Thursday, 26 March 2020

লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্যশৈলী (‘মোৰ জীৱন সোঁৱৰণ’ৰ সপ্তম আধ্যাৰ নিৰ্বাচিত অংশৰ আধাৰত)

সৃষ্টিৰ পৃথিৱী


লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্যশৈলী (‘মোৰ জীৱন সোঁৱৰণ’ৰ সপ্তম আধ্যাৰ নিৰ্বাচিত অংশৰ আধাৰত)

স্নাতক চতুৰ্থ ষাণ্মাসিক (উচ্চমান)
অসমীয়া গদ্য-সাহিত্য (পঞ্চম কাকত)
গোটঃ ৩

        লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্য অসমীয়া গদ্য-সাহিত্যৰ ভালেমান দিশত পৰিব্যাপ্ত হৈ আছে। বিষয়বস্তু অনুসৰি বেজবৰুৱাৰ গদ্য-সাহিত্যক এনেদৰে ভাগ কৰিব পাৰি— সাধুকথা, চুটিগল্প, নাটক, উপন্যাস, ৰস-ৰচনা, জীৱনী, আত্মজীৱনী, চিন্তাশীল তত্ত্বমূলক ৰচনা, নীতিকথামূলক ৰচনা, অনুবাদ আৰু বিবিধ বিষয়ক। বিভিন্ন আংগিকৰ এনে গদ্য-সাহিত্যৰ যোগেদি বেজবৰুৱাই এক স্বতন্ত্ৰ ‘শৈলী’ সৃষ্টি কৰিলে। এই শৈলীক নিঃসন্দেহে ‘বেজবৰুৱা শৈলী’ আখ্যা দিব পাৰি।
লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী ‘মোৰ জীৱন সোঁৱৰণ’ৰ প্ৰথম তাঙৰণ প্ৰকাশ পাইছিল ১৯৪৪ চনত। আত্মজীৱনীখন দুটা খণ্ডত বিভক্ত— প্ৰথম আৰু দ্বিতীয় ভাগ। প্ৰথম ভাগটোত আঠোটা আধ্যা আছে। আনহাতে দ্বিতীয় ভাগটোত দহোটা আধ্যা আছে। পৰিশিষ্টত বেজবৰুৱাৰ মূল জীৱনৰ পৰিপূৰক অংশ হিচাপে তেওঁ লিখা দুটা প্ৰবন্ধ সংযোগ কৰা হৈছে— ‘মোৰ মৃগয়া’ আৰু ‘মোৰ মাতৃ মুখ দৰ্শন’।
        আত্মজীৱনীখনৰ সপ্তম আধ্যাত কলিকতাত পঢ়িবলৈ যোৱা লক্ষ্মীনাথে সন্মুখীন হোৱা আলৈ-আহুকাল কিছুমানৰ কথা কোৱা কৈছে। কলিকতাত থকা সময়খিনিতে তেওঁৰ এটা সামাজিক বৃত্ত গঢ়ি উঠিছিল। গুণাভিৰাম বৰুৱা, বিষ্ণুপ্ৰিয়া দেৱী, সত্যনাথ বৰা, ৰাধাকান্ত সন্দিকৈ, গোপীনাথ বৰদলৈ আদি ব্যক্তিসকলক লগ পাইছিল। সত্যনাথ বৰা আৰু অন্যান্যসকলৰ লগ লাগি সাহিত্য ৰচনাত ভাগ লৈছিল। বলিনাৰায়ণ বৰাই উলিওৱা মাহেকীয়া কাকত ‘মৌ’ বন্ধ কৰাৰ দৰে অনুচিত কাৰ্যত ভাগ লোৱাৰ কথাও তেওঁ স্পষ্টকৈ সপ্তম আধ্যাত উল্লেখ কৰিছে। চন্দ্ৰকুমাৰ আগৰৱালাৰ লগ লাগি লক্ষ্মীনাথ বেজবৰুৱাই ‘জোনাকী’ কাকত উলিওৱাৰ প্ৰসংগটোও সবিস্তাৰে এই আধ্যাত কোৱা হৈছে। এই দিশৰপৰা সপ্তম আধ্যাটোৰ এক ঐতিহাসিক মূল্যও আছে বুলিব পাৰি।
        তলত সপ্তম আধ্যাৰ নিৰ্বাচিত অংশৰ আধাৰত বেজবৰুৱাৰ গদ্যৰ বিশিষ্টতা বিচাৰ কৰিবলৈ প্ৰয়াস কৰা হ’ল—

ধ্বনিগত বিশেষত্বঃ
১.      ব্যঞ্জন লোপৰ উদাহৰণ পোৱা যায়। থলুৱা কথনভংগীৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবেই এনে ধ্বনিগত বিশেষত্ব তেওঁৰ ৰচনাত পৰিলক্ষিত হয়। উদাহৰণ—
                        চাৰিডাল              চাইডাল

শব্দগত বা ৰূপগত বিশেষত্বঃ
১.      বেজবৰুৱাই বহু ইংৰাজী শব্দ অসমীয়ালৈ লিপ্যন্তৰ কৰি ব্যৱহাৰ কৰিছে। অৰ্থাৎ কিছুমান শব্দৰ ক্ষেত্ৰত তেওঁ অসমীয়া প্ৰতিশব্দৰ আৱশ্যকতা অনুভৱ কৰা নাই। যেনে— নোট-বুক, কলেজ, ক্লাছ, প্ৰফেছৰ, লেকচৰ, অফিচ আদি।
২.     কিছুমান ইংৰাজী শব্দ ৰোমান লিপিতেই ব্যৱহাৰ কৰিছে। যেনে— follow, area, home sick আদি।
৩.     বেজবৰুৱাই অনেক ইংৰাজী শব্দৰ অসমীয়া প্ৰতিশব্দ সাজি লৈছিল আৰু গদ্যত দুয়োটা ৰূপেই ব্যৱহাৰ কৰিছিল। যেনে—
                       Mathematics              : অঙ্কবিদ্যা
                       Area                        : ক্ষেত্ৰফল
৪.     বেজবৰুৱাই কেতিয়াবা কোনো শব্দৰ একোটা শব্দতে প্ৰতিশব্দ বিচাৰি নাপালে এটাতকৈ অধিক শব্দ প্ৰয়োগ কৰি তাক বুজাইছিল। যেনে—
                       Paying Guest              : গাঁঠিৰপৰা ধন দি ভাত খাই থকা আলহী
                       Home sick                 : নিজঘৰ-কাতৰুৱা
                       Misdirected energy       : কুপথেদি নিয়োজিত শক্তি
৫.     শব্দ-চয়নৰ ক্ষেত্ৰত বেজবৰুৱাই এক উদাৰ পন্থা অৱলম্বন কৰিছিল বুলিব পাৰি। তেওঁ মুকলিভাৱে সকলো ধৰণৰ শব্দ গ্ৰহণ কৰিছিল। এনে কাৰণতে ঘৰুৱা অসমীয়া শব্দৰ উপৰি তেওঁৰ ৰচনাত উপভাষাৰ শব্দ, বিদেশী শব্দ পোৱা যায়। নিৰ্বাচিত পাঠ্যাংশত ব্যৱহৃত কিছুমান ঘৰুৱা অসমীয়া শব্দ এনেধৰণৰ— থোলোকা, নুমলীয়া, কাপ, মোনা আদি। থলুৱা শব্দৰ এনে প্ৰয়োগে বেজবৰুৱাৰ অসমীয়া ভাষাৰ প্ৰতি থকা প্ৰেমৰ কথাকেই সূচায়। অৱশ্যে বেজবৰুৱাই প্ৰয়োজন সাপেক্ষে তৎসম, অৰ্ধ-তৎসম, হিন্দী আদি ভাষাৰ শব্দও প্ৰয়োগ কৰিছে। যেনে—
                        তৎসমঃ               স্নান, বিদ্যাদিগগজ
                        অৰ্ধ-তৎসমঃ           ছাতৰ
হিন্দীঃ                 পুস্তক, নডৰি (‘ডৰ’ মানে ভয়, ভয় নাখাই বুজাবলৈ বেজবৰুৱাই ‘নডৰি’ শব্দ ব্যৱহাৰ কৰিছে।)
৬.     বেজবৰুৱাই য’তেই সুবিধা পাইছে ত’তেই অসমীয়া ফকৰা-যোজনা, প্ৰবাদ-প্ৰবচন, জতুৱা-ঠাঁচ পৰ্যাপ্তৰূপে ব্যৱহাৰ কৰিছে। নিৰ্বাচিত পাঠ্যাংশতো ইয়াৰ উদাহৰণ আছে—
                       হেদাঙি মেলা জীৱন
                       বান্ধিলোঁ মন শিলৰ খুটি, মেলিলোঁ মন ঘোঁৰাৰ ছুটি
                       টিঙিৰি-তুলা
                        আঁকোৰ-গোঁজালি
                       কঁকালত টঙালি বন্ধা আদি।
৭.     বেজবৰুৱাই অসমীয়া জতুৱা-ঠাঁচ, যোজনা-পটন্তৰ কেতিয়াবা সম্পূৰ্ণকৈ প্ৰয়োগ কৰা নাছিল। ইবোৰৰ  আভাসিক প্ৰয়োগতহে বেজবৰুৱা অভ্যস্ত আছিল। নিৰ্বাচিত পাঠ্যাংশতো বেজবৰুৱাৰ এনে গদ্যশৈলী চকুত পৰে। উদাহৰণস্বৰূপে তেওঁ ব্যৱহাৰ কৰা ‘কচুপাতত পানীটুপি’ৰ কথা ক’ব পাৰি। ই ‘জীৱন কচুপাতৰ পানী’ৰ আংশিক ৰূপ।
৮.     বৰ্তমানৰ অসমীয়া ভাষাত ব্যৱহাৰ নোহোৱা ৰূপ কিছুমানো বেজবৰুৱাৰ গদ্যত পোৱা যায়। যেনে— গবয় নে কবয়, হেঙ্গামে আদি।

