছিল। সেইবাবে তেওঁ কৈছিল— “অভিজ্ঞতাৰ আঘাত আৰু জীৱনৰ বোজা নথকা, যুক্তি আৰু ব্যাকৰণৰপৰা দূৰত থকা শিশুৰ জগতখনক “A big, blooming, buzzing confusion” বুলি ক’ব পাৰি। অসংলগ্ন, উৰি ফুৰা কল্পনাৰ সেই জগতখনত থাকে কেৱল অজস্ৰ বিস্ময় আৰু কৌতূহল।” (বৰদলৈঃ ১৯৮৭, পৃ. ২১) লগতে তেওঁ কৈছিল— “শিশুৰ কাৰণে মানুহৰ জগতৰ লগত জীৱ-জন্তুৰ জগতৰ অকণো পাৰ্থক্য নাই। “বসুধৈৱ কুটুম্বকম্”। উদাহৰণস্বৰূপে চোতালত পৰা শালিকী আছে, ঘৰৰ কাষতে থকা লঠৰা ফুলগছ আছে, মেঘৰ আঁৰত লুকাই থকা ৰ’দালি আছে— এই আটাইবোৰেই শিশু জগতৰ ওমলাৰ লগৰী।” (উল্লিখিত, পৃ. ২৬)
        শিশু-মনস্তত্ত্ব সম্পৰ্কে থকা এনে ধাৰণাৰ বাবেই নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-সাহিত্য সাৰ্থক শিশু-সাহিত্য ৰূপে গঢ় লৈ উঠিছিল। গগন চন্দ্ৰ অধিকাৰীয়ে এই প্ৰসংগত এনেদৰে কৈছে— “শিশুৰ নিজস্ব কল্পনাৰ জগতখনৰ লগত একাত্ম হৈ, সিহঁতৰ বিচিত্ৰ কল্পনাৰ গতিপথেৰে চঞ্চল গতিৰে তেওঁ দৌৰিব পাৰিছিল বাবেই কবি, গীতিকাৰ আৰু চিন্তাশীল লেখিকা হৈও শিশু-সাহিত্যিক ৰূপেও বিপুল যশস্যা অৰ্জন কৰিছিল।” (নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু সাহিত্য সম্ভাৰঃ ২০০৫, পৃষ্ঠা সংখ্যা উল্লেখ নাই।)
        নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-নাটসমূহক দুটা ভাগত ভাগ কৰিব পাৰি—
·         শিশু-গীতিনাট আৰু
·         শিশু-নাটিকা।
        নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-গীতিনাট দুখন— ‘ৰজা’ আৰু ‘বন্ধু’। ১৯৯৩ চনত নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-নাটিকাৰ সংকলন ‘হাঁয়, নাৰিকল পিঠা’ আৰু ‘সেউজী সেউজী’ প্ৰকাশিত হয়। দুয়োখনতে দুখনকৈ শিশু-নাটিকা সন্নিৱিষ্ট হৈছে। ‘হাঁয়, নাৰিকল পিঠা’ত অন্তৰ্ভুক্ত নাটিকা দুখন হ’ল— ‘হাঁয়, নাৰিকল পিঠা’ আৰু ‘গান শুনা ভূত’। আনহাতে, ‘সেউজী সেউজী’ত সন্নিৱিষ্ট নাটিকা দুখন হ’ল ‘সেউজী সেউজী’ আৰু ‘ধুনীয়া হাত’।
নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-নাটিকাকেইখনৰ ভিতৰত ‘সেউজী সেউজী’ অন্যতম। এই নাটিকাখনিৰ যোগেদি নাট্যকাৰে শিশুসকলক পৰিৱেশৰ প্ৰতি সজাগ কৰি তুলিবলৈ যত্ন কৰিছে। ‘সেউজী সেউজী’ নাটিকাখনিৰ অন্তৰ্নিহিত অৰ্থ অতি গভীৰ। আজি অৰণ্য ধ্বংসই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এনে প্ৰেক্ষাপটত সকলো লোক পৰিৱেশ-সংৰক্ষণৰ প্ৰতি সচেতন হোৱা উচিত আৰু লগতে নিজক জড়িত কৰা উচিত। এই নাটিকাখনিৰ মাজেদি প্ৰকৃতি আৰু মানুহৰ মাজত থকা চিৰন্তন সম্পৰ্কৰ ছবি প্ৰকাশ কৰা হৈছে আৰু বন-সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে কোৱা হৈছে। নাটিকাখনিৰ মূল বক্তব্য হ’ল— গছ থাকিলেহে মানুহ থাকিব। আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক। পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ দায়িত্ব এদিন তেওঁলোকে ল’ব লাগিব। তাৰ বাবে এতিয়াই এক বুনিয়াদ তৈয়াৰ কৰা প্ৰয়োজন। এনে কাৰণতে নাটিকাখনিত থকা প্ৰচাৰধৰ্মী গুণক সহজতে আওকাণ কৰিব পাৰি। পৰিৱেশৰ প্ৰতি সকলো মানুহ সচেতন হ’ব পৰাকৈ ভগৱানে যাতে সকলোকে সদ্ মতি দিয়ে, সেই বক্তব্য তথা আশা নাটিকাখনিৰ শেহৰফালে প্ৰকাশিত হৈছে। যেনে―
ডাঙৰ আন এজন ল’ৰাঃ জানা, গছ থাকিলেহে মানুহ থাকিব। আমাক স্কুলত শিকাইছে নহয়। গছৰপৰা কিমান ডাঙৰ ডাঙৰ কাম হয়।
ডাঙৰ অন্য এজন ল’ৰাঃ মানুহ জীয়াই থাকিবলৈ উশাহত অক্সিজেন লাগে জানা। সেইটো গছেহে বতাহত এৰি দিয়ে। গছে বায়ু শোধন কৰে, বিশুদ্ধ কৰে। অক্সিজেন নহ’লে মানুহ মৰিয়ে থাকিব। গছ কটা পাপ।
মানুহঃ অ’ পাপৰ কথা মোকেহে শিকাৱ? চোৰাংকৈ গছ কাটি, বেচি টকা ঘটাবোৰক শিকাব নোৱাৰ?
ল’ৰাঃ আমি আটাইকে ভাল কথা ক’ম, ভাল কথা শিকাম। পঢ়া-শুনা কৰা মানুহৰ এইটোৱেই কাম। বেয়া মানুহৰ বেয়া মন গুচি ভাল মন হ’বৰ কাৰণে ঈশ্বৰক আমি প্ৰাৰ্থনা কৰিম―
ছোৱালী (সুৰত):    ঈশ্বৰ আল্লা তেৰে নাম,
                   সবকো সদ্ মতি দে ভগৱান।
(উল্লিখিত, পৃ. ৩৫৫)
দুখীয়া মানুহ এজনে খৰিৰ বাবে গছ কাটিবলৈ লওঁতে কেইটামান ল’ৰা আৰু কেইজনীমান ছোৱালীয়ে বাধা দিছে। মধুৰীআম এজোপা কাটিবলৈ খোজা দেখি ছোৱালী এজনীয়ে গছজোপা সাবটি ধৰিছে আৰু চিঞৰি কৈছে― “নাকাটিবা, নাকাটিবা আমাৰ মধুৰীআম। কাটি যদি পেলোৱা আমি কি খাম?” (উল্লিখিত, পৃ. ৩৫৪) মানুহজনে এইবাৰ বকুল এজোপা কাটিবলৈ ওলাইছে। তেতিয়াও সিহঁতে বাধা দিছে। মানুহজনে এই বাধা পাই কৈছে― “গছ নেকাটিলে খৰি পাম ক’ৰ পৰা? ভাত ৰান্ধিম কেনেকৈ? খৰি নেবেচিলে ক’ত পইচা পাম!” (উল্লিখিত, পৃ. ৩৫৫) সমাজত এতিয়াও বহুতো দৰিদ্ৰ লোকে ইন্ধন হিচাপে খৰি ব্যৱহাৰ কৰে, খৰি বিক্ৰী কৰি পৰিয়াল চলায়। গতিকে, মানুহজনৰ সেই কথাখিনি একেবাৰে দলিয়াই দিব পৰা বিধৰ নহয়। ল’ৰা এজনে ইয়াৰ উপায় দিছে সেয়ে এনেদৰে― “ডাল-পাত কাটিবা। গছ জোপাকে কেলেই কাটিবা?” (উল্লিখিত)
সেউজীয়া পৃথিৱী এখন বিচাৰি আজিৰ সকলো শিশুৱে (ভৱিষ্যতৰ নাগৰিক) সমস্বৰে গাইছে―
গছবোৰ কি যে ভাল, কি বিতোপন
আমাৰ বন্ধু গছ গোটেই জীৱন।।
ৰিব্ ৰিব্ জিৰ্ জিৰ্ জিৰ্ জিৰ্ বা
গা জুৰ পৰি যায় গছে দিয়ে ছাঁ।।
লোভনীয়া ৰসে ভৰা পাওঁ কত ফল
ঘৰৰ কিমান কাম কাঠে বাঁহে কৰে
গছৰ জীৱন আছে আমাৰেই দৰে
এজোপা যদিহে কাটো এশজোপা ৰুম
সকলোৱে মিলি
সেউজীয়া অপৰূপা তেহে হ’ব ধৰা
তাতে থাকিম খেলি।।
বাঃ বাঃ বাঃ।।
(উল্লিখিত, পৃ. ৩৫৫-৩৫৬)
পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবেই বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত পৰিৱেশ অধ্যয়ন বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে। সৃষ্টিশীল সাহিত্যৰ যোগেদিও পৰিৱেশৰ প্ৰতি সচেতনতা সৃষ্টি কৰাৰ অৱকাশ আছে। অৱশ্যে সাহিত্যত পৰিৱেশ সচেতনতা বা সজাগতা সৃষ্টিৰ বাবে পোনপটীয়া প্ৰচেষ্টা দেখিবলৈ পোৱা নাযায়। সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত এনে প্ৰচেষ্টা আৰু অধিক দুখলগা। হয়তো সাহিত্যৰ নন্দনতাত্ত্বিক দিশটো ক্ষতিগ্ৰস্ত হোৱাৰ আশঙ্কা ইয়াৰ লগত জৰিত হৈ আছে। কাৰণ সাহিত্য উদ্দেশ্যধৰ্মী হ’লে ই সৌন্দৰ্য সৃষ্টিতকৈ বিজ্ঞাপনধৰ্মী হৈ উঠাৰ সম্ভাৱনা অধিক। কিন্তু এনে সীমাৱদ্ধতাৰ মাজতো সাহিত্যত পৰিৱেশ সজাগতা সৃষ্টিৰ প্ৰয়াস একেবাৰে নাই বুলি ক’ব নোৱাৰি। এই প্ৰসঙ্গত অসমীয়া সাহিত্যৰ দুগৰাকী প্ৰথিতযশা সৃষ্টিশীল লেখকৰ নাম উল্লেখনীয়। সেই দুগৰাকী হ’ল ভৱেন্দ্ৰনাথ শইকীয়া আৰু শীলভদ্ৰ ওৰফে ৰেৱতীমোহন দত্ত চৌধুৰী। (মজুমদাৰঃ ২০১৬, পৃ. ১২) আমি ইয়াৰ লগত নিৰ্মলপ্ৰভা বৰদলৈৰ নামটোও সংযোগ কৰিব পাৰোঁ। ভৱেন্দ্ৰনাথ শইকীয়াৰ ‘গছ ভালপোৱা ককাৰ খং’ নামৰ কবিতা আৰু শীলভদ্ৰৰ ‘মিছাকথা’, ‘দেৱশিশু’, ‘ককাদেউতা আৰু নাতিল’ৰা’ চুটিগল্পত সাহিত্যৰ গুণ ক্ষুণ্ণ নোহোৱাকৈ পৰিৱেশ সচেতনতা সম্পৰ্কীয় চিন্তা প্ৰকাশিত হৈছে। বৰদলৈৰ ‘সেউজী সেউজী’ নাটিকাৰ মাজতো সাহিত্যৰ গুণ বিনষ্ট নোহোৱাকৈয়ে পৰিৱেশ সম্পৰ্কীয় চিন্তা-চেতনা প্ৰকাশিত হৈছে। সেয়ে ক’ব পাৰি― ‘ধৰিত্ৰী দিৱস’, ‘বিশ্ব পৰিৱেশ দিৱস’, ‘আলোচনা-চক্ৰ’, ৰঙীণ বিজ্ঞাপন আদিৰ যোগেদি মানুহক পৰিৱেশৰ প্ৰতি যেনেদৰে সজাগ কৰি তুলিব পাৰি; তেনেদৰে সৃষ্টিশীল সাহিত্যৰ যোগেদিও (সাহিত্যৰ গুণ ক্ষুণ্ণ নোহোৱাকৈ) এনে প্ৰচেষ্টা কৰিব পাৰি। (উল্লিখিত, পৃ. ১৫)
—–

গ্ৰন্থপঞ্জীঃ
অসম শিশু সাহিত্য ন্যাস                                                       নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু সাহিত্য সম্ভাৰ, অসম শিশু সাহিত্য ন্যাস, প্ৰথম প্ৰকাশঃ মাৰ্চ, ২০০৫
বৰদলৈ, নিৰ্মলপ্ৰভা                                                            অসমৰ লোক কবিতা, বীণা লাইব্ৰেৰী, গুৱাহাটী, ১৯৮৭
বেজবৰা, নীৰাজনা মহন্ত                                                      লোকতত্ত্ব জিজ্ঞাসা, বনলতা, ডিব্ৰুগড়, প্ৰথম সংস্কৰণঃ এপ্ৰিল, ২০০৪

মজুমদাৰ, বিমল                                                              সাহিত্যঃ তত্ত্ব আৰু সমীক্ষা, জ্যোতি প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশঃ আগষ্ট, ২০১৬

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ গল্পত আত্মজৈৱনিক উপাদানঃ এক চমু আলোকপাত

সৃষ্টিৰ পৃথিৱী

       আধুনিক অসমীয়া চুটিগল্পৰ জন্ম হয় ‘জোনাকী’ আলোচনীত আৰু ইয়াৰ জন্মদাতা হ’ল লক্ষ্মীনাথ বেজবৰুৱা। ‘জোনাকী’ৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত (১৮৯২ চন) প্ৰকাশিত ‘সেউতী’ নামৰ গল্পটিয়েই অসমীয়া ভাষাৰ প্ৰথম চুটিগল্প। বেজবৰুৱাৰ বহুতো গল্পত কম-বেছি পৰিমাণে আত্মজৈৱনিক সমলৰ ব্যৱহাৰ দেখা যায়। এই ক্ষেত্ৰত ‘কেঁহোকলি’ৰ অন্তৰ্গত ‘মুক্তি’ নামৰ গল্পটোৰ কথা বিশেষভাৱে ক’ব পাৰি। বেজবৰুৱাৰ এই গল্পটোৰ মাজত আত্মজৈৱনিক উপাদান প্ৰচুৰ পৰিমাণে আছে।
       গল্পটোৰ মূল চৰিত্ৰ ডাঙৰ মানুহৰ ঘৰৰ ল’ৰা সুকুমাৰ পঢ়া-শুনাত একেবাৰে অমনোযোগী। যি প্ৰকৃতিৰ মুক্ত কোলাতহে বিচৰণ কৰি ভাল পায়। গল্পটোত আছে— “... সুকুমাৰে আগত কিতাপ মেলি লৈ আকাশ-পাতাল ভাবে। ক’ত গছত পকা আম, দাঁহেচীয়া মধুৰি আম আছে, ক’ত ঘৰৰ পানী-পাছৰ চুকত বৰলে বাহ সাজিছে, সেই বৰলৰ বাহ ভাঙি তাৰ টোপ লৈ ক’ৰ পুখুৰীত বৰশী বাই পুঠিমাছ ধৰা যাব; ক’ত গছৰ বাহৰপৰা চৰাই পোৱালি আনি পুহিব লাগিব; পোহনীয়া মেকুৰী, কুকুৰ, পহু-পোৱালিৰে কেনেকৈ ধেমালি কৰিব লাগিব, ইত্যাদি কথাৰে সুকুমাৰৰ মূৰ ভৰপূৰ; তাত স্কুলৰ পাঠ্য কিতাপৰ কথালৈ ঠাই তাকৰ।” ১
       সুকুমাৰৰ বিষয়ে কোৱা এই কথাখিনিৰ সৈতে আত্ম-জীৱনী ‘মোৰ জীৱন-সোঁৱৰণ’ত বেজবৰুৱাই নিজৰ স্কুলীয়া কালৰ বিষয়ে লিখা কথাৰ মিল আছে। যেনে— “সঁচাকৈ ক’বলৈ গ’লে, স্কুললৈ যোৱাটো মোৰ মনত বৰ-ফাটেকলৈ যোৱা যেন লাগিছিল। মোৰ পক্ষে স্কুলত প্ৰৱেশ মানে বন-বিহঙ্গৰ সজাত প্ৰৱেশ...।” ২ ইয়াৰ উপৰি আছে— স্কুলত অগত্যা বহি থাকোঁতে, এফালে মোৰ মনে মোক ফুচফুচাই সোধে, বতাহে তোমাৰ সৈতে উমলিবলৈ তোমাক বাহিৰলৈ মাতিছে, ওলাই নাহা কেলৈ? ৰ’দে তোমাক ৰিঙিয়াব লাগিছে, নোযোৱানে ইত্যাদি।
       সুকুমাৰৰ দৰে শিশু বেজবৰুৱায়েও বিচাৰিছিল প্ৰকৃতিৰ অকৃত্ৰিম ভালপোৱা, সুকুমাৰৰ দৰে তেৱোঁ বিচাৰিছিল এখন মুকলি আকাশ। সুকুমাৰৰ দৰে শিশু বেজবৰুৱাৰো আছিল মুকলি আকাশত চৰাই হৈ উৰাৰ হেঁপাহ।
       বেজবৰুৱাৰ মাক আৰু ককায়েকে কোৱা কিছুমান কথা ‘মুক্তি’ গল্পত প্ৰায় একেভাৱেই দিয়া হৈছে। কলেজৰ বন্ধত কলিকতাৰ পৰা ঘৰলৈ অহা ককায়েকহঁতে বেজবৰুৱাক পঢ়াৰ নানা কথা সুধিছিল আৰু পঢ়া নোৱৰাৰ বাবে মাৰিছিল। ‘মুক্তি’ গল্পত সুকুমাৰ চৰিত্ৰটোৱেও ককায়েক দেৱকুমাৰপৰা তেনে শাস্তি পাইছে।
       উকীল দেৱকুমাৰে ছমাহে-বছৰেকে ঘৰলৈ আহে। “ককায়েক আহিবৰ আগ-বাতৰি শুনিলে সুকুমাৰে আনন্দত জঁপিয়ায়; কিন্তু ককায়েক আহি পালে সুকুমাৰ তেওঁৰ সন্মুখত থিয় হ’ব নোৱাৰে। কাৰণ ককায়েকৰ পৰা গালি আৰু কৰ্কথনাৰেহে প্ৰথম সম্ভাষণ পোৱাটো ধৰা-বন্ধা কথা।” ৩ শিশু বেজবৰুৱাৰ জীৱনতো এনে যন্ত্ৰণা আছিল। কলিকতীয়া ককাইদেউসকল আহিব বুলি শুনি তেওঁৰ আনন্দত মাটিত ভৰি নপৰিছিল। কিন্তু তেওঁলোকে সদায় শিশু বেজবৰুৱাৰ আনন্দাতিশয্যত চেঁচাপানীহে ঢালিছিল।
