Friday, 3 April 2020

পূৰবী বৰমুদৈৰ ‘ফুলপাহৰ শব্দ’ গল্পত প্ৰকাশিত শিশু মনস্তত্ত্ব

সৃষ্টিৰ পৃথিৱী


স্নাতক চতুৰ্থ ষান্মাসিক (উচ্চমান)
অসমীয়া গদ্য-সাহিত্য (পঞ্চম কাকত)
গোটঃ ৪
শ্ৰেণী শিক্ষকঃ মৃদুল মৰাণ
অসমীয়া বিভাগ, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়

        পূৰবী বৰমুদৈৰ ‘ফুলপাহৰ শব্দ’ গল্পটোত শিশু মনস্তত্ত্বৰ সজীৱ আৰু মনোমোহা চিত্ৰ কিছুমান পোৱা যায়। তলত এই সম্পৰ্কে আলোচনা কৰিবলৈ যত্ন কৰা হ’ল। মূল আলোচনালৈ যোৱাৰ আগতে অৱশ্যে শিশু মনস্তত্ত্বৰ এক পৰিচয়মূলক আভাস দিব বিচৰা হৈছে—

শিশু মনস্তত্ত্বঃ
        মানুহৰ বিকাশৰ স্তৰসমূহক বহলভাৱে চাৰিটা ভাগত ভাগ কৰা হৈছে— শৈশৱ কাল, বাল্য কাল, কৈশোৰ কাল আৰু বয়ঃপ্ৰাপ্তি বা প্ৰাপ্তবয়স্ক কাল। শৈশৱ কাল মানুহৰ বিকাশৰ প্ৰথম স্তৰ। মনোবিজ্ঞানীসকলৰ মতে ইয়াৰ সময়সীমা হ’ল জন্মৰপৰা ৫ বছৰলৈ। বয়সৰ স্তৰ আৰু লিংগ অনুসৰি মানুহৰ মনস্তত্ত্ব বেলেগ বেলেগ। শিশু মনস্তত্ত্বৰো এক নিজা চৰিত্ৰ আছে। মানুহৰ মনস্তত্ত্ব অধ্যয়নৰ বাবে এক সুকীয়া বিজ্ঞান আছে— মনোবিজ্ঞান। মনোবিজ্ঞানৰ যিটো শাখাই শিশু মনস্তত্ত্ব সম্পৰ্কে অধ্যয়ন কৰে, তাক শিশু মনোবিজ্ঞান বুলি কোৱা হয়। শিশু মনোবিজ্ঞানে শিশুৰ আচৰণ তথা মনস্তত্ত্ব সম্পৰ্কে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰে। শিশু মনোবিজ্ঞানীসকলে দাঙি ধৰা শিশু মনস্তত্ত্বৰ কেতবোৰ বৈশিষ্ট্য এনেধৰণৰ— সৰ্বপ্ৰাণবাদিতা, ক্ৰীড়াপ্ৰৱণতা, অনুসন্ধিৎসা বা কৌতূহলপৰায়ণতা, কল্পনাপ্ৰৱণতা, সৰলতা, ভাষাৰ বিকাশ, অনুকৰণপ্ৰিয়তা, প্ৰবৃত্তিমূলক আচৰণ, স্বাধীনপ্ৰয়াসী মন ইত্যাদি।

‘ফুলপাহৰ শব্দ’ গল্পটোত ওপৰত উল্লেখ কৰা শিশু মনস্তত্ত্বৰ প্ৰায়বোৰ বৈশিষ্ট্যই প্ৰকাশিত হৈছে। অৱশ্যে সকলোবোৰ বৈশিষ্ট্যই যে স্পষ্ট আৰু সাৰ্থক ৰূপত চিত্ৰিত হৈছে, তেনে নহয়। কিছুমান বৈশিষ্ট্যৰ নামমাত্ৰ আভাসহে পোৱা যায়। তলত গল্পকাৰে শিশু মনৰ কোনবোৰ দিশ কেনেকৈ দাঙি ধৰিছে, তাৰ এক আভাস দাঙি ধৰিবলৈ যত্ন কৰা হৈছে। লগতে গল্পটোত শিশু মনৰ চিত্ৰ অংকনত গল্পকাৰৰ সফলতা-বিফলতা বিচাৰ কৰিবলৈও প্ৰয়াস কৰা হৈছে।

