Tuesday, 31 March 2020

‘গুৰু চৰিতকথা’ৰ গদ্যশৈলী (১৩৪-১৩৭ অনুচ্ছেদৰ আধাৰত)

সৃষ্টিৰ পৃথিৱী

‘গুৰু চৰিতকথা’ গদ্যশৈলী

(১৩৪-১৩৭ অনুচ্ছেদৰ আধাৰত)
প্ৰস্তাৱনাঃ
        প্ৰাচীন অসমীয়া গদ্যৰ নিদৰ্শন হিচাপে আৰু মধ্যযুগীয় অসমীয়া ভাষাৰ নিদৰ্শন হিচাপে ‘গুৰু চৰিতকথা’ প্ৰধান। সপ্তদশ শতিকামানত বৈষ্ণৱ সত্ৰসমূহত শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনক কেন্দ্ৰ কৰি  চৰিত পুথিসমূহ ৰচিত হৈছিল। পিছলৈ দামোদৰদেৱ, বনমালীদেৱ, গোপালদেৱ আদি অন্যান্য আতা-পুৰুষ আৰু সন্ত-মহন্তৰ জীৱনক লৈও চৰিত পুথি ৰচিত হ’বলৈ ধৰিছিল। এই চৰিত পুথিসমূহ ‘চৰিত তোলা’ বা ‘চৰিত চৰ্চা’ প্ৰথাৰ আধাৰতে সৃষ্টি হৈছিল। ‘গুৰু চৰিতকথা’ত পোৱা তথ্য মতে মাধৱদেৱে প্ৰথমে চৰিত চৰ্চাৰ পৰম্পৰা আৰম্ভ কৰে। চৰিত পুথিসমূহ গদ্য আৰু পদ্য উভয় মাধ্যমতে লিখা হৈছিল। অৱশ্যে পদ্যৰ মাধ্যমত লিখা চৰিত পুথিয়েই সৰহ। গদ্যত লিখা চৰিত পুথি দুখন হ’ল— ‘গুৰুচৰিত কথা’ আৰু ‘বৰদোৱা চৰিত’। ‘গুৰু চৰিতকথা’ পুথিখন পোনতে উপেন্দ্ৰনাথ লেখাৰুৰ সম্পাদনাত ‘কথা গুৰুচৰিত’ নামেৰে প্ৰকাশ পায় আৰু পিছত মহেশ্বৰ নেওগৰ সম্পাদনাত ‘গুৰুচৰিত কথা’ নামেৰে প্ৰকাশ পায়।
‘গুৰু চৰিতকথা’ৰ গদ্যই সপ্তদশ-অষ্টাদশ শতিকাৰ অসমীয়া গদ্যৰ নিদৰ্শন দাঙি ধৰে। সতেন্দ্ৰনাথ শৰ্মাই কৈছে যে, ইয়াত কথিত ভাষাৰ এটা অতিশয় পৰিমাৰ্জিত ৰূপ পোৱা যায়। এই গদ্য সত্ৰীয়া ভকত-সমাজত প্ৰচলিত গম্ভীৰ ভকতীয়া ঠাঁচৰ ওপৰত প্ৰতিষ্ঠিত। শৰ্মাই ভট্টদেৱৰ সাহিত্যিক গদ্য আৰু বুৰঞ্জীৰ দৈনন্দিন গদ্যৰ মাজতে চৰিত পুথিৰ গদ্যক উপস্থাপন কৰিব পাৰি বুলি কৈছে। উপেন্দ্ৰনাথ গোস্বামীয়ে ‘কথা গুৰুচৰিত’ৰ ভাষা সম্পৰ্কে কৈছে যে, ইয়াৰ ভাষা বুৰঞ্জীৰ ভাষাৰ নিচিনাই এটা সমন্বয়ৰ ভাষা। ইয়াৰ ভাষাতো পুৰণি অসমীয়া, পশ্চিম অঞ্চলৰ অসমীয়া আৰু পূব অঞ্চলৰ অসমীয়াৰ সুন্দৰ মিশ্ৰণ ঘটিছে।
‘গুৰু চৰিতকথা’ৰ গদ্য কথিত ভাষাৰ আধাৰত প্ৰতিষ্ঠিত হ’লেও ইয়াৰ গদ্য বিচিত্ৰ। অৰ্পণা কোঁৱৰে ‘প্ৰাচীন অসমীয়া গদ্যশৈলী’ গ্ৰন্থত এনে বিচিত্ৰতাৰ আঁৰত তিনিটা কাৰণ নিহিত হৈ আছে বুলি কৈছে—
(ক)    প্ৰথমতে— ইয়াৰ ভাষা আৰু প্ৰকাশভংগী মূলতঃ সত্ৰানুষ্ঠানৰ ভকত-বৈষ্ণৱ সমাজত প্ৰচলিত কথিত ভাষা আৰু কথনভংগী।
(খ)    দ্বিতীয়তে— আঞ্চলিক হেঁচাৰ হেতু অসমৰ পশ্চিম অঞ্চলত ব্যৱহৃত বিভিন্ন শব্দৰ সমাহাৰ ঘটিছে আৰু কথনভংগীৰ প্ৰভাৱত কিছু সুকীয়া ৰূপ পৰিগ্ৰহ কৰিছে।
