খণ্ড-১
খণ্ড-২
© Mridul Moran
Assistant Professor
Department of Assamese
Dergaon Kamal Dowerah College, Dergaon
আধুনিক উৰিয়া কবিসকলৰ ভিতৰত ৰমাকান্ত ৰথ অন্যতম।
কৰবী ডেকা হাজৰিকাৰ মতে “শৈলীৰ নতুনত্ব আৰু ভাবৰ মৌলিকতাৰ বাবে ৰমাকান্ত ৰথ বিংশ শতিকাৰ
উত্তৰাৰ্দ্ধৰ উৰিয়া কাব্য জগতৰ এজন নিৰ্দিষ্ট ৰথীৰ ৰূপত সমাদৃত।” (হাজৰিকাঃ ২০০৮, ১৮)
ৰমাকান্ত ৰথৰ জন্ম ১৯৩৪ চনৰ ১৩ ডিচেম্বৰত উৰিষ্যাৰ
কটক জিলাত। তেওঁ আছিল ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ (১৯৫৬)। অধ্যয়ন কৰিছিল ৰেভেন্সা
মহাবিদ্যালয়ত। ছাত্ৰ অৱস্থাৰ পৰাই ৰথে কবিতা লিখা আৰম্ভ কৰিছিল। ১৯৫৭ চনত তেওঁ ভাৰতীয়
প্ৰশাসনিক সেৱাত যোগদান কৰিছিল। নিজৰ কৰ্ম-ব্যস্ততাৰ মাজতো ৰমাকান্ত ৰথে নিজৰ কাব্য-চৰ্চা
অব্যাহত ৰাখিছিল। ১৯৯২ চনত ৰথে উৰিষ্যা চৰকাৰৰ মুখ্য সচিবৰূপে অৱসৰ গ্ৰহণ কৰে।
কবিৰ প্ৰথম প্ৰকাশিত কাব্য পুথিখনৰ নাম হ’ল
‘কেতেদিনৰ’ (১৯৬২)। অন্য বিশিষ্ট তথা জনপ্ৰিয় কবিতা পুথিসমূহ হ’ল— ‘অনেক কোঠৰী’ (১৯৬৭),
‘সন্ধিগ্ধ মৃগয়া’ (১৯৭১), ‘সপ্তম ঋতু’ (১৯৭৭) আৰু ‘সচিত্ৰ অন্ধৰা’ (১৯৮২)। ‘সপ্তম ঋতু’
মৃত্যু-চেতনা প্ৰকাশক উৎকৃষ্ট কবিতাৰ সংকলন। ‘শ্ৰীৰাধা’ (১৯৮৪) আৰু ‘শ্ৰীপলাতক’ (১৯৯৭)
দীঘল কবিতাৰ পুথি। ‘শ্ৰীৰাধা’ পৌৰাণিক চৰিত্ৰৰ আধুনিক ব্যাখ্যা আৰু বীক্ষা। ১৯৮৪ চনত
প্ৰকাশিত ‘শ্ৰীৰাধা’ক ভাৰতীয় সাহিত্যৰ এক ক্লাছিক কৃতি হিচাপে স্বীকৃতি দিয়া হয়। ইয়াৰ
অন্তৰ্গত সকলো কবিতাই ৰাধা-কৃষ্ণৰ প্ৰেমৰ লগত সম্পৃক্ত। কবিতাসমূহত ৰাধাৰ কৃষ্ণৰ প্ৰতি
থকা গভীৰ ভাবাৱেগ তথা অসামান্য প্ৰেমক সাধাৰণ জীৱনত ব্যৱহৃত সহজ-সৰল ভাষাৰে বৰ্ণনা
কৰা হৈছে। কাব্যখনিৰ ঘাই বিশেষত্ব হ’ল শব্দ সংযোজন তথা বাক্য-বিন্যাসৰ ব্যতিক্ৰমী শৈলী।
বিষয়বস্তু তথা ৰচনাশৈলীৰ আকৰ্ষণীয়তাৰ বাবে পুথিখন ইংৰাজীৰ লগতে আঠটা ভাৰতীয় ভাষালৈ
অনূদিত হৈছে। ‘শ্ৰীৰাধা’ৰ নান্দনিক সৌন্দৰ্যক স্বীকৃতি দি ইংৰাজী সাহিত্যৰ বিশিষ্ট
সমালোচক কেথলিন ৰাইনোৱে কৈছে— শ্ৰীৰাধাৰ দৰে
‘প্ৰগাঢ় আৰু উত্তীৰ্ণ প্ৰেমৰ কবিতা, পাৰ্থিৱ তথা পৰমাৰ্থিক প্ৰেমৰ কবিতা, জাগতিক ভাৱৰ
ঈশ্বৰীয় ভাৱত বিলীন হ’বলৈ হেঁপাহৰ কবিতা’ বিৰল। এই ‘শ্ৰীৰাধাৰ বাবে ৰমাকান্ত ৰথে
১৯৯২ চনত ‘সৰস্বতী’ সন্মান লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ কাব্য প্ৰতিভাৰ বাবে সাহিত্য
অকাদেমি, বিষুৱ সন্মান, সৰলা পুৰস্কাৰ আদিও লাভ কৰিছিল। ‘সপ্তম ঋতু’ৰ বাবে ১৯৭৮ চনত
সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল। ‘সচিত্ৰ অন্ধৰা’ৰ বাবে ‘সৰলা পুৰস্কাৰ’ লাভ কৰিছিল
১৯৮৪ চনত। ১৯৯০ চনত বিষুৱ সন্মান লাভ কৰিছিল। সাহিত্যিক জীৱনৰ স্বীকৃতি স্বৰূপে ৰমাকান্ত
ৰথে ২০০৬ চনত ‘পদ্মভূষণ’ আৰু ২০০৮ চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল।
ৰমাকান্ত ৰথ ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে ভাৰতীয়
সাহিত্য অকাদেমিৰ উপ-সভাপতি আৰু ১৯৯৮ চনৰ পৰা ২০০৩ চনলৈ ভাৰতীয় সাহিত্য অকাদেমিৰ সভাপতি
ৰূপে কাৰ্য-নিৰ্বাহ কৰিছিল। ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক কেন্দ্ৰীয় সাহিত্য অকাদেমিয়ে
সাহিত্য অকাদেমি ফেল’শ্বিপ প্ৰদান কৰিছিল। এই সন্মানেৰে সন্মানিত তেওঁ পঞ্চমজন উৰিয়া
লেখক।
সমালোচকসকলৰ মতে কবি ৰমাকান্ত ৰথ টি. এছ. এলিয়ট
আৰু এজৰা পাউণ্ডৰ দৰে প্ৰতীকবাদী কবিসকলৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত আছিল। প্ৰতীক আৰু
চিত্ৰকল্প প্ৰয়োগৰ নিপুণতা তেওঁৰ কবিতাৰ এটা প্ৰধান বিশেষত্ব। ৰথে কাব্যৰ ৰূপ আৰু শৈলীৰ
যথেষ্ট পৰীক্ষা-নিৰীক্ষাৰ প্ৰতি গুৰুত্ব দিছিল। তেওঁৰ কবিতাৰ কিছুমান প্ৰিয় বিষয়বস্তু
হ’ল— মানুহৰ জীৱন আৰু মৃত্যুৰ লগত জড়িত সাঁথৰ আৰু বিস্ময়, ব্যক্তি হৃদয়ৰ আভ্যন্তৰীণ
নিৰ্জনতা, নেদেখা জগতৰ প্ৰতি থকা চিন্তা আৰু আকৰ্ষণ, ভৌতিক প্ৰয়োজনীয়তা আৰু শাৰীৰিক
আকাংক্ষাৰ অধীনতা, মানুহৰ বিভিন্ন ভাৱাবেগ আৰু দ্বন্দ্ব আদি। ৰমাকান্ত ৰথক কোনো ‘বাদ’ত
বিশ্বাস নকৰা এজন স্বকীয় চিন্তা-চেতনাসমৃদ্ধ আধুনিক দাৰ্শনিক কবি বুলি কোৱা হয়।