বাক্যগত বৈশিষ্ট্যঃ
১.      বাক্যৰ ক্ষেত্ৰত দেখা যায় যে, বেজবৰুৱাই ইংৰাজী বাক্যৰ অনুবাদৰূপে বাক্য ৰচনা কৰি গদ্যত ব্যৱহাৰ কৰিছিল। যেনে—
               (ক)    Better late than never.
                       সজ কাম নকৰাতকৈ পলমকৈ কৰাও ভাল।
               (খ)    Survival of the fittest.
                       অযোগ্য অধঃপাতলৈ যাব।
২.     সংস্কৃত বাক্যৰ অনুকৰণত সজা বাক্য বা সংস্কৃত বাক্যও বেজবৰুৱাৰ ৰচনাত পোৱা যায়। যেনে—
               (ক)    কাৰ্য্যাম্বা সাধয়েৎ শৰীৰম্বা পাতয়েৎ।
                (খ)    নান্যঃ পন্থা বিদ্যতে?
৩.     বাংলা ভাষাৰ বাক্যৰ অনুকৰণ এটাও চকুত পৰে। যেনে—
                (ক)    কামত এলেহুৱা ও পৰাধীন
                (খ)    নিজৰ শক্তিচালনা ও সুযোগ
৪.     গ্ৰাম্য কথনভংগীৰ ঠাঁচতো বেজবৰুৱাই বাক্য কেতবোৰ ৰচনা কৰিছে। যেনে—
                (ক)    মোৰ কলিকতাত পঢ়াসোপা আৰু হ’ল!
                (খ)    ওকালতি পঢ়া-ফহা জহন্নামে গ’ল।

আলংকাৰিক প্ৰয়োগঃ
অলংকাৰৰ প্ৰয়োগে বেজবৰুৱাৰ গদ্য আকৰ্ষণীয় কৰি তুলিছে। তলত অলংকাৰযুক্ত (উপমা অলংকাৰযুক্ত) বাক্য দুটামান তুলি দিয়া হ’ল—
(ক)    কলিকতাৰ পৰিৱেশৰ লগত মিলিবলৈ চেষ্টা কৰিও বেজবৰুৱা প্ৰথম অৱস্থাত সফল হ’ব পৰা নাছিল। ইয়াক বুজাবলৈ তেওঁ ‘কঁটীয়া মাহ’ৰ প্ৰসংগ টানি আনিছে। ‘কঁটীয়া মাহ’ যিমান সিজালেও নিসিজে। সেইদৰে বেজবৰুৱাদেৱেও যেন কলিকতাত খাপ খাবলৈ বাৰে বাৰে চেষ্টা কৰিছে, কিন্তু সফল পৰা নাই।
(খ)    শিশু জ্ঞানদাভিৰাম বৰুৱাৰ গঢ় আৰু বৰণৰ বিষয়ে এনেদৰে কৈছে— “তেওঁ গঢ় আৰু বৰণত হুবহু এটি য়ুৰোপীয় থোলোকা ল’ৰা যেন আছিল।”

গদ্যৰ বিভিন্ন ৰীতিঃ
বেজবৰুৱাৰ আত্মজীৱনীখনত গদ্যৰ বিভিন্ন ৰীতিৰ প্ৰয়োগ পৰিলক্ষিত হয়। নিৰ্বাচিত পাঠ্যাংশতো এনে বৈচিত্ৰ্য উপস্থিত। তলত তাৰ উদাহৰণ দিয়া হ’ল—
১.      বেজবৰুৱাৰ গদ্যত হাস্য-ৰসাত্মক বা ব্যংগাত্মক শৈলীৰ প্ৰয়োগ বিশেষভাৱে চকুত পৰে। আত্মজীৱনীখনতো হাস্য-ৰস সৃষ্টিৰ সমল আছে। যেনে— কাম-বন নোহোৱাকৈ ঘূৰি ফুৰা বা টহলি ফুৰা বুজাবলৈ ‘টহলৰাম শৰ্মা’ শব্দ ব্যৱহাৰ কৰিছে। ৰিপন কলেজত পলমকৈ ভৰ্তি হোৱাৰ বাবে বেজবৰুৱাই বহুবোৰ পাঠ বুজাত অসুবিধা পাইছিল। কাৰণ, অধ্যাপকে ছাত্ৰক পঢ়াই গৈ প্ৰায়বোৰ কিতাপৰ মাজ-ছোৱা বা শেহ-ছোৱা পাইছিলগৈ। বেজবৰুৱাই এই কথাখিনিও হাস্য-ৰসাত্মকভাৱে উপস্থাপন কৰিছে— “মই পাঠ্য পুস্তকৰ দেশলৈ যাবলৈ গৰুৰ গাড়ী এখনত উঠিছোঁ মাথোন আৰু সিফালে অধ্যাপকে আনবোৰ ছাতৰক লগত লৈ ৰেলৰ ডাকগাড়ীত উঠি ভোঁ ভোঁ কৰে লৰিছে।” ক’ব পাৰি যে, আত্মজীৱনীখনত গহীন-গম্ভীৰ বেজবৰুৱাজনৰ লগতে ৰসৰাজ বেজবৰুৱায়ো সঘনে দেখা দি ইয়াৰ গদ্য ৰসাল আৰু কৌতুকপূৰ্ণ কৰি তুলিছে।
২.     কথোপকথন শৈলী প্ৰয়োগ কৰিও আত্মজীৱনীকাৰে গদ্য আকৰ্ষণীয় কৰি তুলিছে। যেনে— বাবুজনে মৰম পতিয়াই মোক সুধিলে, ‘‘মশায় কিএ কলিকাতা থেকে আসেছেন?”
৩.     বেজবৰুৱাৰ আত্মজীৱনীখনত জ্ঞাননিষ্ঠ বা যুক্তিনিষ্ঠ শৈলীৰ নিদৰ্শনো আছে। নিৰ্বাচিত পাঠ্যাংশতো এনে উদাহৰণ আছে। যেনে—
                (ক)    উদ্যোগীয়ে মৰণ কি ক’ব নোৱাৰে।
(খ)    আমি নিজকে নিজে “যোগ্য” নকৰিলে অন্যে কৰি নিদিয়েহি। এই সংসাৰেই হৈছে যোগ্যৰ ঘৰ।
৪.     বেজবৰুৱাৰ গদ্য কেতিয়াবা কেতিয়াবা লয়যুক্ত হৈ পৰা দেখা যায়। যেনে—
(ক)    আয়ে ৰান্ধি দিয়া ভাত খাওঁ, যতনাই দিয়া জলপান বজাওঁ, টৌ টৌ কৰি ঘূৰি ফুৰোঁ, মেল মাৰোঁ আৰু ঘুমটি মাৰোঁ।
                (খ)    ...কুপথেদি নিয়োজিত শক্তিৰ বলত মৌৱে বাহ লোৱা গছ পৰিল হাউলি। মৰিল “মৌ”।