এবাৰ কলিকতাৰ পৰা আহিয়েই ককায়েকে বেজবৰুৱাক পঢ়াৰ কথা সুধিছে আৰু পঢ়া নোৱৰাৰ বাবে মাৰিবলৈ খেদা দিছে। এই ঘটনাটোৰ বৰ্ণনা বেজবৰুৱাই তেওঁৰ আত্মজীৱনীত এনেদৰে দিছে— “... ককাইদেৱে মোৰ পঢ়া কিতাপকেইটা মোৰ হতুৱাই অনাই, মোৰ পঢ়াৰ পৰীক্ষা কৰিবলৈ লাগি গ’ল; আৰু তেওঁৰ প্ৰশ্নৰ উত্তৰত মোৰপৰা তেওঁ একো একোটা ফোপোলা আলুগুটি পাবলৈ ধৰিলে। তেওঁৰ উঠিল খং। মোক ধৰি কিল-কীৰ্তন দিবলৈ উঠি দিলে খেদা। মই মাৰিলো লৰ। খন্তেকতে মই আমাৰ গোটেইখন বাৰীত, পছোৱা বতাহৰ আগ উৰাদি উৰি ফুৰিবলৈ ধৰিলো আৰু মোৰ পিছে পিছে তেওঁ লৰি ফুৰিবলৈ ধৰিলে। তেওঁ অসাৰ্থক খেদাত ক্লান্ত হৈ পৰিল, মোৰ বেগ কোবতকোবে চলিল। সকলোৱে অবাক হৈ এই বিপৰীত দৃশ্য চাবলৈ ধৰিলে।” ৪ তেতিয়া মাকে বেজবৰুৱাৰ ককায়েকক কৈছিল— “বাৰু হেৰ তই কলিকতাৰ পৰা আহিছ দেখি হেঁপাহ কৰি তোৰ সৰু ভায়েৰে তোক চাবলৈ আহিল; তই তাক ক’ত দুই-চাৰিটা কথা কৈ পোনতে মৰম কৰিবি নাই, তাক আকৌ এইদৰে মাৰিবলৈ চোৰ খেদাদি খেদি লৈ ফুৰাইছ! লাহে-ধীৰেও দেখোন তই তাৰ পঢ়া-শুনাৰ মহলা ল’ব পাৰ।” ৫ মাকৰ কথা শুনি ককায়েকে উত্তৰ দিছিল এইবুলি— “তোমালোকে তাক মৰম কৰি কৰি তাৰ মূৰ খালাহঁক। ইমানটো ঢোদোঙা ল’ৰাই একো পঢ়া-শুনা নকৰে— এটা big dunce হ’ল!” ৬
সেইদৰে ‘মুক্তি’ গল্পত সুকুমাৰক দেৱকুমাৰে ‘গালি আৰু ককৰ্থনাৰে প্ৰথম সম্ভাষণ’ জনোৱাত মাকে বৰপুতেকক কৈছে— “তোৰ ভায়েৰে তই আহিবি বুলি শুনি ৰঙত জঁপিয়াই ফুৰিছিল আৰু তইনো তাক প্ৰথম আষাৰ মাততে ইমানকৈ গালি পাৰিব আৰু কেটকেটাব পাৱনে বাৰু?” ৭ দেৱকুমাৰে তাৰ উত্তৰত কৈছিল— “তোমালোকে সুকুমাৰৰ মূৰ খালাহঁক। তাক মৰম চেলাই চেলাই গুচালাহঁক। ইমানটো ধোদোঙা ল’ৰা, সি পঢ়া-শুনা নকৰে।” ৮
শৈশৱৰ অভিজ্ঞতাই বেজবৰুৱাক সুকুমাৰৰ চৰিত্ৰ চিত্ৰণত নিশ্চয় সহায় কৰিছে। কঠোৰ শাসনৰ জড়িয়তে শিশুক কেতিয়াও শিকাব নোৱাৰি। শিশুৰ স্বাভাৱিক মনত শিকলি পিন্ধাবলৈ গ’লে শিশুৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। কঠোৰ অনুশাসনে শিশুৰ কোমল মনত, বুদ্ধি-বৃত্তিত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ‘মুক্তি’ গল্পৰ সুকুমাৰ চৰিত্ৰটোৰ মাজেৰে বেজবৰুৱাই এই মনস্তাত্ত্বিক সত্যকে দাঙি ধৰিছে। হীৰেন গোহাঁইৰ মতে, “গল্পটোৰ এক উল্লেখযোগ্য দিশ হৈছে শিক্ষাৰ নামত মানুহৰ মুক্ত মনত শিকলি লগোৱাৰ পৰম্পৰাগত যান্ত্ৰিক পদ্ধতিৰ বিৰুদ্ধে বেজবৰুৱাৰ ক্ষোভ প্ৰকাশ। তেওঁৰ বাবে মানুহৰ স্বাধীনতা খৰ্ব কৰা নীতি-নিয়মবোৰ মানুহৰ স্বাভাৱিক জীৱনৰ শত্ৰু, মৃত্যুতুল্য।” ৯ আত্ম-জীৱনীতো বেজবৰুৱাই কৈছে যে, শিক্ষকসকলৰ কঠোৰ অনুশাসনৰ ভয়ত তেওঁ স্কুলত একো শিকিব-বুজিব নোৱাৰিছিল। “ঘৰত অলপ অচৰপ যি পঢ়ি-শুনি শিকি-বুজি আহোঁ, সিয়ো পাহৰণিৰ পঞ্চবটীত সোমাই মায়া-মৃগ হৈ ক’ৰবালৈ লৰি পলাই গুচি যায়।” ১০ এনে ব্যৱস্থা তথা পৰিৱেশ এটাৰ অৱসান তেওঁ কামনা কৰিছিল আৰু সেইবাবে তেওঁ লিখিছে— “স্কুল মোৰ মনত ভয়ৰ ভৱন নহৈ যদি আনন্দ ভৱন হ’লহেঁতেন আৰু মোৰে নিচিনা দুৰ্ভগীয়া “স্কুলাতঙ্কৰোগগ্ৰস্ত” এশ-এটা ল’ৰাৰ পক্ষেও যদি তেনেকুৱাই হ’লহেঁতেন, তেন্তে আমাৰ দেশত কি সুস্থ সবল দেহৰ আৰু মনৰ এচাম প্ৰজাৰ সৃষ্টি (generation) হ’লহেঁতেন। স্কুলত শিক্ষা দিবৰ কঠোৰ নিৰ্মম নিৰস এটা মাথোন ব্যৱস্থাৰ সলনি যদি তাৰ ওলোটা অৱস্থাৰ প্ৰচলিত হ’লহেঁতেন, তেন্তে কেনে হাঁহিমুখীয়া কাৰ্যক্ষম আৰু নিজৰ সাধ্যৰ সীমাত প্ৰফুল্লিত প্ৰজা চামে চামে বাঢ়ি আমাৰ জন্মভূমিক উজ্জ্বল আৰু মহিমান্বিত কৰিলেহঁতেন।” ১১
এই চমু আলোচনাৰ পৰা ক’ব পাৰি যে, ‘মুক্তি’ গল্পত বেজবৰুৱাৰ পূৰ্ণ প্ৰকাশ ঘটিছে ‘সুকুমাৰ’ চৰিত্ৰৰ মাজেদি। সামৰণিত মদন শৰ্মাৰ ভাষাৰে ক’ব পাৰি— “ল’ৰাকালৰ বেজবৰুৱাৰ দৰে সুকুমাৰেও স্কুলৰ নীৰস পৰিৱেশ, যান্ত্ৰিক শিক্ষা ভাল নাপাইছিল। অভিভাৱকৰ কঠোৰ শাসন আৰু অৱমাননাকৰ গালি-শপনিয়ে সুকুমাৰৰ মনত হীনমন্যতাৰ, দোষী দোষী ভাবৰ সৃষ্টি কৰিলে। অতি সংবেদনশীল মনৰ সুকুমাৰে মানসিক-শাৰীৰিক যন্ত্ৰণাত দগ্ধ হৈ অকালতে মৃত্যুক সাৱটি একপ্ৰকাৰ মুক্তিয়ে লাভ কৰিলে। বেজবৰুৱাৰ নিজৰ অভিজ্ঞতাই নিশ্চয় সুকুমাৰৰ মানসিক অৱস্থাৰ প্ৰকৃত ছবিখন ফুটাই তোলাত বেজবৰুৱাক সহায় কৰিছিল।” ১২
—–
প্ৰসংগ-সূত্ৰঃ
১ নগেন শইকীয়া (সম্পা.), বেজবৰুৱা-ৰচনাৱলী (তৃতীয় খণ্ড), পৃ. ২৩২
২ লক্ষ্মীনাথ বেজবৰুৱা, মোৰ জীৱন-সোঁৱৰণ, পৃ. ২২
৩ নগেন শইকীয়া (সম্পা.), পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২৩৩
৪ লক্ষ্মীনাথ বেজবৰুৱা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২৩-২৪
৫ উল্লিখিত, পৃ. ২৪
৬ উল্লিখিত
৭ নগেন শইকীয়া (সম্পা.), পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২৩৩
৮ উল্লিখিত, পৃ. ২৩৩
৯ হীৰেন গোহাঁই, কালান্তৰৰ দোমোজাত বেজবৰুৱা, পৃ. ৮৭
১০ লক্ষ্মীনাথ বেজবৰুৱা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২২
১১ উল্লিখিত, পৃ. ২২-২৩
১২ মদন শৰ্মা, লক্ষ্মীনাথ বেজবৰুৱাঃ সৃজন আৰু মনন, পৃ. ৯৪
—–
গ্ৰন্থপঞ্জীঃ
১. বেজবৰুৱা, লক্ষ্মীনাথ (২০১৪)                           মোৰ জীৱন-সোঁৱৰণ, বনলতা, ডিব্ৰুগড়
২. শইকীয়া, নগেন (সম্পা.) (২০১০)                      বেজবৰুৱা-ৰচনাৱলী (তৃতীয় খণ্ড), বনলতা, গুৱাহাটী
৩. শৰ্মা, মদন (২০১৪)                                   লক্ষ্মীনাথ বেজবৰুৱাঃ সৃজন আৰু মনন, আলিবাট, গুৱাহাটী

—–

Thursday, 19 April 2018

অসমীয়া ই-আলোচনী ‘xahitya.org’ আৰু ই-বিশ্বত অসমীয়া সাহিত্যঃ এক বিশ্লেষণাত্মক অধ্যয়ন

সৃষ্টিৰ পৃথিৱী

.