(গ)    তৃতীয়তে— শংকৰদেৱ আৰু মাধৱদেৱে উত্তৰ ভাৰতত তীৰ্থ ভ্ৰমণ কৰি অহাৰ পিছত সেইবোৰ ঠাইত যি দেখিছিল আৰু শুনিছিল সেইদৰে তীৰ্থ ভ্ৰমণৰ কাহিনী ভক্তসকলৰ আগত বৰ্ণনা কৰিছে। ফলত আৰবী-পাৰ্চী, তুৰ্কী আদি শব্দৰাজি ‘গুৰু চৰিতকথা’ৰ জৰিয়তে অসমীয়া ভাষালৈ প্ৰৱেশ ঘটিছে।
‘গুৰু চৰিতকথা’ৰ গদ্যশৈলীৰ বিশেষত্বঃ
        ‘গুৰু চৰিতকথা’ৰ গদ্যশৈলীৰ বিশেষত্ব সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে শৈলীগত আৰু ভাষাগত দিশবোৰ পোহৰলৈ আনিবলৈ যত্ন কৰা হৈছে। ভাষাগত দিশৰ আলোচনাত ধ্বনিগত, ৰূপগত, শব্দগত আৰু বাক্যগত— এই চাৰিওটা দিশেই বিচাৰ কৰা হৈছে।
(ক)   শৈলীগত বিশেষত্বঃ
(১) ‘গুৰু চৰিতকথা’ৰ উৎস হ’ল চৰিত তোলা প্ৰথা। এনে কাৰণতে ইয়াৰ গদ্যত কথোপকথনমূলক ৰীতিৰ প্ৰয়োগ দেখা যায়। সত্ৰীয়া সমাজত ভক্তসকলৰ মাজত হোৱা কথা-বতৰাৰ ৰূপ এটাৰ আদৰ্শ ‘গুৰু চৰিতকথা’ৰ গদ্যৰ প্ৰায় অংশতে দেখা যায়। এনে কথনশৈলীৰ প্ৰয়োগে চৰিতখনিৰ গদ্য আকৰ্ষণীয় আৰু সহজবোধ্য কৰি তুলিছে। যেনে— “তাৰাৰ আগত একেখাৰো মাতিব নপৰাঃ একে এখাৰে নিমাৎ কৰিবঃ বোলে মোৰ আগতহে বৰ ৰাগ গোট।। শঙ্কৰ গুৰি পালে তুমু হবা সোটালোট।। ৰাগি বোলে বলচোন জাঞ দুৰ্গা দেবীকনো কোনে কেনেকৈ খণ্ডে চাঞ…” (ছেদঃ ১৩৫) প্ৰফুল্ল কটকীয়ে ‘ক্ৰমবিকাশত অসমীয়া কথাশৈলী’ নামৰ গ্ৰন্থত ‘গুৰু চৰিতকথা’ত থকা কথোপকথনৰ বিভিন্ন ৰূপ চিনাক্ত কৰিছে— বিবৃতি, প্ৰশ্ন, প্ৰশ্নোত্তৰ, সংশয় প্ৰকাশ, সংশয় নিৰসন, উদাহৰণাদিৰ সহায়ত বক্তব্যৰ স্পষ্টীকৰণ আদি।
(২) ‘গুৰু চৰিতকথা’ৰ গদ্যৰ আন এটা প্ৰধান বৈশিষ্ট্য হ’ল কথোপকথন আৰু বিৱৰণৰ সমন্বয়। ‘গুৰু চৰিতকথা’ত কথোপকথন হঠাতে বিৱৰণলৈ আৰু বিৱৰণ হঠাতে কথোপকথনৰ সংক্ষিপ্ততালৈ ৰূপান্তৰিত হোৱা সততে দেখা যায়।
(৩) ‘গুৰু চৰিতকথা’ত নানা শাস্ত্ৰ, ঘোষা, গীত-পদৰ উদ্ধৃতি পোৱা যায়। কাৰণ, ভকতীয়া পৰিৱেশত এনে কথনভংগী সততে হৈ থাকে। এই উদ্ধৃতিবোৰে ‘গুৰু চৰিতকথা’ৰ গদ্য আকৰ্ষণীয় কৰি তুলিছে আৰু লগতে ধৰ্মীয় প্ৰলেপ এটাও সৃষ্টি কৰিছে। নিৰ্বাচিত পাঠ্যাংশতো এনে উদাহৰণ আছে। যেনে—
শ্লোকঃ “যথা তৰোমূৰ্লনিষেচনেন তৃপ্যন্তি তৎস্কগ্ধভুজোপশাখাঃ” (ছেদঃ ১৩৭)
(৪) সংক্ষিপ্ত ৰচনাৰীতি ‘গুৰু চৰিতকথা’ৰ গদ্যশৈলীৰ এক প্ৰধান বিশেষত্ব। চুটি চুটি বাক্যৰ ব্যৱহাৰে সমগ্ৰ চৰিতখনিৰ প্ৰকাশৰীতি সবল কৰি তুলিছে। কেতিয়াবা একোটা শব্দই একোটা বাক্য হৈছে। যেনে— গৌৰবৰ্ণেঃ ছত্ৰাকৃত মাথ (ছেদঃ ১৩৬) আদি।
