Thursday, 30 April 2020

ত্ৰৈলোক্য ভট্টাচাৰ্য্যৰ বুৰঞ্জীমূলক উপন্যাস ‘সাঁচিপাতৰ পুথি’ৰ চৰিত্ৰ বিশ্লেষণ

সৃষ্টিৰ পৃথিৱী

ত্ৰৈলোক্য ভট্টাচাৰ্য্যৰ বুৰঞ্জীমূলক উপন্যাস ‘সাঁচিপাতৰ পুথি’ৰ চৰিত্ৰ বিশ্লেষণ
স্নাতক চতুৰ্থ ষান্মাসিক (সাধাৰণ)
অসমীয়া সাহিত্যৰ চানেকি
গোটঃ ৫
শ্ৰেণী শিক্ষকঃ মৃদুল মৰাণ
অসমীয়া বিভাগ, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়




নাথান ব্ৰাউনঃ
      ত্ৰৈলোক্য ভট্টাচাৰ্য্যৰদ্বাৰা ৰচিত বুৰঞ্জীমূলক উপন্যাস ‘সাঁচিপাতৰ পুথি’ৰ (১৯৭৩) এটা প্ৰধান পুৰুষ চৰিত্ৰ হ’ল নাথান ব্ৰাউন। আমেৰিকাত জন্ম লাভ কৰা নাথান ব্ৰাউনে অসমত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ বাবে আহিছিল। ১৮৩৬ চনৰ ২৩ মাৰ্চত তেওঁ অসমৰ শদিয়াত প্ৰৱেশ কৰিছিল। তেওঁৰ লগত পত্নী-কন্যা আৰু লগতে কট্টাৰ দম্পতিও আহিছিল। অসম বুৰঞ্জীৰ এই চৰিত্ৰটোক ঔপন্যাসিক ত্ৰৈলোক্য ভট্টাচাৰ্যই তেওঁৰ ‘সাঁচিপাতৰ পুথি’ উপন্যাসত সুন্দৰকৈ তুলি ধৰিছে। উপন্যাসখনৰ প্ৰথম দুটা খণ্ডত অৰ্থাৎ ‘হে বিদেশী বন্ধু’ আৰু ‘অৰুণোদয়’ত চৰিত্ৰটো পোৱা যায়। তলত নাথান ব্ৰাউন চৰিত্ৰটোৰ এক বিশ্লেষণ দাঙি ধৰিবলৈ যত্ন কৰা হ’ল—
      নাথান ব্ৰাউন এজন খ্ৰীষ্টিয়ান মিছনেৰী, ফাদাৰ। তেওঁ অসমলৈ অহাৰ পূৰ্বে ব্ৰহ্মদেশৰ মৌলমেন আৰু ভাৰতৰ শ্ৰীৰামপুৰত ধৰ্ম প্ৰচাৰৰ কাম কৰিছিল। মৌলমেনত থকাৰ সময়ত তেওঁৰ মেলেৰীয়া হৈছিল, নতুন পাহাৰীয়া ঠাইখনত ভালকৈ মিলিব পৰাও নাছিল। তথাপিও ব্ৰাউন নিৰাশ হোৱা নাছিল। কঠোৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম স্বীকাৰ কৰি তেওঁ মিছনৰ কামবোৰ কৰিছিল।
      যীশুখ্ৰীষ্টৰ আদৰ্শৰদ্বাৰা নাথান ব্ৰাউনৰ জীৱন-দৰ্শন গঢ় লৈ উঠিছিল। তেওঁ বিশ্বাস কৰিছিল যে, পীড়িত মানুহৰ মাজত শান্তি স্থাপন কৰাটো সকলো সভ্য মানুহৰে কৰ্তব্য হ’ব লাগে। ব্ৰাউনে আন্ধাৰত পৰি থকাসকলক পোহৰলৈ আনিবলৈ, অজ্ঞানীক জ্ঞান দিবলৈ আৰু অধৰ্মীক ধৰ্মৰ কথা শিকাবলৈ সদায়েই যত্ন কৰিছিল। তেওঁ কট্টাৰক অসমীয়াৰ প্ৰতি অহেতুক ভয় কৰিবলৈ কোৱা নাছিল। কাৰণ, যীশুৱে কৈছিল— “তুমি কাৰো অনিষ্ট নকৰিবা, তোমাৰো কোনেও অনিষ্ট নকৰে।”
      শাসকীয় ইংৰাজ বিষয়া আৰু খ্ৰীষ্টান মিছনেৰীসকলৰ আদৰ্শ আছিল পৃথক। ব্ৰাউনৰ চৰিত্ৰৰ মাজেদি উপন্যাসখনত এই দিশটো প্ৰকাশ কৰা হৈছে। সেনাধক্ষ্য মিষ্টাৰ হানয়ে অসমখন আমি অধিকাৰ কৰিছোঁ বুলি কোৱাত নাথান ব্ৰাউনে কৈছিল— “আমি দেশ জয় নকৰোঁ, পাৰোঁ যদি কৰিম মানুহৰ মন।” হানয়ে ব্ৰাউন আৰু তেওঁলোকৰ চিন্তাৰ মাজত কোনো পাৰ্থক্য নাই বুলি কোৱাত নাথান ব্ৰাউনে যুক্তিৰে সেয়া খণ্ডন কৰিছে— “বাইবেল আৰু ৰাইফল একে নহয়। যেনেদৰে একে নহয় মানুহৰ মন আৰু দেহ।
      ব্ৰাউনে বাইবেলৰ নিউ টেষ্টামেণ্টৰ অনুবাদৰ কাম কৰিছিল পোনতে তেওঁ বঙালী ভাষাতে কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত অসমীয়া ভাষাত কৰাৰ কথা ভাবিছিল অসমীয়া বাতৰিকাকত এখন প্ৰকাশ কৰাৰ সপোনো তেওঁৰ আছিল এই কথা তেওঁ কট্টাৰৰ আগত এদিন ব্যক্ত কৰিছিল বাস্তৱতো তেওঁ এই কাম কৰি দেখুৱাইছিল ব্ৰাউন চৰিত্ৰটো ধৈৰ্যশীল অসমীয়া বাতৰিকাকত প্ৰকাশ কৰিবলৈ হলে অসমীয়া ভাষা শিকিব লাগিব, এজাক পঢ়িব পৰা মানুহ সৃষ্টি কৰিব লাগিব এই সকলোবোৰ দুই-এদিনতে হোৱা অসম্ভৱ ব্ৰাউন কিন্তু আশাবাদী আছিল তেওঁ বিশ্বাস কৰিছিল যে, তেওঁৰ সপোন এদিন বাস্তৱত পৰিণত হবই ব্ৰাউনে সেইবাবে কট্টাৰক  দৃঢ়তাৰে কৈছিল, “আমি ধৈৰ্য্যৰে বাট চাব লাগিব তেওঁলোকৰ লগতে নিজকো প্ৰস্তুত কৰিব লাগিব
      শদিয়াত থিতাপি লৈয়েই নাথান ব্ৰাউনে কামৰ কথাহে ভাবিছে। হানয়ে কৰা সন্ধ্যাৰ আহৰৰ নিমন্ত্ৰণো তেওঁ গ্ৰহণ কৰা নাই। তেওঁলোকৰ বাবে ঠিক কৰা চাংবঙলাৰ ওচৰত সৰু কিন্তু বহল টিলা এটা দেখি তাত এটা গীৰ্জা নিৰ্মাণ কৰাৰ কথা ভাবিছে।