০.০০ আৰম্ভণি
        অসমীয়া আলোচনীৰ ইতিহাস আৰম্ভ হৈছিল ঊনবিংশ শতিকাৰ মাজভাগৰপৰা ‘অৰুনোদই’ (১৮৪৬) আলোচনীৰ যোগেদি। ইয়াৰ পৰৱৰ্তী সময়ছোৱাত ‘জোনাকী’, ‘বাঁহী’, ‘ঊষা’, ‘আৱাহন’, ‘ৰামধেনু’ আদি আলোচনীয়ে অসমীয়া আলোচনীৰ ইতিহাসক সমৃদ্ধ কৰি অসমীয়া ভাষা-সাহিত্যৰ বিকাশত অৰিহণা যোগায়। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰ তথা চমুকৈ ক’বলৈ গ’লে বিশ্বায়ন আৰু গোলকীকৰণৰ পৰিণতি হিচাপে অসমীয়া ভাষাত এই শতিকাত বৈদ্যুতিন বা ই-আলোচনী (E-magazine)ৰ প্ৰকাশ ঘটিছে। বিজ্ঞান আৰু ই-প্ৰযুক্তিৰ প্ৰসাৰে জন্ম দিয়া এই আলোচনীবোৰে অসমীয়া ভাষা-সাহিত্যৰ সমৃদ্ধি, প্ৰচাৰ আৰু প্ৰসাৰতো সহায় কৰিছে। এনে কাৰণতে মুদ্ৰিত আলোচনীৰ উপৰি অসমীয়া বৈদ্যুতিন আলোচনীসমূহক আলোচনাৰ মাজলৈ অনা প্ৰয়োজন বুলি ক’ব পাৰি। বহুতে ক’ব বিচাৰে যে, অসমীয়া ভাষাত প্ৰকাশিত এই বৈদ্যুতিন আলোচনীসমূহে অসমীয়া ভাষা-সাহিত্যৰ জগতত এক ‘ই-জোনাকী যুগ’ৰ সূচনা কৰিছে। অসমীয়া ই-সাহিত্য (E-literature)ৰ বিকাশত ই-আলোচনীৰ ভূমিকা গুৰুত্বপূৰ্ণ। অসমীয়া ই-আলোচনীসমূহৰ ভিতৰত ‘সাহিত্য ডট অৰ্গ’ অন্যতম। এই গৱেষণা-পত্ৰত অসমীয়া ই-সাহিত্যৰ বিকাশত ‘সাহিত্য ডট অৰ্গ’ আলোচনীখনৰ ভূমিকা সম্পৰ্কে এক বিশ্লেষণ আগবঢ়াবৰ প্ৰয়াস কৰা হৈছে।
        মূল আলোচনালৈ যোৱাৰ আগতে বিশ্লেষণৰ সহায়ক হোৱাকৈ বৈদ্যুতিন সাহিত্য (E-literature) আৰু অসমীয়া বৈদ্যুতিন আলোচনীৰ বিষয়ে এক পৰিচয় দাঙি ধৰিবৰ যত্ন কৰা হৈছে।
০.০১ অধ্যয়নৰ উদ্দেশ্য আৰু গুৰুত্ব
        ‘অসমীয়া ই-আলোচনী ‘xahitya.org’  আৰু ই-বিশ্বত অসমীয়া সাহিত্যঃ এক বিশ্লেষণাত্মক অধ্যয়ন’ শীৰ্ষক অধ্যয়নৰ মূল উদ্দেশ্য হ’ল—
·         অসমীয়া ই-সাহিত্য আৰু অসমীয়া ই-আলোচনীৰ এক চমু পৰিচয় দাঙি ধৰা।
·         অসমীয়া ই-সাহিত্যৰ বিকাশত ই-আলোচনী ‘সাহিত্য ডট অৰ্গ’ৰ ভূমিকা সম্পৰ্কে বিশ্লেষণ কৰা।
ভাষা এটাই বিশ্বজনীন চিনাকি পাবলৈ হ’লে ইণ্টাৰনেটৰ পৃথিৱীখনত ভাষাটোৰ স্থান থাকিব লাগিব। ইউনিক’ড ব্যৱস্থাই বিভিন্ন আঞ্চলিক ভাষাক এই সুবিধা প্ৰদান কৰিছে। ই-বিশ্বত অসমীয়া ভাষায়েও নিজৰ স্থিতি সবল কৰিবলৈ যত্ন কৰি আহিছে। এই ক্ষেত্ৰত অসমীয়া ই-আলোচনীৰ জন্ম এক উল্লেখযোগ্য দিশ। অসমীয়া ভাষাত ২০১০ চনৰপৰা বৰ্তমানলৈকে বিভিন্ন ই-আলোচনীৰ প্ৰকাশ হৈছে। অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত তথা অসমীয়া ই-সাহিত্যৰ বিকাশত অসমীয়া ই-আলোচনী ‘সাহিত্য ডট অৰ্গে’ এক বিশেষ ভূমিকা আৰম্ভণিৰে পৰা পালন কৰি আহিছে। এই দিশৰপৰা আমাৰ অধ্যয়নৰ গুৰুত্ব নিৰ্দেশ কৰিব পাৰি।
০.০২ অধ্যয়নৰ পদ্ধতি
        আমাৰ অধ্যয়ন বিশ্লেষণাত্নক পদ্ধতি আধাৰিত। মূল আলোচনাৰ মাজলৈ আগবঢ়াৰ আগতে বৈদ্যুতিন সাহিত্য (E-literature) আৰু অসমীয়া বৈদ্যুতিন আলোচনীৰ বিষয়ে এক চমু পৰিচয় দাঙি ধৰা হৈছে। তাৰ পাছত অসমীয়া বৈদ্যুতিন সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত ‘সাহিত্য ডট অৰ্গ’ৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হৈছে। ‘বিশ্বায়ন আৰু সাহিত্য’ প্ৰেক্ষিতক কেন্দ্ৰত ৰাখি আমাৰ বিশ্লেষণ দাঙি ধৰা হৈছে। তথ্যসমূহ পুথিভঁৰাল অধ্যয়ন আৰু ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে।
১.০০ বৈদ্যুতিন সাহিত্য আৰু ইণ্টাৰনেটত অসমীয়া সাহিত্য
        বহলভাৱে ইণ্টাৰনেটত প্ৰকাশিত সাহিত্যৰাজিক ‘ইলেক্ট্ৰনিক সাহিত্য’ বা ‘বৈদ্যুতিন সাহিত্য’ (E-literature) হিচাপে অভিহিত কৰিব পাৰি। সাহিত্যৰ এই ৰূপটো গোলকীকৰণ তথা বিশ্বায়ন প্ৰক্ৰিয়াৰ লগত বিশেষভাৱে সাঙোৰ খাই আছে। কাৰণ, এই সাহিত্যৰ জন্ম আৰু বিকাশৰ গুৰিতেই আছে ই-প্ৰযুক্তিৰ প্ৰসাৰ। তদুপৰি এই সাহিত্য কোনো ভৌগোলিক পৰিসীমাৰ মাজত সীমাৱদ্ধ নহয়, ই মুক্ত। এই দিশেৰে চাই ই-সাহিত্যক ‘গোলকীয় সাহিত্য’ বুলিও ক’ব পৰা যায়।
ই-বিশ্ব (E-world)ত প্ৰাপ্ত অসমীয়া সাহিত্যৰাজিক প্ৰকাশৰ মাধ্যম আৰু সংৰক্ষণ মাধ্যমৰ আধাৰত আঠোটা ভাগত ভাগ কৰি আলোচনাৰ পৰিসৰলৈ আনিব পাৰি। তলত এই ভাগকেইটাৰ এক চমু পৰিচয়জ্ঞাপক আলোচনা দাঙি ধৰা হ’ল—
·         প্ৰকাশিত গ্ৰন্থৰ ই-সস্কৰণঃ বৰ্তমান ইণ্টাৰনেটত অসমীয়া ভাষাৰ বহুবোৰ কিতাপ উপলব্ধ। এই কিতাপবোৰ অসমীয়া ই-সাহিত্যৰ অন্যতম অংগ। আধুনিক স্কেনাৰৰ সহায়ত বিভিন্ন অসমীয়া কিতাপক পি. ডি এফ. ৰূপ প্ৰদান কৰি ইণ্টাৰনেটত সংৰক্ষণৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেয়া আদৰণীয়। Digital Library of Indiaত প্ৰায় ২,১০০ ৰো অধিক অসমীয়া গ্ৰন্থ পি. ডি. এফ. ৰূপত সংৰক্ষিত হৈ আছে।
·         ই-বুকঃ ইণ্টাৰনেটৰ জৰিয়তে প্ৰকাশিত আৰু অনলাইন পঢ়িব পৰা সুবিধা থকা গ্ৰন্থসমূহকে ‘ই-বুক’ বুলি অভিহিত কৰিব পাৰি। ইণ্টাৰনেটত প্ৰকাশ পোৱা প্ৰথমখন অসমীয়া গ্ৰন্থ হ’ল— যতীন মিপুনৰ উপন্যাস ‘মিকচিজিলি’ (https://www.miksijili.com)।
·         ই-আৰ্কাইভঃ ই-আৰ্কাইভৰ ৰূপত কেইবাটাও ৱেবছাইটত নিৰ্বাচিত অসমীয়া সাহিত্য সংৰক্ষিত হৈ আছে। যেনে— https://www.assam.org, https://www.bhupenhazarika.com, https://www.xophura.org, https://www.sahityarathi.com, https://www.indiragoswami.com আদি।