কবিৰ অৱস্থান সদায় ব্যক্তিগত পৰিসৰৰ মাজতে।
সেই ব্যক্তিগত পৰিমণ্ডলত থাকিয়েই তেওঁ নিজৰ অনুভৱ-অভিজ্ঞতা প্ৰকাশ কৰে। বিশেষকৈ মানৱ
জীৱনৰ এটা সত্য নিসংগতা আৰু ব্যৰ্থতাৰ স্বৰূপ প্ৰকাশ কৰাত তেওঁ সিদ্ধহস্ত। ব্যক্তি-হৃদয়ৰ
মাজত লুকাই থকা বিষাদ-বেদনা আৰু কাৰুণ্যৰ বিষাদময় ৰাগিনীক তেওঁ সফলতাৰে আৱিষ্কাৰ কৰিব
জানে আৰু সেই অনুসন্ধানৰ সাৰ্বজনীন আৱেদনো বৰ্তমান। ৰথৰ কবিতাত মানৱ জীৱনৰ বিষাদ, দুখ
আৰু জীৱনৰ ক্ষণস্থায়ী প্ৰকৃতিৰ সহজ অভিব্যক্তি প্ৰকাশিত হৈছে। তেওঁ জীৱনৰ নেতিবাচকতাৰ
পৰা আঁতৰিব নোখোজে।
কবিয়ে কেতিয়াও মংগল আৰু পৰম সৌন্দৰ্যৰ প্ৰচাৰকৰ
পোছাক পৰিধান নকৰে। ৰথৰ কবিতাই বেদনা আৰু কাৰুণ্যক প্ৰাধান্য দিয়ে যদিও কবি সম্পূৰ্ণকৈ
সৌন্দৰ্য-উদাসীন আৰু নিৰাশাবাদী নহয়। কবিৰ কাব্যিক অভিব্যক্তিৰ ভালেখিনি দিশ আধ্যাত্মিকতাৰ
বাতাৱৰণৰ লগত সাঙোৰ খোৱা। তেওঁ তীক্ষ্ণ বৌদ্ধিকতাৰে সাধাৰণ মানৱে ঢুকি নোপোৱা জগত এখনত
বিচৰণ কৰি তাৰ সৌন্দৰ্য পাঠকক দিবলৈ যত্ন কৰে। প্ৰকৃততে “ৰমাকান্ত ৰথৰ কবিতাত প্ৰকৃতি,
ঈশ্বৰ, ধৰ্ম, মানৱীয়তা আদি প্ৰসংগবোৰ আধুনিক জটিল মনস্তত্ত্বৰ প্ৰেক্ষাপটত আৱৰ্তিত
হৈছে।” (বৰাঃ ২০১৮, ৪৭)
ৰমাকান্ত ৰথৰ কবিতাৰ কেইবাটাও বৈশিষ্ট্য বহন
কৰা এটা উল্লেখযোগ্য কবিতা হ’ল ‘অশ্বাৰোহী’। আলোচনাৰ বাবে কবিতাটো লোৱা হৈছে কৰবী ডেকা
হাজৰিকা সংকলিত আৰু অনূদিত ‘কবিতাৰ মাধুকৰী’ৰ পৰা। অনুবাদ জ্যোৎস্না ৰাউতৰ।
কবি ৰমাকান্ত ৰথৰ কাব্যৰ এটা প্ৰধান বিশেষত্ব
হৈছে নেতিবাচকতা। সেইবাবে তেওঁৰ কবিতাত জীৱনৰ বিষাদ আৰু দুখৰ প্ৰাধান্য দেখা যায়। কবিৰ
‘অশ্বাৰোহী’ কবিতাটোৰ মাজতো এনে বৈশিষ্ট্য চকুত পৰে। কবিৰ বাবে মানুহৰ নিসংগতা আৰু
ব্যৰ্থতা সত্যৰে এটা ৰূপ। ‘অশ্বাৰোহী’ কবিতাটোৰ মূল সুৰ মানৱ জীৱনৰ ব্যাখ্যাহীন যন্ত্ৰণা।
কবিৰ মতে মানুহে কেতিয়াও প্ৰকৃত সুখ পাব নোৱাৰে। পাৰ্থিৱ সম্পদ আৰু প্ৰেমে দিয়া সুখ
ক্ষণস্থায়ী।
কবিতাটোত দুখন জগতৰ উপস্থিতি সমান্তৰালভাৱে
দেখা যায়। এখন জগত বাস্তৱৰ মৰুভূমিসদৃশ আৰু আনখন অশ্বাৰোহী হৈ কল্পনাৰে দেখা জগত। জীৱনৰ
আদিতে সকলোৰে একোটা সপোন থাকে আৰু সেই সপোনৰ জগতখন মোহনীয়। কিন্তু চকু মেলিলেই তাৰ
এখন বিপৰীত জগত দেখা যায়। এই দুয়োখন জগতৰ চিত্ৰময় ৰূপায়নেই কবিতাটোৰ মূল সাৰবস্তু।
কবি পৃথিৱীৰ অনেক দুখী মানুহৰ মাজৰে এজন। তেওঁ
কলুষমুক্ত আদি সপোনৰ মাতৃভূমি বিচাৰে। জীৱনৰ সংঘাত অতিক্ৰম বিচাৰে অশ্বাৰোহীৰ বেশেৰে।
কিন্তু এই সমস্ত যাত্ৰাৰ আচলতে কোনো অৰ্থ নাথাকে। শেষত সেইবাবে কবিয়ে আত্মৰ অনুপস্থিতিয়েই
যন্ত্ৰণাৰ পৰা মুক্ত হোৱাৰ পথ বুলি সম্ভাৱনা ব্যক্ত কৰিছে।
অশ্বাৰোহীৰ বেশেৰে যন্ত্ৰণা দূৰ কৰাৰ হাবিয়াস
কবিতাটোত কেৱল অবাস্তৱ পৃথিৱীখনতে ৰৈ গৈছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে ‘ঘোঁৰা’ এটা বিচাৰিছে।
এই ঘোঁৰা জীৱনৰ দুখ-যন্ত্ৰণা জয়ৰ আধাৰ অথবা সাৰথি। তেওঁ জীৱনৰ সকলো দুৰ্যোগ-দুৰ্ভাৱনাৰ
(নিৰ্জন কোঠৰী, নিঃশব্দ আত্মা, মৰু আলিবাট, ৰুদ্ধদ্বাৰেৰে সজ্জিত ঘৰ, কবৰ আদি) পৰা
অব্যাহতি বিচাৰিছে। কবিয়ে তেজৰ সকলো হাহাকাৰ অৰ্থাৎ ইপ্সা ঘোঁৰাৰ ধমনীৰ সৈতে সংযুক্ত
কৰিছে। এই চিত্ৰকল্পটোৱে কবিৰ তীব্ৰ আকাংক্ষাক ব্যক্ত কৰিছে।
কিন্তু কবিয়ে কেতিয়াও সপোন আৰু সুখেৰে পূৰ্ণ
ঠাই এডোখৰ বিচাৰি পোৱা নাই। ‘মাতৃভূমি’ বুলি ভবা প্ৰতিখন ঠায়েই আচলতে ‘কেৱল মৰুভূমি’
আৰু তাত দুৰ্ভাগ্যৰ বসতি। এনে চিত্ৰকল্পই দুখ-দুৰ্ভাগ্যৰ ব্যাপ্তিকে ব্যক্ত কৰিছে।
সকলো মৰুভূমিৰে ইতিহাস থাকে আৰু সেই অতীতৰ
ৰং কেতিয়াবা সেউজীয়া। কিন্তু মৰুভূমি বা জীৱনৰ ৰং সদায় একে নাথাকে— নিৰুদ্দিষ্ট হয়
মাটি আৰু মানুহৰ ‘শ্যামলিমা’। চকু মুদি কবিয়ে বিচাৰি পোৱা নিৰুদ্দিষ্ট শ্যামলিমাৰ মাজত
আছে শস্য, ফল-ফুল, স্কুল-স্কুলীয়া ল’ৰা আৰু হাঁহি। পৃথিৱীৰ অনেক যন্ত্ৰণাক্লিষ্ট মানুহে
(অনাথ শিশু, অন্ধ, লেঙেৰা, ৰোগী, নিৰাশ্ৰয় সকলো) তাত হাঁহে আৰু গান গায়। চিকিৎসাৰ অভাৱৰ
বাবে তাত কাৰো জীৱনলৈ আন্ধাৰ নানামে। বিশ্বৰ পৰা চকু আঁতৰাই কবিয়ে এইবাৰ নিজৰ ঘৰখনলৈ