      পাশ্চাত্যৰ অনুকৰণত ভাৰতত ইংৰাজীৰে শিক্ষা দিয়াৰ ব্যৱস্থাটোক ব্ৰাউনে সমৰ্থন কৰা নাছিল। তেওঁৰ মতে দেশীয় ভাষাত শিক্ষা দিয়া আৰু দেশীয় ভাষা-সংস্কৃতি আৰু সভ্যতাৰ বিকাশ সাধনত সহায় কৰা চৰকাৰৰ লক্ষ্য হোৱা উচিত। ব্ৰাউনৰ এনে চিন্তাৰ মাজেদি তেওঁৰ উদাৰতা আৰু মহানতাৰ উমান পোৱা যায়।
      ব্ৰাউনে অসমলৈ আহিয়েই অসম আৰু অসমীয়াৰ বিষয়ে বহলকৈ জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁ অসমীয়া ভাষা আৰু অসমীয়া মানুহৰ সমাজ-সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰিছিল। জোচেফ, হানয় আদিৰ মতে অসমীয়াসকল বৰ্বৰ, তেওঁলোকৰ নিজা ভাষা নাই। তেওঁলোকৰ ধৰ্ম, সমাজ নাই। নাথান ব্ৰাউনে কিন্তু জোচেফ আৰু হানয়ৰ এনে কথাত পতিয়ন যোৱা নাছিল। সেয়ে তেওঁ অসমীয়া মানুহৰ বিষয়ে জনাত সহায়ক হোৱাকৈ এজন অসমীয়া মানুহ লগত বিচাৰিছিল।
      নাথান ব্ৰাউন দয়ালু প্ৰকৃতিৰ ব্যক্তি আছিল। গীৰ্জা নিৰ্মাণৰ কামত অহা দয়াৰামক তেওঁ আঁকোৱালি লৈছিল আৰু তেওঁক এটা নামো দিছিল— ‘মিষ্টাৰ কাইন্দনেছ’।
বুদ্ধিনিষ্ঠতা নাথান ব্ৰাউন চৰিত্ৰৰ এটা মন কৰিবলগীয়া বিশেষত্ব এনে কাৰণতে গীৰ্জাৰ কাম কৰিবলৈ অহা দয়াৰামক লগ পাই তেওঁ ততালিকে অসমীয়া আৰু বঙালী ভাষা যে একে নহয়, সেয়া বিচাৰ কৰিবলৈ সক্ষম হৈছিল— “অসমীয়া ভাষাটো বঙালীৰপৰা ওলোৱা নহয়। দুইটা ভাষাৰ নিজা বৈশিষ্ট্য আছে।”
ব্ৰাউনে মিষ্টাৰ হানয়ৰ আগত কৈছিল যে, ইংৰাজে অসমত অসমীয়া ভাষাৰ সলনি বাংলা ভাষা চলোৱাটো এটা ডাঙৰ ভুল। অসমীয়া আৰু বঙালী দুয়োটা যে সুকীয়া ভাষা, তাক প্ৰমাণ কৰিবলৈ ব্ৰাউন দৃঢ় প্ৰতিজ্ঞ আছিল আৰু ইয়াক তেওঁ নিজৰ কৰ্তব্য বুলি মানিছিল।
কট্টাৰে অসমৰ মানুহবোৰ আঁকোৰগোজ বুলি কোৱাত ব্ৰাউনে কৈছিল— “জাতি হিচাপে জীয়াই থাকিবলৈ হ’লে ৰক্ষণশীলতাৰ নিতান্ত প্ৰয়োজন।” শদিয়া অঞ্চলত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰা কামত তেওঁলোক বিশেষ সফল হোৱা নাছিল। ৰাজনৈতিক অচলাৱস্থা ইয়াৰ এটা প্ৰধান কাৰণ আছিল। কিন্তু ব্ৰাউনে বিশ্বাস কৰিছিল যে, তেওঁলোক বিফল হোৱাৰ আন এটা কাৰণো আছিল। সেয়া হ’ল— খ্ৰীষ্ট ধৰ্মতকৈ তেওঁলোকৰ ধৰ্ম, আচাৰ আৰু অনুষ্ঠান উচ্চতৰ।
পুৰণি পুথি সংগ্ৰহ আৰু প্ৰকাশৰ প্ৰতিও নাথান ব্ৰাউনে বিশেষ গুৰুত্ব দিছিল। শাৰীৰিক অসুস্থতাকো নেওচি তেওঁ পুথি সংগ্ৰহৰ কামত ঘূৰি ফুৰিছিল। যজ্ঞেশ্বৰ কাকতি নামৰ বেজ এজনৰপৰা সাঁচিপতীয়া পুথি ‘বৃহৎ যোগিনী তন্ত্ৰ’ আৰু ‘হস্তিবিদ্যাৰ্ণব’ আদি আনিবলৈ যাওঁতে অনেক অপমান সহ্য কৰিবলগীয়া হৈছিল। তথাপি যজ্ঞেশ্বৰ বেজে তেওঁক পুথিসমূহ দিয়া নাছিল। আনকি খ্ৰীষ্টান হোৱাৰ বাবেই ব্ৰাউনৰ নগা ঘাঁডোখৰৰ চিকিৎসা কৰিবলৈও অমান্তি হৈছিল।
শিক্ষাৰ প্ৰসাৰৰ প্ৰতিও ব্ৰাউনৰ মন আছিল। এনে কাৰণতে কেপ্টেইন হোৱাইটে অসমত এখন পঢ়াশালি পতাৰ কথা কোৱাত ব্ৰাউন বিষয়টোৰ প্ৰতি লগে লগে আগ্ৰহী হৈছিল। তেওঁ অসমৰ শদিয়াত স্কুল পাতি শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল।
সেনাধ্যক্ষ মিষ্টাৰ হানয়ে আমেৰিকান ব্যপ্তিষ্ট মিছনেৰীসকলে কোম্পানীৰ স্বাৰ্থত ব্যাঘাত জন্মাইছে বুলি অভিযোগ আনিছিল। সেয়ে পল্টন হেড্ কোৱাৰ্টাৰত বহা সভাত নাথান ব্ৰাউন আৰু অন্যান্য পাদ্ৰী চাহাবসকলৰ বিচাৰ চলোৱা হৈছিল। বিশেষকৈ ফাদাৰ নাথান ব্ৰাউন আৰু অলিভাৰ টি. কট্টাৰক অসমীয়াপ্ৰেমী হোৱাৰ বাবে পলিটিকেল এচিষ্টেণ্ট মিষ্টাৰ মেথীয়ে ধিক্বাৰ দিছিল। ধৰ্ম পুথি, বুৰঞ্জী পুথি আৰু প্ৰধানকৈ অসমীয়া ভাষাত ‘অৰুনোদই’ নামৰ কাকত প্ৰকাশ কৰাৰ বাবে ব্ৰাউন আৰু কট্টাৰক মিষ্টাৰ হানয়ে ঠাট্টা কৰিছিল। অসমৰ সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি গুৰুত্ব নিদিবলৈ আদেশ দিছিল। ব্ৰাউনৰ মতে এনে কথা খ্ৰীষ্ট ধৰ্মই কেতিয়াও নিশিকায়। সেয়ে তেওঁ ক’বলৈ বাধ্য হৈছিল— “আজি মোৰ এক অদ্ভুত অভিজ্ঞতা হ’ল। আই হেভ্ ৰিচিভদ্ এ লেচন নট্ স্পকেন বাই আৱাৰ লৰ্ড— নট ৰিটেন্ ইন দি হ’লি বাইবেল।”
এইদৰে বিচাৰ কৰি ক’ব পাৰি যে, ব্ৰাউনৰ অন্তৰত অসমৰ ভাষা, ধৰ্ম, সাহিত্য, শিল্প-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা আছিল।

