পূৰবী
বৰমুদৈৰ ‘ফুলপাহৰ শব্দ’ গল্পটোৰ ৰচনা-কৌশল
স্নাতক চতুৰ্থ ষান্মাসিক (উচ্চমান)
অসমীয়া গদ্য-সাহিত্য (পঞ্চম কাকত)
গোটঃ ৪
শ্ৰেণী শিক্ষকঃ মৃদুল মৰাণ
অসমীয়া বিভাগ, দেৰগাঁও কমল
দুৱৰা মহাবিদ্যালয়
পূৰবী বৰমুদৈৰ (১৯৫০-২০১৯) ‘ফুলপাহৰ
শব্দ’ এটা মনোৰম গল্প। কেৱল বিষয়বস্তুৰ দিশৰপৰাই নহয়, ৰচনা-ৰীতি বা ৰচনা-কৌশলৰ
দিশৰপৰাও গল্পটো আকৰ্ষণীয় আৰু বৈশিষ্ট্যযুক্ত। তলত গল্পটোৰ ৰচনা-কৌশল সম্পৰ্কে
আলোচনা কৰিবলৈ প্ৰয়াস কৰা হ’ল—
১. কাব্যময় ভাষাৰ ব্যৱহাৰঃ
গল্পটোৰ
সামগ্ৰিক সৌন্দৰ্য বহু পৰিমাণে কাব্যময় ভাষাৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ
প্ৰতিনিধিত্বমূলক এটা উদাহৰণ তলত দাঙি ধৰা হ’ল—
“ঋতুত
ঋতুৰ ৰং লাগে। শিমলু ফুলে। শিমলু গছৰ আগত যেন একুৰা জুই জ্বলে। বতাহ বলে। নদী বৈ
যায়। গছৰ পাত সৰে। কুমলীয়া পাতে ওলাই আহিবলৈ খলক লগায়।”
২. আলংকাৰিক ভাষাৰ প্ৰয়োগঃ
গল্পটোৰ
ভাষা অতি সহজ-সৰল যদিও অলংকাৰ শূন্য নহয়। গল্পকাৰে প্ৰয়োগ কৰা আলংকাৰিক ভাষাৰ
(বিশেষকৈ উপমা অলংকাৰ) উদাহৰণ তলত দিয়া হ’ল—
(ক) নীলকচুৰ ৰঙৰ দৰে গাৰ ৰঙৰ ছোৱালীজনী…।
(খ) তাইৰ মুখখন বেলিফুল এপাহৰ দৰে জকমকীয়া হৈ পৰিছিল।
৩. চিত্ৰধৰ্মী বৰ্ণনাঃ
চিত্ৰময় ভাষাৰ বৰ্ণনাই গল্পটোৰ পঠনীয় গুণ বৃদ্ধি কৰিছে। গল্পটো পঢ়ি যাওঁতে বহুবোৰ বৰ্ণনা চকুৰ সন্মুখত সজীৱ হৈ উঠে। যেনে— “…দুখন অকণি অকণি পাতল আৰু জিলমিলীয়া পাখি গজে। সেই পাখিতে ভৰ দি তাই শূন্যত ওপঙি থাকে।”
৪. কথোপকথনমূলক বা নাটকীয় শৈলীৰ ব্যৱহাৰঃ
গল্পকাৰে
কেৱল বৰ্ণনাৰ যোগেদি বক্তব্য বিষয় উপস্থাপন কৰা নাই। কথোপকথন আৰু নাটকীয় শৈলীৰ
প্ৰয়োগে গল্পটোৰ পঠনীয় গুণ যথেষ্ট বৃদ্ধি কৰিছে আৰু লগতে গল্পৰ মৰ্মবস্তুৰ লগত
পাঠকক একাত্মীয়তা স্থাপন কৰাৰ ক্ষেত্ৰতো সহায় কৰিছে। এনে উদাহৰণ গল্পটোত অনেক আছে।
তাৰে এটা উদাহৰণ তলত তুলি দিয়া হ’ল—
‘মই
ফুলপাহ নে কোন কোৱাচোন?’