চাইছে আৰু দেখা পাইছে তেওঁক লৈ সুখী তেওঁৰ পত্নী আৰু মুকলি মনেৰে খেলি ফুৰা ল’ৰা-ছোৱালীকেইটাক।
কিন্তু বাস্তৱৰ পৃথিৱীত কবিৰ সংসাৰ এনে সুখেৰে ভৰা নহয়। কবি আৰু কবিৰ পত্নী দুয়ো দুয়োক
লৈ হয়তো অসুখী আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীকেইটাও বন্দী। বৈপৰীত্যৰ সহায়ত কবিয়ে বাস্তৱৰ
সত্যক প্ৰকাশ কৰিছে। তাল গছবোৰৰ ওপৰত মুখ মেলিব ধৰা জোনবায়ে শ্যামলিমাৰ ক্ৰমশঃ অনুপস্থিতি
অথবা মৃত্যুক নিৰ্দেশ কৰিছে। এই জোনবাই ক্ৰমে মৰিব ধৰা তথা অমাৱস্যালৈ গতি কৰা কাচি
জোন।
ৰমাকান্ত ৰথৰ কবিতাৰ এটা বিশেষ বৈশিষ্ট্য আধ্যাত্মিক
পৰিমণ্ডলৰ উপস্থিতি ‘অশ্বাৰোহী’ৰ মাজতো দেখা যায়। ছদ্মবেশধাৰী হাঁহিমুখীয়া দেৱদূত,
ঈশ্বৰৰ চৰাচৰ ব্যাপ্ত ছাঁ, অবিনশ্বৰ আত্মা পুৰুষ আদি উপাদানবোৰে কবিতাটোত এক আধ্যাত্মিক
পৰিৱেশৰ সৃষ্টি কৰিছে।
জীৱনৰ যন্ত্ৰণা অতিক্ৰমৰ বাবে কবিয়ে এটা ঘোঁৰা
বিচাৰিছে। কিন্তু তেওঁ ঘোঁৰা এটাৰ গৰাকী হ’ব পৰা নাই। অশ্বাৰোহী হৈ যন্ত্ৰণা অতিক্ৰমৰ
স্বপ্নক সাকাৰ ৰূপ দিব পৰা নাই। ‘কাৰোবাৰ’ সহায় নোলোৱাকৈ কবিয়ে নিজে এটা ঘোঁৰা হ’বও
পৰা নাই। তেওঁ ঘোঁৰা কাৰ ওচৰত বিচাৰিছে, সেয়া কবিতাটোত স্পষ্ট নহয়। হয়তো তেওঁৰ অনুৰোধ
হ’ব পাৰে অবিনশ্বৰ আত্মাৰ প্ৰতি অথবা যন্ত্ৰণাই অৱচেতন মনত জন্ম দিয়া আত্মৰ বা নিজৰ
অন্য এটা সত্তাৰ প্ৰতি।
কবিয়ে ঈশ্বৰৰ পৰা দূৰৈত অৱস্থান কৰিব বিচাৰিছে।
তেওঁৰ বাবে সেই ঠাই আদি সপোনৰ সৃষ্টিভূমি আৰু সেই সপোন কলুষতাৰ পৰা মুক্ত। বাস্তৱৰ
পৃথিৱীত প্ৰতি ক্ষণতেই সপোনৰ অপমৃত্যু হয় অথবা সপোন কলুষতাৰে ভৰি পৰে। সেইবাবে কবিৰ
এনে অতীতমুখী যাত্ৰাৰ হেঁপাহ। ক্ষীৰৰ সমুদ্ৰ আৰু তাৰ মাজত থকা ধুনীয়া দ্বীপবোৰেও কবিৰ
কাম্য পৃথিৱীৰ স্বৰূপ প্ৰকাশ কৰিছে।
চকু মুদি দেখা পৃথিৱীৰ সৌন্দৰ্য চকু মেলি দেখা
পৃথিৱীত অনুপস্থিত। কবিৰ মতে ইয়াৰ মূলতে আছে ভাগ্য (‘কপাল বেয়া’)। সেউজ শ্যামল পথাৰ,
হস্পিতাল, অনাথ আশ্ৰম আৰু পৰমসত্তাৰ প্ৰশান্তিময় প্ৰতিচ্ছবি বাস্তৱৰ পৃথিৱীত নাই। কবিয়ে
ভাগ্যৰ বিৰুদ্ধে যুঁজিবলৈ বিচাৰিছে আৰু তেওঁৰ সেই হেঁপাহ চিৰকালৰ। এনে কাৰণতে যন্ত্ৰণাৰ
মাজৰ পৰাই যুঁজাৰ সম্ভাৱনা আৰু শক্তিৰ জন্ম হৈছে— “অসহ্য যন্ত্ৰণাত উদ্ভাসিত এই ঘোঁৰা”।
সেই শক্তিৰ সহায়ত তেওঁ দুৰ্ভাগ্যগ্ৰস্ত, দুৰ্ঘটনাগ্ৰস্ত আৰু প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত
মানুহক অলপ পোহৰ দিব বিচাৰিছে। কিন্তু চৌদিশৰ হাহাকাৰ, দেহোকষ্ট আৰু মনোকষ্টৰ আঘাতত
কবিয়ে অশ্বাৰোহী হৈ পৃথিৱীৰ যন্ত্ৰণা লাঘৱ কৰিব পৰা নাই। যন্ত্ৰণাৰ জুইত উদ্ভাসিত অশ্ব
যন্ত্ৰণাৰ মাজতেই হেৰাই গৈছে। শেষত কবিয়ে মৃত্যুকেই যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ শেষ
উপায় বুলি স্বীকাৰ কৰি লৈছে। অৰ্থাৎ নিৰাশাকে সত্য বুলি কবিয়ে মানি লৈছে। অৱশ্যে সেই
স্বীকাৰো সন্দেহ আৰু সম্ভাৱনাৰে আৱৰ্তিত।
***
References
বৰা, প্ৰাণজিৎ। সুবৰ্ণৰেখা। গুৱাহাটীঃ পাঞ্চজন্য, ২০১৮
মেধি, ৰমেন (সম্পা.)। ভাষা-সাহিত্য-চিন্তা। গুৱাহাটীঃ বনলতা, ২০১২
ৰথ, ৰমাকান্ত (নিহাৰ ৰঞ্জন মিশ্ৰ আৰু সন্ধ্যাৰাণী পালো অনূদিত)। শ্ৰীৰাধা।
নতুন দিল্লীঃ সাহিত্য অকাদেমি, ২০১৯
হাজৰিকা, কৰবী ডেকা (সংক. আৰু অনু.)। কবিতাৰ মাধুকৰী। ডিব্ৰুগড়ঃ কৌস্তুভ
প্ৰকাশন, ২০০৮
https://www.poemhunter.com/i/ebooks/pdf/ramakanta_rath_2012_9.pdf
http://sahitya-akademi.gov.in/library/meettheauthor/ramakanta_rath.pdf
—মৃদুল মৰাণ
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়, দেৰগাঁও-
৭৮৫ ৬১৪
ফোনঃ ৯৮৫৪৭ ০৭০১৪
আৰম্ভণিঃ
অসমীয়া কবিতাৰ ইতিহাস
প্ৰায় এহেজাৰ বছৰীয়া। অৰবিন্দ ৰাজখোৱাই অসমীয়া কাব্য সাহিত্যৰ ইতিহাসক মূলতঃ আঠটা স্তৰত
ভাগ কৰিব পাৰি বুলি কৈছে। সেই ভাগকেইটা হ’ল—
১. প্ৰত্ন বা আদি
যুগ (৯৫০-১৩০০ খ্ৰীঃ)
২. মধ্য যুগঃ
ক. প্ৰাক্-শংকৰী যুগ (১৩০০-১৪৯০)
খ. শংকৰী যুগ (১৪৯০-১৭০০)
গ. উত্তৰ শংকৰী যুগ (১৭০০-১৮২৬)
৩. আধুনিক যুগঃ
ক. প্ৰাক্-ৰোমাণ্টিক (১৮২৬-১৮৮৮)
খ. ৰোমাণ্টিক যুগ (১৮৮৯-১৯৪০)