‘ফুলপাহৰ শব্দ’ গল্পত প্ৰকাশিত শিশু মনস্তত্ত্বৰ দিশঃ

১. সৰ্বপ্ৰাণবাদিতাঃ
        শিশুৱে চৌপাশৰ পৰিৱেশৰ সকলো পদাৰ্থতে প্ৰাণ প্ৰতিষ্ঠা কৰে আৰু সেয়ে শিশুৱে নিজৰ নিচিনাকৈ সকলো পদাৰ্থৰে সুখ-দুখ, যন্ত্ৰণাৰ অনুভৱ আছে বুলি ভাবে। ইয়াকে সৰ্বপ্ৰাণবাদিতা বোলা হয়। গল্পটোত এনে প্ৰসংগৰ উল্লেখ পোৱা যায়। যেনে— “হাত ছিগা পুতলাটোত এতিয়াও তাই প্ৰাণ প্ৰতিষ্ঠা কৰে।”
২. অনুসন্ধিৎসা বা কৌতূহলপৰায়ণতাঃ
        শৈশৱ কালত শিশুৰ অনুসন্ধিৎসাপ্ৰৱণতা অতি প্ৰবল হয়। নতুন পৃথিৱীখনে তেওঁলোকৰ সন্মুখত অপাৰ বিস্ময়ৰ উৎস হিচাপে দিয়ে। মনত উদয় হোৱা অনেক প্ৰশ্নৰ উত্তৰ বিচাৰি তথা নজনা কথা জনাৰ হেঁপাহৰ বাবেই শিশুৱে ডাঙৰক অনেক চিত্ৰ-বিচিত্ৰ, যুক্তিকৰ-অযুক্তিকৰ প্ৰশ্ন কৰে। প্ৰশ্ন সোধাৰ প্ৰৱণতা বা কৌতূহল প্ৰবৃত্তি শৈশৱ কালত অধিক হয় বাবেই এই সময়ছোৱাক শিশু মনোবিজ্ঞানীসকলে ‘প্ৰশ্ন সোধাৰ বয়স’ বুলি নামকৰণ কৰিছে। গল্পটোত ফুলপাহ চৰিত্ৰটোৰ মাজেদি শিশুৰ এনে মনস্তত্ত্ব প্ৰকাশ কৰা হৈছে— “ফুলপাহৰ মনত খুদুৱাই থাকে অনেক প্ৰশ্নই। অনৰ্গল তাইৰ মনলৈ বিভিন্ন প্ৰশ্ন আহি থাকে। …উত্তৰ পোৱা প্ৰশ্ন বাঢ়ে, উত্তৰ নোপোৱা প্ৰশ্নও বাঢ়ে।”
৩. কল্পনাপ্ৰৱণতাঃ
        শিশুৰ এটা প্ৰধান বিশেষত্ব হ’ল কল্পনাবিলাস। শিশুৰ মানসিক ক্ষমতা সাধাৰণতে সীমিত আৰু বাস্তৱ অভিজ্ঞতা কম। সেইবাবে শিশুৱে বাস্তৱ আৰু কল্পনাৰ মাজৰ পাৰ্থক্য উপলব্ধি কৰিব নোৱাৰে। শিশুৰ কল্পনা অবাস্তৱ ধৰণৰ। শিশুৰ কল্পনাৰ জগত বা মনোজগতৰ কেইবাখনো মনোৰম চিত্ৰ গল্পকাৰে গল্পটোত দাঙি ধৰিছে। শিশুৰ কল্পনাপ্ৰৱণতা তুলি ধৰিবলৈ যাওঁতে গল্পকাৰে সপোনৰ আশ্ৰয় লৈছে। সপোনৰ সেই জগতখন ফুলপাহৰ নিজা জগত, সকলো শিশুৰে আপোন জগত— “কেতিয়াবা ৰঙা, কেতিয়াবা নীলা, কেতিয়াবা সেউজীয়া। দিনৌ বেলেগ বেলেগ তাৰ ৰং।” শিশুৰ সেই জগতৰ কোনো ভৌগোলিক সীমা নাথাকে। সেই জগতত নাথাকে ফুল, চৰাই, পখিলা, জীৱ-জন্তু, শিশুৰ মাজৰ পাৰ্থক্য। সেই জগতখনত ফুলপাহে মেকুৰী পোৱালিৰ লগত লুকাভাকু খেলে। চৰাই পোৱালি, মেকুৰী পোৱালি, গৰু পোৱালিয়েও তাইৰ লগত খেলিবলৈ আহে। কল্পনাৰ সেই জগতখনত ফুলপাহ এজনী পখিলা হয়। জিলমিলীয়া পাখিত ভৰ দি তাই ফুলে ফুলে উৰি ফুৰে। আকাশৰ জোনবাই, তৰাৰ থুপবোৰো সংগ হয় ফুলপাহৰ।
৪. ক্ৰীড়াপ্ৰৱণতাঃ
        শৈশৱ কালত শিশুৱে খেলা-ধূলা কৰি সময় কটাবলৈ বিচাৰে। খেলাৰ মাজেৰে শিশুৱে আন শিশুৰ লগত বন্ধুত্ব স্থাপন কৰে আৰু সামাজিক হ’বলৈ শিকে। শিশু মনস্তত্ত্বৰ এই দিশটো গল্পটোৰ মাজত বিশেষভাৱে চিত্ৰিত হৈছে। স্কুলৰ পৰা আহিয়েই ফুলপাহ পুতলা লৈ খেলাত ব্যস্ত হৈ পৰে। ফুলপাহৰ খেলাৰ সংগ কেৱল পুতলাবোৰ নহয়। ফুলনিৰ ফুল, মেকুৰী পোৱালি অথবা গৰু পোৱালি— এই সকলোবোৰ ফুলপাহৰ খেলাৰ লগৰীয়া। ফুলনিৰ মাজত তাই পখিলাৰ দৰে উৰি ফুৰা খেলটো খেলি ভাল পায়।
        এদিন স্কুলৰপৰা লগৰ ছোৱালী এজনীক ফুলপাহে ঘৰলৈ লৈ আহিল। মাকে কিয় আনিলি বুলি সোধাত তাই কৈছে— “খেলিবলৈ।” স্কুলৰপৰা আহিয়েই তাই পুতলাবোৰৰ লগত খেলাত ব্যস্ত হৈ পৰে। হাত ছিগা পুতলা, চকু এটা নোহোৱা শহা, খেলনা কাঁহী-বাতি, ফটাকানিৰ কইনা ইত্যাদিবোৰ ফুলপাহৰ বাবে পৰম সম্পদ।
৫. ভাষাৰ বিকাশঃ     
        শৈশৱ কালছোৱা শিশুৰ ভাষা শিকাৰ সময়। শিশুৰ ভাষা আহৰণ প্ৰক্ৰিয়াত পৰিয়াল, সামাজিক অনুষ্ঠান, যোগাযোগৰ মাধ্যম আদি কাৰকবোৰ জড়িত হৈ থাকে। গল্পকাৰে শিশুৰ এই বৈশিষ্ট্যও গল্পটোত প্ৰকাশ কৰিছে। গল্পটোত ফুলপাহে ঘৰত অসমীয়া, স্কুলত ইংৰাজী আৰু টি. ভি. চাই হিন্দী ভাষা শিকাৰ কথা পোৱা যায়।
৬. সৰলতাঃ
        শিশুৰ হৃদয় সৰল। সেই সৰল হৃদয়বোৰে কল্পনা আৰু বাস্তৱৰ সীমাৰেখাডাল বহুসময়ত ধৰিব নোৱাৰে। এনে কাৰণতেই শিশুৱে সাধুকথাৰ জগতৰ চৰিত্ৰবোৰকো বাস্তৱ পৃথিৱীখনত সহজে বিচাৰি পায়। গল্পটোত ফুলপাহে আকাশত উৰি থকা চিলনী এজনী দেখি ‘চিলনীৰ জীয়েকৰ সাধু’ৰ চিলনীজনীয়ে জীয়েকলৈ বুলি মণি-মুকুতা, গোন্ধতেল বিচাৰি ফুৰিছে বুলি ভবাৰ কথা আছে।
৭. প্ৰবৃত্তিমূলক আচৰণঃ
        শিশুৰ আচৰণ সহজাত প্ৰবৃত্তিৰদ্বাৰা পৰিচালিত হয়। অৱশ্যে বয়স হৈ অহাৰ লগে লগে শিশুৰ প্ৰবৃত্তিমূলক আচৰণসমূহ বিচাৰ-বুদ্ধিৰদ্বাৰা নিয়ন্ত্ৰিত হ’বলৈ ধৰে। গল্পটোত ফুলপাহৰ প্ৰবৃত্তিমূলক আচৰণো চমুকৈ প্ৰকাশ কৰা হৈছে— ফুলপাহে মাক আৰু আইতাকৰ লগত কাজিয়া কৰে, ঠেঁহ লাগিলে কন্দা-কটা কৰি বস্তু দলিয়ায়।
৮. স্বাধীনতাপ্ৰয়াসী মনঃ
        শিশুৰ মন স্বাধীনপ্ৰয়াসী। শিশুসকলে চিন্তা-চৰ্চা আৰু কাম-কাজত আনৰ হস্তক্ষেপ নিবিচাৰে। শিশুৱে কঠোৰ বান্ধোন বেয়া পায়। অধিক শাসনৰ মাজত ৰাখিলে শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশো যথোপযুক্ত নহয়। সেয়ে শিশুক প্ৰয়োজনীয় স্বাধীনতা প্ৰদান কৰিব লাগে। গল্পটোত ফুলপাহে ‘ডাঙৰ মানুহৰ নিয়ম-নীতি নিৰ্ধাৰিত জগত’খনৰপৰা আঁতৰি নিজা জগত এখনত বিচৰণ কৰিবলৈ বিচৰাৰ কথা সুন্দৰকৈ প্ৰকাশ কৰা হৈছে। লগৰ ছোৱালীজনীৰ লগত খেলি থকা সময়খিনিত মাকে কথা পাতিবলৈ বিচৰাত ফুলপাহ বিৰক্ত হৈছে। কাৰণ, সেই সময়খিনিত তাই মুকলিমূৰীয়াভাৱে খেলিবলৈ বিচাৰিছে। এনে কাৰণতে বিৰক্তি প্ৰকাশ কৰি মাকক কৈছে— “আমি খেলি আছোঁ দেখা নাই নেকি?”

শিশু মনৰ চৰিত্ৰ অংকনত গল্পকাৰৰ সফলতাঃ
        এই আলোচনাৰ অন্তত ক’ব পাৰি যে, গল্পকাৰ পূৰবী বৰমুদৈ শিশু মনস্তত্ত্বৰ স্বৰূপ প্ৰকাশত সফল হৈছে। বিশেষকৈ শিশুৰ মনোজগতৰ চিত্ৰ তুলি ধৰিবলৈ সপোনৰ যি প্ৰসংগ অৱতাৰণা কৰিছে, সেয়া যথেষ্ট সজীৱ আৰু আকৰ্ষণীয়। শিশু মনৰ চৰিত্ৰ অংকনত গল্পকাৰৰ সফলতা বিষয়ক দিশসমূহ সংক্ষেপে তলত উল্লেখ কৰা হ’ল—
Ø শিশুৰ কল্পনাৰ জগতখনৰ স্বৰূপ অংকনত গল্পকাৰ সম্পূৰ্ণৰূপে সফল বুলিব পাৰি। সপোনৰ প্ৰসংগ টানি আনি শিশুৰ স্বপ্নময় জগতখন গল্পকাৰে তুলি ধৰিছে।
Ø শিশুৰ ক্ৰীড়াপ্ৰৱণতাৰ দিশটো চিত্ৰিত কৰাৰ ক্ষেত্ৰতো গল্পকাৰৰ দক্ষতা প্ৰকাশিত হৈছে। হাত ছিগা পুতলা, এটা চকু নোহোৱা শহা আদি চিত্ৰবোৰে শিশুৰ ক্ৰীড়াপ্ৰৱণতাৰ লগত সম্পৃক্ত দিশ এটা সজীৱ ৰূপত প্ৰকাশ কৰিছে।
Ø বাস্তৱ-অবাস্তৱৰ পাৰ্থক্য চিনিব নোৱাৰা সৰল শিশু হৃদয়ৰ পৰিচয় দাঙি ধৰিবলৈ ‘চিলনীৰ জীয়েকৰ সাধু’ৰ লগত জড়িত যি প্ৰসংগ গল্পকাৰে উত্থাপন কৰিছে, তাৰ মাজেদিয়েই শিশুৰ সৰলতাৰ শক্তিশালী প্ৰকাশ ঘটিছে।
Ø শিশুৰ স্বাধীনতাপ্ৰয়াসী মনৰ স্বৰূপ তুলি ধৰাৰ ক্ষেত্ৰতো গল্পকাৰ সফল বুলিব বুলি।
Ø ফুলপাহে আইতাকক সোধা ‘আপোনাক হাস্পাতালৰ পৰা আনোঁতে মই ক’ত আছিলোঁ?’ বুলি প্ৰশ্নটোৱে শিশুৰ কৌতূহল প্ৰবৃত্তিৰ দিশ এটাত স্পষ্টকৈ পোহৰ পেলাইছে।