Sunday, 22 March 2020

বেণুধৰ শৰ্মাৰ গদ্যশৈলী: ‘আলহী কেইবিধ?’ শীৰ্ষক ৰচনাৰ বিশেষ উল্লেখেৰে

সৃষ্টিৰ পৃথিৱী


—মৃদুল মৰাণ, সহকাৰী অধ্যাপক
অসমীয়া বিভাগ, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়, দেৰগাঁও
ফোনঃ ৯৮৫৪৭ ০৭০১৪, ই-মেইলঃ mridulmoran8feb@gmail.com

আধুনিক অসমীয়া গদ্য লেখকসকলৰ ভিতৰত বেণুধৰ শৰ্মা অন্যতম। বুৰঞ্জীবিদ হিচাপে খ্যাত বেণুধৰ শৰ্মাই জীৱনী, আত্মজীৱনী, বুৰঞ্জীমূলক প্ৰবন্ধ সংকলন, শিশু-সাহিত্য আদিও ৰচনা কৰিছিল। এই ৰচনাৰাজিয়ে অসমীয়া গদ্য সাহিত্যৰ ভঁৰাল বিশেষভাৱে সমৃদ্ধ কৰিছে। বেণুধৰ শৰ্মাই অসমীয়া ভাষাৰ বিশুদ্ধতা আৰু স্বকীয়তা ৰক্ষাৰ বাবে সদায়েই চেষ্টা কৰিছিল। এনে কাৰণতে শৰ্মাৰ গদ্যত অসমীয়া ভাষাৰ কালিকাস্বৰূপ জতুৱা-ঠাঁচ, খণ্ডবাক্য, ফকৰা-যোজনা, পটন্তৰ আদিৰ সফল প্ৰয়োগ লক্ষ্য কৰা যায়। বেণুধৰ শৰ্মাক ‘জতুৱা লেখক’ বুলিব পাৰি।
বেণুধৰ শৰ্মাই তিনিখন শিশু উপযোগী গ্ৰন্থ ৰচনা কৰিছিল— ‘ৰাংপতা’, ‘লাতুমণি’ আৰু ‘মৰমৰ কাৰেং’। ‘ৰাংপতা’ৰ ভিতৰুৱা ‘আলহী কেইবিধ?’ নামৰ ৰচনাখনতো বেণুধৰ শৰ্মাৰ গদ্যৰ বিশিষ্টতা প্ৰকাশিত হৈছে। তলত ‘আলহী কেইবিধ?’-ৰ আধাৰত বেণুধৰ শৰ্মাৰ গদ্যশৈলী বিচাৰ কৰিবলৈ যত্ন কৰা হ’ল—

ধ্বনিতাত্ত্বিক প্ৰসংগঃ
(১) বেণুধৰ শৰ্মাই ‘ঙ’-ৰ সলনি ‘ঙ্গ’ প্ৰয়োগ কৰিছে। এনে ধ্বনিগত বিশেষত্ব বুৰঞ্জীৰ ভাষাতো চকুত পৰে। নিৰ্বাচিত পাঠৰপৰা দুটামান উদাহৰণ তলত দাঙি ধৰা হ’ল—
(ক)    দাঙ্গিলোৱা পোৰা পিঠা দঙ্গাতেই থাকিল...।
(খ)    বুঢ়া ডাঙ্গৰীয়া।
(গ)    ডাঙ্গৰ আন এজনক সুধি তাৰ খৰচি মাৰি লয় সেয়ে বঢ়িয়া ল’ৰা।
(ঘ)    কথা বিসঙ্গতি যেন দেখি ...।
(ঙ)    ককাৰ খঙ্গে অলপ শাম কাটিলত...।