গ. যুদ্ধোত্তৰ যুগ (১৯৪১-আশীৰ দশক)
ঘ. সাম্প্ৰতিক যুগ (আশীৰ দশকৰ পৰা বৰ্তমানলৈ)
এই বিভাজন লিখিত
সাহিত্য আধাৰিত। কিন্তু অসমীয়া কবিতাৰ সম্পূৰ্ণ ইতিহাস বুজিবৰ বাবে লোক কবিতাৰ ক্ষেত্ৰখন
একেবাৰে এৰাই চলিব নোৱাৰি। এনে কাৰণতে অসমীয়া কবিতাৰ ইতিহাস সম্পৰ্কীয় আলোচনাত অসমীয়া
লোক কবিতা বিষয়ক অধ্যয়ন-আলোচনাকো অন্তৰ্ভুক্ত কৰি লোৱাৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে।
লোকগীত বা লোক কবিতা
হৈছে লোকসাহিত্যৰ এটা প্ৰধান ভাগ। অসমীয়া লোক কবিতাৰ স্বৰূপ যথেষ্ট বৈচিত্ৰ্যময়। আধুনিক
অসমীয়া কবিতাৰ ক্ষেত্ৰখনতো লোক কবিতাই বিষয়বস্তু আৰু আংগিকৰ কোঠালিত প্ৰৱেশ কৰি নিজৰ
একো একোখন স্বকীয় আসন প্ৰস্তুত কৰি ল’বলৈ সক্ষম হৈছে।
মালিতা লোক কবিতাৰে
এক প্ৰকাৰভেদ। মালিতাৰ ইংৰাজী প্ৰতিশব্দ ‘বেলাড’। মালিতাত একো একোটা সংকটপূৰ্ণ ঘটনামুখী
কাহিনী থাকে। লীলা গগৈৰ মতে, অসমীয়া মালিতা শব্দটো মালা শব্দৰপৰাই সৃষ্টি হৈছে। ফুলৰ
মালাৰ দৰে ধাৰাবাহিকভাৱে গাঁথি থোৱা গীতিব্যঞ্জক কাহিনীয়েই হ’ল মালিতা। মালিতাক গীতিব্যঞ্জক
কাহিনী বা কাহিনী জড়িত গীত দুয়োটাই আখ্যা দিব পাৰি। (গগৈঃ ২০১১, পৃ. ১৪৪) অসমীয়াত ব্যৱহৃত
‘মালিতা’ শব্দটো ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই পোনতে প্ৰয়োগ কৰিছিল। অসমীয়া লোকসাহিত্যৰ
ভঁৰালত থকা মালিতাবোৰ ‘বনঘোষা আদিৰ সমধৰ্মী’। (গোস্বামীঃ ২০১১, পৃ. ৩৯) মালিতাৰ সমান্তৰালভাৱে
অসমীয়াত ‘বেলাড’ বুজাবলৈ আখ্যান গীত, কাহিনী-গীত, আখ্যানমূলক জনগীত, কাহিনী জড়িত গীত,
গীতিব্যঞ্জক কাহিনী আদি পৰিভাষাও ব্যৱহাৰ কৰা হয়।
এই প্ৰবন্ধত অসমীয়া
লোক কবিতা নাহৰৰ মালিতাৰ এক পৰিচয়মূলক আলোচনা দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।
অসমীয়া
মালিতাৰ বিশেষত্বঃ
বেলাড
কেৱল অসমীয়া লোকসাহিত্যৰে সম্পদ নহয়। বিশ্ব-লোকসাহিত্যৰ ই এক ঘাই বিভাগ। অৱশ্যে ইউৰোপীয়
বেলাড আৰু অসমীয়া মালিতাৰ মাজত কেতবোৰ পাৰ্থক্য আছে। ইউৰোপীয় বেলাডত প্ৰধানকৈ দেশপ্ৰেমৰ
সুঁতি একোটা সততে চকুত পৰে। কিন্তু অসমীয়া মালিতাবোৰ ৰোমাণ্টিক কাহিনীযুক্ত। আলোচনাৰ
বাবে লোৱা নাহৰৰ গীততো ৰোমাণ্টিক লক্ষণ লক্ষ্য কৰা যায়। পাশ্চাত্যত ‘বেলাড’ শব্দটোৱে
ব্যুৎপত্তিগতভাৱে নৃত্যৰ পৰিপূৰকভাৱে গোৱা গীতক বুজাইছিল। কিন্তু অসমীয়াত প্ৰাপ্ত সকলো
মালিতাৰ লগত নৃত্য জড়িত হৈ থকা নাই। তলত অসমীয়া মালিতাৰ কেইটিমান বিশেষত্ব সংক্ষিপ্তকৈ
উল্লেখ কৰা হ’ল—
·
আকৃতিত অন্য লোকগীততকৈ দীঘল।
·
গীতিধৰ্মিতা এইবিলাকৰ মূল লক্ষণ।
·
সকলোবোৰ মালিতা নৃত্যৰ লগত সম্পৰ্কিত নহয় যদিও ফুলকোঁৱৰ আৰু
মণিকোঁৱৰৰ মালিতা দুটা বিহুৰ সময়ত বিহুনামৰ দৰেও গোৱা হয়।
·
এই গীতবিলাকত একো একোটা কাহিনী বা ঘটনা বৰ্ণিত হয়।
·
ৰোমাণ্টিক কাহিনীৰ প্ৰকাশ অসমীয়া মালিতাৰ এটা স্বকীয় বৈশিষ্ট্য।
আনকি বুৰঞ্জীমূলক মালিতাকেইটাৰ মাজতো বুৰঞ্জীৰ কাহিনীৰ কাব্যিক চিত্ৰণ পৰিলক্ষিত হয়।
·
বৰ্ণিত কাহিনী কাল্পনিক, জনশ্ৰুতিমূলক বা ঐতিহাসিক হ’ব পাৰে।
·
প্ৰায়বোৰ মালিতাত ‘আই সৰেচতী’, ‘দেৱী পাৰেৱতী’ আদিক বন্দনা
কৰাৰ পিছতহে গীতটো আৰম্ভ হয়।
·
অসমীয়া মালিতাৰ ভাষা বিহুনামৰ ভাষাৰ ওচৰচপা।
অসমীয়া
ভাষাত প্ৰাপ্ত মালিতাঃ
মালিতাত
অসমীয়া লোকসাহিত্য চহকী। অৱশ্যে বহুতো মালিতা পূৰ্ণাংগ ৰূপত উদ্ধাৰ হোৱা নাই। পূৰ্ণাংগ
ৰূপত উদ্ধাৰ হোৱা মালিতাকেইটা হ’ল— ফুলকোঁৱৰ আৰু মণিকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, বৰফুকনৰ
গীত আৰু পগলা-পাৰ্বতীৰ গীত। চিকণ সৰিয়হৰ গীত, মণিৰাম দেৱানৰ গীত, পদুমকুঁৱৰীৰ গীত,
দুবলা শান্তিৰ গীত, জয়মতী কুঁৱৰীৰ গীত, নাহৰৰ গীত, বাখৰ বৰাৰ গীত আদি মালিতা আংশিক
ৰূপতহে পোৱা গৈছে। মহেশ্বৰ নেওগৰ মতে জুনাবিলাকক একপ্ৰকাৰে বেলাডৰ শ্ৰেণীত পেলাব পাৰি।
(নেওগঃ ২০১০, পৃ. ২৭) লোকসংস্কৃতিবিদ প্ৰফুল্লদত্ত গোস্বামীয়ে সুস্পষ্ট কাহিনীযুক্ত
জিকিৰবোৰকো মালিতাৰ ভিতৰত পৰে বুলি কৈছে— “জিকিৰবোৰো মালিতাৰ ভিতৰত পৰে, অন্ততঃ যিবোৰত
কাহিনীটো স্পষ্ট।” (গোস্বামীঃ ২০১১, পৃ. ৪১)