      জীয়েক চফিয়া ব্ৰাউনৰ আকস্মিক মৃত্যু আৰু শাসকীয় পক্ষৰপৰা পোৱা অপমানে নাথান ব্ৰাউনক দুখী কৰি তুলিছিল। শাসকীয় পক্ষৰ হাতত তেওঁৰ নিজা আদৰ্শ, শিক্ষা আৰু হৃদয়ৰ অপমান হৈছিল। সেয়ে তেওঁ ভাৰত ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। ১৮৫৫ চনত তেওঁ অসম এৰিছিল।

চফিয়া ব্ৰাউনঃ
      ত্ৰৈলোক্য ভট্টাচাৰ্য্যৰ ‘সাঁচিপাতৰ পুথি’ উপন্যাসৰ এটা নাৰী চৰিত্ৰ হ’ল চফিয়া ব্ৰাউন। নাথান ব্ৰাউনৰ জীয়ৰী চফিয়া ব্ৰাউনৰ চৰিত্ৰটো উপন্যাসখনৰ প্ৰথম খণ্ড ‘হে বিদেশী বন্ধু’ত পোৱা যায়। তলত চৰিত্ৰটোৰ এক চমু বিশ্লেষণ দাঙি ধৰা হ’ল—
অসমৰ চীফ কমিছনাৰ মেজৰ জেনকিন্সৰ অনুৰোধ মৰ্মে নাথান ব্ৰাউন খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ আহিছিল। তেওঁ অসমৰ শদিয়াত প্ৰৱেশ কৰিছিল ১৮৩৬ চনৰ ২৩ মাৰ্চ তাৰিখে। তেওঁৰ লগত জীয়েক চফিয়া ব্ৰাউনো আহিছিল। ইয়াৰ পূৰ্বে তেওঁলোক ভাৰতৰ শ্ৰীৰামপুৰত ধৰ্ম প্ৰচাৰৰ কামত আছিল। অসমলৈ অহাৰ সময়ত চফিয়াৰ বয়স ত্ৰিশৰ কেইবা ঢাপো তলত আছিল। গাভৰু হ’লেও চফিয়া আছিল কিশোৰীৰ দৰে চঞ্চল। তাইৰ কণ্ঠ বৰ মিহি আছিল। ঔপন্যাসিকে তাইৰ মাতটোক বতাহৰ সৰু সুহুৰিৰ লগত তুলনা কৰিছে। অসমত ভৰি দিয়েই চফিয়া উৎফুল্লিত হৈ পৰিছিল। ঘাটৰ সৌন্দৰ্য তাইৰ সমুখত মাতৃভূমি বোস্তনৰ জাহাজ ঘাট হৈ দেখা দিছিল।
প্ৰথম দেখাতেই সেনাধ্যক্ষ মিষ্টাৰ হানয় চফিয়াৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু তাইৰ মন পাবৰ যত্ন কৰিছিল। কিন্তু চফিয়াই হানয়ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল। একে বাগীতে গৈ থাকোঁতে হানয়ে চফিয়ালৈ চাই হাঁহো হাঁহো কৰিছিল যদিও তাই হানয়ৰ হাঁহি আওকাণ কৰি বাহিৰলৈ চাই গৈছিল।
অসমীয়া যুৱক দয়াৰাম বা ‘মিষ্টাৰ কাইন্দনেছ’ৰ লগত চফিয়াৰ ভাল বন্ধুত্ব হৈছিল আৰু এই বন্ধুত্ব লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হৈছিল।
চফিয়া মুক্ত মনৰ গাভৰু আছিল। তাই দয়াৰামৰ লগত গাঁৱে গাঁৱে ঘূৰি ফুৰি ভাল পাইছিল। এবাৰ গাঁৱৰ মাজত এটা নামঘৰ দেখি তাই তাত সোমাব বিচাৰিছিল। কিন্তু দয়াৰামে তাইক মানা কৰিলে। কাৰণ যিকোনো অৱস্থাত যিকোনো সময়ত নামঘৰলৈ যোৱাৰ নিয়ম নাই। এই কথা জানি চফিয়াই কৈছিল— “ইট্ ইজ বেড।’’ তাই বিশ্বাস কৰিছিল যে, সকলো মানুহ ভগৱানৰ সন্তান। ভগৱানৰ ওচৰলৈ যোৱাত সেয়ে পাপী-তাপী সকলোৰে সমান অধিকাৰ থকা উচিত।
ঘোঁৰাত উঠি গাঁৱে গাঁৱে ঘূৰি ফুৰা দেখি গাঁৱৰ মানুহবোৰে চফিয়ালৈ আচৰিত হৈ চাইছিল। কাৰণ, তেওঁলোকে গাভৰু ছোৱালী এজনী ঘোঁৰাত উঠাৰ কথা হয়তো সপোনতো ভাবিব পৰা নাছিল। কিন্তু আমেৰিকাত ছোৱালীসকলৰ স্বাধীনতা আছিল।
দয়াৰামৰ প্ৰতি চফিয়াৰ ভালপোৱা আছিল। কিন্তু তাই এই কথা স্পষ্টকৈ কৈ দিয়া নাছিল। চফিয়াৰ প্ৰতিও দয়াৰামৰ ভালপোৱা আছিল। বিবাহৰ ক্ষেত্ৰত অসমীয়া সমাজত থকা ৰক্ষণশীলতাৰ উমান পাই তাই ভয় খাইছিল। কাৰণ, তেওঁলোকৰ সম্পৰ্কটোকো সমাজে স্বীকৃতি নিদিব। চফিয়া আছিল সৰল মন এটাৰ অধিকাৰী। দয়াৰামৰ মুখৰপৰা কাপোৰ বব নজনা তিৰোতাক অসমত ঘিণ কৰে বুলি জানি তাই স্বভাৱসুলভ সৰলতাৰে দয়াৰামক প্ৰশ্ন কৰিছিল— “তেন্তে তুমি মোক ঘিণ কৰা?”