শাব্দিক আৰু ৰূপতাত্ত্বিক প্ৰসংগঃ
(১) বেণুধৰ শৰ্মাই তেওঁৰ ৰচনাত কথিত ভাষাৰ পৰা হেৰাই যাবলৈ ধৰা অনেক থলুৱা শব্দ ব্যৱহাৰ কৰিছে। তলত তাৰ দুটামান দাঙি ধৰা হ’ল—
                       ধতুৱা, ঘাৰ-মোচৰা, ডেওদোপাল, খিয়াল
টিলিকি, বিহাই, এথোন আদি।
(২) জতুৱা-ঠাঁচ, খণ্ডবাক্য, প্ৰবাদ বাক্য আদিৰ ব্যৱহাৰো বেণুধৰ শৰ্মাৰ ৰচনাত বিশেষভাৱে দেখা যায়। যেনে—
                       আমাৰ মুখলৈ পানী আহিল
                       বাঘৰ আগতেল খোৱা
                       ঠাই দিবৰ গুণ টপটপনি শুন আদি।
(৩) যুৰীয়া শব্দৰ যথেষ্ট প্ৰয়োগ শৰ্মাৰ গদ্যশৈলীৰ এটা বিশেষত্ব। কেতিয়াবা তেওঁ একেটা বাক্যতেই অনেক যুৰীয়া শব্দ প্ৰয়োগ কৰিছে। বেণুধৰ শৰ্মাই তেওঁৰ অন্যান্য ৰচনাৰ তুলনাত শিশু-সাহিত্যসমূহত অধিক পৰিমাণে যুৰীয়া শব্দ প্ৰয়োগ কৰিছে। ‘আলহী কেইবিধ?’ ৰচনাতো এনে বৈশিষ্ট্য দেখা যায়। যেনে— “হাত-মুখ ধুই, নাম-গুণ গাই, কিতাপ-ফলি ল’বৰ ছাৰি মোমাই আহিলে কোনে কি কৰিবি, কি নকৰিবি বুলি শালিকী চৰাইৰ দৰে দন মাৰি আছ।
(৪) লোকনামৰ বিশিষ্ট প্ৰয়োগ ৰচনাখনত পৰিলক্ষিত হৈছে। যেনে—
               শুকুৰা, ফেদেলা, বাৰীক
               দুতিৰাম, দেওবৰ আদি।
(৫) শব্দৰ বিশিষ্ট প্ৰয়োগ ‘আলহী কেইবিধ?’-ত দেখা যায়। ই ব্যক্তিশৈলীৰ লগতে যুগশৈলীৰ নিদৰ্শনো দাঙি ধৰিছে। শৰ্মাই তেওঁৰ ৰচনাত প্ৰয়োগ কৰা কেতবোৰ শব্দৰ প্ৰচলন বৰ্তমান দেখা নাযায়। এনে শব্দবোৰে প্ৰাচীন আৰু আধুনিক যুগৰ মাজত সমন্বয় ৰক্ষা কৰাৰ লগতে সেই যুগৰ ভাষাশৈলীৰ নিদৰ্শনো দাঙি ধৰিছে। শৰ্মাই প্ৰয়োগ কৰা বিশিষ্ট কালবাচক সৰ্বনামৰ উদাহৰণ এনে—
        (ক)    আৰু বেলি বা তেওজ বেলি তহঁতৰ ঘৰত দুনিশামান আছিলও।
        (খ)    বহুত বেলিৰ মূৰত ককা আকৌ আগৰ নিচিনা হুৰহুৰীয়া হৈ পৰিল।
        (গ)    অলপ বেলি নিটাল মাৰি থাকি আমাৰে এটাই মাত লগালে, “কোন?”
(৬) ৰচনাখনৰ বিষয়বস্তু গ্ৰাম্য পটভূমি আধাৰিত। এনে কাৰণতে নিৰ্দিষ্টতাবাচক প্ৰত্যয় ‘মান’ৰ প্ৰয়োগ কৰোঁতে গ্ৰাম্য কথনভংগীৰ প্ৰতি গুৰুত্ব দিছে। যেনে— “…এই নিশাখন নো ক’ৰ কিটো ওলাল হি!” ‘ফেৰা’, ‘মখা’ আদি নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ ব্যৱহাৰো ৰচনাখনত দেখা যায়। যেনে—
        (ক)    সেই ফেৰাও জ্ঞান নাই।
        (খ)    তহঁত জানিবা ল’ৰা মখাই আজি…।
(৭) গ্ৰাম্য সমাজত প্ৰয়োগ হোৱা এথোন, হবলা, একা, দেও, তোন আদি স্বাৰ্থিক প্ৰত্যয় বেণুধৰ শৰ্মাই প্ৰয়োগ কৰিছে। যেনে—
        (ক)    ভূত-পিশাচ নহওঁ দেও, মানুহ হে।
        (খ)    আমি দেখোন মাতিলোঁ একা!
        (গ)    সাধু-কথা ক’বলৈ আছেই এথোন।
(৮) জোৰবাচক প্ৰত্যয় ‘গৈ’ৰ বিশেষ ব্যৱহাৰ ৰচনাখনত চকুত পৰে। যেনে— “...মইনাহঁত, নৰিয়া ভাল হ’লেই যাম গৈ। ...নৰিয়াৰ লেচু লৈ পাছত যাবৰ মন নোযোৱা হ’ল গৈ। তহঁতেও আলপৈচান ধৰি ধৰি হুৰিলি গৈ। পিছলৈ, তহঁততকৈও মোৰ কোব চৰিল গৈ।”

আলংকাৰিক প্ৰয়োগঃ
(১) তুলনা তথা উপমাৰ প্ৰয়োগে ‘আলহী কেইবিধ?’ ৰচনাখন আকৰ্ষণীয় কৰাত বিশেষ সহায় কৰিছে—
(ক)    “পৰুৱাই টোপ কঢ়িউৱাদি এটি দুটিকৈ জলপানৰ দ্ৰব্য-বস্তু আনি ঠাই-ঠুই মছি, বান এখনতে সজাই তেওঁৰ আগত কঢ়িয়াই থলোঁহি।”
(ক)    খঁৰা-শিয়ালৰ বিয়াঃ
অসমীয়া লোকসমাজত বিশ্বাস আছে যে, ৰ’দ-বৰষুণ একেলগে দিয়াৰ সময়ত খঁৰা-শিয়ালৰ বিয়া হয়। ল’ৰা-ধেমালিৰ গীতত এনে বিশ্বাসৰ প্ৰতিফলন ঘটিছে। খন্তেকতে ৰং, খন্তেকতে বেজাৰ কৰা ককাৰ মনৰ ভিতৰখনৰ স্বৰূপ প্ৰকাশ কৰিবৰ বাবে ‘খঁৰা-শিয়ালৰ বিয়া’ প্ৰসংগ টানি অনা হৈছে— “খন্তেকতে ৰং, খন্তেকতে বেজাৰ কৰা ককাৰ মনত ভিতৰত এনেখন খঁৰা-শিয়ালৰ বিয়া দেখি আমি টভক মাৰি ৰলোঁহক।” ‘খঁৰা-শিয়ালৰ বিয়া’ৰ লগত সম্পৃক্ত হৈ থকা ৰ’দ-বৰষুণে আনন্দ আৰু বেজাৰৰ সংমিশ্ৰণ বুজাইছে।
        (গ)    শালিকী চৰাইৰ দৰে দন মাৰি আছ।
        (ঘ)    তহঁতৰ ঘৰতে ছেলাপেটি জোকৰ দৰে বজ্ৰলেপ কামোৰ মাৰি থাকিবলগীয়া হ’ল।
(২) অতিশয়োক্তিৰ প্ৰয়োগো ৰচনাখনত দেখা যায়—
        (ক)    ককাৰ চকুৰপৰা জৰ্ জৰকৈ পানী এসূঁতি বৈ আহিছিল।

বাক্যতাত্ত্বিক প্ৰসংগঃ
(১) সৰল আৰু চুটি চুটি বাক্যৰ প্ৰয়োগে ৰচনাখন সহজবোধ্য আৰু মনোৰম কৰি তুলিছে। যেনে—
        (ক)    মানুহ জন হুৰহুৰীয়া।
        (খ)    এতিয়া কি কৰ কৰ?
অৱশ্যে তাৰ মাজতো দীঘল বাক্যৰ প্ৰয়োগ চকুত পৰে। সাধাৰণতে কমা ব্যৱহাৰ কৰি তেওঁ বাক্যবোৰ দীঘল কৰিছে। এই প্ৰসংগত ৰচনাখনৰ আৰম্ভণি অনুচ্ছেদটোৰ কথাকে ক’ব পাৰি। অনুচ্ছেদটোত দুটা বাক্য আছে—
(ক)    মাঘৰ বিহুৰ উৰুকা-দিনা গধূলি আমি আটাইবোৰে জুহালৰ কাষত বহি, বিহুৰ পিঠা-পনা একো ডোখৰ হাতে পতি লৈ, মাজে-মাজে জুইত পোৰা মোৱা আলু, কাঠ আলুকেইটা সিজিছে নে নাই সিজা বুলি ভুকুৱাই-ফুৱাই আছোঁ, এনেতে বাহিৰত কোনোবাই মাত লগোৱা শুনিলোঁ, “এই পিনে ওফোৰাজেং আহিছো।” মাত শুনি, আমাৰ পেটতে হাত-ভৰি লুকাল, দাঙ্গি লোৱা পোৰা পিঠা দঙ্গাতেই থাকিল, ঢকিয়াব-ফুৱাবলৈ এৰি দি, ইটোৱে সিটোৰ মুখলৈ চোৱা-চুই কৰি ভাবিবলৈ ধৰিলোঁ— এই নিশাখন নো ক’ৰ কিটো ওলালহি!
(২) বাক্যৰ আৰম্ভণিত সংযোজক অব্যয়ৰ ব্যৱহাৰ দেখা যায়। যেনে—
(ক)    আৰু আমিও বৰ আস্ত-ব্যস্তকৈ তেওঁক তামুলী পীৰা এখন বহিবলৈ আগবঢ়াই দি হাত-মুখ ধুৱাবলৈ কাৰবাৰ কৰিলোঁ।
(খ)    আৰু বেলি বা তেওজ বেলি তহঁতৰ ঘৰত দুনিশামান আছিলও।