অসমীয়া
মালিতাবোৰক বিভিন্নজনে বিভিন্ন ধৰণে ভাগ কৰিছে। লীলা গগৈয়ে দুটা ভাগত ভাগ কৰিছে— বুৰঞ্জীমূলক
আৰু পৌৰাণিক কাহিনীমূলক মালিতা। (গগৈঃ ২০১১, পৃ. ১৪৬) প্ৰফুল্লদত্ত গোস্বামীয়ে তেওঁৰ
তিনিখন গ্ৰন্থত তিনিধৰণে বিভাজন কৰিছে। ‘বেলাড এণ্ড টেলছ অব্ আসাম’ত চাৰিটা ভাগত ভাগ
কৰিছে— ঐতিহাসিক, ঐন্দ্ৰজালিক, বাস্তৱিক আৰু ব্যংগাত্মক। ‘বাৰ মাহৰ তেৰ গীত’ত আকৌ দুটা
ভাগৰ কথা কৈছে— ক) ঐতিহাসিক আৰু বাস্তৱ আৰু খ) কল্পনাপ্ৰধান। ‘অসমীয়া জন-সাহিত্য’ গ্ৰন্থত
এই দুই বিভাজনতকৈ ভিন্ন ধাৰণা দাঙি ধৰিছে। নীৰাজনা মহন্ত বেজবৰাই তেওঁৰ ‘লোকতত্ত্ব
জিজ্ঞাসা’ গ্ৰন্থত অসমীয়া মালিতাক দুটা ভাগত ভগাইছে— অলৌকিক কাহিনীগীত আৰু লৌকিক কাহিনীগীত।
লৌকিক কাহিনীগীতৰ ভিতৰত বুৰঞ্জীমূলক, কাল্পনিক কাহিনীগীত (পগলা-পাৰ্বতীৰ গীত, দুবলা
শান্তিৰ গীত আদি), জুনা আৰু আঞ্চলিক আৰু সাময়িক ঘটনামূলক গীতক সামৰি লৈছে। (বেজবৰাঃ
২০০৪, পৃ. ১৩৭-১৫৫) সত্যেন্দ্ৰনাথ শৰ্মাই ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ নামৰ
গ্ৰন্থৰ অসমীয়া মালিতাসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি বুলি কৈছে। (শৰ্মাঃ
২০১০, পৃ.) তলত সেই বিভাজন উল্লেখ কৰি তাৰ ভিতৰুৱা মালিতাৰ নাম উল্লেখ কৰা হ’ল—
(ক)
বুৰঞ্জীমূলক মালিতা
বৰফুকনৰ
গীত
হৰদত্ত-বীৰদত্তৰ
গীত
মণিৰাম
দেৱানৰ গীত
চিকণ
সৰিয়হৰ গীত
নাহৰৰ
গীত
জয়মতী
কুঁৱৰীৰ গীত
গৌৰীনাথ
সিংহৰ গীত আদি।
(খ)
কিম্বদন্তি বা জনশ্ৰুতিমূলকঃ
মণিকোঁৱৰৰ
গীত
ফুলকোঁৱৰৰ গীত
জনা গাভৰুৰ গীত
কমলা কুঁৱৰীৰ গীত
ৰাধিকা শান্তিৰ গীত
দুবলা শান্তিৰ গীত
আদি।
(গ)
কাল্পনিকঃ
কন্যা
বাৰমাহীৰ গীত
মধুমতীৰ
গীত আদি।
নাহৰৰ
গীতঃ
নাহৰৰ
গীত এটা লৌকিক বুৰঞ্জীমূলক মালিতা। মালিতাটো চুখামফা খোৰা ৰজাৰ (১৪৭৪-১৫৩৩ শক) সৰু
মেচলৌ আৰু বৰ মেচলৌ নামৰ দুজনা কুঁৱৰী, কাঞ্চনী আৰু ৰজাৰ তোলনীয়া ল’ৰা নাহৰক লৈ ৰচিত।
ষোড়শ শতিকাৰ মাজভাগত খোৰা ৰজা ৰাজপাটত উঠিছিল। অসমীয়া লোকসাহিত্যত প্ৰাপ্ত বুৰঞ্জীমূলক
মালিতাবোৰৰ ভিতৰত সম্ভৱ নাহৰৰ মালিতাটোৱেই সৰ্বপ্ৰাচীন। (শৰ্মাঃ ২০১১, পৃ. ২৯) কাৰণ,
এই গীতটো অসম বুৰঞ্জীৰ সৰ্বপ্ৰাচীন ঘটনাৰ (খোৰা ৰজা, ১৫৫২-১৬০৬ খ্ৰীঃ) লগত জড়িত। গীতটো
মাজৰপৰা আৰম্ভ হৈছে যেন লাগে। সেয়ে অনুমান কৰিব পাৰি যে, মালিতাটো সম্পূৰ্ণকৈ উদ্ধাৰ
হোৱা নাই। লীলা গগৈয়ে কৈছে যে, “নাহৰৰ গীতৰ এটা অংশ যে চিৰদিনৰ বাবে পাহৰণিৰ গৰ্ভত
লীন হৈ গ’ল সেইটো খাটাং।” (গগৈঃ ২০১১, পৃ. ১৫১) লোকগীত ৰচনাৰ কাল নিৰ্ণয় কৰা কঠিন যদিও
বুৰঞ্জীমূলক ঘটনা আশ্ৰিত হোৱাৰ বাবে নাহৰৰ গীতটো খোৰা ৰজাৰ ৰাজত্বকাল বা তাৰ পৰৱৰ্তী
সময়ত ৰচিত হৈছিল বুলি অনুমান কৰিব পাৰি।
মালিতাটোৰ
পাঠঃ
পাঠ্যক্ৰমৰ
বাবে প্ৰয়োজনীয় পাঠটো প্ৰফুল্লদত্ত গোস্বামী সংকলিত আৰু সম্পাদিত ‘বাৰ মাহৰ তেৰ গীত’ৰ
পৰা তলত তুলি দিয়া হ’ল—
ৰাঙলী
মদাৰৰ পাত
এইনো
মাজে নিশা আহিলি নাহৰ ঐ
খালি
কি নেখালি ভাত।
আইনো
আই বুলি নাহৰে মাতিলে
বুঢ়ী
মাকৰ মুখলৈ চাই,
কেলেই
মাতিলি নাহৰ চেনামুৱা
চৰুতো
পঁইতা নাই।
আয়ে
নেৰাখিলে বায়ে নেৰাখিলে
নেৰাখিলে
মূৰৰে চুলি,
দেৱা
কৰ্কৰা যাচোঁতা নাইকিয়া
ফুলতে
মাউৰা বুলি।
ভাতে
ৰান্ধি দিয়া খাওঁ মই বুঢ়ী আই
পানী
আনি দিয়া খাওঁ,
লগৰ
সমনীয়া যায় মহং বেহাবলৈ
ময়ো
বেহাবলৈ যাওঁ।
মহঙ
লেতেৰা দিহিং লেতেৰা
নামচাং
এৰি থোৱা ঠাই,
কচুৰ
পেঁপা যেন বাঢ়িছে নাহৰ ঐ
মৰিবি
এসজীয়া খাই।
তাৱৰে
চুৰিয়া লেচাই নেমাৰিবি
মাটিক
নুবুলিবি লো,
কোনোবাই
ক’ৰবাত কঁড়িয়াই মাৰিব
বাৰী
দুখুনীৰ পো।
এখোজ
দুখোজ কৰি দি যাম চাৰি ভৰি
চতাই
মহঙৰে খৰি,
আঁঠুত
ভেঁজা দি উঠি যাম বুঢ়ী আই
লাখুটি
লেং মাৰি ধৰি।
সুৱগা
নহ’লে ধৰিব নোৱাৰে
সোণাৰীসকলে
সোণ
ঢকুৱা
নহ’লে ধৰিব নোৱাৰে
চামদাং
মহঙৰ লোণ।
মহঙ
বেহাব নালাগে সোণামুৱা
নেখাওঁ
ডুখৰীয়া লোণ,
ক’ৰবাত
কেনেবাকৈ পৰ্বত খহি মৰিবি
তোৰ
লগত মৰিব কোন।
শামুকৰ
পেটতে মাণিক উপজিলে
মৰি
মৰি উপজে জোন,
পৰেবত
খহি মই নমৰোঁ বুঢ়ী আই
ঘৰৰ
মৰামুজা পোন।
মিচিমি
দেশলৈ নেযাবি চেনাই ঐ
মিচিমি
অঁকৰা ঠাই,
অঁকৰা