শিশু মনৰ চৰিত্ৰ অংকনত গল্পকাৰৰ বিফলতাঃ
        গল্পকাৰে শিশু মনৰ বিভিন্ন বৈশিষ্ট্য গল্পটোৰ মাজলৈ আনিছে যদিও সকলোবোৰ বৈশিষ্ট্য সমানভাৱে প্ৰকাশ কৰা নাই। কিছুমান বৈশিষ্ট্যৰ সামান্য আভাস একোটাহে পোৱা যায়। অৱশ্যে ইয়াক একে আষাৰে গল্পকাৰৰ বিফলতা বুলি কৈ দিবও নোৱাৰি। কাৰণ— ‘ফুলপাহৰ শব্দ’ গল্পটো শিশুৰ বাবে লিখা গল্প নহয় অথবা শিশু মনৰ বৈশিষ্ট্য তুলি ধৰাও গল্পকাৰৰ মূল উদ্দেশ্য নহয়। শিশুৰ সৰলতা আৰু নিষ্কলুষতাক আধাৰ হিচাপে লৈ উদাৰ মানৱীয়তাৰ কথাহে গল্পকাৰে ক’বলৈ বিচাৰিছে। ক্ৰমে সংকীৰ্ণ আৰু আত্মকেন্দ্ৰিক বলয়ত সোমাই পৰা মানুহৰ হৃদয় প্ৰেমৰ মহানাদেৰে উত্তাপিত হোৱাটো গল্পকাৰে বিচাৰিছে—
               (ক) আমাক এটা উমৈহতীয়া ভাষা লাগে। হৃদয় বুজাব পৰা ভাষা।
(খ) আমাৰ প্ৰয়োজন হৃদয়ৰ নিঃশব্দ শব্দৰ— প্ৰেমৰ মহানাদ।
        গল্পটোত শিশু মনৰ যিবোৰ দিশ বিশেষ প্ৰভাৱশালী ৰূপত চিত্ৰিত হোৱা নাই, সেইবোৰ তলত চমুকৈ উল্লেখ কৰা হ’ল—
Ø শিশুৰ মনৰ প্ৰধান বৈশিষ্ট্য সৰ্বপ্ৰাণবাদিতা প্ৰকাশক চিত্ৰ গল্পটোত বিশেষ শক্তিশালী ৰূপত চিত্ৰিত হোৱা নাই যেন বোধ হয়। এই দিশটোৰ প্ৰতি গুৰুত্ব দিয়া হ’লে মূল বক্তব্য প্ৰকাশৰ ক্ষেত্ৰতো নিশ্চয় সহায়ক হ’লহেঁতেন।
Ø ভাষাৰ বিকাশৰ দিশটো স্পষ্ট কৰি তোলা চিত্ৰও তেনেকৈ গল্পটোত নাই। কেৱল উল্লেখৰ সলনি ভাষাৰ বিকাশক তুলি ধৰিব পৰাকৈ দুই এটা উদাহৰণ থকা হ’লে গল্পটো হয়তো আৰু অধিক মনোৰম হ’লহেঁতেন।
Ø গল্পৰ মূল বিষয়বস্তু প্ৰকাশত সহায় নকৰিলেও প্ৰবৃত্তিমূলক আচৰণ প্ৰকাশক দুখনমান স্পষ্ট চিত্ৰ থকা হলে গল্পটোৰ পঠনীয় দিশ আৰু বৃদ্ধি পালেহেঁতেন।
Ø শিশুৰ অনুকৰণপ্ৰিয়তাৰ দেখা-নেদেখা চিত্ৰ এখনহে গল্পটোত আছে।

এনে কিছুমান দিশ বাদ দি পূৰবী বৰমুদৈৰ ‘ফুলপাহৰ শব্দ’ এটা বৈশিষ্ট্যসূচক গল্প। গল্পটোৰ ভাষা, ৰচনা-কৌশল আকৰ্ষণীয়। সমাজ-জীৱনৰ জটিলতা, আত্মকেন্দ্ৰিকতাৰ মাজতো গল্পকাৰে শিশুসুলভ সৰল আৰু স্বাৰ্থপৰতাহীন জীৱন এটা কামনা কৰিছে। হৃদয়ৰ নিঃশব্দ শব্দ, প্ৰেমৰ মহানাদত আকাশ মুখৰিত হোৱাৰ, ন-পৃথিৱী গঢ়াৰ সপোন দেখিছে। ইয়াকে কৰিবলৈ যাওঁতে গল্পকাৰে শিশু মনৰ দিশবোৰৰ আশ্ৰয় লৈছে। এনে কাৰণতে গল্পকাৰে শিশু মনৰ সকলোবোৰ দিশ স্পষ্টকৈ তুলি ধৰা নাই যদিও সেই দিশখিনি নিশ্চয় আওকাণ কৰিব পাৰি।

চৈয়দ আব্দুল মালিকৰ ‘স্পন্দন’ গল্পটোৰ কেইটিমান বৈশিষ্ট্য

সৃষ্টিৰ পৃথিৱী

স্নাতক চতুৰ্থ ষান্মাসিক (উচ্চমান)
অসমীয়া গদ্য-সাহিত্য (পঞ্চম কাকত)
গোটঃ ৪

শ্ৰেণী শিক্ষকঃ মৃদুল মৰাণ
অসমীয়া বিভাগ, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়


১৯৩৫ চনত ‘জেউতি’ নামৰ আলোচনীত প্ৰকাশিত ‘বন্ধ কোঠা’ নামৰ গল্পটোৰ যোগেদি চৈয়দ আব্দুল মালিকে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। আৱাহন যুগতে মালিকে গল্পকাৰ ৰূপে সুপ্ৰতিষ্ঠা লাভ কৰিছিল। যুদ্ধোত্তৰ বা ৰামধেনু যুগতো তেওঁৰ ৰচনা অব্যাহত আছিল। প্ৰায় ছয় দশক চৈয়দ আব্দুল মালিকে নিৰন্তৰে গল্প ৰচনা কৰিছিল। অসমীয়া গল্প লেখকসকলৰ ভিতৰত আটাইতকৈ সৰহসংখ্যক গল্প তেওঁৰ কাপৰপৰাই ওলাইছে। অসমীয়া চুটিগল্পৰ অদ্বিতীয় গল্প লেখক মালিকক সমালোচক প্ৰহ্লাদ কুমাৰ বৰুৱাই ‘গল্প সম্ৰাট’ আখ্যা দিব পাৰি বুলি কৈছে।
দুটা যুগ সামৰি মালিকে প্ৰায় ছয় দশক কাল চুটিগল্প ৰচনা কৰিছিল। আৱাহন আৰু ৰামধেনু যুগৰ সেতু স্বৰূপ আছিল মালিক। চল্লিশৰ দশক পৰ্যন্ত ৰচনা কৰা মালিকৰ প্ৰায়বোৰ গল্পত আৱাহনযুগীয় গল্পৰ শিথিল বান্ধোন, বৰ্ণনা-বাহুল্য আৰু ৰোমাণ্টিক আৱেশ পৰিলক্ষিত হয়। অৱশ্যে লাহে লাহে চল্লিশৰ দশকৰ শেহৰ ফালে মালিকৰ গল্প বাস্তৱবাদিতাৰ ওচৰ চাপি আহে। মালিকৰ গল্প পুথিসমূহ হ’ল— পৰশমণি, ৰঙা-গড়া, মৰহা পাপৰি, এজনী নতুন ছোৱালী, শিখৰে শিখৰে, শিল আৰু শিখা, মৰম মৰম লাগে, অস্থায়ী আৰু অন্তৰা, তিনিচকীয়া গাড়ী আদি।
তলত মালিকৰ ‘তিনিচকীয়া গাড়ী’ গল্প-সংকলনৰ ‘স্পন্দন’ শীৰ্ষক গল্পটোৰ কেইটিমান বৈশিষ্ট্য নিৰূপণৰ প্ৰয়াস কৰা হ’ল—