গদ্যৰ বিভিন্ন ৰীতিৰ প্ৰয়োগঃ
        গদ্যক বিভিন্ন দৃষ্টিকোণৰ বিভিন্ন ভাগত ভাগ কৰিব পাৰি। যেনে—
গদ্যৰ প্ৰকাৰভেদ



বেণুধৰ শৰ্মাৰ ‘আলহী কেইবিধ?’ ৰচনাত প্ৰয়োগ হোৱা বিভিন্ন গদ্যশৈলীৰ বিষয়ে তলত সংক্ষেপে উল্লেখ কৰা হ’ল—
(১) বিষয়বস্তুৰ দিশৰপৰা বিচাৰ কৰি ক’ব পাৰি যে, বেণুধৰ শৰ্মাৰ ‘আলহী কেইবিধ?’ ৰসাশ্ৰয়ী বা সৃষ্টিশীল গদ্যৰ সাৰ্থক উদাহৰণ।
(২) প্ৰকাশভংগীৰ দিশৰপৰা ‘আলহী কেইবিধ?’-ৰ গদ্য অলংকৃত বা বাখৰুৱা গদ্য।
(৩) ‘আলহী কেইবিধ?’ ৰচনাখনত নাটকীয় আৰু কথোপকথন শৈলী যথেষ্ট পৰিমাণে প্ৰয়োগ কৰা হৈছে। যেনে—
নাটকীয় শৈলীঃ
        ককাঃ  বাৰু তহঁত ভাল ল’ৰা।
        আমিঃ  পিছে, এতিয়া কওক, আপুনি নো ওফোৰাজেং বুলি কেলেই কৈছিল?
        ককাঃ  তহঁতৰপৰা উপায় নাই। বাৰু কওঁ, শুন।
কথোপকথনমূলক শৈলীঃ
        অলপ বেলি নিটাল মাৰি থাকি আমাৰে এটাই মাত লগালে, “কোন?” মাত শুনি আমাৰ মানত যি বুঢ়া ডাঙ্গৰীয়া যেন লাগিছিল, তেওঁ উত্তৰ দিলে, “ভূত-পিশাচ নহওঁ দেও, মানুহ হে।”

অন্যান্য প্ৰসংগঃ
        ‘আলহী কেইবিধ?’ নামৰ ৰচনাখন শিশুৰ বাবে ৰচিত। এনে কাৰণতে বেণুধৰ শৰ্মাই শিশুৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবে কেতবোৰ ৰচনা-কৌশল অৱলম্বন কৰিছে। যেনে—
(১) সংজ্ঞাকাৰে আলহীৰ প্ৰকাৰ সম্পৰ্কে ব্যাখ্যা নকৰি কাহিনী কোৱাৰ চলেৰে তাৰ ধাৰণা দাঙি ধৰিবলৈ যত্ন কৰিছে। সাধুকথা-কথনৰ কৌশল প্ৰয়োগ কৰাৰ বাবে ৰচনাখন মনোৰম হৈ উঠিছে। ৰচনাখন পঢ়িলে ককা-আইতাই সৰু সৰু ল’ৰা-ছোৱালীক সাধু কৈ আছে যেন অনুভৱ হয়।
(২) শিশুসকলক জ্ঞান (আলহীৰ প্ৰকাৰভেদ) দিয়াৰ লগতে নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা দিয়াৰ প্ৰচেষ্টা এটাও ‘আলহী কেইবিধ?’-ত চকুত পৰে। যেনে—
        (ক)    অপাৰ্থকত পৰা মানুহক খেদি পঠিয়াব নেপায়।
(খ)    যি ল’ৰাই নজনা কথা এষাৰ শুনিলে বুঢ়া লোকক বা তাতকৈ বয়সে ডাঙ্গৰ আন এজনক সুধি তাৰ খৰচি মাৰি লয় সেয়ে বঢ়িয়া ল’ৰা।

সামৰণিঃ
সামৰণিত ক’ব পাৰি যে, বেণুধৰ শৰ্মাৰ গদ্যৰ প্ৰধান বৈশিষ্ট্য হ’ল থলুৱা বচনভংগীৰ প্ৰাধান্য। কথিত ভাষাৰ গতটো ৰক্ষা কৰিবলৈ তেওঁ সদায় চেষ্টা কৰিছিল। শিশু সাহিত্যৰ উপৰি বেণুধৰ শৰ্মাৰ অন্যান্য ৰচনাতো থলুৱা বচনভংগীৰ সুপ্ৰয়োগ লক্ষ্য কৰা যায়। থলুৱা মাত-কথাকো যে বিভিন্ন বিষয়ৰ উপযোগী কৰি ব্যৱহাৰ কৰিব পাৰি, সেই কথা বেণুধৰ শৰ্মাই তেওঁৰ গদ্যৰ যোগেদি প্ৰমাণ কৰি থৈ গৈছে। এনে প্ৰচেষ্টাৰ যোগেদি ভাষাটোক বিজতৰীয়া হোৱাৰ পৰাও ৰক্ষা কৰিব পাৰি।

গ্ৰন্থপঞ্জীঃ
কটকী, প্ৰফুল্ল                 : ক্ৰমবিকাশত অসমীয়া কথাশৈলী, বীণা লাইব্ৰেৰী, গুৱাহাটী, ষষ্ঠ সংস্কৰণঃ ২০১১
কোঁৱৰ, অৰ্পণা (সম্পা.)       : আধুনিক অসমীয়া গদ্যশৈলী, বনলতা, ডিব্ৰুগড়, প্ৰথম প্ৰকাশঃ ২০১৬
নেওগ, বিভা দত্ত আৰু
ৰীতা দত্ত (সম্পা)             : অসমীয়া গদ্যচয়ন, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, চতুৰ্থ মুদ্ৰণঃ ডিচেম্বৰ, ২০১৭

Wednesday, 18 March 2020

সাহিত্য আলোচনী ‘গৰীয়সী’ৰ এক সংক্ষিপ্ত পৰিচয়মূলক টোকা

সৃষ্টিৰ পৃথিৱী


প্ৰস্তাৱনাঃ
       অসমীয়া সাহিত্য আলোচনীসমূহৰ ভিতৰত ‘গৰীয়সী’ৰ (Gariyoshi, A Monthly Assamese Magazine) এক বিশিষ্ট আসন আছে। ১৯৯৩ চনৰ ১৭ অক্টোবৰ তাৰিখে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত ‘গৰীয়সী’য়ে জন্ম লাভ কৰিছিল। চন্দ্ৰপ্ৰসাদ শইকীয়াই আলোচনীখন ১৩ বছৰ সম্পাদনা কৰিছিল (১৯৯৩-২০০৬)। হৰেকৃষ্ণ ডেকায়েও কেইবছৰমান আলোচনীখন সম্পাদনা কৰিছিল। বৰ্তমান আলোচনীখনৰ সম্পাদক বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰা।
       গুৱাহাটীৰ সাহিত্য প্ৰকাশ, ট্ৰিবিউন গোষ্ঠীৰ পৰা ‘গৰীয়সী’ প্ৰকাশ পাই আছে। ট্ৰিবিউন গোষ্ঠীয়ে ‘গৰীয়সী’ৰ উপৰি দুখন দৈনিক আৰু এখন সাপ্তাহিক কাকত প্ৰকাশ কৰে— ‘দৈনিক অসম’ আৰু ‘অসম বাণী’। আলোচনীখনে ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ (১৯৯৩-২০১৮) অতিক্ৰম কৰিছে। অসমীয়া মাহেকীয়া আলোচনীৰ বাবে ই এক অভিলেখৰ কথা। আলোচনীখনৰ বৰ্তমান মূল্য ৩০ টকা।