মিচিমি ঘকৰাই কাটিব
তোৰ
লগত কান্দোতা নাই।
লেহেতী
বাঁহৰে জকাই মোৰ বুঢ়ী আই
লেহেতী
বাঁহৰে জকাই,
পৰ্বতে
পৰ্বতে বগাব পাৰোঁ মই
নগাকনো
বুলি যাম ককাই।
কি
মাছ মাৰিবৰ মালী,
দীঘলকৈ
পুখুৰী খনালে নাহৰে
বন্ধালে
সেন্দূৰী আলি।
কুহু
কুহু কৰি কপৌৱে কান্দিলে
ডাউকে
কান্দিলে ৰই,
বুঢ়ীমাকৰ
ডিঙিত ধৰি নাহৰে কান্দিলে
আটাইৰে
আতাৰি হৈ।
ইয়াতে
আছিলে নাহৰ চেনামুৱা
চৰুৰে
পঁইতা খাই,
কোনোবা
দেশলৈ গ’ল মোৰ নাহৰ ঐ
বাতৰি
পাবলৈ নাই।
নাহৰ
চেনামুৱা ওলায় ৰাতিপুৱা
ছকুৰি
কুকুৰাৰ ভাৰ,
দিহিঙ
নৈৰ পানী কৰে তলে বলে
ঘাটৈয়ে
নকৰে পাৰ।
উলিকৈ
তামোলৰ পুলি,
বৰদৈয়া
মুখতে নাহৰক কাটিলে
ওলোমাই
পেলালে চুলি। (গোস্বামীঃ ১৯৯৩, পৃ. ১৭১-১৭৪)
মালিতাটোৰ
লগত জড়িত ঐতিহাসিক প্ৰসংগঃ
মালিতাটোত
বৰ্ণিত ঘটনা আহোম ৰাজত্বকালৰ। খোৰা ৰজাৰ সময়ৰ কাহিনী এটা লোককবিয়ে মালিতাটোত দাঙি ধৰিছে।
অৱশ্যে মালিতাটো সম্পূৰ্ণকৈ উদ্ধাৰ নোহোৱাৰ বাবে কাহিনীৰ স্পষ্ট লেখচিত্ৰ পোৱা নাযায়।
নাহৰ, সৰু মেচলৌ, বৰ মেচলৌ আদি চৰিত্ৰৰ উল্লেখ পোৱা যায় ‘সদৰামিনৰ বুৰঞ্জী’ আৰু ‘সাতসৰী
অসম বুৰঞ্জী’ৰ অন্তৰ্গত বাঁহগড়ীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জীত।
নাহৰৰ কাহিনীটো
‘সদৰামিনৰ বুৰঞ্জী’ত এনেদৰে পোৱা যায়— “এওঁক খোৰা ৰাজাও বোলে। এওঁ ৰাজাৰে সোণাৰিৰ জীয়ৰী
সৰু মেচলৌ, বৰ মেচলৌ দুজনা কুঁৱৰী আছিল। ঐ দুইজনা কুঁৱৰীয়ে সোণাৰিৰ ল’ৰা নাহৰক দুয়ো
কুঁৱৰীয়ে পো বোলাত নাহৰে কুঁৱৰীত বলেৰে তাৰ নাম আলি ও পুখুৰী কৰি, আনো অনেক শকতালি
কাম-কাজ কৰিবলৈ ধৰিলে। একদিন কুঁৱৰীহঁতে ৰাজাক ক’লে, বোলে আমাৰ বঙ্গহ অথচ বংশ সৰহ,
তোমাৰ বঙ্গহে নাই। এনে বোলাত ৰাজাদেৱে ভাবিলে, মোৰ বঙ্গহ নাই হেন বুলি তোলনীয়া ল’ৰা
নাহৰলৈ টানিছে। এনে ভাবি পৰদিনা ৰাজাদেৱে আপুনি ফুৰি যাকে ভাল পালে, তাকে আনি বঙ্গহ
বুলি সোণোৱালী হিলৈ দি লগত ল’লে। পাছে ৰাজাৰ অনুমতি লৈ ডাঙৰীয়াসকলে নাহৰক মাৰিলে। আমাৰ
ল’ৰা মাৰিলে বুলি নাহৰৰ বেজাৰত দুয়োজনা কুঁৱৰী আপোনা-আপুনি কটাৰী হানি মাৰিলে।” (গগৈঃ
২০১১, পৃ. ১৫০)
আনহাতে, ‘সাতসৰী
অসম বুৰঞ্জী’ৰ অন্তৰ্গত বাঁহগড়ীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জীত নাহৰৰ প্ৰসংগ এইদৰে আছে— “বৰ
মিছাওৰ (বৰ মেচলৌ) লগত সোণাৰি জীয়ৰী এটি আছিল পাচনী হৈ। পাচে তেওঁ মৰিলত সৰু মিছাওৰ
লগতো সেইৰূপে আছিল। পাচে তেওঁ মৰিলত সোণাৰি জীয়েকক কুঁৱৰী পাতিলত সোণাৰিৰ উদ্ধৃতি ডাঙৰৰূপে
বাঢ়িল। সিহঁতৰ ঘৰ সজাই পুখুৰী খনাই দি ভাল মানুহ কৰিলে। কুঁৱৰীয়েও ৰাজাক বশ কৰিলে।
…নানাৰূপে প্ৰজাক উপদ্ৰৱ কৰে কুঁৱৰীৰ খাটনীয়াৰবোৰে। ৰাজখোৱা চেতিয়া নাহৰ, তাক কোঁৱৰ
পাতিলে। …নাহৰে অনেক প্ৰকাৰে প্ৰজাক পীড়া কৰোঁতে বৰগোহাঁয়ে ৰজাক জনাই বোলে, কুঁৱৰী,
নাহৰে ৰাজ ভাঙ্গিলে। …ৰজা বোলে, যেনে লাগে, তেনে কৰোক, মোক ক’ব নালাগে। …গোজলোঙৰপৰা
নাহৰ উজাই আহোঁতে তাতে ৰাখিলে। আইকুঁৱৰীয়ে শুনি কাটি আনিবলৈ পঠালে। এৰি নিদি তাক তাতে
মাৰিলে।” (গগৈঃ ২০১১, পৃ. ১৫০)
বুৰঞ্জীবিদ লীলা
গগৈৰ মতে সদৰামিনে কোৱাৰ দৰে সৰু মেচলৌ আৰু বৰ মেচলৌ সোণাৰিৰ জী নাছিল। মালিতাটিত বুৰঞ্জীৰ
সমল তাকৰ। নাহৰে পুখুৰী খনোৱা আৰু সেন্দূৰী আলি বন্ধোৱাৰ কথা মালিতাটোত বৰ্ণিত হৈছে।
বিশেষকৈ নাহৰক হত্যা কৰাৰ কথাখিনিহে মালিতাটোত পোৱা যায়।
মালিতাটোত
বৰ্ণিত কাহিনীভাগঃ
খোৰা
ৰজাৰ দুজনী পত্নী আছিল— সৰু মেচলৌ (সৰু মিছাও) আৰু বৰ মেচলৌ (বৰ মিছাও)। তেওঁলোকৰ লগত
লিগিৰী হিচাপে আছিল সোণাৰিৰ জীয়ৰী কাঞ্চনী। নাহৰৰ লগত কাঞ্চনীৰ প্ৰেমৰ সম্পৰ্ক আছিল।
সৰু মেচলৌ আৰু বৰ মেচলৌৰ মৃত্যুৰ পিছত ৰজাই কাঞ্চনীক ৰাণী পাতে। কাঞ্চনীয়ে কিন্তু নাহৰৰ
প্ৰতি থকা ভালপোৱাক তেতিয়াও বিসৰ্জন দিব পৰা নাছিল। ৰজাৰ হস্তক্ষেপত কাঞ্চনীৰ প্ৰেমৰ
সপোন ধূসৰ হৈ পৰিছিল যদিও তাই কিবা প্ৰকাৰে নাহৰক নিজৰ ওচৰলৈ আনিবলৈ যত্ন কৰিছিল। শেষত
‘যৌৱনৰ সোণসৰা প্ৰণয়ৰ স্মৃতি’ পাহৰিব নোৱাৰি কাঞ্চনীয়ে কৌশলেৰে নাহৰক তোলনীয়া পো বুলি
চপাই লয় (তেওঁলোক নিঃসন্তান আছিল) আৰু ৰাজকাৰেঙলৈ লৈ আহে। নাহৰৰ সৈতে কাঞ্চনীয়ে ৰজাৰ