‘তুমি
ফুলপাহ নহয়।’
‘তেন্তে
মইনো কোন?’
‘তুমি
এটা শব্দ।’
‘তোমালোক?’
‘আমিও
একো একোটা শব্দ।’
৫. প্ৰশ্নসূচক বাক্যৰ বিশেষ প্ৰয়োগঃ
‘ফুলপাহৰ শব্দ’ গল্পটোৰ
ৰচনা-কৌশললৈ চালে
প্ৰশ্নসূচক
বাক্যৰ বিশেষ প্ৰয়োগ দেখা যায়। কিছুমান প্ৰশ্নৰ উত্তৰ গল্পকাৰে দিছে, কিছুমানৰ উত্তৰ পাঠকক ভাবিবলৈ এৰি দিছে। প্ৰশ্নসূচক বাক্যৰ এনে প্ৰয়োগে পাঠকক ভাবৰ জগত এখনলৈ লৈ যোৱাত, গল্পৰ বিষয়বস্তুৰ লগত একাত্ম অনুভৱ কৰাত সহায় কৰিছে। প্ৰশ্নসূচক বাক্যৰ এনে প্ৰয়োগে গল্পটোক এনে
‘শিশুসুলভ চৰিত্ৰ’ প্ৰদান কৰিছে যেনো ভাব হয়। শিশুৰ মনলৈ যিদৰে অনৰ্গল বিভিন্ন
প্ৰশ্ন আহি থাকে, সেইদৰে গল্পকাৰৰ মনতো অনেক প্ৰশ্ন। তলত
প্ৰশ্নসূচক বাক্যৰ বৈচিত্ৰ্যময় প্ৰয়োগৰ দুটামান উদাহৰণ
দিয়া হ’ল—
(ক) কিছুমান
প্ৰশ্নৰ উত্তৰ গল্পকাৰে কৈ দিছে। যেনে—
টোপনি যায় নে ফুলপাহ সাৰে থাকে?
টোপনিৰ মাজতো ফুলপাহ সাৰে থাকে, তাই অইন এখন জগতলৈ উৰা মাৰে।
(খ) কিছুমান প্ৰশ্নৰ উত্তৰবোৰো একো একোটা
প্ৰশ্নই। যেনে—
ভাষাবিদে
কি নাম দিব ইয়াৰ?
ভাষাৰ
পূৰ্বৰ ভাষা?
শব্দৰ
পূৰ্বৰ ভাষা?
(গ) কিছুমান
প্ৰশ্নৰ উত্তৰ পাঠকলৈ এৰি দিয়া হৈছে। যেনে—
এনেকৈ শব্দবোৰক আমি প্ৰদূষিত কৰিমনে? ...সংকটকালত আমাৰ কৰণীয় কি?
৬. সমাজ-বাস্তৱতাৰ চিত্ৰণঃ
প্ৰত্যক্ষ ৰূপত নহ’লেও গল্পকাৰে অসমৰ সমাজ-বাস্তৱতাৰ কেইবাখনো চিত্ৰ দক্ষতাৰে গল্পটোত চিত্ৰিত কৰিছে।
এইদৰে পৰোক্ষভাৱে হ’লেও সমাজ-বাস্তৱতাৰ যি চিত্ৰ গল্পকাৰে সম্পৃক্ত কৰিছে এই প্ৰসংগত শিশু অপহৰণ, ভাষাকেন্দ্ৰিক সংঘৰ্ষ আৰু সন্ত্ৰাসবাদৰ কথা ক’ব পাৰি। তলত সেই দিশকেইটা প্ৰতিফলিত কৰা বাক্যকেইটা
উল্লেখ কৰা হ’ল—
(ক) অকলে
অকলে স্কুলৰপৰা আহোঁতে কোনোবাই ধৰি লৈ গৈ কাৰোবাক দি দিয়েগৈ যদি?