আলোচনীখনৰ প্ৰথম সংখ্যাঃ
আলোচনীখনৰ প্ৰথম সংখ্যাটোত ২৫ গৰাকী লেখকৰ লেখা প্ৰকাশিত হৈছিল আৰু এওঁলোক প্ৰত্যেকেই সুপ্ৰতিষ্ঠত আছিল। প্ৰথম সংখ্যাত গল্প লিখিছিল চৈয়দ আব্দুল মালিক, শীলভদ্ৰ, নিৰুপমা বৰগোহাঞি, আনন্দ গোস্বামী আৰু অৰূপা পটঙ্গীয়া কলিতাই। ধাৰাবাহিকভাৱে উপন্যাস লিখিছিল মামণি ৰয়ছম গোস্বামী (‘তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা’), আৰু ধ্ৰুৱজ্যোতি বৰাই (‘ধূসৰতাৰ কাব্য’)। কবিতা লিখিছিল নিৰ্মলপ্ৰভা বৰদলৈ, ৰবীন্দ্ৰ বৰা, কবীন ফুকন, অৰ্চনা পূজাৰী, দিনেশ গোস্বামী, অনুপমা বসুমতাৰী, নীলিম কুমাৰ আৰু ৰবীন্দ্ৰ সৰকাৰে। প্ৰবন্ধকাৰ আছিল হোমেন বৰগোহাঞি, লক্ষ্যধৰ চৌধুৰী, যোগেশ দাস, মেদিনী চৌধুৰী, নলিনীধৰ ভট্টাচাৰ্য, প্ৰদীপ আচাৰ্য, নগেন শইকীয়া, নীলমণি ফুকন, ৰমেশ পাঠক, দয়ানন্দ পাঠক, গগন চন্দ্ৰ অধিকাৰী, বিজনলাল চৌধুৰী, চন্দ্ৰপ্ৰসাদ শইকীয়া আদিয়ে। সম্পাদক শইকীয়াই হীৰেন গোহাঁইৰ এটা গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰো গ্ৰহণ কৰিছিল। গ্যেটেৰ ফাউষ্টৰ (দ্বিতীয় খণ্ড) অনুবাদ আগবঢ়াইছিল নৱকান্ত বৰুৱাই। এই প্ৰথমখন ‘গৰীয়সী’ৰ দাম আছিল ১০ টকা।

‘গৰীয়সী’ৰ শিতানসমূহঃ
আলোচনীখনৰ নিয়মীয়া শিতানসমূহ হ’ল— কবিতা, প্ৰবন্ধ, গল্প, বছা বছা ভাঙনি, ধাৰাবাহিক উপন্যাস, বিচিত্ৰ বিজ্ঞান, ৰঙ্গভূমি, গ্ৰন্থ-সমালোচনা, সাহিত্য-সংবাদ আৰু অ-সম্পাদকীয়।
তলত আলোচনীখনৰ প্ৰতিটো নিয়মীয়া শিতানত প্ৰকাশিত বিষয়বস্তুৰ এক পৰিচয়মূলক আভাস দাঙি ধৰিবলৈ যত্ন কৰা হ’ল—

১.     কবিতাঃ
‘গৰীয়সী’ত সাম্প্ৰতিক সময়ৰ প্ৰতিষ্ঠিত প্ৰায়ভাগ কবিৰে কবিতা প্ৰকাশ হোৱা দেখা যায়। নতুন কবিসকলকো আলোচনীখনে গুৰুত্ব দিয়ে। সনন্ত তাঁতি, উদয় কুমাৰ শৰ্মা, কৰবী ডেকা হাজৰিকা, ৰাজীৱ বৰা, শোভেন হাজৰিকা, অনুভৱ তুলসী, অৰ্চনা পূজাৰী, পংকজ গোবিন্দ মেধি, কিশোৰ মনজিত বৰা, জোনমণি দাস, বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই, কৌশিক কিশলয় আদি কবিসকলে ‘গৰীয়সী’ত কাব্য চৰ্চা কৰি আছে।

২.     প্ৰবন্ধঃ
সাহিত্য আলোচনী হিচাপে আলোচনীখনত সাহিত্য বিষয়ক প্ৰবন্ধই অধিক প্ৰকাশ পায়। অৱশ্যে মাজে মাজে ভাষা আৰু সংস্কৃতি বিষয়ক প্ৰবন্ধও চকুত পৰে। আলোচনীখনত প্ৰকাশিত কেইটামান সাহিত্য সমালোচনামূলক প্ৰবন্ধ হ’ল—
·       জয়ন্ত মাধৱ বৰাৰ ‘সাম্প্ৰতিক অসমীয়া চুটিগল্পৰ গতিধাৰা’ (ছেপ্টেম্বৰ, ২০১৫)
·       লীলাৱতী শইকীয়া বৰাৰ ‘অসমীয়া কবিতা আৰু মহিলা অসমীয়া কবিৰ চমু ইতিবৃত্ত’ (আগষ্ট, ২০১৯)
·       দিলীপ ৰাজবংশীৰ ‘হেম বৰুৱাৰ কবিতা’ (আগষ্ট, ২০১৯)
·       সত্যকাম বৰঠাকুৰৰ ‘কৰবী ডেকা হাজৰিকাৰ কবিতা’ (মাৰ্চ, ২০১৯)
·       বিভাস চৌধুৰীৰ ‘সাম্প্ৰতিক অসমীয়া কবিতাৰ ধাৰা’ (মাৰ্চ, ২০১৮)
·       কৰবী ডেকা হাজৰিকাৰ ‘মিতভাষঃ এক চমু অৱলোকন’ (মে’, ২০১৬)
·       ডঃ খগেশ সেন ডেকাৰ ‘ভাষা-চিন্তাৰ ক্ৰমবিকাশ আৰু নৌম চমস্কিৰ ভাষা-চিন্তা’ (মাৰ্চ, ২০১৯) আদি।
বিশ্ব-সাহিত্যৰ গতি-বিধি বিষয়ক লেখাও আলোচনীখনত স্থান পাই আহিছে। যেনে— ৰবীন্দ্ৰ সৰকাৰৰ ‘ওৰহান পামুক আৰু তেওঁৰ সাহিত্য-ভাবনা’ (মে’, ২০১৬), দিনেশ গোস্বামীৰ ‘স্পেনীছ কবিতাঃ এটি চমু আভাস’ (মে’, ২০১৬), ধ্ৰুৱজ্যোতি দাসৰ ‘ইমাৰচনৰ কবিতাত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ’ (জুলাই, ২০১৯) আদি। সাহিত্যৰ ন ন তত্ত্ব আৰু নতুন তত্ত্বৰ আধাৰত কৰা সাহিত্য সমালোচনা আলোচনীখনে আগ্ৰহেৰে প্ৰকাশ কৰে। দুটামান উদাহৰণ— অনন্যা হিলৈদাৰীৰ ‘নাৰী মনস্তত্ত্ব, সমলিংগবাদ আৰু দুটা অসমীয়া চুটিগল্প’ (জুলাই, ২০১৯), দূবৰি গোস্বামীৰ ‘মৌখিক সাহিত্যত পৰিৱেশ সচেতনতা’ (জুলাই, ২০১৯), দীপামণি বৰ্মনৰ ‘সামাজিক লিংগ প্ৰসংগ আৰু অৰূপা পটংগীয়া কলিতাৰ চুটিগল্প’ (ছেপ্টেম্বৰ, ২০১৪), কমল কুমাৰ তাঁতীৰ ‘উত্তৰ-ঔপনিৱেশিক সাহিত্য, উত্তৰ-ঔপনিৱেশিক সমালোচনা তত্ত্বঃ এক অসমাপ্ত আলোচনা’ (আগষ্ট, ২০১৯) আদি।