অজানিতে প্ৰণয়ৰ লীলা চলাই যায়। লাহে লাহে ৰাজসভাত নাহৰৰ পদমৰ্যাদা বাঢ়ি গৈছিল। লিগিৰী
কুঁৱৰী কাঞ্চনীয়ে নাহৰক ‘ৰাজখোৱা’ বিষয়া পাতি দিছিল। ক্ষমতা পাই অৱশেষত নাহৰে ডা-ডাঙৰীয়া
আৰু ৰজাকো নমনা হৈছিল। দিনক দিনে তাৰ উদ্ধতালি বাঢ়ি গৈছিল। ফলত অনেক বিষয়া অসন্তুষ্ট
হৈছিল। বৰগোহাঁয়ে সেয়ে ৰজাৰ ওচৰত গোচৰ দিছিল— “স্বৰ্গদেউ, নাহৰৰ উৎপাত অসহনীয় হৈ উঠিছে।”
ৰজাই যি শাস্তি হয়, তাৰ ব্যৱস্থা কৰিবলৈ ক’লে। এই কথা শুনি নামচাঙৰপৰা (গোজলোঙৰপৰা)
আহোঁতে বৰদুৱাৰৰ মুখতে নাহৰক বধ কৰা হয়। শেষত ক’ব পাৰি— “ৰাজকাৰেঙত চলা প্ৰণয়ৰ অভিসাৰ
আৰু বুকুত সোমাই থকা জীৱনৰ প্ৰথম প্ৰণয়ৰ স্মৃতি পাহৰিব নোৱাৰা কুঁৱৰীৰ ই এটি ৰোমাণ্টিক
কবিতা।” (গগৈঃ ২০১১, পৃ. ১৫০) অৱশ্যে নাহৰৰ গীতত এই সকলোবোৰ কথাৰ পুংখানুপুংখ বিৱৰণ
পোৱা নাযায়। নাহৰৰ গীতত নাহৰৰ মৃত্যুৰ বিষয়েহে ঘাইকৈ পোৱা যায়। সম্পূৰ্ণ গীতটোত হয়তো
বাকীবোৰ কথা সংযুক্ত আছিল। প্ৰশ্ন আৰু উত্তৰৰ ঠাঁচত আগবাঢ়ি যোৱা গীতটোত নাহৰক হত্যা
কৰাৰ কথা এনেদৰে আছে—
ধাননি
ধাননি নেযাবি কাঞ্চনী
ধানৰ
পাতে কাটিব গা,
মোৰ
বিলাই যি হয় হওক
ঘৰলৈ
উভতি যা।
কাউৰী
কাউৰী অজাতি কাউৰী
কি
খাই বোলালি ঠোঁট,
বৰদুৱাৰৰ
মুখতে নাহৰক কাটিলে
তাকে
খাই বোলালো ঠোঁট।
গীতটোৰ
মাজত এক কৰুণ সুৰ অনুৰণিত হৈ আছে। ‘ৰজা বুলিলে বুলিবৰ নাই’। কাঞ্চনী হয়তো আছিল ‘ৰূপত
জুই-বৰষা এজনী ধুনীয়া ছোৱালী।’ ৰজাই হয়তো সেয়ে তাইক লিগিৰী কৰি ৰাজহাউলিলৈ লৈ আনিছিল।
নিজৰ কুঁৱৰী দুজনীৰ মৃত্যু হোৱাত তাইকে কুঁৱৰী পাতিছিল। কাঞ্চনীয়েও কাৰোবাক (নাহৰ)
ভাল পাইছিল। কিন্তু ৰজাৰ ওচৰত সেই ভালপোৱাৰ কোনো মূল্য নাছিল। নিজৰ ইচ্ছা নাথাকিলেও
কাঞ্চনী ৰজাৰ কুঁৱৰী হ’ল। তথাপিও তাই নাহৰক পাহৰি যোৱা নাই। নাহৰক ৰাজকাৰেঙলৈ আনি অতৃপ্ত
প্ৰেমৰ সম্পৰ্কক পুনৰ জীপ দিবলৈ চেষ্টা কৰিছিল। কিন্তু নাহৰে কাকো গণিতা নকৰা বাবে
তাক হত্যা কৰা হ’ল। লোক কবিয়ে নাহৰৰ মৃত্যুৰ বাবে অৱশ্যে কাঞ্চনীকে সম্পূৰ্ণকৈ জগৰীয়া
কৰি ‘শাখিনী’, ‘জহনী’, ‘মৰতী’ আখ্যা দিছে—
হেৰ’
বুঢ়ী পাখৰী মৰাণৰ (সোণাৰিৰ) জীয়ৰী
নাহৰক
কটালে কোনে,
জালি
কোমোৰা যেন নাহৰ চেনামুৱা
কি
জগৰত মৰালে প্ৰাণে।
বুকুত
জুই লাগতী ৰজাৰ বৰকুঁৱৰী
পুৰুষক
কৰিলি আঁৰ,
তাই
ঐ শাঁখিনী জহনী মৰতী
নাহৰৰ
তেজ খালে গাৰ।
মালিতাটো
কাব্যিক সৌন্দৰ্য তথা অন্য দিশঃ
মালিতাটোলৈ
লক্ষ্য কৰিলে দেখা যায় যে, ইয়াৰ ভাষা আৰু ছন্দ মৃদু মধুৰ আৰু সৰল। ৰস আৰু অলংকাৰৰ বিশেষ
প্ৰাচুৰ্য নাই যদিও ইয়াৰ ভাষা একেবাৰে উকাও নহয়। মালিতাটোত প্ৰয়োগ হোৱা উপমাৰ উদাহৰণ—
ক) জালি কোমোৰা যেন নাহৰ চেনামুৱা
খ) কচুৰ পেঁপা যেন বাঢ়িছে নাহৰ ঐ
বিহুনামৰ
দৰে মালিতাটোৰ কিছুমান শাৰী নিৰৰ্থক বা ৰিজনিমূলক। অৰ্থাৎ একোটা শাৰী ছন্দ মিলাবলৈ
যোগ দি পিছৰ শাৰীত প্ৰকৃত কথাষাৰ কোৱা হৈছে। অৱশ্যে তেনে কৌশলে ছন্দৰ মাধুৰ্য আৰু ছন্দস্পন্দ
নষ্ট কৰা নাই। যেনে—
ক) কি মাছ মাৰিবৰ মালী,
দীঘলকৈ
পুখুৰী খনালে নাহৰে
বন্ধালে
সেন্দূৰী আলি।
খ)
ৰাঙলী মদাৰৰ পাত
এইনো
মাজে নিশা আহিলি নাহৰ ঐ
খালি
কি নেখালি ভাত।
গীতটোত পৰুৱাৰ জুনা
আৰু সাধুকথাৰ গীতৰ (কাঞ্চনী) শাৰীও পোৱা যায়। বিহুনামৰ সুৰ এটাও মালিতাটোত স্পষ্টকৈ
সক্ৰিয় হৈ আছে।
পৰুৱাৰ
জুনাত আছে—
ভাতে
ৰান্ধি দিয়া খাওঁ ঐ পৰুৱা
পানী
আনি দিয়া খাওঁ,
চাউল
মুঠিচেৰেক বান্ধি দিয়া পৰুৱা
টোলোঠা
বিচাৰি যাওঁ।
নাহৰৰ
মালিতাত আছে—
ভাতে
ৰান্ধি দিয়া খাওঁ মই বুঢ়ী আই
পানী
আনি দিয়া খাওঁ,
লগৰ
সমনীয়া যায় মহং বেহাবলৈ
ময়ো
বেহাবলৈ যাওঁ।
‘কাঞ্চনী’
সাধুত আছে—
ধাননি
ধাননি, নাহিবি কাঞ্চনী
ধান-পাতে
কাটিব গা,
মোৰে
বিলাই যি হ’বৰ হওক
ঘৰলৈ
উভতি যা।
নাহৰৰ
মালিতাত আছে—
ধাননি
ধাননি নেযাবি কাঞ্চনী
ধানৰ
পাতে কাটিব গা,
মোৰ
বিলাই যি হয় হওক
ঘৰলৈ
উভতি যা।
কাউৰী
কাউৰী অজাতি কাউৰী
কি
খাই বোলালি ঠোঁট,
বৰদুৱাৰৰ
মুখতে নাহৰক কাটিলে
তাকে
খাই বোলালো ঠোঁট।
বিহুনামত
আছে—
কিনো
মাছ মাৰিবৰ তুৰা সমনীয়া
কিনো
মাছ মাৰিবৰ তুৰা,
ৰংপুৰ
নগৰত কাৰেংঘৰ সাজিলে
মাৰলিৰ
নেখালে জোৰা।
নাহৰৰ