(৫) জতুৱা-ঠাঁচ, খণ্ডবাক্য, ফকৰা-যোজনা আদিৰ বহুল প্ৰয়োগে চৰিতখনিৰ গদ্যক সজীৱতা আৰু স্বাভাৱিকতা প্ৰদান কৰিছে। যেনে— জতুৱা-ঠাঁচ, খণ্ডবাক্যঃ গাটি জাকি মাৰি (ছেদঃ ১৩৬), মুখবাদ্য কৰিলে (ছেদঃ ১৩৭) আদি।
(৫) অলংকাৰৰ প্ৰয়োগে চৰিতখনিৰ গদ্যক সৌন্দৰ্যশালী কৰি তোলাৰ লগতে সাহিত্যক গুণসম্পন্ন কৰি তুলিছে। ১৩৬ অনুচ্ছেদটো বিভিন্ন অলংকাৰৰদ্বাৰা বিশেষভাৱে সমৃদ্ধ। উদাহৰণ—
        উপমাঃ        পদ্মপাষিসদৃশ আয়ত লোচন
                       শঙ্খপ্ৰায় গ্ৰীবা
        ৰূপকঃ        নাসা তিলফুল
(খ)   ‘গুৰু চৰিতকথা’ত ভাষাৰ ধ্বনিগত বিশেষত্বঃ
(১)     ‘ত’ৰ ঠাইত ‘ৎ’ ব্যৱহাৰ কৰা দেখা যায়। যেনে—
নিমাত         নিমাৎ (ছেদঃ ১৩৫)
(২)    ‘ওঁ’ৰ ঠাইত ‘ঞ’ৰ ব্যৱহাৰ বেছি। যেনে—
               তেওঁ           তেঞ (ছেদঃ ১৩৫)
               যাওঁ           জাঞ (ছেদঃ ১৩৫)
(৩)    ‘শ’ৰ সলনি কেতিয়াবা ‘হ’ ব্যৱহাৰ কৰা দেখা যায়। যেনে— সিহৰি (ছেদঃ ১৩৬), সিৰ (ছেদঃ ১৩৭) আদি।
(৪)    ‘ক্ষ’ৰ সলনি ‘খ’ ব্যৱহাৰ কৰা হৈছে। যেনে— দখিন (ছেদঃ ১৩৭)
(৫)    ‘য’ৰ সলনি ‘জ’ ব্যৱহাৰ কৰা হৈছে। যেনে—
               যাম           জাম (ছেদঃ ১৩৫)
               যাওঁ           জাঞ (ছেদঃ ১৩৫)
(৬)    ‘য়ে’ৰ সলনি ‘এ’ ব্যৱহাৰ কৰা দেখা যায়। যেনে—
                আয়ে          আএ (ছেদঃ ১৩৪)
                দেখিয়ে        দেখিএ (ছেদঃ ১৩৬)
(গ) ‘গুৰু চৰিতকথা’ৰ ভাষাৰ ৰূপগত বিশেষত্বঃ
(১)     ‘গুৰু চৰিতকথা’ত ব্যৱহৃত কিছুমান ব্যক্তিবাচক সৰ্বনাম এনেধৰণৰ—
               তেঞঃ         তেঞ বোলে (ছেদঃ ১৩৫)
               তইঃ           মুৰ্খৰ আগত জেন কথা কহ তই (ছেদঃ ১৩৫)
               মইঃ           কিচু নজানোহো মই (ছেদঃ ১৩৫)
               মোৰঃ         মোৰ আগতহে বৰ ৰাগ গোট (ছেদঃ ১৩৫)
               তুমিঃ          তুমি হবা সোটলোট (ছেদঃ ১৩৫)
               তাৰাঃ         তাৰাৰ আগত একেখাৰো মাতিব নপৰা (ছেদঃ ১৩৫)
(২)    নঞাৰ্থক ‘ন’ সমীভূত আৰু অসমীভূত দুয়োটা ৰূপতে পোৱা যায়। যেনে—
               সমীভূত ৰূপঃ         নানিলি (ছেদঃ ১৩৫)
               অসমীভূত ৰূপঃ       নজানোহো (ছেদঃ ১৩৫), নজাঞ (ছেদঃ ১৩৭)
(৩)    ‘গুৰু চৰিতকথা’ৰ ভাষাত খান/খানি, গোটা, চলা, জনা, জুৰি, জোৰ, টা আদি নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ প্ৰয়োগ দেখা যায়। নিৰ্বাচিত পাঠ্যাংশৰপৰা এটা উদাহৰণ তলত দিয়া হ’ল—