৩.    বছা বছা ভাঙনিঃ
অসমীয়া অনুবাদ সাহিত্যৰ বিকাশত ‘গৰীয়সী’য়ে বিশেষ অৱদান আগবঢ়াই আছে। ‘বছা বছা ভাঙনি’ শিতানত বিশ্বৰ বিভিন্ন ভাষাৰ গল্প, কবিতাৰ অসমীয়া অনুবাদ প্ৰকাশ কৰা হয়। বিশ্ব-সাহিত্যৰ স্বৰূপ উপলব্ধি কৰাত এই অনুবাদসমূহে নিশ্চয় সহায় কৰিব। ‘গৰীয়সী’ৰ মাৰ্চ, ২০১৯ সংখ্যাত জন পল মুৰৰ কবিতা (পান কৰোঁ পিৰিছৰ পৰা, অনুঃ অনুপমা দত্ত শইকীয়া), বাংলা গল্পকাৰ অমৰ মুদিৰ গল্প (বিদায়, হে মাতৃ!, অনুঃ সুৰেন তালুকদাৰ) আৰু এডগাৰ এলেন পোৰ গল্পৰ অনুবাদ (প্ৰতিকৃতি, অনুঃ দিলীপ কুমাৰ শৰ্মা) প্ৰকাশ হৈছিল। ধাৰাবাহিক অনুবাদ উপন্যাসো আলোচনীখনে প্ৰকাশ কৰিছে। যেনে— অমৃতজ্যোতি মহন্ত অনূদিত ‘যেন এটি বন্দনা’ (মূলঃ পেৰুমপদৱম শ্ৰীধৰণ)।

৪.     ৰঙ্গভূমিঃ
‘ৰঙ্গভূমি’ শিতানত চলচ্চিত্ৰ, নাটকৰ সমালোচনাৰ লগতে নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আদিৰ জীৱন আৰু কৃতি বিষয়ক ৰচনা প্ৰকাশ কৰা হয়। অসমীয়া চলচ্চিত্ৰ সমালোচনাৰ ক্ষেত্ৰত আলোচনীখনৰ অৱদান নুই কৰিব নোৱাৰি। ‘ৰঙ্গভূমি’ শিতানত প্ৰকাশিত দুটামান প্ৰবন্ধ এনেধৰণৰ— ভাৰতী ভড়ালীৰ ‘ভাৰতত ৰাজনৈতিক চলচ্চিত্ৰৰ উত্থান’ (আগষ্ট, ২০১৯), নিজৰা ৰাজকুমাৰীৰ ‘ভিলেজ ৰকষ্টাৰ্ছ— ভাল চিনেমাৰ সুৰ সদায় ‘চিনেমা’ই’ (নৱেম্বৰ, ২০১৮), প্ৰফুল্ল গগৈৰ ‘যশস্বী নাট্যকাৰ ডঃ চন্দ্ৰধৰ চমুৱা’ (ছেপ্টেম্বৰ, ২০১৪) আদি।

৫.    ধাৰাবাহিক উপন্যাসঃ
অসমীয়া উপন্যাস সাহিত্যৰ বিকাশত ‘গৰীয়সী’ৰ বিশেষ অৱদান আছে। আলোচনীখনৰ পাতত মামণি ৰয়ছম গোস্বামীৰ ‘ছিন্নমস্তাৰ মানুহটো’, লক্ষ্মীনন্দন বৰাৰ ‘কায়কল্প’, ধ্ৰুৱজ্যোতি বৰাৰ ‘আজাৰ’, ৰীতা চৌধুৰীৰ ‘মায়াবৃত্ত’, কাব্যশ্ৰী মহন্তৰ ‘কানুৰ আকাশ কানুৰ পৃথিৱী’, অৰুণ শৰ্মাৰ ‘সংকল্প’, দেৱব্ৰত দাসৰ ‘ধূসৰতাৰ কাব্য’ আৰু ‘কড়ি খেলাৰ সাধু’, জয়ন্ত মাধৱ বৰাৰ ‘দেউল’, মণিকুন্তলা ভট্টাচাৰ্যৰ ‘জলপ্ৰপাত’ আদি গুণগত দিশেৰে সমৃদ্ধ ভালেমান উপন্যাস ধাৰাবাহিকভাৱে প্ৰকাশ পাইছে।

৬.    গল্পঃ
‘গৰীয়সী’য়ে ন-পুৰণি সকলো গল্পকাৰৰে গল্প প্ৰকাশ কৰি আহিছে। বিশেষ সংখ্যাত এনে সমাৱেশ স্পষ্টকৈ চকুত পৰে। উদাহৰণ স্বৰূপে ৰূপালী জয়ন্তী সংখ্যাত (অক্টোবৰ, ২০১৮) লক্ষ্মীনন্দন বৰা, ইমৰান শ্বাহ, পূৰৱী বৰমুদৈ, কুল শইকীয়া, ফুল গোস্বামী, জ্যোতিষ শিকদাৰ, মণিকা দেৱী, আকাশ দীপ্ত ঠাকুৰ আদিৰ গল্প প্ৰকাশ পাইছিল। এচাম নতুন গল্পকাৰ সৃষ্টিতো আলোচনীখনৰ অৱদান আছে। এই ক্ষেত্ৰত আলোচনীখনে প্ৰতি বছৰে আয়োজন কৰা ‘চন্দ্ৰপ্ৰসাদ সোঁৱৰণী গল্প প্ৰতিযোগিতা’ৰ কথা ক’ব পাৰি।

৭.     বিচিত্ৰ বিজ্ঞানঃ
‘বিচিত্ৰ বিজ্ঞান’ আলোচনীখনৰ এটা নিয়মীয়া শিতান। বিজ্ঞানৰ বৈচিত্ৰ্য তথা বিজ্ঞানৰ ন ন আৱিষ্কাৰ বিষয়ক প্ৰবন্ধ এই শিতানত প্ৰকাশ কৰা হয়। ‘গৰীয়সী’ প্ৰধানকৈ সাহিত্য আলোচনী যদিও এই শিতানটোৰ যোগেদি আলোচনীখনে বিজ্ঞান আলোচনীৰ এক ভূমিকাও পালন কৰি আছে বুলিব পাৰি। বিশেষকৈ কাহিনীবিযুক্ত (Non-fiction) বিজ্ঞান সাহিত্যৰ বিকাশত ‘গৰীয়সী’ৰ অৱদান স্বীকাৰ কৰিব লাগিব। দীনেশ চন্দ্ৰ গোস্বামী ‘বিচিত্ৰ বিজ্ঞান’ শিতানৰ এজন নিয়মীয়া লেখক। ‘গৰীয়সী’ত প্ৰকাশিত তেওঁৰ দুটামান বিজ্ঞান বিষয়ক প্ৰবন্ধ হ’ল— ‘ভাৰতীয় বিজ্ঞানীৰদ্বাৰা বহিঃগ্ৰহৰ আৱিষ্কাৰ’ (নৱেম্বৰ, ২০১৮), ‘জিন সম্পাদনাঃ সম্ভাৱনা আৰু বৰ্তমানৰ অৱস্থা’ (আগষ্ট, ২০১৯), ‘বিশ্বব্ৰহ্মাণ্ডৰ অন্ধকাৰ পদাৰ্থ আৰু অন্ধকাৰ শক্তি’ (জুলাই, ২০১৯) আদি।