মালিতাত আছে—
লেহেতী
বাঁহৰে জকাই মোৰ বুঢ়ী আই
লেহেতী
বাঁহৰে জকাই,
পৰ্বতে
পৰ্বতে বগাব পাৰোঁ মই
নগাকনো
বুলি যাম ককাই।
মালিতাটোত
প্ৰতিফলিত সমসাময়িক সমাজ-জীৱনৰ খণ্ডিত চিত্ৰঃ
নাহৰৰ
মালিতাৰ মাজত সেই সময়ৰ সমাজৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনৰ খণ্ডিত চিত্ৰ কেইখনমান প্ৰতিফলিত
হৈছে—
·
অৰ্থ উপাৰ্জনৰ বাবে কুকুৰা পোহা, কুকুৰা বিক্ৰী কৰাৰ কথা মালিতাটোত
পোৱা যায়। যেনে—
নাহৰ চেনামুৱা ওলায়
ৰাতিপুৱা
ছকুৰি কুকুৰাৰ ভাৰ,
দিহিঙ নৈৰ পানী কৰে
তলে বলে
ঘাটৈয়ে নকৰে পাৰ।
·
লোণৰ বেপাৰ কৰাৰ কথাও মালিতাটোত আছে। মহঙত লোণৰ পুং আছিল। তাত
নগাসকলে পানী ধৰি লোণ তৈয়াৰ কৰিছিল। নাহৰে মহঙৰ পৰা লোণ আনি লোণৰ বেপাৰ কৰিছিল। গীতটোত
আছে—
মহঙ বেহাব নালাগে চেনামুৱা
নেখাওঁ ডুখৰীয়া লোণ,
ক’ৰবাত কেনেবাকৈ পৰ্বত খহি মৰিবি
তোৰ লগত মৰিব কোন।
·
গীতটোৰ মাজত পৰ্বত-ভৈয়ামৰ সম্প্ৰীতিৰ ছবি এখনো বিচাৰি পোৱা
যায়। মিচিমি দেশ, মহঙ আদি ঠাইৰ উল্লেখেই তাৰ
প্ৰমাণ। উদাহৰণ—
মিচিমি দেশলৈ নেযাবি চেনাই ঐ
মিচিমি অঁকৰা ঠাই…
... …
মহঙ বেহাব নালাগে চেনামুৱা
নেখাওঁ ডুখৰীয়া লোণ…
·
সেই সময়ৰ সমাজত বহুপত্নীক বিবাহ, দ্বিতীয় বিবাহৰ স্বীকৃতি আছিল।
সৰু মেচলৌ আৰু বৰ মেচলৌৰ মৃত্যুৰ পাছত লিগিৰী কাঞ্চনীক ৰজাই বিয়া কৰোৱাৰ কথা মালিতাটো
আছে।
সহায়ক
গ্ৰন্থপঞ্জীঃ
গগৈ, লীলা অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা, বনলতা, ডিব্ৰুগড়,
২০১১
গোস্বামী,
প্ৰফুল্লদত্ত অসমীয়া জন-সাহিত্য, বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড,
গুৱাহাটী, ২০১১
— (সম্পা.) বাৰ
মাহৰ তেৰ গীত, সাহিত্য অকাডেমি, নতুন দিল্লী, ১৯৯৩
বৰুৱা,
প্ৰহ্লাদ কুমাৰ অসমীয়া লোকসাহিত্য, অসম সাহিত্য সভা, ষট্ ষষ্টিতম
অধিৱেশন, ডিব্ৰুগড়, ২০১৬
বেজবৰা,
নীৰাজনা মহন্ত লোকতত্ত্ব জিজ্ঞাসা, বনলতা, ডিব্ৰুগড়, ২০০৪
নেওগ,
মহেশ্বৰ অসমীয়া সাহিত্যৰ ৰূপৰেখা, চন্দ্ৰ প্ৰকাশ গুৱাহাটী,
একাদশ তাঙৰণঃ ২০১০
ৰাজখোৱা, অৰবিন্দ (সম্পা.) অসমীয়া
কাব্য পৰিক্ৰমা, দত্ত প্ৰকাশন, লখিমপুৰ, ২০০৮
শৰ্মা,
সত্যেন্দ্ৰনাথ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ
প্ৰকাশ, গুৱাহাটী, ২০১১
হাজৰিকা,
বিশ্বেশ্বৰ (সম্পা.) অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), আনন্দৰাম
বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, গুৱাহাটী, ২০১৬
আপুনি ভাৰাঘৰত থাকে নেকি? সাধাৰণতে ভাৰঘৰসমূহ ভালদৰে সজোৱা নাথাকে। আপুনি
নিজেই বহুখিনি ঠিক কৰি ল’ব লগা হয়। থাকি ভাল লাগিবৰ বাবে ভাৰাঘৰটো সজোৱাৰ কিছু কৌশল
নিশ্চয় আছে! আহকচোন, আজি মই মোৰ ভাৰাঘৰটো কেনেকৈ সজাইছোঁ তাৰে কিছু আভাস দিওঁ—
# Removable Wallpaper
অপৰিষ্কাৰ আৰু ৰংহীন বেৰবোৰক ন ৰূপ দিব পাৰিব Removable
Wallpaper-ৰ সহায়ত…
# Wall Stickers & Photos
অপৰিষ্কাৰ, উকা আৰু ৰংহীন বেৰক ষ্টিকাৰ আৰু ফটোৱে এটা
নতুন ৰূপ দিব। গতিকে এই কৌশল নিশ্চয়কৈ অৱলম্বন কৰিব পাৰে…
ৱাল ষ্টিকাৰ আৰু ফটো
স্মৃতিবোৰ সজীৱ কৰি এখন বেৰ সজাব পাৰে। একেলগে পাৰ কৰা
সময়বোৰে দিয়া অম্লজানেৰে জীপাল হৈ থাকিব পাৰিব আপুনি…
ৱাল ষ্টিকাৰ
# Washi Tape অথবা বিভিন্ন ৰঙৰ নক্সা
# Decorative Light আৰু Lamp
বিভিন্ন Decorative Light আৰু Lamp-ৰ সহায়ত কোঠাৰ এটা
কোণ সজাই লওক। আবেলি অথবা নিশা ভাষাময় হ’ব সেই কোণ…
# Live Plant আৰু Artificial Plant
বিভিন্ন Live Plant আৰু Artificial Plant কোঠাৰ বিভিন্ন
ঠাইত ৰাখিব পাৰে। সেউজীয়াবোৰে আপোনাক সতেজতা প্ৰদান কৰাত কৃপণালি নকৰে কেতিয়াও…
# উজ্জ্বল ৰঙৰ পৰ্দা
বেৰবোৰ বৰণহীণ হ’লেও উজ্জ্বল ৰঙৰ পৰ্দাই আপোনাৰ কোঠাটোক
পোহৰাই তুলিব…
# Colourful Rug আৰু কাৰ্পেট
মজিয়া অথবা কোঠা এটাৰ সামগ্ৰিক পৰিৱেশক ৰঙীণ ৰাগ আৰু কাৰ্পেটেও
ন ৰূপ এটা দিব। এবাৰ চেষ্টা কৰি চাব পাৰে…
ৰাগ অথবা কাৰ্পেটেৰে “Reading Corner’’ এটা সজাই ল’বলৈ
নাপাহৰিব…
Copyrights @ সৃষ্টিৰ পৃথিৱী - Distributed By Copy Blogger Themes - Blogger Templates By Templateism