চফিয়াই কম দিনৰ ভিতৰতে অসমীয়া ভাষাটো শিকি পেলাইছিল। অসমৰ সমাজ, অসমীয়া মানুহৰ প্ৰতি তাইৰ অনুৰাগ জন্মিছিল। তাই গাঁৱৰ ছোৱালীবোৰৰ লগত কথা পাতিবলৈ বিচাৰিছিল আৰু ছোৱালীবোৰক কৈছিল— “মই খুব ভাল পাইছোঁ তোমালোকক, তোমালোকৰ দেশখনক।”
দেউতাক নাথান ব্ৰাউনৰ আদৰ্শত চফিয়াই ছোৱালীৰ বাবে এখন স্কুল পাতিবলৈ বিচাৰিছিল। গাঁৱৰ ছোৱালীবোৰক শিক্ষিত কৰি তোলাৰ সপোন দেখিছিল। অসমীয়া সমাজত থকা অন্ধবিশ্বাসবোৰ আঁতৰাবলৈ বিচাৰিছিল। এইবোৰ সপোন আৰু আশাৰ কথা তাই দয়াৰামৰ আগত ব্যক্ত কৰিছিল।
চফিয়া বুদ্ধিমতী আৰু দূৰদৰ্শী স্বভাৱৰ আছিল। শাসক ইংৰাজৰ স্বৰূপ তাই ভালদৰে উপলব্ধি কৰিব পাৰিছিল। কাৰন— এদিন ইংৰাজসকলে আমেৰিকাও শাসন কৰিছিল। সেয়ে দয়াৰামে ইংৰাজক ‘বন্ধু’ বুলি কোৱাত তাই কৈছিল— শাসক কেতিয়াও বন্ধু হ’ব নোৱাৰে। ইংৰাজসকল অসমীয়াৰ শত্ৰুহে। গাঁও ফুৰিবলৈ গৈ তাই দয়াৰামৰ লগত কুঁহিয়াৰৰ ৰস খাই পিয়াহ গুচাইছিল। খোৱা বস্তুৰ বাবে দাম নোলোৱা দেখি আচৰিত হৈছিল। তাই ভাবিছিল— এই মানুহবোৰ এদিন ‘শিক্ষিত’ হ’ব আৰু কাকো আহাৰ বিনামূল্যত নিদিব।
সততা গুণ চফিয়া চৰিত্ৰটোত লক্ষ্য কৰা যায়। নিজৰ সমাজৰ ভুলবোৰ চফিয়াই প্ৰকাশ কৰিবলৈ বা স্বীকাৰ কৰিবলৈ লজ্জাবোধ কৰা নাছিল। দয়াৰামৰ আগত তাই কৈছিল যে, অসমতকৈ আমেৰিকাত উচ্চ-নীচৰ ভেদাভেদ অধিক। আনকি আমেৰিকাত নিগ্ৰোবিলাকক দাস হিচাপে বেচা-কিনাও কৰা হৈছিল। চফিয়াই বিশ্বাস কৰিছিল— সভ্য মানুহে ফাকি দিবলৈ শিকে। ভুলবোৰ নেদেখাৰ ভাও জুৰিব পাৰে।
চফিয়া খ্ৰীষ্ট ধৰ্মৰ প্ৰতি অনুৰক্ত আছিল যদিও খ্ৰীষ্ট ধৰ্মৰ অন্ধ ভক্ত নাছিল। খ্ৰীষ্ট ধৰ্মৰ মাজত থকা ভাগবোৰ আৰু সেই ভাগবোৰৰ মাজত সততে হৈ থকা হিংসাক ঘৃণা কৰিছিল। খ্ৰীষ্ট ধৰ্মৰ কেথলিক, পিউৰিটান আৰু প্ৰটেষ্টাণ্ট ভাগকেইটাৰ মাজত যথেষ্ট বিৰোধ আছিল। এই ভাগবোৰৰ এটাই আনটো ভাগক ঘৃণা কৰিছিল। আনকি ধৰ্মক লৈ এজনে আনজনক হত্যাও কৰিছিল।
দয়াৰামৰ লগত গাঁও ফুৰি থাকোঁতে চফিয়াই কেপ্তেইন হানয় আৰু মটকৰ সেনাপতি কেপ্তেইন গোসাঁইক লগ পাইছিল। দয়াৰাম তথা অসমীয়া মানুহৰ প্ৰতি হানয়ৰ ভাল ভাব নাছিল। তাতে চফিয়াই তেওঁৰ প্ৰেম প্ৰত্যাখান কৰিছিল। দয়াৰামৰ লগত থকা বাবে মিষ্টাৰ হানয়ে অসমীয়া মানুহ তথা দয়াৰামৰ বিষয়ে বেয়াকৈ কৈছিল। এনে কাৰণতে তাই খঙতে কৈছিল— ইংলেণ্ডৰ ফেঁটি সাপ আৰু অসমৰ জংঘলত থকা ফেঁটি সাপ সমানেই বিষাক্ত। লগতে তাই যে দয়াৰামক ভাল পাই, সেই কথাও স্পষ্টকৈ কৈ দিছিল— “হিয়েৰ, ইয়েচ্ আই লাভ হিম। আই উইল মেৰি হিম।” চফিয়াৰ কথাত ক্ৰুদ্ধ হৈ হানয়ে দয়াৰামকে চাবুকেৰে কোবাইছিল। দয়াৰামক বচাবলৈ তাই মিষ্টাৰ হানয়ক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল। চফিয়া আৰু দয়াৰামক মৃত্যুৰ ভাবুকি দি মিষ্টাৰ হানয় গুচি গৈছিল। তেওঁলোকো উভতি যাবলৈ সাজু হৈছিল। কিন্তু চফিয়াৰ ঘোঁৰাটোৱে ভয় খাই জঁপিয়াবলৈ ধৰাত তাই চৰণীয়া পথাৰত ছিটিক পৰিছিলগৈ। দয়াৰামে তাইক তুলি ঘৰলৈ লৈ আহিছিল। কিন্তু চফিয়া নাবাচিল। নাথান ব্ৰাউনে গীৰ্জা সাজিম বুলি ভবা টিলাটোতে চফিয়াক কবৰ দিয়া হ’ল। চফিয়াৰ মৃত্যুত দয়াৰাম ভাগি পৰিল আৰু তাইৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈকে তেওঁ খ্ৰীষ্টিয়ান হ’বলৈ ইচ্ছা কৰিলে।