নৰ-নাৰীৰ প্ৰেমৰ চিত্ৰঃ
        মালিকৰ আন বহুতো গল্পৰ দৰে ‘স্পন্দন’ গল্পটোতো নৰ-নাৰীৰ প্ৰেমৰ চিত্ৰ, ৰোমাণ্টিক পৰিৱেশ এটা আছে। প্ৰায় ৩৫ বছৰৰ মূৰত মণিকা দাস আৰু মহমুদ ৰেজাৰ দেখা হৈছে। সেই মুহূৰ্তত দুয়ো আৱেগিক আৰু স্মৃতিকাতৰ হৈ পৰিছে। সেয়ে কিবা এটা ক’ব খুজি কিবা এটা কৈ পোৱাৰ চিত্ৰ গল্পটোত আছে। কলেজীয়া দিনত দুয়োৰে মাজত এক আন্তৰিক সম্পৰ্ক আছিল। গল্পকাৰৰ ভাষাত তাৰ নাম তেতিয়া প্ৰেম দিয়া হৈছিল— “সেই ছোৱালীজনীৰ (মণিকা দাস) লগত মহমুদ ৰেজা নামৰ এজন সহপাঠী কলেজীয়া ডেকাৰ চিনাকি হৈছিল, আত্মীয়তা হৈছিল, হৃদ্যতা হৈছিল, ছোৱালীজনীক ভাল পাই সি কবিতা লিখিছিল।”
গল্পকাৰে বৰ্ণনা আৰু কথোপকথনৰ আশ্ৰয়ত ৰোমাণ্টিক পৰিৱেশ একোটা চিত্ৰণ কৰিছে। যেনে—
(১)     সংলাপঃ
(ক)    মোক লৈ তুমি লেখা সকলো কবিতা মই আজিও থৈ দিছোঁ। তাত তুমি আমাৰ সম্পৰ্কৰ আৰু এটা নাম দিছিলা...।
(খ)    তোমাৰ ঠিকনা দিবা নেকি?
        ঘৰৰ নে মনৰ?
        তুমি সেই তাহানিৰ নিচিনা কথা কৈছা।
(২)    বৰ্ণনাঃ
(ক)    “মানুহগৰাকীৰ চকু-মুখত ক’ৰবাৰ ৰঙা তেজ এখিনি আহি থূপ খালেহি, তেওঁৰ কাণৰ ওপৰৰ আৰু কপালৰ আগৰ পকা মিহি চুলিখিনিৰ ৰংটো যেন হঠাৎ কিচকিচিয়া ক’লা হৈ গ’ল। তেওঁৰ শেঁতা, কোমল ধুনীয়া ওঁঠ দুটা যেন জেতুকাবুলীয়া হৈ উঠিল।”

কাৰুণ্যমিশ্ৰিত ৰোমাণ্টিকতাঃ
        ‘স্পন্দন’ গল্পটোত মণিকা আৰু ৰেজাৰ প্ৰেমৰ প্ৰসংগ আছে যদিও সেই প্ৰেম কাৰুণ্যমিশ্ৰিত। ধৰ্মীয় প্ৰাচীৰৰ বাবে তেওঁলোকৰ প্ৰেমে বিবাহৰ স্বীকৃতি পোৱাৰ পৰা বঞ্চিত হৈছিল বা দুয়ো স্ব-ইচ্ছাই আঁতৰি গৈছিল। মণিকা বঙালী (হিন্দু) আৰু মহমুদ ৰেজা আছিল অসমীয়া মুছলমান। প্ৰকৃততে দুয়োজনেই ধৰ্মৰ প্ৰাচীৰ অতিক্ৰমি বৈবাহিক জীৱন এটা আৰম্ভ কৰাৰ সাহস কৰিব পৰা নাছিল। ইয়াৰ পৰিণতিত ৰেজাৰ ল’ৰাকালৰ বন্ধু পৰেশ দত্তৰ লগত মণিকাৰ বিয়া হৈ যায়। বিয়ালৈ যাবলৈ অথবা শুভেচ্ছা জনাবলৈও ৰেজাই সাহস কৰিব পৰা নাছিল। বিচ্ছেদৰ যাতনাত দগ্ধ হৈ ৰেজাই কবিতা লিখিছিল। সেই কবিতাত আছিল ৰোমাণ্টিক অন্তৰ্বেদনাৰে ভৰা ডেকা হৃদয়ৰ দুখ আৰু অশান্তি। লাহে লাহে ৰেজাই বেদনাৰ পৰাই প্ৰেমৰ গভীৰতা উপলব্ধি কৰিবলৈ শিকিলে। আত্ম-সম্বৰণ কৰিবলৈ শিকিলে বাৰ্ণচৰ কবিতাৰ পংক্তি আওৰায়—
                       Had we never loved so kindly,
                       Had we never loved so kindly,
                       Never loved and never parted,
                       We would not been broken-hearted.
বাৰ্ণচৰ এনে ৰোমাণ্টিক কাৰুণ্য নিহিত হৈ থকা কবিতাৰ উদ্ধৃতিয়ে গল্পটোত কাৰুণ্যমিশ্ৰিত ৰোমাণ্টিকতাৰ পৰিৱেশ এটা সৃষ্টি কৰাত সহায় কৰিছে বুলিব পাৰি। আনফালে মণিকাই তাইক লৈ ৰেজাই লিখা সকলো কবিতা সযতনে সাঁচি ৰাখিছিল। প্ৰায় পয়ত্ৰিশ বছৰৰ পিছত তেওঁলোকৰ দেখাদেখি হয় আৰু পূৰ্বৰ প্ৰেমৰ স্মৃতি জাগি উঠে। নিজৰ অতীতৰ কথা সোঁৱৰণ কৰি দুয়ো আৱেগিক হৈ পৰিছে। ৰেজাই মণিকাৰ বিয়াৰ তাৰিখটোও পাহৰি যোৱা নাছিল। মণিকাক লগ পোৱাৰ পিছত এই কথাবোৰ ৰেজাৰ মনলৈ আকৌ আহিছিল— “বিয়াৰ তাৰিখটো আজিও মনত আছে— ১০ জুন।”
সমালোচক প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মতে জীৱনৰ কৰুণ মধুৰ উপলব্ধিৰ ক্ষেত্ৰত মালিকৰ গল্পই এণ্টন চেখভৰ গল্পৰ ওচৰ চাপিব খোজে। সেই হ’লেও চেখভৰ গল্পত থকা গভীৰ জীৱন-জিজ্ঞাসা মালিকৰ গল্পত সাৰ্থকভাৱে অনুভূত নহয়।