               জোৰ          পাঠা এযোৰ (ছেদঃ ১৩৫)
(ঘ)   ‘গুৰু চৰিতকথা’ৰ ভাষাৰ শব্দগত বিশেষত্বঃ
(১)     ‘গুৰু চৰিতকথা’ৰ ভাষালৈ চকু দিলে দেখা যায় যে, ইয়াত প্ৰধানকৈ তৎসম শব্দৰ প্ৰয়োগ হৈছে। অৰ্ধ-তৎসম শব্দৰ সংখ্যা তাকৰ। নিৰ্বাচিত পাঠ্যাংশত থকা দুটামান তৎসম শব্দ এনে— স্নান, বস্ত্ৰ, বিহ্বল (ছেদঃ ১৩৪) আদি। কেতিয়াবা একোটা বাক্য সম্পূৰ্ণ তৎসম শব্দৰদ্বাৰা গঠিত হৈছে। ১৩৬ অনুচ্ছেদত এনে বাক্যৰ পয়োভৰ দেখা যায়।
(২)    ‘গুৰু চৰিতকথা’ত পশ্চিম অসমৰ ভাষাৰ অনেক প্ৰয়োগ সোমাই আছে। নিৰ্বাচিত পাঠ্যাংশতো ইয়াৰ উদাহৰণ পোৱা যায়। যেনে— পাঠা (ছেদঃ ১৩৫), লোম (ছেদঃ ১৩৬), আতা (ছেদঃ ১৩৭) আদি।
(৩)    ‘গুৰু চৰিতকথা’ত কিছুমান সুকীয়া প্ৰয়োগো পোৱা যায়। যেনে—
                মৰিল          পৈল (ছেদঃ ১৩৬)
                ভাল হ’ল      সজ হল (ছেদঃ ১৩৪)
(ঙ)   ‘গুৰু চৰিতকথা’ৰ ভাষাৰ বাক্যগত বিশেষত্বঃ
(১)     ‘গুৰু চৰিতকথা’ৰ কিছুমান বাক্য ‘আৰু’, ‘পাচে’, ‘বোলে’ আদি শব্দেৰে আৰম্ভ হৈছে। যেনে—
        (ক)    বোলে মোৰ আগতহে বৰ ৰাগ গোট (ছেদঃ ১৩৫)
        (খ)    পাচে শ্ৰীশঙ্কৰদেএ মুখবাদ্য কৰিলে (ছেদঃ ১৩৭)
        (গ)    বোলে বৰাৰ পো জোৱানে এতিয়া (ছেদঃ ১৩৭)
(২)    চুটি চুটি সৰল বাক্যৰ মাজেদিয়েই একো একোটা দাৰ্শনিক তত্ত্ব দাঙি ধৰা হৈছে। যেনে—
        (ক)    প্ৰাণৰ ভোজনে ইন্দ্ৰিয় তুষ্ট (ছেদঃ ১৩৭)
        (খ)    বতিস অলঙ্কাৰে কচালে সিৰ নহলে অশোভন (ছেদঃ ১৩৭)
(৩)    গ্ৰাম্য সহজ-সৰল কথনভংগীৰ মনোমোহা নিদৰ্শনে ‘গুৰু চৰিতকথা’ৰ বিষয়বস্তু বাস্তৱধৰ্মী আৰু ঘৰুৱা কৰি তুলিছে। যেনে—
(ক)    তেহে গুৰু বোলে অ মনোহৰি বাইৰ বেটাঃ এমান মৰধ হলনে বাটেপন্থে লগ পালেও নিচিনো নেপা।।
(৪)    ‘গুৰু চৰিতকথা’ৰ গদ্যত মাজে মাজে সম্পূৰ্ণ সংস্কৃত শব্দ ব্যৱহৃত বাক্যৰ ব্যৱহাৰো পোৱা যায়। যেনে—
ছত্ৰাকৃত মাথ (ছেদঃ ১৩৬)
নীল আকুঞ্চিত কেশ (ছেদঃ ১৩৬)
        এই আলোচনাৰ অন্তত ক’ব পাৰি যে, অসমীয়া গদ্যৰ ক্ৰমবিৱৰ্তনৰ ইতিহাসত ‘গুৰু চৰিতকথা’ৰ গদ্যৰ বিশেষ তাৎপৰ্য আছে। সমগ্ৰ পুথিখন আলোচনাৰ পৰিসৰলৈ আনিলে চৰিত পুথিৰ গদ্যৰ বিচিত্ৰতা সম্পূৰ্ণকৈ উপলব্ধি কৰিব পৰা যাব। নিৰ্বাচিত পাঠ্যাংশৰ আধাৰত কৰা এনে আলোচনাই ‘গুৰু চৰিতকথা’ৰ গদ্যৰ এক ধাৰণামূলক আভাস পোৱাত আমাক সহায় কৰিছে। 