·         ই-কাকতঃ অসমৰপৰা প্ৰকাশিত প্ৰায় প্ৰতিখন বাতৰি কাকতৰেই ই-সংস্কৰণ আছে। এই কাকতসমূ্হত প্ৰকাশিত সাহিত্যৰাজিও অসমীয়া ই-সাহিত্যৰ পৰোক্ষ অন্তৰ্ভুক্তি। সম্পূৰ্ণ অনলাইন অসমীয়া বাতৰি কাকতো অসমীয়াত আছে। সেয়া হ’ল অজয় লাল দত্তৰ উদ্যোগত প্ৰকাশিত ‘অসমীয়াৰ সুখ-দুখ’ (https://www.xukhdukh.com)।
·         ছ’ছিয়েল নেটৱৰ্কিং ছাইটৰ সাহিত্যঃ ছ’ছিয়েল নেটৱৰ্কিং ছাইটসমূহৰ ভিতৰত মূলতঃ ফে’চবুকৰ জৰিয়তে অসমীয়া সাহিত্যৰ চৰ্চা অসমীয়া ই-সাহিত্যৰ এক শক্তিশালী ধাৰা। বৰ্তমান ফে’চবুক কেৱল যোগাযোগৰ এক মাধ্যম হৈ থকা নাই। ই সাহিত্য চৰ্চাৰ এক ক্ষেত্ৰ হিচাপেও কাম কৰিছে। নিজৰ টাইমলাইনত চৰ্চা কৰাৰ উপৰি ফে’চবুকত সাহিত্য চৰ্চাৰ বাবে বিভিন্ন গোট, পৃষ্ঠা আদি নিৰ্মাণ কৰা হৈছে।
·         অসমীয়া ব্লগঃ বিভিন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানৰ উদ্যোগত প্ৰকাশ হোৱা ব্লগসমূহ অসমীয়া ই-সাহিত্যৰ গুৰুত্বিপূৰ্ণ অংগ। কেইটামান উল্লেখযোগ্য অসমীয়া ব্লগ হ’ল— হিমজ্যোতি তালুকদাৰৰ ‘মই আৰু মোৰ পৃথিৱী’ (https://www.himjyoti.com), অজয় লাল দত্তৰ ‘লাল ইংক’ (https://www.lal-ink.blogspot.com) আদি।
·         ই-আলোচনীঃ ইউনিক’ড যোগে প্ৰকাশিত প্ৰথমখন অসমীয়া ই-আলোচনী হৈছে হিমজ্যোতি তালুকদাৰৰ সম্পাদনাত ২০১০ চনৰ ১৩ মাৰ্চৰপৰা প্ৰকাশিত ‘এনাজৰী’ (https://enajori.com)। অসমীয়া ই-সাহিত্যক ‘এনাজৰী’য়ে এক শক্তিশালী নেতৃত্ব দি আহিছে। বৰ্তমান অসমীয়া ভাষাত কুৰিৰো অধিক ই-আলোচনী প্ৰকাশ হৈ আছে।
·         মুক্ত বিশ্বকোষৰ অসমীয়া সংস্কৰণঃ ২০১২ চনৰ ২ জুনত অসমৰ কেইগৰাকীমান উৎসাহী ব্যক্তিৰ চেষ্টা আৰু ৱিকিমিডিয়া ফাউণ্ডেচনৰ সহযোগিতাত অনলাইন বিশ্বকোষ ‘ৱিকিপিডিয়া’ৰ অসমীয়া সংস্কৰণটিৰ জন্ম হয়। ইয়াত অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি বিষয়ক ভালেমান প্ৰবন্ধ, তথ্য আৰু আলোকচিত্ৰ মজুত আছে।
২.০০ অসমীয়া বৈদ্যুতিন আলোচনী
        তথ্য-প্ৰযুক্তিৰ বহল প্ৰসাৰে পৃথিৱীখন এখন গোলকীয় গাঁৱত পৰিণত কৰিছে। আজিৰ প্ৰতিযোগিতামুখৰ পৃথিৱীখনত ভাষা এটাৰ স্বকীয় চিনাকিৰ বাবে ইণ্টাৰনেটত ভাষাটোক উপস্থাপন কৰাটো সময়ৰ আহ্বান বুলিব পাৰি। ই-পৃথিৱীখনত পৰ্যাপ্ত আধিপত্য নাথাকিলে ভাষা এটা জীয়াই থকাটো বা এক বিশ্বজনীন চিনাকি লাভ কৰাটো বৰ্তমান কঠিন হৈ পৰিছে বুলিব পাৰি। আজিৰ পৃথিৱীখনত ভাষা এটাক জীয়াই ৰাখিবলৈ তথা এক বিশ্বজনীন চিনাকি লাভ কৰিবলৈ ইণ্টাৰনেট জগতত নিজৰ এক স্থান ৰাখিব লাগিব। এনে উপলব্ধিৰ ফলতেই বিভিন্ন অসমীয়া ই-আলোচনীৰ জন্ম হৈছে। উপযুক্ত প্ৰচাৰ-প্ৰসাৰৰ অভাৱৰ বাবে ইতিমধ্যে বহুবোৰ ভাষাৰ মৃত্যু হৈছে। এই ক্ষেত্ৰত ‘ইউনিক’ড’ নামৰ এক কাৰিকৰী মানক ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ যোগেদি বিভিন্ন আঞ্চলিক ভাষাসমূহে ই-বিশ্বৰ পৃথিৱীখনত নিজৰ স্থিতি আৰু স্বকীয়তা প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। ই-বিশ্বত অসমীয়া ভাষা-সাহিত্যক তুলি ধৰাৰ ক্ষেত্ৰত অসমীয়া ই-আলোচনী বা বৈদ্যুতিন আলোচনীসমূহৰ অৱদান বিচাৰ কৰিবলগীয়া।
অসমীয়া সাহিত্যৰ যুগ-বিভাজন আলোচনীকেন্দ্ৰিক হোৱা দেখা যায়। যেনে- অৰুনোদই যুগ, জোনাকী যুগ, ৰামধেনু যুগ আদি। “ইংৰাজী বা বাংলা সাহিত্যত কিছুমান আলোচনীয়ে বিশিষ্ট ভূমিকা লোৱা সত্ত্বেও একোখন আলোচনীৰ নামেৰে একোটা যুগক চিহ্নিত কৰাৰ প্ৰথা প্ৰচলিত হোৱা নাই। বোধহয় অসমীয়া সাহিত্য বেছিকৈ আলোচনী নিৰ্ভৰ হোৱা কাৰণেই জোনাকী, জয়ন্তী, ৰামধেনু আদি আলোচনীৰ নামেৰে এনেদৰে যুগবিভাজনৰ চেষ্টা কৰা হ’ল। তদুপৰি এইকেইখন আলোচনীয়ে একোটা ধাৰাৰো সৃষ্টি কৰা দেখা যায়।”[1] সেয়া যি কি নহওক, সাম্প্ৰতিক সময়ত প্ৰকাশিত আলোচনীসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে, অসমীয়া আলোচনীসমূহে এক বহুমাত্ৰিক ৰূপ লাভ কৰিছে। মুদ্ৰিত মাধ্যমৰ সমান্তৰালভাৱে অসমীয়া ভাষাত বৰ্তমান কুৰিখনৰো অধিক বৈদ্যুতিন আলোচনী প্ৰকাশ হৈ আছে।
একবিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰে বিভিন্ন ক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন আনিছে। এক কথাত ক’বলৈ গ’লে আমি আজি ইণ্টাৰনেট যুগৰ মানুহ। অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনত ইণ্টাৰনেটে এক ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। অসমীয়া ভাষা-সাহিত্যৰ জগতত এক ই-বিপ্লৱ আৰম্ভ হৈছে। ছপা মাধ্যমৰ সমান্তৰালভাৱে অসমীয়া ভাষা-সাহিত্যক ই-বিশ্বত সবল ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে সূচনা হোৱা এই ই-বিপ্লৱক বিভিন্নজনে অসমীয়া ভাষা-সাহিত্যৰ ‘ই-জোনাকী যুগ’ বুলি অভিহিত কৰিছে। এই ই-বিপ্লৱৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন ই-আলোচনী, ৱেবছাইট, অভিধান আদিৰ জন্ম হৈছে।
        হিমজ্যোতি তালুকদাৰৰ সম্পাদনা আৰু পৰিকল্পনাৰ ফচল ‘এনাজৰী ডট কম’ (১৩ মাৰ্চ, ২০১০) হৈছে অসমীয়া সাহিত্যৰ ‘ই-জোনাকী যুগ’ক সমৃদ্ধ কৰা প্ৰথম অসমীয়া ই-আলোচনী। ২০১০ চনৰ ১৩ মাৰ্চৰপৰা শুভাৰম্ভ হোৱা অসমীয়া বৈদ্যুতিন আলোচনীয়ে বৰ্তমান ঠন ধৰি উঠিছে। এই আলোচনীসমূহে ইউনিক’ড লিপিৰ যোগেদি অসমীয়া সাহিত্য জগতলৈ এক পৰিৱৰ্তন আনিছে। অসমীয়াত এতিয়ালৈকে পঁচিশখনৰো অধিক অসমীয়া বৈদ্যুতিন আলোচনী প্ৰসাৰ হৈ আছে। সেইসমূহৰ ভিতৰত প্ৰধানভাৱে উল্লেখ কৰিব পাৰি—[2] এনাজৰী (www.enajori.com), সন্ধান (www.xondhan.com), তীৰভূমি (www.tirbhumi.com), সাহিত্য ডট অৰ্গ (www.xahitya.org), অসমীয়া অনলাইন (www.assameseonline.com), নীলা চৰাই (www.nilacharai.com), আই (www.assamesepoetry.com), সেউজী ধৰণী (www.sadic2crs.blogspot.in), গণিত চ’ৰা (www.gonisora.com), সৃষ্টিৰ জিলিঙনি (www.sristirjilingoni.wordpress.com), প্ৰতিবিম্ব (www.mumbaipratibimba.com), কবিতা (www.aai.ind.in), ফেঁহুজালি (www.fehujali.com), অনুভৱ (www.anubhob.com), স্পন্দন (www.spondonsph.com), আমি অসমীয়া (www.amiasomiya.com), অভিজ্ঞানম (www.abhigyanom.com), আখৰ (www.akhor.com), আৰম্ভণি (www.arambhani.com), মণিকূট (www.manikut.wordpress.com), প্ৰজন্ম (www.prajonma.wordpress.com), লখিমপুৰ অনলাইন (www.lakhimpuronline.com), অনুৰাগ (www.onurag.org), দ্যচাই (www.thesundayindian.com/as/), সমাহাৰ (www.xomaharmag.com) ইত্যাদি।
৩.০০ ‘সাহিত্য ডট অৰ্গ’ আৰু অসমীয়া বৈদ্যুতিন সাহিত্য
        অসমীয়া ই-আলোচনীসমূহৰ ভিতৰত ‘সাহিত্য ডট অৰ্গ’ অন্যতম। এক অনন্য কৰ্ম-পদ্ধতি আৰু উদ্দেশ্য আগত লৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তত বাস কৰা কেইজনমান অসমীয়া ভাষাপ্ৰেমী নতুন প্ৰজন্মৰ উদ্যোগত আৰম্ভ হোৱা এটা অভিলাষী প্ৰকল্প হৈছে ‘সাহিত্য ডট অৰ্গ’ (www.xahitya.org)। ইয়াৰ জন্মৰ আঁৰত আছে ‘সামাজিক আদান-প্ৰদান সঁজুলি’ (Social Networking Site) ফে’চবুকৰ ‘অসমীয়াত কথা-বতৰা’ (অকব) নামৰ গোটটো। ফে’চবুকত অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাৰ কথা ক’বলৈ গ’লে পোনতে নাম ল’ব পাৰি ‘অকব’ৰ। প্ৰযুক্তিৰ পৃথিৱীখনত অসমীয়া ভাষাটোক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আগত লৈ ২০১০ চনৰ শেষৰ ফালে এই গোটটো আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল অসমীয়া ইউনিক’ড লিপিত লেখা-মেলা কৰা। অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা আৰু অসমীয়া ভাষাক বিশ্বমুখী কৰাৰ এক প্ৰচেষ্টা হিচাপে ফে’চবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটটোত প্ৰকাশিত নিৰ্বাচিত লেখাসমূহৰ লগতে অন্যান্য বহিঃ উৎসৰ পৰা সংগ্ৰহ কৰা লেখাসমূহৰ প্ৰকাশৰ এক মঞ্চ হিচাপে ২০১১ চনৰ জুলাই মাহৰ পৰা ‘সাহিত্য ডট অৰ্গ’ নামৰ অসমীয়া ই-আলোচনীখন প্ৰকাশ কৰা হয়।
এই গোটত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক আছে। এই গোটৰ প্ৰশাসক আৰু ম’ডাৰেটৰসকল হ’ল— Deepjyoti Borah, Mousumee Bori, Mridul Kumar Sharmah, Pankaj Barah, Bhaskarjyoti Das, Jyotirupam Dutta, Anjal Borah, Rupankar Choudhury, Mitali Barman, Manjit Nath, Dhrubajyoti Sarma আৰু অৰুণজ্যোতি দাস। এই কথা উল্লেখ কৰিবলগীয়া যে, ফে’চবুক বৰ্তমান কেৱল যোগাযোগৰ এক মাধ্যম হৈ থকা নাই। নতুন প্ৰজন্মৰ মাজত ভাষা-সাহিত্য চৰ্চাৰ মজিয়া হিচাপেও ফে’চবুকে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। ই অসমীয়া সাহিত্যৰ বাবে নিশ্চয় সুখৰ খবৰ। এই ক্ষেত্ৰখনত বিভিন্ন ভাল লিখনিও দেখা যায়। ফে’চবুকত থকা বিভিন্ন লেখাসমূহ ‘সমল সন্ধানী আহিলা’ বা Search Engine সমূহে ইণ্টাৰনেটত বিচাৰি নাপায়। এনে কাৰণতে ফে’চবুকৰ ‘অসমীয়াত কথা-বতৰা’ (অকব) নামৰ গোটটোৱে ‘সাহিত্য ডট অৰ্গ’ (www.xahitya.org) নামৰ এটা ৱেবছাইট নিৰ্মাণ কৰে। ইয়াৰ মুখ্য পৃষ্ঠাত লিখা আছে— “মুঠৰ ওপৰত ‘সাহিত্য ডট অৰ্গ’ হৈছে ‘অসমীয়াত কথা-বতৰা’ ফে’চবুক গোটৰ উদ্যোগত অসমীয়া ইউনিক’ডত লিখা-মেলা কৰাৰ এক মুকলি মঞ্চ, এটা বৌদ্ধিক আন্দোলন।” (http://xahitya.org/about)
        ‘সাহিত্য ডট অৰ্গ’ক ২০১১ চনৰ ২৪ জুলাই তাৰিখে এক স্বন্তন্ত্ৰ অনুষ্ঠান/ৱেবছাইট হিচাপে মুকলি কৰা হৈছিল। পাছত বহল পৰিসৰত অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাৰ বাবে ২০১২ চনৰ ৫ অক্টোবৰত ‘ভাষা সাহিত্য সন্মিলনী, অসম’ নামৰ সংস্থাটোৰ অন্তৰ্ভুক্ত কৰা হয় আৰু ইয়াক সংস্থাটোৰ মাহেকীয়া মুখপত্ৰ হিচাপে ঘোষণা কৰা হয়। এই কথা উল্লেখযোগ্য যে, ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা প্ৰস্তুত স্নাতক অসমীয়া পাঠ্যক্ৰমৰ (CBCS) এক তথ্যসূত্ৰ হিচাপে ‘সাহিত্য ডট অৰ্গ’ (www.xahitya.org)ক অন্তৰ্ভুক্ত কৰা হৈছে। (http://www.ugc.ac.in/pdfnews-with-Assamese.pdf) ‘সাহিত্য ডট অৰ্গ’ৰ প্ৰথম সংখ্যাৰ সম্পাদক আছিল মনোজ মন কলিতা। জানুৱাৰী, ২০১৮ সংখ্যাৰ সম্পাদক হ’ল পল্লৱী গোস্বামী। ‘সাহিত্য ডট অৰ্গ’ আলোচনীখনেই সম্ভৱ International Standard Serial Number (ISSN 2321-5097) প্ৰাপ্ত প্ৰথম অসমীয়া ই-আলোচনী।