Saturday, 25 April 2020

মোপাছাঁৰ ‘হীৰাৰ হাৰ’ গল্পৰ দুটিমান দিশঃ এক ব্যাখ্যাত্মক আলোচনা

সৃষ্টিৰ পৃথিৱী

মোপাছাঁৰহীৰাৰ হাৰগল্পৰ দুটিমান দিশঃ এক ব্যাখ্যাত্মক আলোচনা

স্নাতক ষষ্ঠ ষাণ্মাসিক (উচ্চমান)
বিশ্বসাহিত্যৰ পৰিচয়
গোটঃ ৪
শ্ৰেণী শিক্ষকঃ মৃদুল মৰাণ
অসমীয়া বিভাগ, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়

ফৰাছী গল্পকাৰ গী দ্য মোপাছাঁৰ এটা বহুপঠিত গল্প হহীৰাৰ হাৰ’ (ইংৰাজী নামঃ The Necklaceবা The Diamond Necklace’, ফৰাছী নামঃ La Parure)বিশেষকৈ সামৰণিৰ শ্লেষ বা শ্লেষাত্মক পৰিণতি(twist ending বা ironic ending) বাবে গল্পটো জনপ্ৰিয় আৰু মনোৰম। এয়া প্ৰকৃততে মোপাছাঁৰ গল্পৰে এক স্বকীয় বিশেষত্ব। গল্পটো প্ৰথম প্ৰকাশ পাইছিল ১৮৮৪ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে ফৰাছী বাতৰিকাকত Le Gaulois
গল্পটো অসমীয়া ভাষালৈ কেইবাজনো অনুবাদকে অনুবাদ কৰিছে। যেনে— মহেন্দ্ৰ বৰাই ‘কণ্ঠহাৰ’, সত্যেন বৰকটকীয়ে ‘হীৰাৰ হাৰ’, অজিত বৰুৱাই ‘অলংকাৰ’ আদি নামেৰে অনুবাদ কৰিছ। আলোচনাৰ বাবে সত্যেন বৰকটকীৰ অনুবাদটো লোৱা হৈছে।

গল্পটোত প্ৰতিফলিত দাৰিদ্ৰ্যৰ ছবিঃ
হীৰাৰ হাৰগল্পটোত গল্পকাৰ গী দ্য মোপাছাঁই মঁচিয় লোৱাজেল আৰু মাদাম মাতিলদ লোৱাজেলৰ (Madame Mathilde Loisel) দৰিদ্ৰতাৰ চিত্ৰ এখন দাঙি ধৰিছে। তেওঁলোক আৰ্থিক দিশেৰে দৰিদ্ৰ যদিও মঁচিয় লোৱাজেল মনৰপৰা দৰিদ্ৰ নাছিল। কিন্তু মাদাম লোৱাজেল আছিল আৰ্থিক আৰু মানসিক উভয় দিশৰ পৰাই দৰিদ্ৰ। থকা বস্তুখিনিক লৈ তাই কেতিয়াও সুখী হোৱা নাছিল। বিলাসী জীৱন এটাৰ প্ৰতি থকা মোহে তাইক ক্ৰমে ক্ৰমে অসুখী কৰি তুলিছিল। গল্পটোত প্ৰতিফলিত দাৰিদ্ৰ্যৰ ছবিসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—
·       মাদাম লোৱাজেলৰ সপোনৰ ঘৰখনৰ যি বৰ্ণনা দিয়া হৈছে, সি মঁচিয় লোৱাজেল আৰু মাদাম লোৱাজেলৰ দাৰিদ্ৰ্যৰ কথা প্ৰকাশ কৰাত বিশেষ সহায় কৰিছে। মাদাম লোৱাজেলৰ সপোনৰ ঘৰখন এনেধৰণৰ— “প্ৰাচ্যৰ জকমকীয়া পৰ্দা, পিতলৰ নাল লগা ওখ ওখ চাকি, আৰামী-চকীত দীঘল দি পৰি থকা উৰ্দি পিন্ধা দুটা আলধৰা, মৰগীয়া আচবাব-পত্ৰেৰে সজোৱা ঘৰ, মচলিনৰ পৰ্দাৰে বেৰা আহল-বহল বৈঠকখানা; তাৰ কাষতে সুবাসত মলমলাই থকা এটা সৰু খোটালি, য’ত আনকি পাঁচ বজাৰ চাহৰ সময়ত অন্তৰংগ বন্ধু-বান্ধৱীসকলৰ লগত, বিশিষ্ট ভদ্ৰলোকসকলৰ লগত কথা পাতিব পাৰি।” মাদাম লোৱাজেলে ঘৰখনত ডাঙৰ ডাঙৰ ভোজ আয়োজনৰ সপোনো দেখে— “চিকমিকাই থকা ৰূপৰ বাচন; বেৰত বিশিষ্ট পূৰ্বপুৰুষসকলৰ আৰু নন্দন কাননত গছৰ ডালত পৰি গীত গাই থকা আপুৰুগীয়া চৰাইৰ ছবি; নানা তৰহৰ সুস্বাদু, সুগন্ধি খাদ্য; গোলাপী বৰণৰ ‘ট্ৰাউট’ মাছ বা চৰাইৰ ডেউকাৰ ভজা; আৰু এই সকলোবোৰৰ মাজত গোটেই কোঠাটো গমগমীয়াকৈ ৰখা কথা-বতৰা, মিচিকিয়া হাঁহি।” ইয়াৰ এক সম্পূৰ্ণ বিপৰীত ছবিহে মঁচিয় লোৱাজেল আৰু মাদাম লোৱাজেলৰ ঘৰত বিদ্যমান। এইদৰে গল্পকাৰে কৌশলেৰে বৈপৰীত্যৰ যোগেদি তেওঁলোকৰ দাৰিদ্ৰ্যৰ ছবিখন আঁকিছে।
·       শিক্ষা বিভাগৰ মন্ত্ৰীৰ ভোজমেললৈ নিমন্ত্ৰণ পায়ো মাদাম লোৱাজেল যাবলৈ অমান্তি হৈছিল। কাৰণ, তাইৰ দামী সাজ-পাৰ আৰু অলংকাৰ নাছিল। অলংকাৰ কিনাৰ সামৰ্থ নথকাৰ বাবে তেওঁ বান্ধৱীয়েক ফৰেস্তিয়েৰৰপৰা অলংকাৰ ধাৰ কৰি আনি পিন্ধিবলগীয়া হৈছিল।
·       বল নাচৰপৰা উভতাৰ পৰত মঁচিয় লোৱাজেলে পত্নীৰ গাত দি দিয়া কাপোৰখনেও তেওঁলোকৰ দাৰিদ্ৰ্যৰ কথা প্ৰকাশ কৰিছে— “নাচলৈ পিন্ধি অহা মনোমোহা সাজ-পাৰৰ ওপৰত এই সাধাৰণ সস্তীয়া কাপোৰখন বৰ অশুৱনি হৈছিল।”
·       শিক্ষা বিভাগৰ মন্ত্ৰীৰ ভোজমেল আৰু নাচৰপৰা উলটি আহোঁতে তেওঁলোকে ভাৰা গাড়ী পোৱা নাছিল। তেওঁলোকৰ নিজা গাড়ী নাছিল। জাৰত কঁপি কঁপি ভালেখিনি খোজ কাঢ়িবলগীয়া অৱস্থাও হৈছিল। অৱশেষত তেওঁলোকে চেইন নৈৰ পাৰত ভাৰা মাৰি ফুৰা ‘কুপে’ এখন পায় আৰু তাতে উঠি ঘৰলৈ যায়। সাধাৰণতে এনে গাড়ীত ধনী মানুহ নুঠে। এই গাড়ীবোৰ তেনেই জীৰ্ণ। গল্পকাৰৰ ভাষাত “এনে গাড়ী পাৰিত ৰাতিহে দেখিবলৈ পোৱা যায়; সিহঁতৰ দুৰৱস্থা দিনত প্ৰকাশ কৰিবলৈ লাজ পায়।” এই কথাখিনিয়েও মঁচিয় আৰু মাদাম লোৱাজেলৰ দাৰিদ্ৰ্যৰ কথা প্ৰকাশ কৰিছে।
·       মাদাম ফৰেস্তিয়েৰৰপৰা অনা হাৰডাল মাদাম লোৱাজেলে হেৰুৱাইছিল। হেৰুৱা হাৰডালৰ সলনি নিজৰ টকাৰে এডাল নতুন হাৰ কিনি মাদাম ফৰেস্তিয়েৰক ঘূৰাই দিয়াৰ সামৰ্থ তেওঁলোকৰ নাছিল। দেউতাকে এৰি যোৱা টকাখিনিৰেও তেওঁলোকে এডাল হীৰাৰ হাৰ কিনিব নোৱাৰিছিল। ফলত বিভিন্ন জনৰপৰা তেওঁলোকে উচ্চ সুদত টকা ধাৰে ল’বলগীয়া হৈছিল।
·       ধাৰ মাৰিবৰ বাবে তেওঁলোকে বিভিন্ন খৰচ কমাবলগীয়া হৈছিল। লিগিৰীজনীক বিদায় দি মাদাম মাতিলদ লোৱাজেলে ঘৰৰ কামবোৰ নিজে কৰিবলৈ লৈছিল। দোকানীৰ লগত দৰ-দাম কৰিও তেওঁলোকে টকা সাঁচিবলগীয়া হৈছিল। মঁচিয় লোৱাজেলেও ৰাতি অতিৰিক্ত কাম কৰিবলৈ আৰম্ভ কৰিছিল। আগৰ ঘৰটো এৰি দুটা কোঠাৰ ঘৰ এটাতে তেওঁলোক থাকিবলৈ লৈছিল। তেওঁলোকক ধাৰ পৰিশোধ কৰিবলৈ সুদীৰ্ঘ দহ বছৰ সময় লাগিছিল। এনে দিশবোৰেও মঁচিয় লোৱাজেল আৰু মাদাম লোৱাজেলৰ দাৰিদ্ৰ্যৰ কথা প্ৰকাশ কৰিছে।