Thursday, 26 March 2020

লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্যশৈলী (‘মোৰ জীৱন সোঁৱৰণ’ৰ সপ্তম আধ্যাৰ নিৰ্বাচিত অংশৰ আধাৰত)

সৃষ্টিৰ পৃথিৱী


লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্যশৈলী (‘মোৰ জীৱন সোঁৱৰণ সপ্ত ধ্যাৰ নিৰ্বাচিত অংশৰ আধাৰত)

স্নাতক চতুৰ্থ ষাণ্মাসিক (উচ্চমান)
অসমীয়া গদ্য-সাহিত্য (পঞ্চম কাকত)
গোটঃ ৩

        লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্য অসমীয়া গদ্য-সাহিত্যৰ ভালেমান দিশত পৰিব্যাপ্ত হৈ আছে। বিষয়বস্তু অনুসৰি বেজবৰুৱাৰ গদ্য-সাহিত্যক এনেদৰে ভাগ কৰিব পাৰি— সাধুকথা, চুটিগল্প, নাটক, উপন্যাস, ৰস-ৰচনা, জীৱনী, আত্মজীৱনী, চিন্তাশীল তত্ত্বমূলক ৰচনা, নীতিকথামূলক ৰচনা, অনুবাদ আৰু বিবিধ বিষয়ক। বিভিন্ন আংগিকৰ এনে গদ্য-সাহিত্যৰ যোগেদি বেজবৰুৱাই এক স্বতন্ত্ৰ ‘শৈলী’ সৃষ্টি কৰিলে। এই শৈলীক নিঃসন্দেহে ‘বেজবৰুৱা শৈলী’ আখ্যা দিব পাৰি।
লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী ‘মোৰ জীৱন সোঁৱৰণ’ৰ প্ৰথম তাঙৰণ প্ৰকাশ পাইছিল ১৯৪৪ চনত। আত্মজীৱনীখন দুটা খণ্ডত বিভক্ত— প্ৰথম আৰু দ্বিতীয় ভাগ। প্ৰথম ভাগটোত আঠোটা আধ্যা আছে। আনহাতে দ্বিতীয় ভাগটোত দহোটা আধ্যা আছে। পৰিশিষ্টত বেজবৰুৱাৰ মূল জীৱনৰ পৰিপূৰক অংশ হিচাপে তেওঁ লিখা দুটা প্ৰবন্ধ সংযোগ কৰা হৈছে— ‘মোৰ মৃগয়া’ আৰু ‘মোৰ মাতৃ মুখ দৰ্শন’।
        আত্মজীৱনীখনৰ সপ্তম আধ্যাত কলিকতাত পঢ়িবলৈ যোৱা লক্ষ্মীনাথে সন্মুখীন হোৱা আলৈ-আহুকাল কিছুমানৰ কথা কোৱা কৈছে। কলিকতাত থকা সময়খিনিতে তেওঁৰ এটা সামাজিক বৃত্ত গঢ়ি উঠিছিল। গুণাভিৰাম বৰুৱা, বিষ্ণুপ্ৰিয়া দেৱী, সত্যনাথ বৰা, ৰাধাকান্ত সন্দিকৈ, গোপীনাথ বৰদলৈ আদি ব্যক্তিসকলক লগ পাইছিল। সত্যনাথ বৰা আৰু অন্যান্যসকলৰ লগ লাগি সাহিত্য ৰচনাত ভাগ লৈছিল। বলিনাৰায়ণ বৰাই উলিওৱা মাহেকীয়া কাকত ‘মৌ’ বন্ধ কৰাৰ দৰে অনুচিত কাৰ্যত ভাগ লোৱাৰ কথাও তেওঁ স্পষ্টকৈ সপ্তম আধ্যাত উল্লেখ কৰিছে। চন্দ্ৰকুমাৰ আগৰৱালাৰ লগ লাগি লক্ষ্মীনাথ বেজবৰুৱাই ‘জোনাকী’ কাকত উলিওৱাৰ প্ৰসংগটোও সবিস্তাৰে এই আধ্যাত কোৱা হৈছে। এই দিশৰপৰা সপ্তম আধ্যাটোৰ এক ঐতিহাসিক মূল্যও আছে বুলিব পাৰি।
        তলত সপ্তম আধ্যাৰ নিৰ্বাচিত অংশৰ আধাৰত বেজবৰুৱাৰ গদ্যৰ বিশিষ্টতা বিচাৰ কৰিবলৈ প্ৰয়াস কৰা হ’ল—