‘অসমীয়াত কথা-বতৰা’ গোটত বিশ্বৰ বিভিন্ন প্ৰান্তৰ অসমীয়া লোক সদস্য হিচাপে আছে আৰু তেওঁলোকে একেখন উমৈহতীয়া মঞ্চত সাহিত্য চৰ্চা কৰিছে তথা বিভিন্ন বিষয়ত আলোচনা কৰিছে। বিশ্বায়ন তথা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশৰ বাবেই এনে এক উমৈহতীয়া মঞ্চ সম্ভৱ হৈছে। ৪ ফেব্ৰুৱাৰী, ২০১৮ চনলৈকে ‘অকব’ গোটৰ সদস্য সংখ্যা হ’ল ৬৬,৯১৭ জন (সন্ধিয়া ০৯:৪১ বজালৈকে)। পৃথিৱীৰ ৬০ খনৰো অধিক দেশত ‘সাহিত্য ডট অৰ্গ’ৰ নিয়মীয়া লেখক-পাঠক আছে। সম্পূৰ্ণ বিনামুলীয়া এই মঞ্চত কাৰো ব্যক্তিগত অধিকাৰ নাই। খৰতকীয়া প্ৰকাশ আৰু পাঠকৰ চলন্ত মতামতে ‘সাহিত্য ডট অৰ্গ’ক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। তলত ‘অকব’ৰ মুঠ সদস্য সংখ্যা, সক্ৰিয় সদস্য সংখ্যা আদিৰ এক পাৰিসাংখ্যিক চিত্ৰ দিয়া হ’ল—

                            উৎসঃ Dipjyoti Borah: ‘অকব’ৰ প্ৰশাসন আৰু কিছু কথা (https://facebook.com/groups/axomiyakothabotora/permalink/1702997913086031/, December 27, 2017)
অসমীয়া বৈদ্যুতিন সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত ‘সাহিত্য ডট অৰ্গ’ৰ ভূমিকাৰ বিষয়ে এনেদৰে আলোচনা কৰিব পাৰি—
৩.০১ অসমীয়া লিপিত অসমীয়া সাহিত্য চৰ্চাৰ এক মুকলি মঞ্চ প্ৰদান
‘সাহিত্য ডট অৰ্গ’ আলোচনীখনে অসমীয়া লিপিত অসমীয়া সাহিত্য চৰ্চাৰ এক মুকলি মঞ্চ প্ৰদান কৰিছে। ইয়াত ৰোমান লিপিত অসমীয়া লিখাটো মানা। এচাম নতুন লেখক সৃষ্টিৰ ক্ষেত্ৰতো ‘সাহিত্য ডট অৰ্গ’ৰ ভূমিকা মন কৰিবলগীয়া। ইয়াৰপৰা নিৰ্বাচিত লেখা ইতিমধ্যে অসমৰ কেইবাখনো প্ৰতিষ্ঠিত কাকতে প্ৰকাশৰ বাবে গ্ৰহণ কৰি নতুন লেখকক উৎসাহিত কৰিছে। অসমৰ কেইবাজনো প্ৰতিষ্ঠিত আৰু নবীন লেখকে ‘সাহিত্য ডট অৰ্গ’ত সাহিত্য চৰ্চা কৰাটো এক গুৰুত্বপূৰ্ণ দিশ। ২০১৩ চনৰ ফেব্ৰুৱাৰী সংখ্যাৰপৰা প্ৰকাশ পোৱা নলিনীধৰ ভট্টাচাৰ্যৰ ‘মৌ-সনা সোঁৱৰণী’ হৈছে ইণ্টাৰনেটত প্ৰকাশিত অসমীয়া ভাষাৰ প্ৰথম আত্মজীৱনী। ‘সাহিত্য ডট অৰ্গ’ আলোচনীখনে মুদ্ৰিত সাহিত্য আৰু ই-সাহিত্যৰ মাজত এক সমন্বয়ো স্থাপন কৰিছে। ইয়াত প্ৰকাশিত ৩০ জন উদীয়মান লেখকৰ নিৰ্বাচিত লেখাক লৈ দিগন্ত ওজাই ‘অসমীয়া সাহিত্যৰ ই-সঁফুৰা’ নামৰ এখন ছপা গ্ৰন্থ সম্পাদনা কৰি উলিয়াইছে। এই গ্ৰন্থখন ২০১২ চনৰ ডিচেম্বৰত গুৱাহাটী গ্ৰন্থমেলাত মুকলি কৰা হৈছিল।
তিনি মাহৰ (১১ ছেপ্তেম্বৰ, ২০১৭ - ২৬ ডিচেম্বৰ,২০১৭) পাৰিসাংখ্যিক বিশ্লেষণৰ যোগেদি এই কথা প্ৰকাশিত হৈছে যে,  ‘অসমীয়াত কথা-বতৰা’ গোটৰ সক্ৰিয় সদস্য সংখ্যা ৪৫,০০০-৪৬,০০০ৰ ভিতৰত, দৈনিক গঢ়ে ৪০-৫০ টাকৈ লেখা আৰু ১,০০০-১,২০০ টা কমেণ্ট আহে। (পাৰিসাংখ্যিক চিত্ৰ চাওক) ইয়াৰে নিৰ্বাচিত লেখাসমূহ ‘সাহিত্য ডট অৰ্গ’ত প্ৰকাশ কৰা হয়।
ইণ্টাৰনেটৰ পৃথিৱীখনত অসমীয়া ভাষাৰ এক সবল স্থিতি নিৰ্মাণৰ বাবে ‘সাহিত্য ডট অৰ্গ’ৰ যোগেদি বিভিন্ন পদক্ষেপো হাতত লোৱা হৈছে। উদাহৰণ হিচাপে ক’ব পাৰি যে, এই প্ৰকল্পৰ আধাৰত ভৱিষ্যতে অসমীয়া ভাষাৰ বাবে প্ৰয়োজনীয় বিভিন্ন কম্পিউটাৰ সঁজুলিৰ বিকাশ, বিতৰণ আৰু বিনামূলীয়া প্ৰশিক্ষণৰ লক্ষ্য হাতত লোৱা হৈছে।
৩.০২  অসমীয়া সাহিত্যৰ ইউনিক’ড ৰূপান্তৰণ
অসমীয়া সাহিত্যৰ ইউনিক’ড ৰূপান্তৰণৰ ক্ষেত্ৰত ‘সাহিত্য ডট অৰ্গে’ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ যোগেদি অসমীয়া সাহিত্যৰ ভালেমান মূল্যৱান সম্পদৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সম্ভাৱনা আশা কৰিব পাৰি। এই ক্ষেত্ৰত ‘অসমীয়াত কথা-বতৰা’ গোটৰ সদস্যসকলে বিশেষ আগভাগ লৈছে। তেওঁলোকে স্বেচ্ছামূলক অৱদানেৰে বিভিন্ন অসমীয়া সাহিত্যৰ ইউনিক’ড ৰূপান্তৰণ কৰিছে। ইয়াৰ ফলত ই-বিশ্বত অসমীয়া সাহিত্য উপলব্ধ হৈছে। মহাপুৰুষ দুজনাৰ কীৰ্ত্তন আৰু নামঘোষা; ভূপেন হাজৰিকাৰ ৭০০ গানৰ কথা; লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা আদিৰ লেখা ইউনিক’ড মাধ্যমেৰে সমগ্ৰ পৃথিৱীকে বিনামূলীয়াভাৱে উপলব্ধ কৰাই ইতিহাস সৃষ্টি কৰিছে। তলত তাৰ এখন তালিকা দিয়া হ’ল—
ক্ৰ. নং
গ্ৰন্থ/লেখাৰ নাম
ইউনিক’ডকৰণ
প্ৰকাশৰ সময়
১
শংকৰদেৱৰ ‘কীৰ্ত্তন’
হিমজ্যোতি তালুকদাৰ, প্ৰতিম প্ৰতাপ বৰুৱা, ধনজিৎ কলিতা, কৌশিক বৰা, ঈশানজ্যোতি বৰা, মিতালী বৰ্মন, মঞ্জিল কোঁৱৰ, অজয়লাল দত্ত আদি
১৫ জুলাই, ২০১২
২
মাধৱদেৱৰ ‘নামঘোষা’
প্ৰতিম প্ৰতাপ বৰুৱা
১৫ জুন, ২০১২
৩
মাধৱদেৱৰ ‘অৰ্জুন-ভঞ্জন’
নিতুল বৰা
১৪ মে’, ২০১৪
৪
গণেশ গগৈৰ ‘শকুনিৰ প্ৰতিশোধ’
দীপাংকৰ চেতিয়া
১৪ এপ্ৰিল, ২০১৪
৫
ভূপেন হাজৰিকাৰ গীত
উল্লেখ নাই
১৫ নৱেম্বৰ, ২০১১
তালিকাঃ ১
৩.০৩ লোকসাহিত্যৰ সংগ্ৰহালয়
        অসমীয়া লোকসাহিত্যৰ এক আৰ্কাইভ হিচাপেও ‘সাহিত্য ডট অৰ্গে’ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই আলোচনীখনে বিভিন্ন লোকসাহিত্য ইউনিক’ড মাধ্যমেৰে সংৰক্ষণ কৰি ৰাখিছে। যেনে—
লোকসাহিত্য
সংকলক
প্ৰকাশৰ সময়
নিচুকনি গীত
সুস্মিতা বৰা
১৬ অক্টোবৰ, ২০১১
ডাকৰ বচন
বৰ্ণালী দেউৰী বৰা
১৬ অক্টোবৰ, ২০১১
গোৱালপৰীয়া লোককথা
জয়দীপ চক্ৰৱৰ্তী
১৪ ছেপ্টেম্বৰ, ২০১৪
নামনিৰ চৰ অঞ্চলত প্ৰচলিত ফকৰা-যোজনা
জয়দীপ চক্ৰৱৰ্তী
১৪ জুলাই, ২০১৪
তালিকাঃ ২
৩.০৪ শ্ৰব্য গ্ৰন্থ