৮.    গ্ৰন্থ-সমালোচনা আৰু সাহিত্য-সংবাদঃ
        ‘সাহিত্য-সংবাদ’ শিতানটোত সম্পাদকে সদ্য প্ৰকাশিত গ্ৰন্থৰ অতি চমু পৰিচয় দাঙি ধৰে। এনে পৰিচয়মূলক টোকাই গ্ৰন্থৰ বিশাল পৰিসৰৰ পৰা উপযুক্ত গ্ৰন্থ নিৰ্বাচন কৰাত সহায় কৰিব পাৰে। ‘গ্ৰন্থ-সমালোচনা’ শিতানত নতুনকৈ প্ৰকাশিত গ্ৰন্থৰ সমালোচনা প্ৰকাশ কৰা হয়।

৯.    পুনঃপঠিতব্যঃ
আলোচনীখনৰ এটা বিশেষ শিতান হ’ল ‘পুনঃপঠিতব্য’। এই শিতানত পূৰ্বে প্ৰকাশিত সাময়িক প্ৰসংগযুক্ত লেখা পুনৰ প্ৰকাশ কৰা হয়।

১০.   অ-সম্পাদকীয়ঃ
‘অ-সম্পাদকীয়’ শিতানত সম্পাদকে সাম্প্ৰতিক সময়ৰ বিভিন্ন প্ৰাসংগিক দিশৰ আলোচনা একোটা দাঙি ধৰে। এই শিতানটোক ‘সম্পাদকীয়’ৰে এক অংশ বুলিব পাৰি। সততে শুনা যায় যে, বৈদ্যুতিন মাধ্যমৰ প্ৰসাৰৰ ফলত কিতাপৰ পঢ়ুৱৈৰ সংখ্যা আৰু মুদ্ৰিত গ্ৰন্থৰ প্ৰচলন হ্ৰাস পাইছে। লক্ষ্মীনন্দন বৰাই এনে মন্তব্য যে তথ্যভিত্তিক নহয়, সেয়া ‘মুদ্ৰিত গ্ৰন্থৰ প্ৰচলন বৃদ্ধিহে পাইছে’ শীৰ্ষক ‘অ-সম্পাদকীয়’ত দাঙি ধৰিছে (আগষ্ট, ২০১৯)।

ভ্ৰমণ কাহিনী, আত্মকথা বা আত্মজীৱনী, শিল্পকলা বিষয়ক প্ৰবন্ধ আদিও ‘গৰীয়সী’ত প্ৰকাশ পোৱা দেখা যায়। লোকসংস্কৃতিবিদ প্ৰবীণ চন্দ্ৰ দাসৰ আত্মজীৱনীমূলক ৰচনা ‘বন বিৰিণাৰ ছাঁত’ ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। বৰ্তমান তেওঁৰে আত্মজীৱনীমূলক ৰচনা ‘বসন্তৰ বাউলী বোকোচাত’ আলোচনীখনত ধাৰাবাহিকভাৱে প্ৰকাশ পাই আছে।
 ‘ভ্ৰমণ’ শিতানটো নিয়মীয়া শিতান নহয় যদিও অসমীয়া ভ্ৰমণ সাহিত্যক সমৃদ্ধ কৰিব পৰাকৈ কেইবাটাও মনোৰম ভ্ৰমণ কাহিনী ‘গৰীয়সী’ৰ পাতত প্ৰকাশ পাই গৈছে। যেনে— কৰবী ডেকা হাজৰিকাৰ ‘লেটিন আমেৰিকাৰ বিস্ময় আৰু শিহৰণ’ আৰু ‘সমুদ্ৰৰ পৰা শিখৰলৈ’, দিলীপ বৰাৰ ‘ড্ৰেগনৰ দেশত’, লক্ষ্মীনন্দন বৰাৰ ‘চীনক চিনিবলৈ টান’ আদি।

‘গৰীয়সী’ৰ দুটামান বিশেষ বৈশিষ্ট্যঃ
·       বিহু, পূজা উপলক্ষে আলোচনীখনে বিশেষ সাহিত্য সংকলন প্ৰকাশ কৰে (বৃহৎ কলেবৰত)। ৰূপালী জয়ন্তী বৰ্ষত ‘গৰীয়সী’য়ে কবিতা আৰু গল্প বিশেষ সংখ্যা প্ৰকাশ কৰিছিল। (অক্টোবৰ, ২০১৮)
·       কোনো সাহিত্যিকৰ মৃত্যুত বিশেষ শ্ৰদ্ধাৰ্ঘ্য সংখ্যা আলোচনীখনে প্ৰকাশ কৰি আহিছে। যেনে— মহিম বৰা শ্ৰদ্ধাৰ্ঘ্য সংখ্যা (নৱেম্বৰ, ২০১৬), হীৰেন ভট্টাচাৰ্য বিশেষ সংখ্যা (ছেপ্টেম্বৰ, ২০১২) আদি।
·       আলোচনীখনৰ বেটুপাতৰ এক বিশেষ বৈশিষ্ট্য আছে। বেটুপাতত সাধাৰণতে কোনো চিত্ৰকৰ অথবা ভাস্কৰ্যশিল্পীৰ চিত্ৰকৰ্ম-শিল্পকৰ্মক ঠাই দি অহা হৈছে। যেনে— পৰিতোষ সেনৰ চিত্ৰকৰ্ম (জুলাই, ২০১৮), জিম হজেছৰ শিল্পকৰ্ম (ছেপ্টেম্বৰ, ২০১৪) আদি।
·       আলোচনীখনে নিয়মীয়া ৰূপত ‘চন্দ্ৰপ্ৰসাদ সোঁৱৰণী গল্প প্ৰতিযোগিতা’ আয়োজন কৰি আহিছে।

সামৰণিঃ
অসমীয়া সাহিত্যৰ বিকাশ আৰু সমৃদ্ধিত সাহিত্য আলোচনী ‘গৰীয়সী’ৰ নিশ্চয়কৈ অৱদান আছে। গল্প, কবিতা, উপন্যাস আৰু সাহিত্য সমালোচনাৰ লগতে আলোচনীখনে আত্মজীৱনী, ভ্ৰমণ কাহিনী, অনূদিত সাহিত্য, চলচ্চিত্ৰ আৰু নাট্য সমালোচনা, বিজ্ঞান সাহিত্য আদি প্ৰকাশ কৰি আহিছে। সাহিত্যৰ ন ন তত্ত্ব আৰু তেনে তত্ত্ব আধাৰিত অসমীয়া সাহিত্যৰ আলোচনাই অসমীয়া সাহিত্য সমালোচনা ক্ষেত্ৰখনক বিশেষভাৱে সমৃদ্ধ কৰিছে।
সম্পাদক লক্ষ্মীনন্দন বৰাই ছেপ্টেম্বৰ, ২০১৮ সংখ্যাৰ সম্পাদকীয়ত লিখিছিল যে, অসমীয়া সাহিত্যত গৰীয়সী যুগৰ সূচনা হৈছিল বুলি কোৱা টান। কাৰণ ইয়াৰ লগত ৰামধেনু যুগৰ লেখক-লেখিকাৰ লগতে ১৯৯০ চনৰ পাছত জন্ম লাভ কৰা লেখক-লেখিকাও জড়িত হৈ আছে। (পৃ. ৪) সেই হ’লেও ‘গৰীয়সী’ৰ সাহিত্যিক অৱদান আমি স্বীকাৰ কৰিবই লাগিব।