ধ্বনিগত বিশেষত্বঃ
.      ব্যঞ্জন লোপৰ উদাহৰণ পোৱা যায়। থলুৱা কথনভংগীৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবেই এনে ধ্বনিগত বিশেষত্ব তেওঁৰ ৰচনাত পৰিলক্ষিত হয়। উদাহৰণ—
                        চাৰিডাল              চাইডাল

শব্দগত বা ৰূপগত বিশেষত্বঃ
.      বেজবৰুৱাই বহু ইংৰাজী শব্দ অসমীয়ালৈ লিপ্যন্তৰ কৰি ব্যৱহাৰ কৰিছে অৰ্থাৎ কিছুমান শব্দৰ ক্ষেত্ৰত তেওঁ অসমীয়া প্ৰতিশব্দৰ আৱশ্যকতা অনুভৱ কৰা নাই যেনেনোট-বুক, কলেজ, ক্লাছ, প্ৰফেছৰ, লেকচৰ, অফিচ আদি
.     কিছুমান ইংৰাজী শব্দ ৰোমান লিপিতেই ব্যৱহাৰ কৰিছে যেনে— follow, area, home sick আদি
.     বেজবৰুৱাই অনেক ইংৰাজী শব্দৰ অসমীয়া প্ৰতিশব্দ সাজি লৈছিল আৰু গদ্যত দুয়োটা ৰূপেই ব্যৱহাৰ কৰিছিল যেনে
                       Mathematics              : অঙ্কবিদ্যা
                       Area                        : ক্ষেত্ৰফল
.     বেজবৰুৱাই কেতিয়াবা কোনো শব্দৰ একোটা শব্দতে প্ৰতিশব্দ বিচাৰি নাপালে এটাতকৈ অধিক শব্দ প্ৰয়োগ কৰি তাক বুজাইছিল যেনে
                       Paying Guest              : গাঁঠিৰপৰা ধন দি ভাত খাই থকা আলহী
                       Home sick                 : নিজঘৰ-কাতৰুৱা
                       Misdirected energy       : কুপথেদি নিয়োজিত শক্তি
.     শব্দ-চয়নৰ ক্ষেত্ৰত বেজবৰুৱাই এক উদাৰ পন্থা অৱলম্বন কৰিছিল বুলিব পাৰি তেওঁ মুকলিভাৱে সকলো ধৰণৰ শব্দ গ্ৰহণ কৰিছিল এনে কাৰণতে ঘৰুৱা অসমীয়া শব্দৰ উপৰি তেওঁৰ ৰচনাত উপভাষাৰ শব্দ, বিদেশী শব্দ পোৱা যায় নিৰ্বাচিত পাঠ্যাংশত ব্যৱহৃত কিছুমান ঘৰুৱা অসমীয়া শব্দ এনেধৰণৰথোলোকা, নুমলীয়া, কাপ, মোনা আদি থলুৱা শব্দৰ এনে প্ৰয়োগে বেজবৰুৱাৰ অসমীয়া ভাষাৰ প্ৰতি থকা প্ৰেমৰ কথাকেই সূচায়। অৱশ্যে বেজবৰুৱাই প্ৰয়োজন সাপেক্ষে তৎসম, অৰ্ধ-তৎসম, হিন্দী আদি ভাষাৰ শব্দও প্ৰয়োগ কৰিছে। যেনে—
                        তৎসমঃ               স্নান, বিদ্যাদিগগজ
                        অৰ্ধ-তৎসমঃ           ছাতৰ
হিন্দীঃ                 পুস্তক, নডৰি (‘ডৰ’ মানে ভয়, ভয় নাখাই বুজাবলৈ বেজবৰুৱাই ‘নডৰি’ শব্দ ব্যৱহাৰ কৰিছে।)
.     বেজবৰুৱাই তেই সুবিধা পাইছে তেই অসমীয়া ফকৰা-যোজনা, প্ৰবাদ-প্ৰবচন, জতুৱা-ঠাঁচ পৰ্যাপ্তৰূপে ব্যৱহাৰ কৰিছে নিৰ্বাচিত পাঠ্যাংশতো ইয়াৰ উদাহৰণ আছে
                       হেদাঙি মেলা জীৱন
                       বান্ধিলোঁ মন শিলৰ খুটি, মেলিলোঁ মন ঘোঁৰাৰ ছুটি
                       টিঙিৰি-তুলা
                        আঁকোৰ-গোঁজালি
                       কঁকালত টঙালি বন্ধা আদি
.     বেজবৰুৱাই অসমীয়া জতুৱা-ঠাঁচ, যোজনা-পটন্তৰ কেতিয়াবা সম্পূৰ্ণকৈ প্ৰয়োগ কৰা নাছিল ইবোৰৰ  আভাসিক প্ৰয়োগতহে বেজবৰুৱা অভ্যস্ত আছিল নিৰ্বাচিত পাঠ্যাংশতো বেজবৰুৱাৰ এনে গদ্যশৈলী চকুত পৰে উদাহৰণস্বৰূপে তেওঁ ব্যৱহাৰ কৰাকচুপাতত পানীটুপি কথা পাৰি জীৱন কচুপাতৰ পানী আংশিক ৰূপ
৮.     বৰ্তমানৰ অসমীয়া ভাষাত ব্যৱহাৰ নোহোৱা ৰূপ কিছুমানো বেজবৰুৱাৰ গদ্যত পোৱা যায়। যেনে— গবয় নে কবয়, হেঙ্গামে আদি।