এইদৰে ‘হীৰাৰ হাৰ’ গল্পটোত মঁচিয় লোৱাজেল আৰু মাদাম মাতিলদ লোৱাজেলৰ দাৰিদ্ৰ্যৰ চিত্ৰ গল্পকাৰে চিত্ৰিত কৰিছে।

দায়িত্বশীল স্বামীৰ ৰূপত মঁচিয় লোৱাজেলঃ
        মাদাম মাতিলদ লোৱাজেল কেৰাণী পৰিয়াল এটাত জন্ম গ্ৰহণ কৰিছিল তেওঁৰ মতে এয়াভাগ্যৰ বিপৰ্যয় মাদাম লোৱাজেলে সদায় নিজকে অভিজাত ব্যক্তি হিচাপে কল্পনা কৰিহে ভাল পাইছিল তেওঁৰ স্বামী মঁচিয় লোৱাজেল শিক্ষা বিভাগৰ এজন স্বল্প বেতনধাৰী কেৰাণী আছিল অৱশ্যে নিজৰ সামৰ্থ অনুসৰি তেওঁ পত্নীক সুখী কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিছিল তলত মঁচিয় লোৱজেলে কৰা তেনে চেষ্টাসমূহ উল্লেখ কৰা
(ক) অভাৱী জীৱনৰ সৰু সৰু বিষয়বোৰক লৈয়ে মঁচিয় লোৱাজেল সুখী হ’বলৈ বিচাৰে আৰু লগতে নিজৰ পত্নী মাদাম মাতিলদ লোৱাজেলকো সুখী কৰিবলৈ বিচাৰে। ইয়াৰ এটা ধুনীয়া উদাহৰণ হ’ল মাদাম লোৱাজেলে ৰন্ধা খাদ্যৰ প্ৰশংসা কৰাটো।
(খ) মঁচিয় লোৱাজেলে পত্নীয়ে যে ঘৰত সোমাই আমনি পায়, সেয়া উপলব্ধি কৰিছে পত্নীৰ মনত আনন্দ লগাবৰ বাবেই তেওঁ অতি কষ্টেৰে শিক্ষা বিভাগৰ মন্ত্ৰী আৰু মাদাম ৰাঁপনয়ে আয়োজন কৰা ভোজমেল তথা বল নাচ আমন্ত্ৰণ-পত্ৰ এখন যোগাৰ কৰি আনিছে সাধাৰণতে তেওঁলোকৰ পদবীৰ মানুহক এনে ভোজমেল বা নাচলৈ নিমন্ত্ৰণ কৰা নহয় গতিকে বুজিব পাৰি যে, মঁচিয় লোৱাজেলে আমন্ত্ৰণ-পত্ৰখন যোগাৰৰ বাবে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল।
(গ) এনে নিমন্ত্ৰণ পায়ো কিন্তু মাদাম লোৱাজেল সুখী আৰু আনন্দিত হোৱা নাছিল কাৰণতাইৰ দামী কাপোৰ-অলংকাৰ নাই সাধাৰণ সাজত লে তাই লাজহে পাব লাগিব বুলি ভাবিছিল পত্নীক সন্তুষ্ট আৰু সুখী কৰাৰ স্বাৰ্থতে মঁচিয় লোৱাজেলে নিজৰ সপোন আৰু আশাকো বিসৰ্জন দিছে বন্ধুৰ লগত নাঁতেৰত চিকাৰ কৰিবলৈ বুলি এটা বন্দুক কিনিবলৈ তেওঁ চাৰিশ ফ্ৰাংক ধন সাঁচি ৰাখিছিল গোটেইখিনি ধন তেওঁ মাতিলদক পোছাক তৈয়াৰৰ বাবে দি দিছে।
(ঘ) পোছাকৰ অভাৱ দূৰ হোৱাৰ পাছতো কিন্তু মাদাম মাতিলদ লোৱাজেল অসন্তুষ্ট আছিল পত্নীৰ অসন্তুষ্টিত বিৰক্ত নহৈ মঁচিয় লোৱাজেলে সেই সমস্যা দূৰ কৰিবলৈ অলংকাৰৰ সলনি ফুলকে মাৰি যাবলৈ কৈছে মাদাম লোৱাজেলে তেনে কৰিবলৈ সন্মত নোহোৱাত বান্ধৱী মাদাম জেন ফৰেষ্টিয়েৰৰপৰা অলংকাৰ ধাৰে আনি পিন্ধিবলৈ পৰামৰ্শ দিছে স্বামীৰ পৰামৰ্শ অনুসৰি মাদাম লোৱাজেলে ফৰেষ্টিয়েৰৰপৰা হীৰাৰ হাৰ এডাল ধাৰ কৰি আনিছে।
(ঙ) বল নাচ শেষ কৰি মাদাম লোৱাজেল ঘৰলৈ যাবলৈ ওলালত স্বামী মঁচিয় লোৱাজেলে তেওঁৰ গাটো কাপোৰ এখনেৰে ঢাকি দিছিল। ঘৈণীয়েকৰ ঠাণ্ডা লাগিব পাৰে বুলি তেওঁ কাপোৰ এখন ঘৰৰপৰা লৈ আহিছিল আৰু লগতে ঘোঁৰা গাড়ী এখন মাতি আনিবও বিচাৰিছিল।
(চ) মাদাম ফৰেস্তিয়েৰৰপৰা অনা হাৰডাল মাদাম লোৱাজেলে হেৰুৱাইছিল। হেৰুৱা হাৰডাল বিচাৰিবলৈ মঁচিয় লোৱাজেলে যত্ন কৰিছিল। হাৰ বিচাৰি নাপাই পুলিচত খবৰ দিছিল, ঘোঁৰা-গাড়ীৰ অফিচবোৰলৈ গৈছিল, পুৰস্কাৰ ঘোষণা কৰি খবৰ কাগজত বিজ্ঞাপন দিছিল— যথাসম্ভৱ সকলো কৰিছিল। মঁচিয় লোৱাজেলে মাতিলদক বান্ধৱীয়েকৰ আগত হাৰডালৰ জোৰা ছিঙিল, মেৰামতি কৰিবলৈ দিয়া হৈছে বুলি মিছা মাতিবলৈ কৈছিল। কাৰণ, হাৰডাল বিচাৰোঁতে তেওঁলোকক সময় লাগিব।
(ছ) হেৰুৱা হাৰডাল বিচাৰি নাপাই তেওঁলোকে একে হাৰ এডাল কিনি ফৰেস্তিয়েৰক দিয়াৰ কথা ভাবিছে। মঁচিয় লোৱাজেলে দেউতাকে থৈ যোৱা ওঠৰ হেজাৰ ফ্ৰাংকৰ সকলোখিনি হীৰাৰ হাৰ কিনাৰ বাবে দি দিছে আৰু আন ওঠৰ হেজাৰ যাৰ-তাৰপৰা ধাৰ কৰিছে। ঋণ পৰিশোধৰ বাবে অফিচৰ কামৰ উপৰি অতিৰিক্ত কাম কৰিবলৈ আৰম্ভ কৰিছে।

        এই দিশবোৰ বিচাৰ কৰি পাৰি যে, মঁচিয় লোৱাজেল এজন দায়িত্বশীল স্বামী তেওঁ নিজৰ পত্নীক সুখী কৰিবলৈ সদায় যত্ন কৰিছেপ্ৰয়োজনত নিজৰ বিলাস বা সপোন ত্যাগ কৰিছে, বিপদৰ সময়ত পত্নীক একান্তভাৱে লগ দিছে বা একেলগ হৈ সমস্যা সমাধানৰ যত্ন কৰিছে