(খ) ...ভাষাৰ
বাবেই মানুহে ইজনে সিজনে লগত যেতিয়া শত্ৰুতা আচৰণ কৰে, ইজনে বেলেগ এটা ভাষা কোৱা
সিজন মানুহৰ তেজেৰে হাত ৰঙা কৰাৰ ফন্দী কৰে...
(গ) কিয়
মানুহে ফটকা ফুটাৰ শব্দটোও গুলীয়াগুলীৰ
শব্দ বুলি ভয় খাই উঠে? কিয় মানুহে নৈ বৈ যোৱাৰ কলকল শব্দটো মানুহে গুলীবিদ্ধ বুকুৰপৰা ওলোৱা তেজৰ শব্দ বুলি চমক খাই উঠে?
ক্ৰমে
ক্ৰমে মানুহ সংকীৰ্ণ আৰু স্বাৰ্থপৰ তথা আত্মকেন্দ্ৰিক
হৈ পৰাৰ কথাটোও গল্পটোত প্ৰকাশিত হৈছে। স-শব্দ শব্দৰ যোগেদি মানুহে নিজৰ স্বৰূপ ঢাকি ৰাখি কেৱল অভিনয়হে কৰি যায়।
৭. শিশু মনস্তত্ত্বৰ আধাৰত উদাৰ মানৱীয়তাৰ স্বৰূপ প্ৰকাশঃ
গল্পটোত শিশু মনস্তত্ত্বৰ বিভিন্ন দিশৰ সাৰ্থক প্ৰকাশ লক্ষ্য কৰা যায়। গল্পকাৰৰ মূল উদ্দেশ্য কিন্তু শিশুৰ মনোজগতখন তুলি ধৰা নহয়। শিশুৰ সৰলতা আৰু নিষ্কলুষতাক আধাৰ হিচাপে লৈ উদাৰ মানৱীয়তাৰ কথাহে গল্পকাৰে ক’বলৈ বিচাৰিছে। ক্ৰমে সংকীৰ্ণ আৰু আত্মকেন্দ্ৰিক বলয়ত সোমাই পৰা মানুহৰ হৃদয় প্ৰেমৰ মহানাদেৰে উত্তাপিত হোৱাটো গল্পকাৰে বিচাৰিছে—
(ক) আমাক এটা উমৈহতীয়া ভাষা লাগে। হৃদয় বুজাব পৰা ভাষা।
(খ) আমাৰ প্ৰয়োজন হৃদয়ৰ নিঃশব্দ শব্দৰ— প্ৰেমৰ মহানাদ।
৮. সুগঠিত কাহিনীৰ অভাৱঃ
সমালোচক প্ৰহ্লাদ কুমাৰ বৰুৱাই
পূৰবী বৰমুদৈৰ ‘এটা সাপৰ পলায়ন’ আৰু ‘উৰি যোৱা চৰাই’ নামৰ গল্প দুটাৰ আলোচনা প্ৰসংগত কৈছিল যে, তেওঁৰ গল্পত তথাকথিত গল্পত থকাৰ দৰে কোনো গতানুগতিক কাহিনী নাই। ‘ফুলপাহৰ শব্দ’ গল্পটোৰ কলা-কৌশললৈ চালেও এই বৈশিষ্ট্য ধৰা পৰে। ফুলপাহ নামৰ সৰু ছোৱালী এজনীয়ে এদিন লগৰ ছোৱালী এজনীক লৈ অকলে স্কুলৰপৰা ঘৰলৈ আহি পেলোৱা, এই বিষয়টোক লৈ ঘৰৰ মানুহবোৰ চিন্তিত হোৱা আৰু ফুলপাহৰ মনৰ জগতখন— এই দিশকেইটাই প্ৰধানকৈ গল্পটোত আছে।
গল্পকাৰে আমাক নিটোল কাহিনী এটা নক’লেও কিন্তু ক’বলগীয়া কথাখিনি সঠিক আৰু
মনোৰমভাৱেই ব্যক্ত কৰিব পাৰিছে।
ধন্যবাদ
ReplyDeleteস্বাগতম🙏
Deleteধন্যবাদ
ReplyDelete