বাক্যগত বৈশিষ্ট্যঃ
.      বাক্যৰ ক্ষেত্ৰত দেখা যায় যে, বেজবৰুৱাই ইংৰাজী বাক্যৰ অনুবাদৰূপে বাক্য ৰচনা কৰি গদ্যত ব্যৱহাৰ কৰিছিল যেনে
               ()    Better late than never.
                       সজ কাম নকৰাতকৈ পলমকৈ কৰাও ভাল
               ()    Survival of the fittest.
                       অযোগ্য অধঃপাতলৈ যাব
.     সংস্কৃত বাক্যৰ অনুকৰণত সজা বাক্য বা সংস্কৃত বাক্যও বেজবৰুৱাৰ ৰচনাত পোৱা যায় যেনে
               ()    কাৰ্য্যাম্বা সাধয়েৎ শৰীৰম্বা পাতয়েৎ
                (খ)    নান্যঃ পন্থা বিদ্যতে?
৩.     বাংলা ভাষাৰ বাক্যৰ অনুকৰণ এটাও চকুত পৰে। যেনে—
                (ক)    কামত এলেহুৱা পৰাধীন
                (খ)    নিজৰ শক্তিচালনা সুযোগ
৪.     গ্ৰাম্য কথনভংগীৰ ঠাঁচতো বেজবৰুৱাই বাক্য কেতবোৰ ৰচনা কৰিছে। যেনে—
                (ক)    মোৰ কলিকতাত পঢ়াসোপা আৰু হ’ল!
                (খ)    ওকালতি পঢ়া-ফহা জহন্নামে গ’ল।