চৰিত্ৰৰ মনস্তাত্ত্বিক বিশ্লেষণঃ
        চৰিত্ৰৰ মনোজগতৰ বৰ্ণনাও গল্পটোত পোৱা যায়। বিশেষকৈ মণিকা, ৰেজা আৰু পৰেশ দত্তৰ মনোজগতৰ বৰ্ণনা গল্পকাৰে দাঙি ধৰিছে। ৰেজাই নিজৰ অসহায় অৱস্থা ঢাকিবৰ বাবে এয়াৰপ’ৰ্টত এনেয়ে কেতিয়াবা আকাশৰ ফালে, কেতিয়াবা কৰ্মচাৰীসকলৰ ফালে আৰু কেতিয়াবা আন যাত্ৰীৰ ফালে চাই থকাৰ কথা পোৱা যায়। নিজৰ নিজৰ ভালপোৱাক বিসৰ্জন দি মণিকা আৰু ৰেজা দুয়োজনেই প্ৰকৃত অৰ্থত সুখী হ’ব পৰা নাছিল। সেয়ে মণিকাই পুৰণি কথাবোৰ মনত পেলাই বৰ্তমানৰ ক্ষতিবোৰৰ দুখ সহ্য কৰিবলৈ চেষ্টা কৰে।
        ৰেজাই মণিকাক পাহৰিবলৈ দুখৰ কবিতা পঢ়িছিল, দুখৰ কবিতা লিখিছিল। পৰেশ দত্তৰ লগত মণিকাৰ বিয়া হৈ যোৱা কথাটোত ৰেজাৰ কোনো আত্মগ্লানি আৰু অভিযোগ নাছিল বুলি কোৱা হৈছে যদিও সেয়া এক আত্ম-প্ৰৱঞ্চনাহে বুলিব পাৰি। ভবা মতে জীৱনৰ কামবোৰ নহ’লে মানুহৰ মনক বিষাদে আৱৰি ধৰে। ৰেজাৰ জীৱনলৈও এনে দিন আহিছে। সেয়ে তেওঁ ভাবিবলৈ বাধ্য হৈছে— “আমাৰ হাতৰ মুঠিৰপৰা আমাৰ জগতখন যেতিয়া বাহিৰ ওলাই যায়, আৰু যেতিয়া আমি বৰ অসহায় হৈ পৰোঁ, তেতিয়া মনক বিষাদ-বিষণ্নতাই আগুৰি ধৰে। মনটো গধুৰ লাগে।”
        মণিকাই স্বামী পৰেশ দত্তৰ আগত তাইৰ সকলো কথা, ৰেজাৰ লগত থকা আন্তৰিকতাৰ কথা কৈছিল। মণিকাৰ মতে পৰেশেও সকলোবোৰ সহজ ৰূপে লৈছিল। মণিকাই “বিবাহিত জীৱনত আমি বৰ সুখী’’ বুলি কৈছে যদিও ক’ৰবাত যেন কিবা এক ব্যৱধান আছিল। পৰেশ দত্তক যেন মণিকা আৰু ৰেজাৰ মাজত থকা সম্পৰ্কই কেতিয়াবা আমনি কৰিছিল। ইয়াৰ প্ৰমাণ পৰেশৰ দুটা বক্তব্যৰ মাজত পাব পাৰি—
(ক)  “টোপোলা-টাপলিহে খুলি চাব, মনৰ ভিতৰখন খুলি নেচায়— ভয় নকৰিবা।”— এয়াৰপ’ৰ্টত চিকিঅ’ৰিটি চেকৰ সময়ত ৰেজাই কৈছিল যে, আজিকালি সকলোবোৰ তন্ন-তন্নকৈ খুলি চায়। তেতিয়া পৰেশ দত্তই ৰেজাক উদ্দেশ্যি উক্ত কথাষাৰ কৈছিল। ৰেজাৰ মনত এতিয়াও মণিকাৰ প্ৰতি থকা আন্তৰিকতাৰ উমান পাই পৰেশে তেনেকৈ কৈছিল।
(খ)    “চীটবেল্ট ভালকৈ বান্ধি ৰাখিবাহে ৰেজা, নহ’লে চীটৰপৰা উফৰি পৰিবা।”— পৰেশে ৰেজাক উদ্দেশ্য কৰি কোৱা এই কথাটোৰ মাজতো অন্য এক ইংগিতহে আছে। সেয়া হ’ল— নিজকে সংযত কৰি ৰাখক, পুৰণি প্ৰেমৰ মাজলৈ আকৌ উভতি যোৱাটো ভাল নহয়।

মনোজ্ঞ কাহিনীঃ
        আৱাহনযুগীয় গল্প আছিল কাহিনীপ্ৰধান। চৈয়দ আব্দুল মালিক আছিল আৱাহন আৰু ৰামধেনু এই দুয়োটা যুগৰে গল্পকাৰ। মালিকৰ অন্য গল্পবোৰৰ দৰে ‘স্পন্দন’ গল্পটোতো এটা কাহিনী আছে আৰু সেই কাহিনীটো মনোজ্ঞ বুলিব পাৰি। কাহিনীটো অৱশ্যে গতানুগতিকভাৱে বৰ্ণনা কৰা নাই। গল্পটোত কাহিনী-কথন বা কাহিনীৰ নিৰ্মাণ-শৈলী ব্যতিক্ৰম বুলিব পাৰি। গল্পটোত বাংগালোৰত কনষ্ট্ৰাকচন ইঞ্জিনিয়াৰ কাম কৰা মখদুম ৰছুল নামৰ অসমীয়া মুছলমান যুৱক এজন আৰু তুলিকা নামৰ ১৭ বছৰীয়া হিন্দু ছোৱালী এজনীৰ অন্তৰ জাতি-প্ৰেম আৰু বিবাহক (inter caste love and marriage) মৰ্যাদা দিয়াৰ কথা প্ৰকাশিত হৈছে। অৱশ্যে গল্পকাৰে পোনপটীয়াকৈ এই কথা প্ৰকাশ কৰা নাই। তুলিকাৰ মাতৃ মণিকা আৰু মখদুমৰ পিতৃ মহমুদ ৰেজাৰ মাজেদিহে সেই কথা গল্পটোত তুলি ধৰা হৈছে। এই কথা উল্লেখযোগ্য যে, মণিকা আৰু ৰেজাৰ মাজত এটা সময়ত প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু ধৰ্মীয় বাধা-নিষেধৰ বাবে সেই সম্পৰ্ক স্থায়ী নহ’ল। অসম্পূৰ্ণ প্ৰেমৰ যন্ত্ৰণা দুয়োজনেই কঢ়িয়াই ফুৰিছিল। ৰেজাই পুতেকৰ বিয়া ভাঙিবৰ বাবে বাংগালোৰলৈ গৈছিল। কিন্তু গৈ পোৱাৰ পূৰ্বেই তেওঁলোকৰ বিয়া হৈ গ’ল। পুত্ৰৰ এনে কাৰ্যই তেওঁক হতাশ কৰিছিল। তেওঁ অপমানবোধো কৰিছিল। ঘূৰি আহোঁতে মণিকাক লগ পোৱাৰ পিছত আৰু মণিকাৰ ছোৱালী তুলিকা মুছলমান ল’ৰা এজনৰ লগত প্ৰেমৰ পৰাৰ কথা শুনি তেওঁ অৱশ্যে অন্তৰ-জাতি প্ৰেম আৰু বিবাহক স্বীকৃতি দিছে। কাৰণ— বিচ্ছেদৰ যন্ত্ৰণাই তেওঁক ভাবিবলৈ বাধ্য কৰালে যে, প্ৰেমৰ ক্ষেত্ৰত হিন্দু-মুছলমান প্ৰাচীৰ হ’ব নালেগে। ধৰ্মীয় প্ৰাচীৰ অতিক্ৰমি প্ৰেমক স্বীকৃতি দি মানুহ সুখী হ’ব পাৰে। তাতে ধৰ্মৰ প্ৰাচীৰৰ বাবেই তেওঁলোকৰ প্ৰেমে স্বীকৃতি পোৱা নাছিল। যাৰ বাবে তেওঁলোকে হৃদয়ৰ কোনোবাখিনিত শূন্যতা কঢ়িয়াই লৈ ফুৰিব লগা হৈছিল।

মানৱতাবোধঃ
        ‘স্পন্দন’ গল্পটোৰ মাজেদি মানৱতাবোধৰ ছবি এখনৰো উমান পাব পাৰি। গল্পকাৰে গল্পটোত ক’বলৈ বিচাৰিছে যে, প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত অন্তৰ-জাতি বাধা হ’ব নালাগে। মানৱীয়তাৰ এনে বাৰ্তা গল্পটোত কলাসুলভভাৱে ব্যক্ত হৈছে। এই বিষয়ক কোনো প্ৰচাৰধৰ্মী বক্তব্য গল্পটোত নাই।