গল্পটোত প্ৰতিফলিত মাদাম লোৱাজেলৰ নাৰীসুলভ বাসনা তথা নাৰী মনস্তত্ত্বঃ
        সাজ-পাৰ, অলংকাৰ-পাতি, শাৰীৰিক সৌন্দৰ্য, সকলো সামগ্ৰীৰে পূৰ্ণ এখন ঘৰ, আলহী-অতিথিৰ সৈতে আড্ডা, মানুহৰ প্ৰশংসা— এইবোৰ অনেক নাৰীৰ কাম্য বস্তু। গী দ্য মোপাছাঁৰ ‘হীৰাৰ হাৰ’ গল্পটোত মাদাম মাতিলদ লোৱাজেল নামৰ চৰিত্ৰটোৰ যোগেদি এনেবোৰ নাৰীসুলভ বাসনা বা নাৰী মনস্তত্ত্ব প্ৰকাশ কৰা হৈছে। তলত এই সম্পৰ্কে চমুকৈ আলোচনা কৰা হ’ল—
·       গল্পটোত মাদাম লোৱাজেলে সপোনৰ জগতখনত যিবোৰ বস্তু বিচাৰি ফুৰিছে, সেয়া অনেক নাৰীৰে কাম্য বস্তু। এনে বৰ্ণনাই মাদাম লোৱাজেলৰ নাৰীসুলভ বাসনা বা সামগ্ৰিকভাৱে নাৰী মনস্তত্ত্ব প্ৰকাশ কৰিছে। মাদাম লোৱাজেলৰ সপোনৰ ঘৰখন এনেধৰণৰ— “প্ৰাচ্যৰ জকমকীয়া পৰ্দা, পিতলৰ নাল লগা ওখ ওখ চাকি, আৰামী-চকীত দীঘল দি পৰি থকা উৰ্দি পিন্ধা দুটা আলধৰা, মৰগীয়া আচবাব-পত্ৰেৰে সজোৱা ঘৰ, মচলিনৰ পৰ্দাৰে বেৰা আহল-বহল বৈঠকখানা; তাৰ কাষতে সুবাসত মলমলাই থকা এটা সৰু খোটালি, য’ত আনকি পাঁচ বজাৰ চাহৰ সময়ত অন্তৰংগ বন্ধু-বান্ধৱীসকলৰ লগত, বিশিষ্ট ভদ্ৰলোকসকলৰ লগত কথা পাতিব পাৰি।” মাদাম লোৱাজেলে ঘৰখনত ডাঙৰ ডাঙৰ ভোজ আয়োজনৰ সপোনো দেখে— “চিকমিকাই থকা ৰূপৰ বাচন; বেৰত বিশিষ্ট পূৰ্বপুৰুষসকলৰ আৰু নন্দন কাননত গছৰ ডালত পৰি গীত গাই থকা আপুৰুগীয়া চৰাইৰ ছবি; নানা তৰহৰ সুস্বাদু, সুগন্ধি খাদ্য; গোলাপী বৰণৰ ‘ট্ৰাউট’ মাছ বা চৰাইৰ ডেউকাৰ ভজা; আৰু এই সকলোবোৰৰ মাজত গোটেই কোঠাটো গমগমীয়াকৈ ৰখা কথা-বতৰা, মিচিকিয়া হাঁহি।”
·       গল্পটোত কোৱা হৈছে যে, ভাল সাজ-পাৰ আৰু অলংকাৰ-পাতিয়েই আছিল মাদাম লোৱাজেলৰ আটাইতকৈ কাম্য বস্তু। তেওঁ ভাবিছিল যে, সেই দুবিধ সামগ্ৰীৰ বাবেই তেওঁক ভগৱানে স্ৰজিছিল। ভাল কাপোৰ আৰু গহনা নথকাৰ বাবেই শিক্ষা বিভাগৰ মন্ত্ৰীয়ে আয়োজন কৰা ভোজমেল আৰু নাচলৈ আমন্ত্ৰণ পায়ো যাবলৈ অমান্তি হৈছিল।
·       নাৰীসুলভ ঈৰ্ষা আৰু ঈৰ্ষাজনিত বিক্ষোভ তথা অপৰাধপ্ৰৱণতাৰ ইংগিতো গল্পটোত পোৱা যায়। স্কুলীয়া দিনৰ চহকী বান্ধৱীয়েকৰ ঘৰলৈ যাবলৈ মাদাম লোৱাজেলে বেয়া পায় আৰু কেতিয়াবা যাবলগীয়া হ’লেও উভতি অহাৰ পাছত তেওঁৰ মন বিক্ষোভ, অনুতাপ আৰু নৈৰাশ্যৰে ভৰি পৰে। কাৰণ, বান্ধৱীয়েকৰ চহকী জীৱনটো মাদাম লোৱাজেলৰ বাবে ঈৰ্ষাৰ বিষয় হৈ পৰে আৰু তাৰ তুলনাত নিজৰ জীৱনৰ অৱস্থাৰ কথা ভাবি নৈৰাশ্যত ভোগে। আাকৌ বান্ধৱীয়েক মাদাম ফৰেস্তিয়েৰৰপৰা গহনা আনিবলৈ যাওঁতে এধাৰ অপূৰ্ব হীৰাৰ হাৰত মাদাম লোৱাজেলৰ চকু পৰিছে। তেওঁৰ হাৰডাল একেবাৰে নিজৰ কৰি ল’বলৈ মন গৈছিল। ‘অসৎ হেঁপাহ’ এটাত তেওঁৰ বুকু ধপ্-ধপাইছিল, হাত কঁপিছিল।
·       মাদাম লোৱাজেলৰ মনত আন কেতবোৰ গুপুত আকাংক্ষাও আছিল— সকলোকে তেওঁ সন্তুষ্ট কৰিব, সকলোৱে আগ্ৰহেৰে তেওঁক বিচাৰি আহিব, নিজৰ প্ৰতিভাৰে তেওঁ সমাজত পৰিচয় দিব। তেওঁৰ অনুগ্ৰহ-প্ৰাৰ্থীয়ে তেওঁক বেৰি থ’ব। এয়াও মাদাম লোৱাজেলৰ নাৰীসুলভ বাসনাৰ অন্য এটা দিশ বা সামগ্ৰিকভাৱে নাৰী মনস্তত্ত্বৰ এটা দিশ। বল নাচৰ যোগেদি অন্য ব্যক্তিৰপৰা পোৱা আদৰ-প্ৰশংসা আৰু গুৰুত্বই মাদাম লোৱাজেলৰ নাৰীসুলভ বাসনাক কিদৰে তৃপ্ত কৰিছিল, সেই সম্পৰ্কে গল্পকাৰে স্পষ্টভাৱে এনেদৰে কৈছে— “সৌন্দৰ্যৰ সাফল্যমণ্ডিত বিকাশ, সফলতাৰ গৌৰৱ, সকলোৰে পূজা, প্ৰশংসা, লোকৰ প্ৰাণৰ জগোৱা লিপ্সা, ৰমণী হৃদয়ৰ সবাতোকৈ প্ৰিয়, সম্পূৰ্ণ বিজয়ৰ উন্মাদনা— এই আটাইবোৰে মিলি তেওঁক সুখৰ ডাৱৰৰ মাজেদি উটুৱাই লৈ যোৱাদি নিলে। উচ্ছ্বাস-আৱেগপূৰ্ণ মুক্ত নাচোন-ভংগীৰে আনন্দত মতলীয়া হৈ হেঁপাহ পলুৱাই তেওঁ নাচিলে।” বল নাচৰ দিনা মাদাম লোৱাজেলে সকলোৰে প্ৰশংসা পাইছিল। প্ৰায়বোৰ পুৰুষে তেওঁলৈ চাইছিল, তেওঁৰ কথা সুধিছিল আৰু তেওঁৰ লগত চিনাকি হ’বলৈ বিচাৰিছিল। মন্ত্ৰীসভাৰ প্ৰত্যেকজন মন্ত্ৰী তেওঁৰ লগত ‘ওলাল্টজ নাচ’ নাচিবলৈ আগবাঢ়ি আহিছিল। শিক্ষামন্ত্ৰীয়েও তেওঁৰ প্ৰতি বিশেষ মনোযোগ দিছিল। এইবোৰ কথাই মাদাম লোৱাজেলক ভীষণ আনন্দ দিছিল।
·       আত্ম-প্ৰেমত বিভোৰ হোৱা ছবি এখনো গল্পটোত আছে। দামী পোছাক আৰু অলংকাৰত নিজকে বাৰে বাৰে চাই থকাৰ মন মাদাম লোৱাজেলৰ। সেয়ে তেওঁ বল নাচৰপৰা উভতি অহাৰ পাছতো নিজক আকৌ এবাৰ চোৱাৰ হেঁপাহত আৰ্চিৰ সমুখত থিয় দিছে।