আলংকাৰিক প্ৰয়োগঃ
অলংকাৰৰ প্ৰয়োগে বেজবৰুৱাৰ গদ্য আকৰ্ষণীয় কৰি তুলিছে। তলত অলংকাৰযুক্ত (উপমা অলংকাৰযুক্ত) বাক্য দুটামান তুলি দিয়া হ’ল—
(ক)    কলিকতাৰ পৰিৱেশৰ লগত মিলিবলৈ চেষ্টা কৰিও বেজবৰুৱা প্ৰথম অৱস্থাত সফল হ’ব পৰা নাছিল। ইয়াক বুজাবলৈ তেওঁ ‘কঁটীয়া মাহ’ৰ প্ৰসংগ টানি আনিছে। ‘কঁটীয়া মাহ’ যিমান সিজালেও নিসিজে। সেইদৰে বেজবৰুৱাদেৱেও যেন কলিকতাত খাপ খাবলৈ বাৰে বাৰে চেষ্টা কৰিছে, কিন্তু সফল পৰা নাই।
(খ)    শিশু জ্ঞানদাভিৰাম বৰুৱাৰ গঢ় আৰু বৰণৰ বিষয়ে এনেদৰে কৈছে— “তেওঁ গঢ় আৰু বৰণত হুবহু এটি য়ুৰোপীয় থোলোকা ল’ৰা যেন আছিল।”

গদ্যৰ বিভিন্ন ৰীতিঃ
বেজবৰুৱাৰ আত্মজীৱনীখনত গদ্যৰ বিভিন্ন ৰীতিৰ প্ৰয়োগ পৰিলক্ষিত হয়। নিৰ্বাচিত পাঠ্যাংশতো এনে বৈচিত্ৰ্য উপস্থিত। তলত তাৰ উদাহৰণ দিয়া হ’ল—
.      বেজবৰুৱাৰ গদ্যত হাস্য-ৰসাত্মক বা ব্যংগাত্মক শৈলীৰ প্ৰয়োগ বিশেষভাৱে চকুত পৰে আত্মজীৱনীখনতো হাস্য-ৰস সৃষ্টিৰ সমল আছে যেনেকাম-বন নোহোৱাকৈ ঘূৰি ফুৰা বা টহলি ফুৰা বুজাবলৈটহলৰাম শৰ্মাশব্দ ব্যৱহাৰ কৰিছে ৰিপন কলেজত পলমকৈ ভৰ্তি হোৱাৰ বাবে বেজবৰুৱাই বহুবোৰ পাঠ বুজাত অসুবিধা পাইছিল কাৰণ, অধ্যাপকে ছাত্ৰক পঢ়াই গৈ প্ৰায়বোৰ কিতাপৰ মাজ-ছোৱা বা শেহ-ছোৱা পাইছিলগৈ বেজবৰুৱাই এই কথাখিনিও হাস্য-ৰসাত্মকভাৱে উপস্থাপন কৰিছে— “মই পাঠ্য পুস্তকৰ দেশলৈ যাবলৈ গৰুৰ গাড়ী এখনত উঠিছোঁ মাথোন আৰু সিফালে অধ্যাপকে আনবোৰ ছাতৰক লগত লৈ ৰেলৰ ডাকগাড়ীত উঠি ভোঁ ভোঁ কৰে লৰিছে পাৰি যে, আত্মজীৱনীখনত গহীন-গম্ভীৰ বেজবৰুৱাজনৰ লগতে ৰসৰাজ বেজবৰুৱায়ো সঘনে দেখা দি ইয়াৰ গদ্য ৰসাল আৰু কৌতুকপূৰ্ণ কৰি তুলিছে
২.     কথোপকথন শৈলী প্ৰয়োগ কৰিও আত্মজীৱনীকাৰে গদ্য আকৰ্ষণীয় কৰি তুলিছে। যেনে— বাবুজনে মৰম পতিয়াই মোক সুধিলে, ‘‘মশায় কিএ কলিকাতা থেকে আসেছেন?”
৩.     বেজবৰুৱাৰ আত্মজীৱনীখনত জ্ঞাননিষ্ঠ বা যুক্তিনিষ্ঠ শৈলীৰ নিদৰ্শনো আছে। নিৰ্বাচিত পাঠ্যাংশতো এনে উদাহৰণ আছে। যেনে—
                (ক)    উদ্যোগীয়ে মৰণ কি ক’ব নোৱাৰে।
(খ)    আমি নিজকে নিজে “যোগ্য” নকৰিলে অন্যে কৰি নিদিয়েহি। এই সংসাৰেই হৈছে যোগ্যৰ ঘৰ।
৪.     বেজবৰুৱাৰ গদ্য কেতিয়াবা কেতিয়াবা লয়যুক্ত হৈ পৰা দেখা যায়। যেনে—
(ক)    আয়ে ৰান্ধি দিয়া ভাত খাওঁ, যতনাই দিয়া জলপান বজাওঁ, টৌ টৌ কৰি ঘূৰি ফুৰোঁ, মেল মাৰোঁ আৰু ঘুমটি মাৰোঁ।
                (খ)    ...কুপথেদি নিয়োজিত শক্তিৰ বলত মৌৱে বাহ লোৱা গছ পৰিল হাউলি। মৰিল “মৌ”।