সামাজিক সচেতনতাঃ
        বিবাহৰ ক্ষেত্ৰত থকা ধৰ্মীয় প্ৰাচীৰৰ প্ৰসংগ গল্পটোত আছে। মণিকা আৰু মহমুদ ৰেজাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল যদিও ৰেজাই মণিকাক বিয়া কৰোৱাৰ কথা ভাবিব পৰা নাছিল। তাৰ কোনো সম্ভাৱনাও নাছিল। কাৰণ, সেই সমাজখনে ভিন্ন ধৰ্মৰ লোকৰ মাজত হোৱা বৈবাহিক সম্পৰ্কক স্বীকৃতি দিয়া নাছিল। ৰেজা আৰু মণিকা শিক্ষিত আছিল যদিও ধৰ্মই বান্ধি দিয়া পৰিসৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰা নাছিল। সেয়ে বিচ্ছেদক দুয়োৱে স্বাভাৱিক বুলি ভাবি ইজন সিজনৰ পৰা আঁতৰি গৈছিল। মণিকাৰ ছোৱালী তুলিকাই মুছলমান ল’ৰা এটাৰ প্ৰেমত পৰিছিল। আনফালে ৰেজাৰ তৃতীয় ল’ৰাটোৱে হিন্দু ছোৱালী এজনীক ভাল পাই তাইৰ লগত বিয়াত বহিছিল। ৰেজাই হিন্দু আৰু মুছলমানৰ মাজত হোৱা এই বিবাহক স্বীকৃতি দি কৈছে— “...আজিৰ ল’ৰা-ছোৱালীক সিহঁতৰ নিজৰ মতে জীৱনক ল’বলৈ দিয়া। আমাৰ দিনত আমি হৃদয়ৰ পথেৰে যোৱাৰ ওপৰত বিশ্বাস কৰিছিলোঁ। ফলত অযথা বহুত দুখ-বেদনাৰে জীৱন ভাৰাক্ৰান্ত কৰি তুলিছিলোঁ।”
        এইদৰে গল্পটোৰ মাজেদি গল্পকাৰৰ সমাজ-সচেতনতাৰ প্ৰকাশ ঘটিছে বুলিব পাৰি। গল্পকাৰে ক’বলৈ বিচৰা কথাখিনি হ’ল— বিবাহৰ ক্ষেত্ৰত ধৰ্ম প্ৰাচীৰ হ’ব নালাগে। ল’ৰা-ছোৱালীবোৰক নিজৰ মতে জীৱনক ল’বলৈ দিব লাগে। কেৱল হৃদয়ৰ পথেৰে গ’লে অযথা দুখ-বেদনাৰে জীৱন ভাৰাক্ৰান্ত হৈ পৰিব পাৰে। সেয়ে অনুভূতিক মৰ্যাদা দিব পৰাকৈ মানুহ সাহসী হ’বলৈ শিকিব লাগে।

কাব্যিক গুণধৰ্মিতাঃ
কাব্যিক গুণধৰ্মিতা মালিকৰ গল্পৰ অন্য এটা বিশেষত্ব। ভাষাৰ সাৱলীলতা, বৰ্ণনাভংগীৰ মাধুৰ্য, কল্পনা শক্তিৰ তীব্ৰতা, অনুভূতিৰ সূক্ষ্মতা, উপমা, বক্ৰোক্তি আৰু ব্যঞ্জনাধৰ্মী পৰিস্থিতি নিৰ্মাণ আদি বিশেষত্বৰ বাবে মালিকৰ গল্প কাব্যিক গুণধৰ্মী হৈ উঠিছে। এই বৈশিষ্ট্য ‘স্পন্দন’ গল্পটোৰ মাজতো পৰিলক্ষিত হয়। তলত গল্পটোত প্ৰয়োগ হোৱা উপমা অলংকাৰৰ উদাহৰণ দাঙি ধৰা হ’ল—
(ক)    তেওঁৰ শেঁতা, কোমল ওঁঠ দুটা যেন জেতুকাবুলীয়া হৈ পৰিল।
(খ)    কলডিলীয়া মুখ

এই সংক্ষিপ্ত আলোচনাৰ সামৰণিত ক’ব পাৰি যে, চৈয়দ আব্দুল মালিকৰ ‘স্পন্দন’ এটা সুন্দৰ গল্প। মালিকৰ কিছুমান গল্পত বাক্-সংযমৰ অভাৱ পৰিলক্ষিত হয়। কিন্তু আলোচ্য গল্পটো বৰ্ণনা-বাহুল্যৰপৰা মুক্ত বুলিব পাৰি। বৰ্ণনা কিছু পৰিমাণে আছে যদিও গল্পৰ কেন্দ্ৰীয় ভাব হেৰাই যোৱা নাই। ফলশ্ৰুতিৰ ঐক্য গল্পটোত ৰক্ষিত হৈছে। তথাপিও গল্পটোৰ দুই-এটা বাক্যত জঠৰতা আছে যেন অনুভৱ হয়। যেনে—
(ক)    বোৱাৰীয়েও কলেজ এটাত প্ৰফেচৰ কাম কৰে।
(খ)    ল’ৰাটোৱে হঠাৎ এনেকুৱা কৰি বহিব বুলি কোনে ভাবিছিল।

Tuesday, 31 March 2020

‘গুৰু চৰিতকথা’ৰ গদ্যশৈলী (১৩৪-১৩৭ অনুচ্ছেদৰ আধাৰত)