        ‘সাহিত্য ডট অৰ্গে’ অসমীয়া কালজয়ী গ্ৰন্থসমূহৰ শ্ৰব্য ৰূপ নিৰ্মাণেৰে সংৰক্ষণ আৰু ইণ্টাৰনেট যোগে বিনামূলীয়া বিতৰণৰ লগতে দৃষ্টিহীনসকলৰ বাবে এক বহুমূলীয়া তথ্য-ভাণ্ডাৰ গঢ়ি তোলাৰ লক্ষ্যৰে ইতিমধ্যে চাৰিখন শ্ৰব্য গ্ৰন্থও মুকলি কৰিছে। যেনে— লক্ষ্মীনাথ বেজবৰুৱাৰ ‘গদাধৰ ৰজা’ (১৫ নৱেম্বৰ, ২০১১), ‘হ-য-ব-ৰ-ল’ (১৬ ডিচেম্বৰ, ২০১১) আদি। বেজবৰুৱাৰ ‘গদাধৰ ৰজা’ নাটখনি ‘বাঁহী’ আলোচনীৰ ৩য়-৪ৰ্থ সংখ্যা (১৮৪০ শক)ত প্ৰকাশ পাইছিল। বেজবৰুৱাই এই নাটখনিক ‘চ’ৰাঘৰীয়া ভাৱনা’ (A Drowing Room Play) বুলিছে। ইয়াৰ এক নাট্য-পাঠ ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটৰ এটা পৰীক্ষামূলক প্ৰকল্পৰ যোগেদি স্বেচ্ছামূলক অৱদানেৰে প্ৰস্তত কৰা হৈছে। নাটকখনৰ সামগ্ৰিক পৰিকল্পনা আৰু প্ৰযোজনা উদ্দীপ তালুকদাৰৰ। চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে মৌচুমী ভূঞা চৌধুৰী (জাৰ্মানী), মিতালী বৰ্মন (নতুন দিল্লী), মৃণালজ্যোতি গোস্বামী (অসম), প্ৰদ্যুৎজ্যোতি শইকীয়া (অসম) আৰু পংকজ বৰা (নৰৱে)ই।
৩.০৫ অসমীয়া লিখন-সঁজুলিৰ একত্ৰিত সম্ভাৰ যোগান
        কম্পিউটাৰ, লেপটপ আৰু ম’বাইল ফোন আদিত অসমীয়া লিখিবলৈ কিছুমান সঁজুলিৰ প্ৰয়োজন। বৰ্তমান সময়ত এনে বিভিন্ন সঁজুলিৰ বিকাশ সাধন হৈছে। অসমীয়া লিখিবলৈ ব্যৱহাৰ কৰা বিভিন্ন লিখন সঁজুলিসমূহৰ উপৰি অন্যান্য আনুষংগিক প্ৰয়োজনীয় নানা আহিলা; যেনে— অভিধান, প্লাগ-ইন, ফণ্ট আদিও নিৰ্মিত হৈছে। অসমীয়া ভাষা-সাহিত্যক ই-বিশ্বত উপস্থাপন কৰিবৰ বাবে এনে লিখন-সঁজুলি আৰু আহিলাৰ প্ৰয়োজন। ‘সাহিত্য ডট অৰ্গে’ এনে বিভিন্ন লিখন-সঁজুলি আৰু আহিলা যোগান ধৰিছে। ‘সাহিত্য ডট অৰ্গ’ৰ ৱেবচাইটত থকা ‘অসমীয়া লিখন সঁজুলি সম্ভাৰ’ (Link: http://www.xahitya.org/useful-links) শীৰ্ষকত ক্লিক কৰি এই লিখন-সঁজুলি আৰু আহিলাসমূহ ডাউনল’ড কৰিব পাৰি। তলত কেইটামান লিখন সঁজুলি আৰু আহিলাৰ নাম উল্লেখ কৰা হ’ল— লাচিত (Lachit), ৰ’দালি (Rodali), জাহ্নৱী ৱৰ্ড প্ৰচেছৰ (Jahnabi Word Processor) আদি লিখন-সঁজুলি; শব্দ কী ব’ৰ্ড (Xobdo Keyboard), ৰ’দালি কী ব’ৰ্ড (Rodali Keyboard); চন্দ্ৰকান্ত অভিধান (Chadrakanta Dictionary), শব্দ অভিধান (Xobdo Dictionary), অসমী অভিধান (Axomi); Mozilla Firefox-ৰ বাবে বানান পৰীক্ষক প্লাগ-ইন লাচিত, Google Chrome-ৰ বাবে স্বয়ংক্ৰিয় পৰামৰ্শদাতা প্লাগ-ইন চিলাৰায় আদি।
৪.০০ সামৰণি আৰু সিদ্ধান্তঃ
        এই চমু বিশ্লেষণৰ অন্তত আমি এনে কিছুমান সিদ্ধান্ত আগবঢ়াব পাৰোঁ—
·         ফে’চবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটটোৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ অসমীয়া লোকসকলক একত্ৰিত কৰিছে আৰু অসমীয়া ইউনিক’ড লিপিত অসমীয়া সাহিত্য চৰ্চাৰ এখন মুকলি মঞ্চ প্ৰদান কৰিছে।
·         অসমীয়া সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ‘অকব’ আৰু ‘সাহিত্য ডট অৰ্গে’ এক প্ৰধান ভূমিকা পালন কৰিছে। বিভিন্ন অসমীয়া সাহিত্যৰ ইউনিক’ড ৰূপান্তৰণৰ যোগেদি ই ইণ্টাৰনেটৰ বহল পৃথিৱীখনত অসমীয়া সাহিত্যক উপস্থাপন কৰিছে।
·         শ্ৰাব্য গ্ৰন্থ মুকলি কৰি অসমীয়া বৈদ্যুতিন সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিছে।
·         অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰকাশ, লোকসাহিত্যৰ সংগ্ৰহ আৰু ইউনিক’ডকৰণৰ যোগেদি সংৰক্ষণ, অসমীয়া ভাষাৰ ৰূপতত্ত্ব সম্পৰ্কীয় আলোচনা প্ৰকাশ ‘সাহিত্য ডট অৰ্গ’ৰ এক উল্লেখযোগ্য অৱদান।
·         অসমীয়া লিখন-সঁজুলি আৰু আহিলাৰ একত্ৰিত সম্ভাৰ যোগান ধৰাটো ‘সাহিত্য ডট অৰ্গ’ৰ এটা প্ৰধান দিশ। অসমীয়া ই-সাহিত্যৰ বিকাশ আৰু প্ৰচাৰ তথা প্ৰসাৰৰ বাবে এই কাৰিকৰী সঁজুলিসমূহৰ নিতান্তই প্ৰয়োজন।
—–
References
[1].       Pawlicka, Urszula: ‘Towards a History of Electronic Literature’,              Comparative
Literature and Culture, Purdue University Press, Purdue University, Volume: 16, Issue: 5, 2014
[2].       Fabio, De Vivo: eLiterature: Literature in the Digital Era: Definition, Concept and Status, PDF
[3].       Karhio, Prieto & Rettberg (ed.): 2015: The End(s) of Electronic Literature, ELMCIP, University of Bergen, Dept. of Linguistic, Literary and Aesthetic Studies, Norway, 2015
[4].       University of Notre Dam Press: Electronic Literature: New Horizons for the Literary, University of Notre Dam Press, Indiana, 2008, PDF
[5].       https://www.facebook.com/groups/axomiyakothabotora/
[6].       দত্ত, জ্যোতিৰূপমঃ ‘সাহিত্য ডট অৰ্গ’ আলোচনীখনৰ সম্পাদকসকলৰ নাম আৰু প্ৰকাশৰ সময়, Available at— https://www.facebook.com/notes/অসমীয়াত-কথা-বতৰা/সাহিত্য-ডট-অৰ্গ-আলোচনীখনৰ-সম্পাদকসকলৰ-নাম-আৰু-প্ৰকাশৰ-সময়/1694890103896812. Accessed: 22/01/2018
[7].       চমুৱা, নৱ কুমাৰঃ ‘অসমীয়া বৈদ্যুতিন আলোচনী’, উদ্ভাস, ১ম বছৰ, ১ম সংখ্যা, জুন, ২০১৫ (www.udbhashonline.vpweb.in)
[8].       অধিকাৰী, শুকদেৱ (সম্পা):‘অসমীয়া সংস্কৃতি আৰু বিশ্বায়ন’, অসমীয়া বিভাগ, ধিং কলেজ, প্ৰথম প্ৰকাশঃ জুন, ২০১১



[1] হৰেকৃষ্ণ ডেকা, ‘ৰামধেনু যুগৰ পৰৱৰ্তী সময়ৰ অসমীয়া চুটিগল্পৰ গতি-প্ৰকৃতি’, প্ৰান্তৰ, দৈনিক জনমভূমি, ৪ ছেপ্তেম্বৰ, ২০১৩
[2] নৱ কুমাৰ চমুৱা, অসমীয়া বৈদ্যুতিন আলোচনী, উদ্ভাস, ১ম বছৰ, ১ম সংখ্যা, জুন, ২০১৫ (www.udbhashonline.vpweb.in)
 পৃ. ১-২