সৃষ্টিৰ পৃথিৱী

‘গুৰু চৰিতকথা’ৰ গদ্যশৈলী

(১৩৪-১৩৭ অনুচ্ছেদৰ আধাৰত)
প্ৰস্তাৱনাঃ
        প্ৰাচীন অসমীয়া গদ্যৰ নিদৰ্শন হিচাপে আৰু মধ্যযুগীয় অসমীয়া ভাষাৰ নিদৰ্শন হিচাপে ‘গুৰু চৰিতকথা’ প্ৰধান। সপ্তদশ শতিকামানত বৈষ্ণৱ সত্ৰসমূহত শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনক কেন্দ্ৰ কৰি  চৰিত পুথিসমূহ ৰচিত হৈছিল। পিছলৈ দামোদৰদেৱ, বনমালীদেৱ, গোপালদেৱ আদি অন্যান্য আতা-পুৰুষ আৰু সন্ত-মহন্তৰ জীৱনক লৈও চৰিত পুথি ৰচিত হ’বলৈ ধৰিছিল। এই চৰিত পুথিসমূহ ‘চৰিত তোলা’ বা ‘চৰিত চৰ্চা’ প্ৰথাৰ আধাৰতে সৃষ্টি হৈছিল। ‘গুৰু চৰিতকথা’ত পোৱা তথ্য মতে মাধৱদেৱে প্ৰথমে চৰিত চৰ্চাৰ পৰম্পৰা আৰম্ভ কৰে। চৰিত পুথিসমূহ গদ্য আৰু পদ্য উভয় মাধ্যমতে লিখা হৈছিল। অৱশ্যে পদ্যৰ মাধ্যমত লিখা চৰিত পুথিয়েই সৰহ। গদ্যত লিখা চৰিত পুথি দুখন হ’ল— ‘গুৰুচৰিত কথা’ আৰু ‘বৰদোৱা চৰিত’। ‘গুৰু চৰিতকথা’ পুথিখন পোনতে উপেন্দ্ৰনাথ লেখাৰুৰ সম্পাদনাত ‘কথা গুৰুচৰিত’ নামেৰে প্ৰকাশ পায় আৰু পিছত মহেশ্বৰ নেওগৰ সম্পাদনাত ‘গুৰুচৰিত কথা’ নামেৰে প্ৰকাশ পায়।
‘গুৰু চৰিতকথা’ৰ গদ্যই সপ্তদশ-অষ্টাদশ শতিকাৰ অসমীয়া গদ্যৰ নিদৰ্শন দাঙি ধৰে। সতেন্দ্ৰনাথ শৰ্মাই কৈছে যে, ইয়াত কথিত ভাষাৰ এটা অতিশয় পৰিমাৰ্জিত ৰূপ পোৱা যায়। এই গদ্য সত্ৰীয়া ভকত-সমাজত প্ৰচলিত গম্ভীৰ ভকতীয়া ঠাঁচৰ ওপৰত প্ৰতিষ্ঠিত। শৰ্মাই ভট্টদেৱৰ সাহিত্যিক গদ্য আৰু বুৰঞ্জীৰ দৈনন্দিন গদ্যৰ মাজতে চৰিত পুথিৰ গদ্যক উপস্থাপন কৰিব পাৰি বুলি কৈছে। উপেন্দ্ৰনাথ গোস্বামীয়ে ‘কথা গুৰুচৰিত’ৰ ভাষা সম্পৰ্কে কৈছে যে, ইয়াৰ ভাষা বুৰঞ্জীৰ ভাষাৰ নিচিনাই এটা সমন্বয়ৰ ভাষা। ইয়াৰ ভাষাতো পুৰণি অসমীয়া, পশ্চিম অঞ্চলৰ অসমীয়া আৰু পূব অঞ্চলৰ অসমীয়াৰ সুন্দৰ মিশ্ৰণ ঘটিছে।
‘গুৰু চৰিতকথা’ৰ গদ্য কথিত ভাষাৰ আধাৰত প্ৰতিষ্ঠিত হ’লেও ইয়াৰ গদ্য বিচিত্ৰ। অৰ্পণা কোঁৱৰে ‘প্ৰাচীন অসমীয়া গদ্যশৈলী’ গ্ৰন্থত এনে বিচিত্ৰতাৰ আঁৰত তিনিটা কাৰণ নিহিত হৈ আছে বুলি কৈছে—
(ক)    প্ৰথমতে— ইয়াৰ ভাষা আৰু প্ৰকাশভংগী মূলতঃ সত্ৰানুষ্ঠানৰ ভকত-বৈষ্ণৱ সমাজত প্ৰচলিত কথিত ভাষা আৰু কথনভংগী।
(খ)    দ্বিতীয়তে— আঞ্চলিক হেঁচাৰ হেতু অসমৰ পশ্চিম অঞ্চলত ব্যৱহৃত বিভিন্ন শব্দৰ সমাহাৰ ঘটিছে আৰু কথনভংগীৰ প্ৰভাৱত কিছু সুকীয়া ৰূপ পৰিগ্ৰহ কৰিছে।
(গ)    তৃতীয়তে— শংকৰদেৱ আৰু মাধৱদেৱে উত্তৰ ভাৰতত তীৰ্থ ভ্ৰমণ কৰি অহাৰ পিছত সেইবোৰ ঠাইত যি দেখিছিল আৰু শুনিছিল সেইদৰে তীৰ্থ ভ্ৰমণৰ কাহিনী ভক্তসকলৰ আগত বৰ্ণনা কৰিছে। ফলত আৰবী-পাৰ্চী, তুৰ্কী আদি শব্দৰাজি ‘গুৰু চৰিতকথা’ৰ জৰিয়তে অসমীয়া ভাষালৈ প্ৰৱেশ ঘটিছে।
‘গুৰু চৰিতকথা’ৰ গদ্যশৈলীৰ বিশেষত্বঃ
        ‘গুৰু চৰিতকথা’ৰ গদ্যশৈলীৰ বিশেষত্ব সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে শৈলীগত আৰু ভাষাগত দিশবোৰ পোহৰলৈ আনিবলৈ যত্ন কৰা হৈছে। ভাষাগত দিশৰ আলোচনাত ধ্বনিগত, ৰূপগত, শব্দগত আৰু বাক্যগত— এই চাৰিওটা দিশেই বিচাৰ কৰা হৈছে।
(ক)   শৈলীগত বিশেষত্বঃ
(১) ‘গুৰু চৰিতকথা’ৰ উৎস হ’ল চৰিত তোলা প্ৰথা। এনে কাৰণতে ইয়াৰ গদ্যত কথোপকথনমূলক ৰীতিৰ প্ৰয়োগ দেখা যায়। সত্ৰীয়া সমাজত ভক্তসকলৰ মাজত হোৱা কথা-বতৰাৰ ৰূপ এটাৰ আদৰ্শ ‘গুৰু চৰিতকথা’ৰ গদ্যৰ প্ৰায় অংশতে দেখা যায়। এনে কথনশৈলীৰ প্ৰয়োগে চৰিতখনিৰ গদ্য আকৰ্ষণীয় আৰু সহজবোধ্য কৰি তুলিছে। যেনে— “তাৰাৰ আগত একেখাৰো মাতিব নপৰাঃ একে এখাৰে নিমাৎ কৰিবঃ বোলে মোৰ আগতহে বৰ ৰাগ গোট।। শঙ্কৰ গুৰি পালে তুমু হবা সোটালোট।। ৰাগি বোলে বলচোন জাঞ দুৰ্গা দেবীকনো কোনে কেনেকৈ খণ্ডে চাঞ…” (ছেদঃ ১৩৫) প্ৰফুল্ল কটকীয়ে ‘ক্ৰমবিকাশত অসমীয়া কথাশৈলী’ নামৰ গ্ৰন্থত ‘গুৰু চৰিতকথা’ত থকা কথোপকথনৰ বিভিন্ন ৰূপ চিনাক্ত কৰিছে— বিবৃতি, প্ৰশ্ন, প্ৰশ্নোত্তৰ, সংশয় প্ৰকাশ, সংশয় নিৰসন, উদাহৰণাদিৰ সহায়ত বক্তব্যৰ স্পষ্টীকৰণ আদি।
(২) ‘গুৰু চৰিতকথা’ৰ গদ্যৰ আন এটা প্ৰধান বৈশিষ্ট্য হ’ল কথোপকথন আৰু বিৱৰণৰ সমন্বয়। ‘গুৰু চৰিতকথা’ত কথোপকথন হঠাতে বিৱৰণলৈ আৰু বিৱৰণ হঠাতে কথোপকথনৰ সংক্ষিপ্ততালৈ ৰূপান্তৰিত হোৱা সততে দেখা যায়।
(৩) ‘গুৰু চৰিতকথা’ত নানা শাস্ত্ৰ, ঘোষা, গীত-পদৰ উদ্ধৃতি পোৱা যায়। কাৰণ, ভকতীয়া পৰিৱেশত এনে কথনভংগী সততে হৈ থাকে। এই উদ্ধৃতিবোৰে ‘গুৰু চৰিতকথা’ৰ গদ্য আকৰ্ষণীয় কৰি তুলিছে আৰু লগতে ধৰ্মীয় প্ৰলেপ এটাও সৃষ্টি কৰিছে। নিৰ্বাচিত পাঠ্যাংশতো এনে উদাহৰণ আছে। যেনে—
শ্লোকঃ “যথা তৰোমূৰ্লনিষেচনেন তৃপ্যন্তি তৎস্কগ্ধভুজোপশাখাঃ” (ছেদঃ ১৩৭)
(৪) সংক্ষিপ্ত ৰচনাৰীতি ‘গুৰু চৰিতকথা’ৰ গদ্যশৈলীৰ এক প্ৰধান বিশেষত্ব। চুটি চুটি বাক্যৰ ব্যৱহাৰে সমগ্ৰ চৰিতখনিৰ প্ৰকাশৰীতি সবল কৰি তুলিছে। কেতিয়াবা একোটা শব্দই একোটা বাক্য হৈছে। যেনে— গৌৰবৰ্ণেঃ ছত্ৰাকৃত মাথ (ছেদঃ ১৩৬) আদি।
(৫) জতুৱা-ঠাঁচ, খণ্ডবাক্য, ফকৰা-যোজনা আদিৰ বহুল প্ৰয়োগে চৰিতখনিৰ গদ্যক সজীৱতা আৰু স্বাভাৱিকতা প্ৰদান কৰিছে। যেনে— জতুৱা-ঠাঁচ, খণ্ডবাক্যঃ গাটি জাকি মাৰি (ছেদঃ ১৩৬), মুখবাদ্য কৰিলে (ছেদঃ ১৩৭) আদি।
(৫) অলংকাৰৰ প্ৰয়োগে চৰিতখনিৰ গদ্যক সৌন্দৰ্যশালী কৰি তোলাৰ লগতে সাহিত্যক গুণসম্পন্ন কৰি তুলিছে। ১৩৬ অনুচ্ছেদটো বিভিন্ন অলংকাৰৰদ্বাৰা বিশেষভাৱে সমৃদ্ধ। উদাহৰণ—
        উপমাঃ        পদ্মপাষিসদৃশ আয়ত লোচন
                       শঙ্খপ্ৰায় গ্ৰীবা
        ৰূপকঃ        নাসা তিলফুল
(খ)   ‘গুৰু চৰিতকথা’ত ভাষাৰ ধ্বনিগত বিশেষত্বঃ
(১)     ‘ত’ৰ ঠাইত ‘ৎ’ ব্যৱহাৰ কৰা দেখা যায়। যেনে—
নিমাত         নিমাৎ (ছেদঃ ১৩৫)
(২)    ‘ওঁ’ৰ ঠাইত ‘ঞ’ৰ ব্যৱহাৰ বেছি। যেনে—
               তেওঁ           তেঞ (ছেদঃ ১৩৫)
               যাওঁ           জাঞ (ছেদঃ ১৩৫)
(৩)    ‘শ’ৰ সলনি কেতিয়াবা ‘হ’ ব্যৱহাৰ কৰা দেখা যায়। যেনে— সিহৰি (ছেদঃ ১৩৬), সিৰ (ছেদঃ ১৩৭) আদি।
(৪)    ‘ক্ষ’ৰ সলনি ‘খ’ ব্যৱহাৰ কৰা হৈছে। যেনে— দখিন (ছেদঃ ১৩৭)
(৫)    ‘য’ৰ সলনি ‘জ’ ব্যৱহাৰ কৰা হৈছে। যেনে—
               যাম           জাম (ছেদঃ ১৩৫)
               যাওঁ           জাঞ (ছেদঃ ১৩৫)
(৬)    ‘য়ে’ৰ সলনি ‘এ’ ব্যৱহাৰ কৰা দেখা যায়। যেনে—
                আয়ে          আএ (ছেদঃ ১৩৪)
                দেখিয়ে        দেখিএ (ছেদঃ ১৩৬)
(গ) ‘গুৰু চৰিতকথা’ৰ ভাষাৰ ৰূপগত বিশেষত্বঃ
(১)     ‘গুৰু চৰিতকথা’ত ব্যৱহৃত কিছুমান ব্যক্তিবাচক সৰ্বনাম এনেধৰণৰ—
               তেঞঃ         তেঞ বোলে (ছেদঃ ১৩৫)
               তইঃ           মুৰ্খৰ আগত জেন কথা কহ তই (ছেদঃ ১৩৫)
               মইঃ           কিচু নজানোহো মই (ছেদঃ ১৩৫)
               মোৰঃ         মোৰ আগতহে বৰ ৰাগ গোট (ছেদঃ ১৩৫)
               তুমিঃ          তুমি হবা সোটলোট (ছেদঃ ১৩৫)
               তাৰাঃ         তাৰাৰ আগত একেখাৰো মাতিব নপৰা (ছেদঃ ১৩৫)
(২)    নঞাৰ্থক ‘ন’ সমীভূত আৰু অসমীভূত দুয়োটা ৰূপতে পোৱা যায়। যেনে—
               সমীভূত ৰূপঃ         নানিলি (ছেদঃ ১৩৫)
               অসমীভূত ৰূপঃ       নজানোহো (ছেদঃ ১৩৫), নজাঞ (ছেদঃ ১৩৭)
(৩)    ‘গুৰু চৰিতকথা’ৰ ভাষাত খান/খানি, গোটা, চলা, জনা, জুৰি, জোৰ, টা আদি নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ প্ৰয়োগ দেখা যায়। নিৰ্বাচিত পাঠ্যাংশৰপৰা এটা উদাহৰণ তলত দিয়া হ’ল—
               জোৰ          পাঠা এযোৰ (ছেদঃ ১৩৫)
(ঘ)   ‘গুৰু চৰিতকথা’ৰ ভাষাৰ শব্দগত বিশেষত্বঃ
(১)     ‘গুৰু চৰিতকথা’ৰ ভাষালৈ চকু দিলে দেখা যায় যে, ইয়াত প্ৰধানকৈ তৎসম শব্দৰ প্ৰয়োগ হৈছে। অৰ্ধ-তৎসম শব্দৰ সংখ্যা তাকৰ। নিৰ্বাচিত পাঠ্যাংশত থকা দুটামান তৎসম শব্দ এনে— স্নান, বস্ত্ৰ, বিহ্বল (ছেদঃ ১৩৪) আদি। কেতিয়াবা একোটা বাক্য সম্পূৰ্ণ তৎসম শব্দৰদ্বাৰা গঠিত হৈছে। ১৩৬ অনুচ্ছেদত এনে বাক্যৰ পয়োভৰ দেখা যায়।
(২)    ‘গুৰু চৰিতকথা’ত পশ্চিম অসমৰ ভাষাৰ অনেক প্ৰয়োগ সোমাই আছে। নিৰ্বাচিত পাঠ্যাংশতো ইয়াৰ উদাহৰণ পোৱা যায়। যেনে— পাঠা (ছেদঃ ১৩৫), লোম (ছেদঃ ১৩৬), আতা (ছেদঃ ১৩৭) আদি।
(৩)    ‘গুৰু চৰিতকথা’ত কিছুমান সুকীয়া প্ৰয়োগো পোৱা যায়। যেনে—
                মৰিল          পৈল (ছেদঃ ১৩৬)
                ভাল হ’ল      সজ হল (ছেদঃ ১৩৪)
(ঙ)   ‘গুৰু চৰিতকথা’ৰ ভাষাৰ বাক্যগত বিশেষত্বঃ
(১)     ‘গুৰু চৰিতকথা’ৰ কিছুমান বাক্য ‘আৰু’, ‘পাচে’, ‘বোলে’ আদি শব্দেৰে আৰম্ভ হৈছে। যেনে—
        (ক)    বোলে মোৰ আগতহে বৰ ৰাগ গোট (ছেদঃ ১৩৫)
        (খ)    পাচে শ্ৰীশঙ্কৰদেএ মুখবাদ্য কৰিলে (ছেদঃ ১৩৭)
        (গ)    বোলে বৰাৰ পো জোৱানে এতিয়া (ছেদঃ ১৩৭)
(২)    চুটি চুটি সৰল বাক্যৰ মাজেদিয়েই একো একোটা দাৰ্শনিক তত্ত্ব দাঙি ধৰা হৈছে। যেনে—
        (ক)    প্ৰাণৰ ভোজনে ইন্দ্ৰিয় তুষ্ট (ছেদঃ ১৩৭)
        (খ)    বতিস অলঙ্কাৰে কচালে সিৰ নহলে অশোভন (ছেদঃ ১৩৭)
(৩)    গ্ৰাম্য সহজ-সৰল কথনভংগীৰ মনোমোহা নিদৰ্শনে ‘গুৰু চৰিতকথা’ৰ বিষয়বস্তু বাস্তৱধৰ্মী আৰু ঘৰুৱা কৰি তুলিছে। যেনে—
(ক)    তেহে গুৰু বোলে অ মনোহৰি বাইৰ বেটাঃ এমান মৰধ হলনে বাটেপন্থে লগ পালেও নিচিনো নেপা।।
(৪)    ‘গুৰু চৰিতকথা’ৰ গদ্যত মাজে মাজে সম্পূৰ্ণ সংস্কৃত শব্দ ব্যৱহৃত বাক্যৰ ব্যৱহাৰো পোৱা যায়। যেনে—
ছত্ৰাকৃত মাথ (ছেদঃ ১৩৬)
নীল আকুঞ্চিত কেশ (ছেদঃ ১৩৬)
        এই আলোচনাৰ অন্তত ক’ব পাৰি যে, অসমীয়া গদ্যৰ ক্ৰমবিৱৰ্তনৰ ইতিহাসত ‘গুৰু চৰিতকথা’ৰ গদ্যৰ বিশেষ তাৎপৰ্য আছে। সমগ্ৰ পুথিখন আলোচনাৰ পৰিসৰলৈ আনিলে চৰিত পুথিৰ গদ্যৰ বিচিত্ৰতা সম্পূৰ্ণকৈ উপলব্ধি কৰিব পৰা যাব। নিৰ্বাচিত পাঠ্যাংশৰ আধাৰত কৰা এনে আলোচনাই ‘গুৰু চৰিতকথা’ৰ গদ্যৰ এক ধাৰণামূলক আভাস পোৱাত আমাক সহায় কৰিছে।